02.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যদি স্মৃতিত থাকা তেন্তে দূৰৈত থাকিও লগতে আছা, স্মৃতিৰে সান্নিধ্যৰো অনুভৱ হয় আৰু বিকৰ্মও বিনাশ হয়”

প্ৰশ্ন:
দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তুলিবলৈ কোনটো জ্ঞান দিয়ে?

উত্তৰ:
আত্মা কেনেকৈ চক্ৰত ভিন্ন ভিন্ন বৰ্ণত আহে, ইয়াৰ জ্ঞান দূৰদৰ্শী পিতাইহে দিয়ে। তোমালোকে জানা – এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ ইয়াৰ আগতে যেতিয়া জ্ঞান নাছিল তেতিয়া শূদ্ৰ বৰ্ণৰ আছিলোঁ, তাৰ আগতে বৈশ্য... বৰ্ণৰ আছিলোঁ। দূৰণিৰ দেশৰ নিবাসী পিতা আহি দূৰদৰ্শী হোৱাৰ এই সকলো জ্ঞান সন্তানসকলক দিয়ে।

গীত:
জো পিয়া কে সাথ হে... (যি প্ৰিয়তমৰ লগত আছে...)

ওঁম্শান্তি।
যিসকল জ্ঞান সাগৰৰ লগত আছে তেওঁলোকৰ কাৰণেই জ্ঞানৰ বৰষুণ। তোমালোক পিতাৰ লগত আছা নহয়। লাগিলে বিলাততে থাকা বা য’তেই নাথাকা, লগত আছা। স্মৃতিতো ৰাখিছা নহয়। যিসকল সন্তান স্মৃতিত থাকে, তেওঁলোক সদায় লগত থাকে। স্মৃতিত থাকিলে লগত থাকে আৰু বিকৰ্ম বিনাশ হয় তাৰ পাছত বিকৰ্মাজিৎ চন আৰম্ভ হয়। আকৌ যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া কয় ৰজা বিক্ৰমৰ চন। এটা হ’ল বিকৰ্মাজিৎ, আনটো বিক্ৰমী। এতিয়া তোমালোক বিকৰ্মাজিৎ হৈ আছা। পুনৰ তোমালোক বিক্ৰমী হৈ যাবাগৈ। এই সময়ত সকলো অতি বিকৰ্মী। কোনেও নিজৰ ধৰ্মক নাজানে। আজি বাবাই এটা সৰু প্ৰশ্ন সুধিছে – সত্যযুগত দেৱতাসকলে এইটো জানেনে যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ? যেনেকৈ তোমালোকে বুজি পোৱা – আমি হিন্দু ধৰ্মৰ, কোনোবাই ক’ব – আমি খ্ৰীষ্টিয়ান ধৰ্মৰ। তেনেকৈ তাত দেৱতাসকলে নিজকে দেৱী-দেৱতা ধৰ্মৰ বুলি ভাবেনে? বিচাৰ কৰিবলগীয়া কথা নহয় জানো। তাত আন কোনো ধৰ্মতো নাই যে এনেকৈ বুজিব আমি অমুক ধৰ্মৰ। ইয়াত বহুত ধৰ্ম আছে, গতিকে পৰিচয় দিবৰ কাৰণে বেলেগ বেলেগ নাম ৰাখিছে। তাততো হয়েই এটা ধৰ্ম সেইবাবে কোৱাৰ প্ৰয়োজন নাথাকে যে আমি এইটো ধৰ্মৰ। তেওঁলোকে নাজানেই যে কিবা ধৰ্ম থাকে, তেওঁলোকৰে ৰাজত্ব হয়। এতিয়া তোমালোকে জানা যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ। দেৱী-দেৱতা বুলি আন কাকো ক’ব নোৱাৰি। পতিত হোৱা বাবে নিজক দেৱতা বুলি ক’ব নোৱাৰে। পৱিত্ৰসকলকহে দেৱতা বুলি কোৱা হয়। তাত এনেকুৱা কোনো কথা নাথাকে। কাৰো লগত তুলনা কৰিব নোৱাৰি। এতিয়া তোমালোক সংগমযুগত আছা, এইটো জানা যে আদি সনাতন দেৱী-দেৱতা ধৰ্ম পুনৰাই প্ৰতিষ্ঠা হৈ আছে। তাততো ধৰ্মৰ কথাই নাই। হয়েই এটা ধৰ্ম। এয়াও সন্তানসকলক বুজাইছোঁ, এনেকৈ যি কয় যে মহাপ্ৰলয় হয় অৰ্থাৎ একোৱে নাথাকে, এনেকৈ কোৱাটোও ভুল হৈ যায়। পিতাই বহি বুজায় – শুদ্ধ কি? শাস্ত্ৰততো জলময় দেখুৱাই দিছে। পিতাই বুজায় – ভাৰতৰ বাহিৰে বাকী সকলো জলময় হৈ যায়। ইমান ডাঙৰ সৃষ্টি কি কৰিব। এখন ভাৰততে চোৱা কিমান গাঁও আছে। প্ৰথমতে জংঘল হয় আকৌ তাৰ পৰা বৃদ্ধি হৈ গৈ থাকে। তাততো কেৱল তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰসকলহে থাকা। এয়া তোমালোক ব্ৰাহ্মণসকলৰ বুদ্ধিত বাবাই ধাৰণ কৰাই আছে। এতিয়া তোমালোকে জানা – উচ্চতকৈও উচ্চ শিৱবাবা কোন হয়? তেওঁৰ পূজা কিয় কৰা হয়? আকন আদিৰ ফুল কিয় অৰ্পণ কৰে? তেওঁতো নিৰাকাৰ হয় নহয়। এনেকৈ কয় যে নাম-ৰূপৰ পৰা উপৰাম, কিন্তু নাম-ৰূপৰ পৰা উপৰাম কোনো বস্তুতো নাথাকে। তেন্তে তেওঁ কোন - যাক ফুল আদি অৰ্পণ কৰে? পোন-প্ৰথমে পূজা তেওঁৰ হয়। মন্দিৰো তেওঁৰে সজোৱা হয় কিয়নো ভাৰতৰ আৰু গোটেই জগতৰ সন্তানসকলৰ সেৱা কৰে। মনুষ্যৰে সেৱা কৰা হয় নহয়। এই সময়ত তোমালোকে নিজক দেৱী-দেৱতা ধৰ্মৰ বুলি ক’ব নোৱাৰা। তোমালোকে নাজানিছিলাই যে আমি দেৱী-দেৱতা আছিলোঁ আকৌ এতিয়া হৈ আছোঁ। এতিয়া পিতাই বুজাই আছে গতিকে বুজা উচিত – এই জ্ঞান পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। তেওঁকেই কোৱা হয় - জ্ঞানৰ সাগৰ, জ্ঞানৱান। গায়ন কৰা হৈছে – ৰচয়িতা আৰু ৰচনাক ঋষি-মুনি আদি কোনেও নাজানে। “নেতি নেতি” (নাজানো নাজানো) বুলি কৈ গৈছে। যেনেকৈ সৰু ল’ৰা-ছোৱালীৰ জ্ঞান থাকে জানো? যিমানে ডাঙৰ হৈ গৈ থাকিব, বুদ্ধি উদয় হৈ গৈ থাকিব। বুদ্ধিত আহি থাকিব, বিলাত ক’ত, এয়া ক’ত। তোমালোক সন্তাসকলেও প্ৰথমতে এই বেহদৰ জ্ঞান একোৱেই জনা নাছিলা। এনেকৈও কয় যে যদিও আমি শাস্ত্ৰ আদি পঢ়িছিলোঁ কিন্তু একোৱেই বুজা নাছিলোঁ। মনুষ্য এই ড্ৰামাখনত ভাৱৰীয়া নহয় জানো।

