01.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – গোটেই জগতক শান্তি প্ৰদান কৰাতো একমাত্ৰ পিতাৰহে কাম, সেইবাবে কয় - হে শান্তিদাতা, গতিকে পুৰস্কাৰো পিতাই পোৱা উচিত”

প্ৰশ্ন:
কোনসকল সন্তানে পিতাক পূৰা পূৰা অনুসৰণ কৰিব পাৰে?

উত্তৰ:
1) যিসকল পিতাৰ সমান পাৱন হয় – তেওঁলোকে পূৰা পূৰা অনুসৰণ কৰিব পাৰে৷ 2) যিসকল দৃঢ় প্ৰেমিকা তেওঁলোকেই মোক প্ৰেমিকক অনুসৰণ কৰিব পাৰে৷ এনেকুৱা প্ৰেমিকাসকলকহে মই লগত লৈ যাওঁ৷ সেইবাবে শাস্ত্ৰত দেখুৱায় – গৰুৰ নেজত ধৰিলে পাৰ হৈ যাব৷ এতিয়া ইয়াত গৰু বা নেজৰতো কথাই নাই৷

গীত:
তু প্যাৰ কা সাগৰ হে…. (তুমি প্ৰেমৰ সাগৰ….)

ওঁম্শান্তি।
বাপদাদা দুয়োজনেই আছে নহয়৷ এতিয়া এয়াতো সন্তানসকলে জানে যে আত্মাসকলৰ পিতা হৈছে শিৱবাবা৷ এয়াও তোমালোকে জানা যে মই পতিত-পাৱন, মই নিৰাকাৰ৷ তোমালোকো নিৰাকাৰ, শান্ত স্বৰূপ হোৱা৷ নিৰাকাৰ পিতাও শান্ত স্বৰূপ, আত্মাও শান্ত স্বৰূপ৷ আত্মাৰ স্বধর্ম হয়েই শান্তি৷ তোমালোকৰ নিবাসস্থান হ’ল – শান্তিধাম৷ যেতিয়া যজ্ঞ আদি ৰচে তেতিয়া কয় – শান্তিদাতা কিয়নো শান্তিৰ সাগৰতো তেওঁ পৰমাত্মা৷ সেইজন পিতা হৈছে গোটেই জগতকে শান্তি দিওঁতা৷ এনেকুৱা বহুত আছে যিসকলে শান্তি প্ৰতিষ্ঠাৰ বাবে পুৰস্কাৰ পায়৷ কেতিয়াবা কোনোবাই পুৰস্কাৰ পালে তেতিয়া কয় এওঁ শান্তি প্ৰতিষ্ঠা কৰাৰ নিমিত্ত হৈছে৷ এই ক্ষেত্ৰত ডাঙৰ ডাঙৰসকলৰ নাম লয়৷ এতিয়াতো গোটেই জগততে শান্তি লাগে৷ নহ’লে অশান্তিত থকাসকলে আনকো অশান্ত কৰিব৷ এয়া হয়েই ৰাৱণৰাজ্য৷ ৰাৱণ শত্ৰু হয় নহয়, ৰামক শত্ৰু বুলি নকয়৷ ৰামৰ প্ৰতিকৃতি কেতিয়াও নজ্বলায়৷ ত্ৰেতাৰ ৰামৰো নজ্বলায়, পৰমপিতা পৰমাত্মাৰো নজ্বলায়৷ ৰামৰাজ্যতো সকলোৱে বিচাৰে, কিন্তু ৰামৰাজ্য কাক কোৱা হয়, এয়াও কোনেও নাজানে৷ কেৱল কয়, নতুন বিশ্ব হওক, নতুন দিল্লীত ৰামৰাজ্য হওক৷ নতুন দিল্লী বুলি কয়, নামতো বহুত ৰখা হয়৷ দিল্লী সকলোৰে ৰাজধানী৷ দিল্লীহে পৰিস্থান আছিল৷ ৰাধা-কৃষ্ণকো তাতেই দেখুৱায়৷ এই দুয়োগৰাকীয়েই মুখ্য ৰাজকুমাৰ আৰু ৰাজকুমাৰী৷ কেৱল দুয়োগৰাকীয়েই নহয় নিশ্চয় আৰু থাকিব৷ 8 (আঠ) ৰাজবংশ বুলি গায়ন কৰা হয়, বুদ্ধিৰে বুজিব লাগে৷ সত্যযুগত নিশ্চয় আৰু ৰাজবংশ থাকিব৷ ইয়াতো চোৱা কিমান ৰাজবংশ, বৃদ্ধি হৈ হৈ অনেক হৈ যায়৷ অমুক অমুক গাঁৱৰ মহাৰজা, সৰু সৰু গাঁৱো বহুত আছে নহয় জানো৷ সত্যযুগত ইমান জানো আছিল৷ তাত লক্ষ্মী-নাৰায়ণৰে নাম প্ৰসিদ্ধ হয়৷ 2500 বছৰ তেওঁলোকৰ ৰাজত্ব চলে৷ মনুষ্যই কয় – লাখ লাখ বছৰ হ’ল, বিচাৰ কৰিবলগীয়া কথা৷ এয়া হ’ল আত্মাৰ বাবে ভোজন৷ পিতাই তোমালোকৰ বুদ্ধিক, আত্মাক এই আত্মিক ভোজন দিয়ে৷ তোমালোকৰ বুদ্ধিৰ তলা এতিয়া খুলিছে৷ ঋষি-মুনি আদি সকলোৱে কৈছিল – আমি ৰচয়িতা আৰু ৰচনাক নাজানোঁ৷ এতিয়া তোমালোক সন্তানসকলে এনেকৈ নোকোৱা৷ তোমালোকেতো ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানা৷ তোমালোকে নিজৰ 84 চক্ৰক জানি গৈছা৷ আদিত তোমালোক দেৱী-দেৱতা আছিলা৷ আকৌ মধ্যত ৰাৱণৰ প্ৰৱেশতা হোৱাৰ বাবে বিকাৰী হৈ গৈছা৷ এতিয়া হ’ল অন্ত৷ তোমালোকে জানা এতিয়া পুৰণি সৃষ্টিৰ বিনাশ হৈ আকৌ আদি হ’ব৷ আদিত হ’ব ৰামৰাজ্য৷ মধ্যৰপৰা ৰাৱণৰাজ্য আৰম্ভ হয়৷ এতিয়া ৰাৱণৰাজ্য পূৰা হৈ আকৌ ৰামৰাজ্য আৰম্ভ হ’ব৷ নৰৰ পৰা নাৰায়ণ হ’ব লাগে নহয়৷ এয়া হ’ল সত্য নাৰায়ণৰ কথা৷ তোমালোকে জানা – সকলো শাস্ত্ৰৰ শিৰোমণি শ্ৰীমত গীতা৷ শ্ৰীমত পোৱা