02.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে বিকাৰবোৰ দান দি দিয়া তেতিয়া ৰাহুৰ গ্ৰহণ আঁতৰি যাব, দান দিলে গ্ৰহণ আঁতৰিব”

প্ৰশ্ন:
বৃক্ষপতি পিতাই নিজৰ ভাৰতবাসী সন্তানসকলৰ ওপৰত বৃহস্পতিৰ দশা বহুৱাবৰ বাবে কোনটো স্মৃতি সোঁৱৰাই দিয়ে?

উত্তৰ:
হে ভাৰতবাসী সন্তানসকল, তোমালোকৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম অতি শ্ৰেষ্ঠ আছিল। তোমালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ আছিলা। তোমালোক মোৰ সাগৰৰ সন্তানসকল কাম চিতাত বহি ক’লা (অপৱিত্ৰ) হৈ গৈছা, গ্ৰহণ লাগি গৈছে। এতিয়া মই তোমালোকক পুনৰাই বগা (পৱিত্ৰ) কৰিবলৈ আহিছোঁ, এইটো স্মৃতি উদয় হ’লে বৃহস্পতিৰ দশা বহি যায়।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
এয়া কাৰ মহিমা শুনিলা? বেহদৰ পিতাৰ। উচ্চতকৈও উচ্চ পিতা পৰমপিতা পৰমাত্মাই হয়। লৌকিক পিতাৰ ক্ষেত্ৰততো সকলোৱে এনেকৈ নক’ব। সন্তানসকলে জানে সকলো আত্মাৰ পাৰলৌকিক পিতা – তেওঁ হৈছে উচ্চতকৈও উচ্চ। তেওঁৰ নামেই হৈছে শিৱ। নাম ৰূপ বিহীন কোনো বস্তু নাথাকে। এই সময়ত সকলোৰে ৰাহুৰ গ্ৰহণ লাগি আছে, সেইকাৰণে ইয়াক লৌহ যুগী সৃষ্টি বুলি কোৱা হয়। দশাও থাকে। বৃহস্পতিৰ দশা, শুক্ৰৰ দশা.... এতিয়া তোমালোকৰ ওপৰত হৈছে বৃহস্পতিৰ দশা। যাৰ মহিমা শুনিলা, উচ্চতকৈও উচ্চ ভগৱান শিৱবাবা। তেওঁৰ আচল নাম হৈছে ‘শিৱ’। বাকী ভিন্ন ভিন্ন অনেক নাম ৰাখি দিছে। আচল নাম হৈছে ‘শিৱবাবা’। পিতাই বুজায় - মই বীজৰূপ, চৈতন্য। সত্য চৈতন্য বুলি কয়, আকৌ কৈ দিয়ে তেওঁ সুখৰ সাগৰ, আনন্দ, শান্তিৰ সাগৰ। গোটেই মহিমা সেই এজনৰেই। ভাৰতবাসীয়ে মহিমা গায় কিন্তু একোৱে বুজি নাপায়। একেবাৰে পাথৰ বুদ্ধিৰ হৈ গৈছে। পাথৰ বুদ্ধিৰ কোনে কৰিলে? ৰাৱণে। সত্যযুগত ভাৰতবাসী পাৰসবুদ্ধিৰ আছিল, আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত পাৰসপুৰী আছিল, য’ত দেৱী-দেৱতাসকল আছিল। ভাৰতেই অবিনাশী খণ্ড বুলি গায়ন কৰা হৈছে। ভাৰততেই পাৰস বুদ্ধিৰ দেৱতাসকল আছিল, এই সময়ত পাথৰ বুদ্ধিৰ পতিতসকল থাকে। পতিত কেনেকৈ হয়, এয়াও পিতাই বুজাইছে। দ্বাপৰৰ পৰা যেতিয়া কাম চিতাত বহে তেতিয়া ক’লা হৈ যায়। কাম অগ্নিত সকলো ভস্ম হৈ গৈছে। তাৰ ভিতৰতো বিশেষকৈ ভাৰতৰ কথা। ভাৰতত পাৰসবুদ্ধিৰ দেৱতাসকলৰ ৰাজ্য আছিল, সেইখনক বিষ্ণুপুৰী, ৰামৰাজ্য বুলিও কোৱা হৈছিল। এয়া পিতা আহি শুনায়। মৰমৰ প্ৰিয় সন্তানসকল যেতিয়া তোমালোক সত্যযুগত আছিলা সৰ্বগুণ সম্পন্ন আছিলা। এয়া তোমালোকৰ মহিমা। তাত বিকাৰ নাথাকে। দ্বাপৰৰ পৰা ৰাৱণ, 5 বিকাৰৰ ৰাজ্য আৰম্ভ হয়। তেতিয়া ৰামৰাজ্য সলনি হৈ ৰাৱণ ৰাজ্য হয়। এতিয়া গ্ৰহণ লাগি আছে। ভাৰত একেবাৰেই ক’লা হৈ গৈছে। বৃহস্পতিৰ দশা সকলোতকৈ উত্তম। ভাৰতত বৃহস্পতিৰ দশা সত্যযুগত আছিল। আকৌ ত্ৰেতাত শুক্ৰৰ দশা হোৱাত দুটা কলা কম হৈ গ’ল। তাক কোৱাই হয় ৰূপালী যুগ। তাৰপাছত দ্বাপৰ আৰু কলিযুগ আহিল। ছিৰি নামি আহিল। শনিৰ দশা হ’ল। এই সময়ত সকলোৰে ওপৰত ৰাহুৰ দশা চলি আছে। সূৰ্যৰ গ্ৰহণ লাগিলে তেতিয়া কয় দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব।

