06.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে, প্রথমে নিজে নিৰ্বিকাৰী হ'ব লাগে
তাৰপাছত আনক ক'ব লাগে”
প্ৰশ্ন:
তোমালোক
মহাবীৰ সন্তানসকলে কোনটো কথাৰ চিন্তা কৰিব নালাগে? কেৱল কোনটো পৰীক্ষা কৰি নিজক
সাৱধান কৰিব লাগে?
উত্তৰ:
যদি কোনোবাই পৱিত্র হোৱাত বিঘিনি ঘটায়, তেনেহ'লে তোমালোকে তাৰ চিন্তা কৰিব নালাগে।
কেৱল পৰীক্ষা কৰা যে মই মহাবীৰ হওঁনে? মই নিজেই নিজক প্ৰবঞ্চনাতো নকৰোঁ? বেহদৰ
বৈৰাগ্যবোধ থাকেনে? মই নিজৰ সমান কৰি তোলোঁনে? মোৰ ক্রোধতো নাই? আনক যি কওঁ সেয়া
নিজেও কৰোঁনে?
গীত:
তুম্হে পাকে
হমনে জাহান পা লিয়া.... (তোমাক পাই আমি গোটেই জগতখনেই পাই গ’লোঁ....)
ওঁম্শান্তি।
ইয়াত ক’বলৈ একো
নাথাকে, এয়া বুজিবলগীয়া কথা। অতি মৰমৰ আত্মিক সন্তানসকলে বুজি আছে যে আমি পুনৰায়
দেৱতা হৈ আছোঁ। সম্পূৰ্ণ নিৰ্বিকাৰী হৈ আছোঁ। পিতা আহি কয়- সন্তানসকল, কাম বিকাৰক
জিনা অৰ্থাৎ পৱিত্র হোৱা। সন্তানসকলে গীতটি শুনিলা। এতিয়া পুনৰায় সন্তানসকলৰ স্মৃতি
উদয় হৈছে - আমি বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লওঁ, যাক কোনেও কাঢ়ি নিব নোৱাৰে,
তাত আন কোনো কাঢ়ি নিওঁতা নাথাকেই। তাক কোৱা হয় অদ্বৈত ৰাজ্য। আকৌ তাৰ পাছত
ৰাৱণৰাজ্য আৰম্ভ হয়। এতিয়া তোমালোকে বুজি আছা। বুজাবও এনেকৈ লাগে। আমি পুনৰ ভাৰতক
শ্ৰীমতত নিৰ্বিকাৰী কৰি গঢ়ি আছোঁ। উচ্চতকৈও উচ্চ ভগৱান বুলিতো সকলোৱে ক’ব। তেওঁকেই
পিতা বুলি কোৱা হয়। গতিকে এয়াও বুজাব লাগে, লিখিবও লাগে, ভাৰত যি সম্পূৰ্ণ
নিৰ্বিকাৰী স্বৰ্গ আছিল সেই ভাৰত এতিয়া বিকাৰী নৰক হৈ গ’ল। পুনৰ আমি শ্ৰীমতত ভাৰতক
স্বৰ্গ কৰি গঢ়ি আছোঁ। পিতাই যি শুনায় সেয়া টুকি লৈ আকৌ তাৰ ওপৰত বিচাৰ সাগৰ মন্থন
কৰি লিখাত সহায় কৰিব লাগে। এনেকুৱা কি কি লিখোঁ যাতে মনুষ্যই বুজি পায় যে ভাৰতত
যথাযথ স্বৰ্গ আছিল। ৰাৱণৰ ৰাজ্য নাছিল। সন্তানসকলৰ বুদ্ধিত আছে – এতিয়া আমাক
ভাৰতবাসীক পিতাই নিৰ্বিকাৰী কৰি গঢ়ি আছে। প্রথমে নিজক চাব লাগে - মই নিৰ্বিকাৰী
