31.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ নিচিনা সৌভাগ্যশালী কোনো নাই, কিয়নো যিজন পিতাক গোটেই জগতে আহ্বান জনাই আছে,
তেওঁ তোমালোকক পঢ়াই আছে, তোমালোকে তেওঁৰ লগত কথা পাতা”
প্ৰশ্ন:
যিসকল সন্তানে
বিচাৰ সাগৰ মন্থন কৰিব জানে, তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকৰ বুদ্ধিত গোটেই দিন এইটোৱেই চিন্তন চলি থাকে যে কেনেকৈ সকলোকে ৰাস্তা
দেখুৱাওঁ! কেনেকৈ কাৰোবাৰ কল্যাণ কৰোঁ! তেওঁলোকে সেৱাৰ নতুন নতুন পৰিকল্পনা ৰচি থাকে।
তেওঁলোকৰ বুদ্ধিত গোটেই জ্ঞান নিগৰি (মন্থন চলি) থাকে। তেওঁলোকে নিজৰ সময় নষ্ট নকৰে।
ওঁম্শান্তি।
সন্তানসকলৰ
আগত নিৰাকাৰ পৰমপিতা পৰমাত্মাই কৈ আছে, এইটো সন্তানসকলেহে জানে। ভগৱানক উচ্চ বুলি
কোৱা হয়। তেওঁৰ থকা স্থানো উচ্চ। থকা স্থানতো প্ৰসিদ্ধ। সন্তানসকলে জানে আমি
মূলবতনৰ নিবাসী হওঁ। মনুষ্যই এই কথাবোৰ নাজানে। ঈশ্বৰ পিতা বুলি কয়। তোমালোক
সন্তানসকলৰ বাহিৰে এনেকুৱা কোনো মনুষ্য নাই যিয়ে জানে যে নিৰাকাৰ ভগৱানে কয়।
নিৰাকাৰ হোৱাৰ বাবে কাৰো বুদ্ধিত উদয় নহয় যে ভগৱানুবাচ কেনেকৈ হ’ব পাৰে (ভগৱানে
কেনেকৈ ক’ব পাৰে)। নজনাৰ বাবে গীতাত কৃষ্ণৰ নাম দি দিছে। এতিয়া সন্তানসকলৰ আগত কৈ
আছে। সন্মুখত নাথাকিলেতো শুনিব নোৱাৰিব। দূৰৈৰ পৰা যদিও শুনে কিন্তু নিশ্চয় নহয়।
শুনাততো শুনে ভগৱানুবাচ। যথাৰ্থ ৰীতিৰে তোমোলোকে জানা। ভগৱানতো শিৱবাবা হয়। বাস্তৱত
জানা বাবাই আমাক জ্ঞান শুনাই আছে। তোমালোকৰ বুদ্ধি তৎক্ষণাৎ ওপৰলৈ গুচি যায়। শিৱবাবা
উচ্চতকৈও উচ্চত থাকোঁতা হয়। যেনেদৰে কোনোবা ডাঙৰ ব্যক্তি, ৰাণী আদি আহিলে তেতিয়া
জানে এওঁ অমুক ঠাইৰ নিবাসী, এই সময়ত ইয়ালৈ আহিছে। তোমালোক সন্তানসকলেও জানা বাবা
আহিছে - আমাক লৈ যাবলৈ। আমিও বাবাৰ লগত উভতি যাম। আমি পৰমধামৰ নিবাসী হওঁ। তোমালোকৰ
এতিয়া পিতা আৰু ঘৰ স্মৃতিলৈ আহে। সেইজন পিতাই সৃষ্টিৰ ৰচয়িতা হয়। পিতা আহি তোমালোক
সন্তানসকলক মূলবতন, সূক্ষ্মবতন আৰু স্থূলবতনৰ ৰহস্য বুজাইছে। যাৰ বুদ্ধিত আছে
তেৱেঁই বুজি পাব। যথাৰ্থতে আমি পুৰুষাৰ্থ কৰি আছোঁ - ভৱিষ্যত 21 জন্মৰ বাবে, পিতাৰ
পৰা উত্তৰাধিকাৰ ল’বলৈ। পুৰুষাৰ্থতো কৰিবই লাগে। পুৰুষাৰ্থ কেতিয়াও বাদ দিব নালাগে।
বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে জানে যেতিয়ালৈকে পৰীক্ষা আছে তেতিয়ালৈকে আমি পঢ়িবই লাগিব।
লক্ষ্য-উদ্দেশ্য থাকে। আমি ডাঙৰতকৈও ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হ’ম। এখন মহাবিদ্যালয় এৰি
দ্বিতীয়খনলৈ, তৃতীয়খনলৈ যাম। মানে পঢ়ি থাকিব লাগে। ডাঙৰ লোকৰ সন্তান হ’লে নিশ্চয়
ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ লক্ষ্য থাকিব। তোমালোকে জানা আমি বহুত শ্ৰেষ্ঠ পিতাৰ
সন্তান। জগতত কোনেও নাজানে - আমি শিৱবাবাৰ সন্তান। তোমালোক বহুত শ্ৰেষ্ঠ উচ্চতকৈও
উচ্চ পিতাৰ সন্তান। বহুত শ্ৰেষ্ঠ পাঠ পঢ়া। জানা এয়া উচ্চতকৈও উচ্চ পঢ়া। পঢ়াওঁতাজন
হৈছে পিতা তেন্তে কিমান উৎসাহিত আৰু আনন্দিত হৈ থাকিব লাগে। এইটো যিকোনো লোককে
বুজাব পাৰা। আমি বহুত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পিতাৰ সন্তান। বহুত শ্ৰেষ্ঠ সৎগুৰুৰ মতত
আমি চলোঁ। শিক্ষকৰ, গুৰুৰ মতত চলিবলগীয়া হয় নহয় জানো। তেওঁলোকক অনুগামী বুলি কৈ দিয়ে।
ইয়াত পিতাৰ মততো চলিব লাগে, শিক্ষকৰ মততো চলিব লাগে আৰু গুৰুৰ মততো চলিব লাগে।
তোমালোকে জানা তেওঁ আমাৰ পিতা, শিক্ষক, সৎগুৰু হয়। তেওঁৰ মতত নিশ্চয় চলিব লাগে।
এওঁতো এজনেই – উচ্চতকৈও উচ্চ হৈছে শিৱবাবা, তেওঁ কয়।
বাবাই সন্তানসকলক সোধে শিৱবাবাই কয়, বাৰু শংকৰে কয়নে? ব্ৰহ্মাই কয়নে? বিষ্ণুয়ে কয়নে?
(কোনোবাই ক’লে যে শিৱ আৰু ব্ৰহ্মাই কয় - বিষ্ণু বা শংকৰে নকয়) বিষ্ণুৰ দুটা ৰূপ
লক্ষ্মী-নাৰায়ণ বুলি কোৱা, তেন্তে বাৰু তেওঁলোকে নকয় নেকি? বোবা নেকি? (জ্ঞান
নুশুনায়) মই জ্ঞানৰ কথা কোৱা সোধা নাই, কোৱাৰ কথা সুধিছোঁ। বিষ্ণু, লক্ষ্মী-নাৰায়ণে
কয়নে? শংকৰে নকয় - সেইটো ঠিক আছে। বাকী তিনিওজনে কিয় নক’ব। বিষ্ণুৰ দুটা ৰূপ
লক্ষ্মী-নাৰায়ণ হয় যেতিয়া নিশ্চয় ক’ব নহয় জানো। মনুষ্যই শিৱবাবাৰ বিষয়ে ভাবে চাগে
যে তেওঁ নিৰাকাৰে কেনেকৈ ক’ব। তোমালোক সন্তানসকলে জানা শিৱবাবাও এওঁৰ (ব্ৰহ্মাৰ)
তনত আহি কয়। ব্ৰহ্মায়ো ক’বলগীয়া হয়। তোলনীয়া হয় নহয় জানো। সন্ন্যাসী লোকসকলেও
সন্ন্যাসৰ পাছত নিজৰ নাম সলনি কৰে। তোমালোকেও সন্ন্যাস কৰিছা, গতিকে তোমালোকৰ নাম
সলনি হ’ব লাগে। প্ৰথমতে বাবাই নাম ৰাখিলে। কিন্তু দেখিলে যে নাম সলনি কৰাসকলো মৰি