গোটেই খেলখন দুটা কথাৰ ওপৰতে ৰচা হৈছে। ভাৰতৰ পৰাজয় আৰু ভাৰতৰ জয়। ভাৰতত সত্যযুগৰ আদিৰ সময়ত পৱিত্ৰ ধৰ্ম আছিল, এই সময়ত হ’ল অপৱিত্ৰ ধৰ্ম। অপৱিত্ৰতাৰ কাৰণে নিজকে দেৱতা বুলি ক’ব নোৱাৰে তথাপিও শ্ৰী শ্ৰী নাম ৰাখি দিয়ে। কিন্তু শ্ৰী মানে শ্ৰেষ্ঠ। শ্ৰেষ্ঠ বুলি কোৱাই হয় পৱিত্ৰ দেৱতাসকলক। শ্ৰীমত ভগৱানুবাচ বুলি কোৱা হয় নহয়। এতিয়া শ্ৰী কোন হ’ল? যিসকলে পিতাৰ সন্মুখত শুনি শ্ৰী হয় নে যিসকলে নিজকে শ্ৰী শ্ৰী বুলি কৈছে? পিতাৰ কৰ্তব্য অনুসৰি যি নাম হৈছে, সেয়াও নিজৰ ওপৰত ৰাখি দিছে। এই সকলোবোৰ হ’ল বিতং কথা। তথাপিও পিতাই কয় – সন্তানসকল, এজন পিতাক স্মৰণ কৰি থাকা। এয়াই বশীকৰণ মন্ত্ৰ। তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হৈ জগতজিৎ হোৱা। বাৰে বাৰে নিজক আত্মা বুলি বুজা। এই শৰীৰতো ইয়াত 5 তত্ত্বৰ দ্বাৰা গঠিত হৈছে। গঠিত হয়, এৰি দিয়ে পুনৰ গঠিত হয়। এতিয়া আত্মাতো অবিনাশী। অবিনাশী আত্মাসকলক এতিয়া সংগমযুগত অবিনাশী পিতাই পঢ়াই আছে। লাগিলে যিমানে বিঘিনি নাহক, মায়াৰ ধুমুহা নাহক, তোমালোক পিতাৰ স্মৃতিত থাকা। তোমালোকে বুজি পোৱা – আমিয়ে সতোপ্ৰধান আছিলোঁ আকৌ তমোপ্ৰধান হৈছোঁ। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি জানে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে – আমিয়েই পোন-প্ৰথমে ভক্তি কৰিছোঁ। নিশ্চয় যিসকলে প্ৰথমতে ভক্তি কৰিছে তেওঁলোকেই শিৱৰ মন্দিৰ নিৰ্মাণ কৰিছে কিয়নো ধনৱানো তেওঁলোকেই হয় নহয়। ডাঙৰ ৰজাসকলক দেখি আন ৰজাসকলেও আৰু প্ৰজাসকলেও কৰিব। এই সকলোবোৰ হ’ল বিতং কথা। এক ছেকেণ্ডত জীৱনমুক্তি বুলি কোৱা হয়। তথাপিও বুজাবলৈ কিমান বছৰ লাগি যায়। জ্ঞানতো সহজ, তাৰ বাবে ইমান সময় নালাগে, যিমান স্মৃতিৰ যাত্ৰাত লাগে। মিনতিও কৰে – বাবা আহক, আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক, এনেকৈ নকয় যে বাবা আমাক বিশ্বৰ মালিক কৰি তোলক। সকলোৱে ক’ব – পতিতৰ পৰা পাৱন কৰি তোলক। পাৱন সৃষ্টি বুলি সত্যযুগক কোৱা হয়, ইয়াক পতিত সৃষ্টি বুলি কোৱা হ’ব, পতিত সৃষ্টি বুলি কৈয়ো নিজকে পতিত বুলি নুবুজে। নিজৰ প্ৰতি ঘৃণা নজন্মে। তোমালোকে কাৰো হাতেৰে ৰন্ধা নোখোৱা, তেতিয়া তেওঁলোকে কয় – আমি অস্পৃশ্য নেকি? হেৰ’ তোমালোকে নিজেই নোকোৱা জানো। পতিততো সকলো হয় নহয়। তোমালোকে কোৱাও যে আমি পতিত, এই দেৱতাসকল পাৱন। তেন্তে পতিতসকলক কি বুলি কোৱা হ’ব। গায়নো আছে নহয় – অমৃত এৰি বিহ কিয় পান কৰোঁ। বিহতো বেয়া নহয় জানো। পিতাই কয় – এই বিহে তোমালোকক আদি-মধ্য-অন্ত দুখ দিয়ে