10.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানৰ সাৰ কথাবোৰ স্মৃতিত ৰাখা তেতিয়া আনন্দিত হৈ থাকিবা, তোমালোক এতিয়া স্বৰ্গৰ
দ্বাৰত থিয় হৈ আছা, বাবাই মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰাই আছে”
প্ৰশ্ন:
নিজৰ
ৰেজিষ্টাৰ ঠিকে ৰাখিবলৈ কোনটো মনোযোগ নিশ্চয় দিব লাগে?
উত্তৰ:
মনোযোগ দিব লাগে যে মন-বাণী-কৰ্মৰে কাকো দুখতো নিদিলোঁ? নিজৰ স্বভাৱ অতি উত্তম,
অমায়িক হ'ব লাগে। মায়াই যাতে নাক-কাণত ধৰি এনেকুৱা কোনো কৰ্ম কৰাই নিদিয়ে যাৰ বাবে
কোনোবাই দুখ পায়। যদি দুখ দিয়া তেন্তে বহুত অনুতাপ কৰিবলগীয়া হ’ব। ৰেজিষ্টাৰ বেয়া
হৈ যাব।
গীত:
নয়নহীন কো ৰাহ
দিখাও প্ৰভূ........(নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভূ……..)
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায়। বহুত সহজ মাৰ্গৰ বিষয়ে বুজোৱা হয় তথাপিও সন্তানসকলে উজুটি খাই
থাকে। ইয়াত বহি আছে গতিকে বুজি পায় যে আমাক পিতাই পঢ়ায়, শান্তিধামলৈ যোৱাৰ ৰাস্তা
দেখুৱায়। বহুত সহজ। পিতাই কয় - দিনে-ৰাতিয়ে যিমান সম্ভৱ স্মৃতিত থাকিবা। সেই
ভক্তিমাৰ্গৰ যাত্ৰা ভৰিৰ দ্বাৰা হয়। বহুত ঠেলা-গঁতা খাবলগীয়া হয়। ইয়াত তোমালোক বহি
থাকিও স্মৃতিৰ যাত্ৰাত আছা। এইটোও পিতাই বুজাইছে - দৈৱীগুণ ধাৰণ কৰিব লাগে। চয়তানী
অৱগুণবোৰ শেষ কৰি যোৱা। কোনো ধৰণৰ চয়তানী কাম নকৰিবা, ইয়াৰ দ্বাৰা বিকৰ্ম হৈ যায়।
পিতা আহিছেই তোমালোক সন্তানসকলক সদায় সুখী কৰি তুলিবলৈ। কোনোবা বাদশ্বাহৰ সন্তান
হ’লে তেওঁ পিতাকক আৰু বাদশ্বাহী দেখি আনন্দিত হ'ব নহয়। যদিও বাদশ্বাহী আছে কিন্তু
তথাপিও শৰীৰৰ ৰোগ আদিতো হয়েই। ইয়াত তোমালোক সন্তানসকলৰ নিশ্চয়তা আছে যে শিৱবাবা
আহিছে, তেওঁ আমাক পঢ়াই আছে। পুনৰ আমি স্বৰ্গলৈ গৈ ৰাজত্ব কৰিম। তাত কোনো প্ৰকাৰৰ
দুখ নাথাকিব। তোমালোকৰ বুদ্ধিত ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। এই
জ্ঞান আৰু কোনো মনুষ্য মাত্ৰৰ বুদ্ধিত নাই। তোমালোক সন্তানসকলেও এতিয়া বুজি পোৱা যে
আগতে আমাৰ জ্ঞান নাছিল। পিতাক আমি নাজানিছিলোঁ। মনুষ্যই ভক্তিক বহুত উত্তম বুলি ভাবে,
অনেক প্ৰকাৰৰ ভক্তি কৰে। তাত সকলোবোৰ হৈছে স্থূল কথা। সূক্ষ্ম কথা একোৱেই নাই। এতিয়া
অমৰনাথৰ যাত্ৰাত স্থূল ৰূপতে যাব নহয়। তাতো এই লিঙ্গ আছে। কাৰ ওচৰলৈ যায়, মনুষ্যই
