05.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে আজিলৈকে যাৰ মহিমা গাইছিলা, তেৱেঁই এতিয়া তোমালোকৰ সন্মুখত বিদ্যমান হৈ আছে, সেইকাৰণে সদায় আনন্দত নাচি থাকা, কোনো কথাৰ যাতে দুখ নাথাকে”

প্ৰশ্ন:
পুৰুষাৰ্থী সন্তানসকলে নিজৰ অন্তৰত কোনটো পৰীক্ষা অৱশ্যে কৰিব?

উত্তৰ:
এতিয়ালৈকে মোৰ মাজত অৰ্থাৎ আত্মাত কোনো সৰু-বৰ কাঁইটতো নাই? কামৰ কাঁইট সকলোতকৈ তীক্ষ্ণ (চোকা)। ক্ৰোধৰ কাঁইটো বহুত বেয়া। দেৱতাসকল ক্ৰোধী নহয়, সেয়েহে মৰমৰ সন্তানসকল, যদি কিবা কাঁইট আছে তেন্তে উলিয়াই দিয়া। নিজেই নিজৰ লোকচান নকৰিবা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে নিজৰ পিতাৰ মহিমা শুনিলে। তেওঁলোকে গাই থাকে, ইয়াত তোমালোকে বাস্তৱত সেইজন বাবাৰ উত্তৰাধিকাৰ লৈ আছা। তোমালোকে জানা যে বাবাই আমাৰ দ্বাৰা ভাৰতক স্বৰ্গ কৰি গঢ়ি আছে। যাৰ দ্বাৰা গঢ়ি আছে নিশ্চয় তেওঁলোকেই সুখধামৰ মালিক হ’বগৈ। সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। বাবাৰ মহিমা সীমাহীন, তেওঁৰ পৰা আমি উত্তৰাধিকাৰ লৈ আছোঁ। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত দৰাচলতে গোটেই জগতত বৃহস্পতিৰ দশা চলি আছে। এতিয়া এয়া তোমালোক ব্ৰাহ্মণসকলেহে জানা। বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে গোটেই জগতত, সকলোৰে ওপৰত বৃহস্পতিৰ দশা চলি আছে কিয়নো এতিয়া 16 কলা সম্পূৰ্ণ হোৱা। এই সময়ততো কোনো কলা নাই। সন্তানসকল অতি আনন্দিত হোৱা উচিত। এনেকুৱা নহয় যে ইয়াত আনন্দিত হৈ আছা, বাহিৰলৈ গ’লে নাইকিয়া হৈ যাব। যাৰ মহিমা গাই থাকা তেওঁ এতিয়া তোমালোকৰ সন্মুখত বিদ্যমান হৈ আছে। বাবাই বুজায় যে 5 হাজাৰ বছৰ পূৰ্বেও বাদশ্বাহী দি গৈছিলোঁ। এতিয়া তোমালোকে দেখিবলৈ পাবা লাহে লাহে সকলোৱে আহ্বান জনাই থাকিব। তোমালোকৰো শ্লোগান প্ৰচাৰ হৈ থাকিব। যেনেকৈ কোনোবাই কয় - এক ধৰ্ম হওঁক, এক ৰাজ্য হওঁক, এক ভাষা হওঁক। সেয়াও আত্মাসকলেই কয় নহয় জানো। আত্মাই জানে যথাযথ ভাৰতত এক ৰাজধানী দেৱী-দেৱতাসকলৰহে আছিল। এই সুবাস বিয়পি গৈ থাকিব। তোমালোকে সুবাস বিয়পাই গৈ থাকা। নাটকৰ পৰিকল্পনা অনুসৰি যুদ্ধৰ লক্ষণো প্ৰকট হৈ আছে। এয়া কোনো নতুন কথা নহয়। ভাৰত 16 কলা সম্পূৰ্ণ নিশ্চয় হ’ব লাগে। তোমালোকে জানা যে আমি এই