02.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সকলোতকৈ মৰমৰ শব্দ হৈছে ‘বাবা’, তোমালোকৰ মুখেৰে সদায় ‘বাবা’ ‘বাবা’ উচ্চাৰিত হৈ থাকিব লাগে, সকলোকে শিৱবাবাৰ পৰিচয় দি থাকা”

প্ৰশ্ন:
সত্যযুগত কেৱল মনুষ্যই নহয় জীৱ-জন্তুও ৰোগী নহয়, কিয়?

উত্তৰ:
কিয়নো সংগমযুগত বাবাই সকলো আত্মাৰ আৰু বেহদ সৃষ্টিৰ এনেকুৱা অস্ত্ৰোপচাৰ কৰি দিয়ে যে ৰোগৰ নাম-চিহ্নই নাথাকে। পিতা হৈছে অবিনাশী ছাৰ্জন। এতিয়া যিখন সৃষ্টিত সকলো ৰোগী এইখন সৃষ্টিত আকৌ দুখৰ নাম-চিহ্নই নাথাকিব। ইয়াৰ দুখৰ পৰা ৰক্ষা পাবলৈ বহুত বাহাদুৰ হ’ব লাগে।

গীত:
তুম্হে পাকে হমনে….. (তোমাক পাই আমি…..)