হৈছোঁনে? ঈশ্বৰক মই প্ৰবঞ্চনাতো নকৰোঁ? এনেকৈ নাভাবিবা যে ঈশ্বৰে জানো মোক চাই আছে।
তোমালোকৰ মুখৰে এনে বাক্য ওলাব নোৱাৰে। তোমালোকে জানা যে পৱিত্র কৰি তোলোঁতা
পতিত-পাৱন এজন পিতাই হয়। ভাৰত নিৰ্বিকাৰী আছিল তেতিয়া স্বৰ্গ আছিল। এই দেৱতাসকল
সম্পূৰ্ণ নিৰ্বিকাৰী হয় নহয়। যথা ৰজা-ৰাণী, তথা প্রজা হ'ব, তেতিয়াতো গোটেই ভাৰতক
স্বৰ্গ বুলি কোৱা হয় নহয়। এতিয়া নৰক। এই 84 জন্মৰ ছিৰিৰ চিত্ৰ বহুত ভাল বস্তু।
কোনোবা ভাল হ’লে তেওঁক উপহাৰো দিব পাৰি। ডাঙৰ ডাঙৰ ব্যক্তিয়ে ডাঙৰ ডাঙৰ উপহাৰ পায়
নহয়। গতিকে তোমালোকেও যিয়েই আহে তেওঁলোকক বুজাই এনেকুৱা উপহাৰ দিব পাৰা। বস্তু সদায়
দিয়াৰ কাৰণে তৈয়াৰ কৰা হয়। তোমালোকৰ ওচৰতো জ্ঞান তৈয়াৰ থাকিব লাগে। ছিৰিৰ চিত্ৰত
সম্পূৰ্ণ জ্ঞান আছে। আমি কেনেকৈ 84 জন্ম ল’লোঁ - এইটো স্মৃতিত থাকিব লাগে। এইটো
বোধশক্তিৰ কথা নহয় জানো। নিশ্চয় যিসকল প্ৰথমে আহিছে তেওঁলোকেহে 84 জন্ম লৈছে। পিতাই
84 জন্মৰ কথা কৈ আকৌ কয় এওঁৰ (ব্ৰহ্মাৰ) বহুত জন্মৰ অন্তত সাধাৰণ তনত প্ৰৱেশ কৰোঁ।
তেতিয়া এওঁৰ নাম ‘ব্ৰহ্মা’ ৰাখোঁ। এওঁৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰোঁ। নহ’লে ব্ৰাহ্মণ
ক’ৰ পৰা আনিম। ব্ৰহ্মাৰ পিতাৰ বিষয়ে কেতিয়াবা শুনিছা জানো? নিশ্চয় ভগৱান বুলিয়ে ক’ব।
ব্ৰহ্মা আৰু বিষ্ণুক সূক্ষ্মলোকত দেখুৱায়। পিতাইতো কয় মই এওঁৰ 84 জন্মৰ অন্তত
প্ৰৱেশ কৰোঁ। তুলি লোৱা হয় তেতিয়া নাম সলনি কৰা হয়। সন্ন্যাসো কৰোৱা হয়।
সন্ন্যাসীয়েও যেতিয়া সন্ন্যাস কৰে তেতিয়া লগে লগে পাহৰি নাযায়, স্মৃতি নিশ্চয় থাকে।
তোমালোকৰো স্মৃতি থাকিব কিন্তু তোমালোকৰ তেওঁলোকৰ প্ৰতি বৈৰাগ্য জন্মিছে কিয়নো
তোমালোকে জানা এই সকলোবোৰ সমাধিস্থ হ’ব সেয়েহে আমি তেওঁলোকক স্মৰণ কিয় কৰিম।
জ্ঞানেৰে সকলো ভালদৰে বুজিব লাগে। তেওঁলোকেও জ্ঞানৰ দ্বাৰাই ঘৰ-সংসাৰ ত্যাগ কৰে।
তেওঁলোকক যদি সোধা যে ঘৰ-সংসাৰ কেনেকৈ ত্যাগ কৰিলে তেন্তে নকয়। আকৌ তেওঁলোকক
