04.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ’বৰ কাৰণে স্বয়ং ভগৱানে তোমালোকক শ্ৰেষ্ঠ মত দি আছে, যাৰ
দ্বাৰা তোমালোক নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ যোৱা”
প্ৰশ্ন:
দেৱতা হ’বলগীয়া
সন্তানসকলে বিশেষ কোনবোৰ কথাৰ প্ৰতি ধ্যান দিব লাগে?
উত্তৰ:
কেতিয়াও কোনো কথাত বিতুষ্ট হ'ব নালাগে, চেহেৰা মৃতকৰ নিচিনা কৰিব নালাগে। কাকোৱেই
দুখ দিব নালাগে। দেৱতা হ'বলৈ হ’লে মুখেৰে যাতে সদায় ফুল (সুখদায়ী বচন) নিগৰে। যদি
কাঁইট বা পাথৰ (কটু বচন) ওলায় তেন্তে পাথৰ হৈয়ে থাকিলা। বহুত ভাল গুণ ধাৰণ কৰিব লাগে।
ইয়াতেই সৰ্বগুণ সম্পন্ন হ'ব লাগে। শাস্তি খালে উচ্চ পদ নাপাবা।
ওঁম্শান্তি।
নতুন বিশ্ব বা
নতুন জগতৰ মালিক হ'বলগীয়া আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। এইটোতো
সন্তানসকলে বুজি পায় যে পিতা বেহদৰ উত্তৰাধিকাৰ দিবৰ বাবে আহিছে। আমি যোগ্য নাছিলোঁ।
কোৱা হয় - হে প্ৰভু মই যোগ্য নহয়, মোক যোগ্য কৰি তোলক। পিতাই সন্তানসকলক বুজায় -
তোমালোক মনুষ্যতো হোৱা, এই দেৱতাসকলো মনুষ্য কিন্তু তেওঁলোকৰ দৈৱীগুণ আছে। এওঁলোকক
প্ৰকৃতাৰ্থত মনুষ্য বুলি কোৱা হ’ব। মনুষ্যৰ আসুৰিক গুণ থাকে সেইবাবে চাল-চলন জন্তুৰ
দৰে হৈ যায়। দৈৱীগুণ নাথাকিলে তেতিয়া তাক আসুৰিক গুণ বুলি কোৱা হয়। এতিয়া পুনৰ পিতা
আহি তোমালোকক শ্ৰেষ্ঠ দেৱতা কৰি তোলে। সত্যখণ্ডত থাকোঁতা সঁচা মনুষ্য হৈছে এই
লক্ষ্মী-নাৰায়ণ, এওঁলোকক আকৌ দেৱতা বুলি কোৱা হয়। এওঁলোকৰ দৈৱীগুণ আছে। যদিও গায়ন
কৰে যে পতিত-পাৱন আহক কিন্তু পাৱন ৰজা কেনেকৈ হয়, আকৌ কেনেকৈ পতিত ৰজা হয়, এইটো
ৰহস্য কোনেও নাজানে। সেয়া হৈছে ভক্তিমাৰ্গ। জ্ঞানতো আন কোনেও নাজানে। তোমালোক
সন্তানসকলক পিতাই বুজায় আৰু এনেকুৱা কৰি তোলে। কৰ্মতো এই দেৱতাসকলেও সত্যযুগত কৰে।
কিন্তু পতিত কৰ্ম নকৰে। তেওঁলোকৰ দৈৱীগুণ থাকে। ছিঃ ছিঃ কাম নকৰাসকলেই স্বৰ্গবাসী
হয়গৈ। নৰকবাসীসকলৰ দ্বাৰা মায়াই ছিঃ ছিঃ কৰ্ম কৰোৱায়। এতিয়া ভগৱানে শ্ৰেষ্ঠ
কৰ্ম কৰোৱায় আৰু শ্ৰেষ্ঠ মত দিয়ে যে এনেকুৱা ছিঃ ছিঃ কৰ্ম নকৰিবা। শ্ৰেষ্ঠতকৈও
শ্ৰেষ্ঠ হ’বলৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত দিয়ে। দেৱতাসকল শ্ৰেষ্ঠ হয় নহয়। থাকেও নতুন
সৃষ্টি স্বৰ্গত। এয়াও তোমালোকৰ মাজত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে সেইবাবেই মালাও
