01.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিতৌ ৰাতি নিজৰ খতিয়ান উলিওৱা, দিনলিপি ৰাখা তেতিয়া ভয় থাকিব যে ক’ৰবাত যাতে লোকচান হৈ নাযায়”

প্ৰশ্ন:
কল্প পূৰ্বৰ ভাগ্যশালী সন্তানসকলে পিতাৰ কোনটো কথা তৎক্ষণাৎ ধৰিব পাৰিব?

উত্তৰ:
বাবাই নিতৌ সন্তানসকলক যি স্মৃতিত থকাৰ যুক্তি শুনায়, সেয়া ভাগ্যশালী সন্তানসকলেহে ধৰিব পাৰে। তেওঁলোকে সেয়া তৎক্ষণাৎ কাৰ্যত ৰূপায়িত কৰিব। বাবাই কয় - সন্তানসকল কিছু সময় একান্তত বাগিচাত গৈ বহা। বাবাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰা, নিজৰ খতিয়ান ৰাখা তেতিয়া উন্নতি হৈ থাকিব।

ওঁম্শান্তি।
সৈনিকক পোন প্ৰথমে সাৱধান কৰা হয় – অনুগ্ৰহ কৰি ধ্যান দিয়া। পিতায়ো সন্তানসকলক কয় - নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰি থাকানে? সন্তানসকলক বুজাইছে এই জ্ঞান পিতাই এই সময়তহে দিব পাৰে। পিতাইহে পঢ়ায়। ভগৱানুবাচ হয় নহয় - মূল কথা এইটোৱেই যে ভগৱান কোন? কোনে পঢ়ায়? এইটো কথা প্ৰথমে বুজিবলগীয়া আৰু নিশ্চয় কৰিবলগীয়া হয়। আকৌ অতীন্দ্ৰিয় সুখতো থাকিব লাগে। আত্মা বহুত আনন্দিত হ’ব লাগে। আমি বেহদৰ পিতাক পাইছোঁ। পিতা এবাৰেই আহি মিলিত হয় উত্তৰাধিকাৰ দিবলৈ। কিহ’ৰ উত্তৰাধিকাৰ? বিশ্বৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ দিয়ে, 5 হাজাৰ বছৰ পূৰ্বৰ দৰে। এইটোতো দৃঢ় নিশ্চয়তা আছে যে পিতাৰ আগমন হৈছে। আকৌ সহজ ৰাজযোগ শিকায়, শিকাবলগীয়া হয়। সন্তানক কোনেও নিশিকায়। নিজেই মুখেৰে মম্মা বাবা উচ্চাৰিত হৈ থাকে কিয়নো শব্দতো শুনে নহয়। এয়া হ’ল আত্মিক পিতা। আত্মাৰ আন্তৰিক গুপ্ত নিচা থাকে। আত্মায়েই পঢ়িব লাগে। পৰমপিতা পৰমাত্মাতো জ্ঞানেৰে পৰিপূৰ্ণ হয়েই। তেওঁ ক’তো পঢ়া নাই। তেওঁৰ জ্ঞান আছেই, কিহৰ জ্ঞান? এয়াও তোমালোক আত্মাই বুজি পোৱা। বাবাৰ গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। কেনেকৈ এক ধৰ্মৰ প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ হয় এয়া সকলো জানে - সেইকাৰণে তেওঁক ‘সৰ্বজ্ঞ’ বুলি কৈ দিয়ে। ‘সৰ্বজ্ঞ’ৰ অৰ্থ কি? এয়া কোনেও একেবাৰে নাজানে। