05.10.25    Avyakt Bapdada     Assame Murli     03.03.2007     Om Shanti     Madhuban


“*“পৰমাত্ম সংগত জ্ঞান ৰূপী ফাকুগুৰি, গুণ আৰু শক্তিসমূহৰ ৰং লগোটোৱেই সঁচা হোলি উদ্‌যাপন কৰা”*”


আজি বাপদাদাই নিজৰ সবাটোকৈ সৌভাগ্যশালী আৰু পৱিত্ৰম সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহিছে। জগতৰ লোকেতো যিকোনো উৎসৱ কেৱল উদ্‌যাপন কৰে কিন্তু তোমালোক সন্তানসকলে কেৱল উদ্‌যাপন নকৰা, উদ্‌যাপন অথাৎ তেনেকুৱা হোৱা। তোমালোক হোলি অৰ্থাৎ পৱিত্ৰ আত্মা হৈ গ’লা। তোমালোক সকলো কেনেকুৱা আত্মা? হোলি অৰ্থাৎ মহান পৱিত্ৰ আত্মা। জগতৰ লোকেতো শৰীৰ স্থূল ৰঙেৰে ৰঙীন কৰে কিন্তু তোমালোক আত্মাসকলে আত্মাক কি ৰঙেৰে ৰঙীন কৰিছা? সকলোতকৈ ভালতকৈও ভাল ৰং কি? অবিনাশী ৰং কি? তোমালোকে জানা, তোমালোক সকলোৱে পৰমাত্ম সংগৰ ৰং আত্মাক লগালা যাৰ দ্বাৰা আত্মা পৱিত্ৰতাৰ ৰঙত ৰঙীন হৈ গ’ল। এই পৰমাত্ম সংগৰ ৰং কিমান মহান আৰু সহজ সেয়েহে পৰমাত্ম সংগৰ মহত্ব এতিয়া অন্তিমতো সৎ সংগৰ মহত্ব আছে। সৎ সংগৰ অৰ্থই হ’ল পৰমাত্ম সংগত থকা, যি সকলোতকৈ সহজ আৰু উচ্চতকৈও উচ্চ, তেনেকৈ সংগত থকাতো কঠিন হয় জানো? আৰু এই সংগৰ ৰঙত থাকিলে যেনেকৈ পৰমাত্মা উচ্চতকৈও উচ্চ তেনেকৈ তোমালোক সন্তানসকলো উচ্চতকৈও উচ্চ পৱিত্ৰ মহান আত্মা পূজ্য আত্মা হৈ গ’লা। এই অবিনাশী সংগৰ ৰং ভাল লাগে নহয়! জগতৰ লোকে কিমান প্ৰয়াস কৰে পৰম আত্মাৰ সংগতো বাদেই দিয়া কেৱল স্মৰণ কৰিবলৈ কিমান পৰিশ্ৰম কৰে। কিন্তু তোমালোক আত্মাসকলে পিতাক জানিলা, অন্তৰেৰে কলা ‘মোৰ বাবা’। পিতাই কলে ‘মোৰ সন্তান’ আৰু ৰং লাগি গ’ল। পিতাই কি ৰং লগালে, জ্ঞান ৰূপী ফাকুগুৰি লগালে, গুণৰ ৰং লগালে, শক্তিৰ ৰং লগালে, যাৰ দ্বাৰা তোমালোকতো দেৱতা হৈ গ’লা কিন্তু এতিয়া কলিযুগৰ অন্তলৈকেও তোমালোকৰ পৱিত্ৰ চিত্ৰ দেৱ আত্মাৰ ৰূপত পূজা কৰা হয়। পৱিত্ৰ আত্মা বহুত হয়, মহান আত্মা বহুত হয়, ধৰ্ম আত্মা বহুত হয় কিন্তু তোমালোকৰ পৱিত্ৰতা, দেৱ আত্মাৰ ৰূপত আত্মাও পৱিত্ৰ হয় আৰু আত্মাৰ লগতে শৰীৰো পৱিত্ৰ হয়। ইমান শ্ৰেষ্ঠ পৱিত্ৰতা আহিল কেনেকৈ? কেৱল সংগৰ ৰঙেৰে। তোমালোক সকলোৱে গৌৰৱেৰে কোৱা, যদি কোনোবাই তোমালোকক সোধে, পৰমাত্মা ক’ত থাকে? পৰমধামততো আছেই কিন্তু এতিয়া সংগমত পৰমাত্মা তোমালোকৰ লগত ক’ত থাকে? তোমালোকে কি উত্তৰ দিবা? পৰমাত্মাৰ এতিয়া আমাৰ পৱিত্ৰ আত্মাসকলৰ অন্তৰআসনেই ভাল লাগে। এনেকুৱা হয় নহয়? তোমালোকৰ অন্তৰত পিতা থাকে, তোমালোক পিতাৰ অন্তৰত থাকা। যিসকল থাকা তেওঁলোকে হাত দাঙা। থাকানে? (সকলোৱে হাত দাঙিলে) বাৰু। বহুত ভাল। গৌৰৱেৰে কোৱা পৰমাত্মাৰ মোৰ অন্তৰৰ বাহিৰে আৰু ক’তো ভাল নালাগে কিয়নো সংযুক্ত হৈ থাকা নহয়! সংযুক্ত হৈ থাকানে? বহুত সন্তানে সংযুক্ত হৈ থাকোঁ বুলি কৈও সদায় পিতাৰ সান্নিধ্যৰ লাভ নলয়। সংগী কৰিতো লৈছা, দৃঢ় হয়। মোৰ বাবা বুলি কলা গতিকে সংগী কৰিতো ল’লা কিন্তু সকলো সময়ত সান্নিধ্যৰ অনুভৱ কৰা, এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। ইয়াত বাপদাদাই দেখিবলৈ পায় যে ক্ৰমানুসৰি লাভ লয়। কাৰণ কি? তোমালোক সকলোৱে ভালকৈ জানা।

বাপদাদাই আগতেও শুনাইছে যদি অন্তৰত ৰাৱণৰ কিবা পুৰণা সম্পত্তি, পুৰণা সংস্কাৰৰ ৰূপ থাকি গৈছে তেন্তে ৰাৱণৰ বস্তু পৰৰ বস্তু হৈ গ’ল নহয়! পৰৰ বস্তু কেতিয়াও নিজৰ ওচৰত ৰখা নহয়। উলিয়াই দিয়া হয়। কিন্তু বাপদাদাই দেখিছে, বাৰ্তালাপত শুনায়ো যে সন্তানসকলে কি কয়, বাবা মই কি কৰোঁ, মোৰ সংস্কাৰেই এনেকুৱা। এয়া জানো তোমালোকৰ যে মোৰ সংস্কাৰ বুলি কোৱা? এনেকৈ কোৱাটো ঠিক যে মোৰ পুৰণা সংস্কাৰ, মোৰ স্বভাৱ বুলি কোৱাটো ঠিক হয়নে? ঠিক হয়নে? যিসকলে ঠিক বুলি ভাবা তেওঁলোকে হাত দাঙা। কোনেও দাঙা নাই। তেন্তে কোৱা কিয়? ভুলতে কৈ দিয়া নেকি? যিহেতু জীৱন্তে মৰি গ’লা, তোমালোকৰ এতিয়া উপাধি কি? পুৰণা জন্মৰ উপাধি আছে নে বি.