02.11.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক নিজৰ ৰাজকীয় ভাগ্য গঢ়িবলৈ আহিছা, যিমানে স্মৃতিত থাকিবা, পঢ়াৰ প্ৰতি ধ্যান দিবা সিমানে ভাগ্য শ্ৰেষ্ঠ হৈ গৈ থাকিব”

প্ৰশ্ন:
সংগমত কোনটো শ্ৰীমত পালন কৰি 21 জন্মৰ বাবে তোমালোকে নিজৰ ভাগ্য শ্ৰেষ্ঠ কৰি গঢ়ি লোৱা?

উত্তৰ:
সংগমত পিতাৰ শ্ৰীমত হৈছে - মৰমৰ সন্তানসকল, নিৰ্বিকাৰী হোৱা। দেহী-অভিমানী হোৱাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰা। কেতিয়াও কোনো পাপ কৰ্ম নকৰিবা তেতিয়া 21 জন্মৰ বাবে ভাগ্য শ্ৰেষ্ঠ হৈ যাব।

গীত:
তকদীৰ জগাকৰ আই হুঁ… (ভাগ্য উদয় কৰি আহিছোঁ…)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলা। এতিয়া এই দুটি কলিৰ অৰ্থ যিসকলে বুজিলা তেওঁলোকে হাত উঠোৱা? এয়া কোনে কলে - ভাগ্য উদয় কৰি আহিছোঁ? আত্মাই। সকলো আত্মাই কয় - মই ভাগ্য গঢ়ি আহিছোঁ, কি ভাগ্য? নতুন সৃষ্টিলৈ যোৱাৰ ভাগ্য। নতুন সৃষ্টি হৈছে স্বৰ্গ। এই পুৰণি সৃষ্টিখন হ’ল নৰক। গতিকে এই সকলোবোৰ আত্মাসকলে কয়। আত্মাকতো শৰীৰ নিশ্চয় লাগে তেতিয়াহে কথা ক’ব। জীৱৰ আত্মাই কয় - মই পাঠশালাত (স্কুলত) ভাগ্য গঢ়িবলৈ আহিছোঁ। পঢ়াওঁতাজন কোন? শিৱবাবা জ্ঞানৰ সাগৰ। মনুষ্যক দেৱতা অথবা পতিতক পাৱন, নৰকবাসীক স্বৰ্গবাসী কৰি তোলোঁতা সেই এজন পিতাই হয়। এই নৰকত এতিয়া জুই লাগিব। জগতত এনেকুৱা কোনো পঢ়াশালি নাই য’ত সন্তানসকলে কয় যে আমি বেহদৰ পিতাৰ ওচৰলৈ আহিছোঁ অথবা এনেকুৱা কোনো নাই যিয়ে ক’ব যে মই পিতাও হওঁ, শিক্ষকো হওঁ, গুৰুও হওঁ। এই ব্ৰহ্মায়ো ক’ব নোৱাৰে। একমাত্ৰ শিৱাবাইহে কয় - মই সকলোৰে পিতা, শিক্ষক গুৰু হওঁ। তেৱেঁই বহি পঢ়ায়। গতিকে এতিয়া সন্তানসকলে ভাগ্য গঢ়িব লাগে। সন্তাসকলে কয় - আমি আহিছোঁ নতুন সৃষ্টিৰ ৰাজধানীৰ ভাগ্য গঢ়িবলৈ। আমি গম পাওঁ যে এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। পিতা আহি নতুন সৃষ্টি স্থাপন কৰে। তোমালোকে 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য ল’বলৈ পঢ়া। অৰ্থাৎ তোমালোকে ৰাজকীয় ভাগ্য গঢ়িবলৈ আহিছা। ইয়াত ৰাজযোগ শিকি আছা। এই গীত যদিও সেই নাট্য গোষ্ঠীৰ দ্বাৰা ৰচা হৈছে কিন্তু ইয়াৰ অৰ্থ আকৌ বুজোৱা হয়। যিদৰে পিতাই বহি সকলো বেদ, শাস্ত্ৰৰ সাৰ বুজায়। এই সময়ত গোটেই জগতত ভক্তি চলি আছে। সত্যযুগত ভক্তি, মন্দিৰ আদি নাথাকে। তোমালোকে আধাকল্প ভক্তি কৰিছা, এতিয়াতো ভগৱানক পাই গ’লা। প্ৰথমতে ভাৰতত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, আকৌ 84 জন্ম লওঁতে লওঁতে ভাগ্য নষ্ট হৈ গৈছে। এতিয়া পুনৰাই ভাগ্য গঢ়ে। পিতা আহিছেই ভাগ্য গঢ়িবলৈ। সন্তানসকলক কয় - মোক স্মৰণ কৰা। তোমালোক বহুতেই পাপ আত্মা হৈ গৈছা। প্ৰথমে শিৱবাবাৰ ভক্তি কৰা হয়, সেয়া হৈছে অব্যভিচাৰী ভক্তি। আকৌ ভক্তিও ব্যভিচাৰী হৈ যায়। গতিকে সন্তানসকলৰ প্ৰথমতে এইটো নিশ্চয় হ’ব লাগে যে যিজনক ভগৱান বুলি কোৱা হয় তেওঁ আমাক পঢ়ায়। তেওঁৰ কোনো শৰীৰ নাই, তেওঁ এই শৰীৰত বহি কথা কয়। যিদৰে তোমালোক আত্মাই এই শৰীৰত অহাৰ পাছত কথা ক’বলৈ আৰম্ভ কৰা। কেতিয়াবা কেতিয়াবা মনুষ্য মৰি যায়, আকৌ যেতিয়া শ্মশানত লৈ যোৱা হয় তেতিয়া আধাবাটত লৰচৰ কৰিবলৈ ধৰে। এনেকুৱা হয় জানো আত্মা গুচি গ'ল আকৌ আহিল, নহয়। আত্মা একেবাৰে সূক্ষ্ম নহয় জানো, তেন্তে ক’ত লুকাই গ’ল। এনেদৰে ক’ব যে অচেতন হৈ গ’ল, কোনেও গমকে নাপালে। এনেকুৱা কেতিয়াবা কেতিয়াবা হৈ যায়। চিতাৰ পৰাও জাগি উঠে, তেতিয়া তেওঁক উঠাই আনে। তেন্তে এয়া কি হ’ল? আত্মা ক'ত লুকাই গ’ল। পুনৰ নিজৰ ঠিকনাত আহি গ’ল। আত্মা নাথাকিলে তেতিয়া শৰীৰ একদম মৃত হৈ যায়। আত্মাৰ দেশ হ’ল পৰমধাম। তোমালোকে জানা যে আমি তাৰ সেই ঘৰৰ নিবাসী আছিলোঁ। প্ৰথমতে আমি আত্মাসকল ঘৰৰ পৰা সত্যযুগলৈ আহিলোঁ। ভাৰতবাসী যিসকল দেৱী-দেৱতা আছিল, তেওঁলোকেই আহিছিল। বাস্তৱত যি যি ধৰ্ম প্ৰতিষ্ঠা কৰে সেয়া অন্তিমলৈকে বৰ্তি থাকে। বুদ্ধৰ ধৰ্ম বৰ্তি আছে, যীশুখ্ৰীষ্টৰ ধৰ্ম বৰ্তি আছে। মাথো দেৱী-দেৱতা ধৰ্মৰ যিসকলে ৰাজত্ব কৰিছিল তেওঁলোকৰ নামেই লোপ হৈ গ’ল। কোনো নাই যিয়ে নিজক দেৱী-দেৱতা ধৰ্মৰ বুলি ক'ব পাৰে।

