08.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই গোটেই বিশ্ব ঈশ্বৰীয় পৰিয়াল সেইবাবে গায়ন কৰে তুমি মাতা-পিতা আমি বালক তোমাৰ, তোমালোক এতিয়া বাস্তৱত ঈশ্বৰীয় পৰিয়ালৰ হৈছা”

প্ৰশ্ন:
পিতাৰ পৰা 21 জন্মৰ সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাৰ সহজ বিধি কোনটো?

উত্তৰ:
সংগমত শিৱবাবাক নিজৰ উত্তৰাধিকাৰী কৰি লোৱা। তন-মন-ধনেৰে উছৰ্গিত হোৱা তেতিয়া 21 জন্মৰ কাৰণে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত হ’ব। বাবাই কয় - যিসকল সন্তানে সংগমত নিজৰ পুৰণা সকলোবোৰৰ বীমা কৰোৱায়, তেওঁলোকক মই প্ৰতিদানত 21 জন্মলৈকে দিওঁ।

গীত:
নয়ন হীন কো ৰাহ দিখাও…… (নয়নহীনক মাৰ্গ দৰ্শন কৰা…….)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলে। এয়া ভক্তই ভগৱানক আহ্বান কৰে। ভগৱানক সম্পূৰ্ণকৈ নজনাৰ বাবে মনুষ্য কিমান দুখী। ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। কেৱল এইটো জীৱনৰ কথা নহয়। যেতিয়াৰ পৰা ভক্তি আৰম্ভ হৈছে তেতিয়াৰ পৰা ঠেকা-খুন্দা খাই থাকে। ভাৰততেই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, যাক স্বৰ্গ সত্যখণ্ড বুলি কোৱা হৈছিল। ভাৰত সত্যখণ্ড, ভাৰতৰ মহিমা বৰ মহান কিয়নো ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মভূমি। তেওঁৰ আচল নাম শিৱ। শিৱজয়ন্তী পালন কৰে। ৰুদ্ৰ বা সোমনাথ জয়ন্তী বুলি কোৱা নহয়। শিৱ জয়ন্তী বা শিৱ ৰাত্ৰি বুলি কোৱা হয়। স্বৰ্গৰ স্থাপনা কৰোঁতা এজনেই স্বৰ্গীয় ঈশ্বৰ পিতা। এতিয়া সকলো ভক্তৰ ভগৱানতো নিশ্চয় এজনেই হ’ব লাগে। সকলো নয়নহীন অৰ্থাৎ জ্ঞানৰ চক্ষু বা দিব্য দৃষ্টি নাই। ভগৱানুবাচ – মই তোমালোকক ৰাজযোগ শিকাওঁ, শ্ৰীমদ্ভাৱত গীতা হৈছে মুখ্য। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত। এতিয়া তোমালোকক বুদ্ধিমান কৰি তোলা হয়। দিব্য চক্ষু অৰ্থাৎ জ্ঞানৰ তৃতীয় নেত্ৰ দেখুৱায়। বাস্তৱত জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোক ব্ৰাহ্মণসকলে লাভ কৰা যাৰ দ্বাৰা তোমালোকে পিতাক আৰু পিতাৰ ৰচনাৰ আদি-মধ্য-অন্তক জানিবলৈ পোৱা। এই সময়ত সকলোৰে দেহ অহংকাৰ বা 5 বিকাৰ আছে সেইবাবে ঘোৰ অন্ধকাৰত আছে। তোমালোক সন্তানসকলৰ ওচৰত প্ৰকাশ (জ্ঞানৰ জেউতি) আছে। তোমালোক আত্মাই গোটেই বিশ্বৰ ইতিহাস-ভূগোল জানি গৈছা। আগতে তোমালোক সকলো অজ্ঞানত আছিলা। জ্ঞান কাজল সৎগুৰুৱে দিলে অজ্ঞান অন্ধকাৰ বিনাশ হ’ল। যিসকল পূজ্য আছিল সেইসকলেই আকৌ পূজাৰী হৈ গৈছে। পূজ্য আছে