01.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“নিতৌ বিচাৰ সাগৰ মন্থন কৰা তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব, চলোঁতে-ফুৰোঁতে যাতে
এইটো স্মৃতি থাকে যে মই স্বদৰ্শন চক্ৰধাৰী”
প্ৰশ্ন:
নিজৰ উন্নতি
কৰাৰ সহজ সাধন কি?
উত্তৰ:
নিজৰ উন্নতিৰ বাবে নিতৌ খতিয়ান ৰাখা। পৰীক্ষা কৰা – আজি গোটেই দিনটোত কোনো আসুৰিক
কামতো নকৰিলোঁ? যেনেকৈ বিদ্যাৰ্থীয়ে নিজৰ ৰেজিষ্টাৰ ৰাখে, তেনেকৈ তোমালোক
সন্তানসকলেও দৈৱীগুণৰ ৰেজিষ্টাৰ ৰাখিবা তেতিয়া উন্নতি হৈ থাকিব।
গীত:
দূৰ দেশ কা
ৰহনেৱালা…… (দূৰণিৰ দেশৰ নিবাসী……)
ওঁম্শান্তি।
সন্তানসকলে
জানে দূৰণিৰ দেশ বুলি কাক কোৱা হয়। জগতত এজনো মনুষ্যই নাজানে। লাগিলে যিমানেই ডাঙৰ
বিদ্বান নহওঁক, পণ্ডিত নহওঁক ইয়াৰ অৰ্থ বুজি নাপায়। তোমালোক সন্তানসকলে বুজি পোৱা।
পিতা, যিজনক সকলো মনুষ্য মাত্ৰেই স্মৰণ কৰে যে হে ভগৱান….. তেওঁ নিশ্চয় ওপৰত
মূললোকত আছে, অন্য কোনেও এইটো নাজানে। এই ড্ৰামাৰ ৰহস্যও এতিয়া তোমালোক সন্তানসকলে
বুজি পোৱা। আৰম্ভণিৰ পৰা এতিয়ালৈকে যি হ’ল, যি হ’বলগীয়া আছে, সকলোবোৰ বুদ্ধিত আছে।
এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, সেইটো বুদ্ধিত থাকিব লাগে নহয়। তোমালোক সন্তানসকলৰ
মাজতো ক্ৰমানুসৰি বুজি পায়। বিচাৰ সাগৰ মন্থন নকৰে সেইকাৰণে আনন্দৰ পাৰাও উৰ্দ্ধগামী
নহয়। উঠোঁতে-বহোঁতে বুদ্ধিত থাকিব লাগে যে আমি স্বদৰ্শন চক্ৰধাৰী। মই আত্মাই আদিৰ
পৰা অন্তলৈকে গোটেই সৃষ্টি চক্ৰৰ বিষয়ে গম পাওঁ। যদিও তোমালোক ইয়াত বহি আছা,
বুদ্ধিত মূললোকৰ স্মৃতি আহে। সেয়া হৈছে মৰমৰ শান্তিৰ ঘৰ, নিৰ্বাণধাম, শান্তি ধাম,
য’ত আত্মাসকল থাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত তৎক্ষণাৎ আহি যায়, অন্য কোনেও নাজানে।
লাগিলে যিমানেই শাস্ত্ৰ আদি পঢ়ি-শুনি নাথাকক, লাভ একোৱেই নাই। সেই সকলোবোৰ হয়
অৱৰোহণ কলাত। তোমালোকে এতিয়া আৰোহণ কৰি আছা। উভতি যাবলৈ নিজেই প্ৰস্তুতি চলাই আছা।
এই পুৰণা কাপোৰ ত্যাগ কৰি আমি ঘৰলৈ যাব লাগে। আনন্দিত হৈ থাকা নহয়! ঘৰলৈ যাবলৈ
আধাকল্প ভক্তি কৰিছা। ছিৰি তললৈ নামিহে গ’লা। এতিয়া বাবাই আমাক সহজকৈ বুজায়।
তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত। বাবা ভগৱানে আমাক পঢ়ায় - এইটো আনন্দ
বহুত থকা উচিত। পিতাই সন্মুখত পঢ়াই আছে। পিতা যিজন সকলোৰে পিতা, তেওঁ আমাক পুনৰাই
পঢ়াই আছে। অনেক বাৰ পঢ়াইছে। তোমালোকে যেতিয়া চক্ৰ পৰিক্ৰমা লগাই পূৰা কৰা তেতিয়া
পিতা পুনৰ আহে। এই সময়ত তোমালোক হৈছা স্বদৰ্শন চক্ৰধাৰী। তোমালোক বিষ্ণু পুৰীৰ দেৱতা
হ’বলৈ পুৰুষাৰ্থ কৰি আছা। জগতত অন্য কোনেও এই জ্ঞান দিব নোৱাৰে। শিৱবাবাই আমাক পঢ়াই
আছে, এইটো আনন্দ কিমান থকা উচিত। সন্তানসকলে জানে এই শাস্ত্ৰ আদি সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ, এইবোৰ সৎগতিৰ বাবে নহয়। ভক্তিমাৰ্গৰ সামগ্ৰীও লাগে নহয়। অনেক সামগ্ৰী
আছে। পিতাই কয় - ইয়াৰ দ্বাৰা তোমালোক অৱনমিত হৈ আহিছা। কিমান দুৱাৰে দুৱাৰে হাবাথুৰি
খায়। এতিয়া তোমালোক শান্ত হৈ বহি আছা। তোমালোকৰ হাবাথুৰি খোৱা সকলো বন্ধ হৈ গ’ল।
এইটো জানা যে বাকী অলপ সময় আছে, আত্মাক পৱিত্ৰ কৰি তুলিবলৈ পিতাই সেইটো মাৰ্গেই
দেখুৱাই আছে। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ
যাবা পুনৰ সতোপ্ৰধান সৃষ্টিত আহি ৰাজত্ব কৰিবা। এইটো মাৰ্গ কল্পই কল্পই অনেক বাৰ
পিতাই দেখুৱাইছে। আকৌ নিজৰ অৱস্থাও চাব লাগে, বিদ্যাৰ্থীয়ে পুৰুষাৰ্থ কৰি নিজক
বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে নহয়। পঢ়াৰো ৰেজিষ্টাৰ থাকে আৰু চাল-চলনৰো ৰেজিষ্টাৰ
থাকে। তোমালোকেও ইয়াত দৈৱীগুণ ধাৰণ কৰিব লাগে। নিতৌ নিজৰ খতিয়ান ৰাখিলে বহুত উন্নতি
হ’ব - আজি গোটেই দিনটোত কোনো আসুৰিক কামতো নকৰিলোঁ? আমিতো দেৱতা হ’ব লাগে।
লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সন্মুখত ৰাখি থোৱা আছে। কিমান সৰল চিত্ৰ। ওপৰত শিৱবাবা আছে।
প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা এই উত্তৰাধিকাৰ দিয়ে তেন্তে নিশ্চয় সংগমত
ব্ৰাহ্মণ-ব্ৰাহ্মণী থাকিব নহয়। দেৱতাসকল থাকে সত্যযুগত। ব্ৰাহ্মণসকল থাকে সংগমত।
কলিযুগত থাকে শূদ্ৰ বৰ্ণৰ সকল। বিৰাট ৰূপো বুদ্ধিত ধাৰণ কৰা। এতিয়া আমি ব্ৰাহ্মণ