কে.ৰ উপাধি আছে? নিজৰ উপাধি কি লিখা? বি.কে. নে অমুক, অমুক... ? যিহেতু জীৱন্তে মৰি গ’লা তেন্তে পুৰণা সংস্কাৰ মোৰ সংস্কাৰ কেনেকৈ হ’ল? এই পুৰণা সংস্কাৰতো আনৰ সংস্কাৰ। মোৰতো নহয়! তেন্তে এই হোলিত কিবাতো জ্বলাবা নহয়! হোলিত জ্বলায়ো আৰু ৰঙো লগায়, তেন্তে তোমালোক সকলোৱে এই হোলিত কি জ্বলাবা? ‘মোৰ সংস্কাৰ’, এইটো নিজৰ ব্ৰাহ্মণ জীৱনৰ অভিধানৰ পৰা সমাপ্ত কৰিবা। জীৱনো এক অভিধান হয় নহয়! গতিকে এতিয়া কেতিয়াও সপোনতো এনেকৈ নাভাবিবা, সংকল্পৰ কথাটো বাদেই দিয়া কিন্তু পুৰণা সংস্কাৰক মোৰ সংস্কাৰ বুলি মানি লোৱা এইটো সপোনতো নাভাবিবা। এতিয়াতো যি পিতাৰ সংস্কাৰ সেয়া তোমালোকৰ সংস্কাৰ, সকলোৱে কোৱা নহয় যে আমাৰ লক্ষ্য হ’ল পিতাৰ সমান হোৱা। তেন্তে সকলোৱে নিজৰ অন্তৰত দৃঢ় সংকল্পৰ এইটো প্ৰতিজ্ঞা নিজৰ সৈতে কৰিলানে? ভুলতো ‘মোৰ’ বুলি নক’বা, ‘মোৰ’ ‘মোৰ’ বুলি কোৱা নহয়, সেয়েহে যি পুৰণা সংস্কাৰ আছে সেইবোৰে সুবিধা লয়। যেতিয়া ‘মোৰ’ বুলি কোৱা তেন্তে সেয়া বহি যায়, ওলাই নাহে।

বাপদাদাই সকলো সন্তানক কোনটো ৰূপত চাব খোজে? জানা নহয়, মানিও লোৱা। বাপদাদাই প্ৰতিগৰাকী সন্তানক ভ্ৰূকুটিৰ আসনধাৰী, স্বৰাজ্য অধিকাৰী ৰজা সন্তান, অধীন সন্তান নহয়, ৰজা সন্তান, নিয়ন্ত্ৰণ শক্তি, প্ৰশাসন শক্তি, মাষ্টৰ সৰ্বশক্তিমান ৰূপত চাই আছে। তোমালোকে নিজৰ কোনটো ৰূপ চোৱা? এয়াই নহয়, ৰাজ্য অধিকাৰী হোৱা নহয়! অধীনতো নোহোৱা নহয়? তোমালোক সকলো অধীন আত্মাসকলক অধিকাৰী কৰি তোলোঁতা হোৱা। আত্মাসকলৰ প্ৰতি দয়াশীল হৈ অধীনৰ পৰা তেওঁলোককো অধিকাৰী কৰি তোলোঁতা হোৱা। তোমালোক সকলোৱে হোলি উদ্‌যাপন কৰিব আহিছা নহয়?

বাপদাদাও আনন্দিত হৈছে যে সকলোৱে স্নেহৰ বিমানেৰে আহি উপস্থিত হৈ গৈছে, সকলোৰে ওচৰত বিমান আছে নহয়! বাপদাদাই সকলো ব্ৰাহ্মণক জন্মতেই মনৰ বিমান উপহাৰ হিচাপে দিছে। তেন্তে সকলোৰে ওচৰত মনৰ বিমান আছেনে? বিমানত পেট্ৰ’ল ঠিকে আছেনে? পাখি ঠিকে আছেনে? যন্ত্ৰ চালিত কৰাৰ আধাৰ ঠিকে আছেনে? পৰীক্ষা কৰানে? এনেকুৱা বিমান যি তিনিওলোকলৈ চেকেণ্ডত যাব পাৰে। যদি সাহস আৰু উৎসাহ-উদ্দীপনাৰ দুয়োখন পাখি যথাৰ্থ ৰূপত আছে তেন্তে এক চেকেণ্ডত যন্ত্ৰ চালিত হ’ব পাৰে। যন্ত্ৰ চালিত কৰাৰ চাবি কি? ‘মোৰ বাবা’। ‘মোৰ বাবা’ বুলি কোৱা তেতিয়া মন য’লৈ যাব খোজে তাতে গৈ উপস্থিত হ’ব পাৰে। দুয়োখন পাখি ঠিক হ’ব লাগে। সাহস কেতিয়াও এৰিব নালাগে। কিয়? বাপদাদাৰ প্ৰতিশ্ৰুতি আছে, বৰদান আছে, তোমালোকৰ সাহসৰ এখোজ আৰু পিতাৰ হাজাৰ খোজ সহায়। যেনেকুৱাই কঠোৰ সংস্কাৰ নহওঁক, সাহস কেতিয়াও নেহেৰুৱাবা। কাৰণ? সৰ্বশক্তিমান পিতা সহায়কাৰী হয় আৰু সংযুক্ত হৈ আছে, সদায় হাজিৰ আছে। তোমালোকে সাহসেৰে সৰ্বশক্তিমান সংযুক্ত পিতাৰ ওপৰত অধিকাৰ ৰাখা আৰু দৃঢ় হৈ থাকা, হ’বই, পিতা মোৰ, মই পিতাৰ, এই সাহস পাহৰি নাযাবা। তেতিয়া কি হ’ব? কেনেকৈ কৰোঁ - এইটো যি সংকল্প উদয় হয় সেই ‘কেনেকৈ’ শব্দটি সলনি হৈ ‘এনেকৈ’ হৈ যাব। কেনেকৈ আৰম্ভ কৰোঁ, কি কৰোঁ, নহয়। এনেকৈ হৈয়েই আছে। ভাবা, কৰিতো আছো, হ’ব, হ’বতো লাগে, পিতাই সহায়তো কৰিব....। হৈয়েই আছে, দৃঢ় নিশ্চয়বুদ্ধিৰসকলক সহায় কৰিবৰ বাবে পিতা বান্ধ খাই আছে। কেৱল ৰূপ অলপ সলনি কৰি দিয়া, পিতাৰ ওপৰত অধিকাৰ ৰাখা কিন্তু ৰূপ সলনি কৰি দিয়া। পিতা আপুনিতো সহায় কৰিব নহয়! আপুনিতো বান্ধ খাই আছে নহয়! গতিকে ‘না’ লগাই দিয়া অৰ্থাৎ অনিশ্চিত হৈ যোৱা। নিশ্চয়বুদ্ধি, নিশ্চিত বিজয় হৈয়েই আছে কিয়নো বাপদাদাই প্ৰত্যেক সন্তানক জন্মতেই কপালত বিজয়ৰ তিলক লগাই দিয়ে। দৃঢ়তাক নিজৰ তীব্ৰ পুৰুষাৰ্থৰ চাবি কৰি লোৱা। পৰিকল্পনা বহুত ভাল কৰা। বাপদাদাই যেতিয়া আত্মিক বাৰ্তালাপ শুনে, আত্মিক বাৰ্তালাপ বহুত সাহসৰ কৰা, পৰিকল্পনাও বহুত শক্তিশালী কৰা কিন্তু পৰিকল্পনাক যেতিয়া বাস্তৱত ৰূপায়িত কৰা তেতিয়া সৰল বুদ্ধিৰ হৈ নকৰা। তাত অলপতো কৰা, হ’বতো লাগে... এয়া নিজৰ ভিতৰত নিশ্চয়তাৰে সংকল্প নকৰা, ব্যৰ্থ সংকল্প মিহলি কৰি দিয়া।

