01.11.26    Avyakt Bapdada     Assame Murli     05.03.2012     Om Shanti     Madhuban


“*“এতিয়া চাৰিওফালে দুখ-অশান্তি বাঢ়ি গৈ আছে, সেইবাবে নিজৰ বিশ্ব-কল্যাণকাৰী স্বৰূপ প্ৰত্যক্ষ কৰা, মনৰ সেৱা বঢ়োৱা, পিতাৰ সংগৰ ৰঙেৰে ডবল হোলী হোৱা”*”


আজি বাপদাদাই প্ৰতিগৰাকী সন্তানৰ ভাগ্যৰ ৰেখাবোৰ চাই আছেহঁক। মস্তকত জিলিকি থকা তৰাৰ ৰেখা, নয়নত স্নেহ আৰু শক্তিৰ ৰেখা, ওঁঠত মিচিকিয়া হাঁহিৰ ৰেখা, ভৰিত খোজে প্ৰতি পদমৰ ৰেখা চাই আছে। তোমালোকেও নিজৰ ভাগ্যৰ ৰেখাবোৰ চাই হৰ্ষিত হোৱা নহয়! মনত এইটোৱেই গান গোৱা— বাঃ! মোৰ ভাগ্য! প্ৰত্যেকৰে মস্তক সেই দিব্য তৰাৰে জিলিকি থকা দেখি বাপদাদাও আনন্দিত হৈ আছে আৰু অন্তৰেৰে এইটোৱে গীত গাইছে— বাঃ! সন্তানসকল বাঃ! সন্তানসকলৰ অন্তৰৰ পৰা কি গীত শুনি আছে? বাঃ! বাবা বাঃ! তেন্তে সন্তানসকলো বাঃ! পিতাও বাঃ! তেন্তে এই গোটেই সভা কি হৈ গ’ল? বাঃ! বাঃ! বাঃ! গতিকে নিজৰ ভাগ্যক চাই সদায় এনেদৰেই হৰ্ষিত হৈ থাকা যেনেকৈ এতিয়া সকলো হৰ্ষিত হৈ আছা। এই ভাগ্য এতিয়া সংগমযুগতহে পোৱা যায়। সংগমযুগৰ প্ৰতিটো মুহূৰ্তৰ বহুত বেছি মূল্য আছে। সংগমযুগৰ এটা মুহূৰ্ত অবিনাশী হৈ যায়, কিয়নো প্ৰতিটো মুহূৰ্তৰ একৈশ জন্মৰ সৈতে সম্বন্ধ আছে। এতিয়াৰ এটা মুহূৰ্তৰ সম্বন্ধ একৈশ জন্মৰ সৈতে আছে। গতিকে পৰীক্ষা কৰি চোৱা, যদি এটা মুহূৰ্ত ব্যৰ্থত গ’ল, সেয়া এটা জন্মৰ কথা নহয়, একৈশ জন্মৰ সৈতে জৰিত কথা, সেইবাবে বাপদাদাই সন্তানসকলক সময়ে সময়ে মনোযোগ আকৰ্ষণ কৰাই আছে যে সংগমযুগৰ এটা মুহূৰ্তও, এটা সংকল্পও ব্যৰ্থত নেহেৰুৱাবা, কিয়নো, এটা জন্ম ব্যৰ্থত নেহেৰুৱালা, কিন্তু একৈশ জন্ম ব্যৰ্থত হেৰুৱালা। সংগমযুগৰ মহত্ব সকলো সময়ত স্মৃতিত ৰাখা।

বাপদাদাই ব্যৰ্থ সময় আৰু ব্যৰ্থ সংকল্পৰ গৃহকৰ্ম সকলোকে দিছিল। তেন্তে সকলোৱে গৃহকৰ্ম কৰিলানে? যিসকলে ভাবা আমাৰ মনোযোগ আছিল আৰু বহু ক্ষেত্ৰত সফলতাও প্ৰাপ্ত হ’ল, লক্ষ্য লক্ষণত দেখা গ’ল, তেওঁলোকে হাত দাঙা। বাৰু। পাণ্ডৱসকলে হাত দাঙিছানে? দীঘলকৈ হাত দাঙা। এতিয়া সকলোৱে কাম কৰা নাই। সংগমযুগৰ মহত্বৰ স্মৃতি যদি সদায় বুদ্ধিত ৰাখা যে অবিনাশী পিতাৰ দ্বাৰা এই কাৰ্য পোৱা গৈছে। প্ৰতিটো মুহূৰ্ত অবিনাশী হোৱাৰেই, কিয়নো অবিনাশী পিতাই এই বৰদান দিছে। গতিকে সহজেই হৈ যাব।

