05.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল – “এই
পতিত সৃষ্টি এখন পুৰণি গাঁও, এয়া তোমালোক থকাৰ উপযুক্ত নহয়, তোমালোক এতিয়া নতুন
পাৱন সৃষ্টিলৈ যাব লাগে”
প্ৰশ্ন:
পিতাই নিজৰ
সন্তানসকলক উন্নতিৰ বাবে কোনটো এটা যুক্তি শুনায়?
উত্তৰ:
সন্তানসকল, তোমালোক আজ্ঞাকাৰী হৈ বাপদাদাৰ মতত চলি থাকা৷ বাপদাদা দুয়োগৰাকী একত্ৰিত
হৈ আছে, সেইবাবে যদি এওঁ (ব্ৰহ্মা বাবাই) কোৱাৰ বাবে কিবা লোকচানো হয় তেন্তে তাৰ
বাবে দায়বদ্ধ হৈছে পিতা (শিৱবাবা), সকলো ঠিক কৰি দিব৷ তোমালোকে নিজৰ মত নচলাবা৷
শিৱবাবাৰ মত বুলি বুজি চলি থাকা তেতিয়া বহুত উন্নতি হ’ব৷
ওঁম্শান্তি।
প্ৰথম মুখ্য
কথা আত্মিক সন্তানসকলক পিতাই বুজায় যে নিজক আত্মা বুলি নিশ্চয় কৰি বহা আৰু পিতাক
স্মৰণ কৰা তেতিয়া তোমালাকৰ সকলো দুখ দূৰ হৈ যাব৷ সেই লোকসকলে আশীর্বাদ দিয়ে নহয়৷ এই
পিতায়ো কয় – সন্তানসকল, তোমালোকৰ সকলো দুখ দূৰ হৈ যাব৷ কেৱল নিজক আত্মা বুলি বুজি
পিতাক স্মৰণ কৰা৷ এয়াতো অতি সহজ৷ এয়া হ’ল ভাৰতৰ প্ৰাচীন সহজ ৰাজযোগ৷ প্ৰাচীনৰো
সময়তো থাকিব লাগে নহয়। অতি পুৰণিও কিমান? পিতাই বুজায় – পূৰা 5 হাজাৰ বছৰ পূৰ্বে এই
ৰাজযোগ শিকাইছিল৷ এয়া পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে আৰু সন্তানসকলৰ বাহিৰে
কোনেও বুজিব নোৱাৰে৷ গায়নো আছে – আত্মাসকল অৰ্থাৎ সন্তানসকল আৰু পৰমাত্মা পিতা
বহুকাল বিচ্ছিন্ন হৈ থাকিল... পিতাইহে কয় তোমালোক ছিৰি নামি নামি (অৱনমিত হৈ হৈ)
পতিত হৈ গৈছা৷ এতিয়া স্মৃতি উদয় হৈছে৷ সকলোৱে চিঞৰে – হে পতিত-পাৱন... কলিযুগত
পতিতই হয়৷ সত্যযুগত হয় পাৱন৷ সেয়া হয়েই পাৱন জগত৷ এয়া পুৰণি সৃষ্টি বাস কৰাৰ
উপযুক্ত নহয়৷ কিন্তু মায়াৰ প্ৰভাৱো কোনো কম নহয়৷ ইয়াত চোৱা 100-120 মহলাৰ ডাঙৰ ডাঙৰ
ঘৰ নিৰ্মাণ কৰি থাকে৷ ইয়াক মায়াৰ পাম্প বুলি কোৱা হয়৷ মায়াৰ জাকজমকতা এনেকুৱা যে যদি
কোৱা স্বর্গলৈ ব’লক তেতিয়া কৈ দিয়ে আমাৰ বাবে স্বর্গতো ইয়াতেই, ইয়াকে মায়াৰ জাকজমকতা
বুলি কোৱা হয়৷ কিন্তু তোমালোক সম্তানসকলে জানা যে এয়াতো পুৰণি গাঁও, ইয়াক কোৱা হয়
নৰক, পুৰণি সৃষ্টি সেয়াও ৰৌৰৱ নৰক৷ সত্যযুগক কোৱাই হয় স্বর্গ৷ এই শব্দটিতো আছে নহয়৷