প্ৰকাশত। পূজাৰী আছে অন্ধকাৰত। পৰমাত্মাক নিজেই পূজ্য, নিজেই পূজাৰী বুলি ক’ব নোৱাৰি। তেওঁতো হয়েই পৰম পূজ্য। সকলোকে পূজ্য কৰি তোলোঁতা। তেওঁক কোৱা হয় পৰম পূজ্য। পৰমপিতা পৰম আত্মা মানে পৰমাত্মা। কৃষ্ণক এনেকৈ ক’ব জানো। তেওঁক সকলোৱে ঈশ্বৰ পিতা বুলি নক’ব। নিৰাকাৰ ঈশ্বৰকেই সকলোৱে ঈশ্বৰ পিতা বুলি কয়। হওঁতে তেৱোঁ আত্মা হয় কিন্তু পৰম হয় সেইকাৰণে তেওঁক পৰমাত্মা বুলি কোৱা হয়। তেওঁ পৰম আত্মা সৰ্বদা পৰমধামত থাকোঁতা হয়। ইংৰাজীত তেওঁক চুপ্ৰীম চ’ল (পৰম; সৰ্বোচ্চ আত্মা) বুলি কোৱা হয়। পিতাই কয় – তোমালোকে গায়নো কৰা আত্মা পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল…..। এনেকুৱা নহয় যে পৰমাত্মা, পৰমাত্মাৰ সৈতে বহুকাল বিচ্ছিন্ন হৈ থাকিল……। নহয়, এইটো প্ৰথম নম্বৰৰ অজ্ঞানতা – আত্মায়েই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কোৱাতো। আত্মাতো জন্ম-মৃত্যুত আহে। পৰমাত্মা জানো পুনৰ্জন্মত আহে। পিতাই বহি বুজায় – তোমালোক ভাৰতবাসী স্বৰ্গবাসী পূজ্য আছিলা। মানৱ জাতিৰ পূজ্য সকলো দেৱী-দেৱতা আছিল। এয়া গোটেইখন ঈশ্বৰৰ পৰিয়াল। ঈশ্বৰ হৈছে ৰচয়িতা। গায়ন কৰা হয় – তুমি মাতা-পিতা আমি বালক তোমাৰ… গতিকে পৰিয়াল হ’ল নহয় জানো। বাৰু এইটোতো কোৱা তোমালোকে মাতা-পিতা বুলি কাক কোৱা? এয়া কোনে কয়? আত্মাই কয় তুমি মাতা-পিতা… তোমাৰ কৃপাতে আমি স্বৰ্গৰ অপাৰ সুখ স্বৰ্গত পাইছিলোঁ। তুমি মাতা-পিতা আহি স্বৰ্গৰ স্থাপনা কৰা। গতিকে আমি আপোনাৰ সন্তান হওঁ। পিতাই কয় – মই সংগমতহে আহি ৰাজযোগ শিকাওঁ, নতুন সৃষ্টিৰ বাবে। মনুষ্যৰ বুদ্ধি একেবাৰেই ভ্ৰষ্ট হৈ গৈছে। স্বৰ্গক নৰক বুলি ভাবি লয়। কয় - তাতো কংস, জৰাসন্ধ, হিৰণ্যকশিপু আদি আছিল। পিতা আহি বুজায় – তোমালোকে পাহৰি গ’লা নেকি। মোৰতো শিৱ জয়ন্তীও তোমালোকে ভাৰততেই পালন কৰা। গায়নো কৰা হয় – শিৱ ৰাত্ৰি। কোনটো ৰাত্ৰি? এয়া ব্ৰহ্মাৰ বেহদৰ ৰাত্ৰি। পিতা সংগমত আহি ৰাত্ৰিক দিন অৰ্থাৎ নৰকৰ পৰা স্বৰ্গ কৰি তোলে। শিৱ ৰাত্ৰিৰ অৰ্থও কোনেও গম নাপায়। ভগৱান হ’ল নিৰাকাৰ। মনুষ্যৰতো জন্মই জন্মই শৰীৰৰ নাম সলনি হয়। পৰমাত্মাই কয় মোৰ কোনো শৰীৰৰ নাম নাই। মোৰ নাম ‘শিৱ’ই। মই কেৱল বৃদ্ধ বানপ্ৰস্থ শৰীৰৰ আধাৰ লওঁ। এওঁ পূজ্য আছিল, এতিয়া পূজাৰী হৈছে। শিৱবাবা আহি স্বৰ্গ ৰচে, আমি তেওঁৰ সন্তান গতিকে আমি স্বৰ্গৰ মালিক হ’ব লাগে নহয় জানো। শিৱবাবা হৈছে উচ্চতকৈও উচ্চ। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ নিজৰ নিজৰ ভূমিকা আছে। প্ৰত্যেক আত্মাত নিজৰ সুখ দুখৰ ভুমিকা নিৰ্ধাৰিত হৈ আছে। তোমালোকে জানা আমি শিৱবাবাৰ উত্তৰাধিকাৰী হৈছিলোঁ। শিৱবাবাই স্বৰ্গবাসী কৰি তুলিছিল, তেতিয়া তেওঁক সকলোৱে স্মৰণ কৰিছিল। হে ঈশ্বৰ দয়া কৰা। সাধুৱেও সাধনা কৰে কিয়নো ইয়াত দুখ আছে সেয়েহে নিৰ্বাণধামলৈ যাবলৈ বিচাৰে। আত্মা, পৰমাত্মাত লীন হৈ যায় বা আমি আত্মায়েই পৰমাত্মা – এনেকৈ বুজাতো ভুল। এতিয়া তোমালোকে কোৱা, আমি আত্মা পৰমধামত থাকোঁতা হওঁ আকৌ দেৱতা কুললৈ আহিম পুনৰ 84 জন্ম ল’ম। আমি আত্মাসকল বৰ্ণত আহোঁ। শিৱবাবা জন্ম মৃত্যুত নাহে। কেৱল নাৰায়ণৰ বংশাৱলী আছিল। যিদৰে খ্ৰীষ্টিয়ান পৰিয়ালত এডৱাৰ্ড প্ৰথম, দ্বিতীয়, তৃতীয় চলে। সেইদৰে তাতো লক্ষ্মী-নাৰায়ণ প্ৰথম, লক্ষ্মী-নাৰায়ণ দ্বিতীয়, তৃতীয়, এনেদৰে 4 টা বংশাৱলী চলে। এতিয়া তোমালোক ব্ৰাহ্মণসকলৰ তৃতীয় নেত্ৰ মুকলি হৈছে। পিতা বহি আত্মাসকলৰ সৈতে কথা পাতে। তোমালোকে এনেকৈ 84ৰ চক্ৰ পৰিক্ৰমা কৰি ইমান ইমান জন্ম লৈ আহিছা। বৰ্ণৰো এখন চিত্ৰ তৈয়াৰ কৰে য’ত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, ব্ৰাহ্মণ দেখুৱায়। এতিয়া তোমালোকে জানা আমিয়েই সেই ব্ৰাহ্মণ টিকনি (সৰ্বোচ্চ ব্ৰাহ্মণ)। এই সময়ত বাস্তৱত আমি ঈশ্বৰীয় সন্তান। এই সহজ ৰাজযোগ আৰু জ্ঞানেৰে আমি অপাৰ সুখ পাওঁ। কোনোৱেতো সূৰ্যবংশী ৰাজধানীৰ উত্তৰাধিকাৰ লয়, কোনোৱে চন্দ্ৰবংশীৰ। গোটেই ৰাজধানী স্থাপন হৈ আছে। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থৰে সেই পদ পাবগৈ। কোনোবাই যদি সোধে যে এতিয়া পঢ়ি থাকোতেই আমি শৰীৰ এৰিবলগীয়া হ’লে তেতিয়া কি পদ পাম? তেতিয়া বাবাই ক’ব পাৰে। যোগৰ দ্বাৰাহে আয়ুস বৃদ্ধি হয়, বিকৰ্ম বিনাশ হয় আৰু পতিতৰ পৰা পাৱন হোৱাৰ কোনো উপায় নাই। পতিত-পাৱন বুলি ক’লেই ভগৱান স্মৃতিলৈ আহে। কিন্তু ভগৱান কোন? এইটো নাজানে। পিতাই কয় – মই আহোঁৱেই ভাৰতত। এয়া মোৰ জন্মস্থান। সোমনাথৰ মন্দিৰ কিমান সুন্দৰ – এয়া পিতাই বহি সন্তানসকলক বুজায়। ভক্তি মাৰ্গত আকৌ স্মৃতিসৌধ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া পূজাৰী হয় তেতিয়া পোনপ্ৰথমে সোমনাথৰ মন্দিৰ তৈয়াৰ কৰে। ভাৰততো সত্যযুগ ত্ৰেতাত বহুত চহকী আছিল। মন্দিৰবোৰতো অলেখ ধন আছিল। ভাৰত হীৰাতুল্য আছিল। এতিয়াতো ভাৰত কঙাল, কড়িতুল্য। পুনৰ পিতা আহি ভাৰতক হীৰাতুল্য কৰি তোলে। যাকেই সোধা – ৰচয়িতা কোন? ক’ব পৰমাত্মা। তেওঁ ক’ত আছে? তেওঁতো সৰ্বব্যাপী। পিতাই কয় – এই গোটেই বৃক্ষই জৰ্জৰিত অৱস্থা প্ৰাপ্ত কৰিছে।