যুক্তিৰে কোৱা হয় - আপোনাৰ কেনেকৈ বৈৰাগ্য জন্মিল, আমাক শুনালে আমিও এনেকুৱা কৰিম।
তোমালোকে প্ৰলোভন দিয়া যে পৱিত্ৰ হোৱা, বাকী তোমালোকৰ স্মৃতিত সকলো আছে। সৰুকালৰ পৰা
ধৰি সকলো ক’ব পাৰা। বুদ্ধিত গোটেই জ্ঞান আছে। কেনেকৈ এই সকলো ড্ৰামাৰ ভাৱৰীয়া হয়
যিসকলে ভূমিকা পালন কৰি আহিছে। এতিয়া সকলোৰে কলিযুগী কৰ্ম বন্ধন ছিঙি যায়। তাৰ পাছত
শান্তিধামলৈ যাব। তাৰ পৰা আকৌ সকলোৰে নতুন সম্বন্ধ গঢ়ি উঠিব। বুজাবলৈ ভাল ভাল কথাও
বাবাই দি থাকে। এই ভাৰতবাসীয়েই আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীৰ আছিল তেতিয়া
নিৰ্বিকাৰী আছিল পুনৰ 84 জন্মৰ পাছত বিকাৰী হৈ গ’ল। এতিয়া পুনৰ নিৰ্বিকাৰী হ’ব লাগে।
কিন্তু পুৰুষাৰ্থ কৰাঁওতা লাগে। এতিয়া তোমালোকক পিতাই শুনাইছে। পিতাই কয় - তোমালোক
সেইসকলেই হোৱা নহয়। সন্তানসকলেও কয় বাবা আপুনি সেইজনেই। পিতাই কয় – কল্প পূৰ্বেও
তোমালোকক পঢ়াই ৰাজ্য-ভাগ্য দিছিলোঁ। কল্পই কল্পই এনেকৈ কৰি থাকিম। ড্ৰামাত যি কিছু
হ’ল, বিঘিনি আহিল, আকৌ আহিব। জীৱনত কি কি হয় স্মৃতিতো থাকে নহয়। এওঁৰতো (ব্ৰহ্মাৰ)
সকলো স্মৃতিত আছে। কয়ো, গাঁওৰ ল’ৰা আছিল, আৰু বৈকুণ্ঠৰ মালিক হ’ল। বৈকুণ্ঠত গাঁও
কেনেকৈ হ'ব - এয়া এতিয়া তোমালোকে জানা। এই সময়ত তোমালোকৰ কাৰণেও এই পুৰণি সৃষ্টি
গাঁও হয় নহয়। ক'ত বৈকুণ্ঠ, ক'ত এই নৰক। মনুষ্যইতো ডাঙৰ ডাঙৰ মহল অট্টালিকা আদি
দেখি ভাবে এয়াই স্বৰ্গ। পিতাই কয় - এয়াতো সকলো মাটি, পাথৰ, ইয়াৰ কোনো মূল্য নাই।
মূল্য আটাইতকৈ বেছি হীৰাৰ। পিতাই কয় - বিচাৰ কৰা সত্যযুগত তোমালোকৰ সোণৰ মহল
কেনেকুৱা আছিল। তাততো সকলো খনি ভৰপূৰ হৈ থাকে। প্ৰচুৰ সোণ থাকে। তেন্তে সন্তানসকল
কিমান আনন্দিত হোৱা উচিত। কোনোবা সময়ত বিষাদগ্ৰস্ত হোৱা সেয়েহে বাবাই বুজাইছে -
বহুত এনেকুৱা বাণীবদ্ধ গীত আছে যিবোৰে তোমালোকক তৎক্ষণাৎ আনন্দিত কৰি তুলিব। গোটেই
জ্ঞান বুদ্ধিত আহি যায়। বুজি পোৱা যে বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। সেয়া
