07.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ভিন্ন ভিন্ন যুক্তি সন্মুখত ৰাখি স্মৃতিৰ যাত্ৰাত থাকা, এই পুৰণি সৃষ্টিক পাহৰি নিজৰ মৰমৰ ঘৰ আৰু নতুন সৃষ্টিক স্মৰণ কৰা”

প্ৰশ্ন:
কোনটো কৰ্ম বা পুৰুষাৰ্থ এতিয়াহে কৰা হয়, গোটেই কল্পত নহয়?

উত্তৰ:
স্মৃতিৰ যাত্ৰাত থাকি আত্মাক পৱিত্ৰ কৰি তোলাৰ পুৰুষাৰ্থ, গোটেই সৃষ্টিক পতিতৰ পৰা পাৱন কৰি তোলাৰ কৰ্ম গোটেই কল্পত কেৱল এই সংগমযুগত চলে। এইটো কৰ্ম প্ৰতিটো কল্পত পুনৰাবৃত্তি হয়। তোমালোক সন্তানসকলে এই অনাদ অবিনাশী অপূৰ্ব ড্ৰামাখনৰ ৰহস্য বুজি পোৱা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায় সেইকাৰণে আত্মিক সন্তানসকল দেহী- অভিমানী বা আত্মিক অৱস্থাত নিশ্চয়বুদ্ধিৰ হৈ বহিব বা শুনিব লাগে। পিতাই বুজাইছে - আত্মাইহে শুনে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা, এইটো দৃঢ়ভাৱে স্মৰণ কৰি থাকা। সৎগতি আৰু দুৰ্গতিৰ এই চক্ৰতো প্ৰত্যেকৰে বুদ্ধিত থাকিবই লাগে, য’ত জ্ঞান আৰু ভক্তি সকলো আহি যায়। চলোঁতে-ফুৰোঁতে বুদ্ধিত যাতে এইটো থাকে। জ্ঞান আৰু ভক্তি, সুখ আৰু দুখ, দিন আৰু ৰাতিৰ খেল কেনেকৈ চলে। আমি 84ৰ ভূমিকা পালন কৰোঁ। পিতাৰ স্মৃতিত থাকে সেইকাৰণে সন্তানসকলকো স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰায়, ইয়াৰ দ্বাৰা তোমালোকৰ বিকৰ্মও বিনাশ হয় আৰু তোমালোকে ৰাজ্যও প্ৰাপ্ত কৰা। এইটো জানা যে এই পুৰণি সৃষ্টিতো এতিয়া নাশ হৈ যাব। যেনেকৈ কোনো পুৰণি ঘৰ নতুনকৈ নিৰ্মাণ কৰে তেতিয়া ভিতৰি এইটো নিশ্চয়তা থাকে যে এতিয়া আমি নতুন ঘৰলৈ যাম। আকৌ ঘৰ সম্পূৰ্ণ হওঁতে কেতিয়াবা এক-দুই বছৰ লাগি যায়। যেনেকৈ নতুন দিল্লীত চৰকাৰী আৱাসগৃহ আদি নিৰ্মাণ কৰে তেতিয়া নিশ্চয় চৰকাৰে ক’ব আমি স্থানান্তৰ হৈ নতুন দিল্লীলৈ যাম। তোমালোক সন্তানসকলে জানা এই গোটেই বেহদৰ সৃষ্টিখন পুৰণি হ’ল। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। বাবাই যুক্তি শুনায় - এনেকুৱা যুক্তিৰে বুদ্ধিক স্মৃতিৰ যাত্ৰাত লগাব লাগে। আমি এতিয়া ঘৰলৈ যাব লাগে সেইকাৰণে মৰমৰ ঘৰখনক স্মৰণ কৰিব লাগে, যাৰ বাবে মনুষ্যই মগজ খটুৱায়। এয়াও মৰমৰ সন্তানসকলক বুজোৱা হৈছে যে এই দুখধাম এতিয়া সমাপ্ত হ’ব। যদিও তোমালোক ইয়াত আছা কিন্তু এই পুৰণি সৃষ্টি পচন্দ নহয়। আমি আকৌ নতুন সৃষ্টিলৈ যাব লাগে। আগত কোনো চিত্ৰ নাথাকিলেও তোমালোকে