এতিয়া সময় অনুসৰি সৰল বুদ্ধিৰ হৈ সংকল্পক সাকাৰ ৰূপত আনা। অলপো দুৰ্বল সংকল্প জাগ্ৰত নকৰিবা। স্মৃতিত ৰাখিবা যে এতিয়া এবাৰ কৰা নাই, অনেক বাৰ কৰা হৈছে কেৱল পুনৰাবৃত্তি কৰি আছোঁ। স্মৃতিলৈ আনা কিমান বাৰ কল্প কল্প বিজয়ী হৈছোঁ! অনেক বাৰৰ বিজয়ী হওঁ, বিজয় অনেক কল্পৰ জন্মসিদ্ধ অধিকাৰ। এইটো অধিকাৰৰে নিশ্চয়বুদ্ধিৰ হৈ দৃঢ়তাৰ চাবি লগোৱা, বিজয় তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ বাহিৰে আন ক’লৈ যাব। বিজয় তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ জন্মসিদ্ধ অধিকাৰ, ডিঙিৰ মালা। নিচা আছে নহয়? হ’ব, নহ’ব, নহয়। হৈয়েই আছে। ইমান নিশ্চয়বুদ্ধিৰ হৈ প্ৰতিটো কাৰ্য কৰা, বিজয় নিশ্চিত হৈ আছেই। এনেকুৱা নিশ্চয়বুদ্ধিৰ আত্মাসকলে এইটোৱে নিচা ৰাখা যে বিজয় হৈ আছেই, হয় নে নহয় এনেকুৱা নহয়, হৈ আছেই। এইটোৱে নিচা ৰাখা। বিজয়ী হৈছিলা, হৈ আছা, আৰু হ’বা। এনেকুৱা হোলি হোৱা নহয়! পৱিত্ৰতমতো হোৱাই। জ্ঞান ৰূপী ফাকুগুৰিৰ হোলি পিতাৰ লগত খেলিলা, এতিয়া আৰু কি খেলিবা?

বাপদাদাই দেখিছে যে সকলোৰে গৰিষ্ঠসংখ্যকৰ উৎসাহ-উদ্দীপনা বহুত ভালকৈ জাগে, এইটো কৰিম, এইটো কৰিম, এয়া হৈ যাব। বাপদাদাও বহুত হৰ্ষিত হয় কিন্তু এই উৎসাহ-উদ্দীপনা যাতে সদায় জাগ্ৰত হৈ থাকে, কেতিয়াবা কেতিয়াবা সুপ্ত হৈ যায়, কেতিয়াবা জাগ্ৰত হৈ যায়। সুপ্ত হৈ যাতে নাযায়, জাগ্ৰত হৈয়েই থাকে কিয়নো গোটেই সংগমযুগেই তোমালোকৰ উৎসৱ। তেওঁলোকেতো কেতিয়াবা কেতিয়াবা উৎসৱ এই কাৰণে উদ্‌যাপন কৰে, কিয়নো বহুত সময় দুশ্চিন্তাত থাকে নহয়, সেয়েহে ভাবে উৎসাহত নাচোঁ, গাওঁ, খাওঁ তেতিয়া সলনি হ’ব। কিন্তু তোমালোকৰ ওচৰতো প্ৰতিটো চেকেণ্ড নচা আৰু গোৱা আছেই। তোমালোকে সদায় মনৰ আনন্দেৰে নাচি থাকা নহয়! নে নহয়? নাচা, আনন্দত নাচিব জানানে? নাচিব জানানে? যিসকলে জানা তেওঁলোকে হাত দাঙা। নাচিব জানা, বাৰু। জানা যদি তেন্তে অভিনন্দন। সদায় নাচি থাকা নে কেতিয়াবা