একোৱেই নাজানে। এতিয়া তোমালোক সন্তানসকলে ক'তো ঠেলা-গঁতা খাবলৈ নোযোৱা। তোমালোকে
জানা যে আমি পঢ়োঁৱেই নতুন সৃষ্টিৰ কাৰণে। য'ত এই বেদ-শাস্ত্ৰ আদি নাথাকেই। সত্যযুগত
ভক্তি নাথাকে। তাত হৈছেই সুখ। য'ত ভক্তি আছে ত’ত দুখ আছে। এই গোলকৰ (সৃষ্টি চক্ৰৰ)
চিত্ৰখন বহুত ভাল। স্বৰ্গৰ দ্বাৰ ইয়াত অতি স্পষ্টকৈ আছে। এইটো বুদ্ধিত থাকিব লাগে।
এতিয়া আমি স্বৰ্গৰ দ্বাৰত বহি আছোঁ। বহুত আনন্দিত হ'ব লাগে। জ্ঞানৰ সাৰ কথাসমূহ
স্মৰণ কৰি তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব পাৰা। এইটো জানা যে এতিয়া আমি
স্বৰ্গৰ দ্বাৰলৈ গৈ আছোঁ। তাত বহুত কমসংখ্যক মনুষ্য থাকে। ইয়াত কিমান অনেক মনুষ্য
আছে। কিমান ঠেলা-গঁতা খাই থাকে। দান-পুণ্য কৰা, সাধুসকলৰ পিছত হাবাথুৰি খাই ফুৰা
কিমান আছে তথাপিও আহ্বান জনাই থাকে - হে প্ৰভু নয়নহীনক মাৰ্গ-দৰ্শন কৰক..... সদায়
মুক্তি-জীৱনমুক্তিৰ মাৰ্গ বিচাৰে। এইখন পুৰণি দুখৰ সৃষ্টি, সেয়াও তোমালোকে জানা।
মনুষ্যই গম নাপায়। কলিযুগৰ আয়ুস হাজাৰ হাজাৰ বছৰ বুলি কৈ দিয়ে গতিকে বেচেৰাহঁত
অন্ধকাৰত আছে নহয়। তোমালোকৰ ভিতৰতো ক্ৰম অনুসৰি আছে যিয়ে এইটো জানে যে যথাযথ আমাৰ
বাবাই আমাক ৰাজযোগ শিকাই আছে। যেনেকৈ বেৰিষ্টাৰী যোগ, ইঞ্জিনিয়াৰিং যোগ থাকে নহয়।
পঢ়োঁতাসকলৰ শিক্ষকহে স্মৃতিত থাকে। বেৰিষ্টাৰী জ্ঞানৰ দ্বাৰা মনুষ্য বেৰিষ্টাৰ হৈ
যাব। এয়া হৈছে ৰাজযোগ। আমাৰ বুদ্ধিৰ যোগসূত্ৰ হৈছে পৰমপিতা পৰমাত্মাৰ লগত। ইয়াততো
আনন্দৰ পাৰা একেবাৰে উৰ্দ্ধগামী হৈ যাব লাগে। বহুত অমায়িক হ'ব লাগে। স্বভাৱ অতি
উত্তম হ'ব লাগে। কোনেও যাতে দুখ নাপায়। বিচাৰেও যে কাকো যাতে দুখ নিদিওঁ। কিন্তু
তথাপিও মায়াই নাক-কানত ধৰি ভুল কৰাই দিয়ে। পাছত ভিতৰি অনুতাপ কৰি থাকে – মই অনাহকতে
তেওঁক দুখ দিলোঁ। কিন্তু ৰেজিষ্টাৰতো বেয়া হৈ গ'ল নহয়। এনেকৈ চেষ্টা কৰিব লাগে -
কাকো মন, বাণী, কৰ্মৰে যাতে দুখ নিদিওঁ। পিতা আহেই - আমাক এনেকুৱা দেৱতা কৰি গঢ়ি
তুলিবলৈ। এওঁলোকে কেতিয়াবা কাৰোবাক দুখ দিয়ে জানো! লৌকিক শিক্ষকে পঢ়ায়, দুখতো নিদিয়ে
নহয়। অৱশ্যে হয়, সন্তানে নপঢ়িলে তেতিয়া কোনোৱে শাস্তি আদি দিয়ে। আজিকালি শাৰীৰিকভাৱে
আঘাত কৰাৰ নিয়ম আঁতৰাই দিলে। তোমালোক হৈছা আত্মিক শিক্ষক, তোমালোকৰ কাম হৈছে পঢ়োৱা
