09.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ লগত উৰিবলৈ সম্পূর্ণ পৱিত্ৰ হোৱা, সম্পূর্ণ সমৰ্পণ হৈ যোৱা, এই দেহ মোৰ নহয় – একেবাৰে অশৰীৰী হোৱা”

প্ৰশ্ন:
উচ্চ লক্ষ্যত উপনীত হ’বলৈ কোনটো ভয় আঁতৰি যোৱা উচিত?

উত্তৰ:
বহুত সন্তানে মায়াৰ ধুমুহালৈ বহুত ভয় কৰে৷ তেওঁলোকে কয় – বাবা মায়াৰ ধুমুহাই বহুত হায়ৰাণ কৰে, ইয়াক বন্ধ কৰি দিয়া। বাবাই কয় – সন্তানসকল, এয়াতো মুষ্টিযুদ্ধ৷ সেই মুষ্টিযুদ্ধতো এনেকুৱা নহয় যে এফালৰ পৰাই প্ৰহাৰ হৈ থাকে৷ যদি এজনে 10 ঘোচা মাৰে তেন্তে আনজনে 5 ঘোচা নিশ্চয় মাৰিব, সেইবাবে তোমালোকে ভয় খাব নালাগে৷ মহাবীৰ হৈ বিজয়ী হ’ব লাগে, তেতিয়া উচ্চ লক্ষ্যত উপনীত হ’ব পাৰিবা৷

গীত:
দৰ পৰ আয়ে হে কচম লেকে... (দুৱাৰডলিলৈ আহিছোঁ প্ৰতিজ্ঞা লৈ...)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলা৷ নিশ্চয় গীতটিত কিবা ৰহস্য নিহিত হৈ আছে৷ যিটো বাণীবদ্ধ গীত কিনি আনি পিতাই বহি ইয়াৰ অর্থ বুজায়৷ ইয়াক কোৱা হয় – জীৱন্তে মৰি পিতাৰ হোৱা৷ পিতাৰ হোৱাৰ পাছত শিক্ষকৰ হোৱা, শিক্ষকৰ পাছত বেছিভাগে গুৰুৰ শৰণ লয়৷ খ্ৰীষ্টিয়ানসকলেও যেতিয়া সন্তান জন্ম হয় তেতিয়া খ্ৰীষ্টান কৰে৷ গুৰুৰ কোলাত তুলি দিয়ে৷ লাগিলে পাদুৰীয়ে হওঁক বা আন কোনোবাই হওঁক৷ পাদুৰীজনতো যীশুখ্ৰীষ্ট নহয়৷ তেওঁলোকে কয় – তেওঁৰ (যীশুৰ) নামত আমি খ্ৰীষ্টান হওঁ৷

