05.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল -
পিতা আহিছে তোমালোকক ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰি সৎগতি দিবলৈ, নৰকবাসীক স্বৰ্গবাসী কৰি
তুলিবলৈ”
প্ৰশ্ন:
পিতাই তোমালোক
ভাৰতবাসী সন্তানসকলক কোনটো কোনটো স্মৃতি সোঁৱৰাই দিছে?
উত্তৰ:
হে ভাৰতবাসী সন্তানসকল! তোমালোক স্বৰ্গবাসী আছিলা। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে
ভাৰত স্বৰ্গ আছিল, হীৰা সোণৰ মহল আছিল। তোমালোক গোটেই বিশ্বৰ মালিক আছিলা। ধৰণী,
আকাশ সকলো তোমালোকৰ আছিল। ভাৰত শিৱবাবাই স্থাপন কৰা শিৱালয় আছিল। তাত পৱিত্রতা
আছিল। আকৌ পুত্ৰাই এনেকুৱা ভাৰত হ’বলৈ গৈ আছে।
গীত:
নয়নহীন কো ৰাহ
দিখাও প্ৰভু… (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু...)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে (আত্মাসকলে) এই গীতটি শুনিলা। কোনে ক’লে? আত্মাসকলৰ আত্মিক পিতাই। গতিকে
আত্মিক পিতাক আত্মিক সন্তানসকলে ক’লে - ‘হে বাবা’। তেওঁক ঈশ্বৰ বুলিও কোৱা হয়, পিতা
বুলিও কোৱা হয়। কোনজন পিতা? পৰমপিতা, কিয়নো পিতা দুজন - এজন অলৌকিক, আনজন পাৰলৌকিক।
লৌকিক পিতাৰ সন্তানসকলে পাৰলৌকিক পিতাক আহ্বান জনায় – ‘হে বাবা’। বাৰু বাবাৰ নাম?
শিৱ। তেওঁতো নিৰাকাৰ, পূজা কৰা হয়। তেওঁক কোৱা হয় পৰম পিতা। লৌকিক পিতাক পৰম বুলি
কোৱা নহয়। উচ্চতকৈও উচ্চ সকলো আত্মাৰ পিতা এজনেই। সকলো জীৱ আত্মাই সেইজন পিতাক
স্মৰণ কৰে। আত্মাসকলে এইটো পাহৰি গ’ল যে আমাৰ পিতা কোন? আহ্বান জনায় – হে ঈশ্বৰ পিতা
আমাক, নয়নহীনসকলক দৃষ্টি দিয়া তেতিয়াহে আমি নিজৰ পিতাক চিনিব পাৰিম। ভক্তিমাৰ্গৰ
ঠেকা-খুন্দাৰ পৰা ৰক্ষা কৰক। সৎগতিৰ বাবে তৃতীয় নেত্ৰ ল’বলৈ, পিতাৰ সাক্ষাৎ পাবলৈ
আহ্বান জনায়, কিয়নো পিতাইহে কল্পই কল্পই ভাৰতলৈ আহি ভাৰতক স্বৰ্গ কৰি তোলে। এতিয়া
হৈছে কলিযুগ, কলিযুগৰ পাছত সত্যযুগ আহিব। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। বেহদৰ পিতা
আহি যিসকল পতিত ভ্ৰষ্টাচাৰী হৈ গৈছে তেওঁলোকক পুৰুষোত্তম কৰি তোলে৷ এওঁলোক (লক্ষ্মী-নাৰায়ণ)
পুৰুষোত্তম ভাৰতত আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজবংশৰ ৰাজ্য আছিল। আজিৰ পৰা 5 হাজাৰ বছৰ
পূৰ্বে সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। সন্তানসকলক এইটো স্মৃতি সোঁৱৰাই দিয়ে।
তোমালোক ভাৰতবাসী আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গবাসী আছিলা। এতিয়া সকলো
নৰকবাসী। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। ভাৰতৰ বহুত মহিমা আছিল,