পিতাই শুনালে যে প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানৰ খোজে প্ৰতি পদমৰ ৰেখা আছে। ভাবি চোৱা, খোজে প্ৰতি পদমৰ ৰেখা, তেন্তে সংগমযুগত কিমান পদমৰ সোণালী সুযোগ আছে। প্ৰত্যেকে নিজৰ এই ভাগ্য স্মৃতিত ৰাখিব লাগে। বহুত সন্তানে ভাবে যে বাপদাদাই কি বিচাৰে? বাপদাদাই এইটোৱেই বিচাৰে যে এটি এটি সন্তান ডবল ৰজা হৈ যাওক। এতিয়া স্বৰাজ্য অধিকাৰী আৰু ভৱিষ্যতে বিশ্বৰাজ্য অধিকাৰী। কোনোটো সন্তানেই ডবল ৰজা হোৱাত কম নহওক। তেন্তে প্ৰতিগৰাকী সন্তান ডবল ৰাজ্য অধিকাৰী হোৱানে! কান্ধ লৰোৱা। তেন্তে প্ৰতিগৰাকী সন্তান ডবল ৰাজ্য অধিকাৰী! কান্ধ লৰোৱা। পিতা কিমান আনন্দিত হয়।

বাপদাদাই প্ৰতিগৰাকী সন্তানৰ ৰেকৰ্ড নিতৌ চায়, তেন্তে কি দেখিবলৈ পায়? প্ৰত্যেকে নিজৰ অন্তৰততো জানি গৈছা। ৰাজ্য অধিকাৰীতো হৈছা, কিন্তু এতিয়া যি স্বৰাজ্য অধিকাৰী, স্বৰাজ্য অধিকাৰী অৰ্থাৎ মন-বুদ্ধি সংস্কাৰক নিজৰ নিয়ন্ত্ৰণত চলাওঁতা। যেতিয়া বিচৰা যেনেকৈ বিচৰা তেনেকৈ অধিকাৰত থাকক। যেনেকৈ এই স্থূল কৰ্মেন্দ্ৰিয় হাত, ভৰি নিজৰ নিয়ন্ত্ৰণত থাকে, তেনেকৈ মন-বুদ্ধি-সংস্কাৰ যেতিয়া বিচৰা যেনেকৈ বিচৰা শাসন কৰাৰ শক্তি, নিয়ন্ত্ৰণ শক্তি থাকক। এতিয়া দেখাত ক্ৰমানুসৰি বহুত আছে। এইবোৰো (স্থূল কৰ্মেন্দ্ৰিয়) মোৰেই। মন মই নহয়, মোৰ। সংস্কাৰ মোৰ, বুদ্ধি মোৰ, কিন্তু নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি ক্ৰমানুসৰি আছে। বাপদাদাই সময়ৰ সূচনাও সময়ে সময়ে দি আহিছে, সেই সময় অনুসৰি তোমালোক প্ৰত্যেকৰে স্বমান হৈছে বিশ্ব কল্যাণকাৰী। এতিয়া সময় অনুসৰি প্ৰত্যেক সন্তানে বিশ্ব কল্যাণকাৰী স্বৰূপ প্ৰত্যক্ষ কৰাৰ সময়। চাৰিওফালে দুখ-অশান্তি বাঢ়ি গৈ আছে। তোমালোকৰ ভাই, তোমালোকৰ ভনী, পৰিয়াল দুখী হৈ আছে, তেন্তে