এতিয়া আত্মিক পিতাই সন্তানসকলক বুজায় - এয়া হৈছে আত্মিক জ্ঞান। এয়া কোনো শাস্ত্ৰৰ জ্ঞান নহয়। শাস্ত্ৰৰ জ্ঞানক ভক্তি মাৰ্গ বুলি কোৱা হয়। সত্যযুগ-ত্ৰেতাত ভক্তি নাথাকে। জ্ঞান আৰু ভক্তি তাৰপাছত হৈছে বৈৰাগ্য অৰ্থাৎ এই পুৰণি সৃষ্টি এৰিবলগীয়া হয়। এয়া হৈছে শূদ্ৰ বৰ্ণ। বিৰাট ৰূপত দেখুৱায় - ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য... এয়া ভাৰতৰে কাহিনী। বিৰাট ৰূপ তৈয়াৰো কৰে কিন্তু পাথৰবুদ্ধিৰসকলে বুজি নাপায়। পাথৰ বুদ্ধি কিয় হ’ল? কিয়নো পতিত হয়। ভাৰতবাসী পাৰসবুদ্ধিৰ আছিল, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল আৰু কোনো খণ্ড নাছিল, এয়া পিতাই বুজায়। এয়া ৰাজযোগ কোনে শিকায়? শিৱাচাৰ্যই। এওঁ হৈছে জ্ঞানৰ সাগৰ। কোনো মনুষ্যক জ্ঞানৰ সাগৰ, সকলোৰে পতিত-পাৱন বুলি ক’ব নোৱাৰি। সকলোৰে মুক্তিদাতা হৈছে একমাত্ৰ পিতা। পিতা নিজেই আহে – দুখত ৰাৱণৰ পৰা মুক্ত কৰিবলৈ, আকৌ মাৰ্গ-দৰ্শক হৈ লৈ যায়। তেওঁক আত্মিক পাণ্ডা বুলি কোৱা হয়। পিতাই কয় - মই তোমালোক সকলো আত্মাৰ পাণ্ডা, সকলোকে উভতাই লৈ যাম। মোৰ নিচিনা মাৰ্গ-দৰ্শক কোনো নাই। এনেকৈ কয়ো - ঈশ্বৰ পিতা হৈছে মুক্তি দাতা, মাৰ্গ-দৰ্শক, আনন্দেৰে পৰিপূৰ্ণ... সকলোকে দয়া কৰে কিয়নো সাগৰৰ সকলো সন্তান কাম চিতাত বহি জ্বলি মৰিছে। সেইসকলৰ ভিতৰতো বিশেষকৈ ভাৰতৰ কথা। পিতাই কয় - তোমালোক 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। এতিয়া কাম চিতাত বহি কি হৈ গৈছা! এতিয়া আকৌ পিতা আহিছে। বৃক্ষপতি পিতা আহি মনুষ্য মাত্ৰৰ ওপৰত বৃহস্পতিৰ দশা বহুৱায়। বিশেষভাৱে ভাৰত, সাৰ্বজনীনভাৱে বিশ্বত ৰাহুৰ দশা চলি আছে। পিতাই কয় - মইহে আহি বিশেষকৈ ভাৰতক আৰু সাৰ্ৱজনীনভাৱে জগতৰ লোকৰ গতি-সৎগতি কৰোঁ। তোমালোক ইয়ালৈ আহিছাই পাৰসবুদ্ধিৰ হ’বলৈ। আটাইতকৈ মৰমৰ পিতা - সকলো প্ৰেমিকাৰ প্ৰেমিক এজনেই। সকলো ৰাষ্ট্ৰতে লিঙ্গ নিশ্চয় সাজে কিয়নো সকলোৰে পিতা হয় নহয়। শিৱৰ মন্দিৰ ভাৰতত বহুত আছে যাক শিৱালয় বুলি কয়, থকা স্থান। সত্যযুগত দেৱী-দেৱতা ধৰ্মৰ মনুষ্য, কিন্তু সেই ধৰ্ম কেতিয়া আছিল, তেওঁলোকৰ ৰাজ্য কেতিয়া আছিল... এয়া গম নাপায়। সত্যযুগৰ আয়ুস দীঘলীয়া কৰি লিখি দিছে। পিতাই বহি বুজায় - তোমালোকৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা চলি আছে - 21 জন্মৰ কাৰণে। বৃক্ষপতি হৈছে জ্ঞানৰ সাগৰ পতিত-পাৱন, যাক সকলোৱে আহ্বান জনায়। আপুনি মাতা-পিতা আমি আপোনাৰ সন্তান, সকলোৱে তেওঁৰ মহিমা কৰে। যথাযথ সত্যযুগ ত্ৰেতাত সুখ ভৰপূৰ আছিল। যিহেতু পিতা স্বৰ্গীয় ঈশ্বৰ পিতা, স্বৰ্গৰ ৰচয়িতা তেন্তে নিশ্চয় আমিও স্বৰ্গত থকা উচিত। পিতাই বুজায় - তোমালোক সকলো স্বৰ্গবাসী আছিলা, এতিয়া নৰকবাসী হৈছা। ভাৰতৰে আদি সনাতন দেৱী দেৱতা ধৰ্ম। যেনেকৈ খ্ৰীষ্টান ধৰ্মৰসকল, তেওঁলোক খ্ৰীষ্টান ধৰ্মতে চলি থাকে। পিতাই কয় - তোমালোক দেৱী-দেৱতা ধৰ্মৰসকলে নিজৰ ধৰ্মক কিয় পাহৰি গ’লা! যিহেতু তোমালোক দেৱী-দেৱতা ধৰ্মৰ আছিলা।

