01.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে ৰাৱণৰ মতত পিতাৰ গ্লানি কৰাৰ কাৰণে ভাৰত কড়িতুল্য হ’ল, এতিয়া তেওঁক চিনি লৈ স্মৰণ কৰা তেতিয়া ধনৱান হৈ যাবা”

প্ৰশ্ন:
ছিৰিৰ চিত্ৰত কোনটো আচৰিত ৰহস্য নিহিত হৈ আছে?

উত্তৰ:
আধাকল্প হ’ল ভক্তিৰ নৃত্য আৰু আধাকল্প জ্ঞানৰ নৃত্য। যেতিয়া ভক্তিৰ নৃত্য হয় তেতিয়া জ্ঞানৰ নহয় আৰু যেতিয়া জ্ঞানৰ হয় তেতিয়া ভক্তিৰ নহয়। আধাকল্প ৰাৱণৰ প্ৰালব্ধ চলে আৰু আধাকল্প তোমালোক সন্তানসকলে প্ৰালব্ধ ভোগ কৰা। এইটো গূঢ় ৰহস্য ছিৰিৰ চিত্ৰত নিহিত হৈ আছে।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
পিতাই বহি বুজায় – ভক্তিমাৰ্গত বহুত ভক্তিৰ নৃত্য কৰিলা, জ্ঞানৰ নৃত্য কৰা নাই। ভক্তিৰ নৃত্য যেতিয়া হয় তেতিয়া জ্ঞানৰ নহয়। যেতিয়া জ্ঞানৰ হয় তেতিয়া ভক্তিৰ নহয় কিয়নো ভক্তিৰ নৃত্যই অৱৰোহণ কলাত লৈ যায়। সত্যযুগ-ত্ৰেতাত ভক্তি নাথাকে। ভক্তি আৰম্ভ হয় দ্বাপৰৰ পৰা। যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া জ্ঞানৰ প্ৰালব্ধ পূৰা হৈ যায় আকৌ অৱৰোহণ কলা হয়। কেনেকৈ অৱৰোহণ হয়, সেয়াও পিতাই বহি বুজায়। মই কল্পই কল্পই আহি সন্তানসকলক কওঁ – তোমালোক সন্তানসকলে মোৰ বহুতেই গ্লানি কৰি দিলা। যেতিয়াই ভাৰতত এই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ বহুত গ্লানি হয় তেতিয়া মই আহোঁ। গ্লানি কাক কোৱা হয়, সেয়াও বুজায়। পিতাই কয় – মই বিকাৰী নৰকবাসী ভাৰতক আহি কল্পই কল্পই স্বৰ্গবাসী কৰি তোলোঁ। তোমালোকে আসুৰিক মতত মোৰ গ্লানি কৰাৰ কাৰণে কিমান কঙাল হৈ গ’লা। ৰামৰাজ্য আছিল, এতিয়া হৈছে ৰাৱণৰাজ্য, যাক হৰা আৰু জিকা, দিন আৰু ৰাতি বুলি কোৱা হয়। এতিয়া বিচাৰ কৰা মই কেতিয়া আহিম! যাক ৰাজ্য দিলোঁ, তেওঁলোকেই ৰাজ্য হেৰুৱাই পেলালে। হিচাপ-নিকাচতো সকলো বুজোৱাই হৈছে। মই আহি উত্তৰাধিকাৰ দিওঁ আকৌ ৰাৱণ আহি তোমালোকক অভিশপ্ত কৰে – বিশেষকৈ ভাৰতক, সাধাৰণভাৱে বিশ্বক। ভাৰতৰ মহিমাৰ বিষয়েও কোনেও গম নাপায়। পোন-প্ৰথমে ভাৰতেই আছিল, কেতিয়া আছিল, কেনেকুৱা আছিল, কোনে ৰাজত্ব কৰিছিল, কোনেও একো গম নাপায়। একোৱে বুজি নাপায়। যিসকল দেৱতা আছিল, চেহেৰা মনুষ্যৰ, চৰিত্ৰ দেৱতাৰ আছিল। এতিয়া চেহেৰা যদিও মনুষ্যৰ, চৰিত্ৰ আসুৰিক, যাক বুজায় তেওঁ নুবুজে কিয়নো পাৰলৌকিক পিতাকেই নাজানে। আৰুহে গালি দিবলৈ ধৰে। পিতাৰ গ্লানি কৰোঁতে কৰোঁতে একেবাৰেই কড়িতুল্য হৈ গৈছে। ভাৰতৰ পতন হৈ গ’ল। এনেকুৱা অৱস্থা যেতিয়া হয়, পিতাই কয়, তেতিয়া মই আহোঁ। এতিয়া তোমালোক সন্তানসকলক সন্মুখত বুজাই আছোঁ। কল্প পূৰ্বেও এনেকৈয়ে বুজাইছিলোঁ। এয়া দৈৱী-সম্প্ৰদায়ৰ স্থাপনা হৈ আছে, মনুষ্যৰ পৰা দেৱতা হৈ আছে। মনুষ্যই এইটো গমেই নাপায় যে পিতা কেতিয়া আহে, সত্যযুগ, ত্ৰেতাত তোমালোকে বৰ আনন্দেৰে প্ৰালব্ধ ভোগ কৰা। আকৌ দ্বাপৰৰ পৰা ৰাৱণৰ অভিশাপ পাই পাই একেবাৰেই শেষ হৈ যোৱা। যেনেকৈ দেৱতাসকলে প্ৰালব্ধ ভোগ কৰি কৰি ত্ৰেতাৰ অন্তত শেষ হৈ যায় আকৌ ৰাৱণৰ আসুৰিক প্ৰালব্ধ আৰম্ভ হয়। ভক্তিও প্ৰথমে অব্যভিচাৰী পাছত ব্যভিচাৰী হয়। ছিৰিৰ চিত্ৰ সঠিককৈ তৈয়াৰ কৰা হৈছে। প্ৰতিটো বস্তু সতোপ্ৰধান, সতো-ৰজো-তমো হয়। খাদ পৰি গৈ থাকে। তোমালোক সন্তানসকলকতো বহুত ভালকৈ বুজোৱা হয়, কিন্তু ধাৰণা কমকৈ হয়। কিছুমানৰতো বুজোৱাৰ বুদ্ধি একেবাৰে নাই। কিছুমান ভাল অনুভৱী, যাৰ বহুত ভাল ধাৰণা হয়। ক্ৰমানুসৰিতো হয়েই নহয়। বিদ্যাৰ্থীসকল একে সমান নহয়। কিবা নহয় কিবা নম্বৰ নিশ্চয় ৰাখিব। যিকোনো লোককে বুজোৱা অতি সহজ। পিতাই কয় – মোক স্মৰণ কৰা। মই তোমালোকৰ বেহদৰ পিতা, সৃষ্টিৰ ৰচয়িতা হওঁ। মোক স্মৰণ কৰিলে তোমালোকে বেহদৰ উত্তৰাধিকাৰ পাবা। স্মৃতিৰ দ্বাৰাহে খাদ আঁতৰিব। কেৱল এইটো বুজোৱা যে আপোনালোক ভাৰতবাসী সত্যযুগত সতোপ্ৰধান আছিল, এতিয়া কলিযুগত তমোপ্ৰধান হ’ল। আত্মাত খাদ পৰে। পৱিত্ৰ নোহোৱাকৈ কোনেও তালৈ যাব নোৱাৰে। নতুন সৃষ্টিত হয়েই সতোপ্ৰধান। কাপোৰ নতুন হ’লে তেতিয়া কোৱা হ’ব সতোপ্ৰধান, আকৌ পুৰণা তমোপ্ৰধান হৈ যায়। এতিয়া সকলোৰে কাপোৰ (শৰীৰ) ফটাছিটা। সকলোৱে জৰ্জৰিত অৱস্থা পাইছে। যি বিশ্বৰ মালিক আছিল, তেওঁলোকেই একেবাৰে গৰিব হৈ গৈছে। আকৌ তেওঁলোকেই চহকী হ’ব লাগে। এই কথাবোৰ মনুষ্যই নাজানে। ভাৰত স্বৰ্গ আছিল, এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল বাকী সকলো ধৰ্মাৱলম্বীতো পাছত আহিছে। পিতাই তোমালোকক প্ৰকৃত কথা বহি বুজায়। ‘গীতা’ৰ চোৱা কিমান মান আছে। পঢ়ি পঢ়ি একেবাৰে তললৈ আহি গ’ল, তেতিয়া মিনতি কৰে – হে পতিত-পাৱন আহক। আমি ভ্ৰষ্টাচাৰী হৈ গ’লোঁ। সৎগতিতো ভগৱানেহে দিব পাৰে। বাকী শাস্ত্ৰবোৰতো সকলো হৈছে ভক্তিমাৰ্গ। তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে যে – আমি বাবাৰ জ্ঞানেৰে দেৱতা হওঁ। এতিয়া গোটেই সৃষ্টিৰ প্ৰতি বৈৰাগ্য। সন্ন্যাসীসকলেও ভক্তি কৰে, গঙ্গাস্নান আদি কৰে নহয়। ভক্তিও সতোপ্ৰধান, আকৌ ৰজো, তমো হয়। এয়াও এনেকুৱা। আধাকল্প দিন, আধাকল্প ৰাতি বুলি গায়ন কৰা হয়। ব্ৰহ্মাৰ লগতে নিশ্চয় ব্ৰাহ্মণসকলৰো হ’ব। এতিয়া তোমালোক দিনলৈ যোৱা, ভক্তিৰ ৰাতি পূৰা হয়। ভক্তিততো বহুত দুখ, তাক ৰাতি বুলি কোৱা হয়। আন্ধাৰত ঠেকা-খুন্দা খাই থাকে– ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে। ভক্তিমাৰ্গত সৎগতি দিওঁতা কোনো নাথাকে। তোমালোকৰ বাহিৰে কোনেও যথাৰ্থ ৰীতিৰে ভগৱানক নাজানে। আত্মাও বিন্দু, পৰমাত্মাও বিন্দু, এইটো কথা কোনেও বুজিব নোৱাৰে। পৰমাত্মাহে নিজে আহি ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা বুজায়। তেওঁলোকে আকৌ ভাগীৰথ, ষাঁড়ৰ ৰূপত দেখুৱাইছে। এতিয়া ষাঁড়ৰতো কথাই নাই। পিতাই সকলো কথা ভালদৰে বুজায় কিন্তু কাৰোবাৰ বুদ্ধিত পূৰা ৰীতিৰে ধাৰণ নহয়। পিতাই বহি বুজায় – সন্তানসকল মই তোমালোক আত্মাসকলৰ পিতা হওঁ। তোমালোকে মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। তথাপিও কোৱা, পাহৰি যাওঁ। বাঃ! এনেকুৱা প্ৰেমিক বা পিতাক পাহৰিব লাগেনে। স্ত্ৰীয়ে পতিক অথবা সন্তানে কেতিয়াবা পিতাকক পাহৰে জানো? ইয়াত তোমালোকে