04.10.26 Avyakt Bapdada
Assame
Murli
31.12.2011 Om Shanti Madhuban
“*“নতুন বছৰত তীব্ৰ
পুৰুষাৰ্থী হোৱাৰ বৰদানৰ দ্বাৰা নিজৰ চেহেৰাৰে ফৰিস্তা ৰূপ প্ৰত্যক্ষ কৰোৱা, লাইট
মাইট স্বৰূপ জ্বালামুখী যোগেৰে ব্যৰ্থক জ্বলাই দিয়া, দুখী অশান্ত আত্মাসকলক শক্তিৰ
দান দিয়া”*”
আজি ব্ৰাহ্মণ পৰিয়ালৰ
ৰচয়িতাই নিজৰ চাৰিওফালৰ পৰিয়ালক চাই আছেহঁক। অতি সৰু পৰিয়াল, সৰু সংসাৰ কিন্তু অতি
মৰমৰ কিয়নো কোটিৰ মাজত কোনোবা। কিয় মৰমৰ? কিয়নো পিতাক চিনি পাইছে। পিতাৰ পৰা
উত্তৰাধিকাৰৰ অধিকাৰী হৈছে। গতিকে যিদৰে পিতা মৰমৰ, ঠিক তেনেদৰে এই ব্ৰাহ্মণ পৰিয়ালো
মৰমৰ। বাপদাদাই জন্ম হোৱাৰ লগে লগে প্ৰতিগৰাকী সন্তানৰ মস্তকত ভাগ্যৰ তৰা উজলাই দিছে,
সেয়ে এই সৰু সংসাৰ অতি মৰমৰ। তোমালোক সকলোৱেও নিজৰ ইমান স্বমান জানা নহয়! বাপদাদাও
প্ৰতিগৰাকী সন্তানক দেখি আনন্দিত হয় আৰু কি গীত গায়? বাঃ! সন্তান বাঃ!
আজিতো সকলো এই
শ্ৰেষ্ঠ দিনটোত পিতাক লগ কৰিবলৈ আহিছে। আজিৰ দিনটো হৈছে সংগমৰ দিন। বিদায়ো আছে আৰু
শুভেচ্ছাও আছে। এনেও সংগমৰ মহত্ব আছে। য’তেই সাগৰ আৰু নদীৰ সংগম হয়, তাৰ বহুত মহত্ব
থাকে। গতিকে আজিৰ দিনটোৰ মহত্বও বহুত গায়ন যোগ্য। পুৰণি বছৰ সমাপ্ত আৰু নতুন বছৰ
আৰম্ভ হ’ব। আজিৰ দিনটোত সকলোৰে অন্তৰত আগন্তুক বছৰটোৰ বাবে কিমান উল্লাস।
প্ৰত্যেকেই নিজৰ নিজৰ অন্তৰত পৰিকল্পনা কৰিছে – কি ত্যাগ কৰিব লাগে আৰু কি হ’ব লাগে।
দুয়োটা পৰিকল্পনাই কৰিছে? কৰিছানে? যিসকলে আগন্তুক বছৰটোৰ বাবে নিজে আগুৱাই যোৱাৰ,
তীব্ৰ পুৰুষাৰ্থৰ পৰিকল্পনা কৰিছে, তেওঁলোকে হাত দাঙা। কৰিছানে? অভিনন্দন, কিয়নো
সকলোৱে জানে যে বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৰা কি বিচাৰে। বাপদাদাই প্ৰতিগৰাকী
সন্তানৰ কাৰণে এইটো শুভ ভাৱনা ৰাখে যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান সম্পন্ন আৰু
সম্পূৰ্ণ হৈ যাওঁক। এতিয়াতো সময়েও সঙ্গ দি আছে। গতিকে প্ৰত্যেকেই নিজৰ মনত নিজৰ
প্ৰতি নতুন পৰিকল্পনা কৰিছা নহয়! কিবা ত্যাগ কৰিব লাগে আৰু কিছু আগবাঢ়িব লাগে।
