06.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “এই শৰীৰ ৰূপী পুতলা আত্মা ৰূপী চৈতন্য চাবিৰেহে চলে, তোমালোকে নিজক আত্মা বুলি নিশ্চয় কৰা তেতিয়া নিৰ্ভীক হৈ যাবা”

প্ৰশ্ন:
আত্মাই শৰীৰৰ লগত খেল খেলি তললৈ (অৱনমিত হৈ) আহিছে সেয়েহে তাক কি নাম দিবা?

উত্তৰ:
পুতলা। যেনেকৈ নাটকত পুতলাৰ খেল দেখুৱায় তেনেকৈ তোমালোক আত্মাই পুতলাৰ দৰে 5 হাজাৰ বছৰত খেল খেলি তলত আহি পালাহি। পিতা আহিছে তোমালোক পুতলাবোৰক আৰোহণৰ মাৰ্গ দেখুৱাবলৈ। এতিয়া তোমালোকে শ্ৰীমতৰ চাবি লগোৱা তেতিয়া ওপৰলৈ গুচি যাবা।

গীত:
মেহফিল মে জল উঠি চমা...... (ৰঙ্গসভাত জ্বলি উঠিল বন্তি শিখা)

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক শ্ৰীমত দিয়ে - কেতিয়াবা কাৰোবাৰ চলন ভাল নহ’লে তেতিয়া পিতৃ-মাতৃয়ে কয় - তোমাক স্বয়ং ঈশ্বৰে মত দিয়ক। বেচেৰাসকলে এইটো নাজানে যে সঁচাকৈয়ে ঈশ্বৰে মত দিয়ে। এতিয়া তোমালোক সন্তানসকলে ঈশ্বৰীয় মত পাই আছা অৰ্থাৎ আত্মিক পিতাই সন্তানসকলক শ্ৰেষ্ঠ হ'বৰ বাবে শ্ৰেষ্ঠ মত দি আছে। এতিয়া তোমালোকে বুজি পোৱা যে আমি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ আছোঁ। পিতাই আমাক কিমান উচ্চ মত দি আছে। আমি তেওঁৰ মতত চলি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সেয়েহে সিদ্ধ হয় যে মনুষ্যক দেৱতা কৰি গঢ়ি তোলোঁতা সেইজনেই পিতা। শিখলোকসকলেও গায়ন কৰে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিলে..... তেন্তে নিশ্চয় মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ মত দিয়ে। তেওঁৰ মহিমাও গাইছে - এক ওঙ্কাৰ.... কৰ্ত্তা পুৰুষ, নিৰ্ভীক.... তোমালোক সকলো নিৰ্ভীক হৈ যোৱা। নিজক আত্মা বুলি বুজা নহয়। আত্মাৰ কোনো ভয় নাথাকে। পিতাই কয় নিৰ্ভীক হোৱা। ভয় আকৌ কিহৰ। তোমালোকৰ কোনো ভয় নাই। তোমালোকে নিজৰ ঘৰত বহি থাকিও পিতাৰ শ্ৰীমত লৈ থাকা। এতিয়া শ্ৰীমত কাৰ? কোনে দিয়ে? এই কথাবোৰ ‘গীতা’ততো নাই। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা। পিতাই কয় তোমালোক পতিত হৈ গৈছা, এতিয়া পাৱন হ'বৰ কাৰণে মামেকম্ (কেৱল মোক) স্মৰণ কৰা। এই পুৰুষোত্তম হোৱাৰ মেলা সংগমযুগতহে লাগে। বহুতে আহি শ্ৰীমত লয়। ইয়াক কোৱা হয় ঈশ্বৰৰ লগত সন্তানসকলৰ মেলা। ঈশ্বৰো নিৰাকাৰ। সন্তানসকলো (আত্মাসকলো) নিৰাকাৰ। মই আত্মা, এইটো পূৰা পূৰা অভ্যাস কৰিব লাগে। যেনেকৈ পুতলাত চাবি দিলে তেতিয়া নাচিবলৈ ধৰে। গতিকে আত্মাও এই শৰীৰ ৰূপী পুতলাৰ চাবি। আত্মা ইয়াত (শৰীৰত) নাথাকিলে তেতিয়া একোৱেই কৰিব নোৱাৰে। তোমালোক হৈছা চৈতন্য পুতলা। পুতলাক যদি চাবি দিয়া নহয় তেন্তে কামৰ হৈ নাথাকিব। ৰৈ যাব। আত্মাও চৈতন্য চাবি আৰু এয়া অবিনাশী, অমৰ চাবি। পিতাই বুজায় - মই আত্মাকেই চাওঁ। আত্মাই শুনে - এইটো দৃঢ় অভ্যাস কৰিব লাগে। এই চাবি অবিহনে শৰীৰ চলিব নোৱাৰে। ইয়ো অবিনাশী চাবি লাভ কৰিছে। 5 হেজাৰ বছৰ ইয়াৰ চাবি চলে। চৈতন্য চাবি হোৱাৰ কাৰণে চক্ৰ ঘূৰিয়েই থাকে। এয়া হৈছে চৈতন্য পুতলা। পিতাও চৈতন্য আত্মা। যেতিয়া চাবি পূৰা হৈ যায় তেতিয়া পিতাই নতুনকৈ যুক্তি দিয়ে যে মোক স্মৰণ কৰা তেতিয়া চাবি লাগি যাব অৰ্থাৎ আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব। যেনেকৈ গাড়ীত পেট্ৰ’ল শেষ হ’লে পুনৰ ভৰোৱা হয় নহয়। এতিয়া তোমালোক আত্মাই বুজি পোৱা - আমাৰ পেট্ৰ’ল কেনেকৈ ভৰিব! বেটাৰী খালী হয় পুনৰ তাত শক্তি ভৰোৱা হয় নহয়। বেটাৰী খালী হৈ গ’লে প্ৰকাশ শেষ হৈ যায়। এতিয়া তোমালোক আত্মা ৰূপী বেটাৰী ভৰপূৰ হোৱা। যিমানে স্মৰণ কৰিবা সিমানে শক্তি ভৰপূৰ হৈ গৈ থাকিব। ইমানকৈ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই বেটাৰী খালী হৈ গৈছে। সতো, ৰজো, তমোত আহিছে। এতিয়া পুনৰ পিতা আহিছে চাবি দিবলৈ অথবা বেটাৰী ভৰপূৰ কৰিবলৈ। শক্তি নাথাকিলে তেতিয়া মনুষ্য কেনেকুৱা হৈ যায়। সেয়েহে এতিয়া স্মৃতিৰেহে বেটাৰী ভৰপূৰ কৰিব লাগে, ইয়াকে মানৱ বেটাৰী বুলি কোৱা হয়। পিতাই কয় মোৰ সৈতে যোগসূত্ৰ গঢ়া। এই জ্ঞান এজন পিতাইহে দিয়ে। সৎগতি দাতা তেওঁ এজনেই পিতা। এতিয়া তোমালোক সকলোৰে বেটাৰী ভৰপূৰ হয় যাৰফলত পুনৰ 84 জন্ম সম্পূৰ্ণ ভূমিকা পালন কৰা। যেনেকৈ ড্ৰামাত পুতলাবোৰে নাচে নহয়। তোমালোক আত্মাসকলো এনেকুৱা পুতলাৰ নিচিনা। ওপৰৰ পৰা নামি 5 হাজাৰ বছৰত একেবাৰে তললৈ আহি (অৱনমিত হৈ) যোৱা পুনৰ পিতা আহি ওপৰলৈ উঠায়। সেয়াতো এটা পুতলা। পিতাই আৰোহণ কলা আৰু অৱৰোহন কলাৰ অৰ্থ বুজায়, 5 হাজাৰ বছৰৰ কথা। তোমালোকে বুজি পোৱা যে শ্ৰীমতেৰে আমি চাবি পাই আছোঁ। আমি সম্পূৰ্ণ সতোপ্ৰধান হৈ যাম আকৌ গোটেই ভূমিকা পুনৰাবৃত্তি কৰিম। কিমান সহজ কথা - বুজা আৰু বুজোৱাৰ। তথাপিও পিতাই কয় বুজিব সেইজনেই যিজনে কল্প পূৰ্বে বুজিছিল। তোমালোকে যিমানেই মগজ নখটুওৱা কিয় তথাপিও বেছি বুজিয়েই নাপাব। পিতাই সকলোকে একে ধৰণেৰেইতো বুজায়। য’তেই নহওঁক বহি পিতাক স্মৰণ কৰিব লাগে। যদিও সন্মুখত ব্ৰাহ্মণী নাথাকে তথাপিও তোমালোক স্মৃতিত বহি পাৰা। জানা যে পিতাৰ স্মৃতিৰেহে আমাৰ বিকৰ্ম বিনাশ হ’ব। সেয়েহে সেই স্মৃতিত বহি যাব লাগে। কাকোৱে বহুওৱাৰ প্ৰয়োজন নাই। খোৱা-বোৱা কৰোতে, স্নান আদি কৰোতে পিতাক স্মৰণ কৰা। কিছু সময় অন্য কোনোবা সন্মুখত বহি যায়। এনেকুৱা নহয় যে তেওঁ তোমালোকক সহায় কৰে, নহয়। প্ৰত্যেকেই নিজকেই সহায় কৰিব লাগে। ঈশ্বৰেতো মত দিছে যে এনেকুৱা এনেকুৱা কৰা তেতিয়া তোমালোকৰ দৈৱী বুদ্ধি হৈ যাব। এয়া প্ৰলোভন দিয়া হয়। শ্ৰীমততো সকলোকে দি থাকে। ইমানখিনিতো অৱশ্যে হয় যে কাৰোবাৰ বুদ্ধি ভোদা, কাৰোবাৰ তীক্ষ্ণ। পৱিত্ৰজনৰ (পিতাৰ) সৈতে যোগসূত্ৰ গঢ়ি নুঠিলে বেটাৰী চাৰ্জ নহয়। পিতাৰ শ্ৰীমত নামানে। যোগ নালাগে। তোমালোকে এতিয়া অনুভৱ কৰা আমাৰ বেটাৰী ভৰপূৰ হৈ গৈ থাকে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধানতো নিশ্চয় হ’ব লাগে। এই সময়ত তোমালোকে পৰমাত্মাৰ শ্ৰীমত পাই আছা। এইখন জগতে একেবাৰে বুজি নাপায়। পিতাই কয় মোৰ এই মতৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা, ইয়াতকৈ উচ্চ বস্তু একো নাথাকে। তাত এই জ্ঞান নাথাকে। এয়াও ড্ৰামা ৰচি থোৱা আছে। তোমালোকক পুৰুষোত্তম কৰি তুলিবলৈ পিতা সংগমতেই আহে, যাৰ স্মাৰক আকৌ ভক্তিমাৰ্গত পালন কৰে, দশহৰাও পালন কৰে নহয়। যেতিয়া পিতা আহে তেতিয়া দশহৰা হয়। 5 হাজাৰ বছৰ পাছত প্ৰতিটো কথা পুনৰাবৃত্তি হয়।