যোগবলেৰে 16 কলা সম্পূৰ্ণ হৈ আছোঁ। এনেকৈ কয় নহয় - দান দিলে গ্ৰহণ আঁতৰিব। পিতায়ো কয় - বিকাৰ, অৱগুণবোৰ দান দিয়া। এয়া ৰাৱণ ৰাজ্য নহয় জানো। পিতা আহি ইয়াৰ পৰা মুক্ত কৰে, এই ক্ষেত্ৰতো কাম বিকাৰ হৈছে বৰ বেয়া অৱগুণ। তোমালোক দেহ-অভিমানী হৈ গৈছা। এতিয়া দেহী-অভিমানী হ’ব লাগে। শৰীৰৰ বোধ এৰিব লাগে। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা, জগতে নাজানে। ভাৰত যি 16 কলা সম্পূৰ্ণ আছিল, সম্পূৰ্ণ দেৱতাসকলৰ ৰাজ্য আছিল। এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল। ভাৰত স্বৰ্গ আছিল। এতিয়া 5 বিকাৰৰ গ্ৰহণ লাগি আছে, সেইকাৰণে পিতাই কয় - দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। এই কাম বিকাৰেই অৱনমিত কৰাওঁতা হয় সেইকাৰণে পিতাই কয় - এইটো দান দিয়া তেতিয়া 16 কলা সম্পূৰ্ণ হৈ যাবা। যদি নিদিয়া তেন্তে সম্পূৰ্ণ নহ’বাগৈ। আত্মাসকলৰ নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত হৈছে নহয় জানো। এয়াও তোমালোকৰ বুদ্ধিত আছে। তোমালোক আত্মাত কিমান ভূমিকা আছে। তোমালোকে বিশ্বৰ ৰাজ্য-ভাগ্য লোৱা। এয়া হৈছে বেহদৰ নাটক, অনেক ভাৱৰীয়া আছে। এওঁলোকৰ ভিতৰত প্ৰথম শ্ৰেণীৰ ভাৱৰীয়া হৈছে এই লক্ষ্মী-নাৰায়ণ, তেওঁলোকৰ হৈছে এক নম্বৰ ভূমিকা। বিষ্ণুৱেই ব্ৰহ্মা সৰস্বতী আকৌ ব্ৰহ্মা সৰস্বতীয়েই বিষ্ণু হয়। এওঁলোকে 84 জন্মৰ চক্ৰ কেনেকৈ পৰিক্ৰমা লগায়, সেই সকলোবোৰ বুদ্ধিত আহি যায়। বেপাৰীসকলে হিচাপৰ বহি ৰাখে তাত স্বস্তিকা আঁকে। গণেশৰ পূজা কৰে। এয়া হ’ল বেহদৰ হিচাপ। স্বস্তিকাত 4টা ভাগ থাকে। যেনেকৈ পুৰীত চাউলৰ হাণ্ডী ৰাখে। সেয়া সিজি গ’লে তেতিয়া 4 ভাগ হৈ যায়। তাত চাউলৰেই ভোগ আগবঢ়োৱা হয়। এতিয়া তোমালোক সন্তানসকলক কোনে পঢ়াই আছে? অতিকৈ মৰমৰ পিতা আহি তোমালোকৰ সেৱক হৈছে, তোমালোকৰ সেৱা কৰে। মনুষ্যইতো কৈ দিয়ে - আত্মা নিৰ্লেপ। এতিয়া তোমালোকে জানা - আত্মাত 84 জন্মৰ ভূমিকা আছেই। তেন্তে আত্মাক আকৌ নিৰ্লেপ বুলি ক’লে কিমান ৰাতি-দিনৰ পাৰ্থক্য হৈ যায়। যেতিয়া এয়া কোনোবাই ভালদৰে এমাহ-ডেৰমাহ বহি বুজিব তেতিয়া সাৰ কথাবোৰ বুদ্ধিত ধাৰণ হ'ব। দিনে-প্ৰতিদিনে সাৰ কথা বহুত ওলাই থাকে। এয়া যেন কস্তুৰী। শাস্ত্ৰবোৰততো কোনো সাৰ নাই। বাবাই কয় - সেইবোৰ এতিয়া বুদ্ধিৰ পৰা আঁতৰাই দিয়া। জ্ঞান সাগৰ একমাত্ৰ মইহে হওঁ। যেতিয়া পূৰা নিশ্চয় হয় তেতিয়া বুজি পায় - যথাযথ এই সকলোবোৰ ভক্তি মাৰ্গৰ বাবে। পৰমপিতা পৰমাত্মাহে আহি দুৰ্গতিৰ পৰা সৎগতি কৰে। ছিৰিৰ চিত্ৰতো স্পষ্টকৈ দেখুওৱাব লাগে। ভক্তি মাৰ্গ আৰম্ভ হ’লে তেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়। এতিয়া গীতাৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। পিতাই কয় - মই কল্পই কল্পই কল্পৰ সংগমযুগত আহোঁ। তেওঁলোকে আকৌ কাছ মাছৰ অৱতাৰ বুলি কৈ দিছে। 24 অৱতাৰ বুলি কৈ দিয়ে। বাবাই কয় - এতিয়া তোমালোকৰ বৃহস্পতিৰ দশা চলি আছে। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিলোঁ। এতিয়া ৰাৱণে ৰাহুৰ দশা বহুৱাই দিছে। এতিয়া পুনৰ পিতা আহিছে স্বৰ্গৰ মালিক কৰি তুলিবলৈ। গতিকে তোমালোকে নিজৰ লোকচান কৰিব নালাগে। বেপাৰী লোকসকলে নিজৰ হিচাপ সদায় ঠিকে ৰাখে। লোকচান কৰাসকলক নিৰ্বোধ বুলি কোৱা হয়। এতিয়াতো এওঁ সকলোতকৈ ডাঙৰ বেপাৰী হয়। কোনোবা বিৰল বেপাৰীয়েহে বেপাৰ কৰিব। এয়াই অবিনাশী বেপাৰ বাকী সকলো বেপাৰতো মাটিত মিলি যাব। এতিয়া তোমালোকৰ সঁচা বেপাৰ হৈ আছে। পিতা হৈছে বেহদৰ সদাগৰ, ৰত্নাকৰ… আৰু জ্ঞানৰ সাগৰ বুলি কোৱা হয়। প্ৰদৰ্শনীত চোৱা কিমান আহে। সেৱাকেন্দ্ৰলৈ কোনোবা কাচিৎহে আহিব। ভাৰততো বহুত বিশাল নহয় জানো। সকলো ঠাইলৈকে তোমালোক যোৱা উচিত। পানীৰ গংগাতো গোটেই ভাৰতত নাই। এয়াও তোমালোকে বুজাবলগীয়া হয় যে পানীৰ গংগা কোনো পতিত-পাৱনী নহয়। তোমালোক জ্ঞান গংগাসকল যাব লাগে। চাৰিওফালে প্ৰদৰ্শনী মেলা কৰি থাকিবা। দিনে-প্ৰতিদিনে চিত্ৰও ভাল ভাল তৈয়াৰ হৈ থাকিব। এনেকুৱা শোভনীয় চিত্ৰ হ’ব লাগে যাতে দেখিলেই আনন্দিত হৈ যায় যে এওঁলোকেতো ঠিক কথা বুজায়। এতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজধানী স্থাপন হৈ আছে। এতিয়া ব্ৰাহ্মণ ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। এই ব্ৰাহ্মণসকলেই দেৱী-দেৱতা হয়। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা গতিকে অন্তৰক নিজেই সুধি থাকা যে মোৰ মাজত কোনো সৰু-বৰ কাঁইটতো নাই! কামৰ কাঁইটতো নাই! ক্ৰোধৰ সৰু কাঁইট সেয়াও বৰ বেয়া। দেৱতাসকল ক্ৰোধী নহয়। এনেকৈ দেখুৱায় যে শংকৰে চকু মেলিলে বিনাশ হৈ যায়। এয়াও এক কলংক লগাইছে। বিনাশতো হ'বই। সূক্ষ্মবতনত শংকৰৰ কোনো সাপ আদি জানো থাকিব পাৰে। তাত ধৰণীয়েই বা ক’ত যে সাপ আদি ওলাব। আকাশত জানো সাপে বিচৰণ কৰিব। সূক্ষ্মবতন আৰু মূলবতনত বাগিচা সাপ আদি একোৱেই নাথাকে। এই সকলোবোৰতো ইয়াত থাকে। স্বৰ্গও ইয়াতেই হয়। এইসময়ত মনুষ্য কাঁইটৰ দৰে, সেইকাৰণে ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। সত্যযুগ হৈছে ফুলৰ বাগিচা। তোমালোকে দেখিবলৈ পোৱা - বাবাই কেনেকৈ বাগিচা গঢ়ে। অতি সুন্দৰকৈ গঢ়ে। সকলোকে সুন্দৰ কৰি তোলে। নিজেতো চিৰ সুন্দৰ হয়। সকলো প্ৰেমিকাক অৰ্থাৎ সন্তানক সুন্দৰ (পৱিত্ৰ) কৰি তোলে। ৰাৱণে একবাৰে কলা (অপৱিত্ৰ) কৰি দিছে। এতিয়া তোমালোক সন্তানসকল আনন্দিত হোৱা উচিত - আমাৰ বৃহস্পতিৰ দশা চলি আছে। আধা সময় দুখ, আধা সময় সুখ হ’লে, তাৰ পৰা লাভেই বা কি? তেনেকুৱা নহয়, 3 ভাগ সুখ। এইখন নাটক ৰচি থোৱা আছে। বহুলোকে সোধে যে নাটকখন কিয় এনেকৈ ৰচা হৈছে? হেৰ’ এইখনতো অনাদি হয়, নহয় জানো। কিয় ৰচিলে, এইটো প্ৰশ্ন উদয় হ’ব নোৱাৰে। এইখন অনাদি অবিনাশী পূৰ্ব নিৰ্ধাৰিত নাটক। যি ৰচি থোৱা আছে সেয়াই চলি আছে… কোনেও মোক্ষ লাভ কৰিব নোৱাৰে। এয়াতো অনাদি সৃষ্টি চলি আহি থাকে, চলি থাকিব। প্ৰলয় নহয়। বাবাই নতুন সৃষ্টি ৰচে, কিন্তু ইয়াত স্থান কিমান। যেতিয়া মনুষ্য পতিত দুখী হয় তেতিয়াহে আহ্বান কৰে। বাবা আহি সকলোৰে কায়া কল্পবৃক্ষৰ সমান কৰি তোলে। তোমালোক আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া শৰীৰো পৱিত্ৰ পাবা। সেয়েহে পিতাই তোমালোকৰ কায়া কল্পতৰু কৰি তোলে। আধাকল্প তোমালোকৰ কেতিয়াও অকাল মৃত্যু নহ’ব। তোমালোকে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তোমালোক সন্তানসকলে বহুত পুৰুষাৰ্থ কৰা উচিত। যিমান উচ্চ পদ পাবা সিমানেই ভাল। পুৰুষাৰ্থতো সকলোৱে অধিক উপাৰ্জনৰ বাবে কৰে। খৰিকটীয়াজনেও ক’ব – মই বেছিকৈ খৰি লৈ যাওঁ তেতিয়া বেছি উপাৰ্জন হ’ব। কিছুমানেতো প্ৰবঞ্চনা কৰিও উপাৰ্জন কৰে। তাত এনেকুৱা কোনো দুখৰ কথা নাথাকে। এতিয়া তোমালোকে পিতাৰ পৰা কিমান উত্তৰাধিকাৰ লোৱা। নিজক পৰীক্ষা কৰিব লাগে যে মই স্বৰ্গলৈ যোৱাৰ লায়ক হওঁনে? (নাৰদৰ দৃষ্টান্ত) শাস্ত্ৰবোৰততো বহুত কথা লিখি দিছে। এই তীৰ্থ যাত্ৰা আদি সকলো এৰা। গীততো