কিয় পাহৰা? কোৱাও যে বাবা আপুনি আমাক স্বৰ্গৰ মালিক কৰি আছে তথাপিও পাহৰি যাওঁ। পিতাই কয় – যদি স্মৰণ নকৰা তেন্তে ভিতৰত যি মামৰ লাগি আছে, সেয়া কেনেকৈ আঁতৰিব। মুখ্য কথা হৈছেই স্মৃতিৰ। আমাৰ অন্য কোনো ধৰ্মৰ সৈতে সম্বন্ধ নাই। বিদ্যালয়ততো ইতিহাস-ভূগোল বুজোৱা। কিছুমানেতো একেবাৰে বুজি নাপায়। পিতাই পঢ়ায়, এইটো বুদ্ধিত ধাৰণ নহয়। বাৰু পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা নে এয়াও পাহৰি যোৱা! যাৰ বাবে আধাকল্পৰ পৰা ভক্তি কৰি আহিলা, সেইজন বাবাক স্মৰণ নকৰা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, এতিয়া আমি এই শৰীৰ এৰি সাম্ৰাজ্যত যাম, এইটো অন্তিম জন্ম। সূক্ষ্মলোকত তেওঁৰ চেহেৰাতো তেনেকুৱা দেখা, বৈকুণ্ঠতো দেখা। জানা যে এই মম্মা-বাবাই লক্ষ্মী-নাৰায়ণ হয়, তোমালোক যেতিয়া সত্যযুগত থাকা তেতিয়া বুজি পোৱা যে এই এটা শৰীৰ ত্যাগ কৰি অন্য এটা ল’ব লাগে। তাত তেওঁলোকে এইটো গম নাপায় যে সত্যযুগৰ পাছত ত্ৰেতা আহিব, দ্বাপৰ আহিব, আমি অৱনমিত হৈ যাম। জ্ঞানৰ কথা নাথাকে। পুনৰ্জন্ম লৈ থাকে। তাত আত্মা-অভিমানী হৈ থাকে আকৌ আত্মা-অভিমানীৰ পৰা দেহ-অভিমানী হৈ যায়। এই জ্ঞান কেৱল তোমালোক ব্ৰাহ্মণসকলৰ আছে আৰু কাৰো নাই। এওঁলোক জ্ঞান-জ্ঞানেশ্বৰ, যি জ্ঞানৰ সাগৰ পিতা আছে তেৱেঁই শুনায়। নিশ্চয় ব্ৰহ্মাৰ সন্তান, ব্ৰাহ্মণসকলকহে শুনাব। ব্ৰহ্মাৰ সন্তান হ’ল – ব্ৰাহ্মণ সম্প্ৰদায়। ৰাতি-দিনৰ পাৰ্থক্য। তোমালোকে পুৰুষাৰ্থ কৰি সম্পূৰ্ণ গুণৱান হোৱা। সম্পূৰ্ণ নিৰ্বিকাৰী, গৃহস্থ ব্যৱহাৰত থাকিও তোমালোকে পিতাক স্মৰণ কৰা, কৰ্মতো কৰিবই লাগে। বুদ্ধিৰ যোগসূত্ৰ যাতে পিতাৰ সৈতে থাকে। কৰ্ম লাগিলে যিয়েই কৰা, বাঢ়ৈৰ কামেই কৰা বা ৰজাৰ কামেই কৰা। ৰজা জনকৰো গায়ন আছে নহয়। ৰাজত্ব কৰি থাকা কিন্তু বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে লগোৱা তেতিয়া উত্তৰাধিকাৰ পাই যাবা। পিতাই কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা), মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। শিৱবাবাই কয় - কেৱল শিৱ বুলি কলে লিঙ্গ স্মৃতিলৈ আহিব। বাকীতো সকলোৰে শৰীৰৰ নাম লোৱা হয়, ভূমিকা শৰীৰৰ দ্বাৰা পালন কৰে। এতিয়া তোমালোকক আত্মা-অভিমানী কৰি তোলা হয়, যি আধাকল্পলৈ চলে। এই সময়ত সকলো দেহ-অভিমানত আছে। তাত আত্মা-অভিমানী হ’ব যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। আয়ুসতো সকলোৰে দীঘলীয়া হয়। ইয়াত সকলোৰে আয়ুস কম। সেয়েহে পিতাই সন্মুখত বহি সন্তানসকলক কিমান ভালকৈ বুজায় – হে আত্মাসকল, কিয়নো আত্মাই জ্ঞান লয়, ধাৰণা আত্মাত হয়। বাবাৰ শৰীৰতো নাই। আত্মাত গোটেই জ্ঞান আছে। আত্মাও তৰা, বাবাও তৰা। তেওঁ পুনৰ্জন্ম নলয়, আত্মাসকলে পুনৰ্জন্ম লয় সেইকাৰণে বাবাই কাম দিছিল যে পৰমাত্মাৰ মহিমা আৰু সন্তানৰ মহিমা লিখি আনিবা। দুয়োৰে বেলেগ বেলেগ। শ্ৰীকৃষ্ণৰ মহিমা বেলেগ। তেওঁ সাকাৰ, তেওঁ নিৰাকাৰ। ইমান গুণৱান কোনে কৰি তুলিলে। নিশ্চয় ক’ব পৰমাত্মাই কৰিলে।

এই সময়ত তোমালোক হ’লা ঈশ্বৰীয় সম্প্ৰদায়ৰ। তোমালোকক পিতাই শিকাই আছে। পাছলৈ আকৌ প্ৰালব্ধ ভোগ কৰা। সত্যযুগততো কোনেও নিশিকাব। ভক্তিমাৰ্গৰ সামগ্ৰীয়েই শেষ হৈ যায়। এই সৃষ্টিৰ প্ৰতি বৈৰাগ্যও লাগে অৰ্থাৎ দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক অশৰীৰী আত্মা বুলি বুজিব লাগে। নাঙঠ হৈ আহিছিলোঁ, নাঙঠ হৈ যাব লাগে। এই পুৰণি সৃষ্টি নাশ হৈ যাব, আমি সকলো নতুন সৃষ্টিলৈ যাম। বচ্‌ এই স্মৃতিত থকাৰ যত্ন কৰি থাকা, ইয়াতেই অনুত্তীৰ্ণ হয়। স্মৰণ নকৰে। যিয়েই বুজিবলৈ আহে তেওঁলোককো এইটোৱে বুজাব লাগে – শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা কয় - মোক স্মৰণ কৰা তেতিয়া স্মৃতিৰে তোমালোকৰ খাদ আঁতৰি যাব, তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবা। বিষ্ণুপুৰীয়েই স্বৰ্গপুৰী। গতিকে যিমান সম্ভৱ পিতাক স্মৰণ কৰা, যিজন পিতাক আধাকল্প স্মৰণ কৰিছা এতিয়া তেওঁ সন্মুখত আহিছে। তেওঁ কয় – মোক স্মৰণ কৰা, তেওঁক কোনেও নাজানে। নিজেই আহি নিজৰ পৰিচয় দিয়ে। মই যি হওঁ, যেনেকুৱা হওঁ, তেনেকৈ কোনোবা বিৰলজনেহে জানে আৰু প্ৰত্যয় যায়। প্ৰত্যয় গ’লে তেতিয়া পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লৈ লয়। শিৱবাবাই কয় – মোক স্মৰণ কৰিলেহে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ’বা। কোনো বিকৰ্ম কৰিব নালাগে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰুষাৰ্থ কৰি সম্পূৰ্ণ গুণৱান হ’ব লাগে। যিয়েই কৰ্ম নহওক পিতাৰ স্মৃতিত থাকি কৰিব লাগে। কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে।