ইয়াক বিকাৰী সৃষ্টি বুলিতো সকলোৱে ক’ব৷ নির্বিকাৰী সৃষ্টিতো এই স্বর্গ আছিল৷
স্বর্গক কোৱাই হয় নির্বিকাৰী সৃষ্টি, নৰকক বিকাৰী সৃষ্টি বুলি কোৱা হয়৷ ইমান সহজ
কথাটিও কিয়নো কাৰো বুদ্ধিত উদয় নহয়! মনুষ্য কিমান দুখী৷ কিমান হায়-কাজিয়া আদি হৈ
থাকে৷ দিনে-প্ৰতিদিনে বোমা আদিও এনেকুৱা তৈয়াৰ কৰি আছে যে পেলাব আৰু মনুষ্য নাশ হৈ
যাব৷ কিন্তু তুচ্ছ বুদ্ধিৰ মনুষ্যই বুজি নাপায় যে এতিয়া কি হ’বলগীয়া আছে! এই কথা
পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে, কি হ’বলগীয়া আছে? পুৰণি সৃষ্টিৰ বিনাশ হ’ব আৰু
নতুন সৃষ্টিৰ স্থাপনাও গুপ্তভাৱে হৈ আছে৷
তোমালোক সন্তানসকলক
কোৱাই হয় – গুপ্ত যোদ্ধা৷ কোনোৱে ভাবে জানো যে তোমালোকে যুদ্ধ কৰি আছা৷ তোমালোকৰ
যুদ্ধ হ’ল 5 বিকাৰৰ লগত৷ সকলোকে কোৱা –পৱিত্ৰ হোৱা৷ এজন পিতাৰ সন্তান হোৱা নহয়৷
প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানতো সকলো ভাই-ভনী হ’লা নহয়৷ বুজাবলৈ বহুত যুক্তি লাগে৷
প্ৰজাপিতা ব্ৰহ্মাৰতো অনেক সন্তান আছে, এজনতো নহয়৷ নামেই হ’ল প্ৰজাপিতা৷ লৌকিক
পিতাক কেতিয়াও প্ৰজাপিতা বুলি কোৱা নহয়৷ প্ৰজাপিতা ব্ৰহ্মা হয় গতিকে তেওঁৰ সকলো
সন্তান পৰস্পৰ ভাই-ভনী, ব্ৰহ্মাকুমাৰ-কুমাৰী হ’ল নহয়৷ কিন্তু বুজি নাপায়৷ যেন পাথৰ
বুদ্ধিৰ, বুজিবলৈ চেষ্টাও নকৰে৷ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হৈ গ’ল৷
বিকাৰগ্ৰস্ততো হ’ব নোৱাৰে৷ তোমালোকৰ ফলকতো ‘প্ৰজাপিতা’ শব্দটি উল্লেখ কৰাতো অতি
প্ৰয়োজন৷ এই শব্দটিতো নিশ্চয় উল্লেখ কৰা উচিত৷ কেৱল ব্ৰহ্মা বুলি লিখিলে ইমান
প্ৰভাৱশালী নহয়৷ সেয়েহে ফলকতো শুদ্ধ শব্দ লিখি শুধৰণি কৰিব লাগে৷ এইটো অতি
প্ৰয়োজনীয় শব্দ৷ ব্ৰহ্মা নামতো মহিলাৰো আছে৷ নামৰে অভাৱ হৈ গৈছে সেয়েহে পুৰুষৰ নাম
মহিলাৰ ক্ষেত্ৰত ৰাখি দিয়ে৷ ইমান নাম আনিব ক’ৰপৰা? হওতে সকলো ড্ৰামাৰ পৰিকল্পনা
অনুসৰি হয়৷ পিতাৰ বিশ্বাসী, আজ্ঞাকাৰী হোৱাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়৷ পিতা
আৰু ককা দুয়োজন একত্ৰিত হৈ আছে নহয়৷ বুজিব নোৱাৰে যে এয়া কোন? তেতিয়া শিৱবাবাই কয়