পিতাই বুজায় ভাৰতবাসীয়ে নিজৰ ধৰ্মক পাহৰি গৈছে, আমাৰ গৃহস্থ ধৰ্ম পৱিত্ৰ আছিল। সম্পূৰ্ণ নিৰ্বিকাৰী, মহাৰজা-মহাৰাণীৰ ৰাজ্য আছিল। তেওঁলোকক ভগৱতী লক্ষ্মী আৰু ভগৱান নাৰায়ণ বুলি কয়। বাস্তৱত ভগৱান এজন, তেওঁকেই জ্ঞানসাগৰ বুলি কোৱা হয়। এই লক্ষ্মী নাৰায়ণৰতো একো জ্ঞান নাই। জ্ঞানৰ সাগৰ এজনেই শিৱবাবা। তেওঁ বহি তোমালোক সন্তানসকলক জ্ঞান দিয়ে। তোমালোকে এতিয়া পঢ়ি আছা, এই পঢ়া আকৌ তাত পাহৰি যাবা। এতিয়া তোমালোক প্ৰত্যেকে বুজি পোৱা আমাৰ আত্মাত 84 জন্মৰ ৰেকৰ্ড ভৰি আছে। আত্মাই এতিয়া জ্ঞান লৈ আছে। আকৌ সত্যযুগত আহি নিজৰ ৰাজ্যত ৰাজত্ব কৰিব। তোমালোকে ক'বা আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া বাবাৰ পৰা আমি স্বৰ্গৰ বাদশ্বাহী লৈ আছোঁ। প্ৰত্যেকে সেই দাদাৰ পৰা উত্তৰাধিকাৰ লয়, কিন্তু নিজৰ নিজৰ পুৰুষাৰ্থ অনুসৰি। ইয়াত কোনো অংশ ভগোৱা নহয়। অজ্ঞান কালত ভগোৱা হয়। বেহদৰ পিতাই কয় - মই বৈকুণ্ঠ স্থাপন কৰোঁ। তাত উচ্চ পদ পোৱা, সেয়া তোমালোকৰ পুৰুষাৰ্থৰ ওপৰত নিৰ্ভয় কৰে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। পৱিত্ৰ হ’বা। সোণ ভাতীত (জুইত) দিয়ে নহয়। তেতিয়া তাৰ পৰা খাদ আঁতৰি বিশুদ্ধ সোণৰ লদা হৈ যায়। এই আত্মাও বিশুদ্ধ সোণ আছিল, ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। প্ৰথমতে হৈছে সোণালী যুগ তাৰপাছত প্ৰথমে ৰূপৰ খাদ পৰিল। আত্মা কিছু অপৱিত্ৰ হৈ যায় সেয়েহে লাহে লাহে অলপ কমি যায়। ঘৰো প্ৰথমে নতুন পাছত লাহে লাহে পুৰণি হৈ গৈ থাকে। 100 বছৰ পাছত ক’ব পুৰণা। সেইদৰে সৃষ্টিখনো নতুন আৰু পুৰণা হয়। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে নতুন আছিল, এই দেৱী-দেৱতাসকলৰ যি ৰাজ্য আছিল - সেয়া ক’ত গ’ল? 84 জন্ম ভোগ কৰোঁতে কৰোঁতে পুৰণা হৈ গ’ল। আত্মাও মলিন গতিকে শৰীৰো মলিন হৈ গ’ল। বগাৰ পৰা শ্যামবৰণীয়া হৈ গ'ল। কৃষ্ণকো বগা আৰু শ্যামবৰণীয়া দেখুৱায় নহয়। ভৰি নৰকৰ ফালে, মুখ স্বৰ্গৰ ফালে দেখুৱাব লাগে।। তোমালোকো সেই কুলৰ হোৱা। তোমালোকৰো ভৰি নৰকৰ ফালে আৰু মুখ স্বৰ্গৰ ফালে। এতিয়া তোমালোক প্ৰথমে নিৰ্বাণ ধামলৈ গৈ পুনৰ স্বৰ্গলৈ আহিবা। কলিযুগত জুই লাগি যাব। মুষলধাৰ বৰষুণ, জুই, ভূমিকম্প আদি হ’ব। অপৱিত্ৰ আত্মাসকলে সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি ঘৰলৈ গুচি যাব। বাকী কিছু থাকিব। পৱিত্ৰ আত্মাসকল আহি থাকিব। এতিয়াতো সকলো কাঁইট। কাম কটাৰী চলোৱা এয়া হৈছে কাঁইট হৈ বিন্ধা। ইয়াততো পিতাই কয় - সম্পূৰ্ণ নির্বিকাৰী হ’ব লাগে। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া মই তোমালোকক স্বৰ্গৰ উত্তৰাধিকাৰ দিম, তোমালোক পৱিত্ৰ হৈ যাবা। তোমালোক পাৱন আছিলা তেতিয়া গৃহস্থ জীৱনো পৱিত্ৰ আছিল। এতিয়া তোমালোক অপৱিত্ৰ হ’লা সেয়েহে গৃহস্থ জীৱনো অপৱিত্ৰ, বিকাৰী হ’ল। সত্যযুগত ব্যৱহাৰ ব্যৱসায় আদিও সততাৰে চলে। তাত (সত্যযুগত) মিছা কথা কোৱাৰ প্ৰয়োজন নাই, মিছা তেতিয়া কোৱা হয় যেতিয়া বহুত ধন উপাৰ্জন কৰাৰ লোভ থাকে। তাততো প্ৰচুৰ ধন পোৱা যায়। খাদ্যবস্তুৰ কোনো দাম নাথাকে। তাত কোনো গৰিব নাথাকেই, যিয়ে ভালদৰে পুৰুষাৰ্থ কৰিব তেওঁ মহাৰজা হ’বগৈ। হীৰা-মুকুতাৰ মহল পাব। পূৰা পুৰুষাৰ্থ নকৰিলে প্ৰজাৰ শাৰীত গুচি যাব। ৰজা-ৰাণী আকৌ ৰাজকুমাৰ-ৰাজকুমাৰী গোটেই পৰিয়াল থাকে নহয় জানো। আকৌ প্ৰজাৰ মাজতো ক্ৰমানুসৰি চহকী প্ৰজা আৰু গৰিব প্ৰজা থাকে। তাততো সকলো পৱিত্ৰ হ’ব। ৰজা-ৰাণী, পৰামৰ্শদাতাও (মন্ত্ৰীও) এজন হ’ব। তাত অনেক পৰামৰ্শদাতা নাথাকে। ৰজাৰ ৰাজ্য চলোৱাৰ শক্তি থাকে। গতিকে যিদৰে পিতাই বুজায় সেইদৰে সন্তানসকলেও বুজাব লাগে। আমি ভাৰতবাসী দেৱী-দেৱতা আছিলোঁ। সত্যযুগত আমাৰ ৰাজ্য আছিল। গৃহস্থ জীৱনত আমি পৱিত্ৰ আছিলোঁ, স্বৰ্গবাসী আছিলোঁ আকৌ পতিত হৈ হৈ নৰকবাসী হৈছোঁ পুনৰ স্বৰ্গবাসী হওঁ। এইখন খেল ৰচি থোৱা আছে। স্বৰ্গবাসী এটা জন্মত হৈ যাবা পুনৰ নৰকবাসী হ’বলৈ 84 জন্ম ল'ব লাগিব। ছিৰিৰ চিত্ৰত বহুত স্পষ্টকৈ দেখুওৱা হৈছে। এতিয়া বুদ্ধিত উদয় হৈছে যে আমি গৈ স্বৰ্গত ৰাজত্ব কৰিম। এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতাইহে সত্য কথা শুনাই নৰৰ পৰা নাৰায়ণ কৰি তোলে। তেওঁলোকে যি সত্য-নাৰায়ণৰ কথা (কাহিনী) শুনে তাৰ দ্বাৰা কোনো নৰৰ পৰা নাৰায়ণ নহয়। তেন্তে সেই কথা মিছা নহ’ল জানো। ইয়াত তোমালোক বহিছাই নৰৰ পৰা নাৰায়ণ হ'বলৈ, তেওঁলোকে জানো এনেকৈ কয় যে পৱিত্ৰ হোৱা, মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। সত্য-নাৰায়ণৰ কথা পূৰ্ণিমাৰ দিনা শুনায়। এতিয়া এই সময়ক পূৰ্ণিমা বুলি কোৱা হয়, চন্দ্ৰমাৰ 16 কলা। পাছলৈ চন্দ্ৰমাৰ আঁচহে থাকেগৈ, যাক অমাৱস্যা বুলি কয়। অমাৱস্যা মানে অন্ধকাৰ ৰাত্ৰি। সত্যযুগ ত্ৰেতাক দিন, দ্বাপৰ কলিযুগক ৰাত্ৰি বুলি কোৱা হয়। এই সকলোবোৰ বুজিবলগীয়া সাৰ কথা। এই শিৱবাবাই বহি পঢ়ায়। তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এওঁৰ শৰীৰত প্ৰৱেশ কৰি আত্মাসকলক পঢ়ায়।