(2) এই পুৰণা কাপোৰ (শৰীৰ) জৰ্জৰিত হৈ গৈছে, ইয়াৰ পৰা মমত্ব আঁতৰাই দিব লাগে। আত্মাক সতোপ্ৰধান কৰি তুলিবলৈ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সদায় অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰোঁতা অটল অখণ্ড স্বৰাজ্য অধিকাৰী হোৱা

যিসকল সন্তানে সংগমযুগত অতীন্দ্ৰিয় সুখৰ উত্তৰাধিকাৰ সদাকালৰ বাবে প্ৰাপ্ত কৰি লয় অৰ্থাৎ যাৰ পিতাৰ ‘উইল’ৰ অৰ্থাৎ ইচ্ছাপত্ৰৰ ওপৰত পূৰা অধিকাৰ থাকে তেওঁলোক ‘উইল পাৱাৰ’ অৰ্থাৎ ইচ্ছা শক্তিৰ গৰাকী হয়। তেওঁলোকৰ অটুট অটল অতীন্দ্ৰিয় সুখৰ অনুভূতি হয়। এনেকুৱা উত্তৰাধিকাৰী অৰ্থাৎ সম্পূৰ্ণ উত্তৰাধিকাৰৰ অধিকাৰীসকলেই ভৱিষ্যতে অটল-অখণ্ড স্বৰাজ্যৰ অধিকাৰ প্ৰাপ্ত কৰে।

স্লোগান:
য'ত ‘মোৰ’ বোধ উদয় হয় ত’ত বুদ্ধিয়ে পাক লৈ লয়।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

"আৰোহণ কলা অৱৰোহণ কলাৰ মূল কাৰণ কি?"