এতিয়া তোমালোক সন্তানসকল প্ৰথমে পিতাৰ হোৱা, অশৰীৰী হোৱা৷ আমাৰ তন-মন-ধন যি কিছু আছে সেয়া বাবাক অর্পণ কৰোঁ৷ জীৱন্তে মৰোঁ অর্থাৎ আমি আত্মাসকল তেওঁৰ হওঁ৷ এইটো বুদ্ধিত থাকিব লাগে৷ যি মোৰ বস্তু আছে, মোৰ শৰীৰ, মোৰ ধন, সম্পত্তি, সম্বন্ধীয় আদি যি কিছু আছে সকলো পাহৰি যায়৷ মৰাৰ পাছত সকলো পাহৰি যোৱা যায় নহয়৷ কিমান উচ্চ লক্ষ্য৷ আমি অশৰীৰী আত্মা৷ এইটো দৃঢ় কৰিব লাগে৷ এনেকুৱা নহয় যে তোমালোকে শৰীৰ ত্যাগ কৰা আৰু মৰি যোৱা। নহয়, আত্মা জানো সম্পূর্ণ পৱিত্ৰ হৈছে৷ যদিও পিতাৰ হৈছা কিন্তু বাবাই কয় – তোমালোক আত্মা অপৱিত্ৰ৷ আত্মাৰ পাখি ভাঙি গৈছে৷ এতিয়া আত্মা উৰিব নোৱাৰে৷ তমোপ্ৰধান হোৱাৰ বাবে এজনো মনুষ্য উভতি যাব নোৱাৰে৷ মায়াই একদম পাখি ভাঙি দিছে৷ বাবাই বুজাইছে – আত্মা সকলোতকৈ তীব্ৰ বেগত যায়৷ আত্মাতকৈ বেগী বস্তু একো নাই৷ আত্মাতকৈ বেগত একো গৈ পাব নোৱাৰে৷ অন্তিমত মহৰ নিচিনাকৈ সকলো আত্মাই দৌৰে৷ ক’লৈ যায়৷ বহুত দূৰ-দূৰণিৰ সূর্য-চন্দ্ৰৰো সিপাৰে৷ তাৰপৰা আকৌ উভতি আহিব নালাগে৷ তেওঁলোকৰ (বিজ্ঞানীসকলৰ) ৰকেট আদিতো গৈ পুনৰ উভতি আহে৷ সূর্যলৈতো যাব নোৱাৰে৷ তোমালোকেতো তাতকৈও বহুত দূৰলৈ যাব লাগে৷ সূক্ষ্মলোকৰ ওপৰত মূললোকলৈ যাব লাগে৷ আত্মাই পাখি পাই যায়৷ হিচাপ-নিকাচ নিষ্পত্তি কৰি আত্মা পৱিত্ৰ হৈ যায়৷ বিনাশৰ সময়ৰ মহিমা বহুত লিখা আছে৷ সকলো আত্মাই হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগে৷ এতিয়াতো সকলো আত্মা মলিয়ন, পাপ আত্মা৷ যদিও ডাঙৰ গুৰু সাধু-সন্ন্যাসী আদি আছে৷ তেওঁলোকে ভাবে – আমি গুৰু৷ ময়েই ব্ৰহ্ম....৷ মই ব্ৰহ্মত গৈ পাইছোঁ৷ এতিয়া ইয়াত বহি আছে, ব্ৰহ্মত আকৌ ক’ত গৈ পালে৷ এতিয়া তোমালোকে জানা – আমি আত্মাসকল ব্ৰহ্মৰ নিবাসী৷ কিন্তু এতিয়া তালৈ কোনেও যাব নোৱাৰে৷ সকলো আত্মাই ইয়াত পুনর্জন্ম লয়৷ এইখন বেহদৰ ড্ৰামা৷ সকলো ভাৱৰীয়াই ভূমিকা পালন কৰিবলৈ তাৰ পৰা নিশ্চয় আহিব লাগে৷ সকলো আত্মা মঞ্চলৈ আহিছে৷ যেতিয়া বিনাশৰ সময় হয় তেতিয়া সকলো আহি যায়, তাত থাকি কি কৰিব! ভাৱৰীয়াই ভূমিকা পালন নকৰাকৈ ঘৰতে জানো বহি থাকিব৷ ড্ৰামাত নিশ্চয় আহিব লাগে৷ তাৰপৰা যেতিয়া সকলো গুচি আহে, তেতিয়া পিতাই পুনৰ সকলোকে লৈ যায়৷ পিতাই কয় – যদিও মই ইয়াত আছোঁ, তথাপিও আত্মাসকল আহি থাকে, ক্ৰমানুসৰি বৃদ্ধি হৈ গৈ থাকে৷ আকৌ তোমালোক যাবাও ক্ৰমানুসৰি৷ সকলো নির্ভৰ কৰে তোমালোকৰ অৱস্থাৰ ওপৰত, সেইবাবে তোমালোক জীৱন্তে মৰিব লাগে৷ মই আত্মা – এইটো নিশ্চয় কৰিবলৈ পৰিশ্ৰম হয়৷ সন্তানসকল বাৰে বাৰে দেহ-অভিমানত আহি পাহৰি যায়৷ দেহী-অভিমানী হৈ তেতিয়া থাকিবা যেতিয়া সম্পূর্ণ সমৰ্পণ হ’বা, বাবা এই সকলোবোৰ আপোনাৰ৷ ময়ো আপোনাৰ৷ এই দেহ যেনিবা মোৰ নহয়েই, ইয়াক মই ত্যাগ কৰি দিওঁ৷ বাবা, মই আাপোনাৰ৷ বাবাই কয় – মোৰ হৈ আন সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া৷ বাকী এনেকুৱা নহয় যে ইয়াত আহি বহি যাব লাগে৷ তোমালোকে নিজৰ পেছাগত কাম-কাজ কৰিব লাগে৷ ঘৰৰ তত্ত্বাৱধান ল’ব লাগে৷ সন্তানসকলে মাতা-পিতাৰ ধাৰ পৰিশোধ কৰিব লাগে৷ তেওঁলোকৰ সেৱা কৰি প্ৰতিদান দিব লাগে৷ মাতা-পিতাৰ প্ৰতিপালনৰ ঋণৰ বোজা সন্তানসকলৰ ওপৰত পৰে৷ এতিয়া পিতাই তোমালোকক প্ৰতিপালন কৰি আছে৷ আৰম্ভণিত যিসকল আহিছিল সকলো তৎক্ষণাৎ সমৰ্পণ কৰি দিলে৷ নিজৰ ওচৰত একো নাৰাখিলে, সমৰ্পণ কৰিলে, সেই ধনেৰে তোমালোক সন্তানসকলে ভাৰতক পাৱন কৰি আছা৷ ভাৰতহে একেবাৰে পৱিত্ৰ আছিল৷ ভাৰতবাসীৰ নিচিনা পৱিত্ৰ সুখী আন কোনো হ’ব নোৱাৰে৷ ভাৰত সকলোতকৈ ডাঙৰ তীর্থ৷ য’ত পতিত-পাৱন পিতা আহি গোটেই সৃষ্টিক, পতিতসকলকো পৱিত্ৰ কৰি তোলে৷ এতিয়া এই তত্ব আদি সকলো শত্ৰু৷ ভূমিকম্প হ’ব, ধুমুহা বলিব কিয়নো তমোপ্ৰধান হয়৷ প্ৰাকৃতিক দুর্যোগ আহিব, বহুত দুখ দিব৷ এই সময়ত সকলো দুখদায়ী বস্তু৷ সত্যযুগত হ’ল সকলো সুখদায়ী বস্তু৷ তাত এই ধুমুহা বা গৰম বতাহ আদি একো নাথাকে৷ তোমালোকৰ ভিতৰতো এই কথাবোৰ বহুত কমসংখ্যকেহে বুজি পায়৷ আজি আছে কাইলৈ নাই তেন্তে কোৱা হ’ব একোৱে বুজা নাই৷ যদিও ইয়ালৈ আহে কিন্তু সকলোৱে স্থায়ী হৈ জানো থাকে৷ ইয়াৰ পৰা গ’ল, 10 দিন পাছত খবৰ লিখিব – বাবা, অমুকক মায়াই খাই পেলালে৷ এনেকুৱা হৈ থাকে৷ সৰু ফুল ডাঙৰ হ’লে তাত ফল ধৰে৷ তেওঁলোকৰ আকৌ আনকো নিজৰ সমান কৰি তোলাৰ শক্তি থাকে৷ তাৰ ফল ওলায়৷