যায় শ্ৰেষ্ঠ হ’বৰ বাবে৷ ‘শ্ৰী’ বুলি কোৱা হয় শ্ৰেষ্ঠজনক৷ সন্তানসকলে জানে – এখন ‘গীতা’ শাস্ত্ৰ আছে যাক দেৱী-দেৱতা ধর্মৰ শাস্ত্ৰ বুলি কোৱা হয়, যাৰ দ্বাৰা সংগমত দেৱতা ধর্ম প্ৰতিষ্ঠা হয়৷ সত্যযুগততো কোনেও পতিত নহয় যাক পাৱন কৰিব৷ এতিয়া তোমালোকক পিতাই বুজায় – ‘গীতা’ক পতিত-পাৱনী বুলি ক’ব নোৱাৰি৷ ‘গীতা’ৰ দ্বাৰা পাৱন হ’ব নোৱাৰে৷ ‘গীতা’ৰ ভগৱানক পতিত-পাৱন বুলি কয়৷ এইটো ভালদৰে স্মৃতিত ৰাখা৷ ‘গীতা’ হ’ল আদি সনাতন দেৱী-দেৱতা ধর্মৰ শাস্ত্ৰ৷ ‘গীতা’ৰ সময়তে ভয়ানক মহাভাৰতৰ যুদ্ধ লাগিছিল, যাৰ দ্বাৰা অনেক ধর্মৰ বিনাশ হ’ল আৰু এক ধর্ম প্ৰতিষ্ঠা হ’ল৷ ‘গীতা’ৰ কাৰণে কয় – দেৱী-দেৱতা ধর্মৰ শাস্ত্ৰ৷ ব্ৰাহ্মণৰ শাস্ত্ৰ বুলি নকয়৷ ব্ৰাহ্মণৰ নাম ‘গীতা’ত নাই৷ পৰমপিতা পৰমাত্মাহে আহি ব্ৰহ্মাৰ দ্বাৰা এই সকলো বেদ শাস্ত্ৰ আদিৰ সাৰমর্ম শুনায়৷ এতিয়া তোমালোকে বুজি পোৱা – সত্যযুগততো ব্ৰাহ্মণ নাথাকে৷ তাত থাকে লক্ষ্মী-নাৰায়ণ, দেৱতাসকল, ব্ৰহ্মাৰ পাছত হৈছে বিষ্ণু৷ চিত্ৰবোৰতো দেখুৱাইছে – ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা৷ ব্ৰহ্মা আৰু বিষ্ণু একেলগেতো নাথাকিব৷ ব্ৰহ্মাৰ দ্বাৰা দেৱী-দেৱতা ধর্ম প্ৰতিষ্ঠা হ’ব৷ এইবোৰ বিস্তাৰত বুজিবলগীয়া কথা৷ এতিয়া তোমালোক সন্তানসকলে শিৱবাবাৰ পৰা স্বর্গৰ উত্তৰাধিকাৰ লোৱা৷ অধিকাৰী হ’লা নহয়! মুখ্য ধর্মশাস্ত্ৰ হ’ল 4 খন, শ্ৰীমদ্ভাগৱত গীতা হ’ল প্ৰথম নম্বৰৰ শাস্ত্ৰ, যাৰ দ্বাৰা প্ৰথম নম্বৰৰ ধর্মৰ প্ৰতিষ্ঠা হয়৷ তাৰপাছত হয় ইছলাম, বৌদ্ধ৷ একমাত্ৰ ‘গীতা’ই হয় – য’ত শ্ৰীমদ্ভাগৱত গীতা বুলি লিখা আছে আৰু কোনো শাস্ত্ৰত শ্ৰীমত নাই৷ শ্ৰীমত ইছলাম বা শ্ৰীমত বৌদ্ধ শাস্ত্ৰ বুলি গায়ন কৰা নহয়৷ শ্ৰীমদ্ভাগৱত গীতা হয়েই এখন৷ তাৰ দ্বাৰা কোনটো ধর্ম প্ৰতিষ্ঠা কৰিলে? আদি সনাতন দেৱী-দেৱতা ধর্মৰ প্ৰতিষ্ঠা হ’ল আৰু প্ৰতিষ্ঠা হয় অন্তত৷ এয়া বুজিবলগীয়া কথা। এতিয়া বাবাই আমাক শিক্ষকৰ ৰূপত পঢ়ায় - এয়া বুদ্ধিত থকা উচিত৷ বাবা আমাৰ পিতা হয় আৰু শিক্ষকো হয়৷ বাবাই পঢ়াৰ দ্বাৰা সকলোৰে সৎগতি কৰে গতিকে সৎগুৰুও হ’ল৷ পিতাক সকলোৱে স্মৰণ কৰে৷ এতিয়া ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম লিখি দিলে৷ তেওঁতো জ্ঞানৰ সাগৰ নহয়৷ তেওঁক জ্ঞানৰ সাগৰ পিতাই এনেকুৱা কৰি গঢ়ি তুলিলে গতিকে তেওঁ শিক্ষকো হয়৷ ইয়াত তোমালোকে নতুন কথা শুনা, শাস্ত্ৰ আদিতো বহুত পঢ়ি শুনি আহিছা৷ এতিয়া তোমালোকে পিতাৰ দ্বাৰা পোনপটীয়াকৈ শুনা৷ আগতে সকলো শৰীৰধাৰী মনুষ্যৰদ্বাৰা শুনিছিলা৷ এতিয়া তোমালোকে বুজি পোৱা - আমি আত্মাসকল প্ৰকৃততে অশৰীৰী আছিলোঁ৷ পাছত আকৌ শৰীৰ ধাৰণ কৰিছোঁ৷ বাবাও অশৰীৰী৷ শিৱলিঙ্গ সাজে নহয়৷ আত্মাই শৰীৰৰ দ্বাৰা তেওঁক পূজা কৰে৷ কাতৰে আহ্বানো জনায় - হে পৰমপিতা পৰমাত্মা আহি আমাক পতিতসকলক পাৱন কৰি তোলা৷ লিঙ্গৰ পূজা কৰে কিন্তু এইটো বুজি পায় জানো যে পতিত-পাৱন পিতা হয়, যাক আমি আহ্বান কৰোঁ৷ শিৱ ভগৱান হয়, ঈশ্বৰ হয়৷ বচ্‌ এনেকৈয়ে স্মৰণ কৰে৷ তেওঁক ‘বাবা’ বুলি ক’লে তেতিয়া বুদ্ধিত উদয় হ’ব যে বাবাৰ পৰা উত্তৰাধিকাৰ পোৱা উচিত৷ আমি উত্তৰাধিকাৰ পাইছোঁ সেইবাবেতো পূজা কৰোঁ৷ ভাৰতবাসীয়ে উত্তৰাধিকাৰ নিশ্চয় পাইছে৷ কেতিয়া পালে, এইটো পাহৰি গৈছে৷ এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, সন্তানসকলে কয় – আমি বাবাৰ ওচৰলৈ আহিছোঁ৷ শিৱবাবাই ব্ৰহ্মাৰ শৰীৰত আহি বুজায়৷ ত্ৰিমূর্তিৰ নাম প্ৰসিদ্ধ৷ ‘ত্ৰিমূর্তি মার্গ’ নামো ৰাখিছে৷ পিতাৰ মহিমা বহুত৷ গীতটিতো শুনিলা – প্ৰেমৰ সাগৰ হয়..., সকলোৰে সৎগতিদাতা হয়৷ সকলোকে সুখ-শান্তি দিওঁতা হয়৷ সকলোৰে দুখ হর্তা, সুখ কর্তা হয়৷ বহুত মৰমৰ হয় নহয়৷ তেওঁতকৈ মৰমৰ বস্তু আন একো নাই৷ যিজন পিতাই স্বর্গৰ মালিক কৰি তোলে, তেওঁ নিশ্চয় মৰমৰ হ’ব নহয়৷ তেওঁ হ’ল বেহদৰ পিতা৷ তেওঁ কয় – সন্তানসকল মোৰ পৰা স্বর্গৰ বাদশ্বাহী পোৱা নহয়৷ তোমালোক আত্মা ভাই ভাই হোৱা৷ এতিয়া পিতাৰ পৰা শুনি আছা৷ সকলো আত্মাই পিতাক স্মৰণ কৰে, বাবা আহি আমাক পাৱন কৰি তোলা৷ এতিয়া আত্মাই কয় – বাবা আহিছে পাৱন কৰি তুলিবলৈ৷ তেওঁ কয় – সন্তানসকল, 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক পাৱন কৰি তুলিবলৈ আহিছিলোঁ৷ এতিয়া মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকর্ম বিনাশ হ’ব আৰু তোমালোকৰ সকলো দুখ দূৰ হৈ যাব৷ আহ্বানো জনায় – পতিত-পাৱন আহা অথবা তালি বজাই থাকে, চিঞৰি থাকে পতিত-পাৱন সীতাৰাম... তেন্তে নিজে পতিত হ’ল নহয়৷ এয়া হয়েই নৰক, ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়৷ গৰুড় পুৰাণততো মনেসজা কথা বহুত লিখি দিছে যে এয়া কৰিলে এয়া হ’বা, এয়া হ’ব... আকৌ কৈ দিয়ে – গৰুৰ নেজত ধৰিলে স্বর্গলৈ গুচি যাবা৷ এনেকুৱা কিবা-কিবি লিখা আছে৷ এতিয়া জীৱ-জন্তুৰতো কথা নহয়৷ তোমালোক গোমাতা হোৱা নহয়৷ তোমালোকৰ নেজ অথবা পিঠিত যেতিয়ালৈকে কোনেও নধৰে তেতিয়ালৈ ৰাস্তা পাব নোৱাৰে৷ নেজতো নাই৷ এনেকৈ কয়ো – তোমালোকৰ নেজত ধৰি পাৰ হৈ যাম৷ এতিয়া ইয়াত নেজততো ধৰিব নালাগে, কিন্তু অনুসৰণ কৰিব লাগে৷ সন্ন্যাসীসকলৰ অনুগামীতো বহুত আছে কিন্তু অনুসৰণ কৰা মানে পৱিত্ৰ হোৱা৷ তোমালোকতো সঁচা অনুগামী হোৱা৷ শিৱবাবাই কয় – মই আহিছোঁ তোমালোক সকলোকে উভতাই লৈ যাবলৈ৷ তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব৷ পাৱন নহ’লে অনুসৰণ কৰিব নোৱাৰিবা৷ শিৱবাবাক পূৰা অনুসৰণ কৰিব লাগে৷ তোমালোক ইয়াত বহি আছা – অনুসৰণ কৰিবৰ বাবে৷ ভক্তি মার্গতো মোক স্মৰণ কৰি আহিছা৷ তোমালোকে জানা – আত্মাসকল হৈছে পৰমাত্মা প্ৰেমিকৰ প্ৰেমিকা৷ আত্মাসকলে তেওঁক স্মৰণ কৰে আৰু তেওঁ লৈ যাবলৈ আহিছে৷ তেওঁ কয় – মোক অনুসৰণ কৰা তেতিয়া তোমালোকক লগত লৈ যাম৷ কেনেকৈ অনুসৰণ কৰিবা সেয়াও বুজায় – মই পাৱন হওঁ, তোমালোক হৈছা পতিত৷ তেন্তে নিশ্চয় পাৱন হ’ব লাগে, নিশ্চয় অনুসৰণ কৰিব লাগে৷ বিকাৰীসকলেতো অনুসৰণ কৰিব নোৱাৰে৷ অনুসৰণ কৰিবলৈ মোৰ সমান পৱিত্ৰ হোৱা৷ মই জানো পতিতসকলক নিজৰ লগত শান্তিধামলৈ লৈ যাম! ইমান অনেক মনুষ্যই ভক্তি, তপ, দান-পুণ্য আদি কৰে - মুক্তি পাবলৈ, কিয়নো ইয়াত দুখ আছে আৰু বিচাৰে – আমি নিজৰ ঘৰলৈ উভতি যাওঁ৷ পিতাই কয় – পৱিত্ৰ নিশ্চয় হ’ব লাগিব৷ মই পাৱন হওঁ, সেইবাবেতো তোমালোকক পাৱন কৰি তোলোঁ৷ আহিমো ব্ৰহ্মাৰ শৰীৰত৷ মই ৰচয়িতা হওঁ, মই এই ব্ৰহ্মাৰ শৰীৰত আহোঁ৷ এনেকৈ দেখুৱায়ো যে ব্ৰহ্মাৰ দ্বাৰা পিতাই দেৱী-দেৱতা ধর্মৰ প্ৰতিষ্ঠা কৰে৷ তোমালোক হৈছা বী.কে.৷ এতিয়া জানা যে শিৱবাবাক অনুসৰণ কৰিব লাগে৷ পিতাই কয় – মোক স্মৰণ কৰা তেন্তে মই প্ৰতিজ্ঞা কৰিছোঁ – পাৱন সৃষ্টিলৈ লৈ যাম৷ আন কোনো উপায় নাই৷ এনেকৈ কয় – পতিত-পাৱন... হয়তো দৃষ্টি ওপৰলৈ যায় অথবা পানীৰ ফালে চায়৷ গংগাতো পতিত-পাৱনী নহয়৷ এয়াতো সাগৰৰ পৰা উৎপত্তি হোৱা নদী৷ এতিয়া নেজততো তোমালোকৰ ধৰা উচিত৷