কেতিয়াও কোনেও কাঢ়ি নিব নোৱাৰে। আধাকল্পৰ কাৰণে আমি সুখৰ মালিক হওঁ। ৰজাৰ সন্তানে
বুজি পায় যে মই এই হদৰ ৰাজ্যৰ উত্তৰাধিকাৰী হওঁ। তোমালোকৰ কিমান নিচা থাকিব লাগে -
আমি বেহদৰ পিতাৰ উত্তৰাধিকাৰী হওঁ। পিতাই স্বৰ্গৰ স্থাপনা কৰে। আমি 21 জন্মৰ কাৰণে
উত্তৰাধিকাৰী হওঁ। কিমান আনন্দিত হোৱা উচিত। যাৰ উত্তৰাধিকাৰী হোৱা তেওঁকো নিশ্চয়
স্মৰণ কৰিব লাগে। স্মৰণ নকৰাকৈতো উত্তৰাধিকাৰী হ'ব নোৱাৰে। স্মৰণ কৰিলে তেতিয়া
পৱিত্ৰ হ’ব তেতিয়াহে উত্তৰাধিকাৰী হ'ব পাৰিব। তোমালোকে জানা শ্ৰীমতত আমি বিশ্বৰ
মালিক দ্বৈত মুকুটধাৰী হওঁ। জন্মৰ পাছত জন্ম আমি ৰাজত্ব কৰিম। মনুষ্যৰ ভক্তিমাৰ্গত
বিনাশী দান-পুণ্য চলে। তোমালোকৰ হৈছে অবিনাশী জ্ঞান ধন। তোমালোকে কিমান ডাঙৰ লটাৰি
পোৱা। কৰ্ম অনুসাৰে ফল পায় নহয়। কোনোবা ডাঙৰ ৰজাৰ সন্তান হ’লে তেতিয়া তাক ডাঙৰ
হদৰ লটাৰি বুলি কোৱা হ’ব। একক মুকুটধাৰীয়ে গোটেই বিশ্বৰ মালিকতো হ'ব নোৱাৰে। দ্বৈত
মুকুটধাৰী বিশ্বৰ মালিক তোমালোক হোৱা। সেই সময়ত অন্য কোনো ৰাজ্য নাথাকেই। পুনৰ
অন্য ধৰ্ম পাছত আহে। সেই ধৰ্মৰ লোকৰ সংখ্যা যেতিয়ালৈকে বৃদ্ধি প্ৰাপ্ত হয়, তেতিয়া
প্ৰথমে হোৱা ৰজাসকল বিকাৰী হৈ পৰাৰ কাৰণে মতভেদ হৈ টুকুৰা টুকুৰা বেলেগ কৰি দিয়ে।
প্ৰথমেতো গোটেই বিশ্বত এখনেই ৰাজ্য আছিল। তাত এনেকৈ নকয় যে এয়া পূৰ্বজন্মৰ কৰ্মৰ
ফল। এতিয়া পিতাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ কৰ্ম শিকাই আছে। যিয়ে যেনেকুৱা কৰ্ম
কৰিব, সেৱা কৰিব তাৰ প্ৰতিদানো তেনেকুৱা পাব। ভাল কৰ্মই কৰিব লাগে। কোনোৱে কৰ্ম কৰে,
বুজি নাপালে তেতিয়া তাৰ কাৰণে শ্ৰীমত ল'ব লাগে। বাৰে বাৰে পত্ৰৰ দ্বাৰা সুধিব লাগে।
এতিয়া প্ৰধানমন্ত্ৰীৰ কথাই লোৱা তোমালোকে ভাবা কিমান পত্ৰ আহে চাগৈ। কিন্তু তেওঁ
অকলে নপঢ়ে। তেওঁৰ আগত বহুত সচিব থাকে, তেওঁলোকে গোটেই পত্ৰবোৰ চায়। যিবোৰ একেবাৰে
মুখ্য, অনুমোদন জনাব তেতিয়া প্ৰধানমন্ত্ৰীৰ টেবুলত ৰাখিব। ইয়াতো এনেকুৱা। মুখ্য