– মোৰ আজ্ঞাও বুজিব নোৱাৰে৷ ওলোটা বা চিধা যিয়েই কয়, তোমালোকে বুজিবা – শিৱবাবাই কয়
তেতিয়া তেওঁ দায়বদ্ধ হৈ যাব৷ এওঁ কোৱা বাবে কিবা লোকচান হ’লে তেতিয়াও দায়বদ্ধ তেওঁ
হোৱা বাবে তেওঁ সকলো ঠিক কৰি দিব৷ শিৱবাবাৰ বুলিয়ে বুজি থাকিবা তেতিয়া তোমালোকৰ
বহুত উন্নতি হ’ব৷ কিন্তু কাচিৎহে বুজি পায়৷ কোনোৱে আকৌ নিজৰ মতত চলি থাকে৷ পিতা
কিমান দূৰণিৰ পৰা আহে – তোমালোক সন্তানসকলক নিৰ্দেশনা দিবলৈ, বুজাবলৈ৷ আন কাৰো
ওচৰততো এই আধ্যাত্মিক জ্ঞান নাই৷ গোটেই দিন এইটো চিন্তন চলা উচিত – কি লিখোঁ যাতে
মনুষ্যই বুজি পায়৷ এনেকুৱা চিধা শব্দ লিখা উচিত যাতে মনুষ্যৰ দৃষ্টি পৰে৷ তোমালোকে
এনেকৈ বুজোৱা যাতে কোনো প্ৰশ্ন সোধাৰ প্ৰয়োজনেই নাথাকে৷ কোৱা, পিতাই কয় – নিজক
আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া সকলো দুখ দূৰ হৈ যাব৷ যি ভালদৰে স্মৃতিত
থাকিব তেৱেঁই উচ্চ পদ পাব৷ এয়াতো ছেকেণ্ডৰ কথা৷ মনুষ্যই কি কি সুধি থাকে – তোমালোকে
একো নক’বা৷ কোৱা, বেছিকৈ সুধি নাথাকিব৷ প্ৰথমে এটা কথা নিশ্চয় কৰা, প্ৰশ্নৰ জংঘলত
বেছিকৈ আৱদ্ধ হৈ গ’লে তেতিয়া আকৌ ওলাই অহাৰ ৰাস্তা বিচাৰি নাপাব৷ যেনেকৈ কুঁৱলীৰ
বাবে মনুষ্য বিবুদ্ধিত পৰি গ’লে তেতিয়া ওলাব নোৱাৰে, এয়াও এনেকুৱা – মনুষ্য ক’ৰপৰা
ক’লৈ মায়াৰ ফালে গুচি যায় সেইবাবে প্ৰথমে সকলোকে এটা কথাই কোৱা – আপুনিতো অবিনাশী
আত্মা৷ পিতাও অবিনাশী, পতিত-পাৱন৷ আপুনি পতিত৷ এতিয়া হয়তো ঘৰলৈ যাব লাগে অথবা নতুন
সৃষ্টিলৈ৷ পুৰণি সৃষ্টিত শেষলৈকে আহি থাকে৷ যিয়ে সম্পূর্ণকৈ নপঢ়ে তেওঁলোকতো
নিশ্চয় পাছৰফালে আহিব। কিমান হিচাপ আছে আকৌ পঢ়াৰ আধাৰতো বুজা যায় প্ৰথমত কোন যাব?
স্কুলতো চিহ্ন দেখুৱায় নহয়৷ দৌৰি গৈ হাত লগাই আহা৷ প্ৰথম নম্বৰত অহাজনে পুৰস্কাৰ
পায়৷ এয়া হ’ল বেহদৰ কথা৷ বেহদৰ পুৰস্কাৰ পোৱা যায়৷ পিতাই কয় – স্মৃতিৰ যাত্ৰাত থাকা৷
দৈৱীগুণ ধাৰণ কৰিব লাগে৷ সর্বগুণ সম্পন্ন ইয়াত হ’ব লাগে সেইবাবে বাবাই কয় – স্মৃতিত
থকাৰ খতিয়ান ৰাখা৷ স্মৃতিৰ যাত্ৰাৰো খতিয়ান ৰাখা তেতিয়া গম পাবা যে মই লাভত আছো নে
লোকচানত? কিন্তু সন্তানসকলে নাৰাখে৷ বাবাই কয় কিন্তু সন্তানসকলে নকৰে৷ বহুত কম
সংখ্যকে কৰে সেইবাবে মালাও কিমান কম সংখ্যকেৰে হয়৷ 8 (আঠ) গৰাকীয়ে জলপানি ল’ব