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে যে এইটো শ্লোগানো নিশ্চয় লগোৱা যে মনুষ্য হৈ যদি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ সময়সীমাক, পুনৰাবৃত্তিক নাজানে তেন্তে কি বুলি কোৱা হ’ব…. এই ‘পুনৰাবৃত্তি’ শব্দটিও বহুত আৱশ্যক। শুধৰণিতো হৈ থাকে নহয়। গীতাৰ ভগৱান কোন… এই চিত্ৰখন অতি উত্তম। গোটেই বিশ্বত এইটো হ’ল সকলোতকৈ এক নম্বৰ ভুল। পৰমপিতা পৰমাত্মাক নজনাৰ কাৰণে আকৌ কৈ দিয়ে সকলো ভগৱানৰেই ৰূপ। যেনেকৈ সৰু ল’ৰা-ছোৱালীক যদি সোধা তুমি কাৰ সন্তান? ক’ব অমুকৰ। অমুক কাৰ সন্তান? অমুকৰ। আকৌ কৈ দিব তেওঁ মোৰ সন্তান। তেনেকৈ এওঁলোকেও ভগৱানক নাজানে তেতিয়া কৈ দিয়ে মই ভগৱান। ইমান পূজাও কৰে কিন্তু বুজি নাপায়। গায়ন কৰা হয় - ব্ৰহ্মাৰ ৰাতি গতিকে নিশ্চয় ব্ৰাহ্মণ ব্ৰাহ্মণীসকলৰো ৰাতি হ’ব। এই সকলোবোৰ ধাৰণ কৰিবলগীয়া কথা। এই ধাৰণা তেওঁলোকৰ হ’ব যিসকল যোগযুক্ত হৈ থাকে। স্মৃতিকেই বল বুলি কোৱা হয়। জ্ঞানতো হ’ল উপাৰ্জনৰ উৎস। স্মৃতিৰে শক্তি পোৱা যায় যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। তোমালোকে বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। এই জ্ঞান পিতাই এতিয়াহে দিয়ে আকৌ কেতিয়াও পোৱা নাযায়। পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। বাকী সকলো হ’ল ভক্তিমাৰ্গৰ শাস্ত্ৰ, কৰ্ম-কাণ্ডৰ ক্ৰিয়াকলাপ। তাক জ্ঞান বুলি নকয়। আধ্যাত্মিক জ্ঞান একমাত্ৰ পিতাৰহে আছে আৰু সেয়া ব্ৰাহ্মণসকলকহে দিয়ে। আন কাৰো আধ্যাত্মিক জ্ঞান নাই। জগতত কিমান ধৰ্ম, মঠ, পন্থ আছে, কিমান মত আছে। সন্তানসকলৰ বুজাঁওতে কিমান পৰিশ্ৰম হয়। কিমান ধুমুহা আহে। গায়নো কৰে - নাও মোৰ পাৰ লগোৱা। সকলোৰে নাওতো পাৰলৈ যাব নোৱাৰে। কোনোবা ডুবিও যাব, কোনোবা ৰৈ থাকিব। 2-3 বছৰ হৈ যায় বহুতৰে খবৰেই নাই। কোনোবাতো টুকুৰা-টুকুৰ হৈ যায়। কোনোবাতো তাতেই ৰৈ যায়, ইয়াত পৰিশ্ৰম বহুত। নকল যোগো কিমান ওলাইছে। কিমান যোগ আশ্ৰম আছে। সেইবোৰৰ কোনোখনেই আত্মিক যোগ আশ্ৰম হ’ব নোৱাৰে। পিতাহে আহি আত্মাসকলক আত্মিক যোগ শিকায়। বাবাই কয় - এয়াতো বহুত সহজ যোগ। ইয়াৰ নিচিনা সহজ একো নাই। আত্মাইহে শৰীৰত আহি ভূমিকা পালন কৰে। সৰ্বাধিক 84 জন্ম, বাকীতো কম হৈ যাব। এই কথাবোৰো তোমালোক সন্তানসকলৰ কিছুমানৰ বুদ্ধিত আছে। বুদ্ধিত ধাৰণা কাচিৎহে হয়। প্ৰথম কথা পিতাই বুজায় – য’লৈকে যোৱা পোন প্ৰথমে পিতাৰ পৰিচয় দিয়া। পিতাৰ পৰিচয় কেনেকৈ দিবা, ইয়াৰ কাৰণে যুক্তি উলিওৱা হয়। সেইটো যেতিয়া নিশ্চয় জন্মিব তেতিয়া বুজিব পিতাতো সত্য। নিশ্চয় পিতাই সত্য কথাই ক’ব। এই ক্ষেত্ৰত সংশয় আনিব