09.08.26    Avyakt Bapdada     Assame Murli     02.03.2011     Om Shanti     Madhuban


“*“মাষ্টৰ সৰ্বশক্তিমানৰ স্বমানৰ আসনত থাকি, ইজনে সিজনক উৎসাহ-উদ্দীপনা যুগাই, সহযোগী হৈ ব্যৰ্থ সংকল্পৰ আকন ফুল অৰ্পণ কৰি এক নম্বৰৰ পুৰস্কাৰ লোৱা”*”


আজি তোমালোক সকলোৱে আৰু লগতে চাৰিওফালে থকা সকলো সন্তানে অমৃতবেলাৰ পৰাই নিজৰ প্ৰেম আৰু আনন্দৰ স্নেহ ভৰা অভিনন্দন, জনাই আছে। সেয়েহে পিতায়ো তোমালোক সকলো বিশেষ অতিকৈ মৰমৰ সন্তানসকলক এই জয়ন্তীৰ অভিনন্দন জনাবলৈ আহিছে। প্ৰতিগৰাকী সন্তানেই পিতাৰ বাবে অতি মৰমৰ, অন্তৰৰ আদৰৰ সন্তান। সেয়েহে বাপদাদাই নিজৰ দুবাহুৰ মালাৰে তোমালোক সকলোকে অভিনন্দন জনায়।

বাপদাদাই দেখিবলৈ পাইছে, তোমালোকেতো সন্মুখত অভিনন্দন জনায়ো আছা আৰু লৈও আছা, কিন্তু চাৰিওফালৰ সন্তানসকলেও বহু স্থানৰ পৰা অভিনন্দন জনাই আছে আৰু পিতায়ো দেশ-বিদেশ সকলো ফালৰ সন্তানসকলক অতি স্নেহপূৰ্বক অভিনন্দন জনাই আছে। বাপদাদাই দেখিছে যে প্ৰত্যেক সন্তানে আনন্দময় চেহেৰাৰে প্ৰেমৰ সাগৰত সাঁতুৰি আছে। পিতা আনন্দিত হৈছে যে পিতা অকলে নাহে, সন্তানসকলৰ সৈতেহে আহে, কাৰণ পিতা অহাৰ মূল কাৰণেই হ’ল যজ্ঞ ৰচনা কৰা। তেন্তে যজ্ঞত কোন থাকে? ব্ৰাহ্মণ, সেয়েহে পিতা অকলে নাহে, সন্তানসকলৰ সৈতেই আহিছে, কাৰণ এই জয়ন্তী সকলো জয়ন্তীতকৈ অপূৰ্ব। গোটেই কল্পত এই এটাই জয়ন্তী আছে য’ত পিতা আৰু সন্তানসকলৰ একেলগে জন্ম হয়, সেয়েহে এইটো জয়ন্তীক হীৰা-তুল্য জয়ন্তী বুলি কোৱা হয়। পিতাও বিশেষ আদি ৰত্ন সন্তানসকলক বিশেষ অভিনন্দন জনাই আছে। তেন্তে তোমালোক সকলো আজি অভিনন্দন জনাবলৈ আহিছা নে গ্ৰহণ কৰিবলৈও আহিছা! পিতাৰ কথাই হ’ল—একেলগে থাকিম, একেলগে উৰিম, একেলগে আহিম আৰু পিতা ব্ৰহ্মাৰ সৈতে ৰাজত্ব কৰিম। একেলগে থকাৰ প্ৰতিশ্ৰুতি আছে। তোমালোকেও কি কোৱা? আমিয়ো য’ত পিতা, ত’ত একেলগে থাকিম। এয়া সন্তানসকলৰ পিতাৰ প্ৰতি, আৰু পিতাৰ সন্তানসকলৰ প্ৰতি প্ৰতিশ্ৰুতি। শৰীৰৰ দ্বাৰা য’তেই নাথাকা কিয়, কিন্তু অন্তৰত পিতা সদায় লগত আছে সেয়েহে পিতাক ‘দিলাৰাম’ বুলি কোৱা হয়। ইয়াত স্মাৰকো ‘দিলৱালা’ (দেলৱাড়া) মন্দিৰ আছে। গতিকে সকলোৰে অন্তৰত দিলাৰাম আছে নহয়! আৰু পিতাই সদায় সন্তানসকলক কয়—কেতিয়াও অকলশৰীয়া নহ’বা। সদায় লগত আছো, লগত থাকিবই লাগে। অকলশৰীয়া হ’লে মায়াই সুযোগ লয়, আৰু লগত থাকিলে স্বয়ং ‘লাইট হাউছ’ লগত আছে, যাৰ আগত মায়া দূৰৈৰ পৰাই আঁতৰি যায়, ওচৰলৈকো আহিব নোৱাৰে, সেয়েহে সন্তানসকলৰ পিতাৰ প্ৰতি, আৰু পিতাৰ সন্তানসকলৰ প্ৰতি সদায় লগত থকাৰ প্ৰতিশ্ৰুতি আছে। তোমালোক সকলোৰে প্ৰতিশ্ৰুতি আছে নহয়! লগত আছোঁ, লগত থাকিম। লগত থাকি ভাল লাগে নহয়? বাৰু, হাত দাঙা।