আৰু লগতে আচৰণো শিকোৱা। আকৌ লিখা-পঢ়া কৰিলে উচ্চ পদ পাব। নপঢ়িলে নিজেই অকৃতকাৰ্য
হ'ব। এই পিতায়ো নিতৌ আহি পঢ়ায়, আচৰণ শিকায়। শিকাবৰ কাৰণে প্ৰদৰ্শনী আদিৰ ব্যৱস্থা
কৰে। সকলোৱে প্ৰদৰ্শনী আৰু প্ৰ'জেক্টৰ বিচাৰে। প্ৰ'জেক্টৰো হাজাৰজনে ল'ব। প্ৰতিটো
কথা পিতাই বহুত সহজ কৰি কয়। অমৰনাথৰো সেৱা সহজ। চিত্ৰবোৰৰ ওপৰত তোমালোকে বুজাব পাৰা।
জ্ঞান আৰু ভক্তি কি? জ্ঞান এফালে, ভক্তি আনফালে। জ্ঞানেৰে স্বৰ্গ, ভক্তিৰে নৰক -
একেবাৰে স্পষ্ট। তোমালোক সন্তানসকলে এতিয়া যি পঢ়া এয়া বহুত সহজ, ভালকৈ পঢ়ুওৱাও,
কিন্তু স্মৃতিৰ যাত্ৰা ক'ত। এয়া সকলো হৈছে বুদ্ধিৰ কথা। আমি পিতাক স্মৰণ কৰিব লাগে,
ইয়াতেই মায়াই যাতনা দিয়ে। একেবাৰে যোগ খণ্ডিত কৰি দিয়ে। পিতাই কয় - তোমালোক সকলো
যোগত বহুত দুৰ্বল। ভাল ভাল মহাৰথীও বহুত দুৰ্বল। এনেকৈ ভাবে যে এওঁ জ্ঞানত বহুত ভাল
সেয়েহে মহাৰথী। বাবাই কয় – অশ্বাৰোহী, পদাতিক আছে। মহাৰথী সেইসকল যিয়ে স্মৃতিত থাকে।
উঠোঁতে-বহোঁতে স্মৃতিত থাকিলে বিকৰ্ম বিনাশ হ'ব, পাৱন হৈ যাব। নহ'লে শাস্তিও খাব
লাগিব আৰু পদো ভ্ৰষ্ট হৈ যাব সেয়েহে নিজৰ খতিয়ান ৰাখিলে তেতিয়া তোমালোকে গম পাবা,
বাবাই (ব্ৰহ্মাবাবাই) নিজেই কয় - ময়ো পুৰুষাৰ্থ কৰোঁ। বুদ্ধি বাৰে বাৰে অন্যফালে
গুচি যায়। বাবাৰতো বহুত চিন্তা থাকে নহয়। তোমালোক তীব্ৰ গতিৰে যাব পাৰা। আকৌ লগতে
নিজৰ চলনো শুধৰাব লাগে। পৱিত্ৰ হৈ আকৌ বিকাৰগ্ৰস্ত হৈ অৱনমিত হ’লে উপাৰ্জন কৰা সকলো
শেষ হৈ যাব। কাৰোবাক ক্ৰোধ কৰিলে, অপ্ৰীতিকৰ হ’লে তাৰ মানে অসুৰ হৈ যায়। অনেক
প্ৰকাৰৰ মায়া আহে। সম্পূৰ্ণতো কোনো হোৱা নাই। বাবাই পুৰুষাৰ্থ কৰাই থাকে।
কুমাৰীসকলৰ কাৰণেতো বহুত সহজ, ইয়াত নিজে শক্তিশালী হ’ব লাগে। আন্তৰিক সততা লাগে। যদি
ভিতৰত কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষণ থাকে তেন্তে চলিব নোৱাৰিব। কুমাৰীসকল, মাতাসকলতো
ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱাত লাগি যাব লাগে। ইয়াতেই পৰিশ্ৰম হয়। পৰিশ্ৰম অবিহনে
একোৱেই প্ৰাপ্ত নহয়। তোমালোকে 21 জন্মৰ কাৰণে বাদশ্বাহী পোৱা গতিকে কিমান পৰিশ্ৰম
কৰিব লাগে। সেই পঢ়াও বাবাই এইকাৰণেই পঢ়িব দিয়ে - কয় যেতিয়ালৈকে ইয়াত পৈণত হৈ নাযায়।
এনেকুৱা যাতে নহয় যে পাছত দুয়োখন জগতেই হেৰুৱাবলগীয়া হয়। কাৰোবাৰ নাম-ৰূপত ওলমি