তোমালোকৰ নিজৰ পৰিয়ালৰ প্ৰতি দয়া নাজাগে নেকি? এতিয়া বাপদাদাই এইটোৱেই ইংগিত দি আছে— স্ব-পুৰুষাৰ্থৰ লগতে বিশ্ব সেৱা, যেনেকৈ বাণীৰ সেৱা বৰ্তমান সময়ত বৰ ধুমধামেৰে কৰি আছা। বাপদাদা আনন্দিত হৈছে, এই 75 বছৰীয়া জয়ন্তীয়ে সকলোৰে মনত প্ৰধানকৈ সেৱাৰ উদ্দীপনা আনিছে। বাপদাদাই দেখি আনন্দিত হৈছে, কিন্তু এতিয়া মনৰ সেৱাৰো আৱশ্যকতা আছে, কিয়নো সকলো ফালৰ পৰা বিশ্ব কল্যাণকাৰী হ’ব লাগে, তাৰ ভিতৰত মন, বাণী আৰু কৰ্মৰে অৰ্থাৎ চলন আৰু চেহেৰাৰে তিনিওটা সেৱাৰেই এতিয়া আৱশ্যকতা আছে। নিতৌ পৰীক্ষা কৰা, তিনিওটা সেৱাত কিমান শতাংশ সেৱা কৰিলা? বাণীৰ ক্ষেত্ৰততো বাপদাদায়ো প্ৰমাণ-পত্ৰ দিলে, কিন্তু এতিয়া মনেৰে সূক্ষ্ম প্ৰকম্পনৰ দ্বাৰা আত্মাসকলৰ দুখ-অশান্তিৰ আলম্বন হ’ব লাগিব। তোমালোকৰ জানো দয়া নাজাগে? বাপদাদাৰতো সন্তানসকলৰ ওপৰত, লাগিলে যেনেকুৱাই নহওক কিয়, তথাপি সন্তানতো হয় নহয়, দয়া ওপজে। সেয়েহে এতিয়া প্ৰতিগৰাকী সন্তান কেৱল সেৱাকেন্দ্ৰ কল্যাণী নহয়, ক্ষেত্ৰ কল্যাণী নহয়, বিশ্ব কল্যাণী হ’ব লাগে। তেন্তে বাপদাদাই এতিয়া এইটোৱেই মনোযোগ আকৰ্ষণ কৰাই আছে— নিজৰ ভক্তসকলৰ কল্যাণকাৰী হোৱা, কিয়নো এই সংগমযুগৰ বহুত উচ্চ মহত্ব আছে। এতিয়া সংগমযুগত যি বিচৰা, যিমান বিচৰা সিমান পিতাৰ সহযোগ পাব পাৰা। তেন্তে শুনিলানে এতিয়া কি কৰিব লাগে? মনৰ সেৱা বঢ়োৱা। নিজৰ কাৰ্য অনুসৰি যেনেকৈ “ট্ৰেফিক কট্ৰোল”ৰ সময় নিৰ্ধাৰিত কৰা আছে, ঠিক তেনেকৈয়ে প্ৰত্যেকে মনৰ সেৱাৰো সময় নিৰ্ধাৰিত কৰা উচিত। যেতিয়া বেছি দুখ হ’ব, সেই সময়ত সকলোৰে মনোযোগ সেই অস্থিৰতাত থাকিব, কিন্তু এতিয়া মনৰ সেৱাৰ সময়, সেইবাবে প্ৰত্যেক সন্তানে নিজৰ বিশ্ব কল্যাণকাৰী স্বৰূপ জাগ্ৰত কৰিব লাগে। বিশ্ব কল্যাণত স্ব-কল্যাণ স্বতঃ আৰু সহজ হৈ যাব, কিয়নো যদি মন মুক্ত হৈ থাকে, তেতিয়া ব্যৰ্থ আহে, কিন্তু মন ব্যস্ত হ’লে ব্যৰ্থ সহজেই সমাপ্ত হৈ যাব। গতিকে বাপদাদাই যেতিয়া পৰিক্ৰমা লগাই চাৰিওফালে দেশ-বিদেশৰ অজ্ঞানী সন্তানসকলক দেখে, তেন্তে দয়া ওপজে, সেইবাবে তোমালোক সকলোৱেও এতিয়া দুখ হৰ্তা, সুখ কৰ্তা হোৱা।