আছে নহয় - চাৰিওফালে পৰিক্ৰমা লগালোঁ তথাপিও দূৰৈতে থাকিলোঁ... এতিয়া পিতাই তোমালোকক কিমান সুন্দৰ যাত্ৰা শিকায়, ইয়াত কোনো কষ্ট নাই। মাত্ৰ পিতাই কয় – মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। বহুত সুন্দৰ যুক্তি তোমালোকক শুনাওঁ। সন্তানসকল শুনিছানে!। এয়া মোৰ ঋণত লোৱা ৰথ। এই পিতা কিমান আনন্দিত হয়। মই পিতাক নিজৰ শৰীৰ ঋণত দিছোঁ। পিতাই মোক বিশ্বৰ মালিক কৰি তোলে। নামো হৈছে ভাগীৰথ। তোমালোকে জানা বোমা আদি তৈয়াৰ হৈ আছে। জুই লাগিব। ৰাৱণৰ প্ৰতিকৃতিও সাজে, মাৰিবৰ বাবে। ইয়াত মাৰি পেলোৱা আদিৰতো কোনো কথা নাই। ক'ত মাৰি পেলোৱা আদিৰ কথা, ক’ত এই ৰাৱণপুৰী শেষ হৈ আছে। তোমালোক সন্তানসকল ৰামপুৰীলৈ যাবৰ বাবে পুৰুষাৰ্থ কৰি আছা। গতিকে পূৰা পুৰুষাৰ্থ কৰিব লাগে, কাঁইট হ’ব নালাগে।

তোমালোক হৈছা ব্ৰাহ্মণ-ব্ৰাহ্মণী। সকলোৰে আধাৰ মুৰুলীৰ ওপৰত। তোমালোকে মুৰুলী নাপালে তেতিয়া কি কৰিবা। এনেকুৱা নহয় যে কেৱল এগৰাকী ব্ৰাহ্মণীয়েই মুৰুলী শুনাব লাগে। যিকোনো সন্তানে মুৰুলী পঢ়ি শুনাব পাৰে। ক’ব লাগে - আজি তুমি শুনোৱা। এতিয়াতো বুজাবৰ বাবে ভাল চিত্ৰও তৈয়াৰ হৈছে। এই মুখ্য চিত্ৰতো নিজৰ দোকানত ৰাখি বহুতৰে কল্যাণ কৰা। সেই লেনদেনৰ লগতে এইটোও লেনদেন কৰা। এয়া বাবাৰ অবিনাশী জ্ঞান ৰত্নৰ দোকান। বাবাই কোনো বাধা নিদিয়ে যে ঘৰ আদি নাসাজিবা। লাগিলে সাজা। টকা-পইচাতো মাটিত মিলি যাব। তাতকৈ কিয়নো ঘৰ আদি সাজি আৰামত নাথাকোঁ। টকা-পইচা কামত খটুৱাব লাগে। ঘৰো সাজা, খাবৰ বাবেও ৰাখা, দান পুণ্যও কৰা। কাশ্মীৰৰ ৰজাৰ মৃত্যু হোৱাত নিজৰ ব্যক্তিগত সম্পত্তি যি আছিল সেই সকলোবোৰ আৰ্য সমাজক দানত দি গ’ল। নিজৰ ধৰ্মৰ কাৰণে কৰে নহয় জানো। ইয়াততো তেনেকুৱা কোনো কথা নাই। সকলো সন্তান হয়, দান আদিৰ কথা নাই। সেয়া হৈছে হদৰ (সীমিত) দান। মইতো তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ। নাটক অনুসৰি ভাৰতবাসীয়েই ৰাজ্য-ভাগ্য ল’ব। ভক্তি মাৰ্গত বেপাৰীসকলে কিবা নহয় কিবা দানৰ অৰ্থে পৃথকে ৰাখে। তাৰো প্ৰতিদান পৰৱৰ্তী জন্মত অল্পকালৰ বাবে পায়। এতিয়াতো মই পোনপটীয়াকৈ আহিছোঁ গতিকে তোমালোকে এই (ঈশ্বৰীয়) কাৰ্যত খটুওৱা। মোকতো একোৱেই নালাগে। শিৱবাবাই নিজৰ বাবে ঘৰ সাজিব লাগে জানো! এই সকলোবোৰ হৈছে