পিতাই কয় - যিদৰে এওঁৰ আত্মা ভ্ৰূকুটিৰ মধ্যত বহি আছে, ময়ো আহি ইয়াত বহোঁ। তোমালোকক বহি বুজাওঁ। তোমালোক প্ৰথমে পাৱন আছিলা আৰু আকৌ পতিত হৈ গৈছা। এতিয়া মোক পিতাক স্মৰণ কৰা। পৱিত্ৰ নোহোৱাকৈ ঘৰলৈ উভতি যাব নোৱাৰে। পৱিত্ৰ হ’লে তেতিয়া উৰিবা। সকলোৱে আহ্বানো জনায় - হে পতিত-পাৱন আহক, পাৱন কৰি তোলক, তেতিয়াহে আমি উৰিম। নিজৰ ঘৰ মুক্তিধামলৈ যাম। সেয়া হৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ। পতিতই ঘৰলৈ যাব নোৱাৰে। যিসকলে ভালদৰে শিক্ষাক ধাৰণ কৰিব তেওঁলোক সোনকালে স্বৰ্গলৈ আহিব, নহ'লে পলমকৈ আহিব। নতুন ঘৰলৈ আহিব লাগে নহয় জানো। নতুন ঘৰত আনন্দ আছে নহয়। প্ৰথমতে সত্যযুগত আহিব লাগে। মম্মা, বাবা সত্যযুগত যায়, আমি আকৌ পলমকৈ কিয় যাওঁ! তোমালোকেও ব্ৰহ্মাক অনুসৰণ কৰা। পিতাক স্মৰণ কৰি থাকা। কোনো কথাত অসুবিধা হ’লে তেন্তে শিৱবাবাক সোধা। শ্ৰীমতৰ দ্বাৰাহে শ্ৰেষ্ঠ হ'বা। পুৰণি সৃষ্টিততো পাঁচ বিকাৰ ৰূপী ৰাৱণৰ মতত চলি আহিছা। প্ৰথমতে হ'ল দেহ- অভিমান। এতিয়া তোমালোক সন্তানসকল দেহী-অভিমানী হ'ব লাগে। মই আত্মা পৰমধামৰ নিবাসী হওঁ, সেইখনক শান্তিধাম বুলি কোৱা হয়। এনেকুৱা কথাবোৰ আনে বুজাব নোৱাৰে। পিতাইহে বুজায়, তোমালোক আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনা, সত্যযুগত কেতিয়াও শৰীৰ বেয়া নহয়। ইয়াত বহি থাকোঁতেই অকালতে মৃত্যু হৈ যায়। সত্যযুগত এনেকুৱা কোনো কথা নহয়, তাক কোৱাই হয় হেভেন, স্বৰ্গ, পেৰাডাইজ। আকৌ আমি চক্ৰ পৰিক্ৰমা লগাই পুনৰ্জন্ম লৈ লৈ 84 ৰ চক্ৰ পূৰা কৰিছোঁ, আকৌ পিতা আহি সন্তানসকলক স্বৰ্গৰ লায়ক কৰি তোলে। এতিয়া তোমালোক নতুন সৃষ্টিৰ লায়ক হৈছা। এতিয়াতো হৈছে নৰক। এতিয়া তোমালোক আহিছা নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাৰ ভাগ্য গঢ়িবলৈ। এনেকৈ কয়, আমি শিৱবাবাৰ ওচৰলৈ ভাগ্য গঢ়িবলৈ আহিছোঁ। কল্পই কল্পই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি ভাগ্য গঢ়োঁ। আমি স্বৰ্গবাসী হওঁ আকৌ ৰাৱণ ৰাজ্য আৰম্ভ হ’লে আমি বিকাৰী হৈ যাওঁ। এতিয়া সকলো বিকাৰী পতিত সেইবাবে আপুনি আহি নতুন সৃষ্টি স্থাপন কৰে। নতুন সৃষ্টিত কেৱল তোমালোক সন্তানসকলহে থাকিবা। বাকী সকলো শান্তিধামলৈ গুচি যাব। ওপৰত আত্মাসকলৰ বৃক্ষ আছে। আকৌ নিজৰ নিজৰ সময়ত আহিব। যেতিয়া আমাৰ ৰাজ্য হ'ব তেতিয়া তাত অন্য ধৰ্মৰ লোক নাথাকিব। আকৌ দ্বাপৰত ৰাৱণ ৰাজ্য আৰম্ভ হ'ব। এই সকলোবোৰ কথা ভালদৰে ধাৰণ কৰিব লাগে। ইয়াত নৰকবাসীৰ পৰা স্বৰ্গবাসী হ'ব লাগে। নৰকবাসী মনুষ্যক অসুৰ আৰু স্বৰ্গবাসী মনুষ্যক দেৱতা বুলি কোৱা হয়। এতিয়া সকলো আসুৰি স্বভাৱৰ। এতিয়া পিতাই বহি পুৰুষাৰ্থ কৰায়। পিতাই কয়- পৱিত্ৰ হোৱা। প্ৰতিটো কথাতে সুধি থাকা। কোনোবাই সোধে যে বাবা ব্যৱসায়ত মিছা কথা ক'বলগীয়া হয়, মিছা কথা ক'লে অলপ পাপ হ'ব। তেওঁ যদি পিতাক স্মৰণ কৰি থাকে তেন্তে পাপ খণ্ডন হৈ যাব। আজিকালিৰ জগতত সকলোৱে পাপ কৰি থাকে। কিমান ঘোচ (উপঢৌকন) লৈ থাকে। এই প্ৰদৰ্শনীৰ চিত্ৰবোৰ মেপ হয়, এনেকুৱা মেপ ক'তো নাথাকে। যদি কোনোবাই দেখি নকল কৰি তৈয়াৰো কৰে, কিন্তু তাৰ অৰ্থ একো বুজিব নোৱাৰিব। প্ৰদৰ্শনী মেলালৈতো বহুত আহে। কোৱা হয় -7 দিনৰ বাবে বুজিবলৈ আহক তেতিয়া আপুনি স্বৰ্গবাসী হোৱাৰ লায়ক হৈ যাব। এতিয়া নৰকবাসী, ছিৰিৰ চিত্ৰত চোৱা কিমান স্পষ্টকৈ আছে। এয়া হৈছে পতিত সৃষ্টি, পাৱন সৃষ্টি ওপৰত আছে।