নালাগে। স্মৃতিত থকাটোতে পৰিশ্ৰম হয়, ইয়াত মায়াই বিৰুদ্ধাচৰণ কৰে। বাৰে বাৰে স্মৃতি পাহৰাই দিয়ে সেইকাৰণে পিতাই কয় - খতিয়ান লিখা। তেতিয়া বাবায়ো চাব কোনে কিমান স্মৰণ কৰে। শতকৰা এক চতুৰ্থাংশয়ো খতিয়ান নাৰাখে। কোনোৱে কয় - মইতো গোটেই দিন স্মৃতিত থাকোঁ। বাবাই কয় এইটোতো বৰ কঠিন। গোটেই দিন-ৰাতিতো বন্ধনত থকাসকল যিয়ে মাৰ খায় তেওঁলোক হয়তো স্মৃতিত থাকে, শিৱবাবা কেতিয়া এই সম্বন্ধীয়সকলৰ পৰা মই মুক্ত হ’ম? আত্মাই আহ্বান জনায় - বাবা মই বন্ধনৰ পৰা কেনেকৈ মুক্ত হওঁ। যদি কোনোবা বহুত স্মৃতিত থাকে তেন্তে বাবালৈ খতিয়ান পঠিওৱা। নিৰ্দেশনা পোৱা যায় নিতৌ ৰাতি নিজৰ খতিয়ান উলিওৱা, দিনলিপি ৰাখা। দিনলিপি ৰাখিলে ভয় থাকিব, মোৰ যাতে লোকচান হৈ নাযায়। বাবাই দেখিলে কি ক’ব - ইমান অতিকৈ মৰমৰ বাবাক ইমান সময়হে স্মৰণ কৰা। লৌকিক পিতাক, স্ত্ৰীক তোমালোকে স্মৰণ কৰা, মোক ইমান কমকৈও স্মৰণ নকৰা। খতিয়ান লিখিলে নিজৰেই লাজ লাগিব। এইটো অৱস্থাত মই পদ পাব নোৱাৰিম, সেইকাৰণে বাবাই খতিয়ানৰ ওপৰত জোৰ দি আছে। পিতাক আৰু 84ৰ চক্ৰক স্মৰণ কৰিব লাগে তেতিয়া আকৌ চক্ৰৱৰ্তী ৰজা হৈ যাবা। নিজৰ সমান কৰি তুলিলে তেতিয়াহে প্ৰজাৰ ওপৰত ৰাজত্ব কৰিবা। এয়া হয়েই ৰাজযোগ - নৰৰ পৰা নাৰায়ণ হোৱাৰ। লক্ষ্য-উদ্দেশ্য হৈছে এয়া (লক্ষ্মী-নাৰায়ণ)। যেনেকৈ আত্মাক দেখা নাযায়, বুজা যায়। এওঁৰ ভিতৰত আত্মা আছে, এইটোও বুজা যায়। এই লক্ষ্মী-নাৰায়ণৰ নিশ্চয় ৰাজধানী থাকিব। এওঁলোকে সকলোতকৈ বেছি পৰিশ্ৰম কৰিছে সেইবাবে বৃত্তি পাইছে। নিশ্চয় এওঁলোকৰ বহুত প্ৰজা হ’ব। উচ্চতকৈও উচ্চ পদ পাইছে, নিশ্চয় বহুত যোগ লগাইছে সেইবাবে সন্মান সহকাৰে উত্তীৰ্ণ হৈছে। ইয়াৰো কাৰণ উলিয়াব লাগে, মোৰ যোগ কিয় নালাগে? পেছাগত কাম-কাজ আদিৰ জঞ্জালৰ ফালে বুদ্ধি বহুত গুচি যায়। তাৰ পৰা সময় উলিয়াই এইফালে বেছিকৈ ধ্যান দিব লাগে। কিছু সময় উলিয়াই বাগিচাত একান্তত বহিব লাগে। স্ত্ৰীসকলতো যাব নোৱাৰে। তেওঁলোকেতো ঘৰৰ তত্ত্বাৱধান ল’ব লাগে। পুৰুষসকলৰ সহজ। কল্প পূৰ্বৰ যিসকল ভাগ্যশালী হ’ব তেওঁলোকহে প্ৰেৰিত হ’ব। পঢ়াতো বহুত ভাল। বাকী প্ৰত্যেকৰে বুদ্ধি নিজা নিজা। যেনেকৈয়ে নহওঁক পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। পিতাই সকলো নিৰ্দেশনা দিয়ে। কৰিবতো সন্তানসকলেই লাগে। বাবাই সাধাৰণভাৱে নিৰ্দেশনা দিব। এজন এজন ব্যক্তিগতভাৱে আহি