ওঁম্শান্তি।
দুবাৰো ক’ব পাৰি, দুবাৰ ‘ওঁম্‌ শান্তি’। আত্মাই নিজৰ পৰিচয় দি আছে। মই আত্মা শান্ত স্বৰূপ হওঁ। মোৰ নিবাস স্থান হৈছে শান্তিধাম আৰু আমি সকলো বাবাৰ সন্তান। সকলো আত্মাই ‘ওঁম্‌’ বুলি কয়, তাত আমি সকলো পৰস্পৰ ভাই ভাই পুনৰ ইয়াত ভাই ভনী হওঁ। এতিয়া ভাই-ভনীৰে সম্বন্ধ আৰম্ভ হয়। পিতাই বুজায় সকলো মোৰ সন্তান, ব্ৰহ্মাৰো তোমালোক সন্তান হোৱা সেই কাৰণে ভাই-ভনী হ’লা। তোমালোকৰ অন্য কোনো কৰ্ম সম্বন্ধ নাই। প্ৰজাপিতাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী। পুৰণি সৃষ্টিখন সলনি কৰিবলৈ এই সময়তে আহে। পিতা ব্ৰহ্মাৰ দ্বাৰাই আকৌ নতুন সৃষ্টি ৰচে। ব্ৰহ্মাৰ লগতো সম্বন্ধ আছে নহয়। যুক্তিও কিমান ভাল। সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে আৰু নিজক ভাই-ভনী বুলি বুজিব লাগে। আসুৰিক দৃষ্টি ৰাখিব নালাগে, ইয়াততো কুমাৰ-কুমাৰী যেতিয়া ডাঙৰ হৈ যায় তেতিয়া দৃষ্টি আসুৰিক হৈ যায় তেতিয়া আসুৰিক কৰ্ম কৰি দিয়ে। আসুৰিক কৰ্ম হয় ৰাৱণৰাজ্যত। সত্যযুগত আসুৰিক কৰ্ম নহয়। আসুৰিক শব্দটিয়ে নাথাকে। ইয়াততো বহুত আসুৰিক কৰ্ম হয়। তাৰ বাবে আকৌ আদালত আদিও আছে। তাত আদালত আদি নাথাকে। আচৰিত নহয় নে। কাৰাগাৰো নাথাকে, পুলিচো নাথাকে, চোৰো নাথাকে। এই সকলোবোৰ হৈছে দুখৰ কথা, যিবোৰ ইয়াত হৈ আছে। সেই কাৰণে সন্তানসকলক বুজোৱা হৈছে, এয়া হৈছে সুখ আৰু দুখ, জয় আৰু পৰাজয়ৰ খেল। এয়াও তোমালোকেহে বুজি পোৱা। গায়ন কৰা হৈছে - মায়াৰ ওচৰত পৰাজিত হোৱা মানেই পৰাজয়, পিতা আহি আধাকল্পৰ বাবে মায়াৰ ওপৰত বিজয়ী কৰি তোলে। আকৌ আধাকল্প পৰাজিত হ’বলগীয়া হয়। এয়া কোনো নতুন কথা নহয়। এয়াতো সাধাৰণ পাই-পইচাৰ খেল আকৌ তোমালোকে মোক স্মৰণ কৰা তেতিয়া নিজৰ ৰাজ্য-ভাগ্য আধাকল্পৰ বাবে লৈ লোৱা। ৰাৱণৰাজ্যত মোক পাহৰি যোৱা। ৰাৱণ হৈছে শত্ৰু, ৰাৱণক প্ৰত্যেক বছৰে ভাৰতবাসীয়েহে জ্বলায়। যি দেশত বহুত ভাৰতবাসী থাকিব তাতো জ্বলায়। ক’ব এইটো ভাৰতবাসীৰ ধৰ্মীয় উৎসৱ। দশহৰা পালন কৰিলে সন্তানসকলক বুজোৱা হয় - সেয়াতো হদৰ কথা। ৰাৱণৰাজ্যতো এতিয়া গোটেই বিশ্বতে আছে। কেৱল লংকাতে নাই। বিশ্বখনতো বহুত বিশাল নহয় জানো। পিতাই বুজাইছে - এই সৃষ্টিখন সাগৰৰ ওপৰত থিয় হৈ আছে। মনুষ্যই কয় - তলত এটা বলধ গৰু আছে যাৰ শিঙৰ ওপৰত সৃষ্টি থিয় হৈ আছে যেতিয়া ভাগৰি পৰে তেতিয়া সলনি কৰে। এতিয়া এনেকুৱা কথাতো নহয়। পৃথিৱীতো পানীৰ ওপৰত থিয় হৈ আছে, চাৰিওফালে পানীয়েই পানী। এতিয়া গোটেই সৃষ্টিত ৰাৱণৰাজ্য আছে পুনৰ ৰাম অথবা ঈশ্বৰীয় ৰাজ্য স্থাপনা কৰিবলৈ পিতা আহিবলগীয়া হয়। কেৱল ঈশ্বৰ বুলি কলেও কৈ দিয়ে ঈশ্বৰতো সৰ্বশক্তিমান, সকলো কৰিব পাৰে। অযথা মহিমা হৈ যায়। ইমান মৰম নাথাকে। ইয়াত ঈশ্বৰক পিতা বুলি কোৱা হয়। বাবা বুলি ক’লে