হীৰা সোণৰ মহল আছিল। এতিয়াতো একোৱেই নাই। সেই সময়ত আৰু কোনো ধৰ্ম নাছিল। একমাত্র
সূৰ্যবংশীহে আছিল। চন্দ্ৰবংশীও পাছত আহে। পিতাই বুজায় - তোমালোক সূৰ্যবংশী ৰাজবংশৰ
আছিলা। এতিয়ালৈকেও এই লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নির্মাণ কৰি থাকে। কিন্তু
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়া আছিল, কেনেকৈ পালে, এয়া কোনেও গম নপায়। পূজা কৰে,
নাজানে। তেন্তে অন্ধবিশ্বাস নহ’ল জানো। শিৱৰ, লক্ষ্মী-নাৰায়ণৰ পূজা কৰে, জীৱন
বৃত্তান্তও নাজানে। এতিয়া ভাৰতবাসীয়ে নিজেই কয় - আমি পতিত। আমাক পতিতসকলক পাৱন কৰি
তোলোঁতা বাবা আহক। আহি আমাক দুখৰ পৰা, ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰক। পিতাহে আহি সকলোকে
মুক্ত কৰে। সন্তানসকলে জানে - সত্যযুগত যথাযথ এখন ৰাজ্য আছিল। বাপুজীয়েও কৈছিল যে
আমাক আকৌ ৰামৰাজ্য লাগে, গৃহস্থ ধৰ্ম যি পতিত হৈ গ’ল সেয়া পাৱন হোৱা উচিত৷ আমি
স্বৰ্গবাসী হ’ব বিচাৰোঁ। এতিয়া নৰকবাসীসকলৰ কি অৱস্থা, দেখি আছা নহয়। ইয়াক কোৱা হয়
নৰক, আসুৰিক ৰাজ্য। এই ভাৰতেই দৈৱী ৰাজ্য আছিল। পিতাই বহি বুজায় - তোমালোকে 84
জন্ম ল’লা, 84 লাখ নহয়। পিতাই বুজায়, তোমালোক প্ৰকৃততে শান্তিধামৰ বাসিন্দা।
তোমালোক ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছা। 84 জন্মৰ ভূমিকা পালন কৰিছা। পুনর্জন্মতো
নিশ্চয় ল’ব লাগে। 84 বাৰ পুনর্জন্ম হয়।
এতিয়া বেহদৰ পিতা
আহিছে তোমালোক সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ দিবলৈ। পিতাই তোমালোক সন্তানসকলৰ (আত্মাসকলৰ)
লগত বাৰ্তালাপ কৰি আছে। অন্য সৎসংগত মনুষ্যই মনুষ্যক ভক্তিমাৰ্গৰ কথা শুনায়।
আধাকল্প ভাৰত যেতিয়া স্বর্গ আছিল তেতিয়া এজনো পতিত নাছিল। এতিয়া এজনো পাৱন নাই।
এইখন হয়েই পতিত সৃষ্টি। গীতাত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি লিখি দিছে। তেওঁতো গীতা
শুনোৱা নাই। এই লোকসকলে নিজৰ ধৰ্ম শাস্ত্ৰকো নাজানে। নিজৰ ধৰ্মকেই পাহৰি গৈছে।
হিন্দু কোনো ধৰ্ম নহয়। মুখ্য ধৰ্ম হ'ল চাৰিটা। প্ৰথমতে আদি সনাতন দেৱী-দেৱতা ধৰ্ম।
সূর্যবংশী আৰু চন্দ্ৰবংশী দুয়োটাকে একেলগে কোৱা হয় দেৱী-দেৱতা ধৰ্ম, দৈৱী ধৰ্ম। তাত
দুখৰ নাম নাছিল। 21 জন্মতো তোমালোক সুখধামত আছিলা আকৌ ৰাৱণৰাজ্যত ভক্তিমাৰ্গ আৰম্ভ
হয়। ভক্তিমাৰ্গ হয়েই অৱৰোহণ কৰাৰ। ভক্তি হ’ল ৰাতি, জ্ঞান হ’ল দিন। এতিয়া ঘোৰ
অন্ধকাৰ ৰাতি। শিৱ জয়ন্তী আৰু শিৱৰাত্ৰি, দুয়োটা শব্দ লিখা হয়৷ শিৱবাবা কেতিয়া আহে?