কিন্তু ইয়াক বিহ বুলি ভাবে জানো। যেনেকৈ নিচাৰ প্ৰতি আসক্ত ব্যক্তিয়ে নিচা অবিহনে থাকিব নোৱাৰে, মদ্যপানৰ অভ্যাসীসকলে মদ অবিহনে থাকিব নোৱাৰে। যুদ্ধৰ সময় হ’লে তেতিয়া তেওঁলোকক মদ খুৱাই নিচা লগাই যুদ্ধলৈ পঠিয়াই দিয়ে। নিচা লগিল বচ্‌, ভাবিব আমি এনেকুৱা কৰিব লাগে। সেই লোকসকলৰ মৰিবলৈ ভয় নাথাকে। যিকোনো ঠাইতে বোমা লৈ গৈ বোমাৰে সৈতে জঁপিয়াই পৰে। গায়নো আছে – ক্ষেপণাস্ত্ৰৰ যুদ্ধ লাগিল, আচল কথা এতিয়া তোমালোকে বাস্তৱত দেখি আছা। আগতেতো কেৱল পঢ়িছিলা, পেটৰ পৰা ক্ষেপণাস্ত্ৰ ওলাল পাছত এয়া কৰিলে। এতিয়া তোমালোকে বুজি পোৱা – পাণ্ডৱ কোন, কৌৰৱ কোন? স্বৰ্গবাসী হ’বৰ কাৰণে পাণ্ডৱসকলে জীৱন্তে দেহ-অভিমানৰ পৰা গলি যোৱাৰ পুৰুষাৰ্থ কৰিলে। তোমালোকে এতিয়া এই পুৰণা শৰীৰ ত্যাগ কৰাৰ পুৰুষাৰ্থ কৰা। এনেকৈ কোৱা নহয় – পুৰণা শৰীৰ এৰি নতুন ল’ব লাগে। পিতাই সন্তানসকলকে বুজায়। পিতাই কয় – মই কল্পই কল্পই আহোঁ। মোৰ নাম হৈছে শিৱ। শিৱ জয়ন্তীও পালন কৰে। ভক্তিমাৰ্গৰ বাবে কিমান মন্দিৰ আদি নিৰ্মাণ কৰে। নামো বহুত ৰাখি দিছে। দেৱীসকলৰো এনেকুৱা নাম ৰাখি দিয়ে। এই সময়ত তোমালোকৰ পূজা হৈ আছে। এয়াও তোমালোক সন্তানসকলেহে জানা যে যাৰ আমি পূজা কৰিছিলোঁ তেওঁ আমাক পঢ়াই আছে। যি লক্ষ্মী-নাৰায়ণৰ আমি পূজাৰী আছিলোঁ সেয়া এতিয়া আমি নিজে হ’বলৈ গৈ আছোঁ। এইটো জ্ঞান বুদ্ধিত আছে। স্মৰণ কৰি থাকা আকৌ আনকো শুনোৱা। বহুত আছে যিসকলে ধাৰণা কৰিব নোৱাৰে। বাবাই কয় – বেছি ধাৰণা কৰিব নোৱাৰিলে কোনো আপত্তি নাই। স্মৃতিৰতো ধাৰণা আছে নহয়। পিতাকে স্মৰণ কৰি থাকা। যিয়ে মুৰুলী পঢ়িব নোৱাৰে তেওঁলোকে ইয়াত বহি স্মৰণ কৰা। ইয়াত কোনো বন্ধন জঞ্জাল আদি নাই। ঘৰত সতি-সন্ততি আদিৰ পৰিৱেশ দেখি সেই নিচা নোহোৱা হৈ যায়। ইয়াত চিত্ৰও ৰখা হৈছে। যিকোনো লোককে বুজোৱা বহুত সহজ। সেই লোকসকলেতো ‘গীতা’ আদি পূৰা কণ্ঠস্থ কৰি লয়। শিখসকলৰো ‘গ্ৰন্থ’ কণ্ঠস্থ হৈ থাকে। তোমালোকে কি কণ্ঠস্থ কৰিব লাগে? পিতাক। তোমালোকে কোৱাও – বাবা, এইটো হ’ল একেবাৰে নতুন বস্তু। এয়া এটাই সময় যেতিয়া তোমালোকে নিজক আত্মা বুলি বুজি এজন পিতাক স্মৰণ কৰিব লাগে। 5 হাজাৰ বছৰ পূৰ্বেও শিকাইছিল, আন কাৰোৱেই শক্তি নাই যিয়ে এনেকৈ বুজাব পাৰে। জ্ঞানৰ সাগৰ হয়েই এজন পিতা, আন কোনো হ’ব নোৱাৰে। জ্ঞান সাগৰ পিতাইহে তোমালোকক বুজায়, আজিকালি এনেকুৱাও বহুত ওলাইছে যিসকলে কয় - আমি অৱতাৰ লৈছোঁ সেইবাবে সত্যৰ স্থাপনা কৰোঁতে কিমান বিঘিনি আহে কিন্তু গায়ন কৰা হৈছে – সত্যৰ নাও টুলুং-ভুটুং কৰিব, কিন্তু ডুবি নাযায়।