গঁথা হয় 8 (আঠ)ৰ বা 108 ৰ, লাগিলে16108 বুলিও কোৱা, সেয়ানো কিমান হ'ল। ইমান কোটি
কোটি মনুষ্য আছে, তাৰ মাজৰ পৰা 16 হাজাৰ ওলালেনো কি হ'ল। শতকৰা এক চতুৰ্থাংশও নহয়।
পিতাই সন্তানসকলক কিমান উচ্চ কৰি তোলে, নিতৌ সন্তানসকলক বুজায় যে কোনো বিকৰ্ম নকৰিবা।
তোমালোকে এনেকুৱা পিতাক পাইছা গতিকে বহুত আনন্দিত হ'ব লাগে। তোমালোকে বুজি পোৱা যে
বেহদৰ পিতাই তুলি লৈছে। আমি তেওঁৰ হৈছোঁ। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা। গতিকে এনেকুৱা
স্বৰ্গৰ মালিক হোৱাৰ যোগ্য সৰ্বগুণ সম্পন্ন হ’ব লাগে। এই লক্ষ্মী-নাৰায়ণ সৰ্বগুণ
সম্পন্ন আছিল। তেওঁলোকৰ যোগ্যতাৰ মহিমা কৰা হয়, আকৌ 84 জন্মৰ পাছত অযোগ্য হৈ যায়।
এটা জন্মও যদি তললৈ আহে তেন্তে অলপ কলা কম হৈ গ’ল। এনেদৰে লাহে লাহে কম হৈ যায়।
যিদৰে নাটকো ওকনিৰ দৰে (ধীত গতিৰে) চলে নহয়। তোমালোকেও লাহে লাহে অৱনমিত হোৱা তেতিয়া
1250 বছৰত দুটা কলা কম হৈ যায়। পুনৰ ৰাৱণৰাজ্যত কম সময়ৰ ভিতৰতে কলা কম হৈ যায়।
গ্ৰহণ লাগি যায়। যেনেকৈ সূৰ্য-চন্দ্ৰৰো গ্ৰহণ লাগে নহয়। এনেকুৱা নহয় যে চন্দ্ৰ,
তৰাবোৰৰ গ্ৰহণ নালাগে, সকলোৰে সম্পূৰ্ণ গ্ৰহণ লাগি আছে। এতিয়া পিতাই কয় – স্মৃতিৰ
দ্বাৰাই গ্ৰহণ আঁতৰিব। কোনো পাপ নকৰিবা। প্ৰথম নম্বৰৰ পাপ হৈছে দেহ-অভিমানত অহা।
এইটো বৰ কাঢ়া পাপ। সন্তানসকলে এই এটা জন্মৰ বাবেই শিক্ষা পায় কিয়নো এতিয়া সৃষ্টি
পৰিৱৰ্তন হ’ব। পুনৰ এই শিক্ষা কেতিয়াও পোৱা নাযায়। বেৰিষ্টাৰী আদিৰ শিক্ষাতো
তোমালোকে জন্ম-জন্মান্তৰ লৈ আহিছা। বিদ্যালয় আদিতো সদায় আছেই। এই জ্ঞান এবাৰেই পালা,
বচ্। জ্ঞানৰ সাগৰ পিতা এবাৰেই আহে। তেওঁ নিজৰ আৰু নিজৰ ৰচনাৰ আদি-মধ্য-অন্তৰ সকলো
জ্ঞান দিয়ে। পিতাই কিমান সহজকৈ বুজায় - তোমালোক সন্তানসকল হৈছা ভূমিকা পালন কৰোঁতা।
আত্মাসকল নিজৰ ঘৰৰ পৰা আহি ইয়াত ভূমিকা পালন কৰে। সেইখনক মুক্তিধাম বুলি কোৱা হয়।
স্বৰ্গ হৈছে জীৱনমুক্তি। ইয়াততো হৈছে জীৱন বন্ধন। এই শব্দবোৰো যথাৰ্থ ৰীতিৰে
স্মৃতিত ৰাখিব লাগে। মোক্ষ প্ৰাপ্তি কেতিয়াও নহয়। মনুষ্যই কয় - মোক্ষ প্ৰাপ্তি হৈ
যাওঁক অৰ্থাৎ অহা-যোৱাৰ চক্ৰৰ পৰা মুক্ত হৈ যাওঁ। কিন্তু ভূমিকাৰ পৰাতো কোনো আঁতৰি
যাব নোৱাৰে। এইখন অনাদি ৰচি থোৱা খেল। বিশ্বৰ বুৰঞ্জী-ভূগোল হুবহু পুনৰাবৃত্তি হয়।