বাপদাদাই দেখিলে যে প্ৰত্যেক সন্তানেই অমৃতবেলা পিতাৰ সৈতে অন্তৰৰ কথা বহু পাতে। এনেয়েতো সময় পোৱা নাযায়, কিন্তু অমৃতবেলা প্ৰত্যেকে অতি মিঠা মিঠা অন্তৰৰ কথা পাতে আৰু পিতায়ো প্ৰত্যেক সন্তানৰ অন্তৰৰ কথা শুনি সকলো কথাৰ উত্তৰো দিয়ে। সকলো এটা কথাত বৰ আনন্দিত যে যেতিয়াই আমি অন্তৰেৰে কওঁ — 'মোৰ বাবা', তেতিয়া পিতা উপস্থিত হৈ যায়। হজুৰ হাজিৰ হৈ যায়। ইয়াত কেৱল অন্তৰৰ কথা, আন একো কৰাৰ প্ৰয়োজন নাই, অন্তৰেৰে ক’লা 'মোৰ বাবা', হজুৰ হাজিৰ।

গতিকে আজি চাৰিওফালৰ পৰা বাপদাদাৰ কাণত মধুৰ গীত বাজি আছিল। কোনটো গীত? “মোৰ বাবা, মৰমৰ বাবা, মিঠা বাবা'—আৰু বাপদাদাও সন্তানসকলৰ স্নেহত সমাহিত হৈ আছিল, সমাহিত হৈ আছে। এতিয়া বাপদাদাই তোমালোকৰ স্নেহৰ দিব্য কৰ্তব্য দেখি কয় যে তোমালোকৰ ভক্তসকল, তেওঁলোকো কম বুদ্ধিৰ নহয়। তেওঁলোকেও তোমালোকৰ স্মাৰকৰ নকল অতি ধুনীয়াকৈ বনাইছে। দ্বাপৰত আহিল, প্ৰথম জন্ম এনেও সতোপ্ৰধান হয়, কাৰণ পৰমধামৰ পৰা আত্মা আহে। গতিকে ভক্তসকলৰ ফালেও আজি দৃষ্টি গ’ল। গতিকে নকল বৰ যুক্তিযুক্তভাৱে কৰিছে, কাৰণ তোমালোকৰ আৰম্ভণিৰ বিশেষ ভক্তসকলে, যেনেকুৱা তোমালোকৰ বাস্তৱিক কৰ্ম, তেনেকৈয়ে তেওঁলোকেও স্মাৰকৰ নকল ভালকৈ বনাইছে। কিন্তু তোমালোকৰ হৈছে বাস্তৱিক, তেওঁলোকৰ স্মাৰক। যেনেকৈ তোমালোকে ব্ৰত ল’লা—কোনটো ব্ৰত ল’লা? পৱিত্ৰতাৰ। গতিকে তেওঁলোকেও ব্ৰত লয়, ব্ৰতৰ নকল কৰিছে, কিন্তু তোমালোকৰ ব্ৰত এটা জন্ম ল’লে অনেক জন্ম সেই ব্ৰত চলে। তেওঁলোক এদিনৰ বাবে পৱিত্ৰ হৈও থাকে আৰু খোৱা-বোৱাও শুদ্ধ কৰি ৰাখে। তোমালোকৰ 21 জন্মৰ ব্ৰত, তেওঁলোকৰ অল্পকালৰ। ঠিক তেনেকৈয়ে জাগৰণ—তোমালোক আলোকত আহিলা আৰু গোটেই বিশ্বৰ পৰা অন্ধকাৰ দূৰ কৰিলা। আধাকল্প অন্ধকাৰ আহিব নোৱাৰে। মনৰ অন্ধকাৰ দূৰ কৰিলা আৰু বাহিৰৰ প্ৰকৃতিৰ দুখ সেই অন্ধকাৰ দূৰ কৰিলা। তেওঁলোকেও নকল কৰিছে, জাগৰণ কৰে। আৰু এটা কথা, তোমালোক পিতাৰ প্ৰতি উছৰ্গিত হৈ গ’লা, বলিহাৰ হ’লা। সম্পূৰ্ণ সমৰ্পিত হৈ গ’লা, তেওঁলোকেও নকল কৰিছে কিন্তু নিজক নকৰে, নিজক বলিহাৰ নকৰে, কাক কৰে? জানা নহয়! ছাগলীক কৰায়। ছাগলীক কিয় বাচি ল’লে, আন কাকো কিয় নিবিচাৰিলে? সকলোৱে হাঁহি আছে, জানা! যিটো পিতাই তোমালোক সন্তানসকলক বাৰে বাৰে ইংগিত দিয়ে যে 'মই বোধ' এৰি নিমিত্ত ভাৱ ধাৰণ কৰা, গতিকে তেওঁলোকেও ছাগলী বাচি লৈছে কিয়নো ছাগলিয়েও 'মেঁ-মেঁ' (মই মই) কৰি থাকে। তেন্তে ভক্তসকলৰ বুদ্ধি চমৎকাৰীতো হয় নহয়! তোমালোকৰ ভক্ত হয় নহয়! পিতাৰ, অৰ্থাৎ তোমালোকৰ ভক্ত। সেইবাবেই পিতাই তোমালোকৰ ভক্তসকলকো, যিসকলে সঁচা অন্তৰেৰে ভক্তি কৰে, তেওঁলোকক ভক্তিৰ কিবা নহয় কিবা ফল দি দিয়ে। তেওঁলোকো সদায় সঁচা আৰু সাত্ত্বিক হৈ থাকে, আনন্দিত হৈ থাকে। দুখত দুখী নহয়, কাৰণ ভক্তি সঁচা অন্তৰেৰে কৰে। সেয়েহে পিতায়ো আজিকালি তোমালোক সন্তানসকলক এইটোৱেই ইংগিত দিয়ে যে 'মই-বোধ' নানিবা। মই যি কওঁ সেয়াই হওক, ময়েই সঠিক কওঁ, সেয়াই হ’ব লাগে। এই মই মই, এটা হ’ল সাধাৰণ—মই শৰীৰধাৰী, দেহধাৰী; গতিকে এটা হ’ল সাধাৰণ 'মই', আৰু দ্বিতীয়টো হ’ল সূক্ষ্ম 'মই', য’ত পিতাৰ দানকো 'মই কৰিলো', 'মই ক’লো', 'মই কৰো' পিতাৰ বিশেষত্বসমূহতো মই বোধ আহি যায়। জ্ঞানৰ বোধ, বিশেষত্বসমূহৰ বোধতো সূক্ষ্ম 'মই-বোধ' আহি যায়। সেয়েহে পিতাই ইংগিত দি থাকে যে 'মই' আৰু 'মোৰ' এৰি সদায় 'মোৰ বাবা'—সেইফালে অন্তৰৰ টান থাকিব লাগে। হদৰ 'মোৰ', মোৰ নাম, মোৰ মৰ্যাদা, ইয়াক সমাপ্ত কৰি 'মই বাবাৰ, বাবা মোৰ'— কিমান আনন্দিত হোৱা যায়! ভগৱান মোৰ হৈ গ’ল, আৰু কি লাগে! গতিকে এটা হ’ল সাধাৰণ 'মোৰ', আনটো হ’ল সূক্ষ্ম 'মোৰ'। এই সূক্ষ্ম মোৰে মলিন কৰি দিয়ে আৰু 'মোৰ বাবাই সমৃদ্ধিশালী কৰি দিয়ে!