নিজক চোৱা হয় যে মই যোগ্য হৈছোনে যে বাবা-মম্মাৰ আসনধাৰী হ’ব পাৰিম? এইখন হৈছেই পতিত সৃষ্টি। পৱিত্ৰতা হৈছে মুখ্য। এতিয়াতো স্বাস্থ্যও নাই, ধনো নাই, সুখো নাই। এয়া হৈছে মৰুভূমিত মৰীচিকা সদৃশ (মৃগতৃষ্ণা সদৃশ)। ইয়াৰ ওপৰতো দুৰ্যোধনৰ কাহিনী শাস্ত্ৰত লিখি থোৱা আছে। দুৰ্যোধন বুলি বিকাৰীক কোৱা হয়। দ্ৰৌপদীসকলে কয় আমাৰ লাজ নিবাৰণ কৰা। সকলো দ্ৰৌপদী হয় নহয় জানো। এই কন্যাসকল স্বৰ্গৰ দ্বাৰ হয়। বাবাই কিমান ভালকৈ বুজায়। যাৰ বুদ্ধিযোগ (বাবাৰ সৈতে) সম্পূৰ্ণ ৰীতিৰে লাগি থাকিব তেন্তে ধাৰণাও হ’ব। জ্ঞান ব্ৰহ্মচৰ্যতহে (ব্ৰহ্মচাৰী অৱস্থাতহে) পঢ়া হয়। পিতাই কয় – গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হৈ থাকিব লাগে। দুয়োটাৰে প্ৰতিপালন কৰিব লাগে। মৰিবও নিশ্চয় লাগিব। মৰিবৰ সময়ত মনুষ্যক মন্ত্ৰ দিয়ে। পিতাই কয় যে তোমালোক সকলোৱে মৰিব লাগিব। মই কালৰো কাল সকলোকে উভতাই লৈ যাওতা হওঁ। গতিকে আনন্দিত হ’ব লাগে নহয় জানো। আকৌ যিজনে ভালধৰণে পঢ়িব তেওঁ স্বৰ্গৰ মালিক হ’বগৈ। নপঢ়িলে প্ৰজাৰ পদ পাব। ইয়ালৈ তোমালোক আহিছা ৰাজকীয় পদ পাবলৈ। এয়া হৈছে পঢ়া, ইয়াত অন্ধশ্ৰদ্ধাৰতো কথাই নাই। এই পঢ়া হৈছে ৰাজত্ব কৰাৰ বাবে। যিদৰে পঢ়াৰ লক্ষ্য-উদ্দেশ্য আছে – বেৰিষ্টাৰ হ’বলৈ হ’লে নিশ্চয় পঢ়াওঁতা শিক্ষকৰ সৈতে যোগসূত্ৰ গঢ়িব লাগিব। ইয়াত তোমালোকক ভগৱানে পঢ়ায় সেয়েহে তেওঁৰ সৈতে যোগযুক্ত হ’ব লাগিব। পিতাই কয় – মই পৰমধাম, বহুত দূৰৈৰ পৰা আহোঁ। পৰমধাম কিমান উচ্চ। সূক্ষ্মবতনতকৈও উচ্চ তাৰপৰা আহিবলৈ মোৰ চেকেণ্ড লাগে। তেওঁতকৈ বেগী আৰু কোনো হ’ব নোৱাৰে। চেকেণ্ডত জীৱনমুক্তি দিওঁ। জনকৰ উদাহৰণ আছে নহয় জানো। এতিয়াতো নৰক পুৰণি সৃষ্টি। নতুন সৃষ্টি স্বৰ্গক কোৱা হয়। পিতাই নৰকৰ বিনাশ কৰাই স্বৰ্গৰ মালিক কৰি তোলে। বাকী সকলো আত্মা শান্তিধামলৈ গুচি যায়। আত্মা অমৰ। আত্মাই ভূমিকাও অবিনাশী পাইছে। আত্মা আকৌ সৰু-ডাঙৰ কেনেকৈ হ’ব পাৰে অথবা জ্বলিব মৰিব কেনেকৈ? হয়েই তৰা (বিন্দু)। ডাঙৰ সৰু হ’ব নোৱাৰে। এতিয়া তোমালোক হ’লা ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী। ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ, আনন্দৰে পৰিপূৰ্ণ। তেওঁ তোমালোকক পঢ়াই আছে। তোমালোকে জানা এই পঢ়াৰ দ্বাৰা আমি সেই দেৱী-দেৱতা হ’মগৈ। তোমালোকে ভাৰতৰ সেৱা কৰি আছা। পোন-প্ৰথমেতো পিতাৰ হ’ব লাগে অন্য ঠাইততো গুৰুৰ ওচৰলৈ যায়, তেওঁৰ হৈ যায় অথবা তেওঁক নিজৰ গুৰু কৰি লয়। ইয়াততো হ’ল পিতা। সেয়েহে প্ৰথমে পিতাৰ সন্তান হ’বলগীয়া হয়। পিতাই সন্তানসকলক নিজৰ সম্পত্তি দিয়ে। পিতাই কয় – সন্তানসকল তোমালোকে বিনিময় কৰা। তোমালোকৰ খেৰ-কুটা মোৰ, মোৰ সকলো তোমালোকৰ। দেহ সহিত যি কিছু আছে সেই সকলো মোক দি দিয়া। মই তোমালোক আত্মা আৰু শৰীৰ দুয়োটাকে পৱিত্ৰ কৰি দিম আৰু পুনৰ ৰাজ্যৰ পদো দিম। তোমালোকৰ ওচৰত যি আছে তোমালোকে উৎসৰ্গিত কৰি দিয়া তেন্তে জীৱনমুক্তি পাবা। বাবা এই সকলোবোৰ আপোনাৰ। পিতাই কয় – তোমালোকে মোক উত্তৰাধিকাৰী কৰি লোৱা। মই 21 জন্ম তোমালোকক উত্তৰাধিকাৰী কৰোঁ। কেৱল মোৰ মতত চলা। লাগিলে ধান্দা (পেছাগত কাম-কাজ) আদি কৰা। বিলাতলৈ যোৱা, যিয়েই কৰা। কেৱল মোৰ মতত চলা। সাৱধানে থাকিবা মায়াই বাৰে বাৰে থেকেছিব (বগৰাই দিব)। কোনো বিকৰ্ম নকৰিবা। শ্ৰীমতত চলিলে তেতিয়া শ্ৰেষ্ঠ হ’বা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মা আৰু শৰীৰ দুয়োটাকে পৱিত্ৰ কৰি তুলিবলৈ দেহ সহিত যি কিছু আছে সেয়া পিতাক সমৰ্পিত কৰি তেওঁৰ শ্ৰীমতত চলিব লাগে।

