03.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা সঁচা চগাপোক (আত্মা) যি এতিয়া বন্তি শিখাত (পৰমাত্মাৰ প্ৰতি) উৎসৰ্গিত
হোৱা, এই উৎসৰ্গিত হোৱাৰেই স্মাৰক হৈছে এই দীপাৱলী”
প্ৰশ্ন:
বাবাই নিজৰ
সন্তানসকলক কোনটো খবৰ শুনাইছে?
উত্তৰ:
বাবাই শুনাইছে - তোমালোক আত্মাসকল নিৰ্বাণধামৰ পৰা কেনেকৈ আহা আৰু মই কেনেকৈ আহোঁ।
মই কোন, কি কৰোঁ, কেনেকৈ ৰামৰাজ্য স্থাপনা কৰোঁ, কেনেকৈ তোমালোক সন্তানসকলক ৰাৱণৰ
ওপৰত বিজয়ী কৰি তোলোঁ। এতিয়া তোমালোক সন্তানসকলে এই সকলোবোৰ কথা জানা। তোমালোকৰ
জ্যোতি জ্বলি আছে।
গীত:
তুম্হী হো মাতা
পিতা …… (তুমিয়ে মাতা-পিতা.….)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলা। আত্মাসকলে এই পাৰ্থিৱ কৰ্মেন্দ্ৰিয়ৰে গীতটি শুনিলে। গীতৰ
প্ৰথমখিনি ঠিকেই আছিল। পাছৰ ফালে আকৌ ভক্তিৰ কথা আছিল। তোমাৰ চৰণৰ ধূলি। এতিয়া
সন্তান জানো চৰণৰ ধূলি হয়। এইটো ভুল। পিতাই সন্তানসকলক শুদ্ধ কথা বুজায়। পিতা আহেও
তাৰ পৰা য'ৰ পৰা সন্তানসকল আহে, সেয়া হৈছে নিৰ্বাণধাম। সন্তানসকলক সকলোৰে অহাৰ
খবৰটিতো শুনালোঁ। নিজৰো শুনালোঁ যে মই কেনেকৈ আহোঁ, আহি কি কৰোঁ। ৰামৰাজ্য স্থপনাৰ
অৰ্থে ৰাৱণৰ ওপৰত বিজয়ী কৰি তোলে। সন্তানসকলে জানে - ৰামৰাজ্য আৰু ৰাৱণৰাজ্য এই
পৃথিৱীতে বুলি কোৱা হ’ব। এতিয়া তোমালোক বিশ্বৰ মালিক হোৱা। পৃথিৱী, আকাশ, সূৰ্য আদি
সকলো তোমালোকৰ হাতৰ মুঠিত আহি যায়। সেয়েহে কোৱা হ’ব, ৰামৰাজ্য সমগ্ৰ বিশ্বত আৰু
ৰাৱণৰ ৰাজ্যও সমগ্ৰ বিশ্বত আছে। ৰাৱণৰাজ্যত কিমান কোটি আছে, ৰামৰাজ্যত কম হয়,
তাৰপাছত লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। ৰাৱণৰ ৰাজ্যত বৃদ্ধি বহুত হয় কিয়নো মনুষ্য
বিকাৰী হৈ যায়। ৰামৰাজ্যত হৈছে নিৰ্বিকাৰী। মনুষ্যৰেই কাহিনী। গতিকে ৰামো বেহদৰ
মালিক, ৰাৱণো বেহদৰ মালিক। এতিয়া কিমান অনেক ধৰ্ম আছে। গায়ন কৰা হৈছে - অনেক ধৰ্মৰ
বিনাশ। বাবাই বৃক্ষৰ ওপৰতো বুজাইছে।
এতিয়া দশহৰা উদ্যাপন
কৰে, ৰাৱণক জ্বলায়। এয়া হৈছে স্থূল ৰূপত জ্বলোৱা। তোমালোকৰতো হৈছে বেহদৰ কথা। ৰাৱণকো
কেৱল ভাৰতবাসীয়েহে জ্বলায়, বিদেশতো য'ত য'ত ভাৰতীয় লোক বেছিকৈ থাকিব তাতো জ্বলাব।
সেয়া হৈছে হদৰ দশহৰা। দেখুৱায় যে লংকাত ৰাৱণে ৰাজত্ব কৰিছিল, সীতাক হৰণ কৰি লংকালৈ