মৰিলে তেতিয়া শেষ হৈ যায়।
ভাগ্যৱান সন্তানসকলেহে
শৰীৰৰ বোধ পাহৰি নিজক অশৰীৰী বুলি বুজি পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিব পাৰে।
পিতাই নিতৌ বুজায় - সন্তানসকল, তোমালোকে শৰীৰৰ বোধ এৰি দিয়া। আমি অশৰীৰী আত্মা এতিয়া
ঘৰলৈ যাওঁ, এই শৰীৰ ইয়াত এৰিব লাগে, সেয়া তেতিয়াহে আঁতৰিব যেতিয়া নিৰন্তৰ পিতাৰ
স্মৃতিত থাকি কৰ্মাতীত হৈ যাব। ইয়াত হৈছে বুদ্ধিৰ কথা কিন্তু কাৰোবাৰ ভাগ্যত যদি
নাই তেন্তে কি পুৰুষাৰ্থ কৰিব। বুদ্ধিত এইটো থাকিব লাগে যে আমি অশৰীৰী হৈ আহিছিলোঁ,
আকৌ সুখৰ কৰ্ম সম্বন্ধত বান্ধ খালোঁ পাছত ৰাৱণৰাজ্যত বিকাৰী বন্ধনত বান্ধ খালোঁ।
এতিয়া পুনৰ পিতাই কয় - অশৰীৰী হৈ যাব লাগে। নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা।
আত্মাহে পতিত হৈছে। আত্মাই কয় - হে পতিত-পাৱন আহক। এতিয়া তোমালোকক পতিতৰ পৰা পাৱন
হোৱাৰ যুক্তিও শুনাই থাকোঁ। আত্মা হয়েই অবিনাশী। তোমালোক আত্মাসকল ইয়াত ভূমিকা পালন
কৰিবলৈ শৰীৰত আহিছা। এয়াও এতিয়া পিতাই বুজাইছে, যিসকলক কল্প পূৰ্বে বুজাইছিল
তেওঁলোকেই আহি থাকিব। এতিয়া পিতাই কয় - কলিযুগী সম্বন্ধ পাহৰি যোৱা। এতিয়াতো উভতি
যাব লাগে, এই সৃষ্টিখনেই নাশ হৈ যাব। ইয়াত কোনো সাৰ নাই সেইবাবেতো ঠেলা-গঁতা খাই
থাকে। ভগৱানক লগ পাবলৈ ভক্তি কৰে। এনেকৈ ভাবে যে ভক্তি বহুত ভাল। বহুত ভক্তি কৰিলে
ভগৱানক পাব আৰু সৎগতিত লৈ যাব। এতিয়া তোমালোকৰ ভক্তি সম্পূৰ্ণ হ'ল। তোমালোকৰ মুখেৰে
'হে ৰাম', 'হে ভগৱান' এই ভক্তিৰ শব্দবোৰো যাতে উচ্চাৰিত নহয়। এইবোৰ বন্ধ হৈ যোৱা
উচিত। পিতাই কেৱল কয় - মোক স্মৰণ কৰা। এই সৃষ্টিখনেই তমোপ্ৰধান। সতোপ্ৰধান সত্যযুগত
থাকে। সত্যযুগ হৈছে আৰোহণ কলা আকৌ অৱৰোহণ কলা হয়। ত্ৰেতাকো বাস্তৱত স্বৰ্গ বুলি কোৱা
নহয়। স্বৰ্গ কেৱল সত্যযুগকহে কোৱা হয়। তোমালোক সন্তানসকলৰ বুদ্ধিত আদি-মধ্য-অন্তৰ
জ্ঞান আছে। আদি অৰ্থাৎ আৰম্ভণি, মধ্য অৰ্থাৎ আধা তাৰ পাছত অন্ত। মধ্যত ৰাৱণৰাজ্য
আৰম্ভ হয়। পিতা ভাৰতলৈকে আহে। ভাৰতহে পতিত আৰু পাৱন হয়। 84 জন্মও ভাৰতবাসীয়ে লয়।
বাকীতো ক্ৰমানুসৰি ধৰ্মাৱলম্বীসকল আহে। বৃক্ষ বৃদ্ধি হৈ গৈ থাকে পুনৰ সেই সময়তে
আহিব। এই কথাবোৰ অন্য কাৰো বুদ্ধিত নাথাকিব। তোমালোকৰ মাজতো সকলোৱে ধাৰণ কৰিব নোৱাৰে।
এই 84ৰ চক্ৰ বুদ্ধিত থাকিলে তেতিয়াও আনন্দিত হৈ থাকিব। এতিয়া বাবা আহিছে, আমাক লৈ