টিকনি (আটাইতকৈ উচ্চ), পুনৰ দেৱতা হ’মগৈ। পিতাই দেৱতা কৰি তুলিবলৈ ব্ৰাহ্মণসকলক
পঢ়াই আছে। গতিকে দৈৱীগুণো ধাৰণ কৰিব লাগে, ইমান অমায়িক হ’ব লাগে। কাকোৱেই দুখ দিব
নালাগে। যেনেকৈ শৰীৰ নিৰ্বাহৰ কাৰণে কিবা নহয় কিবা কাম কৰা হয়, তেনেকৈ ইয়াতো যজ্ঞৰ
সেৱা কৰিব লাগে। কাৰোবাৰ বেমাৰ হ’লে, সেৱা নকৰিলে তেতিয়া অন্যই তেওঁৰ সেৱা কৰিবলগীয়া
হয়। ধৰি লোৱা কাৰোবাৰ বেমাৰ হ’ল, শৰীৰ ত্যাগ কৰি দিয়ে, তোমালোক দুখী হোৱাৰ বা
কন্দাৰ কোনো কাৰণ নাই। তোমালোকেতো একেবাৰে শান্তিত বাবাৰ স্মৃতিত থাকিব লাগে। কোনো
আৱাজ কৰিব নালাগে। তেওঁলোকেতো শ্মশানলৈ লৈ গ’লে তেতিয়া আৱাজ কৰি যায় “ৰাম নাম সংগী”।
তোমালোকে একো কৰিব নালাগে। তোমালোক শান্তিৰে বিশ্বত জয় লাভ কৰা। তেওঁলোকৰ হৈছে
বিজ্ঞান, তোমালোকৰ হৈছে শান্তি।
তোমালোক সন্তানসকলে
জ্ঞান আৰু বিজ্ঞানৰো যথাৰ্থ অৰ্থ জানা। জ্ঞান হৈছে বোধ আৰু বিজ্ঞান হৈছে সকলো পাহৰি
যোৱা, জ্ঞানৰো উৰ্দ্ধত। গতিকে জ্ঞানো আছে, বিজ্ঞানো আছে। আত্মাই জানে আমি
শান্তিধামৰ নিবাসী আকৌ জ্ঞানো আছে। ‘ৰূপ’ (যোগী, জ্ঞান স্বৰূপ) আৰু ‘বসন্ত’ (জ্ঞানৰ
বৰ্ষা কৰা)। বাবাও ‘ৰূপ’-‘বসন্ত’ হয় নহয়। ৰূপো আছে আৰু তেওঁৰ গোটেই সৃষ্টি চক্ৰৰ
জ্ঞানো আছে। তেওঁলোকে “বিজ্ঞান ভৱন” নাম ৰাখিছে। অৰ্থ একোৱেই বুজি নাপায়। তোমালোক
সন্তাসকলে বুজি পোৱা এই সময়ত বিজ্ঞানৰ পৰা দুখো হয় আৰু সুখো হয়। তাত সুখেই সুখ।
ইয়াত হৈছে অল্পকালৰ সুখ। বাকীতো দুখেই দুখ। ঘৰত মনুষ্য কিমান দুখী হৈ থাকে। এনেকৈ
ভাবে যে মৰিলেই এই দুখৰ সৃষ্টিৰ পৰা মুক্ত হ’ম। তোমালোক সন্তানসকলেতো জানা আমাক
স্বৰ্গবাসী কৰি তুলিবলৈ বাবাৰ আগমন হৈছে। কিমান গদগদ (আনন্দত বিহ্বল) হ’ব লাগে।
কল্পই কল্পই বাবাই আমাক স্বৰ্গবাসী কৰি তুলিবলৈ আহে। গতিকে এনেহেন পিতাৰ মতত চলিব
লাগে নহয়।
পিতাই কয় – মৰমৰ
সন্তানসকল, কেতিয়াও কাকো দুখ নিদিবা। গৃহস্থালিত থাকি পৱিত্ৰ হোৱা। আমি ভাই-ভনী হওঁ,
এয়া হৈছে মৰমৰ সম্বন্ধ। অন্য কোনো দৃষ্টি যাব নোৱাৰে। প্ৰত্যেকৰে বেমাৰ নিজা নিজা,
সেই অনুসৰি ৰায়ো দি থাকে। সোধে বাবা এনেকুৱা এনেকুৱা অৱস্থা হয়, এইটো অৱস্থাত কি কৰোঁ?