তোমালোক সন্তানসকলেহে এই ঈশ্বৰীয় মত অৰ্থাৎ শ্ৰীমত পোৱা, যাৰ দ্বাৰা তোমালোক শ্ৰেষ্ঠ হোৱা। তোমালোক আত্মা সতোপ্ৰধান আছিল, সেই আত্মা অৱনমিত হওঁতে হওঁতে তমোপ্ৰধান ভ্ৰষ্ট হৈ যায়। পুনৰ পিতাই জ্ঞান আৰু যোগ শিকাই সতোপ্ৰধান শ্ৰেষ্ঠ কৰি তোলে। বুজায় যে তোমালোকে ছিৰি তললৈ কেনেকৈ নামা (অৱনমিত হোৱা)। ড্ৰামা চলি থাকে। এই ড্ৰামাৰ আদি-মধ্য-অন্তক কোনেও নাজানে। পিতাই বুজাইছে এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে নহয়। প্ৰত্যেকৰে জন্মৰ কাহিনীতো শুনাব নোৱাৰিম। লিখি থোৱা নহয় যে পঢ়ি শুনাব পৰা যায়। এয়া পিতাই বহি বুজায়। এতিয়া তোমালোক পুনৰ ব্ৰাহ্মণ হৈছা আকৌ দেৱতা হ’ব লাগে। পিতাই বুজাইছে - ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় এই তিনিটা ধৰ্ম মই প্ৰতিষ্ঠা কৰোঁ। এতিয়া তোমালোকৰ বুদ্ধিত আছে - আমি পিতাৰ দ্বাৰা ব্ৰাহ্মণ বংশী হওঁ পুনৰ সূৰ্যবংশী, চন্দ্ৰবংশী হ’মগৈ। যিসকল অনুত্তীৰ্ণ হয় তেওঁলোক চন্দ্ৰবংশী হয়। কিহত অনুত্তীৰ্ণ? যোগত। জ্ঞানতো বহুত সহজ বুজোৱা হৈছে। কেনেকৈ তোমালোকে 84ৰ চক্ৰ পৰিক্ৰমা লগোৱা। মনুষ্যইতো 84 লাখ বুলি কৈ দিয়ে গতিকে কিমান দূৰলৈ গুচি গৈছে। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা। ঈশ্বৰতো আহেই এবাৰ। সেয়েহে তেওঁৰ মতো এবাৰহে পোৱা যাব। এক দেৱী-দেৱতা ধৰ্ম আছিল। নিশ্চয় তেওঁলোকে ঈশ্বৰীয় মত পাইছিল, তাৰ আগতেতো আছিল সংগমযুগ। পিতা আহি সৃষ্টি পৰিৱৰ্তন কৰায়। তোমালোক এতিয়া পৰিৱৰ্তন হৈ আছা। এই সময়ত তোমালোকক পিতাই পৰিৱৰ্তন কৰে। তোমালোকে ক’বা কল্পই কল্পই আমি পৰিৱৰ্তন হৈ আহিছোঁ, পৰিৱৰ্তন হৈয়েই থাকিম। এয়া চৈতন্য বেটাৰী হয় নহয়। সেয়া হৈছে জড়। সন্তানসকলে জানিব পাৰিছে যে 5 হাজাৰ বছৰ পাছত পিতা আহিছে। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মতো দিয়ে। উচ্চতকৈও উচ্চ ভগৱানৰ উচ্চ মত পোৱা যায় - যাৰ দ্বাৰা তোমালোকে উচ্চ পদ প্ৰাপ্ত কৰা। তোমালোকৰ ওচৰলৈ যেতিয়া কোনোবা আহে তেতিয়া কোৱা আপুনি ঈশ্বৰৰ সন্তান হয় নহয়। ঈশ্বৰ হৈছে শিৱবাবা, শিৱজয়ন্তীও পালন কৰে। তেওঁ হয়ো সৎগতি দাতা। তেওঁৰ নিজৰ শৰীৰতো নাই। তেন্তে কাৰ দ্বাৰা মত দিয়ে? আপুনিও আত্মা, এই