যায় (বাবাক এৰি গুচি যায়) - আচৰিত হৈ শুনে, কয়, এৰি গুচি যায়, সেইবাবে কিমানৰ বাবে
কিমান নাম ৰাখিম। আজিকালিতো মায়াও বৰ তীক্ষ্ণ। বুদ্ধিয়ে কয় যেতিয়া লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল তেতিয়া তাক বিষ্ণুপুৰী বুলি কোৱা হৈছিল। এই লক্ষ্য-উদ্দেশ্য বুদ্ধিত আছে।
বিষ্ণুৰ দুটা ৰূপ লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰে যেতিয়া কিয় নক’ব। বাবাই ইয়াৰ কথা নকয়।
মনুষ্যইতো ক’ব নিৰাকাৰে কেনেকৈ ক’ব। তেওঁলোকে এইটো নাজানেই যে নিৰাকাৰ কেনেকৈ আহে।
তেওঁক পতিত-পাৱন বুলি কয়। তেওঁ জ্ঞানৰ সাগৰো হয়, চৈতন্যও হয়, প্ৰেমৰ সাগৰো হয়। এতিয়া
প্ৰেম প্ৰেৰণাৰেতো নহয়, তেৱোঁ এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক মৰম
কৰিব পাৰে নহয় জানো, সেইবাবেতো কয় - আমি পৰমপিতা পৰমাত্মাৰ কোলাত আহোঁ। বচ্ বাবা
তোমাৰ সৈতেই খাওঁ, তোমাৰ পৰাই শুনোঁ…… বুদ্ধি সেইফালে গুচি যায়। শ্ৰীকৃষ্ণ বুদ্ধিলৈ
নাহে। গতিকে পিতাই সন্তানসকলক বহি বুজায়। তোমালোকৰ দৰে সৌভাগ্যশালী কোনো নাই।
তোমালোকে জানা আমি কিমান উচ্চ ভূমিকা পালন কৰোঁতা হওঁ। এয়া খেল নহয় জানো। ইয়াৰ
আগতেতো তোমালোকে একোৱেই নাজানিছিলা। এতিয়া পিতাই প্ৰৱেশ কৰিছে যেতিয়া নাটকৰ
পৰিকল্পনা অনুসৰি তেওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা শুনি আছা।
পিতাই কয় - অতি মৰমৰ সন্তানসকল, তোমালোকে জানা যে বাবা নিৰাকাৰ হয়। তেওঁ আমাৰ অৰ্থাৎ
আত্মাসকলৰ পিতা। এই কথাবোৰ কোনো শাস্ত্ৰ আদিত লিখা নাই। এতিয়া তোমালোকৰ বুদ্ধি
বিশাল হৈছে। বিদ্যাৰ্থীয়ে পঢ়ে, বুদ্ধিত গোটেই ইতিহাস-ভূগোল আহি যায়। কিন্তু এইটো
কাৰো বুদ্ধিত নাই - বাবা ক’ত আছে! যথাৰ্থ ৰীতিৰে তোমালোক সন্তানসকলেহে বুজি পোৱা আৰু
বাস্তৱত সেইটো আনন্দ আছে। বাবা পৰমধামৰ পৰা আহে, আমাক পঢ়ায়। গোটেই দিন পৰস্পৰৰ
এইটোৱেই আত্মিক বাৰ্তালাপ চলি থাকিব লাগে। এই জ্ঞানৰ বাহিৰে বাকী সকলো হৈছে সৰ্বনাশ
কৰাৰ কথা। শৰীৰ নিৰ্বাহৰ অৰ্থে তোমালোকে পেছাগত কাম-কাজ আদিও কৰিব লাগে আৰু লগতে এই
আত্মিক সেৱাও।
তোমালোকে জানা যথাযথ এই ভাৰত স্বৰ্গ আছিল। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল।