মুখ্য পত্ৰবোৰৰতো তৎক্ষণাৎ উত্তৰ দি দিয়ে। বাকীবোৰৰ কাৰণে স্নেহপূৰ্ণ স্মৰণ লিখি
দিয়ে। এজন এজনলৈ বেলেগে বেলেগে বহি পত্ৰ লিখিব, এয়াতো হ'ব নোৱাৰে, বৰ কঠিন।
সন্তানসকল কিমান আনন্দিত হয় - অহো! আজি বেহদৰ পিতাৰ চিঠি আহিছে। শিৱবাবাই ব্ৰহ্মাৰ
দ্বাৰা সঁহাৰি জনায়। সন্তানসকল বৰ আনন্দিত হয়। সকলোতকৈ বেছি আনন্দত গদগদ হয়
বন্ধনত থকাসকল। অহো! আমি বন্ধনত আছোঁ, বেহদৰ পিতাই আমাক কেনেকৈ চিঠি লিখে। নয়নত
ৰাখে। অজ্ঞানকালতো স্বামীক পৰমাত্মা বুলি ভবাসকলেও স্বামীৰ চিঠি আহিলে তেতিয়া
চুম্বন কৰিব। তোমালোকৰ মাজতো বাপদাদাৰ পত্র চাই বহুত সন্তান একেবাৰে শিহৰিত হৈ যায়।
প্ৰেমৰ চকুলো নিগৰে। চুম্বন কৰিব, নয়নত ৰাখিব। বহুত প্ৰেমেৰে পত্ৰ পঢ়ে। বন্ধনত
থকাসকল জানো কম। বহুতে সন্তানৰ প্ৰতি থকা মায়াক জিনি লয়। কোনোবাইতো ভাবে, মইতো
পৱিত্ৰ নিশ্চয় হ'ব লাগে। ভাৰত নিৰ্বিকাৰী আছিল নহয়। এতিয়া বিকাৰী হ'ল। এতিয়া
যিসকল নিৰ্বিকাৰী হ’বলগীয়া আছে তেওঁলোকেই পুৰুষাৰ্থ কৰিব কল্প পূৰ্বৰ দৰে। তোমালোক
সন্তানসকলৰ কাৰণে বুজোৱা বহুত সহজ। তোমালোকৰো এইটো পৰিকল্পনা আছে নহয়। ‘গীতা’ৰ যুগ
চলি আছে। ‘গীতা’ৰেই পুৰুষোত্তম যুগৰ গায়ন কৰা হয়। তোমালোকে লিখাও এনেকৈ – ‘গীতা’ৰ
এয়া পুৰুষোত্তম যুগ। যেতিয়া পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নতুন হয়। তোমালোকৰ বুদ্ধিত
আছে - বেহদৰ পিতা যিজন আমাৰ শিক্ষকো হয়, তেওঁৰ দ্বাৰা আমি ৰাজযোগ শিকি আছোঁ। ভালদৰে
পঢ়িলে তেতিয়া দ্বৈত মুকুটধাৰী হ’বাগৈ। কিমান ডাঙৰ স্কুল। ৰাজ্য স্থাপনা হয়।
প্ৰজাও নিশ্চয় অনেক প্ৰকাৰৰ হ'ব। ৰাজ্য বৃদ্ধি পাই থাকিব। কমকৈ জ্ঞান লোৱাসকল পাছত
আহিব। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিব তেওঁলোক প্ৰথমে আহি থাকিব। এয়া সকলো ৰচি থোৱা
খেল। এই ড্ৰামাৰ চক্ৰ পুনৰাবৃত্তি হ’ব নহয়। এতিয়া তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ
