10.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শিৱবাবা আৰু ব্ৰহ্মাবাবা দুয়োৰে মত প্ৰসিদ্ধ, তোমালোকে দুয়োৰে মতত চলি নিজৰ কল্যাণ
কৰিব লাগে”
প্ৰশ্ন:
এক নম্বৰ
নিমিত্ত কোন আৰু কেনেকৈ?
উত্তৰ:
শিৱবাবা হৈছে এক নম্বৰ নিমিত্ত, তেওঁৰ একেবাৰে আসক্তি নাই। ভক্তিমাৰ্গতো তোমালোকে
তেওঁৰ অৰ্থে যি দান-পুণ্য আদি কৰা, সেই সকলোবোৰ বীমাকৰণ হৈ যায়, যাৰ ফল পৰৱৰ্তী
জন্মত পোৱা যায়। এতিয়াও যি পিতাৰ অৰ্থে নিজৰ সকলো বীমা কৰে তাৰ পূৰা প্ৰতিদান পিতাই
দিয়ে কিয়নো বাবাই কয় - মই নিজেতো সুখ ভোগ নকৰোঁ। তোমালোকৰ পৰা লৈ মই কি কৰিম।
গীত:
দৰ পৰ আয়ে হে
কচম লেকে... (দুৱাৰডলিলৈ আহিছোঁ শপত লৈ…)
ওঁম্শান্তি।
অতি মৰমৰ,
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা। সন্তান বুলি তেওঁক কোৱা হয় যি
পিতাৰ হৈ যায়। পিতাই বুজাইছে এইটো হৈছে অন্তিম জীৱন্তে মৃত জন্ম। জীৱন্তে পিতাৰ হ’ব
লাগে। এয়াতো সন্তানসকলে জানে, শ্ৰীমতৰ গায়ন কৰা হৈছে। শ্ৰীমত ভগৱানুবাচ। গীতাত
শ্ৰীকৃষ্ণৰ নাম দি দিলে কিন্তু হয় শিৱবাবা। তেওঁৰ পাছত ব্ৰহ্মা আকৌ শ্ৰীকৃষ্ণ।
শ্ৰীমত শ্ৰীকৃষ্ণৰ বুলি কোৱা নহ’ব। শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈছে আমাৰ পিতা। পতিত-পাৱন
শ্ৰীকৃষ্ণ অথবা ৰাধা আদিক কোৱা নহয়। তেওঁলোক হৈছে দৈৱী-গুণধাৰী মনুষ্য। মনুষ্যক
পতিত-পাৱন বুলি কোৱা নহয়। সত্যযুগত এনেকৈ কোৱা নহ’ব যে পতিত-পাৱন আহা। পতিতক পাৱন
কৰোঁতা এজনেই পিতা, যাৰ শ্ৰীমতত তোমালোক চলি আছা। প্ৰজাপিতা ব্ৰহ্মাৰ মত প্ৰসিদ্ধ।
কিন্তু তাত ভুল কৰি দিলে যে পিতাৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিছে। সকলো ধৰ্মাৱলম্বীৰতো
এজনেই পিতা। শ্ৰীকৃষ্ণকতো সকলোৱে মানি নল’ব। খ্ৰীষ্টান লোকে যীশুখ্ৰীষ্টক পিতা বুলি
মানে, শ্ৰীকৃষ্ণক নহয় কিয়নো খ্ৰীষ্টানসকল হৈছে যীশুখ্ৰীষ্টৰ মুখ বংশাৱলী। শিৱবাবা
আহি তোমালোকক নিজৰ কৰি লয়। এনেকৈ কয়, শিৰ হাতত থৈ পিতাৰ হৈছোঁ। তেওঁৰ নিৰ্দেশনা
অনুসৰি চলিব লাগে। তোমালোকে পিতাক নিজৰ মত দিয়াৰ দৰকাৰ নাথাকে। তেওঁ নিজেই মত দিওঁতা।
এয়াতো সকলো সন্তান। শিৱবাবা প্ৰসিদ্ধ। তেওঁ যি মত দিব, যি কিছু ক’ব সেয়া শুদ্ধ। এই
ব্ৰহ্মাকো মত দিয়ে যে এইটো কৰা। তোমালোকৰ সম্বন্ধই হৈছে শিৱবাবাৰ সৈতে। কাৰো অৱগুণ
চাব নালাগে, শ্ৰীমতত চলিব লাগে। শিৱবাবাতো হৈছে নিৰাকাৰ। এয়া তেওঁৰ ঘৰতো নহয়।
তোমালোক ইয়াত পুৰণি ঘৰত থাকা আকৌ স্বৰ্গত গৈ নিজৰ ঘৰত থাকিবাগৈ। শিৱবাবাই কয় - মইতো
নাথাকিম। মইতো এই সময়ত অলপ সময়ৰ বাবে আহোঁ।
তোমালোক হৈছা সঁচা
আত্মিক মুক্তি বাহিনী। পৰম আত্মাই (পিতাই) নিৰ্দেশনা দি আছে, হুবহু ড্ৰামাকৰ