বুজি পোৱা যে এতিয়া পুৰণি সৃষ্টিৰ অন্তৰ সময়। এতিয়া আমি নতুন সৃষ্টিলৈ যাম। ভক্তিমাৰ্গৰ কিমান অনেক চিত্ৰ আছে। তাৰ তুলনাত তোমালোকৰতো বহুত কম। তোমালোকৰ এয়া জ্ঞানমাৰ্গৰ চিত্ৰ আৰু বাকী সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। চিত্ৰৰ ওপৰতে গোটেই ভক্তি চলে। এতিয়া তোমালোকৰতো হৈছে প্ৰকৃত চিত্ৰ, সেয়েহে তোমালোকে বুজাব পাৰা – ভুল কি শুদ্ধ কি। বাবাক কোৱাই হয় জ্ঞানৱান। তোমালোকৰ এই জ্ঞান আছে। তোমালোকে জানা আমি গোটেই কল্পত কিমান জন্ম লৈছোঁ। এই চক্ৰ কেনেকৈ ঘূৰে। তোমালোক নিৰন্তৰ পিতা আৰু এই জ্ঞানৰ স্মৃতিত থাকিব লাগে। পিতাই তোমালোকক গোটেই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিয়ে। গতিকে পিতাৰো স্মৃতি থাকে। বাবাই বুজাইছে - মই তোমালোকৰ পিতা, শিক্ষক, সৎগুৰু। তোমালোকে কেৱল এইটো বুজোৱা - বাবাই কয় তোমালোকে মোক পতিত-পাৱন, মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি কোৱা নহয়। ক’ৰ মাৰ্গ-দৰ্শক? শান্তিধাম, মুক্তিধামৰ। তালৈ পিতাই লৈ গৈ এৰি দিব। সন্তানসকলক পঢ়ুৱাই, শিকাই, ফুল কৰি ঘৰলৈ লৈ গৈ এৰি দিব। পিতাৰ বাহিৰেতো কোনেও লৈ যাব নোৱাৰে। লাগিলে কোনোবা যিমানে তত্ত্ব জ্ঞানী বা ব্ৰহ্ম জ্ঞানী নহওঁক। তেওঁলোকে ভাবে আমি ব্ৰহ্মত লীন হৈ যাম। তোমালোকৰ বুদ্ধিত আছে যে শান্তিধামতো আমাৰ ঘৰ হয়। তালৈ গৈ পুনৰ নতুন সৃষ্টিলৈ আমি পোন-প্ৰথমে আহিম। তেওঁলোক সকলো পাছত আহোঁতা। তোমালোকে জানা কেনেকৈ সকলো ধৰ্ম ক্ৰমানুসৰি আহে। সত্যযুগ-ত্ৰেতাত কাৰ ৰাজত্ব হয়। তেওঁলোকৰ ধৰ্মশাস্ত্ৰ কি। সূৰ্যবংশী-চন্দ্ৰবংশীৰতো এখনেই শাস্ত্ৰ। কিন্তু সেইখন কোনো প্ৰকৃত ‘গীতা’ নহয় কিয়নো তোমালোকে যি জ্ঞান পোৱা সেয়াতো ইয়াতে শেষ হৈ যাব। তাত কোনো শাস্ত্ৰ নাই। দ্বাপৰৰ পৰা যিবোৰ ধৰ্ম আহে তেওঁলোকৰ শাস্ত্ৰ বৰ্তি আছে। চলি আহি আছে। এতিয়া পুনৰ এক ধৰ্ম প্ৰতিষ্ঠা হয় গতিকে বাকী সকলো বিনাশ হৈ যায়। কৈ থাকে যে এক ৰাজ্য, এক ধৰ্ম, এক ভাষা, এক মত হওঁক। সেয়াতো এজনৰ দ্বাৰাহে স্থাপনা হ’ব পাৰে। তোমালোক সন্তানসকলৰ বুদ্ধিত সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে গোটেই জ্ঞান আছে। পিতাই কয় - এতিয়া পাৱন হ’বলৈ পুৰুষাৰ্থ কৰা। তোমালোক পতিত হ’বলৈ আধাকল্প লাগিল। বাস্তৱত গোটেই কল্প বুলিয়ে কোৱা এই স্মৃতিৰ যাত্ৰাতো তোমালোকে এতিয়াহে শিকা। তাত স্মৃতিৰ যাত্ৰা