ব্ৰাহ্মণৰ। গৰিব, চহকী সকলো একেলগে থাকে। গতিকে এই সকলোবোৰ সন্তানসকলৰেই। দেখিবলৈ পোৱা যায় ঘৰত এওঁ কেনেকৈ আৰামত থাকে, গতিকে তেনেকুৱা প্ৰবন্ধ কৰিবলগীয়া হয় সেইকাৰণে কয় সকলোৰে শুশ্ৰূষা কৰা। যদি কিবা বস্তু নাই তেন্তে পাব পাৰা। পিতাৰতো সন্তানসকলৰ প্ৰতি মৰম থাকে। ইমান মৰম অন্য কাৰো থাকিব নোৱাৰে। সন্তানসকলক কিমান বুজায় - পুৰুষাৰ্থ কৰা আনৰ বাবেও যুক্তি ৰচা। ইয়াৰ বাবে কেৱল 3 খোজ ভূমি লাগে, য’ত কন্যাসকলে বুজাই থাকিব। কোনো ডাঙৰ মানুহৰ প্ৰেক্ষাগৃহ থাকিলে, কোৱা আমি আৱশ্যকীয় চিত্ৰ ৰাখি দিওঁ। এক দুই ঘণ্টা ৰাতিপুৱা গধুলি ক্লাচ কৰি গুচি যাম। সকলো খৰচ আমাৰ… নাম আপোনাৰ হ’ব। অনেক আহি কড়িৰ পৰা হীৰাতুল্য হ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী পিতাৰ সৈতে সঁচা অবিনাশী বেপাৰ কৰিব লাগে। সেই লেনদেনৰ লগতে এই লেনদেনৰ বাবেও সময় দিব লাগে। জ্ঞান গংগা হৈ সকলোকে পাৱন কৰি তুলিব লাগে।

(2) ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে মুৰুলী সেয়েহে মৰমেৰে শুনিব আৰু শুনাব লাগে। অন্তৰত যদি কিবা কাঁইট আছে তেন্তে সেয়া উলিয়াই দিব লাগে। অৱগুণবোৰ দান কৰিব লাগে।

বৰদান:
দয়ালু ভাৱনাৰ দ্বাৰা অপকাৰীৰো উপকাৰ কৰোঁতা শুভচিন্তক হোৱা

যেনেকুৱাই আত্মা সম্পৰ্কত নাহক সতোগুণীয়ে হওক বা তমোগুণীয়ে হওক, কিন্তু সকলোৰে প্ৰতি শুভচিন্তক অৰ্থাৎ অপকাৰীৰো উপকাৰ কৰোঁতা। কেতিয়াও কোনো আত্মাৰ প্ৰতি ঘৃণাৰ দৃষ্টি যাতে কে কিয়নো এইটো জানা যে তেওঁ অজ্ঞানৰ বশীভূত, অবোধ। তেওঁলোকৰ প্ৰতি দয়া বা স্নেহ ওপজিব লাগে, ঘৃণা নহয়। শুভচিন্তক আত্মাই এইটো নাভাবে যে এওঁ এনেকুৱা কিয় কৰিলে, কিন্তু এই আত্মাটিৰ কল্যাণ কেনেকৈ হ’ব — এয়াই হৈছে শুভচিন্তক অৱস্থা।

স্লোগান:
তপস্যাৰ বলেৰে অসম্ভৱক সম্ভৱ কৰি সফলতাৰ মূৰ্তি হোৱা।


অব্যক্ত সংকেত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

পৰোপকাৰী আত্মা ত্ৰিকালদৰ্শী হোৱাৰ বাবে আত্মাৰ সম্পূৰ্ণ সহযোগিতাক সন্মুখত ৰাখি, প্ৰত্যেক আত্মাৰ দুৰ্বলতাক চিনি, সেই দুৰ্বলতা নিজত ধাৰণ নকৰিব, বৰ্ণনাও নকৰিব, কিন্তু আন আত্মাসকলৰ দুৰ্বলতাৰ কাঁইট কল্যাণকাৰী স্বৰূপে সমাপ্ত কৰি দিব। কাঁইটৰ সলনি — কাঁইটকো ফুল কৰি দিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]