তেন্তে আজি জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা। নিজৰো জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা নহয়! পিতাই সন্তানসকলৰ অবিহনে একো নকৰে সেয়েহে আজি পিতা সন্তানসকলৰ জন্ম উৎসৱৰ অভিনন্দন জনাবলৈ আহিছে—'বাঃ মোৰ সন্তান বাঃ!' এতিয়া এটা কথা কওঁ, প্ৰস্তুত আছেনে? কওঁনে? কৰিব লাগিব কিন্তু। হাত দাঙা, কৰিবানে? ডবল বিদেশীসকলে কৰিবানে? শিক্ষকসকলে কৰিবানে? বাৰু। আজি বাপদাদাই যেনেকৈ স্মাৰকত শিৱ পৰমাত্মাৰ স্মাৰকত আকন ফুল অৰ্পণ কৰে, গোলাপ ফুল নকৰে, অন্য কোনো ফুল নিদিয়ে, আকন ফুল অৰ্পণ কৰে। গতিকে আজি বাপদাদাই তোমালোকে কোনটো কথা অৰ্পণ কৰিবা, তাৰ ‘হোমৱৰ্ক’ দিব বিচাৰিছে। প্ৰস্তুত আছা নহয়! বাৰু।

সন্তানসকলৰ এইটো পিতাৰ বৰ ভাল লাগে, 'হয় হুজুৰ' সকলোৱে কৰে। গতিকে আজি জন্মদিনত পিতাৰ এইটো সংকল্প যে
সকলোৱে ইজনে সিজনক উৎসাহ-উদ্দীপনা যুগাই, ইজন সিজনৰ সহযোগী হৈ ব্যৰ্থ সংকল্পৰ আকন ফুল অৰ্পণ কৰা। ব্যৰ্থ সংকল্প কৰিবও নালাগে, শুনিবও নালাগে আৰু সঙ্গত আহি ব্যৰ্থ সংকল্পৰ সঙ্গদোষৰ ৰং লগাব নালাগে কাৰণ য’ত ব্যৰ্থ সংকল্প থাকিব, ত’ত স্মৃতিৰ সংকল্প, জ্ঞানৰ মধুৰ বাণী যাক মুৰুলী বুলি কোৱা, সেই শুদ্ধ সংকল্প স্মৃতিত নাথাকিব। লাগিলে মুৰুলী শুনিলেও বা পঢ়িলেও—যিটো আৱশ্যকীয়, ব্ৰাহ্মণসকলৰ নিয়ম—কিন্তু শুনা পৰ্যন্তহে থাকিব। মনত মনন নচলিব। ভাবিব, ক’ব—আজিৰ মুৰুলী বৰ ভাল আছিল। ভাবি আছো কি আছিল...। বৰদানো বৰ ভাল আছিল, কিন্তু মনত পৰি যাব...। ব্যৰ্থ সংকল্পই মন-বুদ্ধি নিজৰ পিনে আকৰ্ষিত কৰে। গম পোৱানে, তোমালোকে পিতাৰ আগত কি কোৱা? 'পিতা, আগ্ৰহজনক বাতৰিতো শুনিব লাগে নহয়, জ্ঞানৱান হ’ব লাগে কিন্তু ব্যৰ্থ কথাই পদ প্ৰাপ্তিত লোকচান কৰি দিব। গতিকে তোমালোক সকলোৱে ব্যৰ্থ সংকল্প ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি পিতাৰ আগত দিয়ানে? তোমালোকে ক’বা — মইতো নিবিচাৰো, কিন্তু ব্যৰ্থ আহি যায়। নিবিচাৰো কিন্তু আহি যায়। গতিকে পিতাক দৃঢ় সংকল্পৰে দিলে... প্ৰথমে দিব জানানে? পিতাক দি দিলা। দি দিয়া বস্তু যদি তোমালোকৰ ওচৰলৈ ঘূৰিও আহে, তেন্তে দি দিয়া বস্তু তোমালোকে ৰাখিবা নে ঘূৰাই দিবা? যদি দি দিয়া বস্তু তোমালোকে নিজৰ ওচৰত ৰাখা, তেন্তে তোমালোকৰ উপাধি কি হ’ব? গতিকে পিতাক এবাৰ নিজৰ ইচ্ছাৰে দৃঢ়তাৰে দি দিয়া আৰু বাৰে বাৰে পৰীক্ষা কৰা যে দি দিয়া বস্তু মোৰ ওচৰলৈ ঘূৰি অহাতো নাই! আনৰ বস্তু নিজৰ কৰি লোৱা, ইয়াক ভাল বুলি নকয়। গতিকে নিতৌ আৰাম কৰাৰ আগতে, আৰাম পাছত কৰিবা, প্ৰথমে পৰীক্ষা কৰিবা যে আজি গোটেই দিনটোত কোনো ব্যৰ্থ সংকল্প উদয়তো নহ’ল? কৰাতো নাই? দি দিয়া বস্তু ঘূৰাইতো নল’লো?