উত্তৰাধিকাৰ পোৱাৰ কথা আহি যায়। শিৱবাবাই কয় - সদায় ‘বাবা বাবা’ বুলি ক’ব লাগে। ঈশ্বৰ বা প্ৰভু আদি শব্দ পাহৰি যাব লাগে। বাবাই কৈছে – মামেকম্‌ স্মৰণ কৰা। প্ৰদৰ্শনী আদিতো যেতিয়া বুজোৱা তেতিয়া বাৰে বাৰে শিৱবাবাৰ পৰিচয় দিয়া। শিৱবাবা এজনেই উচ্চতকৈও উচ্চ, যিজনক ঈশ্বৰ পিতা বুলি কোৱা হয়। মুছলমানসকলে আল্লাহ বুলি কয়, ৰাতিপুৱা 10 মিনিট কোৰাণৰ অৰ্থ ভাঙনি কৰে যে আল্লাহ মিয়াই কৈছে, কাকো দুখ দিব নালাগে। এইটো কৰিব নালাগে। এনেকৈ নুবুজে যে বাবাই কয়। ‘বাবা’ শব্দটি আটাইতকৈ মিঠা। শিৱবাবা, শিৱবাবা মুখেৰে উচ্চাৰিত হয়। মুখতো মনুষ্যৰেই হ’ব নহয়। গৰুৰ মুখ জানো হ’ব পাৰে। তোমালোক হৈছা শিৱ শক্তি। তোমালোকৰ মুখ কমলেৰে জ্ঞান অমৃত উচ্চাৰিত হয়। তোমালোকৰ নাম প্ৰসিদ্ধ কৰিবলৈ গো-মুখ বুলি কৈ দিছে। গংগাৰ বাবে এনেকৈ নকয়। মুখ কমলৰ পৰা অমৃত এতিয়া নিৰ্গত হয়। জ্ঞান অমৃত পান কৰিলে গতিকে বিষ পান কৰিব নোৱাৰে। অমৃত পান কৰিলে তোমালোক দেৱতা হোৱা। মই এতিয়া আহিছোঁ - অসুৰক দেৱতা কৰি তুলিবলৈ। তোমালোক এতিয়া দৈৱী সম্প্ৰদায়ৰ হৈ আছা। সংগমযুগ কেতিয়া, কেনেকৈ হয়, এয়াও কোনেও নাজানে। তোমালোকে জানা আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল পুৰুষোত্তম সংগমযুগী হওঁ। বাকী যি আছে সেয়া সকলো কলিযুগী। তোমালোক কিমান কম সংখ্যক। বৃক্ষৰো জ্ঞান তোমালোকৰ আছে। বৃক্ষ প্ৰথমে সৰু হয় পাছত বৃদ্ধি হৈ থাকে। কিমান আৱিস্কাৰ কৰে যে সন্তান কমকৈ কেনেকৈ জন্ম হ’ব। কিন্তু মনুষ্যই বিচাৰে কিবা, হয়গৈ অন্য কিবা। সকলোৰে মৃত্যুতো হ’বই। এতিয়া শস্য বহুত ভাল হ’ব, বৰষুণ আহিলে কিমান লোকচান কৰি দিয়ে। প্ৰাকৃতিক দুৰ্যোগকতো কোনেও বুজিব নোৱাৰে। কোনো কথাৰ ঠিকনা আছে জানো। ক’ৰবাত শস্য হয় আৰু বৰফৰ আচ্ছাদন পৰি যায় তেতিয়া কিমান লোকচান হয়। বৰষুণ নহ’লে তেতিয়াও লোকচান, ইয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। এনেকুৱাতো অনেক হ’বলগীয়া আছে, ইয়াৰ পৰা ৰক্ষা পাবলৈ বহুত বাহাদুৰ হ’ব লাগে। কাৰোবাৰ অস্ত্ৰোপচাৰ হয়, তেতিয়া বহুতে সেয়া চাব নোৱাৰে, দেখিলেই বেহুচ হৈ যায়। এতিয়া এই গোটেই ছিঃ ছিঃ সৃষ্টিৰ অস্ত্ৰোপচাৰ হ’ব। পিতাই কয় - মই আহি সকলোৰে অস্ত্ৰোপচাৰ কৰোঁ। গোটেই সৃষ্টিখনে ৰোগী। অবিনাশী ছাৰ্জনো পিতাৰেই নাম। তেওঁ গোটেই বিশ্বৰ অস্ত্ৰোপচাৰ কৰি দিব, যাৰ ফলত বিশ্বত থকাসকলৰ কেতিয়াও দুখ নহ’ব। কিমান ডাঙৰ ছাৰ্জন। আত্মাসকলৰো অস্ত্ৰোপচাৰ, বেহদ সৃষ্টিৰো অস্ত্ৰোপচাৰ কৰোঁতা হয়। তাত মনুষ্যতো বাদেই জীৱ-জন্তুও ৰোগী নহয়। পিতাই বুজায় - মোৰ আৰু সন্তানসকলৰ কি ভূমিকা আছে। ইয়াক কোৱা হয় ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান যি তোমালোকেহে আহৰণ কৰি আছা। সন্তানসকলৰ পোন প্ৰথমেতো এইটো আনন্দ থাকিব লাগে।