শৰীৰৰ দ্বাৰা কথা-বাৰ্তা কোৱা নহয়। শৰীৰ অবিহনে আত্মাই একো কৰিব নোৱাৰে। নিৰাকাৰ পিতাও আহিল কেনেকৈ? গায়নো আছে ৰথত আহে। আকৌ কোনোবাই কিবা, কোনোবাই কিবা বহি ৰচি দিছে। ত্ৰিমূৰ্তিও সূক্ষ্মলোকত দেখুৱাইছে। পিতায় বুজায় - এই সকলোবিলাক হৈছে সাক্ষাৎকাৰৰ কথা। বাকী সমস্ত ৰচনাতো ইয়াত আছে নহয়। সেয়েহে ৰচয়িতা পিতাও ইয়ালৈ আহিবলগীয়া হয়। পতিত সৃষ্টিলৈকেই আহি পাৱন কৰি তুলিবলগীয়া হয়। ইয়াত সন্তানসকলক পোনপটীয়াকৈ পাৱন কৰি আছে। বুজিও পায় তথাপিও জ্ঞান বুদ্ধিত ধাৰণ নহয়। কাৰোবাক বুজাব নোৱাৰি। শ্ৰীমত ল'ব নোৱাৰে সেয়েহে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ'ব নোৱাৰে। যিজনে বুজিয়েই নাপায় তেওঁ কি পদ পাব। যিমান সেৱা কৰিব - সিমান উচ্চ পদ পাব। পিতাই কৈছে – সেৱাত সৰ্বস্ব উজাৰি দিব লাগে। সকলোপ্ৰকাৰৰ সেৱা কৰিব লাগে। পিতাৰ সেৱাত আমি সৰ্বস্ব উজাৰি দিবলৈ প্ৰস্তুত আছোঁ। বহুত কন্যা সেৱাৰ বাবে ব্যাকুল হৈ থাকে। বাবা মোক উদ্ধাৰ কৰক তেতিয়া মই সেৱাত লাগি যাম, যাৰ দ্বাৰা বহুতৰ কল্যাণ হ'ব। গোটেই জগতেতো শাৰিৰীক সেৱা কৰে, তাৰ দ্বাৰাতো ছিৰি তললৈয়ে নামি আহা। এতিয়া এই আত্মিক সেৱাৰ দ্বাৰা আৰোহণ কলা হয়। প্ৰত্যেকেই বুজি পায় - এওঁ মোতকৈ বেছি সেৱা কৰে। সেৱাধাৰী ভাল কুমাৰীসকল আছে, তেন্তে সেৱাকেন্দ্ৰতো তত্ত্বাৱধান ল’ব পাৰে। শ্ৰেণীকোঠাত ক্ৰমানুসৰি বহে। ইয়াততো ক্ৰমানুসৰি বহিবলৈ দিয়া নহয়, বিতুষ্ট হৈ যাব। বুজিতো পাই নহয়। সেৱা নকৰিলে তেতিয়া নিশ্চয় পদো কম হৈ যাব। পদ ক্ৰমানুসৰি বহুত হয় নহয়। কিন্তু সেয়া হৈছে সুখধাম, এয়া হৈছে দুখধাম। তাত বেমাৰ আদি একো নহয়। বুদ্ধিৰে কাম আদায় কৰিবলগীয়া হয়। বুজি পাব লাগে যে মইতো বহুত কম পদ পাম কাৰণ সেৱাতো কৰা নাই। সেৱাৰ আধাৰতহে পদ পাব পাৰে। নিজক পৰীক্ষা কৰিব লাগে। প্ৰত্যেকে নিজৰ অৱস্থাক জানে। মম্মা-বাবায়ো সেৱা কৰি আহিছে। ভাল ভাল সন্তানো আছে। যদিও চাকৰি আদিও কৰে, তেওঁলোকক কোৱা হয় আধা দৰমহাতো ছুটী লৈ সেৱা কৰিবলৈ যোৱা, কোনো আপত্তি নাই। যিসকল বাবাৰ অন্তৰত থাকে তেওঁলোকে ৰাজ্য-ভাগ্য লাভ কৰে, পুৰুষাৰ্থৰ ক্ৰমানুসৰি। এনেকুৱাসকলহে