এতিয়া তোমালোক সন্তানসকলে শিৱবাবাৰ সৈতে প্ৰতিজ্ঞা কৰিছা যে বাবা আমি নৰকবাসীৰ পৰা স্বৰ্গবাসী নিশ্চয় হ'ম। এতিয়া তোমালোকে শিৱালয়লৈ যাবৰ বাবে প্ৰস্তুতি চলাই আছা, সেইবাবে বিকাৰত কেতিয়াও যাব নালাগে। মায়াৰ ধুমুহাতো বহুত আহিব কিন্তু নগ্ন (পতিত) হ'ব নালাগে। পতিত হ'লে ভীষণ ভুল হৈ যাব তেতিয়া ধৰ্মৰজাৰ বহুত শাস্তি খাবলগীয়া হ’ব।ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) মনুষ্যৰ পৰা দেৱতা হ'বলৈ যিবিলাক আসুৰি স্বভাৱ আছে, মিছা কথা কোৱাৰ অভ্যাস আছে, সেয়া পৰিত্যাগ কৰিব লাগে। দৈৱী স্বভাৱ ধাৰণ কৰিব লাগে।

(2) ঘৰলৈ যাবৰ বাবে পৱিত্ৰ নিশ্চয় হ'ব লাগে। মায়াৰ ধুমুহা আহিলেও কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
অধিকাৰী বোধৰ স্থিতিৰে পিতাক নিজৰ সংগী কৰি লওঁতা সদায় বিজয়ী হোৱা