গতিকে আজি জন্মদিনৰ উপহাৰ দিয়াৰ সাহস আছে নহয়! সাহস আছেনে? হাত দাঙা, সাহস আছেনে? তেন্তে য’ত সাহস আছে, ত’ত বাপদাদাই তোমালোকক উপহাৰ দিব। তোমালোকে অন্তৰেৰে ক’বা—মোৰ বাবা, দয়ালু কৃপালু বাবা, আপুনি এই বস্তুটো লৈ লওক। যদি অন্তৰেৰে কোৱা তেন্তে পিতাই অতিৰিক্ত উপহাৰ দিব, কিয়নো সাহস তোমালোকৰ, অতিৰিক্ত সহায় পিতাৰ। য’ত সাহস আছে, ত’ত পিতাৰ সহায় অৱশ্যে আছে, এইটো অনুভৱ কৰিছা নহয়! কাৰণ বাপদাদাই বহু সময়ৰ পৰা সূচনা দি আছে যে এতিয়া তীব্ৰ পুৰুষাৰ্থৰ ৰাস্তা হ’ল তিনিটা বিন্দু লগোৱা। মই বিন্দু, পিতা বিন্দুক স্মৰণ কৰিব লাগে আৰু পাৰ হৈ যোৱা কথাত বিন্দু (যতি) লগাব লাগে যাক বাপদাদাই কয় মনন কৰা—বিন্দু হ’ব লাগে, বিন্দু চাব লাগে আৰু বিন্দু লগাব লাগে, সেয়েহে বিন্দুৰ বহুত গুৰুত্ব আছে। আজিকালিৰ দিনতো বিন্দুৰ মহত্ব আছে। চোৱা, টকা গণনা কৰে নহয়। আজিকালি সকলোৰে মৰম, সকলোতকৈ বেছি কাৰ লগত? টকাৰ লগত। তেন্তে টকা কেনেকৈ বাঢ়ে? বিন্দু লগাই যোৱা, 10 ত বিন্দু লগোৱা 100 হৈ যাব। দ্বিতীয়টো বিন্দু লগোৱা 1000 হৈ যাব। গতিকে বিন্দুৰ মহত্ব আছে, কিন্তু আচল বিন্দু কোনটো, সেইটো পাহৰি গৈছা। তেন্তে আজি পিতাক জন্মদিনৰ উপহাৰ দিলানে? দিলানে? অন্তৰৰ পৰা দিলানে? কিয়, কি—এনেকৈতো নোকোৱা নহয়? কেনেকৈ কৰো, কি কৰো? এই 'কিয়-কেনেকৈ'ৰ ভাষা বেয়া। কিয় কৰো, কেনেকৈ কৰো, কিয়-কি—এনে প্ৰশ্ন নকৰিবা। তেন্তে উপহাৰ দিবলৈ আনন্দেৰে হাত দাঙিছা নে সংগঠনৰ মাজত বাধ্য হৈ দাঙিছা? কাৰণ বাধ্য হৈ কৰাজনৰ সদায় নহ’ব, কেতিয়াবাহে হ’ব। অন্তৰেৰে কৰাজনে কৰিবই, হ’বই। উপহাৰ দি দিলা, দিবই লাগিব। এনেকৈ আনন্দেৰে সংকল্প কৰিলে, তোমালোক সৰ্বশক্তিমান পিতাৰ সন্তান 'মাষ্টৰ সৰ্বশক্তিমান'ৰ বাবে কিনো ডাঙৰ কথা! আসনত থাকিবা, মাষ্টৰ সৰ্বশক্তিমানৰ আসনত সদায় স্থিৰ হৈ থাকিবা। নাপাহৰিবা। এইটো স্বমান হয় নহয়। নিজৰ স্বমান ত্যাগ কৰা নাযায়। স্বমানৰ বাবেতো যুঁজো কৰে। সেয়েহে আজি পিতাৰ মৰম জাগিল যে সৰু সৰু কথাত নিজৰ স্বমান, পৰমাত্মাৰ পৰা প্ৰাপ্ত স্বমান... মানুহৰ পৰা পোৱা স্বমান তাতো কিমান নিচা থাকে! এয়া পৰমাত্মাৰ পৰা পোৱা স্বমান—মাষ্টৰ সৰ্বশক্তিমান। যি বিচৰা তাকেই কৰিব পাৰা। সাহস আছেনে? কান্ধ জোকাৰা। হাত নহয়, কান্ধ লৰোৱা। সাহস আছেনে? শিক্ষকসকল! তোমালোকে কৰাব লাগিব, মনোযোগ দিব লাগিব। তোমালোকে কৰিবা আৰু মনোযোগ আকৰ্ষণ কৰাই কৰাবা। নিমিত্ত হোৱা নহয়। তাৰ পাছত চাম কোনটো ক্লাছে, কাৰ ক্লাছে প্ৰথম স্থান লয়? তাৰ পাছত ভাল পুৰস্কাৰ দিম। কি পুৰস্কাৰ দিম, সেইটো নকওঁ। ভাল পুৰস্কাৰ দিম। গোটেই ক্লাছটোৱে চেষ্টা কৰিবা। এনেকুৱা নহয় যে এজনে কৰিলা, নহয়। গৰিষ্ঠসংখ্যকে কৰক।