তাৰপাছত আৰু 108 গৰাকী অতিৰিক্ত থাকে৷ অতিৰিক্ত আৰু কোন হ’ব? যিসকল বাদশ্বাহ আৰু
ৰাণী হ’ব৷ নিচেই কম পার্থক্য থাকে৷
সেয়েহে পিতাই কয় –
প্ৰথমে নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা এয়াই হ’ল স্মৃতিৰ যাত্ৰা৷ কেৱল
এইটোৱে পিতাৰ বার্তা দিব লাগে৷ টিক্ টিক্ কৰাৰ (বেছিকৈ কোৱাৰ) প্ৰয়োজন নাই,
মনমনাভৱ৷ দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি, পুৰণি সৃষ্টিৰ সকলো বুদ্ধিৰে ত্যাগ কৰিব লাগে
কিয়নো এতিয়া উভটি যাব লাগে, অশৰীৰী হ’ব লাগে৷ ইয়াত বাবাই সোঁৱৰাই দিয়ে তাৰপাছত
গোটেই দিন একেবাৰে স্মৰণ নকৰে, শ্ৰীমতত নচলে৷ বুদ্ধিত ধাৰণ নহয়৷ পিতাই কয় – নতুন
সৃষ্টিলৈ যাবলৈ হ’লে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে৷ বাবাই আমাক ৰাজ-ভাগ্য দিলে,
আমি পুনৰ এনেকৈ হেৰুৱালোঁ, 84 জন্ম ল’লোঁ৷ লাখ লাখ বছৰৰ কথা নহয়, বহুত সন্তানে
‘অল্ফ’ক (পিতাক) নজনাৰ বাবে আকৌ বহুত প্ৰশ্ন সুধি থাকে৷ পিতাই কয় – প্ৰথমে মামেকম্
স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হৈ যাব আৰু দৈৱীগুণ ধাৰণ কৰা তেতিয়া দেৱতা হৈ যাবা আৰু
একো সোধাৰ প্ৰয়োজন নাই৷ ‘অল্ফ’ক নুবুজিলে ‘বাদশ্বাহী’ৰ টিক্ টিক্ কৰি থাকিলে
নিজেও হতাশ হৈ যায় তেতিয়া বিৰক্ত হৈ পৰে৷ পিতাই কয় প্ৰথমে ‘অল্ফ’ক জানিলে সকলো জানি
যাব৷ মোৰ দ্বাৰা মোক জানিলে তোমালোকে সকলো জানি যাবা৷ বাকী জানিবলৈ একো নাথাকিব৷
সেইবাবে 7 দিন ৰখা হয়৷ 7 দিনত বহুত বুজিব পাৰে৷ কিন্তু বুজোঁতাসকল ক্ৰমানুসৰি হয়৷
কোনোৱেতো একোৱেই বুজি নাপায়৷ তেওঁলোক কি ৰজা-ৰাণী হ’ব! এজনৰ ওপৰত ৰাজত্ব কৰিব জানো?
প্ৰত্যেকে নিজৰ প্ৰজা তৈয়াৰ কৰিব লাগে৷ সময় বহুত নষ্ট কৰে৷ পিতাইতো কয় – বেচেৰাসকল৷
লাগিলে যিমানেই ডাঙৰ পদবীধাৰী নহওক, কিন্তু পিতাই জানে এয়াতো সকলো মাটিত মিলি যাব৷
বাকী অলপ সময় আছে৷ বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ সকলৰতো বিনাশ হ’ব৷ আমাৰ অৰ্থাৎ
আত্মাৰ প্ৰীতি বুদ্ধি কিমান, সেয়াতো বুজিব পাৰে৷ কিছুমানে কয় – এক-দুই ঘণ্টা
স্মৃতিত থাকে! কি লৌকিক পিতাৰ প্ৰতি তোমালোকে এক-দুই ঘণ্টা প্ৰীতি ৰাখা নেকি?