সত্যযুগলৈ সেইসকল দেৱতাই আহিব। তাৰপাছত পুনৰ ইছলামী, বৌদ্ধী আদি সকলো আহিব। এয়া
মানৱ বৃক্ষ হৈ যাব। ইয়াৰ বীজ ওপৰত আছে। পিতা হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ। মনুষ্য
সৃষ্টিতো আছেই কিন্তু সত্যযুগত বহুত সৰু হয়, পুনৰ লাহে লাহে বহুত বৃদ্ধি হৈ যায়।
বাৰু, আকৌ সৰু কেনেকৈ হ’ব? পিতা আহি পতিতৰ পৰা পাৱন কৰি তোলে। কিমান কমসংখ্যক পাৱন
হয়। কোটিৰ ভিতৰত কোনোবাহে ওলায়। আধাকল্প বহুত কম সংখ্যক থাকে। আধাকল্পত কিমান
বৃদ্ধি হৈ যায়। গতিকে সকলোতকৈ বেছি সম্প্ৰদায় সেই দেৱতাসকলৰে হোৱা উচিত, কিয়নো
পোন-প্ৰথমে এওঁলোক আহে, কিন্তু অন্য অন্য ধৰ্মলৈ গুচি যায় কিয়নো পিতাকেই পাহৰি
গৈছে। এয়া হৈছে একমাত্ৰ ভুলৰ খেল। পাহৰি গ’লে কঙাল হৈ যায়। পাহৰি পাহৰি একেবাৰেই
পাহৰি যায়। ভক্তিও প্ৰথমতে এজনৰ কৰে কিয়নো সকলোৰে সৎগতি কৰোঁতা এজন তেন্তে অন্য
কাৰোবাক ভক্তি কিয় কৰিব লাগে। এই লক্ষ্মী-নাৰায়ণকো গঢ়ি তোলোঁতাজনতো শিৱ হয় নহয়।
শ্ৰীকৃষ্ণক গঢ়ি তোলোঁতাজন কেনেকুৱা হ’ব। এইটোতো হ'ব নোৱাৰে। ৰাজযোগ শিকাওঁতাজন
শ্ৰীকৃষ্ণ কেনেকৈ হ’ব। তেওঁতো হ’ল সত্যযুগৰ ৰাজকুমাৰ। কিমান ভুল কৰি দিছে। বুদ্ধিত
ধাৰণ নহয়। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা আৰু দৈৱীগুণ ধাৰণ কৰা। যদি কোনো সা-সম্পত্তিৰ
কাজিয়া আদি আছে তেন্তে সেয়া সমাপ্ত কৰি দিয়া। কাজিয়া কৰোঁতে কৰোঁতে প্ৰাণো ওলাই
যাব। পিতাই বুজায় - এওঁ (ব্ৰহ্মাই) এৰি দিলে কাজিয়া আদি জানো কৰিলে। যদি কম পালা
কোনো কথা নাই, তাৰ পৰিৱৰ্তে কিমান ৰাজ্য-ভাগ্য পাই গ’লা। বাবাই (ব্ৰহ্মাবাবাই)
শুনায় - মোৰ বিনাশ আৰু ৰাজত্বৰ সাক্ষাৎকাৰ হ’ল সেইবাবে কিমান আনন্দিত হৈ গ’লোঁ। মই
বিশ্বৰ বাদশ্বাহী পাওঁ, তেন্তে এইবিলাকনো কি। এনেকুৱাতো নহয় যে ভোকত মৰিম। টকা পইচা
নথকাজনেও পেটতো ভৰায় নহয়। মম্মাই জানো কিবা লৈ আহিছিল। মম্মাক কিমান স্মৰণ কৰে।
পিতাই কয় - স্মৰণ কৰা, এইটোতো ঠিকে আছে, কিন্তু এতিয়া মম্মাৰ নাম-ৰূপ স্মৰণ কৰিব
নালাগে। আমিও তেওঁৰ দৰেই ধাৰণা কৰিব লাগে। আমিও যাতে মম্মাৰ দৰে শ্ৰেষ্ঠ হৈ গাদীৰ (সিংহাসনৰ)
যোগ্য হওঁ। কেৱল মম্মাৰ মহিমা কৰিলেই জানো হৈ যাবা! পিতাইতো কয় – মামেকম্ (কেৱল
মোক) স্মৰণ কৰা, স্মৃতিৰ যাত্ৰাত থাকিব লাগে। মম্মাৰ দৰে জ্ঞান শুনাব লাগে। মম্মাৰ