পিতাই স্মৃতি সোঁৱৰাই দিয়ে - তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম, কৰ্ম আছিল। এতিয়া তোমালোক নীচ, পাপী, কঙাল হৈ গৈছা, তোমালোক হোৱাই দেৱী-দেৱতাসকলৰ পূজাৰী, তেন্তে নিজক হিন্দু বুলি কিয় কোৱা? ভাৰতৰ এয়া কি অৱস্থা হৈ গৈছে। যিসকল দেৱতা ধৰ্মৰ হয় তেওঁলোক বিকাৰী হোৱাৰ কাৰণে নিজক দেৱতা বুলি নকয়। পিতাই কয় - এতিয়া এই পতিত সৃষ্টিৰ অন্ত হ’ব, মহাভাৰতৰ যুদ্ধও সমাগত। ভগৱানুবাচ (ভগৱানে কয়) - মই তোমালোকক সত্যযুগৰ কাৰণে ৰাজযোগ শিকাওঁ। ভগৱানতো এজনেই, আমি তেওঁৰ সন্তান শালগ্ৰাম। পিতাই কয় - তোমালোক যিসকল পূজ্য আছিলা সেইসকলেই পূজাৰী ভক্ত হৈ গ’লা। এতিয়া আকৌ জ্ঞান লোৱা পূজ্য দেৱতা হ’বৰ কাৰণে। আকৌ দ্বাপৰৰ পৰা পূজ্যসকলেই পূজাৰী হৈ যাবা। তোমালোকে সম্পূৰ্ণ 84 জন্ম লোৱা। যিসকলে 84 জন্ম লৈছে সেইসকলেই আহি ব্ৰহ্মাকুমাৰ-কুমাৰী হ’ব। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন ধৰ্মৰ প্ৰতিষ্ঠা - এয়াও গায়ন কৰা হৈছে। প্ৰজাপিতা আছে যেতিয়া অনেক সন্তানো থাকিব। সেইসকলতো নিশ্চয় ইয়াতে থাকিব লাগে। কিমান অনেক প্ৰজা আছে। এই ব্ৰাহ্মণসকলেই আকৌ দেৱতা হ’ব লাগে। পিতা আহি শূদ্ৰৰ পৰা সলনি কৰি ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। এই সংগমযুগতে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়। এয়া হৈছে কল্যাণকাৰী সংগমযুগ। এই যুদ্ধকে কল্যাণকাৰী বুলি কোৱা হয়। এই বিনাশৰ পাছতহে আকৌ স্বৰ্গৰ দুৱাৰ মুকলি হয়। তোমালোক ইয়ালৈ আহিছা স্বৰ্গবাসী হ’বলৈ বা বিষ্ণুপুৰীলৈ যাবলৈ। তোমালোক সন্তানসকলৰ ওপৰত এতিয়া অবিনাশী বৃহস্পতিৰ দশা চলি আছে। 16 কলা সম্পূৰ্ণ বুলি কোৱা হয়। পুনৰ দুটা কলা কম হৈ যায় তেতিয়া শুক্ৰৰ দশা বুলি কোৱা হয়। সত্যযুগত বৃহস্পতিৰ দশা চলে আকৌ ত্ৰেতাত শুক্ৰৰ দশা চলিব। আকৌ তললৈ নামি আহিলে (অৱনমিত হ’লে) মঙ্গলৰ, শনিৰ, ৰাহুৰ দশাও চলে। জন্ম-জন্মান্তৰ ওলোটা দশাবোৰ চলিয়েই আহি আছে। এতিয়া পিতাৰ দ্বাৰা বৃহস্পতিৰ দশা বহিছে। এওঁ হৈছে বেহদৰ পিতা জ্ঞানৰ সাগৰ, পতিত-পাৱন, তেৱেঁই তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। বাকী সকলো মিছা, কাৰো সৎগতি কৰিব নোৱাৰে। ইয়াক কোৱা হয় বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। এতিয়া বিকাৰী সৃষ্টিত সকলো বহুত দুখী। যুদ্ধ মৰামৰি কি কি হৈ আছে, ইয়াক কোৱা হয় অনাহকতে ৰক্তপাত… কোনো কাৰণ নোহোৱাকৈ কি কি কৰি থাকে। এটাই বোমা এনেকৈ পেলাব যে তৎক্ষণাৎ সকলো নাশ হৈ যাব। এয়া সেয়াই সংগমযুগৰ সময়। তোমালোক