লৈ গ’ল। এয়া হৈ গ'ল হদৰ কথা। এতিয়া পিতাই কয় - সমগ্ৰ বিশ্বতে ৰাৱণৰ ৰাজ্য। ৰামৰাজ্য
এতিয়া নাই। ৰামৰাজ্য অৰ্থাৎ ঈশ্বৰে স্থাপনা কৰা ৰাজ্য। সত্যযুগক কোৱা হয় ৰামৰাজ্য।
মালা জপে, “ৰঘুপতি ৰাঘৱ ৰজা ৰাম” বুলি গায় কিন্তু ৰজা ৰামক স্মৰণ নকৰে, যিয়ে সমগ্ৰ
বিশ্বৰ সেৱা কৰে, তেওঁৰ মালা স্মৰণ কৰে।
ভাৰতবাসীয়ে দশহৰাৰ
পাছত দীপাৱলী উদ্যাপন কৰে। দীপাৱলী কিয় উদ্যাপন কৰে? কিয়নো দেৱতাসকলৰ ৰাজ-অভিষেক
হয়। ৰাজ-অভিষেকত বহুত চাকি আদি জ্বলায়। এটা হৈছে ৰাজ-অভিষেক আৰু দ্বিতীয়তে কোৱা হয়
- ঘৰে ঘৰে দীপাৱলী। প্ৰত্যেক আত্মাৰ জ্যোতি জ্বলি যায়। এতিয়া সকলো আত্মাৰ জ্যোতি
নুমাই আছে। লৌহযুগী অৰ্থাৎ অন্ধকাৰ। অন্ধকাৰ মানে ভক্তিমাৰ্গ। ভক্তি কৰোঁতে কৰোঁতে
জ্যোতি কম হৈ যায়। বাকী সেই দীপাৱলীতো হৈছে কৃত্ৰিম। এনেকুৱা নহয় যে ৰাজ-অভিষেক হ’লে
তেতিয়া আতচবাজী জ্বলায়। দীপাৱলীত লক্ষ্মীক আহ্বান জনায়। পূজা কৰে। এই উৎসৱ হৈছে
ভক্তি মাৰ্গৰ। যিগৰাকী ৰজা সিংহাসনত বহে তেওঁৰ ৰাজ-অভিষেকৰ দিনতো ধুমধামেৰে উদ্যাপন
কৰা হয়। এই সকলোবোৰ হৈছে হদৰ। এতিয়াতো বেহদৰ বিনাশ, সঁচা দশহৰা হ’ব। পিতা আহিছে
সকলোৰে জ্যোতি জ্বলাবলৈ। মনুষ্যই ভাবে আমাৰ জ্যোতি পৰমজ্যোতিত মিলি যাব। ব্ৰহ্ম
সমাজৰ মন্দিৰত সদায় জ্যোতি জ্বলি থাকে। এনেকৈ ভাবে যে যেনেকৈ চগাপোক জ্যোতিৰ
পৰিক্ৰমা লগাই উছৰ্গিত হৈ যায় তেনেকৈ আমাৰো আত্মা এতিয়া পৰমজ্যোতিত মিলি যাব। ইয়াৰ
ওপৰত দৃষ্টান্তও ৰচিছে। এতিয়া তোমালোক হৈছা আধাকল্পৰ প্ৰেমিকা। তোমালোক আহি এজন
প্ৰেমিকৰ প্ৰতি উছৰ্গিত হৈছা, জ্বলি যোৱাৰ কথা নহয়। যেনেকৈ সেই প্ৰেমিক-প্ৰেমিকা
থাকে তেওঁলোক পৰস্পৰ প্ৰেমপাত্ৰ হৈ যায়। ইয়াত তেওঁ এজনেই প্ৰেমিক বাকী সকলো প্ৰেমিকা।
প্ৰেমিকাই সেই প্ৰেমিকক ভক্তিমাৰ্গত স্মৰণ কৰি থাকে। প্ৰিয়তম আপুনি আহিলে আমি
আপোনাৰ প্ৰতি উছৰ্গিত হৈ যাম। আপোনাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰোঁ। এয়া তোমালোকৰ
পাৰ্থিৱ (দৈহিক) প্ৰেম নহয়। সেই প্ৰেমিক-প্ৰেমিকাৰ হৈছে পাৰ্থিৱ প্ৰেম। বচ্,
পৰস্পৰ ইজনে সিজনক চাই থাকে, দেখিলেই যেন তৃপ্ত হৈ যায়। ইয়াততো এজন প্ৰেমিক বাকী
সকলো প্ৰেমিকা। সকলোৱে পিতাক স্মৰণ কৰে। যদিওবা কোনোৱে প্ৰকৃতি আদিকো মানে তথাপিও
“অ’ গড্”, “হে ভগৱান’ বুলি মুখেৰে নিশ্চয় উচ্চাৰিত হয়। সকলোৱে তেওঁক মাতে, আমাৰ