বিজয় মালাত আহি যায়। অৰ্পিতও হয়, সেৱাও কৰে। কোনোবা যদিও অৰ্পিত হয়, সেৱা নকৰে তেন্তে পদ কম হৈ যাব নহয়। এয়া শ্ৰীমতেৰে ৰাজধানী স্থাপনা হয়। এনেকুৱা কথা কেতিয়াবা শুনিছানে? অথবা পঢ়াৰ দ্বাৰা ৰাজ্য স্থাপনা হয় এনেকুৱা কথা কেতিয়াবা শুনিছানে? কেতিয়াবা দেখিছানে? অৱশ্যে হয়, দান-পুণ্য কৰিলে ৰজাৰ ঘৰত জন্ম ল’ব পাৰে। বাকী পঢ়াৰ দ্বাৰা ৰজাৰ পদ লাভ কৰা, এনেকুৱা কথাতো কেতিয়াও শুনা নাই চাগৈ। কোনেও নাজানেও। পিতাই বুজায় তোমালোকেই পূৰা 84 জন্ম লৈছা। তোমালোক এতিয়া ওপৰলৈ যাব লাগে। হওঁতে বহুত সহজ। তোমালোকে কল্পই কল্পই পুৰুষাৰ্থৰ ক্ৰমানুসৰি বুজি পোৱা। পিতাই স্নেহপূৰ্ণ স্মৰণো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কৰে, বেছিকৈ স্নেহপূৰ্ণ স্মৰণো তেওঁলোককে কৰিব যিসকল সেৱাত থাকে। গতিকে নিজক পৰীক্ষা কৰিব লাগে যে মই অন্তৰত অধিষ্ঠত হৈছোঁনে? মালাৰ মণি হ’ব পাৰিমনে? নপঢ়া জনে নিশ্চয় পঢ়োঁতাজনৰ আগত মূৰ দোৱাব। পিতাইতো বুজায় সন্তানসকল পুৰুষাৰ্থ কৰা, কিন্তু ড্ৰামাত ভূমিকা নাথাকিলে যিমানেই মগজ নখটুওৱা কিয় উন্নতি নকৰেই। কিবা নহয় কিবা গ্ৰহচাৰী লাগি যায়। দেহ-অভিমানৰ পৰাই আকৌ অন্য বিকাৰ আহি যায়। মুখ্য কাঢ়া বেমাৰ হৈছে দেহ-অভিমানৰ। সত্যযুগত দেহ-অভিমানৰ নামেই নাথাকিব। তাততো হয়েই তোমালোকৰ প্ৰালব্ধ। এয়া ইয়াতেই পিতাই বুজায়। অন্য কোনেও এনেকুৱা শ্ৰীমত নিদিয়ে যে নিজক আত্মা বুলি বুজি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। এইটো হৈছে মুখ্য কথা। লিখিব লাগে - নিৰাকাৰ ভগৱানে কয় - মোক এজনক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। নিজৰ দেহকো স্মৰণ নকৰিবা। যেনেকৈ ভক্তিতো এজন শিৱৰে পূজা কৰা। এতিয়া জ্ঞানো কেৱল মইহে দিওঁ। বাকী সকলো হৈছে ভক্তি, অব্যভিচাৰী জ্ঞান এজন শিৱবাবাৰ পৰাই তোমালোকে পোৱা। এই জ্ঞান সাগৰৰ পৰা ৰত্ন ওলায়। সেই সাগৰৰ কথা নহয়। এই জ্ঞান সাগৰে তোমালোক সন্তানসকলক জ্ঞান ৰত্ন দিয়ে, যাৰ দ্বাৰা তোমালোক দেৱতা হোৱা। শাস্ত্ৰততো কি কি কথা লিখি দিছে। সাগৰৰ পৰা দেৱতাৰ আবিৰ্ভাৱ হ’ল আকৌ ৰত্ন দিলে। এই