তেন্তে এৰিব কি লাগে? বাপদাদাই দেখিছে যে পুৰণা সংসাৰ আৰু সম্বন্ধ ত্যাগ কৰাত সকলোৰে
পুৰুষাৰ্থত মনোযোগো আছে। এটা কথা যিটো ত্যাগ কৰিবও বিচাৰে কিন্তু এতিয়ালৈকে
বাপদাদাই দেখিছে যে পুৰণা সংস্কাৰ সেয়া ত্যাগ কৰিবলৈ অলপ পৰিশ্ৰম হয়। গতিকে
বাপদাদাই এইটো বিচাৰে যে এই নতুন বছৰত প্ৰতিগৰাকী সন্তানেই নিজৰ পুৰণা সংস্কাৰৰ
সৎকাৰ কৰি লয়। তোমালোক সকলোৱেও এইটো সংকল্প পূৰা কৰিবলৈ বিচৰা নহয়! কিয়নো পুৰণা
সংস্কাৰ যাক তোমালোকে কোৱা মোৰ স্বভাৱ, ভাৱ নাছিল কিন্তু স্বভাৱ। গতিকে স্বভাৱ এই
জন্মৰ ব্ৰাহ্মণৰ নহয় কিন্তু পুৰণি। সেয়ে সেই পুৰণি সংস্কাৰ বা স্বভাৱ আজিৰ দিনটোত
এৰিবলৈ সংকল্প কৰিব পাৰানে? প্ৰত্যেকেই নিজকতো জানা, গতিকে আজি বছৰৰ বিদায় দিয়াৰ
লগতে সেই পুৰণা সংস্কাৰো এৰিবলৈ দৃঢ় সংকল্প কৰিব পাৰানে? কৰিব পাৰানে? বিচাৰেও,
এনেকুৱা নহয় যে নিবিচাৰে কিন্তু তথাপিও বাৰে বাৰে পুৰুষাৰ্থত তীব্ৰতা অনাত সেই
সংস্কাৰে ভিন্ন ভিন্ন ৰূপত বিঘিনি আনে। গতিকে বাপদাদাই এইটো বিচাৰে যে বছৰক বিদায়
দিয়াৰ লগতে আজিৰ দিনটোত তাকো বিদায় দি দিয়া। ইয়াৰ কাৰণে প্ৰস্তুতনে? যিসকল প্ৰস্তুত
তেওঁলোকে হাত দাঙা। ইয়াৰ কাৰণে কি কৰিবা? নিজৰ কাৰণে কিবা পৰিকল্পনাও ভাবিছানে?
ইয়াৰ কাৰণে সকলোতকৈ ভাল কথা হ’ল দৃঢ় সংকল্প। সংকল্প কৰিছা, হ’ব লাগে কিন্তু সংকল্পত
তীব্ৰতা লাগিব। যেনেকৈ ব্ৰাহ্মণ হোৱাৰ লগতে এইটো প্ৰতিজ্ঞা কৰিছিলা যে কোনো অশুদ্ধ
ভোজন স্বীকাৰ নকৰোঁ। গতিকে বাপদাদাই দেখিছে যে এই ক্ষেত্ৰত দৃঢ় সংকল্পৰ দ্বাৰা
গৰিষ্ঠসংখ্যক উত্তীৰ্ণ। যেনেকৈ শৰীৰৰ বাবে অশুদ্ধ ভোজনৰ সংকল্প কৰিছা আৰু
বাস্তৱায়িত কৰি আছা, তেনেকৈয়ে মনৰ বাবে দৃঢ় সংকল্প কৰিব লাগে যে কেতিয়াও কাৰো প্ৰতি,
যি কোনো পৰিস্থিতিতে কোনো ব্যৰ্থ সংকল্প নকৰি সদায় সকলো আত্মাৰ প্ৰতি শুভ-ভাৱনা,
শুভ-কামনা ৰাখিবই লাগে। মনৰ ভোজন হৈছে সংকল্প, গতিকে যেনেকৈ শৰীৰৰ কাৰণে দৃঢ় সংকল্প
গৰিষ্ঠসংখ্যকেই কৰিছা, তেনেকৈয়ে মনৰ কাৰণে ব্যৰ্থ সংকল্প, অশুদ্ধ ভাৱনা নাইকিয়া
কৰিব নোৱাৰানে? নিজৰ মনত প্ৰত্যেক আত্মাৰ প্ৰতি অন্তৰৰ স্নেহ আৰু সহযোগৰ মনোভাৱ
ৰাখিব নোৱাৰানে?