সুধিলে তেতিয়া বাবাই ৰায় দিব পাৰে। তীৰ্থলৈ, ডাঙৰ ডাঙৰ পাহাৰৰ ওপৰলৈ যায় তেতিয়া পাণ্ডাসকলে সাৱধান কৰি থাকে। বৰ বিপদ সংকুলভাৱে যায়। তোমালোক সন্তানসকলকতো পিতাই বহুত সহজ যুক্তি শুনায়। পিতাক স্মৰণ কৰিব লাগে। শৰীৰৰ বোধ শেষ কৰিব লাগে। পিতাই কয় - মোক স্মৰণ কৰা। পিতা আহি জ্ঞান দি গুচি যায়। আত্মাৰ নিচিনা বেগী ৰকেট আৰু একো হ’ব নোৱাৰে। সেই লোকসকলে চন্দ্ৰ আদিৰ ফালে যাবলৈ কিমান সময় নষ্ট কৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই বিজ্ঞানৰ কলা-কৌশলেও বিনাশত সহায় কৰে। তেওঁলোকৰ হ’ল বিজ্ঞান, তোমালোকৰ হ’ল শান্তি। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - এয়া হ’ল গভীৰ শান্ত অৱস্থা। মই আত্মা শৰীৰৰ পৰা পৃথক হওঁ। এই শৰীৰ পুৰণা জোতা। সাপ কাছৰ দৃষ্টান্তও তোমালোকৰ কাৰণেই, তোমালোকেই কড়িতুল্য মনুষ্যক ভোঁ ভোঁ কৰি মনুষ্যৰ পৰা দেৱতা কৰি তোলা। বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ লৈ যোৱাতো তোমালোকৰ কাম। সন্ন্যাসীসকলে এই যজ্ঞ তপ আদি একো কৰিব নালাগে। ভক্তি আৰু জ্ঞান হৈছেই গৃহস্থীসকলৰ কাৰণে। তেওঁলোকতো সত্যযুগত নাহেই। তেওঁলোকে এই কথাবোৰ কি জানিব। এই নিবৃত্তি মাৰ্গৰ লোকসকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিসকলে সম্পূৰ্ণ 84 জন্ম লৈছে- তেওঁলোকেই ড্ৰামাৰ পৰিকল্পনা অনুসৰি আহি থাকিব। ইয়াৰ ভিতৰতো ক্ৰমানুসৰি ওলাই থাকিব। মায়া বৰ প্ৰবল। এই দুচকু বৰ আসুৰিক। জ্ঞানৰ তৃতীয় নেত্ৰ পালে দুচকু সভ্য হয় আকৌ আধাকল্প কেতিয়াও আসুৰিক নহ’ব। এই দুচকু হ’ল বৰ প্ৰবঞ্চক। তোমালোকে যিমানে পিতাক স্মৰণ কৰিবা সিমানে কৰ্মেন্দ্ৰিয় শীতল হ’ব। পাছত 21 জন্ম কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতাত আহিব নালাগে। তাত কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতা নাথাকে। সকলো কৰ্মেন্দ্ৰিয় শান্ত সতোগুণী হৈ থাকে। দেহ-অভিমান অহাৰ পাছতহে সকলো চয়তান আহে। পিতাই তোমালোকক দেহী-অভিমানী কৰি তোলে। আধাকল্পৰ কাৰণে তোমালোকে উত্তৰাধিকাৰ পাই যোৱা। যিয়ে যিমান পৰিশ্ৰম কৰিব, সিমান উচ্চ পদ পাব। দেহী-অভিমানী হ’বলৈ পৰিশ্ৰম কৰিব লাগে, তেতিয়া কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা নকৰিব। অন্তলৈকে যুদ্ধ চলি থাকিব। যেতিয়া কৰ্মাতীত অৱস্থা পাবা তেতিয়া সেই যুদ্ধও লাগিব। দিনে প্ৰতিদিনে আৱাজ বিয়পি গৈ থাকিব, মৃত্যুলৈ ভয় কৰিব।