নাথাকে। দেৱতাসকলে পতিতৰ পৰা পাৱন হ’বলৈ পুৰুষাৰ্থ নকৰে। তেওঁলোকে প্ৰথমতে ৰাজযোগ শিকি ইয়াৰ পৰা পাৱন হৈ যায়। সেইখনক কোৱা হয় সুখধাম। তোমালোকে জানা যে গোটেই কল্পত কেৱল এতিয়াহে আমি স্মৃতিৰ যাত্ৰাৰ পুৰুষাৰ্থ কৰোঁ। পুনৰ এই পুৰুষাৰ্থই অথবা পতিত সৃষ্টিক পাৱন কৰি তোলাৰ বাবে যি কৰ্ম চলে সেয়া আকৌ কল্পৰ পাছত পুনৰাবৃত্তি হ’ব। চক্ৰতো নিশ্চয় পৰিক্ৰমা লগাবা নহয়। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথা আছে - যে এইখন ড্ৰামা, সকলো আত্মা ভূমিকা পালন কৰোঁতা হয় যি আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। যেনেকৈ সেই ড্ৰামা চলি থাকে। কিন্তু সেই ‘ফ্লিম’ ঘঁহনি খাই পুৰণি হৈ যায়। এয়া হৈছে অবিনাশী। এয়াও আচৰিত। কিমান সূক্ষ্ম আত্মাত গোটেই ভূমিকা ভৰপূৰ হৈ আছে। পিতাই তোমালোকক কিমান গূঢ় সূক্ষ্ম কথা বুজায়। এতিয়া কোনোবাই শুনিলে তেতিয়া কয় এয়াতো বহুত বিস্ময়কৰ কথা বুজাইছে। আত্মা কি, সেয়া এতিয়া বুজি পাইছা। শৰীৰকতো সকলোৱে বুজি পায়। চিকিৎসকেতো মনুষ্যৰ হৃদযন্ত্ৰও উলিয়াই বাহিৰত ৰাখে পুনৰ প্ৰতিষ্ঠাপন কৰি দিয়ে। কিন্তু আত্মাৰ বিষয়ে কোনেও নাজানে। আত্মা পতিতৰ পৰা পাৱন কেনেকৈ হয়, এইটোও কোনেও নাজানে। পতিত আত্মা, পাৱন আত্মা, মহান আত্মা বুলি কয় নহয়। সকলোৱে আহ্বানো জনায় হে পতিত-পাৱন আহি মোক পাৱন কৰি তোলক। কিন্তু আত্মা কেনেকৈ পাৱন হ’ব - তাৰ বাবে লাগে অবিনাশী ছাৰ্জন। আত্মাই সেইজনক আহ্বান জনায় যিজন পুনৰ্জন্ম ৰহিত। আত্মাক পৱিত্ৰ কৰি তোলাৰ দৰব তেওঁৰ ওচৰতহে আছে। গতিকে তোমালোক সন্তানসকল আনন্দত পুলকিত হৈ যাব লাগে - ভগৱানে পঢ়ায়, নিশ্চয় তোমালোকক ভগৱান-ভগৱতী কৰি তুলিব। ভক্তিমাৰ্গত এই লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলিহে কয়। গতিকে যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা হ’ব নহয়। নিজৰ সমান পৱিত্ৰও কৰি তোলে। জ্ঞান সাগৰো কৰি তোলে আকৌ নিজতকৈও বেছি, বিশ্বৰ মালিক কৰি তোলে। পৱিত্ৰ, অপৱিত্ৰৰ সম্পূৰ্ণ ভূমিকা তোমালোকে পালন কৰিবলগীয়া হয়। তোমালোকে জানা বাবাৰ আগমন হৈছে পুনৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। যাৰ বাবেই কোৱা হয় এইটো ধৰ্ম প্ৰায় লোপ হৈ গৈছে। তাৰ তুলনা বট বৃক্ষৰ লগতহে কৰা হৈছে। অনেক শাখা ওলায়, মূল কাণ্ড নাই। ইয়াতো কিমান ধৰ্মৰ শাখা ওলাইছে, আধাৰ দেৱতা ধর্ম নাই। প্ৰায় লোপ হৈ গ’ল। পিতাই কয় - সেইটো ধৰ্ম আছে কিন্তু ধৰ্মৰ নাম সলনি কৰি দিছে। পৱিত্ৰ নোহোৱাৰ কাৰণে নিজক দেৱতা বুলি ক’ব নোৱাৰে। নাথাকিলে তেতিয়াহে পিতা আহি ৰচনা ৰচিব নহয়। এতিয়া তোমালোকে বুজি পোৱা যে আমি পৱিত্ৰ দেৱতা আছিলোঁ। এতিয়া পতিত হৈ গৈছোঁ। প্ৰত্যেক বস্তুৱেই এনেকুৱা হয়। তোমালোক সন্তানসকলে এইটো পাহৰি যাব নালাগে। প্ৰথম মুখ্য লক্ষ্য হ’ল পিতাক স্মৰণ কৰাৰ, যাৰ দ্বাৰাই পাৱন হ’ব লাগে। সকলোৱে এনেকৈ কয়, আমাক পাৱন কৰি তোলক। এনেকৈ নকয় যে আমাক ৰজা-ৰাণী কৰি তোলক। গতিকে তোমালোক সন্তানসকলৰ বহুত নিচা থকা উচিত। তোমালোকে জানা যে আমিতো ভগৱানৰ সন্তান। এতিয়া আমি নিশ্চয় উত্তৰাধিকাৰ পোৱা উচিত। কল্পই কল্পই এই ভূমিকা পালন কৰিছোঁ। বৃক্ষ বৃদ্ধি হৈয়ে থাকিব। বাবাই চিত্ৰৰ ওপৰতো বুজাইছে যে এইখন হৈছে সৎগতিৰ চিত্ৰ। তোমালোকে মৌখিকভাৱেও বুজোৱা, চিত্ৰৰ ওপৰতো বুজোৱা। তোমালোকৰ এই চিত্ৰত সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য আহি যায়। যিসকল সন্তান সেৱা কৰোঁতা হয়, তেওঁলোকে আনকো নিজৰ সমানকৈ গঢ়ি গৈ থাকে। পঢ়ি উঠি পঢ়াবলৈ যত্ন কৰিব লাগে। যিমান বেছিকৈ পঢ়িবা সিমানে উচ্চ পদ পাবা। পিতাই কয় – মই পুৰুষাৰ্থতো কৰাওঁ, কিন্তু ভাগ্যত থাকিলেহে। প্ৰত্যেকেই ড্ৰামা অনুসৰি পুৰুষাৰ্থ কৰি থাকে। ড্ৰামাৰ ৰহস্যও পিতাই বুজাইছে। পিতা, পিতাও হয়, শিক্ষকো হয়। লগত লৈ যাওঁতা সঁচা সৎগুৰুও হয়। সেইজন পিতা হৈছে অকাল মূৰ্ত। আত্মাৰ এয়া আসন হয় নহয়, যাৰ দ্বাৰা ভূমিকা পালন কৰে। গতিকে পিতাকো ভূমিকা পালন কৰিবলৈ, সৎগতি কৰিবলৈ আসন লাগে নহয়। পিতাই কয় - মই সাধাৰণ শৰীৰতে আহিব লাগে। জাকজমকতা বা আড়ম্বৰ একোৱেই কৰিব নোৱাৰোঁ। সেই গুৰুসকলৰ অনুগামীসকলেতো গুৰুৰ কাৰণে সোণৰ সিংহাসন, মহল আদি নিৰ্মাণ কৰে। তোমালোকে কি নিৰ্মাণ কৰিবা? তোমালোক সন্তানো হোৱা, বিদ্যাৰ্থীও হোৱা। তেন্তে তোমালোকে তেওঁৰ কাৰণে কি কৰিবা? ক’ত সাজিবা? এওঁতো সাধাৰণ হয় নহয়।

সন্তানসকলক এয়াও বুজাই থাকে যে বেশ্যাসকলৰ সেৱা কৰা। গৰিবসকলকো উদ্ধাৰ কৰিব লাগে। সন্তানসকলে চেষ্টাও কৰে, বাৰানসীলৈও গৈছে। তেওঁলোকক তোমালোকে উদ্ধাৰ কৰিলে ক’ব বাঃ বি. কে.