যেতিয়া ৰাতি হয়। যেতিয়া ভাৰতবাসী ঘোৰ অন্ধকাৰত আহি যায় তেতিয়া পিতা আহে। পুতলাৰ পূজা
কৰি থাকে, এজনৰো জীৱন বৃত্তান্ত নাজানে। এই ভক্তিমাৰ্গৰ শাস্ত্ৰও ৰচনা কৰিবই। এই
ড্ৰামাখনক, সৃষ্টি চক্ৰকো বুজিব লাগে। শাস্ত্ৰত এই জ্ঞান নাই। সেয়া হ’ল ভক্তিৰ
জ্ঞান, দৰ্শন শাস্ত্ৰ৷ এয়া কোনো সৎগতি মাৰ্গৰ জ্ঞান নহয়। পিতাই কয় - মই আহি
তোমালোকক ব্ৰহ্মাৰ দ্বাৰা যথাৰ্থ জ্ঞান শুনাওঁ। আহ্বানো জনোৱা, আমাক সুখধামৰ,
শান্তিধামৰ ৰাস্তা দেখুৱাওক। পিতাই কয় - আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে সুখধাম আছিল,
য’ত তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰিছিলা। সূৰ্যবংশী ৰাজবংশৰ ৰাজত্ব আছিল। বাকী
সকলো আত্মা শান্তিধামত আছিল। তাত 9 লাখ বুলি গায়ন কৰা হয়। তোমালোক সন্তানসকলক আজিৰ
পৰা 5 হাজাৰ বছৰ পূৰ্বে বহুত ধনৱান কৰি তুলিছিলোঁ। ইমান ধন দিলোঁ আকৌ তোমালোকে সেয়া
ক’ত হেৰুৱালা? তোমালোক কিমান চহকী আছিলা। ভাৰতক কি বুলি ক’ব। ভাৰতেই সকলোতকৈ
উচ্চতকৈও উচ্চ খণ্ড আছিল। বাস্তৱত ভাৰত সকলোৰে তীৰ্থ, কিয়নো পতিত-পাৱন পিতাৰ
জন্মস্থান। যি ধর্মাৱলম্বীৰেই আছে সকলোৰে পিতা আহি সৎগতি কৰে। এতিয়া গোটেই
সৃষ্টিতেই ৰাৱণৰ ৰাজ্য, কেৱল লংকাতে নাছিল। সকলোৰে মাজত 5 বিকাৰ প্ৰৱেশ হৈ আছে।
যেতিয়া সূৰ্যবংশী ৰাজ্য আছিল তেতিয়া এই বিকাৰেই নাছিল। ভাৰত নির্বিকাৰী আছিল। এতিয়া
বিকাৰী। সত্যযুগত দৈৱী সম্প্ৰদায় আছিল। তাত আকৌ 84 জন্ম ভোগ কৰি, এতিয়া আসুৰিক
সম্প্ৰদায় হৈ গৈছে আকৌ দৈৱী সম্প্ৰদায় হয়। ভাৰত বহুত ধনৱান আছিল। এতিয়া গৰিব হৈছে
সেইকাৰণে ভিক্ষা মাগি আছে।
পিতাই কয় - তোমালোক
কিমান ধনৱান আছিলা। তোমালোকৰ দৰে সুখ কোনেও পাব নোৱাৰে। তোমালোক গোটেই বিশ্বৰ মালিক
আছিলা, ধৰণী-আকাশ সকলো তোমালোকৰ আছিল। পিতাই সোঁৱৰাই দিয়ে, ভাৰত শিৱবাবাৰ দ্বাৰা
স্থাপিত শিৱালয় আছিল। তাত পৱিত্ৰতা আছিল, সেই নতুন সৃষ্টিত দেৱী-দেৱতাসকলে ৰাজত্ব
কৰিছিল। ভাৰতবাসীয়েতো এইটোও নাজানে যে ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ? দুয়ো বেলেগ
বেলেগ ৰাজধানীৰ আছিল। আকৌ সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয়। এই জ্ঞান কোনো মনুষ্যৰ
নাই৷ পৰমপিতা পৰমাত্মাহে জ্ঞানৰ সাগৰ, তেৱেঁই তোমালোকক এই আত্মিক জ্ঞান দিয়ে, এই