আজি সৎগুৰুবাৰ, সদায় সঁচা কথা ক’ব লাগে। বেপাৰতো কয় নহয় - সঁচা কোৱা। ঠগোৱা কথা নক’বা। তথাপিও লোভত পৰি অলপ বেছি দাম কৈ চুক্তি কৰি দিব। সঁচাতো কেতিয়াও কোনেও নকয়। মিছাৰ ওপৰত মিছা কৈ থাকে সেইকাৰণে সত্যক স্মৰণ কৰে। কয় নহয় – সত্যৰ সংগ আছে। এতিয়া তোমালোকে জানা বাবা যি সত্য হয় তেওঁৰ সংগতেই আমি আত্মাসকল চলিম। এতিয়া সত্যৰ সৈতে তোমালোক আত্মাসকলৰ সংগ হৈছে সেয়েহে তোমালোকেই লগত যাবা। তোমালোক সন্তানসকলে জানা শিৱবাবা আহিছে, যাক সত্য বুলি কোৱা হয়। তেওঁ আমাক আত্মাসকলক পৱিত্ৰ কৰি এবাৰেই লগত লৈ যাব। সত্যযুগত এনেকৈ নকয় যে ‘ৰাম ৰাম’ৰ সংগ আছে বা সত্যৰ সংগ আছে। নহয়। পিতাই কয় - এতিয়া মই তোমালোক সন্তানসকলৰ ওচৰলৈ আহিছোঁ, নয়নত বহুৱাই লৈ যাওঁ। এই দুটি নেত্ৰ নহয়, তৃতীয় নেত্ৰ। তোমালোকে জানা এই সময়ত পিতা লগত লৈ যাব আহিছে। শঙ্কৰৰ বৰযাত্ৰী নহয়, এয়া শিৱৰ সন্তানসকলৰ বৰযাত্ৰী। তেওঁ স্বামীসকলৰো স্বামী। কয় তোমালোক সকলো কইনা, মই দৰা। তোমালোক সকলো প্ৰেয়সী, মই প্ৰেমিক। প্ৰেমিক এজনেই থাকে নহয়। তোমালোক আধাকল্পৰ পৰা মোৰ; প্ৰেমিকৰ প্ৰেমিকা হোৱা। এতিয়া মই আহিছোঁ সকলো ভক্ত। ভক্তক ৰক্ষা কৰোঁতা হৈছে ভগৱান। আত্মাই ভক্তি কৰে শৰীৰৰ সৈতে। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে। ভক্তিৰ ফল সত্যযুগত ভোগ কৰা, যিটো এতিয়া সন্তানসকলক দি আছোঁ। তেওঁ তোমালোকৰ প্ৰেমিক যিয়ে তোমালোকক লগত লৈ যাব আকৌ তোমালোকে নিজৰ পুৰুষাৰ্থ অনুসৰি ৰাজ্য-ভাগ্য ল’বাগৈ। এয়া ক’তো লিখা হোৱা নাই। কয় যে শঙ্কৰে পাৰ্বতীক অমৰ কথা শুনালে। তোমালোক সকলো হৈছা পাৰ্বতী। মই হৈছোঁ কথা (কাহিনী) শুনাওঁতা অমৰনাথ। অমৰনাথ বুলি এজনকে কোৱা হয়। উচ্চতকৈও উচ্চ হৈছে পিতা, তেওঁৰতো নিজৰ দেহ নাই, কয় - মই অমৰনাথে তোমালোক সন্তানসকলক অমৰ কথা শুনাওঁ। শঙ্কৰ-পাৰ্বতী ইয়াত ক’ৰ পৰা আহিল। তেওঁলোকতো থাকে সূক্ষ্মলোকত, য’ত সূৰ্য-চন্দ্ৰৰো পোহৰ নপৰে।