চোৱা, জগতৰ লোকৰ হোলী আৰু তোমালোকৰ হোলীত কিমান অন্তৰ আছে! বাপদাদাই আগতেও কৈছে যে তোমালোকৰ ভক্তসকলে তোমালোকে কৰা কাৰ্য্য নকল কৰাত পাকৈত, কিয়নো এই সকলোবোৰ বিধি দ্বাপৰত অহা আত্মাসকলে ৰচিছে। প্ৰথম জন্ম আছিল নহয়, সেইবাবে তেওঁলোকৰ বুদ্ধিও যি নিয়ম আছে, প্ৰথমে সতোপ্ৰধান, তাৰপাছত ৰজো, তমোত আহে, গতিকে সেই সময়ত তেওঁলোকৰ বুদ্ধি নিজৰ হিচাপততো সতো আছিল, সেইবাবে তোমালোকৰ এটি এটি বিশেষত্বক, তোমালোকে সদায় উৎসাহত, আনন্দত থাকা, সেয়া উৎসৱৰ ৰূপত পালন কৰিবলৈ আৰম্ভ কৰিছে। যেনেকৈ শিৱৰাত্ৰিৰ ক্ষেত্ৰতো ক’লো নহয়, নকল কৰাত কিমান পাকৈত। এতিয়া সংগমত তোমালোক সদায় উৎসাহত থাকা, গতিকে তোমালোকৰ উৎসাহক তেওঁলোকে উৎসৱৰ ৰূপত স্মাৰক ৰচিছে। তেন্তে হোলীত কি কৰে? তোমালোকেও নিজৰ জীৱন ৰঙীন কৰিছা, কিন্তু তোমালোকৰ ৰং কোনটো? তোমালোক সকলোৰে ৰং হৈছে পিতাৰ সংগৰ ৰং। তেন্তে সকলো সময়ত পিতাৰ সংগৰ ৰঙতে থাকা নহয়! গতিকে তেওঁলোকেও ৰঙতো তৈয়াৰ কৰিলে, কিন্তু দেহবোধ আছে নহয়! সেয়ে স্থূল ৰং তৈয়াৰ কৰি দিলে। কিন্তু তোমালোক সকলোৱে সদায় এই কল্যাণকাৰী সংগমত এই ৰঙত, সংগৰ ৰঙত থাকা নহয়! ৰং লগালা নহয়? সংগৰ ৰং লাগি গ’ল আৰু ইংৰাজীত হোলী বুলি পৱিত্ৰতাক কোৱা হয়। তেন্তে সংগৰ ৰঙত তোমালোক হোলী অৰ্থাৎ পৱিত্ৰ হোৱা। পৱিত্ৰ হৈছা নহয়! পৱিত্ৰতাৰ ব্ৰত সকলোৱে দৃঢ়তাৰে লৈছা নহয়? ক্ৰমানুসৰি যদিও হোৱা, কিন্তু ব্ৰাহ্মণ হোৱা অৰ্থাৎ পৱিত্ৰতাৰ ব্ৰত লোৱা, কিয়নো পিতা সদায় পৱিত্ৰ। হয়েই পৱিত্ৰ স্বৰূপ। হ’বলগীয়া নহয়। স্বৰূপেই পৱিত্ৰতা। তেন্তে হোলীৰ বিশেষত্ব কি জানানে? পৱিত্ৰতো তোমালোক হোৱা, কিন্তু তোমালোক সংগৰ ৰঙত ডবল পৱিত্ৰ হোৱা। পৱিত্ৰ ধৰ্মপিতা, মহান আত্মাসকল হয়, কিন্তু তেওঁলোকে কেৱল আত্মাকহে পৱিত্ৰ কৰে। শৰীৰ আৰু আত্মা দুয়োটাই পৱিত্ৰ, সেয়া তোমালোক ভৱিষ্যতে হোৱা। আৰম্ভণিৰ পৰা চোৱা, দ্বাপৰৰ পৰা যিয়েই আহিছে, পৱিত্ৰ হৈছে, কিন্তু ডবল পৱিত্ৰ কোনো হোৱা