পিতাৰ হ’লা আকৌ প্ৰজাও তৈয়াৰ কৰিব লাগে, উত্তৰাধিকাৰীও তৈয়াৰ কৰিব লাগে৷ পাণ্ডা হৈ বাবাৰ ওচৰলৈ আহিলা, বচ্‌ আমি আহি পালোঁ৷ নহয়, লক্ষ্য উচ্চ৷ সন্তানসকলে কয় – মায়াৰ ধুমুহা বহুত আহে৷ তোমালোক পিতাৰ হৈছা, ধুমুহাতো আহিবই৷ এনেকৈ কয় – বাবা আমি আপোনাৰ আছিলোঁ৷ আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছিলোঁ আকৌ পুনর্জন্ম লৈ 84 জন্ম অতিবাহিত কৰিলোঁ পুনৰ আহি আপোনাৰ হৈছোঁ৷ মইতো আপোনাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম৷ গতিকে এনেকুৱা পিতাক ইমান স্মৰণ কৰিব লাগিব আৰু নিজৰ সমানকৈ গঢ়ি ফল দিব লাগিব৷ নহ’লে মালা কেনেকৈ হ’ব৷ পিতাৰ উত্তৰাধিকাৰী কেনেকৈ কৰি তুলিবা৷ প্ৰজাৰো প্ৰয়োজন, উত্তৰাধিকাৰীৰো প্ৰয়োজন, যিয়ে সিংহাসনত বহিব৷ পিতাৰ ওচৰলৈতো বহুত আহে, আকৌ ত্যাগ কৰি গুচি যায়৷ বুদ্ধিৰ যোগসূত্ৰ ছিঙিল, খেলা সমাপ্ত৷