জ্ঞান সাগৰে তোমালোক সন্তানসকলক ৰত্ন দিয়ে। তোমালোকে জ্ঞান ৰত্ন গ্ৰহণ কৰা। আগতে পাথৰ গ্ৰহণ কৰিছিলা, সেয়েহে পাথৰ বুদ্ধিৰ হৈ গ’লা। এতিয়া ৰত্ন গ্ৰহণ কৰি তোমালোক পাৰস বুদ্ধিৰ হৈ যোৱা। পাৰসনাথ হৈ যোৱা নহয়। এই পাৰসনাথ (লক্ষ্মী-নাৰায়ণ) বিশ্বৰ মালিক আছিল। ভক্তিমাৰ্গততো অনেক নাম, অনেক চিত্ৰ তৈয়াৰ কৰি ৰাখিছে। বাস্তৱত লক্ষ্মী-নাৰায়ণ বা পাৰসনাথ এজনেই। নেপালত পশুপতি নাথৰ মেলা অনুষ্ঠিত হয়, তেৱোঁ পাৰসনাথেই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি জ্ঞান ৰত্ন দিছে, সেয়াহে বুটলিব লাগে। পাথৰ নহয়। দেহ-অভিমানৰ কাঢ়া বেমাৰৰ পৰা নিজক ৰক্ষা কৰিব লাগে।

(2) নিজৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিবৰ কাৰণে পাৱাৰ হাউচ পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব লাগে। আত্ম-অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। নিৰ্ভয় হৈ থাকিব লাগে।

বৰদান:
দাতাবোধৰ ভাৱনাৰে “ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰোঁতা তৃপ্ত আত্মা হোৱা

সদায় এটাই লক্ষ্য হওক যে আমি দাতাৰ সন্তান হৈ সকলো আত্মাক দিব লাগে, দাতাবোধৰ ভাৱনা ৰাখিলে সম্পন্ন আত্মা হৈ যাবা আৰু যি সম্পন্ন হ’ব তেওঁ সদায় তৃপ্ত হ’ব। মই দিওঁতা দাতাৰ সন্তান – দিয়া মানেই লোৱা, এইটো ভাৱনাই সদায় নিৰ্বিঘ্ন, “ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰায়। সদায় যাতে এটাই লক্ষ্যৰ ফালে দৃষ্টি থাকে, সেই লক্ষ্যটি হৈছে বিন্দু আন কোনো কথাৰ বিস্তাৰ দেখিও নাচাবা, শুনিও নুশুনিবা।

স্লোগান:
বুদ্ধি বা স্থিতি যদি দুৰ্বল হয় তেন্তে তাৰ কাৰণ হৈছে ব্যৰ্থ সংকল্প।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

কৰ্মাতীত হ’বলৈ কৰ্মৰ হিচাপ-নিকাচৰ পৰা মুক্ত হোৱা। সেৱাতো সেৱাৰ বন্ধনত বান্ধ খাওঁতা সেৱাধাৰী নহয়। বন্ধনমুক্ত হৈ সেৱা কৰা অৰ্থাৎ হদৰ মাৰ্জিত ইচ্ছাৰ পৰা মুক্ত হোৱা। যেনেকৈ দেহৰ বন্ধন, দেহৰ সম্বন্ধৰ বন্ধন, তেনেকৈ সেৱাত স্বাৰ্থ – এই বন্ধনেও কৰ্মাতীত হোৱাৰ ক্ষেত্ৰত বিঘিনি আনে। কৰ্মাতীত হোৱা অৰ্থাৎ এই মাৰ্জিত হিচাপ-নিকাচৰ পৰাও মুক্ত।