গতিকে আজি বাপদাদাই
এই পুৰণা বছৰৰ লগতে এই বৃত্তি বা দৃষ্টি প্ৰতিগৰাকী সন্তানৰ পৰা বিদায় লোৱাটো বিচাৰে।
এইটো দৃঢ় সংকল্প কৰিব পাৰিবানে? কৰিব পাৰিবানে? কোৱা, মাতাসকল, শিক্ষকসকল, সকলো
ভাইসকলেও বিচাৰা নহয়। হয় যদি হাত দাঙা। কাইলৈৰ পৰা কোনো আত্মাৰ প্ৰতি যদি কোনো
ব্যৰ্থ আছে, ব্যৰ্থ ভাৱনা বা ব্যৰ্থ ভাৱ আছে তাৰ আজি সমাপ্তি সমাৰোহ পালন কৰিব
বিচাৰে। কোৱা, শিক্ষকসকল সকলো প্ৰস্তুত আছানে? শিক্ষকে দুয়োখন হাত দাঙা। দাঙা। বাৰু।
যিসকলে নাই দঙা, তেওঁলোকে দাঙা। যিসকলে নাই দঙা তেওঁলোকে অলপ উঠি থিয় হৈ যোৱা। ভাল!
যিসকলে পুৰুষাৰ্থ কৰিব কিন্তু দৃঢ় সংকল্প নকৰে, এনেকুৱা আছেনে? যিসকল উঠিছে তেওঁলোকে
লক্ষ্য আৰু পুৰুষাৰ্থ কৰিব তেন্তে হাত দাঙা কিয়নো সময়ৰ প্ৰতি মনোযোগ দি এইটো ভাবা
যে সকলোৱে এই সংগমৰ সময়ত ভৱিষ্যতৰ বহুত সময়ৰ সফলতা প্ৰাপ্ত কৰিব লাগে। 21 জন্মৰ
উত্তৰাধিকাৰ ল’ব লাগে। গতিকে ক’ত এই এক জন্ম আৰু ক’ত 21 জন্ম! গতিকে এই এক জন্মতে
ভালেমান সময় নিজৰ পুৰুষাৰ্থ তীব্ৰ কৰিবলগীয়া হয় তেতিয়াহে বহুত সময়ৰ যি প্ৰাপ্তি
কৰিব লাগে, সেয়া কৰিব পাৰিবা। পিতালৈ স্নেহ আছে নহয় তেন্তে লগত থাকিব লাগে নহয়!
ওচৰত থাকিব লাগে নহয়! পিতা ব্ৰহ্মাৰ সংগী হৈ ৰাজ্য অধিকাৰী হ’ব লাগে নহয়! তেন্তে
এতিয়াও ইমান সময় পিতাৰ সমানতো হ’বলগীয়া হয়। পিতা ব্ৰহ্মাৰ প্ৰতিগৰাকী সন্তানলৈ
কিমান স্নেহ, সেয়াতো জানাই। প্ৰত্যেকেই কয় – বাবাৰ যিমান মোৰ প্ৰতি স্নেহ আছে,
সিমান কাৰো প্ৰতি নাই, মোৰ প্ৰতি স্নেহ আছে। তেন্তে সেই স্নেহ, বাপদাদা দুয়োৰে
স্নেহ এই জন্মতে অনুভৱ কৰি আছা। আৰু যাৰ প্ৰতি স্নেহ থাকে তেওঁৰ কথা কেতিয়াও অমান্য
কৰা নহয়। গতিকে পিতা ব্ৰহ্মাৰ প্ৰতি সকলোৰে স্নেহ আছে, কিমান স্নেহ? বহুত স্নেহ আছে।
লাগিলে দেখুৱাব নোৱাৰে কিন্তু পিতাই জানে যে স্নেহ সকলো সন্তানৰে আছে, ক্ৰমানুসৰি
হয় কিন্তু স্নেহ আছে, এই ক্ষেত্ৰত বাপদাদায়ো সকলো সন্তানকে প্ৰমাণপত্ৰ দিয়ে যে