মহিমাৰ প্ৰমাণ তেতিয়াহে হ’ব যেতিয়া তোমালোকো এনেকুৱা মহিমাৰ যোগ্য হৈ দেখুৱাবা।
কেৱল মম্মা মম্মা বুলি ক’লেই পেট নভৰিব। আৰুহে পেটে পিঠিয়ে একাকাৰ হৈ যাব। শিৱবাবাক
স্মৰণ কৰিলে পেট ভৰিব। এই দাদাক (ব্ৰহ্মা বাবাক) স্মৰণ কৰিলেও পেট নভৰিব। এজনকে
স্মৰণ কৰিব লাগে। মহিমা এজনৰে। সেৱাৰ যুক্তি উলিয়াব লাগে। সদায় যাতে মুখেৰে ফুল (সুখদায়ী
বচন) নিগৰে। যদি কাঁইট পাথৰ (কটু বচন) ওলায় তেন্তে পাথৰে হৈ থাকিলা। বহুত ভাল গুণ
ধাৰণ কৰিব লাগে। তোমালোক ইয়াতেই সৰ্বগুণ সম্পন্ন হ’ব লাগে। শাস্তি খালে আকৌ ভাল পদ
নাপাবা। ইয়ালৈ সন্তানসকল পিতাৰ পৰা পোনপটীয়াকৈ শুনিবলৈ আহে। ইয়াত বাবাই নিচা সজীৱ
কৰি দিয়ে। সেৱাকেন্দ্ৰত নিচা বাঢ়ে, আকৌ ঘৰলৈ গ’ল, সমন্ধীয় আদিক দেখিলে সকলো শেষ।
ইয়াত তোমালোকে বুজি পোৱা যে আমি বাবাৰ পৰিয়ালত বহি আছোঁ। তাত আসুৰিক পৰিয়াল থাকে।
কিমান হাই-কাজিয়া হৈ থাকে। তালৈ গ’লেই আৱৰ্জনাৰ মাজত পৰেগৈ। ইয়াততো তোমালোকে
পিতাক পাহৰিব নালাগে। জগতত সঁচা শান্তি কোনেও পাব নোৱাৰে। পৱিত্ৰতা, সুখ, শান্তি
সম্পত্তি পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এনেকুৱা নহয় যে পিতাই আশীৰ্বাদ দিয়ে –
দীৰ্ঘায়ু হোৱা, পুত্ৰৱান হোৱা। নহয়, আশীৰ্বাদেৰে একোৱেই পোৱা নাযায়। এইটো
মনুষ্যৰ ভ্ৰম। সন্ন্যাসী আদিয়েও আশীৰ্বাদ দিব নোৱাৰে। আজি আশীৰ্বাদ দিয়ে, কাইলৈ
নিজেই মৰি যায়। পোপকো চোৱা কিমান জন হৈ গ’ল। গুৰুসকলৰ গাদী চলি থাকে, কম বয়সতে গুৰু
মৰি গ’লে তেতিয়া আন কাৰোবাক গুৰু কৰি দিয়ে বা সৰু শিষ্যক গুৰুৰ আসনত বহুৱাই দিয়ে।
এয়াতো বাপদাদা হৈছে দিওঁতা। এওঁ লৈ কি কৰিব। পিতাতো নিৰাকাৰ হয় নহয়। শৰীৰধাৰীয়েহে
ল’ব। এইটোও বুজিবলগীয়া কথা। এনেকৈ কেতিয়াও ক'ব নালাগে যে আমি শিৱবাবাক দিওঁ। নহয়,
আমি শিৱবাবাৰ পৰা পদম ল’লোঁ, দিয়া নাই। পিতাইতো তোমালোকক অলেখ দিয়ে। শিৱবাবাতো
দাতা হয়, তোমালোকে তেওঁক কেনেকৈ দিবা? মই দিলোঁ, এনেকৈ ভাবিলে আকৌ দেহ-অভিমান আহি
যায়। আমি শিৱবাবাৰ পৰা লৈ আছোঁ। বাবাৰ ওচৰলৈ কিমান অনেক সন্তান আহে, আহি থাকে
তাৰবাবে ব্যৱস্থাও থাকিব লাগে নহয়। অৰ্থাৎ তোমালোকে নিজৰ বাবে দিয়া। তেওঁক নিজৰ
বাবে জানো কিবা কৰিব লাগে। ৰাজধানীও তোমালোকক দিয়ে সেইবাবে কৰাও তোমালোকেই।