বহুত সন্তানে বাবাক আহি সোধে – বাবা অৱস্থা কেনেকৈ গঢ়ি তোলোঁ, কোনো ধুমুহা যাতে নাহে৷ ইয়াৰ ৰাস্তাতো দেখুৱায়ে থাকে, পিতাক স্মৰণ কৰা৷ ধুমুহাতো আহিব৷ মুষ্টিযুদ্ধত এনেকুৱা কেতিয়াবা দেখিছা জানো যে কোনোবা এজনেই ঘোচা খাই থাকিব৷ নিশ্চয় দুয়োজনৰেই সাহস থাকিব৷ যদি এজনে 5 ঘোচা মাৰে তেন্তে আনজনে 10 ঘোচা মাৰিব৷ এয়াও মুষ্টিযুদ্ধ৷ পিতাক স্মৰণ কৰি থাকিলে মায়া পলাই যাব কিন্তু তৎক্ষণাৎতো নহ’ব৷ মায়াৰ লগত মল্লযুদ্ধ কৰিব লাগিব৷ এনেকৈ নাভাবিবা যে মায়াই থাপৰ নামাৰিব৷ লাগিলে যিয়েই নহওক, ডাঙৰ মুষ্টিযুদ্ধ হয়৷ বহুতে ভয় খায়, মায়াই একেবাৰে নাকত ধৰি দিয়ে৷ যুদ্ধক্ষেত্ৰ নহয় জানো৷ বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে মায়াই ডাঙৰ বিঘিনি আনি দিয়ে৷ সকলো পৰিশ্ৰম যোগতে হয়৷ যদিও বাবাই কয় – জ্ঞান স্বৰূপ আত্মা মোৰ প্ৰিয়৷ কিন্তু এনেকুৱা নহয় কেৱল জ্ঞান দিওঁতাজন প্ৰিয়৷ প্ৰথমেতো পূৰা যোগ লাগে৷ পিতাক স্মৰণ কৰিব লাগে৷ মায়াৰ বিঘিনিলৈ ভয় কৰিব নালাগে৷ বিশ্বৰ মালিক হোৱা নহয়৷ সকলো হ’বনে? 16108 ৰ মালাতো বহুত ডাঙৰ৷ শেষত গৈ সম্পূর্ণ হ’ব৷ ত্ৰেতাৰ অন্তলৈ কিমান ৰাজকুমাৰ-ৰাজকুমাৰী হয়, কিবাতো চিহ্ন থাকে নহয়৷ 8 (আঠৰো) লক্ষণ আছে৷ 108 ৰো লক্ষণ আছে৷ এয়া একেবাৰে শুদ্ধ৷ ত্ৰেতাৰ অন্তত ইমান – 16108 ৰাজকুমাৰ-ৰাজকুমাৰী হয়৷ আৰম্ভণিতেতো নহ’ব৷ প্ৰথমতে কমসংখ্যক হয় পাছত বৃদ্ধি হৈ গৈ থাকে৷ সেয়া সকলো ইয়াতে হয়৷ সুযোগ বহুত ভাল, কিন্তু পৰিশ্ৰম বহুত৷ গীততো কয়, কেতিয়াও এৰি নায়াওঁ, মৰি যাম...৷ বাবা, এই তন-মন-ধন সকলো আপোনাৰ৷ আমি অশৰীৰী হৈ আপোনাক স্মৰণ কৰোঁ৷ বুদ্ধিৰ যোগসূত্ৰ আপোনাৰ সৈতে গঢ়িম৷ বাবাই আকৌ কয় – এই সকলোবোৰ তোমালোক সম্তানসকলৰ বাবেই৷ সন্তানসকলে কয় – আমাৰ সকলো আপোনাৰ৷ এনেকৈ কয় নহয়, এই সকলোবোৰ ভগৱানে দিছে! এতিয়া পিতাই কয় - এই সকলোবোৰ নাশ হৈ যাব৷ তোমালোকৰ ওচৰত কি আছে? এই শৰীৰো নাশ হৈ যাব৷ এতিয়া মই পুনৰ তোমালোকক সলনি কৰি দিওঁ৷ কেৱল সাল-সলনি কৰে নহয়৷ সেয়েহে পিতাই কয় – সন্তানসকল অশৰীৰী হোৱা৷ মোক স্মৰণ কৰা৷ বুদ্ধিৰে সকলো সমৰ্পণ কৰা৷ ৰজা হৰিশ্চন্দ্ৰৰ কাহিনী আছে নহয়৷ ক’লে – সা-সম্পত্তি ন্যাসত ৰাখি দিয়া৷