পিতাই কয় - এই জ্ঞান সকলোৰে কাৰণে। কেৱল পিতাৰ পৰিচয় দিব লাগে। আমি আত্মাসকল সকলো ভাই ভাই। সকলোৱে এজন পিতাক স্মৰণ কৰে। ‘ঈশ্বৰ পিতা’ বুলি কয়। হওঁতে কিছুমানে প্ৰকৃতিকো মান্যতা দিয়ে। কিন্তু ঈশ্বৰতো আছে নহয়। তেওঁক স্মৰণ কৰে মুক্তি-জীৱনমুক্তিৰ কাৰণে। মোক্ষতো নাপায়। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি কৰিব লাগে। বুদ্ধিয়েও কয় যেতিয়া সত্যযুগ আছিল তেতিয়া একমাত্ৰ ভাৰতেই আছিল। মনুষ্যইতো একো নাজানে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল নহয়। লাখ লাখ বছৰৰ কথা হ’ব নোৱাৰে। লাখ লাখ বছৰ হ’লে তেন্তে কিমান অনেক সংখ্যা হৈ যাব। পিতাই কয় - এতিয়া কলিযুগ পূৰা হৈ সত্যযুগৰ স্থাপনা হৈ আছে। তেওঁলোকে ভাবে কলিযুগতো এতিয়াও শিশু হৈ আছে, ইমান হাজাৰ বছৰ আয়ুস আছে। তোমালোক সন্তানসকলে জানা এই কল্প হৈছেই 5 হাজাৰ বছৰৰ। ভাৰততেই ইয়াৰ স্থাপনা হৈ আছে। ভাৰতেই এতিয়া স্বৰ্গ হৈ আছে। এতিয়া আমি শ্ৰীমত অনুসৰি এই ৰাজ্য স্থাপনা কৰি আছোঁ। এতিয়া পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। প্ৰথম প্ৰথম শব্দই এইটো কোৱা। যেতিয়ালৈকে পিতাৰ ওপৰত নিশ্চয় নজন্মিব তেতিয়ালৈকে প্ৰশ্ন সুধি থাকিব। আকৌ যেতিয়া কোনো কথাৰ উত্তৰ নাপাব তেতিয়া ভাবিব এওঁলোকে একো নাজানে আৰু কয় ভগৱানে আমাক পঢ়ায় সেই কাৰণে পোন প্ৰথমেতো এটা কথাতে ৰৈ যোৱা। প্ৰথমে যাতে পিতাৰ ওপৰত নিশ্চয় জন্মে যে যথাযথ সকলো আত্মাৰ পিতা এজনেই আৰু তেওঁ হ’ল ৰচয়িতা। তেন্তে নিশ্চয় সংগমতেই আহিব। পিতাই কয় - মই যুগে যুগে নহয়, কল্পৰ সংগমযুগত আহোঁ। মই হওঁৱেই নতুন সৃষ্টিৰ ৰচয়িতা। তেন্তে মাজতে কেনেকৈ আহিম। মই আহোঁৱেই পুৰণি আৰু নতুনৰ মাজত। ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। তোমালোক পুৰুষোত্তমো ইয়াতেই হোৱা। লক্ষ্মী-নাৰায়ণ সকলোতকৈ পুৰুষোত্তম। লক্ষ্য-উদ্দেশ্য কিমান সহজ। সকলোকে কোৱা এয়া স্থাপনা হৈ আছে। বাবাই কৈছে – ‘পুৰুষোত্তম’ শব্দটি নিশ্চয় লিখা কাৰণ ইয়াত তোমালোক কনিষ্ঠৰ পৰা পুৰুষোত্তম হোৱা। এনেকুৱা এনেকুৱা মুখ্য কথাবিলাক পাহৰিব নালাগে। আৰু সময়চোৱাৰ তাৰিখো নিশ্চয় লিখিব লাগে। ইয়াত তোমালোকৰ প্ৰথমৰ পৰাই ৰাজ্য আৰম্ভ হৈ যায়, অন্যৰ ৰাজ্য প্ৰথমৰ পৰা নহয়। তেওঁলোকৰতো ধৰ্ম প্ৰতিষ্ঠাপক অহাৰ পাছতহে সেই ধৰ্মৰ বৃদ্ধি হ’ব। কোটিৰ হিচাপত হ’লে তেতিয়াহে ৰাজত্ব চলিব। তোমালোকৰতো আৰম্ভণিৰ পৰাই সত্যযুগত ৰাজত্ব হ’ব। এইটো কাৰো বুদ্ধিত উদয় নহয় যে সত্যযুগত ইমান ৰজা ক’ৰ পৰা আহিল। কলিযুগৰ অন্তত ইমান অনেক ধৰ্ম আছে, আকৌ সত্যযুগত এক ধৰ্ম, এক ৰাজ্য কেনেকৈ হ’ল? কিমান হীৰা মুকুতাৰ মহল আছে। ভাৰত এনেকুৱা আছিল যাক স্বৰ্গ বুলি কৈছিল। 