তোমালোকক নিজতকৈও উচ্চ কৰি গঢ়ি তোলোঁ। এনেহেন পিতাক তোমালোকে পাহৰি যোৱা। আধাকল্প
পূজ্য, আধাকল্প পূজাৰী। পূজ্য হ’লে তোমালোক সুখধামৰ মালিক হোৱা আকৌ পূজাৰী হৈ গ’লে
দুখধামৰ মালিক হৈ যোৱা। এইটোও কোনেও গম নাপায় যে পিতা কেতিয়া আহি স্বৰ্গ স্থাপনা
কৰে। এই কথাবোৰ তোমালোক সংগমযুগী ব্ৰাহ্মণসকলেহে জানা। বাবাই কিমান ভালকৈ বুজায়
তথাপিও বুদ্ধিত ধাৰণ নহয়। যেনেকৈ বাবাই বুজায় তেনেকৈ যুক্তিৰে বুজাব লাগে।
পুৰুষাৰ্থ কৰি এনেকুৱা শ্ৰেষ্ঠ হ’ব লাগে। পিতাই সন্তানসকলক বুজায় - সন্তানসকলৰ বহুত
ভাল দৈৱীগুণ থাকিব লাগে। কোনো কথাত বিতুষ্ট হ’ব নালাগে, চেহেৰা মৃতকৰ নিচিনা কৰিব
নালাগে। পিতাই কয় - এনেকুৱা কোনো কাম এতিয়া নকৰিবা। চণ্ডী দেৱীৰো মেলা অনুষ্ঠিত হয়।
চণ্ডীকা বুলি তেওঁলোকক কোৱা হয় যিসকল পিতাৰ মতত নচলে। যিয়ে দুখ দিয়ে, এনেকুৱা
চণ্ডীকাসকলৰো মেলা অনুষ্ঠিত হয়। মনুষ্য অজ্ঞানী নহয় জানো, অৰ্থ জানো বুজি পায়।
কাৰোবাৰ শক্তি নাই, তেওঁলোকতো যেন ভিতৰি শূন্য। তোমালোকে বাবাক ভালদৰে স্মৰণ কৰা
সেয়েহে পিতাৰ দ্বাৰা তোমালোকে শক্তি পোৱা। কিন্তু ইয়াত থাকিও বহুতৰে বুদ্ধি
বাহিৰত ঘূৰি ফুৰে, সেইবাবে বাবাই কয় - ইয়াত চিত্ৰৰ সন্মুখত বহি যোৱা তেতিয়া
তোমালোকৰ বুদ্ধি ইয়াত ব্যস্ত হৈ থাকিব। সৃষ্টি চক্ৰ, ছিৰিৰ চিত্ৰৰ ওপৰত কাৰোবাক
বুজালে তেতিয়া ক’বা যে সত্যযুগত বহুত কম মনুষ্য থাকে। এতিয়াতো অনেক মনুষ্য আছে।
পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰোঁ, পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁ।
এনেকৈ বহি অভ্যাস কৰিব লাগে। নিজৰ মুখ নিজেই খুলিব পাৰা। ভিতৰত যি চলি থাকে সেয়া
বাহিৰতো প্ৰকাশ কৰিব লাগে। বোবাতো নোহোৱা নহয়। ঘৰত চিঞৰ বাখৰ কৰিবলৈ মুখ খোলে,
জ্ঞান শুনাবলৈ নোখোলে! চিত্ৰতো সকলোৱে পাব পাৰা, সাহস ৰাখিব লাগে - নিজৰ ঘৰখনৰ
কল্যাণ কৰা। নিজৰ কোঠালি চিত্ৰৰে সজাই তোলা তেতিয়া তোমালোক ব্যস্ত হৈ থাকিবা। সেয়া
যেন তোমালোকৰ পুথিভঁৰাল হৈ যাব। আনৰ কল্যাণ কৰিবলৈ চিত্ৰ আদি লগাই দিব লাগে। যিয়েই
আহে তেওঁক বুজোৱা। তোমালোকে বহুত সেৱা কৰিব পাৰা। অলপো যদি শুনে তেন্তে প্ৰজা হৈ
যাব। বাবাই ইমানবোৰ উন্নতিৰ উপায় শুনায়। পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম
বিনাশ হ’ব। বাকী গঙ্গাত গৈ একেবাৰে ডুবি যোৱা তেতিয়াও বিকৰ্ম বিনাশ নহ’ব। সেই
সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা। হৰিদ্বাৰততো চহৰৰ গোটেই আৱৰ্জনা আহি গঙ্গাত পৰেহি। সাগৰত
কিমান আৱৰ্জনা পৰে। নদীবোৰতো আৱৰ্জনা পৰি থাকে, তাৰ দ্বাৰা আকৌ কেনেকৈ পাৱন হ’ব পাৰে।
মায়াই সকলোকে একেবাৰেই অবোধ কৰি দিছে।
পিতাই সন্তানসকলকহে কয় যে মোক স্মৰণ কৰা। তোমালোক আত্মাই আহ্বান জনোৱা নহয় - হে
পতিত-পাৱন আহক। তোমালোকৰ শৰীৰৰ সেই লৌকিক পিতাতো আছে। পতিত-পাৱন একমাত্ৰ পিতাই হয়।
এতিয়া আমি সেই পাৱন কৰি তোলোঁতা পিতাক স্মৰণ কৰোঁ। জীৱনমুক্তি দাতা এজনেই, দ্বিতীয়
কোনো নাই। ইমান সহজ কথাৰ অৰ্থও কোনেও বুজি নাপায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মুখেৰে
জ্ঞান ৰত্ন উচ্চাৰণ কৰাৰ অভ্যাস কৰিব লাগে। কেতিয়াও মুখেৰে কাঁইট বা পাথৰ (কটু বচন)
উলিয়াব নালাগে। নিজৰ আৰু ঘৰৰ কল্যাণ কৰিবলৈ ঘৰত চিত্ৰ সজাই ৰাখিব লাগে, ইয়াৰ ওপৰত
বিচাৰ সাগৰ মন্থন কৰি আনক বুজাব লাগে। ব্যস্ত হৈ থাকিব লাগে।
(2) পিতাৰ পৰা
আশীৰ্বাদ বিচৰাৰ পৰিৱৰ্তে তেওঁৰ শ্ৰেষ্ঠ মতত চলিব লাগে। মহিমা শিৱবাবাৰেই সেইবাবে
তেওঁকেই স্মৰণ কৰিব লাগে। এইটো অভিমান যাতে নাহে যে মই শিৱবাবাক ইমানখিনি দিলোঁ।
বৰদান:
পিতাৰ সমান
স্থিতিৰে সময় সমীপত আনোঁতা ‘ততত্বম্’ৰ বৰদানী হোৱা
নিজৰবোধ নোহোৱা কৰা
অৰ্থাৎ পিতাৰ সমান স্থিতিত স্থিৰ হৈ সময় সমীপত অনা। য’ত নিজৰ দেহৰ প্ৰতি বা নিজৰ
কোনো বস্তুৰ প্ৰতি নিজৰবোধ আছে ত’ত সমানতাত শতাংশ থাকে, শতাংশ মানে ত্ৰুটি, এনেকুৱা
ত্ৰুটি থকাসকল কেতিয়াও নিখুঁত হ’ব নোৱাৰে। নিখুঁত হ’বলৈ সদায় পিতাৰ স্নেহত লীন হৈ
থাকা। সদায় স্নেহত লীন হৈ থাকিলে সহজে আনকো নিজৰ সমান বা পিতাৰ সমান কৰি তুলিব
পাৰিবা। বাপদাদাই নিজৰ স্নেহী আৰু স্নেহত লীন হৈ থাকোঁতা সন্তানসকলক সদায়
‘ততত্বম্’ৰ (অৰ্থাৎ পিতাৰ সমান হোৱাৰ) বৰদান দিয়ে।
স্লোগান:
ইজনে সিজনৰ বিচাৰধাৰাক ‘ৰিগাৰ্ড’ অৰ্থাৎ সন্মান দিয়া তেতিয়া নিজৰ ‘ৰেকৰ্ড’ অৰ্থাৎ
খতিয়ান ভাল হৈ যাব।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
মনৰে সেৱা কৰিবৰ কাৰণে
মন, বুদ্ধি ব্যৰ্থ চিন্তনৰ পৰা মুক্ত হোৱা উচিত। ‘মনমনাভৱ’ৰ মন্ত্ৰ সহজ স্বৰূপ হোৱা
উচিত, যিসকল শ্ৰেষ্ঠ আত্মাৰ মন অৰ্থাৎ সংকল্প শ্ৰেষ্ঠ আৰু শক্তিশালী, শুভ-ভাৱনা,
শুভ-কামনাধাৰী তেওঁলোকে মনেৰে শক্তি দান দিব পাৰে।