আধ্যাত্মিক জ্ঞান কেৱল এজন পিতাইহে দিব পাৰে। এতিয়া পিতাই কয় - আত্ম-অভিমানী হোৱা।
মোক, নিজৰ পৰমপিতা, পৰমাত্মা শিৱক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰাই সতোপ্ৰধান হ’বা।
তোমালোক ইয়ালৈ আহাই - মনুষ্যৰ পৰা দেৱতা অথবা পতিতৰ পৰা পাৱন হ’বলৈ। এতিয়া এয়া হ’ল
ৰাৱণৰাজ্য। ভক্তিমাৰ্গত ৰাৱণৰাজ্য আৰম্ভ হয়। ৰাৱণে কোনো এগৰাকী সীতাক হৰণ কৰা নাই।
তোমালোক সকলো ভক্তি কৰোঁতাসকল ৰাৱণৰ হাতোৰাত আৱদ্ধ। গোটেই সৃষ্টি পাঁচ বিকাৰ ৰূপী
ৰাৱণৰ কাৰাগাৰত আছে। সকলোৱে শোকৰ বাগিচাত দুখী। পিতা আহি সকলোকে মুক্ত কৰে। এতিয়া
পিতাই পুনৰ স্বৰ্গ ৰচনা কৰি আছে। এনেকুৱা নহয় যে এতিয়া যিসকলৰ বহুত ধন আছে তেওঁলোক
স্বৰ্গত আছে। নহয়, এতিয়াতো হয়েই নৰক। সকলো পতিত সেইবাবে গংগাত গৈ স্নান কৰে,
তেওঁলোকে ভাবে গংগা পতিত-পাৱনী হয়। কিন্তু পাৱনতো কোনো হৈ নুঠে। পতিত-পাৱনতো পিতাকহে
কোৱা হয়, নদীক নহয়। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। পিতাইহে আহি এই কথাবোৰ বুজায়। এতিয়া
তোমালোকে এইটোতো জানা যে এজন হৈছে লৌকিক পিতা, আনজন আকৌ প্ৰজাপিতা ব্ৰহ্মা অলৌকিক
পিতা আৰু তেওঁ পাৰলৌকিক পিতা। তিনিজন পিতা। শিৱবাবাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা
ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণসকলক দেৱতা কৰি তুলিবলৈ ৰাজযোগ শিকায়। পিতা
এবাৰেই আহি আত্মাসকলক ৰাজযোগ শিকায়। আত্মাসকলে পুনর্জন্ম লয়। আত্মাইহে কয় - মই এটা
শৰীৰ ত্যাগ কৰি আন এটা শৰীৰ ধাৰণ কৰোঁ। পিতাই কয় - নিজক আত্মা বুলি বুজি মোক পিতাক
স্মৰণ কৰা তেতিয়া তোমালোক পৱিত্ৰ হ’বা। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এতিয়া এয়া হৈছে
মৃত্যুলোকৰ অন্ত। অমৰলোকৰ স্থাপনা হৈ আছে। বাকী অন্য সকলো ধৰ্ম নাশ হৈ যাব।
সত্যযুগত এটাই দেৱতা ধৰ্ম আছিল। আকৌ ত্ৰেতাত চন্দ্ৰবংশী ৰাম-সীতা। তোমালোক
সন্তানসকলক গোটেই চক্ৰৰ কথা সোঁৱৰাই দিয়ে। শান্তিধাম, সুখধামৰ স্থাপনা পিতাইহে কৰে।
মনুষ্যই, মনুষ্যক সৎগতি দিব নোৱাৰে। তেওঁলোক সকলো হ’ল ভক্তিমাৰ্গৰ গুৰু।
ভক্তিমাৰ্গত মনুষ্যই অনেক প্ৰকাৰৰ চিত্ৰ তৈয়াৰ কৰি পূজা কৰি, আকৌ গৈ কয় - ডুবি যোৱা,
ডুবি যোৱা৷ বহুত পূজা কৰে, খাবলৈ দিয়ে, এতিয়া খায়তো ব্ৰাহ্মণলোকেহে। ইয়াক কোৱা হয়
পুতলাৰ পূজা। কিমান অন্ধশ্ৰদ্ধা! এতিয়া এওঁলোকক কোনে বুজাব?