কেতিয়াবা? বাপদাদাই এই বছৰৰ ঘৰৰ কাম দিছিল, দুটা শব্দ কেতিয়াও নাভাবিবা ‘কেতিয়াবা’, ‘কিবা’। সেয়া কৰিলানে? নে এতিয়া ‘কেতিয়াবা’ আছে? ‘কেতিয়াবা’ ‘কিবা’ সমাপ্ত। এই নচাততো ভাগৰ লগাৰ কোনো কথাই নাই। লাগিলে শুই থাকা, কাম কৰি থাকা, খোজ কাঢ়ি থাকা বা বহি থাকা, আনন্দৰ নৃত্যতো কৰিব পাৰাই আৰু পিতাৰ প্ৰাপ্তিৰ গীতো গাব পাৰা। গীতো জানা নহয়, এইটো গীততো সকলোৱে জানা। মুখৰ গীততো কোনোবাই জানে কোনোবাই নাজানে কিন্তু পিতাৰ প্ৰাপ্তিৰ, পিতাৰ গুণৰ গীত সেয়াতো সকলোৱে জানা নহয়! তেন্তে বচ্‌ প্ৰতিদিনেই উৎসৱ, প্ৰতিটো মুহূৰ্ত উৎসৱ, আৰু সদায় নাচা আৰু গোৱা অন্য কামতো দিয়াই নাই। এই দুটা কামেই আছে নহয় - নাচা আৰু গোৱা। আনন্দ উপভোগ কৰা। বোজা কিয় উঠোৱা? আনন্দ উপভোগ কৰা, নাচা গোৱা, বচ্‌। বাৰু। হোলিতো উদ্‌যাপন কৰিলা নহয়! এতিয়া ৰঙৰ হোলিও উদ্‌যাপন কৰিবানে? বাৰু তোমালোককতো ভক্তই নকল কৰিব নহয়! তোমালোকে ভগৱানৰ লগত হোলি খেলা সেয়েহে ভক্তসকলেও কোনোবা নহয় কোনোবা দেৱতাৰ লগত হোলি খেলি থাকে। বাৰু।

আজি অনেক সন্তানৰ ই-মেইলো আহিছে, পত্ৰও আহিছে। ফোনো আহিছে, যিয়েই সাধন আছে তাৰ দ্বাৰা হোলিৰ অভিনন্দন পঠিয়াইছে। বাপদাদাৰ ওচৰততো যেতিয়াই সংকল্প কৰা তেতিয়াই আহি পায়। কিন্তু চাৰিওফালৰ সন্তানসকলে বিশেষভাৱে স্মৰণ কৰে আৰু কৰিছে। বাপদাদায়ো প্ৰতিদানত প্ৰত্যেক সন্তানক পদম পদম আশীৰ্বাদ আৰু প্ৰত্যেককে নাম সহিত পদমগুণ অন্তৰেৰে স্নেহসহিত স্মৰণ কৰি আছে। যেতিয়া বাৰ্তাবাহক যায় তেতিয়া প্ৰত্যেকে নিজৰ নিজৰ ফালৰ পৰা স্মৃতি দিয়ে। যিসকলে দিয়াও নাই, বাপদাদাৰ ওচৰত আহি পাইছেহি। এয়াইতো পৰমাত্ম স্নেহৰ বিশেষত্ব। এই এটি এটি দিন কিমান মৰমৰ। গাঁৱতে আছে বা বহুত ডাঙৰ ডাঙৰ চহৰতে আছে, গাঁৱৰসকলৰো স্মৃতি সাধন নথকা সত্বেও পিতাৰ ওচৰত আহি পাই যায় কিয়নো পিতাৰ ওচৰত আধ্যাত্মিক সাধনতো বহুত আছে নহয়! বাৰু! আজিকালিৰ যুগত চিকিৎসকে কয় দৰব এৰক, ব্যায়াম কৰক, সেয়েহে বাপদাদায়ো কয় যে যুদ্ধ কৰিবলৈ এৰা, পৰিশ্ৰম কৰিবলৈ এৰা, গোটেই দিনটোত 5-5 মিনিট মনৰ ব্যায়াম কৰা। এক মিনিটত নিৰাকাৰী, এক মিনিটত আকাৰী, এক