5 হাজাৰ বছৰৰ কথা। লাখ লাখ বছৰৰ হিচাপ ক’ৰ পৰা আহিল। মনুষ্য কিমান বিবুদ্ধিত পৰি আছে। এতিয়া তেওঁলোকক কোনে বুজাব। তেওঁলোকে এইটো বুজে জানো যে আমি আসুৰিক ৰাজ্যত আছোঁ। এওঁলোকৰতো (দেৱতাসকলৰ) মহিমা সৰ্বগুণ সম্পন্ন…. হয়, এওঁলোকৰ 5 বিকাৰ নাই কিয়নো দেহী-অভিমানী হয় সেয়েহে পিতাই কয় মুখ্য কথা হ’ল স্মৃতিত থকাটো। 84 জন্ম লৈ লৈ তোমালোক পতিত হৈ গ’লা, এতিয়া আকৌ পৱিত্ৰ হ’ব লাগে। এয়া ড্ৰামাৰ চক্ৰ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞানৰ তৃতীয় নেত্ৰ ধাৰণ কৰি নিজৰ প্ৰতাৰক দুচকুক সভ্য কৰি তুলিব লাগে। স্মৃতিৰেই কৰ্মেন্দ্ৰিয় শীতল, সতোগুণী হ’ব সেইকাৰণে এইটোৱে পৰিশ্ৰম কৰিব লাগে।

(2) পেছাগত কাম-কাজ আদিৰ পৰা সময় উলিয়াই একান্তত গৈ স্মৃতিত বহিব লাগে। মোৰ যোগ কিয় নালাগে তাৰ কাৰণ কি চাব লাগে। নিজৰ খতিয়ান নিশ্চয় ৰাখিব লাগে।

বৰদান:
সহনশক্তিৰ দ্বাৰা অবিনাশী আৰু মধুৰ ফল প্ৰাপ্ত কৰোঁতা সকলোৰে স্নেহী হোৱা

সহন কৰা মানে মৰা নহয়, সকলোৰে অন্তৰত স্নেহেৰে জীয়াই থকাহে। যেনেকুৱাই বিৰোধী নহওঁক, ৰাৱণতকৈও চোকা হওঁক, এবাৰ নহয় 10 বাৰ সহন কৰিবলগীয়া হওঁক তথাপিও সহনশক্তিৰ ফল অবিনাশী আৰু মধুৰ। কেৱল এইটো ভাৱনা নাৰাখিবা যে মই ইমান সহন কৰিলোঁ গতিকে এৱোঁ কিবা এটা কৰক। অল্পকালৰ ফলৰ ভাৱনা নাৰাখিবা। দয়া ভাৱ ৰাখা - এয়াই সেৱা ভাৱ। সেৱা ভাৱধাৰীয়ে সকলোৰে দুৰ্বলতা সমাহিত কৰি লয়। তেওঁৰ বিৰুদ্ধাচৰণ নকৰে।

স্লোগান:
যি পাৰ হৈ গ’ল সেয়া পাহৰি যোৱা, হৈ যোৱা কথাৰ পৰা শিক্ষা লৈ আগলৈ সাৱধান হৈ থাকা।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

যেনেকৈ বাপদাদাৰ দয়া উপজে, তেনেকৈ তোমালোক সন্তানসকলেও মাষ্টৰ দয়াশীল হৈ নিজৰ মনৰ বৃত্তিৰে বায়ুমণ্ডলৰ দ্বাৰা আত্মাসকলক পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা শক্তিসমূহ দিয়া। যিহেতু অলপ সময়তে গোটেই বিশ্বৰ সেৱা সম্পন্ন কৰিব লাগে, তত্ত্বসহিত সকলোকে পাৱন কৰিব লাগে গতিকে মনেৰে তীব্ৰগতিত সেৱা কৰা, যোগৰ শক্তিসমূহ প্ৰয়োগ কৰা।