নাই। শৰীৰো পৱিত্ৰ, আত্মাও পৱিত্ৰ। তোমালোক যেতিয়া ভৱিষ্যতে ৰাজ্য অধিকাৰী হ’বা, তেতিয়া আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ হ’ব। গোটেই চক্ৰ পৰিক্ৰমা লগোৱা। দ্বাপৰৰ পৰা আহিছে, দ্বাপৰৰ পৰা এতিয়ালৈকে চোৱা, কোনোবা ডবল পৱিত্ৰ হৈছেনে! তেন্তে তোমালোক ডবল পৱিত্ৰ, ইমান মহান হৈছানে? কিয়নো তোমালোকৰ কোনটো ৰং লাগিছে? পৰমাত্মাৰ সংগৰ ৰং লাগিছে। গতিকে যেনেকৈ পৰম আত্মা পৱিত্ৰ, তেনেকৈ তোমালোকো একৈশ জন্ম ডবল পৱিত্ৰ হৈ থাকা। ধৰ্মপিতাও আহিল কিন্তু তেওঁলোকো ডবল পৱিত্ৰ নহয়। তোমালোকৰ ভাগ্য, কিয়নো তোমালোক থাকাই পৰমাত্মাৰ সংগত। সংগৰ ৰং ইমান গাঢ় হৈ থাকে যে ডবল পৱিত্ৰ হৈ যোৱা। আৰু হোলীৰ দ্বিতীয় অৰ্থ হৈছে— হৈ গ’ল। যি হৈ গ’ল, সেয়া অতীত হ’ল। হো লী। তেন্তে হো লী কৰিব জানানে? যি হৈ গ’ল সেয়া অতীত হ’ল। হো লী শব্দৰ অৰ্থ কি ওলায়? যি হৈ গ’ল সেয়া অতীত হ’ল। ইয়াৰ দ্বাৰা তোমালোক একৈশ জন্ম ডবল হোলী হৈ থাকা। এটা জন্ম নহয়, কিয়নো সংগমৰ এটি এটি ছেকেণ্ডৰ সংযোগ একৈশ জন্মৰ সৈতে আছে। ইয়াত তোমালোকে যদি এটা ছেকেণ্ড বা এটা মিনিট সফল কৰা, তেন্তে একৈশ জন্ম তোমালোকৰ সফল হৈ থাকিব, প্ৰতিশ্ৰুতি আছে। তেন্তে এনেকুৱা হোলী উদ্‌যাপন কৰিলানে? হোলী কৰিব জানানে? যি গ’ল সেয়া অতীত হ’ল, হো লী। আৰু তৃতীয় ৰূপৰেখা কি কৰে? প্ৰথমে জ্বলায়, তাৰ পাছত পালন কৰে। তেন্তে তোমালোকে কি কৰিলা? যোগ অগ্নিৰে নিজৰ দুৰ্বলতাবোৰক, সংস্কাৰবোৰক, যি অনেক জন্মৰ ওলোটা সংস্কাৰ আছে, সেয়া যোগ অগ্নিৰে জ্বলাইছা নহয়! জ্বলালা নে এতিয়াও জ্বলাই আছা? জ্বলালানে? যিসকলে ভাবা যে আমি যোগ অগ্নিৰে আমাৰ আগৰ সংস্কাৰ জ্বলাই দিছো, জ্বলি গ’ল, তেওঁলোকে হাত দাঙা। জ্বলি গ’ল নে এতিয়াও আহে? অলপ অলপ আহে নেকি? বাপদাদাৰ ওচৰলৈ যেতিয়া নিজৰ খতিয়ান পঠিয়ায়, তেতিয়া কয়— বেছিখিনিতো গুচি গ’ল, কোৱাত চতুৰ হয় নহয়! সেয়ে কয়— বেছিখিনিতো সমাপ্ত হৈ গ’ল, কেতিয়াবা অলপ জাগ্ৰত হৈ যায়। কিন্তু জ্বলাই দিলা মানে জ্বলাই দিলা। জ্বলোৱাৰ পাছত