মিনিটত সকলো ফালৰ সেৱাধাৰী, 5 মিনিটৰ মনৰ এই ব্যায়াম গোটেই দিনটোত ভিন্ন ভিন্ন সময়ত কৰা। তেতিয়া সদায় স্বাস্থ্যৱান হৈ থাকিবা, পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। হ’ব পাৰে নহয়! মধুবন নিবাসী হ’ব পাৰেনে? মধুবন হৈছে আধাৰ, মধুবনৰ প্ৰকম্পন চাৰিওফালে নিবিচৰাকৈয়ে গৈ পায়। মধুবনত কিবা কথা হ’লে, সমগ্ৰ ভাৰতত, ঠায়ে ঠায়ে দ্বিতীয় দিনা গৈ পায়। মধুবনত এনে কিবা সাধন লাগি আছে, একো কথা লুকাই নাথাকে, ভালো আৰু পুৰুষাৰ্থৰো। সেয়েহে মধুবনে যি কৰিব তাৰ প্ৰকম্পন স্বতঃ আৰু সহজে বিয়পিব। প্ৰথমে মধুবন নিবাসীয়ে ব্যৰ্থ সংকল্প বন্ধ কৰক, হ’ব পাৰেনে? হ’ব পাৰেনে? এয়া আগত বহি আছে নহয়! মধুবন নিবাসী হাত দাঙা। গতিকে মধুবন নিবাসীয়ে পৰস্পৰ এনেকুৱা কিবা পৰিকল্পনা কৰা ব্যৰ্থ সমাপ্ত। বাপদাদাই এনেকৈ নকয় যে সংকল্পই বন্ধ কৰা। ব্যৰ্থ সংকল্প সমাপ্ত। লাভতো নাই। অশান্তি আছে। হ’ব পাৰেনে? মধুবন নিবাসীয়ে যি ভাবা যে পৰস্পৰ আলচ কৰি এয়া কৰিম, তেওঁলোকে হাত দাঙা। কৰিবা, কৰিব লাগে তেন্তে দীঘলকৈ হাত দাঙা। দুয়োখন হাত দাঙা। অভিনন্দন জনাইছোঁ। বাপদাদাই অন্তৰেৰে আশীৰ্বাদ জনাই আছে। অভিনন্দন জনাইছোঁ। সাহস আছেনে মধুবন নিবাসীৰ, যি বিচৰা সেয়া কৰিব পাৰা। কৰাবও পাৰা। মধুবনৰ ভগ্নীসকলো আছে, ভগ্নীসকল হাত দাঙা। দীঘলকৈ হাত দাঙা। আলচ কৰিবা। দাদীসকল তোমালোকে আলোচনা কৰাবা। চোৱা হাত সকলোৱে দাঙি আছে। এতিয়া হাতৰ লাজ ৰাখিবা। বাৰু।

পিতা ব্ৰহ্মাই শেষত যি বৰদান দিলে - নিৰাকাৰী, নিৰ্বিকাৰী নিৰহংকাৰী, পিতা ব্ৰহ্মাৰ এই অন্তিম বৰদান সন্তানসকলৰ প্ৰতি এটি বহুত ডাঙৰ উপহাৰ হৈ থাকিল। তেন্তে এতিয়াই চেকেণ্ডত পিতা ব্ৰহ্মাৰ উপহাৰ মনেৰে স্বীকাৰ কৰিব পাৰানে? দৃঢ় সংকল্প কৰিব পাৰানে যে পিতাৰ উপহাৰ সদায় বাস্তৱ জীৱনত ৰূপায়িত কৰিব লাগে? কিয়নো আদি দেৱৰ উপহাৰ কম নহয়। ব্ৰহ্মা গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ, তেওঁৰ উপহাৰ কম নহয়। গতিকে নিজৰ নিজৰ পুৰুষাৰ্থ অনুসৰি সংকল্প কৰা যে আজিৰ দিনটোত হোলি অৰ্থাৎ যি হৈ গ’ল, হো লি, হৈ গ’ল। কিন্তু এতিয়াৰ পৰা উপহাৰ বাৰে বাৰে