পিতাই কয় – তোমালোক পাৱন হ’ব লাগে, মোক অনুসৰণ কৰিব লাগে, তেতিয়াহে লগত যাব পাৰিবা৷ পিতাই কয় – তোমালোক মোৰ লগত আছিলা, এতিয়া 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই পতিত হৈ গৈছা৷ এতিয়া পুনৰ মোক স্মৰণ কৰা তেতিয়া পাৱন হ’বা৷ সন্ন্যাসীসকলেও গৃহস্থীসকলক কয় – অনুসৰণ কৰিবলৈ হ’লে ঘৰ-সংসাৰ ত্যাগ কৰা৷ পিতাই কয় – মই পৰমধামত থাকোঁ, তোমালোকো যাবা নে ইয়াতেই বিষয় সাগৰত থাকিবলৈ ভাল লাগে৷ তোমালোকেতো আহ্বান কৰি আহিছা – হে পতিত-পাৱন আহা৷ এতিয়া পিতা আহিছে লগত লৈ যাবলৈ৷ কল্পই কল্পই আহি তোমালোকক লগত লৈ যাওঁ৷ আকৌ সত্যযুগত তোমালোক বহুত সুখী হৈ থাকা৷ এই লক্ষ্মী-নাৰায়ণ স্বর্গৰ মালিক আছিল নহয়৷ এওঁলোকক ইমান সুখ দিওঁতাজন কোন? স্বর্গীয় ঈশ্বৰ পিতা৷ পিতাই স্মৃতি সোঁৱৰাই দিয়ে – তোমালোকে মোৰ জয়ন্তী পালন কৰা৷ পৰমপিতা পৰমাত্মাৰ জয়ন্তী সকলো ভাৰতবাসীয়ে পালন কৰে৷ এয়া মোৰ জন্মভূমি৷ খ্ৰীষ্টানসকলে জানো মানিব৷ তেওঁলোকেতো যীশুখ্ৰীষ্টক মানিব৷ শিৱ জয়ন্তী ভাৰতবাসীয়ে পালন কৰে৷ এয়া সকলোৰে পতিত-পাৱন পিতাৰ জন্মভূমি৷ পিতা সকলোকে সুখ দিওঁতা হয়৷ সকলোকে মুক্তি দিওঁতা হয়৷ গতিকে ভাৰত কিমান উচ্চ৷