দুখ দূৰ কৰক। ভক্তিমাৰ্গততো বহুত প্ৰেমিক-প্ৰেমিকা থাকে, কোনোবা কাৰোবাৰ প্ৰেমপাত্ৰ,
কোনোবা আন কাৰোবাৰ প্ৰেমপাত্ৰ। হনুমানৰ কিমান প্ৰেমিকা থাকিব? সকলোৱে নিজৰ নিজৰ
প্ৰেমিকৰ চিত্ৰ তৈয়াৰ কৰি পুনৰ পৰস্পৰ মিলিত হৈ বহি তেওঁলোকৰ পূজা কৰে। পূজা কৰি
পুনৰ প্ৰেমিকক ডুবাই দিয়ে। অৰ্থ একোৱেই নোলায়। ইয়াত তেনেকুৱা কথা নাই। ইয়াত
তোমালোকৰ প্ৰেমিক চিৰ সুন্দৰ কেতিয়াও শ্যাম বৰণীয়া নহয়। পিতা পথিক আহি সকলোকে
সুন্দৰ কৰি তোলে। তোমালোকো পথিক হোৱা নহয়। দূৰণিৰ দেশৰ পৰা আহি ইয়াত ভূমিকা পালন কৰা।
তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। এতিয়া তোমালোক ত্ৰিকালদৰ্শী হৈ
গ’লা। ৰচিয়তা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে জানা গতিকে তোমালোক হৈ গ’লা
“ত্ৰিকালদৰ্শী ব্ৰহ্মাকুমাৰ-কুমাৰী”। যেনেকৈ “জগত গুৰু” আদি উপাধিও লাভ কৰে নহয়।
তোমালোকে এইটো উপাধি লাভ কৰা। তোমালোকে আটাইতকৈ ভাল উপাধি পোৱা “স্ব-দৰ্শন চক্ৰধাৰী”।
তোমালোক ব্ৰাহ্মণসকলহে ত্ৰিকালদৰ্শী হোৱা নে শিৱবাবাও হয়? (শিৱবাবাও হয়) হয়, কিয়নো
শৰীৰৰ সৈতে স্বদৰ্শন চক্ৰধাৰী আত্মা হয় নহয়। পিতাও এওঁৰ শৰীৰত আহি বুজায়। শিৱবাবা
স্ব-দৰ্শন চক্ৰধাৰী নহ’লে তোমালোকক কেনেকৈ কৰি তুলিব। তেওঁ সকলোতকৈ সৰ্বোত্তম
উচ্চতকৈও উচ্চ আত্মা। দেহক জানো তেনেকৈ কোৱা হয়। সেই সৰ্বোত্তম পিতাহে আহি তোমালোকক
সৰ্বোত্তম কৰি তোলে। স্বদৰ্শন চক্ৰধাৰী আত্মাসকলৰ বাহিৰে আন কোনো হ’ব নোৱাৰে।
কোনসকল আত্মা? যিসকল ব্ৰাহ্মণ ধৰ্মত আছে। যেতিয়া শূদ্ৰ ধৰ্মত আছিল তেতিয়া জনা নাছিল।
এতিয়া পিতাৰ দ্বাৰা তোমালোকে জানিছা। কিমান ভাল ভাল কথা। তোমালোকেহে শুনা আৰু
আনন্দিত হোৱা। বাহিৰৰ সকলে যদি এয়া শুনে তেন্তে আচম্বিত হ’ব, অহো! এয়াতো বহুত উচ্চ
জ্ঞান। বাৰু আপুনিও এনেকুৱা স্বদৰ্শন চক্ৰধাৰী হওঁক তেতিয়া চক্ৰৱৰ্তী ৰজা বিশ্বৰ
মালিক হৈ যাব। ইয়াৰ পৰা বাহিৰলৈ গ’লেই সকলো শেষ। মায়া ইমান বাহাদুৰ, যেনেকুৱা আছিল
তেনেকুৱা হৈয়ে থাকি যায়। যেনেকৈ গৰ্ভত সন্তানে প্ৰতিজ্ঞা কৰি ভূমিষ্ঠ হয় তথাপিও তাৰ
প্ৰতিজ্ঞা তাতে থাকি যায়। তোমালোকে প্ৰদৰ্শনী আদিত বুজোৱা, বহুতে ভাল ভাল বুলি শলাগে।
জ্ঞান বহুত ভাল মই এনেকুৱা পুৰুষাৰ্থ কৰিম, তেনেকুৱা কৰিম…..। বচ্ বাহিৰলৈ ওলাল,