পিতাই কয় - এতিয়া
তোমালোক হৈছা ঈশ্বৰীয় সন্তান। তোমালোকে এতিয়া পিতাৰ পৰা ৰাজযোগ শিকি আছা৷ এয়া
ৰাজধানী স্থাপন হৈ আছে। প্ৰজাতো বহুত হ’ব। কোটিৰ মাজত কোনোবা ৰজা হয়। সত্যযুগক কোৱা
হয় ফুলৰ বাগিচা। এতিয়া হৈছে কাঁইটৰ জংঘল। এতিয়া ৰাৱণৰাজ্য সলনি হৈ আছে। এই বিনাশ
হ’বই। এই জ্ঞান এতিয়া কেৱল তোমালোক ব্ৰাহ্মণসকলেহে পোৱা। লক্ষ্মী-নাৰায়ণৰো এই জ্ঞান
নাথাকে। এই জ্ঞান প্ৰায় লোপ হৈ যায়। ভক্তিমাৰ্গত কোনেও পিতাক নাজানেই। পিতাহে ৰচয়িতা।
ব্ৰহ্মা-বিষ্ণু-শংকৰো ৰচনা। পৰমাত্মা সৰ্বব্যাপী বুলি ক’লে সকলো পিতা হৈ যায়।
উত্তৰাধিকাৰৰ অধিকাৰ নাথাকে। পিতাতো আহি সকলো সন্তানক উত্তৰাধিকাৰ দিয়ে। সকলোৰে
সৎগতি দাতা এজনেই পিতা। এয়াও বুজাইছে - 84 জন্ম তেওঁলোকে লয় যিসকল পোন-প্ৰথমে
সত্যযুগত আহে। খ্ৰীষ্টানসকলৰ কিমান জন্ম হ’ব? প্ৰায় 40 জন্ম হ’ব। এইটো হিচাপ উলিওৱা
হয়। এজন ভগৱানক বিচাৰি কিমান হাবাথুৰি খায়। এতিয়া তোমালোকে হাবাথুৰি নোখোৱা।
তোমালোকে মাত্ৰ এজন পিতাক স্মৰণ কৰিব লাগে। এয়া হ’ল স্মৃতিৰ যাত্ৰা। এয়া হ’ল
পতিত-পাৱন ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। তোমালোক আত্মাই পঢ়া। সাধু-সন্তই আকৌ কৈ দিয়ে
আত্মা নিৰ্লেপ। হেৰ’, আত্মাইহে কৰ্ম অনুসৰি পৰৱৰ্তী জন্ম ল’বলগীয়া হয়। আত্মাইহে ভাল
বা বেয়া কাম কৰে। এই সময়ত তোমালোকৰ কৰ্ম, বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হয়।
তাত বিকৰ্ম নহয়। সেয়া হ’ল পুণ্য আত্মাৰ জগত। এয়া সকলো বুজিবলগীয়া আৰু বুজাবলগীয়া কথা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কাঁইটৰ পৰা ফুল হওঁতা সন্তানসকলৰ প্ৰতি
মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক
নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাঁইটৰ পৰা
ফুল হৈ, ফুলৰ বাগিচা (সত্যযুগ) স্থাপন কৰাৰ সেৱা কৰিব লাগে। কোনো বেয়া কৰ্ম কৰিব
নালাগে।
(2) আত্মিক জ্ঞান যি
পিতাৰ পৰা শুনিছা সেয়াই সকলোকে শুনাব লাগে। আত্ম-অভিমানী হ’বলৈ যত্ন কৰিব লাগে। এজন
পিতাকেই স্মৰণ কৰিব লাগে। কোনো দেহধাৰীক নহয়।
বৰদান:
নিন্দা-স্তুতি,
জয়-পৰাজয়ত স্থিতি সমান কৰি ৰাখোঁতা পিতাৰ সমান সম্পন্ন তথা সম্পূৰ্ণ হোৱা
যেতিয়া আত্মাৰ
সম্পূৰ্ণ আৰু সম্পন্ন স্থিতি হৈ যায়, তেতিয়া নিন্দা-স্তুতি, জয়-পৰাজয়, সুখ-দুখ
সকলোতে সমানতা থাকে। দুখতো মুখমণ্ডল বা মস্তকত দুখৰ লহৰৰ পৰিৱৰ্তে সুখ বা আনন্দৰ
লহৰ দেখা দিয়ক, নিন্দা শুনিও অনুভৱ হওক যে এয়া নিন্দা নহয়, সম্পূৰ্ণ স্থিতি
পৰিপক্ক কৰিবলৈ এয়া মহিমাযোগ্য শব্দহে - এনেকুৱা সমানতা থাকিলে তেতিয়া পিতা সমান
বুলি কোৱা হ’ব। বৃত্তিত যাতে অলপো এইটো নাহে যে এওঁ শত্ৰু, গালি পাৰোঁতা আৰু এওঁ
মহিমা কৰোঁতা।
স্লোগান:
নিৰন্তৰ যোগ অভ্যাসৰ প্ৰতি মনোযোগ দিয়া, তেতিয়া প্ৰথম বিভাগত নম্বৰ পাই যাবা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
ব্ৰাহ্মণ পৰিয়ালৰ
বিশেষত্ব হৈছে — অনেক হোৱা সত্ত্বেও এক। তোমালোকৰ সকলো সেৱাকেন্দ্ৰৰ প্ৰকম্পন
এনেকুৱা হওঁক যাতে সকলোৱে উপলব্ধি কৰে যে অনেক নহয় এক। তোমালোকৰ একতাৰ প্ৰকম্পনে
গোটেই বিশ্বত এক ধৰ্ম, এক ৰাজ্য স্থাপন কৰিব। সেয়েহে বিশেষভাৱে মনোযোগ দি ভিন্নতা
দূৰ কৰি একতা বজাই ৰাখা।