বাবাই বুজায় - ভাই-ভনীৰ দৃষ্টি বেয়া হ’ব নালাগে। কোনো কাজিয়া আদি যাতে নহয়। মইতো
তোমালোক আত্মাসকলৰ পিতা হওঁ, নহয় জানো। শিৱবাবাই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কৈ আছে।
প্ৰজাপিতা ব্ৰহ্মা শিৱবাবাৰ সন্তান হ’ল, সাধাৰণ শৰীৰতে আহে। বিষ্ণুতো হৈছে সত্যযুগৰ।
পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি নতুন সৃষ্টি ৰচিবলৈ আহিছোঁ। বাবাই সোধে -
তোমালোক বিশ্বৰ মহাৰজা-মহাৰাণী হ’বানে? হয় বাবা, কিয় নহ’ম। হয়, এই ক্ষেত্ৰত পৱিত্ৰ
হৈ থাকিব লাগিব। এইটোতো কঠিন। হেৰ’, তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ, তোমালোক
পৱিত্ৰ হৈ থাকিব নোৱাৰানে? লাজ নালাগেনে? লৌকিক পিতায়ো বুজায় নহয় - লেতেৰা কাম
নকৰিবা। এই বিকাৰৰ বাবেই বিঘিনি আহে। আৰম্ভণিৰ পৰা ইয়াক কেন্দ্ৰ কৰিয়ে বিবাদ চলি
আহিছে। পিতাই কয় - মৰমৰ সন্তানসকল, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মই আহিছোঁ
পৱিত্ৰ কৰি তুলিবলৈ। তোমালোক সন্তানসকলে শুদ্ধ-অশুদ্ধ, ভাল-বেয়া বিচাৰ কৰাৰ বুদ্ধি
পাইছা। এই লক্ষ্মী-নাৰায়ণ হৈছে লক্ষ্য-উদ্দেশ্য। স্বৰ্গবাসীসকলৰ দৈৱীগুণ আছে,
নৰকবাসীসকলৰ অৱগুণ আছে। এতিয়া হৈছে ৰাৱণৰ ৰাজ্য, এইটোও কোনেও বুজি নাপায়। ৰাৱণক
প্ৰতি বছৰে দাহ কৰে। শত্ৰু হয় নহয়। দাহ কৰিয়ে আহি থাকে। বুজি নাপায় যে এওঁ কোন? আমি
সকলো ৰাৱণৰ ৰাজ্যৰ নহওঁ জানো, তেন্তে নিশ্চয় আমি অসুৰ হ’লোঁ। কিন্তু নিজক কোনেও
অসুৰ বুলি নাভাবে। বহুতে কয়ো যে এয়া ৰাক্ষসৰ ৰাজ্য। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা
প্ৰজা। কিন্তু ইমানখিনিও বোধ নাই। পিতাই বহি বুজায় – ৰামৰাজ্য বেলেগ, ৰাৱণৰাজ্য
বেলেগ। এতিয়া তোমালোক সৰ্বগুণ সম্পন্ন হৈ আছা। পিতাই কয় - মোৰ ভক্তসকলক জ্ঞান শুনোৱা,
যিসকলে মন্দিৰলৈ গৈ দেৱতাসকলৰ পূজা কৰে। বাকী এনেকুৱা লোকসকলৰ বাবে মগজ খটুৱাব
নালাগে। মন্দিৰত তোমালোকে অনেক ভক্ত পাবা। নাড়ীও চাব লাগে। চিকিৎসকে চায়েই তৎক্ষণাৎ
কৈ দিব পাৰে যে এওঁৰ কি বেমাৰ হৈছে। দিল্লীত এজন আজমলখাঁ নামৰ বৈদ্য প্ৰসিদ্ধ আছিল।
পিতাইতো তোমালোকক 21 জন্মৰ কাৰণে সৰ্বদা স্বাস্থ্যৱান, সম্পত্তিৱান কৰি তোলে। ইয়াততো
হয়েই সকলো ৰোগী, অসুস্থ। তাততো কেতিয়াও ৰোগ নহয়। তোমালোক সৰ্বদা স্থাস্থ্যৱান,
সৰ্বদা সম্পত্তিৱান হোৱাগৈ। তোমালোকে নিজৰ যোগবলেৰে কৰ্মেন্দ্ৰিয়ৰ ওপৰত বিজয়
প্ৰাপ্ত কৰি লোৱা। তোমালোকক এই কৰ্মেন্দ্ৰিয়ই কেতিয়াও প্ৰবঞ্চনা কৰিব নোৱাৰে। বাবাই
বুজাইছে যে স্মৃতিত ভালদৰে থাকা, দেহী-অভিমানী হৈ থাকা তেতিয়া কৰ্মেন্দ্ৰিয়ই
প্ৰবঞ্চনা নকৰিব। ইয়াতেই তোমালোকে বিকাৰৰ ওপৰত জয় লাভ কৰা। তাত কুদৃষ্টি নাথাকে।
ৰাৱণৰাজ্যই নাই। সেয়া হয়েই অহিংসক দেৱী-দেৱতাৰ ধৰ্ম। যুদ্ধ আদিৰ কোনো কথা নাই। এই
যুদ্ধও অন্তিমত লাগিব, ইয়াৰ দ্বাৰাই স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। পাছত কেতিয়াও যুদ্ধ
নালাগেই। যজ্ঞও এয়া অন্তিমৰ। পুনৰ আধাকল্প কোনো যজ্ঞ নহ’বই। ইয়াত গোটেই মলিনতা
স্বাহা হৈ যায়। এই যজ্ঞৰ পৰাই বিনাশ জ্বালা নিৰ্গত হৈছে, সকলো পৰিস্কাৰ হৈ যাব। আকৌ
তোমালোক সন্তানসকলক সাক্ষাৎকাৰো কৰোৱা হৈছে, তাৰ আমৰ ৰস আদিও বহুত সুস্বাদু আৰু অতি
উত্তম। সেই ৰাজ্য এতিয়া তোমালোকে স্থাপনা কৰি আছা তেন্তে কিমান আনন্দিত হোৱা উচিত।
তোমালোকৰ নামো হৈছে
শিৱ শক্তি ভাৰত মাতা। শিৱৰ পৰা তোমালোকে শক্তি লোৱা কেৱল স্মৃতিৰে। হাবাথুৰি খোৱাৰ
কোনো কথা নাই। তেওঁলোকে ভাবে যিসকলে ভক্তি নকৰে তেওঁলোক নাস্তিক। তোমালোকে কোৱা -
যিসকলে পিতা আৰু ৰচনাক নাজানে তেওঁলোক নাস্তিক, তোমালোক এতিয়া আস্তিক হৈছা।
ত্ৰিকালদৰ্শীও হৈছা। তিনিও লোক, তিনিও কালক জানি গ’লা। এই লক্ষ্মী-নাৰায়ণে পিতাৰ পৰা
এই উত্তৰাধিকাৰ লাভ কৰিছে। এতিয়া তোমালোক সেয়া হোৱা। এই সকলোবোৰ কথা পিতাইহে বুজায়।
শিৱবাবাই নিজেই কয় যে মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি বুজাওঁ। নহ’লেতো মই নিৰাকাৰে কেনেকৈ
বুজাম। প্ৰেৰণাৰে জানো পঢ়োৱা হয়? পঢ়াবলৈতো মুখ লাগে নহয়। গো-মুখতো এওঁ হয় নহয়। এওঁ
হৈছে বৰ মা, মনুষ্য মাতা। পিতাই কয় - মই এওঁৰ দ্বাৰা তোমালোক সন্তানসকলক সৃষ্টিৰ
আদি-মধ্য-অন্তৰ ৰহস্য বুজাওঁ, যুক্তি শুনাওঁ। ইয়াত আশীৰ্বাদৰ কোনো কথা নাই।
