01.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দান-সেৱা ঘৰৰ পৰাই আৰম্ভ হয়, নিজৰ পৰিয়ালৰ লোকসকলক জ্ঞান শুনোৱা, নিজৰ সমনীয়াসকলৰ
কল্যাণ কৰা”
প্ৰশ্ন:
কোনটো শ্ৰীমত
পালন কৰা সন্তানসকলে নিজৰ অৱস্থা একৰস কৰি তুলিব পাৰে?
উত্তৰ:
অৱস্থা একৰস কৰি তুলিবলৈ পিতাৰ শ্ৰীমত হৈছে - সন্তানসকল নিতৌ পুৱাতে (অমৃতবেলা) উঠি
অতি মৰমেৰে পিতাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা আৰু বাবাই যি শুনায় সেয়া শুনা।
যদি স্মৰণ নকৰা তেন্তে অদৰকাৰী খেয়াল চলিব, ব্যৰ্থ সংকল্প উদয় হ’ব সেইবাবে বাবাই
ৰায় দিয়ে – সন্তানসকল, নিতৌ পুৱাতে উঠি নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে
চলোঁতে-ফুৰোঁতে, খাওঁতে…. ভোজন ৰান্ধোঁতে একমাত্ৰ বাবাকহে স্মৃতিত ৰাখিম।
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে জানে যে আত্মিক পিতা হৈছে সকলো আত্মাৰে পিতা যিজন সকলোতকৈ উচ্চতকৈও উচ্চ,
তেওঁকেই শিবায়ে নমঃ বুলি কয়। পিতা বুলিও কয়, সেইজন পিতা স্বৰ্গৰ ৰচয়িতা হয়,
যিজনক পতিত-পাৱন, জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এতিয়া তোমালোকে বুজি পোৱা যে আমি
তেওঁৰ লগত বহি আছোঁ। এইটো তোমালোক সন্তানসকলে বুজাব লাগে। যেনেদৰে ক’ৰবাত এটা গীতা
পাঠশালাত শ্ৰীকৃষ্ণৰ 6 ফুট দীঘল এখন চিত্ৰ আছিল। এতিয়া বাস্তৱত শ্ৰীকৃষ্ণক শিশু
ৰূপতে দেখুৱায় আকৌ কয় গীতাৰ ভগৱান আছিল। তেন্তে আকৌ গীতা কেতিয়া শুনালে? শৈশৱত নে
যেতিয়া 6 ফুট হ’ল তেতিয়া? ৰাধা আৰু কৃষ্ণৰ যোৰা আছিল। ৰাধা, কৃষ্ণৰ কোন আছিল?
ৰাধাক ভগৱতী আৰু কৃষ্ণক ভগৱান বুলি কয়। এওঁলোক দুয়োগৰাকীৰ মাজত কি সম্বন্ধ, এয়া
কোনেও নাজানে। শ্ৰীকৃষ্ণই গীতাৰ উপদেশ দিলে, কিন্তু কেতিয়া? যেতিয়া তোমালোকে
এনেকুৱা প্ৰশ্ন সুধিবা তেতিয়া মনুষ্যই বুজি যাব যে এয়াতো
ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলৰ বাহিৰে আন কোনেও সুধিব নোৱাৰে। যিসকল ডাঙৰ ডাঙৰ ৰজা
আদি যিয়েই আছে তেওঁলোকে সন্ন্যাসীসকলক দেখিলে নিশ্চয় চৰণত পৰিব। কাৰোৱেই সোধাৰ
সাহসেই নাথাকে। তোমালোকেতো সাহস কৰা। ক’ব যে ব্ৰহ্মাকুমাৰীসকলৰ ইমান জ্ঞান আছে যে
বহি ৰচনা আৰু ৰচয়িতাৰ জ্ঞান দিয়ে। তেওঁৰ (ৰচয়িতাৰ) জীৱন বৃত্তান্ত শুনায়। তোমালোকে
সুধিব পাৰা যে শিৱ জয়ন্তী পালন কৰেনে, পূজা আদিও কৰে তেন্তে নিশ্চয় তেওঁ কেতিয়াবা