স্নেহ আছে। স্নেহতো আছে কিন্তু পিতাই দেখিছে যে কেতিয়াবা কেতিয়াবা দুষ্ট হৈ যায়,
পিতাই তেতিয়া সেই সময়ত কি কৰে? পিতাই চাই চাই বিশেষ শক্তি দি থাকে কিয়নো পিতাই এইটো
বিচাৰে যে প্ৰতিগৰাকী সন্তান ৰজা সন্তান, জগতত যি আদৰৰ সন্তান তেওঁক ৰজা সন্তান বুলি
কয়। ৰজা নহয় কিন্তু কয় ৰজা সন্তান, কিন্তু তোমালোক সকলো বাপদাদাৰ এতিয়াও ৰজা সন্তান
হোৱা আৰু ভৱিষ্যতেও ৰজা সন্তান হোৱা। এতিয়া স্বমান আছে, স্বৰাজ্য আছে। এতিয়া আত্মাৰ
ৰাজ্য সৰ্ব কৰ্মেন্দ্ৰিয়ৰ ওপৰত। গতিকে স্বৰাজ্য অধিকাৰী এতিয়া হোৱা আৰু বিশ্ব ৰাজ্য
অধিকাৰী ভৱিষ্যতে হ’বা। গতিকে ৰজা সন্তান হোৱা নহয়! হয় যদি কান্ধ লৰোৱা।
গতিকে বাপদাদাই আজি
অমৃতবেলা চাৰিওফালে, বিদেশেই হওক বা দেশেই হওক, চাৰিওফালে চাবলৈ গ’ল। তেতিয়া কি
দেখিলে? যোগত অমৃতবেলা বেছিভাগেই বহে কিন্তু স্নেহত বহে, বাপদাদাৰ সৈতে আত্মিক
বাৰ্তালাপো কৰে, আত্মিক স্মৃতিতো বহে, বাপদাদাৰ পৰা শক্তিও লয় কিন্তু এতিয়া
বাপদাদাই আগন্তুক নতুন বছৰত নবীনতা বিচাৰে কিয়নো এতিয়া সময় দিনে দিনে স্পৰ্শকাতৰ হৈ
আহিবই। গতিকে এনে সময়ত এতিয়া জ্বালামুখী যোগ লাগে। সেই জ্বালামুখী যোগৰ প্ৰয়োজন
এতিয়া অপৰিহাৰ্য। জ্বালামুখী যোগ অৰ্থাৎ লাইট মাইট স্বৰূপ শক্তিশালী, কিয়নো সময়
অনুসৰি এতিয়া দুখ, অশান্তি, অস্তিৰতা বাঢ়িবই সেইবাবে নিজৰ দুখী, অশান্ত আত্মাসকলক
বিশেষ জ্বালামুখী যোগৰ দ্বাৰা শক্তিসমূহ দিয়াৰ প্ৰয়োজন হ’ব। দুখ অশান্তিৰ প্ৰতিদানত
কিবা নহয় কিবা শক্তি শান্তি নিজৰ মনৰ সেৱাৰ দ্বাৰা দিবলগীয়া হ’ব। তোমালোকে যিটো এই
সময়ৰ বিষয়বস্তু ৰাখিছা “এক পৰিয়াল”, সেই অনুসৰি যেতিয়া এক পৰিয়াল হয়, তেন্তে অশান্ত
আত্মাসকলক কিবাতো অঞ্জলি দিবা সেইবাবে বাপদাদাই আগন্তুক বছৰ যিটো আহি আছে তাৰ কাৰণে
বিশেষ মনোযোগ আকৰ্ষণ কৰাইছে যে এতিয়া জ্বালামুখী যোগৰ প্ৰয়োজন আছে। জ্বালামুখী যোগৰ
দ্বাৰাহে যিবোৰ সংস্কাৰ থাকি গৈছে সেইবোৰো ভস্ম হ’ব।