এতিয়া তোমালোক সন্তানসকলে পিতাৰ ওচৰলৈ আহা সেয়েহে তোমালোকৰ অন্তৰ কিমান আনন্দিত হৈ থকা উচিত। আগতে যাত্ৰাত গৈছিলা, তেতিয়া অন্তৰত কি উদয় হৈছিল? এতিয়া ঘৰ-সংসাৰ এৰি ইয়ালৈ আহিলে তেতিয়া কি খেয়াল আহে? আমি বাপদাদাৰ ওচৰলৈ যাওঁ। পিতাই এইটোও বুজাইছে – মোক কেৱল শিৱবাবা বুলি কয় যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ, তেওঁ হ’ল ব্ৰহ্মা। বংশাৱলী থাকে নহয়। প্ৰথম বংশ ব্ৰাহ্মণসকলৰ তাৰ পাত দেৱতাসকলৰ বংশ হৈ যায়। এতিয়া দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তোলে। তোমালোকে জানা যে আত্মাই কেনেকৈ গোটেই চক্ৰত ভিন্ন ভিন্ন বৰ্ণত আহিছে, ইয়াৰ জ্ঞান দূৰণিৰ দেশৰ পিতাইহে দিয়ে। তোমালোকে বিচাৰ কৰিবা – এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ, ইয়াৰ আগতে যেতিয়া জ্ঞান নাছিল তেতিয়া শূদ্ৰ বৰ্ণৰ আছিলোঁ। আমাৰ হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। গ্ৰেট শূদ্ৰ, গ্ৰেট বৈশ্য, গ্ৰেট ক্ষত্ৰিয়... তাৰ আগত গ্ৰেট ব্ৰাহ্মণ আছিলোঁ। এতিয়া এই সকলো কথা পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ইয়াক কোৱা হয় দূৰদৰ্শী জ্ঞান। দূৰণিৰ দেশৰ নিবাসী পিতা আহি দূৰণিৰ দেশৰ সকলো জ্ঞান সন্তানসকলক দিয়ে। তোমালোকে জানা যে আমাৰ বাবা দূৰণিৰ দেশৰ পৰা ইয়ালৈ আহে। এইখন আনৰ দেশ, আনৰ ৰাজ্য। শিৱবাবাৰ নিজৰ শৰীৰ নাই আৰু তেওঁ হ’ল জ্ঞানৰ সাগৰ, স্বৰ্গৰ ৰাজ্য-ভাগ্যও তেৱেঁ দিব লাগে। শ্ৰীকৃষ্ণই জানো দিব। শিৱবাবাইহে দিব। শ্ৰীকৃষ্ণক বাবা বুলি নকয়। পিতাই ৰাজ্য-ভাগ্য দিয়ে, পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। এতিয়া হদৰ সকলো উত্তৰাধিকাৰ পূৰা হৈছে। সত্যযুগত তোমালোকে এইটো নাজানিবা যে আমি সংগমত 21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছোঁ। এয়া এতিয়া জানা যে আমি 21 জন্মৰ উত্তৰাধিকাৰ আধাকল্পৰ বাবে লৈ আছোঁ। 21 প্ৰজন্ম অৰ্থাৎ গোটেই আয়ুস। যেতিয়া শৰীৰ বুঢ়া হ’ব তেতিয়া সময়ত শৰীৰ এৰিবা। যেনেকৈ সাপে পুৰণি মোট এৰি নতুন লৈ লয়। আমাৰো ভূমিকা পালন কৰোঁতে কৰোঁতে এই শৰীৰ পুৰণা হৈ গৈছে।