সকলেতো চমৎকাৰ কৰে বেশ্যাসকলকো এই জ্ঞান দিয়ে। তেওঁলোককো বুজাব লাগে এতিয়া তোমালোকে এইটো বৃত্তি এৰি শিৱালয়ৰ মালিক হোৱা। এই জ্ঞান শিকি পুনৰ আনকো শিকোৱা। বেশ্যাসকলেও আকৌ আনক শিকাব পাৰে। শিকি বুদ্ধিমান হৈ গ’লে তেতিয়া নিজৰ বিষয়াসকলকো বুজাব। আহল-বহল কোঠালিত চিত্ৰ আদি ৰাখি বহি বুজালে তেতিয়া সকলোৱে ক’ব বাঃ বেশ্যাসকলক শিৱালয়ৰ নিবাসী কৰি তুলিবৰ বাবে বি.কে.সকল নিমিত্ত হৈছে। সন্তানসকলৰ সেৱাৰ বাবে খেয়াল চলিব লাগে। তোমালোকৰ ওপৰত বহুত দ্বায়িত্ব আছে। অহল্যা, কুঁজী, নীচ, গণিকা এই সকলোকে উদ্ধাৰ কৰিব লাগে। গায়নো আছে সাধুসকলৰো উদ্ধাৰ কৰিলে। এইটোতো বুজি পোৱা যে সাধুসকলৰ অন্তিম সময়ত উদ্ধাৰ হ’ব। এতিয়া তেওঁলোক তোমালোকৰ হৈ গ’লে গোটেই ভক্তিমাৰ্গেই সমাপ্ত হৈ যাব। জনজাগৰণ হৈ যাব। সন্ন্যাসীসকলেই নিজৰ আশ্ৰম এৰি দিব, বচ্‌ আমি পৰাজিত হ’লোঁ - এয়া অন্তিম সময়ত হ’ব। বাবাই নিৰ্দেশনা দি থাকে - এনেকৈ এনেকৈ কৰা। বাবাতো ক’তো বাহিৰলৈ যাব নোৱাৰে। পিতাই ক’ব - সন্তানসকলৰ ওচৰত গৈ শিকা। বুজোৱাৰ যুক্তিতো সন্তানসকলক শুনাই থাকে। এনেকুৱা কৰ্ম দেখুওৱা যাতে মনুষ্যৰ মুখৰ পৰা বাঃ বাঃ ওলায়। গায়নো আছে শক্তিসকলক জ্ঞান বাণ ভগৱানে দিছিল। এয়া হৈছে জ্ঞান বাণ। তোমালোকে জানা এই বাণে তোমালোকক এইখন সৃষ্টিৰ পৰা সেইখন সৃষ্টিলৈ লৈ যায়। গতিকে তোমালোক সন্তানসকল বহুত বিশাল বুদ্ধিৰ হ’ব লাগে। এঠাইতো যদি তোমালোকৰ নাম হয়, চৰকাৰে গম পায় তেতিয়া বহুত প্ৰভাৱ বিস্তাৰ হ’ব। এঠাইৰ পৰাই যদি কোনোবা ভাল 5-7 গৰাকী বিষয়া ওলায় তেন্তে সেই খবৰ বাতৰিকাকতত প্ৰকাশ কৰি দিব। ক’ব এই বি.কে.সকলে বেশ্যাসকলৰ পৰাও সেই বৃত্তি আঁতৰাই শিৱালয়ৰ মালিক কৰি তোলে। বহুত বাঃ বাঃ হ’ব। ধন আদি সকলো তেওঁলোকে লৈ আহিব। তোমালোকে ধন কি কৰিবা! তোমালোকে ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ খুলিবা। পইচাৰে চিত্ৰ আদি তৈয়াৰ কৰিবলগীয়া হয়। মনুষ্যই দেখি আচম্বিত হ’ব। ক’ব পোন প্ৰথমেতো আপোনালোকক পুৰস্কাৰ দিব লাগে। চৰকাৰী আৱাসগৃহলৈও তোমালোকৰ চিত্ৰ লৈ যাব। বহুত সেই চিত্ৰবোৰৰ প্ৰেমত পৰিব। অন্তৰত ইচ্ছা থাকিব লাগে - মনুষ্যক দেৱতা কেনেকৈ কৰি তোলোঁ। এইটোতো জানা যে যিসকলে কল্প পূৰ্বে লৈছিল তেওঁলোকেই ল’ব। ইমান ধন আদি সকলো ত্যাগ কৰি দিব এই ক্ষেত্ৰত পৰিশ্ৰম আছে। বাবাই কয় - মোৰ নিজৰ ঘৰ-সংসাৰ, মিত্ৰ-সম্বন্ধীয় আদি একো নাই, মোৰ কি স্মৃতিলৈ আহিব, পিতাৰ বাহিৰে তোমালোক সন্তানসকলৰ অন্য কোনো নাই। সকলোবোৰ বিনিময় কৰি দিলে। বাকী বুদ্ধি কলৈ যাব। বাবাক ৰথ দি দিলে। তোমালোকে যেনেকৈ পঢ়ি আছা ময়ো তেনেকৈ পঢ়ি আছোঁ। কেৱল ৰথ বাবাক লোণত দিছোঁ।