গোটেই দিন বাবা বাবা কৰি থাকা৷ ইয়াত যদিও বাবা বুলি কয় কিন্তু ইমান গভীৰ প্ৰীতি আছে
জানো৷ বাৰে বাৰে কয় - শিৱবাবাক স্মৰণ কৰি থাকা৷ সঁচা অৰ্থত স্মৰণ কৰিব লাগে৷ চালাকী
চলিব নোৱাৰে৷ বহুত আছে যিসকলে কয় – আমিতো শিৱবাবাক বহুত স্মৰণ কৰোঁ তেতিয়া তেওঁতো
উৰিবলৈ ধৰিব৷ বাবা বচ্ মইতো বহুতৰ কল্যাণ কৰিবলৈ সেৱাত যাওঁ৷ যিমানে বহুতক বার্তা
দিব সিমানে স্মৃতিত থাকিব৷ বহুত কন্যাই কয় – বন্ধন আছে৷ হেৰ’, বন্ধনতো গোটেই জগতৰে
আছে, বন্ধন যুক্তিৰে দূৰ কৰিব লাগে৷ যুক্তি বহুত আছে, ধৰি লোৱা কালি মৰি থাকিলা
তেতিয়া সন্তানৰ কোনে তত্ত্বাৱধান ল’ব? নিশ্চয় কোনোবা নহয় কোনোবা তত্ত্বাৱধান লওঁতা
ওলাব৷ অজ্ঞান কালততো দ্বিতীয় বিবাহ কৰি লয়৷ এই সময়ততো বিবাহো বিপদ৷ কাৰোবাক অলপ পইচা
দি কোৱা – সন্তানসকলৰ তত্ত্বাৱধান লোৱা৷ তোমালোকৰ এয়া জীৱন্তে মৃত জন্ম নহয় জানো।
জীৱন্তে মৰি গ’লা তাৰপাছত কোনে তত্ত্বাৱধান ল’ব? সেয়েহে নিশ্চয় ধাত্ৰী ৰাখিবলগীয়া
হয়৷ পইচাৰে কি কৰিব নোৱাৰি৷ বন্ধনমুক্ত নিশ্চয় হ’ব লাগে৷ সেৱাৰ চখ থকাসকল নিজেই
দৌৰিব৷ জগতৰ পৰা মৰি গ’লা নহয়৷ ইয়াততো পিতাই কয় – মিত্ৰ-সম্বন্ধীয় আদিকো উদ্ধাৰ কৰা৷
সকলোকে ‘মনমনাভৱ’ৰ বার্তা দিয়া তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব৷ এয়া পিতাইহে
কয় আনসকলতো ওপৰৰ পৰা আহে৷ তেওঁলোকৰ প্ৰজাও তেওঁলোকৰ পিছে পিছে আহি থাকিব৷ যেনেকৈ
যীশুখ্ৰীষ্টই সকলোকে তললৈ লৈ আহে৷ তলত ভূমিকা পালন কৰি কৰি যেতিয়া অশান্ত হয় তেতিয়া
কয় – আমাক শান্তি লাগে৷ বহিছিলাতো শান্তিতে৷ আকৌ ধৰ্মগুৰুক অনুসৰণ কৰিবলগীয়া হয়৷
তাৰ পাছত কয় – হে পতিত-পাৱন আহক৷ কেনেকুৱা খেল ৰচি থোৱা আছে৷ তেওঁলোক শেষত আহি
লক্ষ্য ধাৰণ কৰিব৷ সন্তানসকলে সাক্ষাৎকাৰ কৰিছে৷ তেওঁলোক আহি ‘মনমনাভৱ’ৰ লক্ষ্য
ধাৰণ কৰিব। এতিয়া তোমোলোক ভিকহুৰ পৰা ৰাজকুমাৰ হোৱা৷ এই সময়ৰ যিসকল চহকী, তেওঁলোক
ভিকহু হ’ব৷ আচৰিত কথা৷ এই খেলখনক কোনেও অলপো নাজানে৷ গোটেই ৰাজধানী স্থাপনা হৈ আছে৷
কোনোবাতো গৰিবো হ’ব৷ এয়া বহুত দূৰদর্শী বুদ্ধিৰে বুজিবলগীয়া কথা৷ শেষলৈ সকলো
সাক্ষাৎকাৰ হ’ব আমি কেনেকৈ স্থানান্তৰ হওঁ৷ তোমালোকে নতুন সৃষ্টিৰ বাবে পঢ়া৷ এতিয়া
সংগমত আছা৷ পঢ়ি উত্তীৰ্ণ হ’লে তেতিয়া দৈৱী কুলত যাবা৷ এতিয়া ব্ৰাহ্মণ কুলত আছা৷ এই
কথাবোৰ কোনেও বুজিব নোৱাৰে৷ ভগৱানে পঢ়ায়, অলপো কাৰো বুদ্ধিত ধাৰণ নহয়৷ নিৰাকাৰ