দেৱতাসকলৰ কাৰণে আকৌ নতুন সৃষ্টি লাগে। গতিকে এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। এয়া কোনজন পিতাই ক’লে? শিৱবাবাই। তেওঁতো হৈছে নিৰাকাৰ। এনেয়ে নিৰাকাৰতো তোমালোকো হোৱা। কিন্তু তোমালোক পুনৰ্জন্মত আহা, মই নাহোঁ। এই সময়ত সকলো পতিত, এজনো পাৱন নাই। পতিত হ’বই লাগে। সতো-ৰজো-তমোলৈ অৱনমিত হ’বলগীয়া হয়। এই সময়ত গোটেই বৃক্ষই জৰাজীৰ্ণ অৱস্থা পাইছে। সৃষ্টি একেবাৰে পুৰণি হৈ গৈছে। এতিয়া পুনৰাই তাক নতুন কৰি তুলিবলগীয়া হয়। পতিত সৃষ্টিত চোৱা মনুষ্য কিমান। পাৱন সৃষ্টিত বহুত কমসংখ্যকে ৰাজত্ব কৰে। এটাই ধৰ্ম আছিল অন্য কোনো ধৰ্ম নাছিল। ভাৰতকহে স্বৰ্গ বুলি কোৱা হয়। গায়ন কৰা হয় – চেকেণ্ডত শিৱবাবা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি জ্ঞান দিয়ে আৰু ব্ৰহ্মাৰ পৰা বিষ্ণু আৰু ন লাখ প্ৰজা হৈ যায়। সত্যযুগত 9 লাখ হ’ব, পাছলৈ আকৌ বৃদ্ধি হয়। প্ৰথমে বহুত সৰু ফুলৰ বৃক্ষ হয়, কাঁইটৰ কিমান ডাঙৰ জংঘল আছে। দিল্লীত ‘মোগল গাৰ্ডেন’ চোৱা কিমান সুন্দৰ। তাতকৈ ডাঙৰ কোনো বাগিচা নাই। জংঘল চোৱা কিমান ডাঙৰ থাকে। সত্যযুগী বাগিচাও বহুত সৰু হয়। আকৌ বৃদ্ধি হৈ হৈ ডাঙৰ হৈ যায়। এতিয়াতো কাঁইটৰ জংঘল হৈ গৈছে। ৰাৱণ আহিলে কাঁইট হৈ যায়। এইখন হৈছে কাঁইটৰ জংঘল। পৰস্পৰ কাজিয়া কৰে ইজনে সিজনক মাৰে। কিমান ক্ৰোধ, বান্দৰতকৈও অধম বুলি কোৱা হয়। গতিকে পিতাই কয় - মোৰ প্ৰিয় সন্তানসকল এতিয়া তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা চলি আছে। এতিয়া যদি দান দিয়া তেন্তে গ্ৰহণ আঁতৰিব। সম্পূৰ্ণ নিৰ্বিকাৰী এতিয়া ইয়াত হ’ব লাগে। আকৌ এই শৰীৰ এৰি শিৱালয়ত আহি যাবা। শিৱালয়ত বহুত সুখ হয়। দেৱী-দেৱতাসকলৰ ৰাজ্য। সত্যযুগক কোৱা হয় শিৱালয় আৰু কলিযুগক কোৱা হয় বেশ্যালয়। এই বেশ্যালয় ৰাৱণে স্থাপন কৰিছে। এতিয়া পিতাই কয় - পতিতৰ পৰা পাৱন হ’ব লাগে। কেনেকৈ হ’বা। ত্ৰিবেণীত, গঙ্গাত, স্নান কৰিলে পাৱন হৈ যাবা জানো? এয়াতো জন্ম-জন্মান্তৰ কৰি আহিছা। কোটি কোটি মনুষ্য গৈ স্নান কৰে। বহুত নদী, নাদ, পুখুৰী আদি আছে য’তে পানী দেখে ত’তে গৈ স্নান কৰে, কিয়নো নিজক পতিত বুলি ভাবে। এতিয়া পাৰসনাথে তোমালোকৰ বুদ্ধি পাৰস কৰি আছে। গতিকে এনেকুৱা পাৰসনাথ পিতাক কিমান প্ৰেমেৰে স্মৰণ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই কাঁইটৰ জগতৰ পৰা ফুলৰ বাগিচালৈ যাবৰ কাৰণে যিবোৰ কাঁইট (বিকাৰ) আছে, সেয়া বাহিৰ কৰি দিব লাগে। পাৰস কৰি তোলোঁতা পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে।