বহুত মনুষ্যই এইটো প্ৰশ্ন সোধে যে যেতিয়া ইমান পুৰুষাৰ্থ কৰি জীৱনমুক্তি পদ লাভ কৰা হয়, তেন্তে আকৌ কি কাৰণত আমি অৱনমিত হওঁ? যদিও আমি কওঁ যে এয়া হৰা আৰু জিকাৰ খেল, ইয়াত আৰোহণ কলা অৱৰোহণ কলা

হোৱাৰো নিশ্চয় কিবা কাৰণ আছে। যি কাৰণৰ আধাৰত এই খেল চলে, যেনেকৈ পুৰুষাৰ্থৰ দ্বাৰা আমি আৰোহণ কৰি আছোঁ, তেনেকৈ অৱনমিত হোৱাৰো নিশ্চয় কাৰণ আছে। এতিয়া কাৰণো কোনো ডাঙৰ নহয়, সামান্য ভুল যেনেকৈ পৰমাত্মাই কয় মোক স্মৰণ কৰা তেতিয়া মই তোমালোকক মুক্তি আৰু জীৱনমুক্তি পদ দিম, ঠিক তেনেকৈয়ে যেতিয়া দেহ-অভিমানী হৈ পৰমাত্মাক পাহৰিলে অৱনমিত হওঁ। তেতিয়া বাম (বিকাৰী) মাৰ্গত গুচি যাওঁ আৰু 5 বিকাৰত আৱদ্ধ হৈ দুখ ভোগ কৰোঁ; গতিকে এয়া হ'ল নিজৰ দোষ, সৃষ্টিকৰ্তাৰ দোষ নহয়। যিসকল লোকে কয় যে দুখ আৰু সুখ পৰমাত্মায়ে দিয়ে, এনেকৈ কোৱাটো একেবাৰে ভুল। বাবাই সুখ ৰচনা কৰে, দুখ নহয়। বাকী আমি শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সুখ লাভ কৰোঁ আৰু ভ্ৰষ্ট কৰ্মৰ দ্বাৰা দুখ ভোগ কৰোঁ, বাকী ভাল কৰ্মৰ ফল আৰু বেয়া কৰ্মৰ শাস্তি পৰমাত্মাৰ দ্বাৰা নিশ্চয় পোৱা যায়। কিন্তু এনেকৈ কোৱা নহ’ব যে সুখ-দুখ দুয়োটা পৰমাত্মাই দিয়ে, নহয়। পৰমাত্মাতো আৰোহণ কলাত আমাৰ লগত থাকে, বাকী অৱনমিত কৰাওঁতা হৈছে মায়া। সাধাৰণভাৱেও কোনোবাই কাৰোবাৰ সংগ বা সহায় সুখৰ বাবেই লয়। দুখ ভোগ কৰিবলৈ কোনেও কাৰো সংগ নলয়। বাকী যেনেকুৱা কৰ্ম তেনেকুৱাই ফলাফল। গতিকে এই ড্ৰামাৰ ভিতৰত দুখ-সুখৰ খেল নিজৰ কৰ্মৰ ওপৰত আধাৰিত, কিন্তু তুচ্ছ বুদ্ধিৰ মনুষ্যই এইটো ৰহস্য নাজানে। বাৰু, ওঁম্‌ শান্তি।

অব্যক্ত ইংগিত: সদায় অচল, অটল, আৰু একৰস স্থিতিৰ অনুভৱ কৰা

সময় অনুসৰি এতিয়া সদায় অচল-অটল, সৰ্ব সম্পদেৰে সম্পন্ন হৈ থাকা। অলপো অস্থিৰ হ'লে সৰ্ব সম্পদৰ অনুভৱ নহ'ব। পিতাৰ দ্বাৰা প্ৰাপ্ত সম্পদসমূহ সদায় স্থায়ী কৰি ৰখাৰ উপায় হৈছে সদায় অচল- অটল হৈ থকা। অচল হৈ থাকিলে সদায়েই আনন্দৰ অনুভূতি হৈ থাকিব। যেনেকৈ বিনাশী ধন, নাম-মান-সম্ভ্ৰম, পদৱী আদি পালে আনন্দিত হয় নহয়। এয়াতো অৱিনাশী আনন্দ, কিন্তু এই আনন্দ তেওঁৰহে থাকিব যি অচল-অটল আৰু একৰস স্থিতিত থাকিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]