পিতাই কয় – এই সকলো শাস্ত্ৰ আদিৰ সাৰ তোমালোকক বুজাওঁ৷ ময়েই তোমালোকক ব্ৰহ্মাৰ মুখৰ দ্বাৰা ৰজা-ৰাণী কৰি তুলিছিলোঁ, এতিয়া পুনৰ কৰি তোলোঁ৷ কেতিয়াও মনুষ্যই মনুষ্যক গীতা শুনাব, ৰাজযোগ শিকাই ৰজা-ৰাণী কৰি তুলিব নোৱাৰে৷ তেন্তে গীতা শুনি কি লাভ৷ পিতাই কয় – মই নিজে কল্পই কল্পই আহি তোমালোকক স্বর্গৰ মালিক কৰি তোলোঁ৷ মোৰ হ’লে তেতিয়াহে উত্তৰাধিকাৰী হ’বা নহয়৷ গতিকে যিমানে যোগত থাকিবা সিমানে শুদ্ধ হৈ গৈ থাকিবা৷ বাবা, এই সকলোবোৰ আপোনাৰ৷ মইতো নিমিত্ত৷ আপোনাৰ হুকুম অবিহনে মই একো নকৰোঁ৷ শৰীৰ নির্বাহ কেনেকৈ কৰিব লাগে তাৰো মত লয়৷ সাধাৰণতে গৰিবেহে সম্পূর্ণ খতিয়ান দিয়ে৷ ধনৱানে দিব নোৱাৰে৷ সমৰ্পণ হ’ব নোৱাৰে, কোনোবা বিৰলজনহে ওলাই আহে৷ যেনেকৈ এজন জনকৰ নাম আছে৷ সতি-সন্ততি আছে, যৌথ সম্পত্তি আছে তেন্তে সেয়া কেনেকৈ বেলেগ হ’ব৷ ধনৱানসকলে নিজৰ সম্পত্তি উলিয়াব কেনেকৈ যে সমৰ্পণ হ’ব? পিতা হয়েই গৰিবৰ কল্যাণ কৰোঁতা৷ সকলোতকৈ গৰিব হ’ল মাতাসকল, তাতকৈ বেছি গৰিব হ’ল কন্যাসকল৷ কন্যাসকলৰ কেতিয়াও উত্তধিকাৰৰ নিচা নাথাকে৷ পুত্ৰ সন্তানসকলৰ পিতাৰ সম্পত্তিৰ নিচা থাকে৷ কিন্তু সেই সকলো ত্যাগ কৰি আকৌ বৈকুণ্ঠৰ উত্তৰাধিকাৰ ল’ব লাগে৷ দান সদায় গৰিবকহে দিয়া হয়৷ ভাৰত হ’ল সকলোতকৈ গৰিব, আমেৰিকা বহুত ধনৱান৷ তেওঁলোকক উত্তৰাধিকাৰ দিয়ে জানো? ভাৰত সকলোতকৈ ধনৱান আছিল আৰু কোনো ধর্ম নাছিল৷ কেৱল ভাৰতবাসীয়ে আছিল, এটাই ভাষা আছিল৷ ভগৱান এজন৷ মই এক সার্বভৌমত্ব, এক ধর্ম, এক ভাষা প্ৰতিষ্ঠা কৰোঁ৷ এজন সর্বশক্তিমান, এখন চৰকাৰ প্ৰতিষ্ঠা কৰোঁ৷ একৰ পৰা আকৌ দুই, তিনি হ’ব৷ এতিয়া কিমান ধর্ম আছে, পুনৰ নিশ্চয় এক ধর্ম হোৱা উচিত৷ 5 হাজাৰ বছৰৰ কথা৷ এটা ধর্ম আছিল৷ বিদ্বানসকলে সত্যযুগৰ আয়ুস লাখ লাখ বছৰ কৰি দিলে৷ সত্যযুগ কি হয় বুজি নাপায়৷ তেওঁলোকে ভাবে, স্বর্গবাসী হ’ল, কিজানি ওপৰলৈ গুচি গ’ল৷ দেলৱাড়া মন্দিৰতো স্বর্গ ওপৰৰ ছাদত আছে৷ সেয়েহে মনুষ্য বিভ্ৰান্ত হৈ যায়৷ প্ৰকৃততে স্বর্গ কোনো ওপৰত নাই৷ তোমালোকে এতিয়া জানা – বাবাৰ ওচৰলৈ গৈ পুনৰ ইয়ালৈকে আহি ৰাজত্ব কৰিম৷ এই জ্ঞান বুদ্ধিত থকা উচিত, যাতে যিকোনো লোককে বুজাব পাৰা৷ অপৈণতসকলকতো মায়াৰূপী চৰায়ে খাই পেলাব, সেইবাবে ফটোও বিচৰা হয়৷ খতিয়ান ৰখা হয়৷