গতিকে আজি বাপদাদাৰ এটি এটি সন্তানৰ প্ৰতি মৰম জাগিছে যে সকলো এক নম্বৰত আহক। দুই নম্বৰত নহয়। প্ৰথম ৰাজ সিংহাসনত নবহিলেও, সিংহাসনততো দুগৰাকী বহিব, কিন্তু প্ৰথম ৰাজধানী, প্ৰথম ৰাজ পৰিয়ালৰ সম্পৰ্কত আহক। দুই নম্বৰটো হৈ গ’লা, কিন্তু ৰাজত্ব কৰিব লাগে, ৰাজ অধিকাৰী হ’ব লাগে, গতিকে প্ৰথমে ৰাজ্যত আহক। বাপদাদাৰ সন্তানসকলৰ প্ৰতি এইটোৱেই মৰম যে এটি এটি সন্তান কিবা না কিবা বিশেষত্বত এক নম্বৰ হওক। ক্ৰমানুসৰি নহয়, এক নম্বৰ। উৎসাহ আছেনে? এক নম্বৰত আহিব লাগে নে যি পোৱা যায় সেয়াই ভাল? 'ভাল, ভাল' বুলি নক’বা। পিতাৰ আশা আছে প্ৰত্যেক সন্তান কিবা নহয় কিবা চমৎকাৰত এক নম্বৰ হওক। চাৰিটা বিষয় আছে, কোনোবা নহয় কোনোবা বিষয়ত এক নম্বৰ হ’বই লাগে। হ’বই লাগে, ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিয়া। বাৰু, বেছি পৰিশ্ৰম কৰিবলৈ নিদিওঁ, কোনোবা নহয় কোনোবা বিষয়ত এক নম্বৰ। এইটোতো সহজ হয় নহয়! বাকী আজিৰ দিনটোত অমৃতবেলা এটি এটি সন্তান যিসকলে মিলন উদ্‌যাপন কৰি আছিল, বৰ আনন্দময়, হৰ্ষিত, আনন্দময় চেহেৰা দেখিবলৈ পোৱা গৈছিল। আৰু পিতায়ো প্ৰতিগৰাকী সন্তানক সদায় উৰন্ত কলাৰ বৰদান দিলে। চলন্ত কলা নহয়, উৰন্ত কলা। গতিকে বাপদাদাৰ আজিৰ এই বৰদান স্মৃতিত ৰাখিবা। বাপদাদাই তোমালোকৰ আৰু নিজৰ জয়ন্তী উপলক্ষে কি বৰদান দিলে? উৰন্ত কলাধাৰী হোৱা। তোমালোকেও গোটেই দিনটো শিৱৰাত্ৰি উৎসৱ অন্তৰত পালন কৰিছা নহয়! গতিকে সকলো ভাল, ভাল হৈ থাকিব, অতি উত্তম ৰাজ্যপদ প্ৰাপ্ত কৰিব। সকলো ভাল হোৱা নহয়! পিতাইতো ভাল দৃষ্টিৰেই চায়। বাৰু।