দেৱতাসকলৰ যি চিত্ৰ আছে, তাৰ যথাৰ্থ জ্ঞান বুদ্ধিত আহি গৈছে। এক নম্বৰৰ লক্ষ্মী
নাৰায়ণৰ চিত্ৰখন লোৱা, বিচাৰ কৰা – যথাযথ এওঁলোকে ভাৰতত ৰাজত্ব কৰি থাকোঁতে এটাই
ধৰ্ম আছিল। ৰাতি পূৰা হৈ দিন আৰম্ভ হ’ল অৰ্থাৎ কলিযুগ পূৰা হৈ সত্যযুগ আৰম্ভ হ’ল।
কলিযুগ হৈছে ৰাতি। সত্যযুগ হৈছে ৰাতিপুৱা। বিচাৰ সাগৰ মন্থন কৰিব লাগে যে এওঁলোকে
এই ৰাজ্য কেনেকৈ পালে। যেনেদৰে কোৱা হয় সাগৰত পাথৰ দলিয়ালে ঢৌ উঠিব। গতিকে
তোমালোকেও পাথৰ মাৰা, মনুষ্যক বুজোৱা। এইটো খেয়াল কৰা, ভাৰতত দেৱী-দেৱতাৰ ৰাজত্ব
আছিল নহয় জানো, যিসকলেই পুনৰ ভক্তি মাৰ্গত মন্দিৰ নিৰ্মাণ কৰিলে, যিবোৰ আকৌ লুটি লৈ
গ’ল। কালিৰ কথা। এতিয়া যিহেতু ভক্তিমাৰ্গ তেন্তে নিশ্চয় তাৰ আগত জ্ঞান মাৰ্গ আছে।
এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে। পিতাও আহি নিজৰ জীৱন কাহিনী শুনায়।
তোমালোকৰ এয়া কিয় স্মৃতিলৈ নাহে। বাবাই আহি আমাক এই গোটেই জ্ঞান শুনায়, বোধশক্তিও
লাগে নহয় জানো। যিকোনো লোককে এয়াই কথা শুনোৱা। এই চিত্ৰ হৈছে লক্ষ্য-উদ্দেশ্য। এই
লক্ষ্মী-নাৰায়ণতো সকলোতকৈ শ্ৰেষ্ঠ ৰজা-ৰাণী হৈ গৈছে। ভাৰত স্বৰ্গ আছিল নহয় জানো।
কালিৰ কথা। পুনৰ এওঁলোকে এই ৰাজ সিংহাসন কেনেকৈ হেৰুৱালে। মোৰ সন্তানসকলেও যদিওবা
এই সকলোবোৰ শুনে কিন্তু কেতিয়াও বুদ্ধিত নিগৰি (মন্থন চলি) নাথাকে। বুদ্ধিত স্মৃতিও
নাহে। যদি স্মৃতি আহে তেন্তে আনকো বুজাব পাৰিব। হওঁতেতো বহুত সহজ। তোমালোক ইয়ালৈ আহা
লক্ষ্মী-নাৰায়ণৰ দৰে হ’বলৈ। বুজোৱা হৈছে 5 হাজাৰ বছৰৰ কথা। ইয়াতকৈ পুৰণি একো নাই।
সকলোতকৈ পুৰণি ভাৰতৰ কাহিনী এয়া হয়। আচলতে সঁচা কাহিনী এয়া হোৱা উচিত। সকলোতকৈ ডাঙৰ
কাহিনী এয়া হয়। এওঁলোকৰ ৰাজ্য আছিল, এতিয়া সেই ৰাজ্য নাই। অলপমানো কোনেও গম নাপায়।
তোমালোকৰ বুদ্ধিত ক্ৰমানুসৰি ধাৰণ হয়। পিতাই কয় - মোক স্মৰণ কৰা। সেয়াও পূৰা ৰীতিৰে
কোনেও স্মৰণ নকৰে। পিতা বিন্দু হয়, আমিও বিন্দু হওঁ, এইটোও বুদ্ধিত স্থায়ী হৈ নাথাকে।
কোনো কোনোৰ বুদ্ধিততো ভালদৰে ধাৰণ হয়। কাৰোবাক বহি বুজালে তেতিয়া 4-5 ঘণ্টাও লাগি
যায়। এয়া অতি আশ্চৰ্জজনক কথা। যেনেদৰে সত্য-নাৰায়ণৰ কথা (কাহিনী) বহি শুনে নহয় জানো।