আহিছিল চাগৈ সেইবাবেতো শিৱ জয়ন্তী পালন কৰা হয় নহয়? তেওঁ কেতিয়া আহিল? শিৱবাবাতো
হৈছে নিৰাকাৰ, তেওঁৰ নিজৰ শৰীৰ নাই। শিৱ জয়ন্তী পালন কৰে তেন্তে নিশ্চয় শৰীৰত
আহিছিল। নিৰাকাৰৰ জয়ন্তী কেনেকৈ হ’ব পাৰে? আত্মাতো অমৰ হয়। জয়ন্তী তেতিয়াহে
পালন কৰা হয় যেতিয়া মৰিব আৰু জন্মিব। আত্মাৰ জয়ন্তী নহয়। আত্মাতো অবিনাশী। এনেকৈ
কোৱা নহ’ব যে আত্মাৰ জয়ন্তী। শিৱতো হৈছে নিৰাকাৰ, তেওঁৰ চিত্ৰ লিঙ্গৰ ৰূপত ৰখা হয়।
তোমালোক সন্তানসকলৰ এইটো খেয়াল থাকিব লাগে। ইয়াৰ পৰা নিজৰ ঘৰ, পেছাগত কাম-কাজত গ’লে
এই কথাবোৰেই বুদ্ধিৰ পৰা আঁতৰি যায়। চিন্তন নচলে। গুৰু আদিৰ শিকলিত বহুত বান্ধ খাই
আছে। কথাই নুসুধিবা। অবলাসকল বহুত হোজা হয় নহয়। তোমালোকে তেওঁলোকক সুধিব পাৰা -
শিৱ জয়ন্তী পালন কৰা হয়, কিন্তু তেওঁ কোন? তেওঁ আহি কি কৰিলে, কেতিয়া আহিল?
জয়ন্তী মানেই জন্ম। নিৰাকাৰ শিৱৰ জন্ম দিন পালন কৰিলা, তেওঁ নিৰাকাৰ হয় তেন্তে
তেওঁৰ আকৌ জন্ম কেনেকৈ পালন কৰা হয়? তেওঁ ক’ত (কাৰ শৰীৰত) আহিল? আত্মা শৰীৰত গ’লে
তেতিয়া কোৱা হয় যে জন্ম হৈ গ’ল। আত্মাতো আত্মাই হয়। শৰীৰত প্ৰৱেশ কৰিলে তেতিয়া কোৱা
হ’ব আত্মাই শৰীৰ ধাৰণ কৰিলে, ভূমিকা পালন কৰিবৰ বাবে। তেওঁতো হৈছে নিৰাকাৰ। তেওঁ
জন্ম কেনেকৈ ল’লে? কাৰ শৰীৰত আহিল? তেওঁকতো পৰমাত্মা বুলি কোৱা হয়। এইটো কোনেও গম
নাপায়। যদিও বহুত শাস্ত্ৰ আদি পঢ়িছে, কিন্তু একোৱেই গম নাপায়। এতিয়া তোমালোক
জ্ঞানেৰে ভৰপূৰ হৈছা। এতিয়া তোমালোকে জ্ঞানহে শুনাব লাগে। কিছুমান দুই-তিনি বছৰ আহে
আকৌ অজ্ঞানতাৰ প্ৰৱেশ হৈ যায়। বাবাই পুনৰ অজ্ঞানতা দূৰ কৰি জ্ঞান ধাৰণ কৰায়। এতিয়া
তোমালোক সন্তানসকলক জ্ঞান দিয়া হয়। কিন্তু পুৰুষ জ্ঞানত, স্ত্ৰী অজ্ঞানত চলিলে
তেতিয়া যেন হংস আৰু বগলী হৈ যায় সেয়েহে প্ৰথমেতো স্ত্ৰীক জ্ঞান দিব লাগে। স্ত্ৰীয়ে,
পতিক গুৰু ঈশ্বৰ বুলি মানে তেন্তে স্ত্ৰীয়ে গুৰুৰ আজ্ঞা মানিব লাগে নহয়। এয়া ইয়াৰ
কথা। তাততো (স্বৰ্গত) আজ্ঞা পালন কৰা নকৰাৰ প্ৰশ্নই নুঠে। সকলো মৰম-চেনেহেৰে চলে।
তাত এনেকুৱা কোনো কথা নায়েই, গতিকে দান-সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। স্ত্ৰী জ্ঞানত চলে,
স্বামী নচলে তেন্তে কি কৰিব পাৰে! ভোঁ ভোঁ কৰিব লাগে। সন্তানসকলেও ভোঁ ভোঁ কৰিব লাগে।
নিজৰ সমনীয়াসকলৰ কল্যাণ কৰক। তেওঁলোককো কওঁক যে পিতাক স্মৰণ কৰা। এতিয়া যুদ্ধ