এতিয়া তোমালোকৰ আগতীয়া
দলৰ সংগীসকলে তোমালোক সকলোৰে পৰা ইয়াকে বিচাৰে যে এতিয়া সমাপ্তিৰ সময় সন্মুখত আনা।
এতিয়া প্ৰত্যাৱৰ্তনৰ যাত্ৰা স্মৃতিত ৰাখা। তোমালোকৰ দিদিয়ে সোঁৱৰাই দিছে যে মোৰ
সদায় এয়া স্মৃতিত আছিল “এতিয়া ঘৰলৈ যাব লাগে”, এতিয়া ঘৰলৈ যাব লাগে। তোমালোকৰ দাদীয়ে
এয়াই সোঁৱৰাই দিছে যে যেনেকৈ মোৰ স্মৃতিত আছিল - এতিয়া সম্পন্ন হ’ব লাগে, সম্পূৰ্ণ
হ’ব লাগে, গভীৰ চিন্তা চলি আছিল। গতিকে আজি বিশেষ অমৃতবেলাই সূক্ষ্মলোকত বাপদাদাৰ
সৈতে মিলন কৰি কৈ আছিল যে এতিয়া আমাৰ ফালৰ পৰা, যিসকল দাদী গৈছে সকলোৱে মিলি কৈ
আছিল যে এতিয়া জ্বালামুখী যোগৰ বহুত প্ৰয়োজন আছে, আনক শক্তি দিবলৈয়ে হওক, বা নিজৰ
ব্ৰাহ্মণ পৰিয়ালক সম্পন্ন কৰি তুলিবৰ কাৰণেই হওক। এতিয়া সময় সমীপত আনোঁতা তোমালোক
নিমিত্ত হোৱা সেইকাৰণে আগন্তুক বছৰত কি কৰিবা? বিশেষ কি কৰিবা? ইজনে সিজনৰ স্নেহী
সহযোগী হৈ প্ৰতিটো সেৱাকেন্দ্ৰ, সেৱাস্থান জ্বালামুখী যোগৰ প্ৰকম্পন আৰু কৰ্মত ইজনে
সিজনৰ স্নেহী সহযোগী হৈ, প্ৰত্যেকৰে প্ৰতি মনোযোগ দি যিয়েই অভাৱ আছে তাত সহযোগ দিয়া।
মনৰ দ্বাৰা অন্য আত্মাসকলৰ সেৱা কৰা, তেতিয়াহে আমাৰ অন্তৰৰ আশা পূৰণ হ’ব।
গতিকে আজি
সূক্ষ্মলোকত আগতীয়া দলে আগন্তুক বছৰৰ কাৰণে তোমালোক সকলোকে স্মৰণো কৰিলে আৰু নিজৰ
অন্তৰৰ আশাবোৰো প্ৰকাশ কৰি আছিল। তেন্তে কোৱা, বাপদাদাৰ সংকল্পতো শুনিলাই কিন্তু
লগতে নিজৰ দাদীসকলৰো আগন্তুক বছৰৰ কাৰণে শুভ-ভাৱনাসমূহ শুনিলা নহয়! বাপদাদাইতো সকলো
সন্তানকে, লাগিলে কোনোবা দুৰ্বল হওক, লাগিলে তীব্ৰ পুৰুষাৰ্থী হওক সকলোকে তিনিটা
অভিনন্দন দি আছে – এটা নতুন জীৱনৰ অভিনন্দন, দ্বিতীয়তে নতুন বছৰৰ অভিনন্দন আৰু
তৃতীয়তে নতুন সৃষ্টিত সংগী হৈ চলাৰ অভিনন্দন।
বাপদাদাই এইটোও ক’লে
যে সকলোৱে নিজৰ ভিতৰত নিজৰ বাবে সময় নিশ্চিত কৰা যে কেতিয়ালৈকে নিজক পিতাৰ সমান কৰি
তুলিবা। নিজৰ ভিতৰত নিজৰ বাবে নিশ্চিত কৰা। তেন্তে নিশ্চিত কৰিব জানা নহয়?