2-3 ঘণ্টা বহি শুনে, যাৰ ৰুচি থাকে। ইয়াতো এনেকুৱা, যাৰ বহুত ৰুচি থাকিব তেওঁলোকৰ
অন্য একো বিচাৰেই নচলিব। বচ্ এই কথাবোৰ বুজি পোৱাটোতেই মজা পোৱা যায়। এই কথাবোৰ ভাল
লাগে। বুজি পায় বচ্ এই সেৱাতেই লাগি যাওঁ, অন্য ধান্দা আদি সকলোবোৰ এৰি দিওঁ। কিন্তু
এনেদৰেতো কোনেও বহি যাব নালাগে। গতিকে তোমালোক সন্তানসকলে এই সত্য-নাৰায়ণৰ কাহিনী
শুনি আছা। এতিয়া তোমালোকৰ বুদ্ধিত কিমান ভাল কথা মন্থন চলি থাকে। আমি এই সামগ্ৰী
বিতৰণ কৰিবলৈ সদাপ্ৰস্তুত হৈ আছোঁ। সামগ্ৰী সদায় তৈয়াৰ হৈ থাকিব লাগে। এই চিত্ৰও
তোমালোকে দেখুৱাই যিকোনো লোককে বুজাব পাৰা - এই লক্ষ্মী-নাৰায়ণে এই ৰাজ্য কেনেকৈ
পালে। কিমান বছৰ পূৰ্বে এওঁলোক বিশ্বৰ মালিক আছিল। সেই সময়ত সৃষ্টিত কিমান মনুষ্য
আছিল, এতিয়া কিমান। কিবা নহয় কিবা পাথৰ দলিয়াব লাগে তেতিয়া বিচাৰ সাগৰত মন্থন চলিব।
আমাৰ এই কুলৰ হ’লে তেতিয়া তৎক্ষণাৎ লহৰৰ সৃষ্টি (প্ৰভাৱিত) কৰিব। আমাৰ কুলৰ নহ’লে
তেতিয়া একোৱেই বুজি নাপাব, গুচি যাব। এয়া নাড়ী পৰীক্ষা কৰাৰ কথা। তোমালোকে এই মিঠা
মিঠা জ্ঞানৰ বাহিৰে বাকী একোৱেই ক’ব নালাগে। যদি জ্ঞানৰ বাহিৰে কিবা কয় তেন্তে
বুজিবা তেওঁ অসুৰ হয়, তেওঁৰ মাজত কোনো সাৰ (ভাল গুণ) নাই। আমাৰ ওচৰত এনেকুৱা বহুত
সন্তান আছে যিসকলৰ শুনাৰ বৰ ৰুচি থাকে। পিতাই বুজায় - বেয়া কথাতো কেতিয়াও শুনিব
নালাগে। কল্যাণৰ কথাহে শুনিবা। নহ’লে অনাহকতে নিজৰ সৰ্বনাশ কৰি দিবা। পিতাতো আহি
তোমালোকক জ্ঞানহে শুনায়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। কয় - অন্য কোনো কথা
নাপাতিবা, ইয়াত বহুত সময় নষ্ট কৰা। অমুক এনেকুৱা, তেওঁ এনেকুৱা কৰে…… সেইবোৰক
আসুৰিক কথা বুলি কোৱা হয়। জগতৰ কথা ভিন্ন, তোমালোকৰতো এটি এটি চেকেণ্ড সময় বহুত
মূল্যবান। তোমালোকে কেতিয়াও এনেকুৱা কথা নুশুনিবা, নক’বা। তাতকৈতো তোমালোকে বেহদৰ
পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ বহুত উপাৰ্জন হ’ব। য’তে ত’তে গৈ পিতাৰ পৰিচয় দিয়া।
এইটোৱেই আত্মিক সেৱা কৰি থাকা।
সচাঁ সঁচা মহাবীৰ তোমালোক হোৱা। বচ্ গোটেই দিন যাতে এইটোৱেই চিন্তা চলি থাকে যে
কোনোবা আহক যাক এই ৰাস্তা দেখুৱাওঁ। পিতাই কয় – মোক ‘অল্ফ’ক স্মৰণ কৰা তেতিয়া ‘বে’