লৈ আছা। পিতাই কয় - পৱিত্ৰ হোৱা। ইয়াত কোনোবাই বিঘিনি ঘটালে তেতিয়া চিন্তা কৰিব
নালাগে। ৰুটি টুকুৰাতো পাব পাৰা নহয়। সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে তেতিয়া
স্মৃতিত থাকিব। বাবাই ভক্তিমাৰ্গৰ উদাহৰণ দিয়ে - পূজাৰ সময়ত বুদ্ধিযোগ বাহিৰলৈ গ'লে
তেতিয়া নিজৰ কাণত ধৰিছিল, থপৰিয়াইছিল। এতিয়াতো এয়া হৈছে জ্ঞান। ইয়াতো মুখ্য কথা
হ'ল স্মৃতিৰ। স্মৃতিত নাথাকিলে তেতিয়া নিজকে থপৰিয়াব লাগে। মায়া মোৰ ওপৰত বিজয়ী
কিয় হয়। কি মই ইমান অপৈণত হওঁনে। মইতো মায়াৰ ওপৰত বিজয়ী হ’ব লাগে। নিজেই নিজক
ভালদৰে সাৱধান কৰিব লাগে। নিজক সোধা - মই ইমান মহাবীৰ হওঁনে? আনকো মহাবীৰ কৰি তোলাৰ
পুৰুষাৰ্থ কৰিব লাগে। যিমানে আনক নিজৰ সমান কৰি তুলিবা সিমানেই পদ উচ্চ হ’ব। নিজৰ
ৰাজ্য-ভাগ্য ল’বৰ কাৰণে প্ৰতিযোগিতা কৰিব লাগে। যদি মোৰেই ক্ৰোধ আছে তেন্তে আনক
কেনেকৈ ক’ম যে ক্ৰোধ কৰিব নালাগে। সততা নাথাকিল নহয়। লাজ লাগিব লাগে। আনক বুজাবা আৰু
তেওঁ উচ্চ হৈ যাব, মই তলতেই থাকি গ’লোঁ এয়াও কিবা পুৰুষাৰ্থনে! (পণ্ডিতৰ কাহিনী)
পিতাক স্মৰণ কৰি তোমালোক এই বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ গুচি যোৱা। বাকী এই সকলো
উদাহৰণ পিতাই বহি বুজায়, যিবোৰ আকৌ ভক্তিমাৰ্গত পুনৰাবৃত্তি কৰে। ভোমোৰাৰো উদাহৰণ
আছে। তোমালোক ব্ৰাহ্মণী হোৱা নহয় - বি.কে., এয়াতো প্ৰকৃত ব্ৰাহ্মণ হ’ল। প্ৰজাপিতা
ব্ৰহ্মা ক’ত? নিশ্চয় ইয়াতে থাকিব নহয়। তাত থাকিব জানো। তোমালোক সন্তানসকল বহুত
বুদ্ধিমান হ’ব লাগে। বাবাৰ পৰিকল্পনা হৈছে মনুষ্যক দেৱতা কৰি গঢ়ি তোলা। বুজাবলৈ এই
চিত্ৰবোৰো আছে। ইয়াত লিখনিও এনেকুৱা হ’ব লাগে। ‘গীতা’ৰ ভগৱানৰ এয়া পৰিকল্পনা হয় নহয়।
আমি ব্ৰাহ্মণ হৈছোঁ আটাইতকৈ উচ্চ। এজনৰ কথা জানো। প্ৰজাপিতা ব্ৰহ্মা গতিকে আটাইতকৈ
উচ্চ ব্ৰাহ্মণসকলেই হ’ল নহয়। ব্ৰহ্মা হৈছেই ব্ৰাহ্মণসকলৰ পিতা। এই সময়ততো বহুত ডাঙৰ
কুটুম্ব অৰ্থাৎ পৰিয়াল হ’ব। আকৌ তোমালোক দৈৱী কুটুম্ব পৰিয়ালত আহা। এই সময়ত তোমালোক