তোমালোক হৈছা সঁচা ব্ৰাহ্মণ। তোমালোককে ভোঁমোৰা বুলি কোৱা হয়। তোমালোকে পোকবিলাকক নিজৰ সমান ব্ৰাহ্মণ কৰি তোলা। তোমালোকক কোৱা হয় যে পোকবিলাকক লৈ আহি বহি ভোঁ হোঁ কৰা। ভোমোৰায়ো ভোঁ ভোঁ কৰে আকৌ কাৰোবাৰতো পাখি গজি যায়, কোনোবা মৰি যায়। সকলো দৃষ্টান্ত এতিয়াৰে। তোমালোক অতি মৰমৰ সন্তান, সন্তানসকলক চকুৰ মণি বুলি কোৱা হয়। পিতাই কয় – হে চকুৰ মণিসকল। তোমালোকক নিজৰ কৰি লৈছোঁ গতিকে তোমালোকো মোৰ নহ’লা জানো। এনেকুৱা পিতাক যিমান স্মৰণ কৰিবা পাপ খণ্ডন হৈ যাব। আন কাৰোবাক স্মৰণ কৰিলে পাপ খণ্ডন নহ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জীৱন্তে দেহ-অভিমানৰ পৰা গলি যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই পুৰণা শৰীৰৰ প্ৰতি অলপো মমত্ব থাকিব নালাগে।