পিতাই জানে – ড্ৰামা অনুসৰি মোৰ সন্তানসকল বহুত দুখী হৈ যায়, তেতিয়া উত্তৰাধিকাৰ দিবলৈ মই আহোঁ৷ পিতা হ’ল জ্ঞানৰ সাগৰ, সুখৰ সাগৰ… সন্তানসকলক উত্তৰাধিকাৰ দি আছে৷ তেওঁ কয় – মোক অনুসৰণ কৰা৷ এইটো জানা – আমি আত্মাসকল বিকাৰী হওঁ সেইবাবে শৰীৰো বিকাৰীয়ে হয়৷ সত্যযুগত আত্মা পৱিত্ৰ হয় সেয়েহে শৰীৰো পৱিত্ৰ পোৱা যায়৷ এতিয়া পিতাই কয় – সন্তানসকল পাৱন হোৱা৷ স্মৃতিৰেহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বা৷ ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা স্বর্গৰ উত্তৰাধিকাৰ ল’বলৈ “আমি আত্মা ভাই ভাই” – এইটো দৃঢ় কৰিব লাগে৷ বহুত মৰমেৰে চলিব লাগে৷ যেনেকৈ পিতা অতিকৈ মৰমৰ, এনেকুৱা মৰমিয়াল হ’ব লাগে৷