সন্মুখত থিয় হৈ আছে, বাবাৰ আগমন হৈছে। মনুষ্যই আহ্বান জনায় - হে পতিত-পাৱন আহক।
যিহেতু পতিত সৃষ্টিৰ বিনাশ হ’বলৈ গৈ আছে তেন্তে তোমালোক আকৌ পতিত কিয় হোৱা! মাতা
যদি জ্ঞানত চলে তেন্তে মাতাৰ কাম হৈছে নিজৰ সমনীয়াসকলৰ কল্যাণ কৰা। এতিয়া তোমালোকে
পিতাৰ পৰা 21 জন্মৰ বাবে গোটেই ৰাজ্য লোৱা। তোমালোকক কোনেও হাত লগাব নোৱাৰে।
তোমালোক গোটেই বিশ্বৰ মালিক হোৱাগৈ। পাৰ্থক্য চোৱা কিমান। এনেকুৱা উত্তৰাধিকাৰ
দিওঁতাজনক কিমান স্মৰণ কৰিব লাগে। ইয়াততো বহুত আছে যিসকলে গোটেই দিনটোত শিৱবাবাক
স্মৰণেই নকৰে। গোটেই দিন ঘৰৰ, পেছাগত কাম-কাজৰ জঞ্জালতে থাকে। নহ’লেতো পুৱাই উঠি
পিতাক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। বাবা আপোনাৰ আগত মই প্ৰতিজ্ঞা কৰিছোঁ। আপোনাৰ
পৰা মই উত্তৰাধিকাৰ নিশ্চয় ল’ম। বাবা আপুনি কিমান মিঠা। আপোনাৰ স্মৃতিৰে মোৰ
বিকৰ্ম বিনাশ হ’ব। ভিতৰি নিজৰ লগত বাৰ্তালাপ কৰা, তাকেই বিচাৰ সাগৰ মন্থন কৰা বুলি
কোৱা হয়। বাবা আপোনাৰ পৰা মই পূৰা উত্তৰাধিকাৰ লৈহে এৰিম। এতিয়া মই তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান নিশ্চয় হ’ব লাগে, তেতিয়াহে সত্যযুগী ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰিম। বাবা
আপোনাক মই নিৰন্তৰ স্মৰণ কৰিম। 63 জন্মত মই কিমান পাপ কৰিছোঁ। শিৰত কিমান বোজা আছে
সেয়েহে বাবা মই আপোনাক বহুত স্মৰণ কৰোঁ। বাবা মই ভোজন ৰান্ধোঁতে, ফুৰিবলৈ গ’লে
তেতিয়াও আপোনাৰ স্মৃতিত থাকিম। এনেধৰণৰ বাৰ্তালাপ কৰি প্ৰতিজ্ঞা কৰিলে তেতিয়া
বিকৰ্ম বিনাশ হৈ গৈ থাকিব। বাবা মই আপোনাৰ স্মৃতিত ভোজন ৰান্ধিম। মই সতোপ্ৰধান
নিশ্চয় হ’ব লাগে। ক’বতো নোৱাৰি কালিলৈ যদি শৰীৰ ত্যাগ কৰিবলগীয়া হয় তেন্তে মই
সতোপ্ৰধান নহ’মেই! মৃত্যুৰ ভয় আছে নহয়। বাবা মই জীৱন্তে আপোনাৰ পৰা উত্তৰাধিকাৰ
নিশ্চয় ল’ম। আকৌ চাব লাগে যে আজি গোটেই দিনটোত মই কিমান স্মৰণ কৰিলোঁ। যিকোনো
অৱস্থাতে স্মৃতিৰ যাত্ৰাত নিশ্চয় থাকিব লাগে। গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। যুক্তিৰে
চলিব লাগে। এনেকৈ তীব্ৰ বেগেৰে পুৰুষাৰ্থত লাগি গ’লে তেতিয়া স্মৃতিও থাকিব আৰু
আয়ুসো বাঢ়িব। ভৱিষ্যতে তোমালোকৰ আয়ুস বাঢ়িব, স্মৰণ নকৰিলে তেতিয়াতো পদবীও কম হৈ
যাব। পুৰুষাৰ্থ কৰি পিতাৰ পৰা উত্তৰাধিকাৰতো ল’ব লাগে, নহয় জানো আৰু স্বদৰ্শন
চক্ৰধাৰীও হ’ব লাগে। যেনেদৰে হিন্দুসকলক খ্ৰীষ্টিয়ান কৰিবলৈ ভিক্ষুণীসকল বহুত ঘূৰি