ভগৱান নিশ্চয় আহিব নহয়৷ এই ড্ৰামাখন বৰ আশ্চৰ্যজনকভাৱে ৰচি থোৱা আছে, সেয়া তোমালোকে
জানা আৰু ভূমিকা পালন কৰি আছা৷ ত্ৰিমূর্তিৰ চিত্ৰৰ ওপৰতো বুজাব লাগে – ব্ৰহ্মাৰ
দ্বাৰা স্থাপনা৷ বিনাশতো আপোনাআপুনি হ’বই৷ কেৱল নাম ৰাখি দিছে৷ এয়াও ড্ৰামা ৰচি থোৱা
আছে৷ মুখ্য কথা হ’ল – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া মামৰ (বিকাৰৰ
লেপ) আঁতৰি যাব৷ স্কুলত যিমান ভালদৰে পঢ়িবা, বহুত আমদানি হ’ব৷ তোমোলোকে 21 জন্মৰ
বাবে স্বাস্থ্য সম্পত্তি লাভ কৰা, কম কথা জানো! ইয়াত যদিও সম্পত্তি আছে কিন্তু সময়
নাই যে পুত্ৰ-নাতিয়ে ভোগ কৰিব পাৰিব৷ পিতাই (ব্ৰহ্মাই) সকলো সেৱাত লগাই দিলে তেন্তে
কিমান জমা হৈ গ’ল৷ সকলোৰে জানো জমা হয়৷ ইমান লাখপতি আছে, পইচা কামত নাহিব৷ পিতাই
নল’বই যে পাছত দিবলগীয়া হ’ব৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বন্ধন দূৰ
কৰাৰ যুক্তি ৰচিব লাগে৷ অন্তৰংগ পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে৷ সকলোকে পিতাৰ বার্তা
দি, সকলোৰে কল্যাণ কৰিব লাগে৷
(2) দূৰদর্শী বুদ্ধিৰে
এই বেহদৰ খেলখন বুজিব লাগে৷ ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাৰ পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব
লাগে৷ স্মৃতিত থকাৰ সঁচা খতিয়ান ৰাখিব লাগে৷
বৰদান:
সংকল্প ৰূপী
বীজ কল্যাণৰ শুভ ভাৱনাৰে ভৰপূৰ কৰি ৰাখোঁতা বিশ্ব কল্যাণকাৰী হোৱা
যেনেকৈ গোটেই বৃক্ষৰ
সাৰ বীজত সমাহিত হৈ থাকে তেনেকৈ সংকল্প ৰূপী বীজ প্ৰত্যেক আত্মাৰ প্ৰতি, প্ৰকৃতিৰ
প্ৰতি শুভ ভাৱনাযুক্ত হওক। সকলোকে পিতাৰ সমান কৰি তোলাৰ ভাৱনা, নিৰ্বলীক বলৱান কৰি
তোলাৰ, দুখী অশান্ত আত্মাক সদায় সুখী শান্ত কৰি তোলাৰ ভাৱনাৰ ৰস বা সাৰ প্ৰতিটো
সংকল্পত ভৰপূৰ হৈ থাকক, কোনো সংকল্প ৰূপী বীজ এই সাৰবিহীন অৰ্থাৎ ব্যৰ্থ যাতে নহয়,
কল্যাণৰ ভাৱনাৰে সমৰ্থ হওক তেতিয়া পিতাৰ সমান বিশ্ব কল্যাণকাৰী আত্মা বুলি কোৱা হ’ব।
স্লোগান:
মায়াৰ জঞ্জাললৈ ভয় খোৱাৰ সলনি পৰমাত্ম মেলাৰ আনন্দ উদ্যাপন কৰি থাকা।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
কৰ্মাতীত হ’বলৈ অশৰীৰী
হোৱাৰ অভ্যাস বঢ়োৱা। শৰীৰৰ বন্ধন, কৰ্মৰ বন্ধন, ব্যক্তিৰ বন্ধন, বৈভৱৰ বন্ধন,
স্বভাৱ-সংস্কাৰৰ বন্ধন... কোনো বন্ধনে যাতে নিজৰ ফালে আকৰ্ষিত নকৰে। এই বন্ধনেই
আত্মাক আটিল কৰি দিয়ে, ইয়াৰ বাবে সদায় নিৰ্লেপ অৰ্থাৎ অনাসক্ত আৰু অতি স্নেহী হোৱাৰ
অভ্যাস কৰা।