নিৰ্দেশনা মতে চলিব লাগে। শ্ৰীমত পোৱা যায়। কৃপাৰ কথা নাই। সন্তানসকলে কয় - বাবা
বাৰে বাৰে পাহৰি যাওঁ, কৃপা কৰা। হেৰ’, স্মৰণ কৰাতো তোমালোকৰ কাম। মই কি কৃপা কৰিম।
মোৰ বাবেতো সকলোৱে সন্তান। যদি কৃপা কৰোঁ তেন্তে সকলোৱে সিংহাসনত বহি যাব। পদতো পঢ়া
অনুসৰি পাব। পঢ়িবতো তোমালোকে লাগে নহয়। পুৰুষাৰ্থ কৰি থাকা। অতি মৰমৰ পিতাক স্মৰণ
কৰিব লাগে। পতিত আত্মা উভতি যাব নোৱাৰে। পিতাই কয় – যিমানে তোমালোকে স্মৰণ কৰিবা
সিমানে স্মৰণ কৰি কৰি পৱিত্ৰ হৈ যাবাগৈ। পাৱন আত্মা ইয়াত থাকিব নোৱাৰিব। পৱিত্ৰ হৈ
গ’লে তেতিয়াতো নতুন শৰীৰ লাগে। পৱিত্ৰ আত্মাই অপৱিত্ৰ শৰীৰ পাব, এইটো নিয়ম নাই।
সন্ন্যাসীও বিকাৰৰ দ্বাৰা জন্ম হয়। এই দেৱতাসকল বিকাৰৰ দ্বাৰা জন্ম নহয় যে আকৌ
সন্ন্যাস কৰিবলগীয়া হ’ব। এওঁলোকতো উচ্চ হৈ গ’ল নহয়। সঁচা সঁচা মহাত্মা এইসকল যিসকল
সদায় সম্পূৰ্ণ নিৰ্বিকাৰী। তাত ৰাৱণৰাজ্য নাই। হয়েই সতোপ্ৰধান ৰামৰাজ্য। বাস্তৱত
ৰাম বুলিও ক’ব নালাগে। শিৱবাবা হয় নহয়। ইয়াক কোৱা হয় “ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ
জ্ঞান যজ্ঞ”। ৰুদ্ৰ বা শিৱ এজনেই। শ্ৰীকৃষ্ণৰতো নাম নাই। শিৱবাবা আহি জ্ঞান শুনায়
তেওঁলোকে আকৌ ৰুদ্ৰ যজ্ঞ ৰচিলে তেতিয়া মাটিৰ লিংগ আৰু শালগ্ৰাম সাজে। পূজা কৰি পুনৰ
ভাঙি দিয়ে। যেনেকৈ বাবাই দেৱীসকলৰ উদাহৰণ দিয়ে। দেৱীসকলক সজাই খুৱাই-বুৱাই পূজা কৰি
আকৌ ডুবাই দিয়ে। তেনেকৈ শিৱবাবা আৰু শালগ্ৰামৰ বহুত প্ৰেমেৰে আৰু শুদ্ধিৰে পূজা কৰি
পুনৰ শেষ কৰি দিয়ে। এয়া হৈছে গোটেই ভক্তিৰ বিস্তাৰ। এতিয়া পিতাই সন্তানসকলক বুজায় -
যিমানে পিতাৰ স্মৃতিত থাকিবা সিমানে আনন্দিত হৈ থাকিবা। ৰাতি নিতৌ নিজৰ খতিয়ান চাব
লাগে। কোনো ভুলতো নকৰিলোঁ? নিজৰ কাণত ধৰিব লাগে - বাবা আজি মোৰ দ্বাৰা এইটো ভুল হ’ল,
ক্ষমা কৰিবা। বাবাই কয় – সঁচা কথা লিখিলে তেতিয়া আধা পাপ খণ্ডন হৈ যাব। পিতাতো বহি
আছে নহয়। নিজৰ কল্যাণ কৰিব বিচৰা যদি শ্ৰীমতত চলা। খতিয়ান ৰাখিলে বহুত উন্নতি হ’ব।
খৰচতো একোৱেই নাই। উচ্চ পদ পাবলৈ হ’লে মন-বাণী-কৰ্মৰে কাকো দুখ দিব নালাগে। কোনোবাই
কিবা ক’লে শুনিও নুশুনাৰ দৰে কৰিব লাগে। এইটো পৰিশ্ৰম কৰিব লাগে। পিতা আহেই তোমালোক