নাম-চিহ্নই নাথাকে। মৰাৰ পিছত শৰীৰৰ স্মাৰকতো দেখা পোৱা যায়, কিন্তু জ্বলাৰ পাছত সমাপ্ত হৈ যায়। যেনেকৈ ৰাৱণকো চোৱা, কেৱল মাৰা নাই, জ্বলাইও দিলে, একেবাৰে নাম-চিহ্ন শেষ। সেয়ে তোমালোক সকলোৱেও নিজেই টুকি ৰাখা— সংস্কাৰবোৰক মাৰিলা নে জ্বলাইছা? ভস্ম কৰিছানে? পুৰণি সংস্কাৰক যদি জ্বলোৱা নাই, তেন্তে মাজে মাজে জাগ্ৰত হৈ যায়। কিন্তু ভক্তসকলে সকলো নকল কৰিছে। তোমালোকে জ্বলোৱা, তেওঁলোকেও জ্বলায়, তাৰ পাছত পালন কৰে। নজ্বলোৱাকৈ পালন নকৰে। তেন্তে তোমালোকেতো সংস্কাৰবোৰ জ্বলাই হোলী হৈ গ’লা। কোনোবা হৈ আছা, কোনোবা হৈ গৈছা। তেন্তে তোমালোকে হোলী উদ্‌যাপন কৰিলানে? পিতাৰ সংগৰ ৰঙৰ। এতিয়া সংগত বহি আছা নহয়, তেন্তে সংগৰ ৰঙৰ হোলী উদ্‌যাপন কৰিলা নহয়! উদ্‌যাপন কৰিলানে? হাত দাঙা। উদ্‌যাপন কৰিলা। হোলী উদ্‌যাপন কৰা অৰ্থাৎ হোলী হোৱা, পৱিত্ৰ হোৱা। যেনেকুৱা পিতা, তেনেকুৱা সন্তান। ধৰি লোৱা তোমালোকৰ কোনো সংস্কাৰ যিটো জ্বলা নাই, জাগ্ৰত হৈ যায়, তেতিয়া ভাল লাগেনে? সংকল্প উদয় হয় নহয় যে এতিয়া তীব্ৰ পুৰুষাৰ্থৰে ইয়াক জ্বলাবই লাগিব। কেৱল মাৰিব নালাগে, কি হয়, কোনো কোনোৱে সংস্কাৰক মাৰিছে, মৰাজনৰ কেতিয়াবা আকৌ প্ৰাণ আহি যায়। যদি জ্বলাই দিয়া, তেন্তে আকৌ কেতিয়াও নাহিব।

তেন্তে আজি জ্বলাব লাগে নে মাৰিলা সেয়াই ঠিক? জ্বলোৱাৰ শক্তি আছেনে? আছেনে শক্তি? সংকল্প কৰিব পাৰানে? অনেকে কয়, বাপদাদাৰ সৈতে আত্মিক বাৰ্তালাপ কৰে নহয়। বৰ মিঠা মিঠা বাৰ্তালাপ কৰে, কয়— বাবা মইতো বহুত চেষ্টা কৰিলো, আকৌ আহি যায়। নিবিচাৰো কিন্তু আহি যায়। কাৰণ জানানে? জ্বলোৱা, বাপদাদাই দেখে, পুৰুষাৰ্থ বহুত কৰে, কিন্তু পুৰুষাৰ্থৰ লগতে দৃঢ় সংকল্পৰ আৱশ্যকতা আছে। দৃঢ়তা সফলতাৰ চাবি। যি দৃঢ় সংকল্প কৰা হয়, দৃঢ়ৰ অৰ্থই হৈছে আকৌ ঘূৰি নাহিব। তাৰ পাছত বহুত মিঠা মিঠা বাৰ্তালাপ কৰে। যেতিয়া আকৌ আহি যায় তেতিয়া কি কয়? আত্মিক বাৰ্তালাপতো সকলোৱে কৰে নহয়! বহুত মিঠা আত্মিক বাৰ্তালাপ কৰে, কয়— নিবিচাৰো, আহি যায়। তেন্তে শক্তি কম আছে