সত্য পিতাই এতিয়া তোমালোকক সত্য কথা শুনায়। পিতাৰ বাহিৰে আন কোনেও সত্য কথা শুনাব নোৱাৰে। এইটোও বুজি পোৱা যে বিনাশ হ’বলৈ সময় লাগে। কিমান ডাঙৰ সৃষ্টি, কিমান অনেক মহল আদি খহি শেষ হৈ যাব। ভূমিকম্পত কিমান লোকচান হয়। কিমান মৰে। বাকী তোমালোকৰ সৰু বৃক্ষ হ’ব। দিল্লী পৰিস্তান হৈ যাব। এখন পৰিস্তানতেই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব চলে। কিমান ডাঙৰ ডাঙৰ মহল নিৰ্মাণ কৰিব। বেহদৰ সম্পত্তি পোৱা যায়। তোমালোকে একো খৰচ কৰিবলগীয়া নহয়। বাবাই কয় - এওঁৰ (ব্ৰহ্মাৰ) জীৱনতে শস্য কিমান সস্তা আছিল। তেন্তে সত্যযুগত কিমান সস্তা হ’ব। দিল্লীৰ সমান এজন এজনৰ ঘৰ আৰু মাটি আদি হ’ব। মিঠা নদীৰ পাৰত তোমালোকৰ ৰাজত্ব চলিব। প্ৰত্যেকৰে কি যে নাথাকিব। সদায় অন্ন পাই থাকিবা। তাৰ ফল-ফুলো দেখিবলৈ পোৱা কিমান ডাঙৰ ডাঙৰ হয়। তোমালোকে সোমৰস পান কৰি আহা। কয় তাত মালী আছে। এতিয়া মালীতো নিশ্চয় বৈকুণ্ঠত বা নদীৰ পাৰত থাকিব। তাত কিমান কম হ’ব। ক’ত এতিয়া ইমান কোটি, ক’ত 9 লাখ হ’ব আৰু সকলো তোমালোকৰে হ’ব। পিতাই এনেকুৱা ৰাজ্য-ভাগ্য দিয়ে যাক আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। আকাশ, ধৰণী আদি সকলোৰে মালিক তোমালোক হোৱা। গীতো সন্তানসকলে শুনিলে। এনেকুৱা 6-8 টা মান গীত আছে যিবোৰ শুনিলেই আনন্দৰ সীমা নোহোৱা হৈ যায়। চোৱা, অৱস্থা যদি কিছু তল-ওপৰ নহয়, তেন্তে গীত বজাই দিয়া। এয়া হ’ল আনন্দৰ গীত। তোমালোকেতো অৰ্থও জানা। নিজক হৰ্ষিত মুখ কৰি ৰাখিবলৈ বাবাই বহুত যুক্তি শুনায়। বাবালৈ লিখে বাবা ইমান আনন্দ নাথাকে। মায়াৰ ধুমুহা আহে। হেৰ’, মায়াৰ ধুমুহা আহিলে - তোমালোকে বাদ্য বজাই দিয়া। আনন্দৰ কাৰণে ডাঙৰ ডাঙৰ মন্দিৰতো দুৱাৰত বাদ্য বাজি থাকে। মুম্বাইতো মাধৱবাগত লক্ষ্মী-নাৰায়ণৰ মন্দিৰৰ দুৱাৰতো বাদ্য বাজি থাকে। তোমালোকক কয় - এই চিনেমাৰ গীত কিয় বজোৱা। তেওঁলোকে কি জানে যে এয়াও ড্ৰামা অনুসৰি কামত আহিবলগীয়া বস্তু। ইয়াৰ অৰ্থতো তোমালোক সন্তানসকলে বুজি পোৱা। এয়া শুনিলেও আনন্দিত হৈ যাবা। কিন্তু সন্তানসকলে পাহৰি যায়। ঘৰত কাৰোবাৰ দুখ হ’লে তেতিয়াও গীত শুনি বৰ আনন্দিত হ’ব। এয়া অতি মূল‌্যৱান বস্তু। কাৰোবাৰ ঘৰত কাজিয়া লাগিলে তেতিয়া কোৱা, ভগৱানুবাচ কাম মহাশত্ৰু। ইয়াৰ ওপৰত জয়ী হ’লে আমি বিশ্বৰ মালিক হ’ম তেতিয়া ফুলৰ বৰ্ষা হ'ব, জয়জয়কাৰ হৈ যাব। সোণৰ ফুল বৰষিব। তোমালোক এতিয়া কাঁইটৰ পৰা সোণৰ ফুল হৈ আছা নহয়। আকৌ তোমালোকৰ অৱতৰণ হ'ব, ফুলৰ বৰ্ষা নহয় কিন্তু তোমালোক ফুল হৈ আহিবা। মনুষ্যই ভাবে সোণৰ ফুলৰ বৰ্ষা হয়। এজন ৰাজকুমাৰ বিদেশলৈ গ’ল, তাত পাৰ্টিৰ আয়োজন কৰিছিল, তেওঁৰ বাবে সোণৰ ফুল তৈয়াৰ কৰিলে। সকলোৰে ওপৰত চটিয়াই দিলে। আনন্দিত হৈ ইমান খাতিৰ কৰিলে। সঁচা সোণেৰে তৈয়াৰ কৰিলে। বাবাই তেওঁৰ ৰাজ্য আদিও ভালদৰে জানে। বাস্তৱত তোমালোক ফুল হৈ আহা। সোণৰ ফুল তোমালোক ওপৰৰ পৰা অৱতৰিত হোৱা। তোমালোক সন্তানসকলৰ কিমান লটাৰি প্ৰাপ্ত হৈ আছে বিশ্বৰ বাদশ্বাহীৰ। যেনেকৈ লৌকিক পিতাই সন্তানক কয়- তোমাৰ বাবে এইটো আনিছোঁ তেতিয়া সন্তান কিমান আনন্দিত হৈ যায়। বাবায়ো কয় - তোমালোকৰ কাৰণে স্বৰ্গ লৈ আনিছোঁ। তোমালোকে তাত ৰাজত্ব কৰিবা তেন্তে কিমান আনন্দিত হোৱা উচিত। কাৰোবাক সৰু উপহাৰ দিলে তেতিয়া কয় বাবা আপুনিতো আমাক বিশ্বৰ বাদশ্বাহী দিয়ে, এই উপহাৰনো কি! হেৰ’, শিৱবাবাৰ স্মাৰক লগত থাকিলেতো শিৱবাবাৰ স্মৃতি থাকিব আৰু তোমালোকে পদম পাই যাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্যৰ সংগলৈ উভটি যাব লাগে সেইবাবে সদায় সত্যনিষ্ঠ হৈ থাকিব লাগে। কেতিয়াও মিছা কথা ক’ব নালাগে।