পিতাৰ ওচৰলৈ বাতৰি আহে – অমুকে এডালেই এনেকুৱা জ্ঞানৰ বাণ মাৰিলে যে মই বাবাৰ হৈ গ’লোঁ৷ শাস্ত্ৰতো লিখা আছে – কুমাৰীসকলৰ দ্বাৰা বাণ মাৰিলে৷ হেৰ’, পিতাক কিয় পাহৰিলা? ইয়াকে জ্ঞানৰ বাণ বুলি কোৱা হয়৷ কেৱল পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে৷ বাকী কোনো হিংসক বাণৰ কথা নহয়৷ বাবাই কয় – মই ব্ৰহ্মাৰ মুখেৰে সকলো শাস্ত্ৰৰ ৰহস্য তোমালোকক বুজাওঁ৷ ব্ৰহ্মাতো নিশ্চয় ইয়াত থকা উচিত৷ তেওঁলোকে আকৌ বিষ্ণুৰ নাভিকমলেৰে ব্ৰহ্মাৰ আবিৰ্ভাৱ হোৱা দেখুৱাইছে৷ একোৱেই নাজানে৷ মনুষ্যইতো মনত যি আহিল তাকে লিখি দিলে৷ আৱর্জনাতো বহুত আছে৷ তন্ত্ৰ-মন্ত্ৰ কৰোঁতাও বহুত হৈ গ’ল৷ সত্য যেতিয়া প্ৰকট হয় তেতিয়া মিছলীয়াসকলে তাৰ বিৰুদ্ধাচৰণ কৰে৷ এতিয়া তোমালোকে বুজি পোৱা যে শিৱবাবা হৈছে নিৰাকাৰ আৰু এই ব্ৰহ্মা হ’ল সাকাৰ৷ বাকী নাভি আদিৰতো কোনো কথাই নাই৷ ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া জ্ঞান স্বৰূপ আত্মা হ’ব লাগে, কেৱল জ্ঞান শুনা আৰু শুনাওঁতা নহয়৷ স্মৃতিত থকাৰো যত্ন কৰিব লাগে৷ অশৰীৰী হৈ অশৰীৰী পিতাক স্মৰণ কৰিব লাগে৷