সন্তানসকলৰ দুখ দূৰ কৰি সদাকালৰ বাবে সুখ দিবলৈ। গতিকে সন্তানসকলো এনেকুৱা হ’ব লাগে।
মন্দিৰবোৰত সকলোতকৈ ভাল সেৱা হ’ব। তাত ধাৰ্মিক মনৰ লোক তোমালোকে বহুত পাবা।
প্ৰদৰ্শনীলৈ বহুত আহে। প্ৰজেক্টৰৰ দ্বাৰাও প্ৰদৰ্শনী মেলাত ভাল সেৱা হয়। মেলাত খৰচ
হয় তেনেকৈ লাভো নিশ্চয় হয় নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই
শুদ্ধ-ভুল বুজি পোৱাৰ বুদ্ধি দিছে, সেই বুদ্ধিৰ আধাৰত দৈৱীগুণ ধাৰণ কৰিব লাগে, কাকো
দুখ দিব নালাগে, পৰস্পৰ ভাই-ভনীৰ সঁচা মৰম থাকিব লাগে, কেতিয়াও কুদৃষ্টি যাব নালাগে।
(2) পিতাৰ প্ৰতিটো
নিৰ্দেশনা অনুসৰি চলি ভালদৰে পঢ়ি নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে। নিজৰ উন্নতিৰ বাবে
খতিয়ান ৰাখিব লাগে, কোনোবাই দুখদায়ক কথা ক’লে তেতিয়া আওকাণ কৰি দিব লাগে।
বৰদান:
ঈশ্বৰীয়
মৰ্যাদাৰ সংস্কাৰেৰে প্ৰত্যেকৰে বিশেষত্বৰ বৰ্ণনা কৰোঁতা পুণ্য আত্মা হোৱা
সদায় নিজক বিশেষ আত্মা
বুলি বুজি প্ৰতিটো সংকল্প আৰু কৰ্ম কৰিবা আৰু প্ৰত্যেকৰ মাজত বিশেষত্ব চাবা, বৰ্ণনা
কৰিবা, সকলোৰে প্ৰতি বিশেষ কৰি তোলাৰ শুভ কল্যাণৰ কামনা ৰাখিবা - এয়াই ঈশ্বৰীয়
মৰ্যাদা। মৰ্যাদাসম্পন্ন আত্মাই আনৰ ত্যাগ কৰা বস্তু নিজৰ মাজত ধাৰণ কৰিব নোৱাৰে
সেই কাৰণে সদায় যাতে মনোযোগ থাকে যে কাৰোবাৰ দুৰ্বলতা বা অৱগুণ দেখাৰ নেত্ৰ বন্ধ
হওক। ইজনে সিজনৰ গুণ গান কৰা, স্নেহ, সহযোগৰ পুষ্প লেন-দেন কৰা - তেতিয়া পুণ্য আত্মা
হৈ যাবা।
স্লোগান:
বৰদানৰ শক্তিয়ে পৰিস্থিতি ৰূপী অগ্নিকো পানী কৰি দিয়ে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
নিৰাকাৰী স্বৰূপৰ
মুখ্য শিক্ষাৰ বৰদান হৈছে – “কৰ্মাতীত হোৱা”। আকাৰী স্বৰূপ অথবা ফৰিস্তাবোধৰ বৰদান
হৈছে ডবল লাইট হোৱা! ডবল লাইট অৰ্থাৎ সকলো কৰ্ম-বন্ধনৰ পৰা পাতল আৰু লাইট অৰ্থাৎ
সদায় প্ৰকাশ স্বৰূপত স্থিৰ হৈ থাকোঁতা। এনেকুৱা ডবল লাইট হৈ থাকোঁতাজনেই সহজে
কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰিব পাৰে। সেয়েহে সেৱাত আহিও এতিয়া এইটোত মনোনিবেশ কৰা যে
মই সম্পন্ন তথা কৰ্মাতীত হ’বই লাগিব।