তাৰ কথা তাতে থাকিল। কিন্তু তথাপিও কিবা নহয় কিবা প্ৰভাৱ পৰে। এনেকুৱা নহয় যে তেওঁ
পুনৰ নাহিবই। বৃক্ষ জোপাৰ বৃদ্ধি হৈ থাকিব। বৃক্ষ বৃদ্ধি হোৱাৰ লগে লগে সকলোকে
আকৰ্ষিত কৰিব। এতিয়াতো এইখন ৰৌৰৱ নৰক। গৰুড় পুৰাণতো এনেকুৱা ভয়লগা কথা লিখি দিছে
যিবোৰ মনুষ্যক শুনোৱা হয় যাতে কিছু ভয় থাকে। তাৰ পৰা ওলাইছে যে মনুষ্য, সাপ,
বৃশ্চিক আদি হয়। পিতাই কয় - মই তোমালোকক বিষয় বৈতৰণী নদীৰ পৰা মুক্ত কৰি ক্ষীৰ
সাগৰলৈ পঠিয়াই দিওঁ। আচলতে তোমালোক শান্তিধামৰ বাসিন্দা আছিলা। পুনৰ সুখধামত ভূমিকা
পালন কৰিবলৈ আহিলা। এতিয়া আমি পুনৰ শান্তিধাম আৰু সুখধামলৈ যাওঁ। এইখন ধামকতো স্মৰণ
কৰিবা নহয়। গায়নো কৰে - তুমি মাতা-পিতা…..। সেই অপাৰ সুখতো হয়েই সত্যযুগত। এতিয়া
হৈছে সংগম। ইয়াত অন্তিম সময়ত ত্ৰাহি ত্ৰাহি কৰিব কাৰণ বহুত দুখ হয়। পুনৰ সত্যযুগত
অতি সুখ হ’ব। অতি সুখ আৰু অতি দুখৰ এই খেল ৰচি থোৱা আছে। বিষ্ণুৰ অৱতাৰো দেখুৱায়।
লক্ষ্মী-নাৰায়ণৰ যুগল যেন ওপৰৰ পৰা আহে। এতিয়া ওপৰৰ পৰা জানো কোনো শৰীৰধাৰী আহে।
ওপৰৰ পৰাতো প্ৰত্যেক আত্মাহে আহে। কিন্তু ঈশ্বৰৰ অৱতৰণ অতি বিচিত্ৰ, তেৱেঁই আহি
ভাৰতক স্বৰ্গ কৰি তোলে। তাৰেই উৎসৱ শিৱজয়ন্তী উদ্যাপন কৰে। যদি জানিলহেঁতেন যে
পৰমপিতা পৰমাত্মা শিৱইহে মুক্তি-জীৱন মুক্তিৰ উত্তৰাধিকাৰ দিয়ে তেন্তে সমগ্ৰ বিশ্বতে
ঈশ্বৰ পিতাৰ উৎসৱ উদ্যাপন কৰিলেহেঁতেন। বেহদৰ পিতাৰ স্মৃতি দিৱস তেতিয়াহে উদ্যাপন
কৰিব যেতিয়া বুজিব যে শিৱবাবাহে মুক্তিদাতা, মাৰ্গ-দৰ্শক। তেওঁৰ জন্মই ভাৰতত হয়।
শিৱ জয়ন্তীও ভাৰততে উদ্যাপন কৰে। কিন্তু সম্পূৰ্ণ পৰিচয় নাই গতিকে বন্ধদিনো পালন
নকৰে। যিজন পিতা সকলোৰে সৎগতি কৰোঁতা, তেওঁৰ জন্মভূমি য’ত আহি অলৌকিক কৰ্তব্য কৰে,
তেওঁৰ জন্মদিন আৰু তীৰ্থযাত্ৰাতো বহুত উদ্যাপন কৰিব লাগে। তোমালোকৰ স্মাৰক মন্দিৰো
ইয়াতেই আছে। কিন্তু কোনেও নাজানে যে শিৱবাবাহে আহি মুক্তিদাতা, মাৰ্গ-দৰ্শক হয়।
সকলোৱে কয় যে সকলো দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ ব’লা কিন্তু বুজি নাপায়। ভাৰত
অতিকৈ উচ্চৰো উচ্চ খণ্ড। ভাৰতৰ মহিমা অপৰমঅপাৰ বুলি গায়ন কৰা হৈছে। তাতেই শিৱবাবাৰ
জন্ম হয়, তাক কোনেও নামানে। মোহৰ নবনায়। অন্যৰতো বহুত বনাই থাকে। এতিয়া কেনেকৈ