(2) সঁচা ব্ৰাহ্মণ হৈ পোকবিলাকক (আত্মাসকলক) জ্ঞানৰ ভোঁ ভোঁ কৰি তেওঁলোকক নিজৰ সমান ব্ৰাহ্মণ কৰি তুলিব লাগে।

বৰদান:
অমৃতবেলাৰ মহত্বক জানি মুক্ত ভঁৰালৰ পৰা নিজৰ জোলোঙা ভৰপূৰ কৰোঁতা ভাগ্যৱান হোৱা

অমৃতবেলা বৰদাতা, ভাগ্য বিধাতাৰ পৰা যি ভাগ্যৰ ৰেখা আঁকিব বিচৰা আঁকি লোৱা কিয়নো সেই সময়ত ভোলা ভগৱানৰ ৰূপত স্নেহপূৰ্ণ হৈ থাকে সেই কাৰণে মালিক হোৱা আৰু অধিকাৰ লোৱা। সম্পদৰ কোনো তলা-চাবি নাই। সেই সময়ত কেৱল মায়াৰ অজুহাত এৰি এটা সংকল্প কৰা যে যিয়েই হওঁ, যেনেকুৱা হওঁ, আপোনাৰ হওঁ। মন-বুদ্ধি পিতাৰ প্ৰতি অৰ্পিত কৰি অন্তৰ আসনধাৰী হৈ যোৱা তেতিয়া পিতাৰ সকলো সম্পদ নিজৰ সম্পদ যেন অনুভৱ হ’ব।

স্লোগান:
সেৱাত যদি স্বাৰ্থ মিহলি হৈ থাকে তেতিয়া সফলতাও মিশ্ৰিত হৈ যাব সেই কাৰণে নিঃস্বাৰ্থ সেৱাধাৰী হোৱা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

এনেকুৱা কোনো ব্ৰাহ্মণ নাথাকিব যি আত্ম-অভিমানী হোৱাৰ পুৰুষাৰ্থ নকৰে। কিন্তু নিৰন্তৰ আত্ম- অভিমানী, যাৰ দ্বাৰা কৰ্মেন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ বিজয় হৈ যায়, প্ৰতিটো কৰ্মেন্দ্ৰিয় সতোপ্ৰধান স্বচ্ছ হৈ যায়, দেহৰ পুৰণি সংস্কাৰ আৰু সম্বন্ধৰ পৰা সম্পূৰ্ণ জীৱন্তে মৃত হৈ যায়, ইয়াৰ বাবে অন্তৰ্মুখী হোৱা, এইটো পুৰুষাৰ্থৰেই নম্বৰ প্ৰাপ্ত হ’ব।