(2) মাতা-পিতাৰ আসনধাৰী হ’বলৈ নিজক যোগ্য কৰি তুলিব লাগে। যোগ্য হ’বলৈ মুখ্যতঃ পৱিত্ৰতা ধাৰণ কৰিব লাগে।

বৰদান:
সংগমযুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁতা দ্বৈত প্ৰাপ্তিৰ অধিকাৰী হোৱা

যিসকল সন্তানে সংগমযুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰি লয় তেওঁলোকৰ সদায় শান্তি আৰু সুখৰ দ্বৈত প্ৰাপ্তিৰ নিচা থাকে কিয়নো অতীন্দ্ৰিয় সুখত এই দুয়োটা প্ৰাপ্তি সমাহিত হৈ আছে। এতিয়া তোমালোক সন্তানসকলৰ যি পিতা আৰু উত্তৰাধিকাৰৰ প্ৰাপ্তি হয় সেয়া গোটেই কল্পত হ’ব নোৱাৰে। এই সময়ৰ প্ৰাপ্তি অতীন্দ্ৰিয় সুখ আৰু জ্ঞান পুনৰ কেতিয়াও পাব নোৱাৰা। গতিকে এই দ্বৈত প্ৰাপ্তিৰ অধিকাৰী হোৱা।

স্লোগান:
ইজনে সিজনৰ সংস্কাৰক জানি তাৰ সৈতে মিলি চলা – এয়াই উন্নতিৰ সাধন।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য – “সঁচা পাটশ্বাহ পৰমাত্মাৰ সৈতে সত্যনিষ্ঠ হৈ থাকা”