যাবৰ কাৰণে। সঁচা প্ৰেমিক আহিছে, যাক আমি ভক্তিমাৰ্গত বহুত স্মৰণ কৰিছিলোঁ তেওঁ
আহিছে আমাক অৰ্থাৎ আত্মাসকলক উভতাই লৈ যাবলৈ। মনুষ্য মাত্ৰেই এইটো নাজানে যে শান্তি
বুলিনো কাক কোৱা হয়। আত্মাতো হৈছেই শান্ত স্বৰূপ। এই কৰ্মেন্দ্ৰিয়সমূহ প্ৰাপ্ত কৰিলে
তেতিয়া কৰ্ম কৰিবলগীয়া হয়। পিতা যি শান্তিৰ সাগৰ হয়, তেওঁ সকলোকে লৈ যায়। তেতিয়া
সকলোৱে শান্তি পাব। সত্যযুগত তোমালোকৰ শান্তিও আছে, সুখো আছে। বাকী সকলো আত্মা
শান্তিধামলৈ গুচি যাব। পিতাকহে শান্তিৰ সাগৰ বুলি কোৱা হয়। এইটোও বহুত সন্তানে পাহৰি
যায় কিয়নো দেহ-অভিমানত থাকে, দেহী-অভিমানী নহয়েই। পিতাই শান্তিতো সকলোকে দিয়ে নহয়।
চিত্ৰত সংগমত গৈ দেখুওৱা। এই সময়ত সকলো অশান্ত। সত্যযুগত ইমানবোৰ ধৰ্ম নাথাকিবই।
সকলো শান্তিলৈ গুচি যাব। তাত হিয়া ভৰাই শান্তি পায়। তোমালোকৰ বাদশ্বাহীত শান্তিও আছে,
সুখো আছে। সত্যযুগত তোমালোকৰ পৱিত্ৰতা, সুখ, শান্তি সকলোবোৰ আছে। মৰমৰ ঘৰখনক
মুক্তিধাম বুলি কোৱা হয়। তাত পতিত দুখী নাথাকিব। দুখ-সুখৰ কোনো কথা নাই। গতিকে
শান্তিৰ অৰ্থ বুজি নাপায়। ৰাণীৰ ডিঙিৰ হাৰৰ দৃষ্টান্ত দিয়ে নহয়। এতিয়া পিতাই কয় -
শান্তি-সুখ সকলো লোৱা। আয়ুস্মান ভৱ…….. তাত নিয়ম অনুসৰি সন্তানো হ'ব। সন্তান
প্ৰাপ্তিৰ বাবে কোনো পুৰুষাৰ্থ কৰিবলগীয়া নহয়। শৰীৰ এৰাৰ সময়ত সাক্ষাৎকাৰ হৈ যায় আৰু
শৰীৰ আনন্দেৰে এৰি দিয়ে। যেনেকৈ বাবা (ব্ৰহ্মা বাবা) আনন্দিত হৈ থাকে নহয় যে শৰীৰ
এৰি মই এয়া হ'মগৈ, এতিয়া পঢ়ি আছোঁ। তোমালোকেও জানা আমি সত্যযুগলৈ যাম। সংগমতে
তোমালোকৰ বুদ্ধিত এইটো থাকে। তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। যিমান উচ্চ পঢ়া
সিমান আনন্দ। আমাক ভগৱানে পঢ়ায়। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে গতিকে কিমান আনন্দিত
হ'ব লাগে। কিন্তু আগবাঢ়ি গৈ থাকোতে বাগৰি পৰে।
তোমালোকৰ সেৱা বৃদ্ধি
তেতিয়াহে হ’ব যেতিয়া কুমাৰীসকল কৰ্মক্ষেত্ৰত আহিব। পিতাই কয় – পৰস্পৰ অপ্ৰীতিকৰ
নহ'বা। যিহেতু এইটো জানা যে আমি এনেকুৱা এখন সৃষ্টিলৈ যাওঁ য'ত সিংহ আৰু ছাগলীয়ে
একেলগে পানী খায়, তাততো প্ৰতিটো বস্তু দেখাৰ লগে লগে অন্তৰ আনন্দিত হৈ যায়। নামেই
হৈছে স্বৰ্গ। গতিকে কুমাৰীসকলে লৌকিক মাতা-পিতাক ক’বা - এতিয়া আমি তালৈ যাবৰ কাৰণে