থাকে। ঘৰে ঘৰে, দোকানে দোকানে যায়, সকলোকে কয় - বাইবেল লওঁক, এয়া লওঁক। আমাৰ
খ্ৰীষ্টান ধৰ্মত বহুত সুখ আছে। তেওঁলোকৰো সংঘ আছে বৌদ্ধ ধৰ্মীসকলৰো সংঘ আছে।
হিন্দুসকলে এইটো নুবুজে যে এওঁলোকে কি কৰে! আমাৰ হিন্দু ধৰ্মাৱলম্বীসকলক
খ্ৰীষ্টিয়ান কৰি থাকে। তোমালোকে প্ৰদৰ্শনীত কিমান বুজোৱা। যদিও মতামতো লিখি দিয়ে,
ঘৰলৈ গ’ল আৰু সকলো শেষ। এই ক্ষেত্ৰত গায়ন আছে - বান্দৰৰ আগত ৰত্ন ৰাখা তেতিয়া পাথৰ
বুলি বুজি দলিয়াই দিব। গতিকে এই অবিনাশী জ্ঞান ৰত্নকো পাথৰ বুলি ভাবি দলিয়াই দিয়ে।
এওঁলোকেও একো বুজি নাপায়। হয়, যিসকল এইটো ধৰ্মৰ হ’ব তেওঁলোকহে প্ৰেৰিত হ’ব।
কথাবোৰ বহুত সহজ। পিতা স্বৰ্গৰ ৰচয়িতা হয়। পিতা ভাৰতত আহেও এবাৰেই।
পিতাই কয় - তোমালোকে মোক; পতিত-পাৱন পিতাক আহ্বান জনাই আহিছা। তোমালোকক স্বৰ্গৰ
মালিক কৰি তুলিবলৈ এতিয়া মই আহিছোঁ। তোমালোকে কোৱাও যে আমি এই ভ্ৰষ্টাচাৰী
সৃষ্টিখনক শ্ৰেষ্ঠাচাৰী কৰিহে এৰিম। এতিয়াতো সকলো নৰকবাসী। তোমালোক এতিয়া
শিৱবাবাৰ শ্ৰীমতত চলি আছা। শিৱ ভগৱানুবাচ - মই তোমালোকক স্বৰ্গৰ মালিক, ৰজাসকলৰো ৰজা
কৰি তোলোঁ। গীতাত বৰ ভালকৈ লিখা আছে, কয় যে মই এই সাধুসকলকো উদ্ধাৰ কৰিবলৈ আহোঁ।
গতিকে এয়া তেওঁলোককো শুনাব লাগে, নহয়। আহ্বানো জনায় - হে পতিত-পাৱন সীতাসকলৰ ৰাম।
এতিয়া ইয়াৰ অৰ্থও বুজি নাপায়। সকলো হৈছে ভক্ত অথবা সীতা। তেওঁলোকে আহ্বান জনায় -
হে ৰাম আহি আমাক সীতাসকলক উদ্ধাৰ কৰক। আকৌ কয় - ৰঘুপতি ৰাঘৱ ৰজা ৰাম…… বাস্তৱত ৰজা
ৰামৰ কথা নহয়। মুখ্য ভুল হৈছে এইটো যে শিৱৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণৰ নাম দি দিছে। সুধিব
লাগে কৃষ্ণ বা ৰামক ক’লাবৰণীয়াকৈ কিয় দেখুৱাইছে? সত্যযুগ ত্ৰেতাত হয়েই সুন্দৰ আকৌ
শ্যামবৰণীয়া হয়। প্ৰথমতে হৈছে সোণালী যুগ, ৰূপালী যুগ, তাৰপাছত তামৰ যুগ, লৌহ যুগ।
এই সময় হৈছে লৌহযুগ। সোণালী যুগ আছিল তেতিয়া কিমান মান আছিল। গতিকে যুক্তি সহকাৰে
গৈ বুজাব লাগে। তেওঁলোকে ইমান সোনকালে নিজৰ আঁকোৰগোজ মনোভাৱ এৰি নিদিব। বৃক্ষৰ
আয়ুস বাঢ়ি গ’লে তেতিয়া বৃক্ষজোপাই জৰাজীৰ্ণ অৱস্থা পায়, আয়ুসতো এই সৃষ্টিখনৰো
আছে নহয়। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি। পুৰণি মানে কলিযুগ, তমোপ্ৰধান সৃষ্টি।
ইয়াত এজনো সতোপ্ৰধান থাকিব নোৱাৰে। এতিয়া তমোপ্ৰধানসকল নাশ হৈ যাব। নতুন সৃষ্টি