(2) পিতাৰ সমান পাৱন হৈ পিতাক পূৰা পূৰা অনুসৰণ কৰিব লাগে৷ পিতাৰ লগত শান্তিধামলৈ উভতি যাবৰ কাৰণে পাৱন নিশ্চয় হ’ব লাগে৷

বৰদান:
নিৰ্বল আত্মাসকলক শক্তিৰ প্ৰবাহ যোগান ধৰোঁতা জ্ঞান-দাতা তথা বৰদাতা হোৱা

বৰ্তমান সময়ত নিৰ্বল আত্মাসকলৰ ইমান শক্তি নাই যে জপিয়াব পাৰিব, তেওঁলোকক অতিৰিক্ত শক্তি প্ৰবাহৰ আৱশ্যক। সেয়েহে তোমালোক বিশেষ আত্মাসকলে নিজৰ মাজত বিশেষ শক্তি ধাৰণ কৰি তেওঁলোকক উচ্চলৈ জপিওৱাত সহায় কৰিব লাগে। ইয়াৰ বাবে জ্ঞান দাতাৰ লগতে শক্তিসমূহৰ বৰদাতা হোৱা। ৰচয়িতাৰ প্ৰভাৱ ৰচনাৰ ওপৰত পৰে সেইকাৰণে বৰদানী হৈ নিজৰ ৰচনাক সৰ্ব শক্তিৰ বৰদান দিয়া। এতিয়া এইটো সেৱাৰ আৱশ্যকতা আছে।

স্লোগান:
সাক্ষী হৈ সকলো খেল প্ৰত্যক্ষ কৰা তেতিয়া সুৰক্ষিত হৈও থাকিবা আৰু মজাও পাবা।


অব্যক্ত ইংগিত : জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

তোমালোক মহান তপস্বী আত্মাসকলে জ্বালাৰূপ শক্তিশালী স্মৃতিৰে প্ৰাপ্তিৰ কিৰণসমূহৰ নিজে অনুভৱ কৰা আৰু আনকো অনুভৱ কৰোৱা। তোমালোকৰ তপস্বী স্বৰূপ হৈছে আনক কিবা দিয়াৰ স্বৰূপ। যেনেকৈ সূৰ্যই বিশ্বক কিৰণ দিয়ে আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভৱ কৰায়, তেনেকৈ তোমালোকেও নিজৰ তপস্বী স্বৰূপৰ দ্বাৰা শান্তি আৰু শক্তিৰ কিৰণ বিলাই থাকা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]