বহুত আনন্দিত হোৱা কিয়নো লটাৰি লাভ কৰা। তোমালোকৰ নাম বহুত হয়। বন্দে মাতৰম্, শিৱৰ
শক্তি সেনা তোমালোকে নোহোৱা জানো। আন সকলোবোৰতো হৈছে মিছা। বহুত হোৱাৰ কাৰণে
বিবুদ্ধিত পৰে সেইবাবে ৰাজধানী স্থাপনা কৰোঁতে পৰিশ্ৰম হয়। পিতাই কয় - এই ড্ৰামাখন
ৰচি থোৱা আছে। ইয়াত মোৰো ভূমিকা আছে। মই হৈছোঁ সৰ্ব শক্তিমান। মোক স্মৰণ কৰিলে
তোমালোক পৱিত্ৰ হৈ যোৱা। সকলোতকৈ ডাঙৰ চুম্বক হৈছে শিৱবাবা, তেৱেঁই উচ্চতকৈও উচ্চ
হৈ থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো
নিচা বা আনন্দত থাকিব লাগে যে মই 21 জন্মৰ বাবে বেহদৰ বাবাৰ উত্তৰাধিকাৰী হৈ আছোঁ,
যিজনৰ উত্তৰাধিকাৰী হৈছোঁ তেওঁক স্মৰণো কৰিব লাগে আৰু পৱিত্ৰও নিশ্চয় হ’ব লাগে।
(2) পিতাই যি শ্ৰেষ্ঠ
কৰ্ম শিকাই আছে সেই কৰ্মই কৰিব লাগে। শ্ৰীমত লৈ থাকিব লাগে।
বৰদান:
স্থূল দেশ আৰু
শৰীৰৰ স্মৃতিৰ পৰা উৰ্দ্ধত সূক্ষ্ম দেশৰ বেশধাৰী হোৱা
যেনেকৈ আজিকালি জগতত
যেনেকুৱা কৰ্তব্য তেনেকুৱা বেশ ধাৰণ কৰি লয়, তেনেকৈ তোমালোকেও যি সময়ত যেনেকুৱা
কৰ্ম কৰিব বিচৰা তেনেকুৱা বেশ ধাৰণ কৰি লোৱা। এতিয়াই সাকাৰী আৰু এতিয়াই আকাৰী।
এনেকুৱা বহুৰূপী হৈ যোৱা তেতিয়াহে সৰ্ব স্বৰূপৰ সুখৰ অনুভৱ কৰিব পাৰিবা। এয়া নিজৰেই
স্বৰূপ। আনৰ বস্ত্ৰ খাপ খাওঁক বা নাখাওঁক কিন্তু নিজৰ বস্ত্ৰ সহজে ধাৰণ কৰিব পাৰা
সেই কাৰণে এইটো বৰদান বাস্তৱত অভ্যাসত পৰিণত কৰা তেতিয়া অব্যক্ত মিলনৰ বিচিত্ৰ
অনুভৱ কৰিব পাৰিবা।
স্লোগান:
সকলোকে আদৰ কৰোঁতাজনেই আদৰ্শ হ’ব পাৰে। সন্মান দিয়া তেতিয়া সন্মান পাবা।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
যেনেকৈ নিজৰ স্থূল
কাৰ্যৰ কাৰ্যসূচী দিনচৰ্যা অনুসৰি স্থিৰ কৰা তেনেকৈ নিজৰ মনৰ সমৰ্থ স্থিতিৰ
কাৰ্যসূচী স্থিৰ কৰা তেতিয়া কেতিয়াও ব্যথিত নোহোৱা। যিমানে নিজৰ মন সমৰ্থ সংকল্পত
ব্যস্ত কৰি ৰাখিবা তেতিয়া মন ব্যথিত হ’বলৈ সময় নাপাব। মন সদায় স্থিৰ অৰ্থাৎ একাগ্ৰ
হৈ থাকিলে তেতিয়া স্বতঃ ভাল প্ৰকম্পন বিয়পে। সেৱা হয়।