এই সময়ত আমি পিতা পৰমাত্মাৰ দ্বাৰা এইটো আজ্ঞা পাইছোঁ যে নিৰন্তৰ মোৰ স্মৃতিত থাকা। যোগৰ অৰ্থ হৈছে ঈশ্বৰীয় স্মৃতিত থকা, যোগৰ অৰ্থ কোনো ধ্যান নহয়। আমাৰ এই সহজযোগ যি চলোঁতে-ফুৰোঁতে, কাম-কাজ কৰোঁতে তেওঁৰ স্মৃতিত থকা, যাক অবিচ্ছিন্ন অখণ্ড যোগ বুলি কোৱা হয়, কিন্তু ইয়াত নিৰন্তৰ থাকিবলৈ অভ্যাসৰ আৱশ্যক। যদি তেওঁৰ আজ্ঞাত আজ্ঞাকাৰী হৈ নাথাকা, কিছু অৱজ্ঞা কৰা তেন্তে নিশ্চয় শাস্তি ভোগ কৰিব লাগিব। তেওঁৰ আজ্ঞা হ’ল যেনেকুৱা কৰ্ম মই কৰোঁ মোক দেখি তোমালোকেও পদাংক অনুসৰণ কৰক, নহ’লে মায়াৰ আঘাত পাবা। সত্য পাতশ্বাহৰ সৈতে সত্যনিষ্ঠ হৈ থাকা, যি কিছু মায়াৰ বিঘ্নই অশান্ত কৰে সেয়াও তেওঁৰ আগত ৰাখিব লাগে, তেতিয়া তেওঁৰ সহায়ত মায়া আঁতৰি যাব, বাট মুকলি হৈ যাব, তেতিয়া য’তে বহুৱায়, যেনেকৈ চলায়, যি খুৱায় বাট মুকলি হৈ যাব। এনেকৈ সংগ দিবলৈ বহুত সাহসৰ প্ৰয়োজন। এনেকুৱা মহান সৌভাগ্যশালী একেবাৰে কম ওলাব, তেওঁলোক বিজয় মালাত যাব। বাকী ভাগ্যশালী যিসকলে কম বেছি পৰিমাণে লৈ গৈ প্ৰজা হ’বগৈ, গতিকে অলপ পালেই আনন্দিত হৈ নাযাবা। নিজৰ ইচ্ছাতো সম্পূৰ্ণ হওঁক, সাহস ৰাখি আগবাঢ়ি যাব লাগে। মায়াই বিঘিনি আনিব কিন্তু তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, ইয়াত যদি ভুল কৰা তেন্তে নিশ্চয়তাৰ অভাৱ আছে, নিজৰ ধাৰণাত কিবা অভাৱ আছে, এয়াতো নিজৰ দোষ, ইয়াত লোক-লাজ, কুল-মৰ্যাদা ত্যাগ কৰিবলগীয়া হয়, যেতিয়া এইবোৰ ত্যাগ কৰিবা তেতিয়াহে সত্য পাৰলৌকিক দৈৱী মৰ্যাদা প্ৰাপ্ত কৰিবা। এই বিকাৰী সৃষ্টিতো নাশ হোৱাৰ পথত, চোৱা মীৰায়ো লোক-লাজ ত্যাগ কৰিলে তেতিয়া গিৰিধৰক (শ্ৰীকৃষ্ণক) পালে। যদি সেই লোক-লাজ ধৰি ৰাখা তেন্তে এই দৈৱীলোক সদস্য হ’ব নোৱাৰিবা। এতিয়া কল্যাণৰ অৰ্থে ঈশ্বৰীয় ৰায়তো দিয়া হয়, এতিয়া এয়া নিজৰ বুদ্ধিৰে সিদ্ধান্ত ল’ব লাগে। কি কৰিব লাগে, কি উচিত?

অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

যিসকল সৰলচিতীয়া, তেওঁলোকহে সদায় হৰ্ষিত হৈ থাকে। হৰ্ষিতচিত্ত হ’লে সকলোকে আকৰ্ষিত কৰে। হৰ্ষিত হোৱাৰ অৰ্থই হৈছে অতীন্দ্ৰিয় সুখত আত্মহাৰা হোৱা। জ্ঞানৰ সোঁৱৰি আৰু অব্যক্ত স্থিতিৰ অনুভৱ কৰি অতীন্দ্ৰিয় সুখত আত্মহাৰা হোৱাকে হৰ্ষিত অৱস্থা বুলি কোৱা হয়। ইয়াৰ বাবে বাবে সাক্ষীবোধৰ আসনত স্থিৰ হৈ থাকি মায়া আৰু প্ৰকৃতিৰ পুতলা নাচ মনোৰঞ্জনৰ ৰূপত চোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]