(2) পিতাৰ হৈ অন্য সকলো কথাৰ পৰা মমত্ব নাইকিয়া কৰি দিব লাগে৷ এই দেহো মোৰ নহয়৷ পূৰা দেহী-অভিমানী হৈ সম্পূর্ণ সমৰ্পণ হ’ব লাগে৷

বৰদান:
মাষ্টৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত স্থিৰ হৈ থাকোঁতা সহজ আৰু সদাকালৰ কর্মযোগী হোৱা

যেনেকৈ যেতিয়া কোনো যন্ত্ৰ স্থিৰ (সাজু) কৰা হয় তেতিয়া এবাৰ স্থিৰ কৰাৰ পাছত স্বতঃ চলি থাকে, এইটো ৰীতিৰে মাষ্টৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত নিজক এবাৰ স্থিৰ কৰি দিয়া তেতিয়া কেতিয়াও দুৰ্বলতাৰ শব্দ উচ্চাৰিত নহ’ব। প্ৰতিটো সংকল্প, শব্দ বা কর্ম সেই চেটিং অনুসৰি স্বতঃ চলি থাকিব। এইটো চেটিঙেই সহজ আৰু সদাকালৰ বাবে কৰ্মযোগী, নিৰন্তৰ নির্বিকল্প সমাধিত থাকোঁতা সহজযোগী কৰি তুলিব।

স্লোগান:
‘মই’ৰ পৰিৱৰ্তে ‘বাবা বাবা’ বুলি কোৱা - এয়াই স্মৃতিত থকাৰ প্ৰমাণ।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

যিসকল সহনশীল, তেওঁলোকেহে ড্ৰামাৰ ঢালত স্থিৰ হৈ থাকিব পাৰে আৰু সদায় প্ৰফুল্লিত বা হৰ্ষিত হৈ থাকিব পাৰে। স্বভাৱত সহনশীলতা নাথাকিলে ড্ৰামাৰ ঢালখন ধৰাটোও কঠিন হৈ পৰে। বৰ্তমান সময়ত যিয়েই কৰ্ম কৰা তাত যাতে 'কৰণ-কৰাৱনহাৰ'ৰ স্মৃতি সদায় থাকে। কৰাওঁতাজন হৈছে পিতা, কৰোঁতাজন নিমিত্ত — যদি এইটো স্মৃতিত ৰাখি কৰ্ম কৰা তেতিয়া অনুভৱ হ’ব যেন সাক্ষী হৈ ভূমিকা পালন কৰি আছোঁ ।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]