প্ৰস্তুতি চলাই আছোঁ, পৱিত্ৰতো নিশ্চয় হ'ব লাগে পিতাই কয় - কাম মহাশত্ৰু। এতিয়া মই
যোগিনী হৈছোঁ সেয়েহে পতিত হ'ব নোৱাৰোঁ। কথা ক'বলৈ শক্তিশালী হ’ব লাগে। এনেকুৱা
কুমাৰী যেতিয়া ওলাব তেতিয়া চাবা কিমান শীঘ্ৰতাৰে সেৱা হ’ব। কিন্তু নষ্টোমোহা হ’ব
লাগে। এবাৰ মৰি গ'লা যেতিয়া তেন্তে পুনৰ স্মৃতি কিয় উদয় হ’ব লাগে। কিন্তু বহুতৰে ঘৰ,
সন্তান আদিৰ স্মৃতি আহি থাকে। তেতিয়া পিতাৰ সৈতে যোগসূত্ৰ কেনেকৈ গঢ়ি উঠিব। ইয়াততো
এইটোৱেই বুদ্ধিত থাকিব লাগে যে “মই বাবাৰ হওঁ”। এই পুৰণি সৃষ্টিৰ বিনাশ সমাগত।
পিতাই কয় - মোক স্মৰণ কৰা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ উচ্চ
ভাগ্য গঢ়িবৰ কাৰণে যিমান সম্ভৱ - অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। শৰীৰৰ বোধ যাতে
একেবাৰে পাহৰি যোৱা, কাৰো নাম-ৰূপ যাতে স্মৃতিলৈ নাহে - এইটো পৰিশ্ৰম কৰিব লাগে।
(2) নিজৰ চাল-চলনৰ
খতিয়ান ৰাখিব লাগে - কেতিয়াও আসুৰিক আচৰণ কৰিব নালাগে। আন্তৰিক সততাৰে নষ্টোমোহা হৈ
ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱাত লাগি যাব লাগে।
বৰদান:
মায়াৰ মাৰ্জিত
ৰূপৰ বন্ধনৰ পৰা মুক্ত, বিশ্বজিৎ, জগতজিৎ হোৱা
মোৰ পুৰুষাৰ্থ, মোৰ
উদ্ভাৱন, মোৰ সেৱা, মোৰ অনুভূতিৰ সংবেদন ক্ষমতা, মোৰ গুণ ভাল, মোৰ নিৰ্ণয় শক্তি
বহুত ভাল, এই ‘মোৰ’ বোধেই হৈছে মায়াৰ মাৰ্জিত ৰূপ। মায়াই এনেকুৱা যাদু-মন্ত্ৰ কৰি
দিয়ে যে ‘তোমাৰ’ বোধকো মোৰ কৰি দিয়ে, সেই কাৰণে এতিয়া এনেকুৱা অনেক বন্ধনৰ পৰা
মুক্ত হৈ এক পিতাৰ সম্বন্ধত আহি যোৱা তেতিয়া মায়াজিৎ হৈ যাবা। মায়াজিতেই প্ৰকৃতিজিৎ,
বিশ্বজিৎ বা জগতজিৎ হয়। তেওঁলোকেই এক চেকেণ্ডৰ অশৰীৰী হোৱাৰ নিৰ্দেশনা সহজে আৰু
স্বতঃ কাৰ্যত ৰূপায়িত কৰিব পাৰে।
স্লোগান:
বিশ্ব পৰিৱৰ্তক তেৱেঁই যিয়ে যিকোনো লোকৰে নেতিবাচক প্ৰৱণতাক ইতিবাচকলৈ পৰিৱৰ্তন কৰি
দিয়ে।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোকৰ স্ব-স্বৰূপ
হৈছে পৱিত্ৰ, স্বধৰ্ম অৰ্থাৎ আত্মাৰ প্ৰথম ধাৰণা হৈছে পৱিত্ৰতা। স্বদেশ পৱিত্ৰ দেশ।
স্বৰাজ্য পৱিত্ৰ ৰাজ্য। স্বৰ স্মাৰক পৰম পৱিত্ৰ পূজ্য। কৰ্মেন্দ্ৰিয়ৰ অনাদি স্বভাৱ
হৈছে সুকৰ্ম, মাথো এইটোৱে সদায় স্মৃতিত ৰাখা তেতিয়া পৰিশ্ৰম আৰু কষ্টৰ পৰা মুক্ত হৈ
যাবা। পৱিত্ৰতা বৰদানৰ ৰূপত ধাৰণ কৰি ল’বা।