নহয়! দৃঢ়তা কম আছে নহয়! দৃঢ় সংকল্পধাৰী হোৱা। কৰিবই লাগিব। আৰু সেই দৃঢ় সংকল্প নিতৌ পৰীক্ষা কৰা, কি কাৰণত আকৌ দৃঢ়তাত দুৰ্বলতা আহিল? আৰু সেই পৰিস্থিতিৰ ওপৰত বিশেষ মনোযোগ দি থাকা যে এয়া যাতে আকৌ নাহে। মাষ্টৰ সৰ্বশক্তিমানৰ আসনত বহি সেই সংকল্প, সংস্কাৰ সমাপ্ত কৰা। বহুত সন্তানে কয় যে আমি বহুবাৰ অনুভৱ কৰো যে কেতিয়াবা কেতিয়াবা যেতিয়া কোনো শক্তি বিচাৰোঁ, তেতিয়া সেই সময়ত সেইটো শক্তি নাহে। এনেয়ে শক্তি আছে, কিন্তু সময়ত কেতিয়াবা শক্তি জাগ্ৰত কৰিলে, তেতিয়া নাহে। হয় মাষ্টৰ সৰ্বশক্তিমান। তোমালোকৰ উপাধি কি? মাষ্টৰ সৰ্বশক্তিমান আৰু কি বুলি কয়? শক্তি সময়ত নাহে। কাৰণ কি? নিজৰ মাষ্টৰ সৰ্বশক্তিমানৰ আসনত স্থিৰ নহয়। এতিয়া কাৰ্যালয়লৈও যোৱা, যিজন কৰোঁতা ব্যক্তিৰ কৰ্তৃত্ব থাকিব, তেওঁ আদেশ দিলে মানে নহয়। এনেকৈ আন কোনোৱে ক’লে মানিব জানো? গতিকে তোমালোকৰ আসন হৈছে মাষ্টৰ সৰ্বশক্তিমান। সেই আসনত স্থিৰ নহ’লে, তেন্তে আৱাহন কৰিলেও শক্তি সময়ত নাহে। ইয়াৰ বাবে বাপদাদাই বাৰে বাৰে কৈছে— নিজৰ মন ব্যস্ত কৰি ৰাখা। কেতিয়াবা কোনোবাটো শক্তি গোটেই দিনটো জাগ্ৰত কৰি ৰাখা, কেতিয়াবা আন কোনোবাটো শক্তি জাগ্ৰত কৰি চোৱা যে তাৰ শক্তি কি? এনেদৰে অনুভৱ কৰি থাকিবা, নিজৰ আসনত স্থিৰ হৈ থাকিবা, তেতিয়া শক্তি তোমালোকৰ আগত সদায় হাজিৰ হ’ব। তোমালোকৰ শক্তি নহয় জানো! তেন্তে হোলী উদ্‌যাপন কৰিলানে? তোমালোকেতো সদায় হোলী উদ্‌যাপন কৰিয়েই থাকা। সদায় পিতাৰ সংগৰ ৰং লগায়েই থাকা? ৰঙত ৰঙীন হৈ আছা নহয়? বাৰু।

আজি বাপদাদাই প্ৰত্যেক সন্তানক এটা স্বমান দিছে— প্ৰতিগৰাকী সন্তান দৃঢ় সংকল্পধাৰী বিশেষ আত্মা হোৱা। সংকল্প কৰিলা আৰু হৈ গ’ল, ইয়াক কোৱা হয় দৃঢ় সংকল্প। কয় যে দৃঢ় সংকল্প কৰিলো, কিন্তু দৃঢ়তা মানেই সফলতা। যদি সফলতা নাই, তেন্তে দৃঢ়তা বুলি কোৱা নহ’ব। গতিকে এতিয়া দৃঢ়তা সম্পন্ন হোৱা! নিজৰ এইটো বিশেষ স্বমান নিতৌ অমৃতবেলা স্মৃতিলৈ আনা আৰু সেই বিধি অনুসৰি আগবাঢ়া। সংগমযুগৰ সময় বৰ মৰমৰ, এটা ছেকেণ্ড নহয়, এটা ছেকেণ্ড এটা বছৰৰ প্ৰাপ্তিৰ সমান, সেইবাবে বাপদাদাই কৈয়েই থাকে— এটা ছেকেণ্ডো যাতে ব্যৰ্থত নাযায়। এটা সংকল্পও যাতে ব্যৰ্থত নাযায়। সমৰ্থ হোৱা আৰু সমৰ্থ কৰি তোলা। ঠিক আছে নহয়! ভাল বাৰু।