কোনে স্থাপনা কৰিব? সেইজন পিতাই। এনেকুৱা নহয় যে প্ৰলয় হয়। পিতাক আহ্বানেই তেতিয়া
জনায় যেতিয়া পতিত হৈ যায়। আকৌ কয় - আহি আমাক পাৱন কৰি তোলক। আহিবতো নিশ্চয় পুৰণি
সৃষ্টিতেই। পতিত–পাৱন বুলি কয় তেন্তে নিশ্চয় অন্তিম সময়তে আহিব। নিজেই কয় - মই
কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ - পাৱন সৃষ্টি গঢ়িবলৈ। এতিয়া হৈছে সংগম। এতিয়া
পিতাই সকলোকে সৎগতিলৈ লৈ যায়। গতিকে এনেহেন পিতাৰ শ্ৰীমতত চলিব নালাগে জানো। নিজৰ
অৱস্থা দৃঢ় কৰি তুলিব লাগে। পুৱাতে উঠি পিতাক স্মৰণ কৰিব লাগে। নিজক আত্মা বুলি
বুজিব লাগে। এয়া হৈছে শৰীৰৰ ইন্দ্ৰিয়। পিতাই কয় – হে সন্তানসকল, মই তোমালোকক যি
শুনাওঁ, সেয়া শুনা। মুক্তি-জীৱনমুক্তিৰ বাবে আৰু আন কাৰো কথা নুশুনিবা। পৰমধামৰ পৰা
পিতা আহিছে পাৱন কৰি তুলিবলৈ। তেন্তে তোমালোকে আকৌ পুৰণি শাস্ত্ৰবোৰক কিয় স্মৰণ কৰা।
ভক্তি এইবাবেই কৰে যে ভগৱানক পাম। তেওঁতো সকলোৰে সৎগতি দাতা পিতা হয় নহয়। পিতাৰ
বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণেও এই ৰাজ্য কেনেকৈ পালে?
আত্মাৰ কাৰণে কয় - আত্মা বিন্দু। তিৰবিৰাই থাকে আচৰিত তৰা। পিতাই বুজায় - তোমালোকে
মোক কোৱা পৰমাত্মা ‘ছুপ্ৰিম চ’ল’।
লৌকিক পিতাক কেতিয়াবা পৰমাত্মা বুলি ক’বা জানো? পৰমাত্মা যিজন পৰমধামত থাকে, তেওঁক
কোৱা হয় ‘ছুপ্ৰিম চ’ল’। তেওঁ তোমালোকৰ পিতা। তেওঁ আহি এওঁৰ (ব্ৰহ্মা বাবাৰ) শৰীৰত
প্ৰৱেশ কৰিব। গুৰু শিষ্যৰ কাষতে বহিব নহয়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এতিয়া
তোমালোকে জানা যে তেওঁ আমাৰ পিতা হয়। 5 হাজাৰ বছৰ পূৰ্বেও পিতাই যোগ শিকাইছিল যে
মোক স্মৰণ কৰা আৰু বিষ্ণুপুৰীক স্মৰণ কৰা তেন্তে নিশ্চয় সংগমতেই ক’ব। সত্যযুগত
আছিল এটা ধৰ্ম। তেন্তে নিশ্চয় আকৌ এটা ধৰ্মই হ’ব নহয়। ইমানবোৰ ধৰ্ম সকলো বিনাশ হৈ
যাব। এয়া সেয়াই সময়। পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া মই তোমালোকক বিশ্বৰ মালিক
কৰি তুলিম। পিতাৰ স্মৃতিৰেহে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বা। পিতাই কয় -
যিসকল সন্তানে ভালদৰে সেৱা কৰে তেওঁলোকক মই স্মৰণ কৰোঁ কিয়নো মোৰ সহায়কাৰী হয়।
বহুতৰে কল্যাণ কৰে সেয়েহে তেওঁলোক মোৰ প্ৰিয়। তোমালোকৰতো একমাত্ৰ পিতাই মৰমৰ যাৰ পৰা
উত্তৰাধিকাৰ পোৱা সেয়েহে তোমালোক সন্তানসকলে ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিৰ
যাত্ৰাত থাকিব লাগে। বহুত অদৰকাৰী খেয়ালো আহিব। ভক্তিমাৰ্গত নিজক মাৰেও, মোৰ শিৱৰ
দৰ্শন হওঁক, দৰ্শন পাবৰ বাবে বহুত পৰিশ্ৰম কৰে। ইয়াত তোমালোকে বুজি পোৱা যে পিতাৰ
স্মৃতিৰ দ্বাৰা পাপ খণ্ডন হৈ যাব আৰু 21 জন্মৰ বাবে উত্তৰাধিকাৰ প্ৰাপ্ত হ’ব।
দৰ্শনৰ হ’লে কোনো পাপ খণ্ডন নহয়। পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে তেওঁকতো বহুত
মৰমেৰে স্মৰণ কৰিব লাগে। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি কি হৈ আছোঁ। পৰৱৰ্তী
জন্মত আমি এয়া হ’মগৈ। এইখন মহাবিদ্যালয়েই হৈছে সত্যযুগৰ ৰাজকুমাৰ–ৰাজকুমাৰী হোৱাৰ।
পিতা আহি ধৰ্মৰ লগতে দৈৱী সাম্ৰাজ্যও স্থাপন কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই
মুক্তি-জীৱনমুক্তিৰ বাবে যিবোৰ জ্ঞানৰ কথা শুনাইছে, সেয়াই শুনিব আৰু ধাৰণ কৰিব লাগে,
বাকী সকলো পাহৰি যাব লাগে। নিজৰ আৰু নিজৰ লৌকিক পৰিয়ালৰ কল্যাণ কৰিব লাগে।
(2) ব্যৰ্থ খেয়ালবোৰ
সমাপ্ত কৰিবৰ কাৰণে পুৱাতে (অমৃতবেলা) উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে। স্মৃতিৰ
যাত্ৰাত ব্ৰতী হৈ থাকিব লাগে।
বৰদান:
জ্ঞান-যোগৰ
শক্তিশালী কিৰণৰ দ্বাৰা পুৰণা সংস্কাৰ ৰূপী কীটাণু ভস্ম কৰোঁতা মাষ্টৰ জ্ঞান সূৰ্য
হোৱা
যেনেকুৱাই পতিত
বাতাৱৰণ নহওক পৰিৱৰ্তন কৰিবলৈ অথবা পুৰণা সংস্কাৰ ৰূপী কীটাণু ভস্ম কৰিবলৈ এইটোৱে
স্মৃতি থাকিব লাগে যে "মই মাষ্টৰ জ্ঞান সূৰ্য"। সূৰ্যৰ কৰ্তব্য হ’ল কিৰণ দিয়া আৰু
আৱৰ্জনা শেষ কৰা। তেন্তে জ্ঞান-যোগৰ শক্তি আৰু শ্ৰেষ্ঠ আচৰণৰ দ্বাৰা এইটোৱে কৰ্তব্য
কৰি থাকা। যদি শক্তি কম তেন্তে জ্ঞানে কেৱল কিৰণ দিব, কিন্তু পুৰণা সংস্কাৰ ৰূপী
কীটাণু শেষ নহ’ব, সেয়েহে প্ৰথমতে যোগ তপস্যাৰ দ্বাৰা শক্তিশালী হোৱা।
স্লোগান:
শুভ ভাৱনা আৰু শুভ কামনাৰ শ্ৰেষ্ঠ সংকল্পইহে জমাৰ পুঁজি বঢ়ায়।
অব্যক্ত ইংগিত: নিজৰ
দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
বৰ্তমান সময়ত
তোমালোক সন্তানসকলে নিজৰ দয়াশীল আৰু দাতা স্বৰূপ প্ৰত্যক্ষ কৰা। তোমালোকৰ সকলো
ভঁৰাল নিৰন্তৰ খোলা থাকিব লাগে। অনাদি, আদি দাতাবোধৰ সংস্কাৰ নিজৰ জীৱনত সদায়
জাগ্ৰত কৰি ৰাখি, পৰমাত্ম বাৰ্তা বাহক হৈ বিশ্বত পিতাৰ প্ৰত্যক্ষতাৰ বাৰ্তা বিয়পাই
দিয়া। বেহদৰ দাতা হৈ বিশ্ব গোলকত থিয় হৈ, বেহদৰ সেৱাত প্ৰকম্পন বিয়পোৱা। মহান
দাতা হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]