বাপদাদাইতো আজি প্ৰতিগৰাকী সন্তানক চাই এইটো বৰদান দি আছে যে আগন্তুক বছৰত
প্ৰতিগৰাকী সন্তান তীব্ৰ পুৰুষাৰ্থী হোৱা। অমৃতবেলা যেতিয়া স্মৃতিত বহা আৰু যেতিয়া
উঠিবৰ সময় হয় সেই সময়ত বাপদাদাৰ এইটো বৰদানৰ স্মৃতি নিজৰ অন্তৰত ৰাখিবা ‘তীব্ৰ
পুৰুষাৰ্থী হোৱা’। যেনেকৈ বাপদাদাই দুটা কথাৰ প্ৰতি প্ৰথমেই মনোযোগ আকৰ্ষণ কৰাইছে
কিয়নো সংগমৰ সময় অকস্মাৎ সমাপ্ত হ’ব। গতিকে এটা সময়, দ্বিতীয়তে সংকল্প, দুয়োটাৰ
ওপৰত সকলো সময়তে মনোযোগ দিবা। বাপদাদাৰ এইটোও প্ৰতিগৰাকী সন্তানৰ প্ৰতি শুভ ভাৱনা
আছে যে প্ৰতিগৰাকী সন্তান এই বছৰত কি হ’ব? কি হ’ব? যিয়েই তোমালোকৰ চেহেৰা দেখে
তোমালোকৰ চেহেৰাত ফৰিস্তা ৰূপ দেখা পাওক। অমুকী হওঁ, অমুক হওঁ নহয়। ফৰিস্তা অনুভৱত
আহক, ইয়াৰ কাৰণে জ্বালামুখী যোগ লাগে, কোনো ব্যৰ্থ নহয়। লাইট আৰু মাইট স্বৰূপ যোগৰ
দ্বাৰা ব্যৰ্থক জ্বলোৱা। সমৰ্থ ফৰিস্তা দেখা পাওক, যাকেই দেখক কিয়নো পিতাৰ কল্পৰ
পাছত পুনৰাই লগ পোৱা সন্তানতো হোৱা। পিতাই তোমালোকক বিশেষকৈ ক’ৰ ক’ৰ পৰা বিচাৰি আনি
নিজৰ কৰি লৈছে। গতিকে লক্ষ্য ৰাখা মই ব্ৰাহ্মণেই ফৰিস্তা হওঁ। তেন্তে অমৃতবেলাই
নিজৰ দিনচৰ্যাত এইটো স্মৃতিত ৰাখিবা – মই ব্ৰাহ্মণ অৰ্থাৎ ফৰিস্তা। চলোঁতে ফুৰোঁতে
ফৰিস্তা ৰূপ, ফৰিস্তা স্বৰূপতো ভাল লাগে নহয়! পিতা ব্ৰহ্মা ফৰিস্তা হ’ল, পিতাক
অনুসৰণ কৰা।
গতিকে এই বছৰৰ বৰদান
যি দিছে তীব্ৰ পুৰুষাৰ্থী, সাধাৰণ পুৰুষাৰ্থ নহয়, সাধাৰণ পুৰুষাৰ্থ হ’লে ৰাজ্যৰ সংগী
নহ’বা। আৰু পিতাই এইটো বিচাৰে যে যিমান বাপদাদাৰ মুৰুলী অধ্যয়ন কৰোঁতা ঈশ্বৰীয়
বিদ্যাৰ্থী আছে, তেওঁলোক সকলোৱে কি হ’ব? ফৰিস্তা। সকলো বোজা আঁতৰি যাব। যি কোনো
সংস্কাৰৰ বোজা সমাপ্ত হৈ যাব। তেন্তে এই বছৰৰ ঘৰৰ কাম কি হ’ল? ফৰিস্তা স্বৰূপত
থাকিব লাগে, ইয়াকেই কোৱা হয় তীব্ৰ পুৰুষাৰ্থ। এতিয়া প্ৰতিটো সেৱাকেন্দ্ৰত, প্ৰতি
সপ্তাহত, প্ৰতিগৰাকী বিদ্যাৰ্থীৰ ফলাফল চাম যে তীব্ৰ পুৰুষাৰ্থী হৈ আছেনে? যদি কোনো
কথাও আহে তাৰ বাবে সহযোগী হৈ, স্নেহেৰে তেওঁলোকক সাহস দিয়া আৰু নিজৰ সেৱাকেন্দ্ৰক,
বিদ্যাৰ্থীক তীব্ৰ পুৰুষাৰ্থী কৰি তুলি, প্ৰতি সপ্তাহত ফলাফল চোৱা কিয়নো সময়
অস্থিৰতাৰ হ’বই।
গতিকে আজিৰ সংগম দিনত
বিদায় আৰু শুভেচ্ছাৰ দিনত চাৰিওফালৰ, যিয়েই য’তে যি সন্তানসকল বহি আছে, বাপদাদাই