বুজোৱা যায় যাতে তেওঁৰ মহত্ব সকলোৱে গম পায়। বিলাততো সন্ন্যাসী আদি গৈ ভাৰতৰ
প্ৰাচীন যোগ শিকায়, যেতিয়া তোমালোকে এই ৰাজযোগৰ বিষয়ে ক’বা তেতিয়া তোমালোকৰ বহুত
নাম হ’ব। কোৱা - ৰাজযোগ কোনে শিকাইছিল, এইটো কোনেও নাজানে। শ্ৰীকৃষ্ণয়ো হঠযোগতো
শিকোৱা নাই। এই হঠযোগ হৈছে সন্ন্যাসীসকলৰ। যিসকল বহুত ভাল লিখা-পঢ়া কৰোঁতা আছে
তেওঁলোকে নিজকে দাৰ্শনিক বুলি কয়, তেওঁলোকে এই কথাবোৰ বুজক আৰু শুধৰণি হৈ যাওঁক,
এনেকৈ কওঁক যে ময়ো শাস্ত্ৰ পঢ়িছোঁ কিন্তু এতিয়া পিতাই যি শুনায় সেয়া শুদ্ধ। বাকী
সকলো ভুল। গতিকে এইটোও বুজক যে যথাযথ সকলোতকৈ উচ্চ তীৰ্থ স্থান এয়াই য’লৈ পিতা আহে।
তোমালোক সন্তানসকলে জানা ইয়াক কোৱা হয় - ধৰ্ম ভূমি। ইয়াত যিমান ধৰ্মাত্মা আছে সিমান
আৰু অন্য ক’তো নাই। তোমালোকে কিমান দান-পুণ্য কৰা। পিতাক জানি, তন-মন-ধন সকলো এই
সেৱাত লগাই দিয়া। পিতাইহে সকলোকে মুক্ত কৰে। সকলোকে দুখৰ পৰা মুক্ত কৰে। অন্য ধৰ্ম
প্ৰতিষ্ঠাপকসকলে দুখৰ পৰা মুক্ত নকৰে। অন্য ধৰ্মাৱলম্বীসকল ধৰ্ম প্ৰতিষ্ঠাপকসকলৰ
পিছে পিছে আহি থাকে। ক্ৰমানুসৰি সকলোৱে ভূমিকা পালন কৰিবলৈ আহে। ভূমিকা পালন কৰি কৰি
তমোপ্ৰধান হৈ যায়। পুনৰ পিতা আহি সতোপ্ৰধান কৰি তোলে। গতিকে এই ভাৰত কিমান মহান
তীৰ্থ। ভাৰত সকলোতকৈ এক নম্বৰ উচ্চ স্থান। পিতাই কয় - মোৰ এয়া জন্মভূমি। মই আহি
সকলোৰে সৎগতি কৰাওঁ। ভাৰতক স্বৰ্গ কৰি তোলোঁ।
তোমালোক সন্তানসকলে
জানা পিতা স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে। এনেকুৱা পিতাক বৰ মৰমেৰে স্মৰণ কৰা।
তোমালোকক দেখি আনেও এনে কৰ্ম কৰিব। ইয়াকে কোৱা হয় - অলৌকিক দিব্য কৰ্ম। এনেকৈ
নুবুজিবা যে কোনেও নাজানিব। এনেকুৱা ওলাব যিয়ে তোমালোকৰ এই চিত্ৰও লৈ যাব। ভাল ভাল
চিত্ৰ তৈয়াৰ কৰিলে তেতিয়া জাহাজ ভৰপূৰ কৰি লৈ যাব। জাহাজ য'ত য'ত ৰ’ব তাত এই চিত্ৰ
আঁৰি দিব। তোমালোকৰ বহুত সেৱা হ’বলগীয়া আছে। বহুত উদাৰ অন্তৰৰ পুঁজি ভৰপূৰ কৰোঁতা
উদাৰচিতীয়া ধনৱান ওলাব যিসকল এনেকুৱা কাম কৰিবলৈ লাগি যাব। যাতে সকলোৱে গম পায় যে
এওঁলোক কোন যিয়ে এই পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি স্থাপনা কৰে। তোমালোকৰো
আগতে বুদ্ধি তুচ্ছ আছিল, এতিয়া তোমালোক কিমান স্বচ্ছ বুদ্ধিৰ হৈছা। জানা যে আমি এই