(2) আমি ব্ৰহ্মা বাবাৰ সন্তান পৰস্পৰ ভাই-ভনী হওঁ, সেইবাবে কোনো ধৰণৰ আসুৰিক কৰ্ম কৰিব নালাগে। ভাই ভাই আৰু ভাই-ভনীৰ বাদে অন্য কোনো সম্বন্ধৰ বোধ যাতে নাথাকে।

বৰদান:
স্মৃতিৰ বলেৰে নিজৰ আৰু অন্যৰ শ্ৰেষ্ঠ পুৰুষাৰ্থৰ গতিবিধি জানোঁতা মাষ্টৰ ত্ৰিকালদৰ্শী হোৱা

যেনেকৈ বিজ্ঞানীসকলে পৃথিৱীৰ পৰা আকাশলৈ যাওঁতাসকলৰ সকলো গতি বিধি জানিব পাৰে তেনেকৈ তোমালোক ত্ৰিকালদৰ্শী সন্তানে শান্তি অৰ্থাৎ স্মৃতিৰ বলেৰে নিজৰ আৰু আনৰ শ্ৰেষ্ঠ পুৰুষাৰ্থ বা স্থিতিৰ গতি বিধি স্পষ্টকৈ জানিব পাৰা। বুদ্ধি দিব্য হ’লে, স্মৃতিৰ শুদ্ধ সংকল্পত স্থিৰ হ’লে ‘ত্ৰিকালদৰ্শী হোৱা”ৰ বৰদান প্ৰাপ্ত হৈ যায় আৰু বাস্তবায়িত কৰিবলৈ নতুন নতুন পৰিকল্পনা স্বতঃ প্ৰকট হৈ যায়।

স্লোগান:
সকলোৰে সহযোগী হোৱা তেতিয়া স্নেহ স্বতঃ প্ৰাপ্ত হৈ থাকিব।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

কোনেও এনেকৈ ক’ব নোৱাৰে যে আমিতো সেৱাৰ সুযোগ নাপাওঁ। কোনোবাই মুখেৰে ক’ব নোৱাৰে তেন্তে মনেৰে বায়ুমণ্ডলৰ দ্বাৰা সুখৰ বৃত্তি, সুখময় স্থিতিৰে সেৱা কৰা। স্বাস্থ্য ভাল নহয় তেন্তে ঘৰত বহিও সহযোগী হোৱা, কেৱল মনত শুদ্ধ সংকল্পৰ পুঁজি জমা কৰা, শুভ ভাৱনাৰে সম্পন্ন হোৱা।