চাই আছে, কেনেকৈ সকলোৱে বিজ্ঞানৰ সাধনৰ দ্বাৰা চাইও আছে আৰু চাই চাই কিমান আনন্দিত
হৈ আছে। সেয়ে চাৰিওফালৰ সন্তানসকলক বাপদাদাই বিশেষ বৰদান দি আছে “সদায় সন্তুষ্টমণি
হোৱা”। সন্তুষ্ট হৈ থাকিবা, সন্তুষ্ট কৰিবা। বাৰু।
এতিয়া দাদীসকল মিলি
কিবা নতুন পৰিকল্পনা কৰা। (দাদী জানকীয়ে ক’লে – বাবা জানুৱাৰী মাহৰ বহুত মহত্ব আছে।
জানুৱাৰী মাহত যদি সকলোৱে মিলি পুৰুষাৰ্থ কৰে, এনেকুৱা সেৱাৰ কিবা পৰিকল্পনা হৈ যায়,
যাতে সকলোৰে অন্তৰৰ পৰা গভীৰ ভাৱে ওলায় যে ‘মোৰ বাবা’, এনেকুৱা মোৰ ভাৱনা।)
বাপদাদাই নতুন বছৰত
নবীনতা বিচাৰে, একেই সংস্কাৰ নিবিচাৰে। প্ৰতিগৰাকী সন্তান পিতাৰ সমান দেখা পাব লাগে
পিতা ব্ৰহ্মাক অনুসৰণ কৰা। পৰিস্থিতি, কথাবোৰ সকলো পিতাৰ আগলৈ আহিছিল কিন্তু ফৰিস্তা
হৈ গ’ল। গতিকে ফৰিস্তা হ’বই লাগে, এইটো দৃঢ় সংকল্প প্ৰত্যেকেই নিজে নিজে কৰক কিয়নো
নিজে নিজেই কৰিলে তেতিয়া মনোযোগ থাকিব। মই হ’ব লাগে বচ্। আৰু তুমি হ’লে স্বভাৱিকতে
প্ৰকম্পন বিয়পি পৰিব। তেন্তে এতিয়া কি লক্ষ্য ৰাখিলা? ফৰিস্তা হ’বই লাগে, কোৱা। দৃঢ়
হোৱা নহয়! সকলোকে বহুত বহুত বাপদাদাৰ অন্তৰৰ স্নেহ আৰু অভিনন্দন।
বৰদান:
সকলো
হিচাপ-নিকাচ আৰু সম্পৰ্ক এক পিতাৰ সৈতে ৰাখোঁতা ডবল লাইট ফৰিস্তা হোৱা
ডবল লাইট ফৰিস্তা
হ’বলৈ দেহৰ বোধৰ পৰাও উৰ্দ্ধত থাকা কিয়নো দেহ বোধ হৈছে মাটি, যদি ইয়াৰো বোজা আছে
তেন্তে গধুৰ হ’বা। ফৰিস্তা অৰ্থাৎ নিজৰ দেহৰ লগতো সম্পৰ্ক নাই। পিতাই দিয়া শৰীৰো
পিতাক দি দিলা। নিজৰ বস্তু আনক দি দিলা গতিকে নিজৰ সম্পৰ্ক শেষ হ’ল। সকলো
হিচাপ-নিকাচ, সকলো লেন-দেন পিতাৰ লগত, বাকী সকলো পূৰ্বৰ হিচাপ-নিকাচ আৰু সম্পৰ্ক
শেষ – এনেকুৱা সম্পূৰ্ণ ভিকহুহে ডবল লাইট ফৰিস্তা হয়।
স্লোগান:
নিজৰ
বিশেষত্বসমূহ প্ৰয়োগ কৰা তেতিয়া প্ৰতিটো খোজত প্ৰগতিৰ অনুভৱ কৰিবা।
অব্যক্ত সংকেত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
কোনো আত্মাৰ পৰা কিবা
লৈ দিয়াৰ ইচ্ছা যাতে নাথাকে, সংকল্পতো যাতে এইটো উদয় নহয় যে এওঁ কৰক তেতিয়া মই কৰিম,
এওঁ সলনি হওক তেতিয়া মই সলনি হ’ম, কিছু তেওঁ সলনি হওক, কিছু মই সলনি হওঁ … ভিখাৰীকো
সমৃদ্ধিশালী কৰি তোলোঁতা – অপকাৰীৰ উপকাৰ কৰোঁতাসকলেই পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]