চাৰিওফালৰ পৱিত্ৰতম সন্তানসকলক, যিসকলে প্ৰতিটো খোজত “মোৰ বাবা, মোৰ বাবা” বুলি কৈ উৰি আছে আৰু সদায় নিজৰ তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা আগবাঢ়ি গৈ আছে আৰু অন্যকো আগবঢ়াই নি আছে, এনেকুৱা বাপদাদাৰ অন্তৰৰ নূৰ ৰত্নসকলক বাপদাদাই বহুত বহুত বহুত বহুত অন্তৰৰ মৰম দি আছে। লগতে হোলীৰ অভিনন্দনো জনাই আছে, কিয়নো বাস্তৱত তোমালোকেই হোলী হোৱা অন্য কোনো ডবল হোলীতো নহয়। তোমালোকেই ডবল হোলী হোৱা, সেইবাবে পদমগুণ অভিনন্দন, অভিনন্দন।

বৰদান:
নিজৰ প্ৰতি বাপদাদাক উছৰ্গিত কৰাওঁতা ত্যাগমূৰ্ত, নিশ্চয়বুদ্ধিৰ হোৱা

“পিতাক পালোঁ সকলো পালোঁ” এইটো নিচাত সকলো ত্যাগ কৰোঁতা জ্ঞান স্বৰূপ, নিশ্চয়বুদ্ধিৰ সন্তানে পিতাৰ দ্বাৰা যেতিয়া আনন্দ, শান্তি, শক্তি বা সুখৰ অনুভূতি কৰে, তেতিয়া লোক-লাজলৈ ভ্ৰূক্ষেপ নকৰি, সদায় আগুৱাই গৈ থাকে। তেওঁলোকৰ বাবে জগতৰ সকলো তুচ্ছ, অসাৰ যেন অনুভৱ হয়। এনেকুৱা ত্যাগ মূৰ্ত, নিশ্চয়বুদ্ধিৰ সন্তানৰ প্ৰতি বাপদাদা নিজৰ সৰ্ব সম্পত্তি সহিত উছৰ্গিত হৈ যায়। যেনেকৈ সন্তানে সংকল্প কৰে— বাবা মই আপোনাৰ, তেতিয়া বাবায়ো কয় যে যি পিতাৰ সেয়া তোমাৰ।

স্লোগান:
সহজযোগী তেৱেঁই যিয়ে নিজৰ প্ৰতিটো সংকল্প বা কৰ্মৰ দ্বাৰা পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পাই দিয়ে।

অব্যক্ত সংকেত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

তোমালোক সকলো ব্ৰাহ্মণ আত্মাই জন্ম লওঁতেই এইটো ব্ৰত লৈছা যে মই পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হ’ব লাগে। যেনেকৈ সকলোৱে ‘সদাপ্ৰস্তুত’ শব্দটি কোৱা, তেনেকৈ সম্পন্ন আৰু সম্পূৰ্ণ হোৱাত সদাপ্ৰস্তুত হোৱা, ইয়াত যাতে অমনোযোগিতা নাহে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]