জ্ঞান আৰু যোগবলেৰে বিশ্বক স্বৰ্গ কৰি তোলোঁ। বাকী সকলো মুক্তিধামলৈ গুচি যাব।
তোমালোকো কৰ্তৃত্বশালী হ’ব লাগে। বেহদৰ পিতাৰ সন্তান হোৱা নহয়। শক্তি পোৱা যায়
স্মৃতিৰ দ্বাৰা। পিতাক বিশ্বৰ সৰ্ৱশক্তিমান হৰ্তা-কৰ্তা বুলি কোৱা হয়। সকলো বেদ
শাস্ত্ৰৰ সাৰ বুজায়। গতিকে সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান উৎসাহ থাকিব লাগে। মুখেৰে
জ্ঞান ৰত্নৰ বাহিৰে যাতে অন্য একো উচ্চাৰিত নহয়। তোমালোক প্ৰত্যেকেই জ্ঞানী-যোগী
হোৱা। তোমালোকে দেখিবলৈ পোৱা সমগ্ৰ সৃষ্টি ফল-ফুলেৰে নদন-বদন হৈ যায়। সকলো নতুন,
তাত দুখৰ নাম নাই। পাঁচ তত্ত্বও তোমালোকৰ সেৱাত উপস্থিত থাকে। এতিয়া পাঁচ তত্ত্বই
অহিত কৰে কাৰণ মনুষ্য যোগ্য নহয়। পিতাই এতিয়া যোগ্য কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
জ্ঞানী-যোগী হৈ মুখেৰে সদায় জ্ঞান ৰত্নহে উচ্চাৰিত কৰিব লাগে। সেৱাৰ উৎসাহত থাকিব
লাগে। স্মৃতিত থকা আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিয়া - এইটোৱে দিব্য অলৌকিক
কাৰ্য কৰিব লাগে।
(2) সঁচা প্ৰেমিকা হৈ
এজন প্ৰেমিকৰ প্ৰতি সৰ্বস্ব উজাৰি দিব লাগে অৰ্থাৎ উছৰ্গিত হৈ যাব লাগে তেতিয়াহে
প্ৰকৃত দীপাৱালী হ'ব।
বৰদান:
বিশ্ব
মহাৰাজনৰ পদ প্ৰাপ্ত কৰোঁতা সৰ্ব শক্তিৰ পুঁজিৰে সম্পন্ন হোৱা
যিসকল বিশ্ব মহাৰাজনৰ
পদ প্ৰাপ্ত কৰোঁতা আত্মা তেওঁলোকৰ পুৰুষাৰ্থ কেৱল নিজৰ প্ৰতি নহ’ব। নিজৰ জীৱনত অহা
বিঘিনি বা পৰীক্ষাত উত্তীৰ্ণ হোৱা - এইটোতো অতি সাধাৰণ কথা কিন্তু যিসকল বিশ্ব
মহাৰাজন হওঁতা আত্মা তেওঁলোকৰ ওচৰত এতিয়াৰ পৰাই সৰ্ব শক্তিৰ পুঁজি ভৰপূৰ হৈ থাকিব।
তেওঁলোকৰ প্ৰতিটো চেকেণ্ড প্ৰতিটো সংকল্প আনৰ প্ৰতি হ’ব। তন-মন-ধন সময় শ্বাস সকলো
বিশ্ব কল্যাণত সফল হৈ থাকিব।
স্লোগান:
এটি দুৰ্বলতায়ো অনেক বিশেষত্বক সমাপ্ত কৰি দিয়ে সেই কাৰণে দুৰ্বলতাসমূহ ত্যাগ কৰা।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
নিজৰ শুভ ভাৱনা,
শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা যিকোনো স্থানত থাকিও মনেৰে
অনেক আত্মাৰ সেৱা কৰিব পাৰা। ইয়াৰ বিধি হৈছে – ‘লাইট-হাউচ’, ‘মাইট-হাউচ’ হোৱা। এই
ক্ষেত্ৰত স্থূল সাধন, সুযোগ বা সময়ৰ সমস্যা নাই। কেৱল লাইট-মাইটেৰে সম্পন্ন হোৱাৰ
আৱশ্যক।