(2) এই কল্যাণকাৰী সংগমযুগত শূদ্ৰৰ পৰা ব্ৰাহ্মণ তথা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ৰাহুৰ গ্ৰহণ আঁতৰাবৰ কাৰণে বিকাৰবোৰ দান দিব লাগে।

বৰদান:
সংগমযুগত প্ৰতিটো কৰ্ম কলাৰ ৰূপত কৰোঁতা 16 কলা সম্পন্ন হোৱা

সংগমযুগ বিশেষ কৰ্ম ৰূপী কলা প্ৰদৰ্শন কৰাৰ যুগ। যাৰ প্ৰতিটো কৰ্ম কলাৰ ৰূপত হয় তেওঁৰ প্ৰতিটো কৰ্ম বা গুণৰ গায়ন হয়। 16 কলা সম্পন্ন অৰ্থাৎ সকলো চাল-চলন সম্পূৰ্ণ কলাৰ ৰূপত দেখা দিয়ক - এয়াই সম্পূৰ্ণ স্থিতিৰ লক্ষণ। যিদৰে সাকাৰত বাৰ্তালাপ, চলন… সকলোতে বিশেষত্ব দেখিলা, গতিকে এয়া কলা হৈ গ’ল। উঠা-বহাৰ কলা, চোৱাৰ কলা, চলনৰ কলা আছিল। সকলোতে অনাসক্ত ভাৱ আৰু বিশেষত্ব আছিল। গতিকে এনেকৈ পিতাক অনুসৰণ কৰি 16 কলা সম্পন্ন হোৱা।

স্লোগান:
শক্তিশালী তেওঁ যিয়ে ততালিকে চিনাক্ত কৰি সিদ্ধান্ত লৈ লয়।


অব্যক্ত ইংগিত: জ্বালামুখী স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

তোমালোক সন্তানসকলৰ যোগ যেতিয়া জ্বালামুখী স্বৰূপ শক্তিশালী হ’ব, তেতিয়া পবিত্ৰতাৰ অগ্নিয়ে এক ছেকেণ্ডতে বিশ্বৰ আৱৰ্জনাবোৰ ভস্ম কৰিব পাৰিব। পবিত্ৰতাৰ এই শক্তি হৈছে এক মহান শক্তি। অন্তিম সময়ত যেতিয়া তোমালোক সম্পূৰ্ণ পবিত্ৰ হৈ যাবা, তেতিয়া তোমালোকৰ শ্ৰেষ্ঠ সংকল্পৰ একান্ত নিষ্ঠাৰ অগ্নিৰ দ্বাৰা এই সকলো আৱৰ্জনা ভস্ম হৈ যাব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]