বাদশ্বাহী পাই যাবা। কিমান সহজ। এনেকৈ গৈ সেৱা কৰিব লাগে। সন্তানসকলে সেৱাৰ প্ৰতি
বহুত ধ্যান দিব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। পিতাও তোমালোক সন্তানসকলক
বুজাবৰ বাবে আহিছে নহয় জানো। তোমালোক সন্তানসকলো আহিছা পঢ়িব আৰু পঢ়াবলৈ। সময় নষ্ট
কৰিবলৈ বা কেৱল ৰুটি তৈয়াৰ কৰিবলৈতো অহা নাই। গোটেই দিন সেৱাক লৈয়ে বুদ্ধি চলি
থাকিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) যিবোৰ কথা
আমাৰ কামৰ নহয় সেইবোৰ শুনা বা কোৱাত নিজৰ সময় নষ্ট কৰিব নালাগে। যিমান সম্ভৱ পঢ়াৰ
প্ৰতি পূৰা পূৰা ধ্যান দিব লাগে।
(2) সদায় আনন্দ আৰু
উৎসাহত থাকিব লাগে যে আমাক পঢ়াওঁতাজন কোন। পুৰুষাৰ্থ কেতিয়াও বাদ দিব নালাগে। মুখেৰে
জ্ঞান ৰত্নহে উচ্চাৰিত কৰিব লাগে।
বৰদান:
বুদ্ধিমান হৈ
তিনিওপ্ৰকাৰৰ সেৱা একেলগে কৰোঁতা সফলতামূৰ্ত হোৱা
বৰ্তমান সময় অনুসৰি
মনেৰে, বাণীৰে আৰু কৰ্মৰে — এই তিনিওপ্ৰকাৰৰ সেৱা একেলগে কৰাটো আৱশ্যক। বাণী আৰু
কৰ্মৰ লগতে মনৰ শুভ সংকল্প আৰু শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰাও সেৱা কৰি থাকা, তেতিয়া সেয়া
ফলপ্ৰসূ হ’ব। কাৰণ, বাণীত শক্তি তেতিয়াহে আহিব যেতিয়া মন শক্তিশালী হ’ব। অন্যথা,
বক্তাসকল পণ্ডিতৰ দৰে হৈ যায়, কিয়নো তেওঁলোকে কেৱল কণ্ঠস্থ কৰি ভাটৌৰ দৰে আওৰাই
থাকে। জ্ঞানী অৰ্থাৎ বুদ্ধিমানসকলে তিনিওপ্ৰকাৰৰ সেৱা একেলগে কৰে আৰু সফলতাৰ বৰদান
প্ৰাপ্ত কৰি লয়।
স্লোগান:
নিজৰ প্ৰতিষাৰ বচন, কৰ্ম আৰু দৃষ্টিৰে সকলো আত্মাক শান্তি, শক্তি আৰু আনন্দৰ অনুভৱ
কৰোৱাটোৱেই হৈছে মহান আত্মাসকলৰ মহানতা।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
যেনেকৈ হোমিঅ’পেথিক
ঔষধৰ সৰু সৰু বড়িয়ে কিমান ডাঙৰ ৰোগো নিৰাময় কৰি দিয়ে, তেনেকৈ তোমালোক মাষ্টৰ
সৰ্বশক্তিমানসকলেও নিজৰ বৃত্তি আৰু দৃষ্টিৰে যিকোনো ব্যক্তিৰ কঠিন সংস্কাৰৰূপী ৰোগ
নিৰাময় কৰিব পাৰা। যেনেকৈ সেই ঔষধে ৰোগীক এই প্ৰশ্ন নকৰে যে ৰোগ কেনেকৈ নিৰাময়
কৰিব লাগে, তেনেকৈ তোমালোক পৰোপকাৰী আত্মাসকলে মাষ্টৰ জ্ঞানসূৰ্য হৈ সকলো আত্মাৰ
পতিত সংকল্প আৰু বৃত্তিসমূহ ভস্ম কৰাৰ সেৱা কৰা। অপকাৰীৰ প্ৰতিও উপকাৰ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]