তোমালোকে জানা যে আমি পুৰুষাৰ্থ কৰি আছোঁ, সূৰ্যবংশী ৰাজবংশত পোন-প্ৰথমে আহিবৰ কাৰণে। এয়া হয়েই নৰৰ পৰা নাৰায়ণ হোৱা কথা। আত্মাই তৃতীয় নেত্ৰ লাভ কৰে। মই আত্মাই পঢ়ি জ্ঞান শুনি দেৱতা হৈ আছোঁ। তাৰপাছত আকৌ ৰজাৰো ৰজা হ’মগৈ। শিৱবাবাই কয় - মই তোমালোকক দ্বৈত মুকুটধাৰী কৰি তোলোঁ। তোমালোকৰ এতিয়া কিমান বুদ্ধি মুকলি হৈ গৈছে, ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে। এতিয়া স্মৃতিৰ যাত্ৰাতো থাকিব লাগে। সৃষ্টি চক্ৰকো স্মৰণ কৰিব লাগে। পুৰণি সৃষ্টিক বুদ্ধিৰে পাহৰি যাব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত থাকিব লাগে যে আমাৰ বাবে নতুন সৃষ্টি স্থাপনা হৈ আছে, এই দুখৰ পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এইখন সৃষ্টি একেবাৰে পচন্দ কৰিব নালাগে।

(2) যেনেকৈ বাবাই নিজৰ সকলো বিনিময় কৰি দিলে গতিকে বুদ্ধি ক’লৈকো নাযায় তেনেকৈ পিতাক অনুসৰণ কৰিব লাগে। অন্তৰত মাথোন এইটোৱে ইচ্ছা থাকিব লাগে যে মই মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ সেৱা কৰোঁ, এই বেশ্যালয়ক শিৱালয় কৰি তোলোঁ।

বৰদান:
দেহ অভিমানৰ মাৰ্জিত ৰূপকো সমাপ্ত কৰোঁতা সাক্ষী আৰু দৃষ্টা (দৰ্শক) হোৱা

আনৰ কথাক সন্মান নজনোৱা, খণ্ডন কৰি দিয়া - এয়াও দেহ অভিমানৰ মাৰ্জিত ৰূপ যিয়ে নিজৰ বা আনৰ অপমান কৰায় কিয়নো যিয়ে খণ্ডন কৰে তেওঁৰ অভিমান আহে আৰু যাৰ কথা খণ্ডন কৰে তেওঁৰ অপমান বোধ হয় সেই কাৰণে সাক্ষী দৃষ্টাৰ বৰদান স্মৃতিত ৰাখি, ড্ৰামাৰ ঢাল বা ড্ৰামাৰ পটি অনুসৰি প্ৰতিটো কৰ্ম আৰু সংকল্প কৰি, ‘মই’ বোধৰ এই মাৰ্জিত ৰূপো সমাপ্ত কৰি প্ৰত্যেকৰে কথাক সন্মান জনোৱা, স্নেহ দিয়া তেতিয়া তেওঁ সদাকালৰ বাবে সহযোগী হৈ যাব।

স্লোগান:
পৰমাত্ম শ্ৰীমত ৰূপী জলৰ আধাৰত কৰ্ম ৰূপী বীজ শক্তিশালী কৰা।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

সকলো সময়তে নিজক প্ৰত্যেক আত্মাৰ প্ৰতি মনেৰে স্বতঃ শুভ-ভাৱনা আৰু শুভ-কামনাৰ শুদ্ধ প্ৰকম্পন দিওঁতাৰ অনুভৱ হওঁক। মনেৰে সকলো সময়ত সকলো আত্মাৰ প্ৰতি আশীৰ্বাদ নিগৰি থাকক। মন যাতে সদায় এইটো সেৱাত ব্যস্ত হৈ থাকে। যেনেকৈ বাণীৰ সেৱাত ব্যস্ত হৈ থকাৰ অনুভৱী হৈ গৈছা, যদি সেৱা নোপোৱা তেন্তে নিজক খালী যেন অনুভৱ কৰা তেনেকৈ সকলো সময়ত বাণীৰ লগতে মনৰ সেৱা যাতে স্বতঃ হৈ থাকে।