চাৰিওফালৰ সন্মুখতে বহি আছা বা নিজৰ নিজৰ স্থানত বহি উৎসৱ পালন কৰি আছা, সকলোকে বাপদাদায়ো দেখি হৰ্ষিত হৈ আছে আৰু সন্তানসকলেও পিতাৰ মিলন দেখি আনন্দিত হৈছে। কিন্তু আজিৰ সংকল্প কৰিবা—সদায় আনন্দিত। কেতিয়াবা কেতিয়াবা নহয়, সদায় আনন্দিত। যিয়েই দেখা পায়, তোমালোকৰ চেহেৰা দেখি ভাবক যে এওঁলোকক বৰ ভাগ্যৱান আত্মা যেন লাগে। তোমালোকৰ ভাগ্য যাতে চলন আৰু চেহেৰাত দেখা পোৱা যায়। এনে নহয় যে কেৱল মনতেই বহুত আছে, নহয়। তোমালোকৰ ভাগ্যৱান চেহেৰা, আনন্দময় চেহেৰাই আনক পৰিচয় দিব। চেহেৰাই ক’ব যে কিবা আছে। তোমালোকৰ চেহেৰাই সেৱা কৰক। পিতাৰ ওচৰলৈ আনক। আনন্দময় হৈ থকা - এইটোও সেৱাৰ সাধন। গতিকে চাৰিওফালৰ সন্তানসকলক তোমালোককো জন্মদিনৰ পদমগুণ অভিনন্দন, অভিনন্দন, অভিনন্দন। বাৰু।

বৰদান:
সংশয়ৰ সংকল্প সমাপ্ত কৰি মায়াজীৎ হওঁতা বিজয়ী ৰত্ন হোৱা

কেতিয়াও যাতে প্ৰথমেই এইটো সংশয়ৰ সংকল্প উৎপন্ন নহয় যে গম নাপাওঁ কিজানি মই অনুত্তীৰ্ণ হৈ যাওঁ, সংশয়বুদ্ধিৰ হ’লেই পৰাজয় হয়, সেয়েহে সদায় এইটোৱে সংকল্প থাকিব লাগে যে মই বিজয় প্ৰাপ্ত কৰিয়েই দেখুৱাম। বিজয়তো আমাৰ জন্মসিদ্ধ অধিকাৰ, এনেকৈ অধিকাৰী হৈ কৰ্ম কৰিলে বিজয় অৰ্থাৎ সফলতাৰ অধিকাৰ অৱশ্যে প্ৰাপ্ত হয়, ইয়াৰ দ্বাৰাই বিজয়ী ৰত্ন হৈ যাবা সেয়েহে মাষ্টৰ জ্ঞানৱানৰ মুখৰ পৰা কেতিয়াও নাজানো শব্দ উচ্চাৰিত হ’ব নালাগে।

স্লোগান:
দয়াৰ ভাৱনাই সহজে নিমিত্ত ভাৱ জাগ্ৰত কৰি দিয়ে।

অব্যক্ত ইংগিত: অৱপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

যেনেকৈ লাজুকীবনত অলপ হাত লগালেই শক্তিহীন হৈ যায়, তাত সময় নালাগে। তেনেকৈ তোমালোকে এক ছেকেণ্ডৰ শুদ্ধ সংকল্পৰ শক্তিৰে মায়াক লাজুকীবনৰ দৰে মূৰ্ছিত কৰি দিয়া। নিজৰ নিজা স্বৰূপ, বৰদানী স্বৰূপ সদায় স্মৃতিত থাকিলে অপৱিত্ৰতা তথা বিস্মৃতিৰ নাম-চিহ্নও নাথাকে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]