পিতাক সংগী কৰি লোৱাৰ সহজ উপায় হৈছে— অধিকাৰী বোধৰ স্থিতি। যেতিয়া অধিকাৰী বোধৰ স্থিতিত স্থিৰ হৈ থাকা, তেতিয়া ব্যৰ্থ সংকল্প বা অশুদ্ধ সংকল্পৰ অস্থিৰতাত বা অনেক ৰসত বুদ্ধি বিচলিত নহয়। বুদ্ধিৰ একাগ্রতাৰ দ্বাৰা সন্মুখীন হোৱাৰ, পৰীক্ষণ কৰাৰ বা নিৰ্ণয় লোৱাৰ শক্তি আহি যায়, যিয়ে সহজেই মায়াৰ অনেক প্ৰকাৰৰ প্ৰহাৰৰ পৰা বিজয়ী কৰি দিয়ে।

স্লোগান:
ৰাজযোগী তেৱেঁই যি ছেকেণ্ডত সাৰৰ পৰা বিস্তাৰত আৰু বিস্তাৰৰ পৰা সাৰত অহাৰ অভ্যাসী হয়।


অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

পিতা ব্ৰহ্মাই সম্পূৰ্ণ হোৱাৰ বাবে নিজৰ সৰ্ব সম্পদ আদিৰ পৰা শেষ দিনলৈ সফল কৰিলে, ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ দেখিলা — সম্পূৰ্ণ ফাৰিস্তা হৈ গ’ল। সেয়ে লক্ষ্য ৰাখা— মই পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হ’বই লাগিব। যিয়েই পুৰুষাৰ্থ কৰিবলগীয়া নহওক কিয়, কিন্তু নিশ্চিত যে পিতাৰ সমান হ’বই লাগিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]