জাগ্ৰত কৰি পিতা ব্ৰহ্মাৰ সেৱাৰ প্ৰতিদান দিবা। চোৱা, পিতা ব্ৰহ্মাই অন্তিম দিনলৈ, অন্তিম সময়লৈকে সেৱা কৰিলে। এয়া পিতা ব্ৰহ্মাৰ সন্তানসকলৰ প্ৰতি মৰম, সেৱাৰ প্ৰতি স্নেহৰ চিন, সেয়েহে পিতা ব্ৰহ্মাক প্ৰতিদান দিয়া অৰ্থাৎ বাৰে বাৰে জীৱনত দিয়া উপহাৰ পুনৰাবৃত্তি কৰি বাস্তৱত জীৱনত আনা। গতিকে সকলোৱে নিজৰ অন্তৰত পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহৰ প্ৰতিদানত দৃঢ় সংকল্প কৰা, এয়া হ’ল পিতা ব্ৰহ্মাৰ স্নেহৰ উপহাৰৰ প্ৰতিদান। বাৰু।

চাৰিওফালৰ সবাটোকৈ ভাগ্যৱান, পৱিত্ৰতম সন্তানসকলৰ প্ৰতি সদায় দৃঢ় সংকল্পৰ চাবি বাস্তৱত আনোঁতা সাহসী সন্তানসকলক, সদায় নিজৰ মন ভিন্ন ভিন্ন প্ৰকাৰৰ সেৱাত ব্যস্ত ৰাখোঁতাসকলক, প্ৰতি খোজত পদমৰ উপাৰ্জন জমা কৰোঁতা সন্তানসকলক, সদায় প্ৰতিদিনে উৎসাহত থাকোঁতা, প্ৰতিটো দিনক উৎসৱ বুলি বুজি উদ্‌যাপন কৰোঁতা, সদায় সৌভাগ্যশালী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
স্নেহ আৰু স্নেহত লীন স্থিতিৰ অনুভৱৰ দ্বাৰা সকলো পাহৰি যাওঁতা সদায় দেহী- অভিমানী হোৱা

কৰ্মত, বাণীত, সম্পৰ্ক আৰু সম্বন্ধত স্নেহ আৰু স্মৃতি আৰু স্থিতিত স্নেহত লীন হৈ থাকা তেতিয়া সকলো পাহৰি দেহী-অভিমানী হৈ যাবা। স্নেহেই পিতাৰ সমীপ সম্বন্ধত আনে, সৰ্বস্ব ত্যাগী কৰি তোলে। এই স্নেহৰ বিশেষত্বৰে আৰু স্নেহত লীন স্থিতিত থাকিলেই সকলো আত্মাৰ ভাগ্য বা ‘লাক’ জগাই তুলিব পাৰা। সেই স্নেহেই ভাগ্য ৰূপী তলাৰ চাবি। এয়া মুখ্য চাবি। ইয়াৰ দ্বাৰা যিকোনো দুৰ্ভগীয়া আত্মাক ভাগ্যশালী কৰি তুলিব পাৰা।

স্লোগান:
নিজৰ পৰিৱৰ্তনৰ সময় নিশ্চিত কৰা তেতিয়া বিশ্ব পৰিৱৰ্তন স্বতঃ হৈ যাব।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

মনৰ শক্তিৰ দৰ্পণ হ’ল - বাণী আৰু কৰ্ম। অজ্ঞানী আত্মাই হওঁক বা জ্ঞানী আত্মাই হওঁক দুয়োৰে সম্বন্ধ-সম্পৰ্কত বাণী আৰু কৰ্ম শুভ-ভাৱনা শুভ-কামনাযুক্ত হওঁক। যাৰ মন শক্তিশালী আৰু শুভ হ’ব তেওঁৰ বাণী আৰু কৰ্ম স্বতঃ শক্তিশালী শুদ্ধ হ’ব, শুভ-ভাৱনাযুক্ত হ’ব। মন শক্তিশালী অৰ্থাৎ স্মৃতিৰ শক্তি শ্ৰেষ্ঠ হ’ব, শক্তিশালী হ’ব, সহজযোগী হ’ব।