পৰিকল্পনা অনুসৰি কল্প পূৰ্বৰ দৰে। কল্পই কল্পই যি নিৰ্দেশনা দিয়ে নিশ্চয় সেয়াই দিয়ে।
ৰাতিয়ে-দিনে গূঢ় কথা শুনাই থাকে। নতুন কোনেও এয়া বুজিব নোৱাৰে। যদিও কোনোবা 35-40
বছৰৰ পৰা আছে কিন্তু বহুত আছে যিয়ে এই গম্ভীৰ কথাবোৰ বুজি নাপায়। বাবাইতো নিতৌ নতুন
কথা শুনাই থাকে। কৰাচীৰ পৰা মুৰুলী প্ৰকাশ পাই আহিছে। প্ৰথমে বাবাই মুৰুলী শুনোৱা
নাছিল। ৰাতি 2 বজাত উঠি 10-15 পৃষ্ঠা লিখিছিল। বাবাই লিখোৱাইছিল পুনৰ তাৰ প্ৰতিলিপি
উলিয়াইছিল। ভক্তিমাৰ্গততো শাস্ত্ৰ আদিৰ কাগজ যত্নৰে ৰাখে। দিনে-প্ৰতিদিনে ডাঙৰ
আকাৰৰ কিতাপ ৰচনা কৰি আহি থাকে। কিমান জীৱন বৃত্তান্ত ৰচি গৈ থাকে। সেইবোৰ আকৌ পঢ়ি
ৰাখি থয়। তোমালোকেতো মুৰুলী পঢ়ি পেলাই দিয়া। নহ’লেতো এই বাণীবোৰ সদাকালৰ বাবে ৰাখিব
লাগে। কিন্তু নহয়, জানে যে এই সকলোবোৰ বিনাশ হৈ যাব। চিত্ৰ আদি যিবোৰ তোমালোকে
তৈয়াৰ কৰা সেয়া অলপ সময়ৰ কাৰণে। পুনৰ এই সকলোবোৰ মাটিত পোত যাব আকৌ তাত কোনো
শাস্ত্ৰ, চিত্ৰ আদি একোৱেই নাথাকে পুনৰ এয়া যি কিছু চলি আছে, কল্পৰ পাছত পুনৰ হ’ব।
শাস্ত্ৰ আদি পুনৰ দ্বাপৰৰ পৰা আৰম্ভ হ’ব। ‘গ্ৰন্থ’ও আগতেতো হাতেৰে লিখিছিল বহুত সৰু
আকাৰৰ আছিল। এতিয়া ডাঙৰকৈ ৰচিছে। দিনে-প্ৰতিদিনে ডাঙৰকৈ ৰচি গৈ থাকিব। নহ’লেতো
শিৱবাবাৰ জীৱন কাহিনী কিমান লিখিব লাগে। এতিয়া তোমালোক সন্তানসকলে কোৱা - পৰমপিতা
পৰমাত্মাৰ জীৱন কাহিনী আমি জানোঁ। পিতাই বহি বুজায় - মই ভক্তিমাৰ্গত কি কৰোঁ।
ভক্তিমাৰ্গতো বীমা কৰোঁ। ঈশ্বৰৰ অৰ্থে মনুষ্যই দান-পুণ্য কৰে নহয়। কয় এওঁ ঈশ্বৰ
অৰ্থে দান-পুণ্য কৰিছে। ঈশ্বৰে অতি ভাল ঘৰত জন্ম দিছে। ভক্তিমাৰ্গত ধৰ্মাত্মা অনেক
থাকে। ঈশ্বৰৰ অৰ্থে, শ্ৰীকৃষ্ণৰ অৰ্থে দান-পুণ্য কৰে। সেয়েহে আকৌ পিতাই বুজায় - মই
সন্তানসকলক পৰৱৰ্তী জন্মত অল্পকালৰ বাবে ফল দি আহিছোঁ। ভাল বা বেয়া ফল অৱশ্যে পোৱা
যায় নহয়। কিমান বীমা হ’ল। যিয়ে যেনেকুৱা কৰ্ম কৰে, সেই অনুসৰি ফল পায়। মায়াই ওলোটা
কাম কৰায়, যাৰ পৰা তোমালোকে দুখ পোৱা। এতিয়া মই তোমালোকক এনেকুৱা কৰ্ম শিকাওঁ যাৰ
পৰা কেতিয়াও দুখ নহ’ব আৰু মায়াও তাত নাথাকে। বাকী হৈছে পদমৰ্যাদা, যিয়ে যিমান বীমা
কৰিব। শিৱবাবাও নিমিত্ত হয় নহয়। এক নম্বৰ নিমিত্ত। অন্যৰ আসক্তি জাগিব, কিছুমান
নিমিত্তইতো কাৰোবাৰ সকলো পণ্ড কৰি দিয়ে। পিতাকতো চোৱা কেনেকুৱা নিমিত্ত, তেওঁ কয় এই
সকলোবোৰ সন্তানসকলৰ বাবে। তোমালোকৰ সকলো সম্বন্ধ শিৱবাবাৰ সৈতে। পিতাই কয় - মই হৈছোঁ
সঁচা নিমিত্ত। মই নিজে সুখ নলওঁ, সন্তানসকলক গোটেই ৰাজধানী দি দিওঁ। লৌকিক পিতায়ো
সন্তানসকলক সকলো উত্তৰাধিকাৰ হিচাপে দি দিয়ে। মইতো স্বৰ্গত একোৱেই নলওঁ। তোমালোককে
সকলোবোৰ দি দিওঁ। গতিকে তোমালোকৰ সৰ্ব সম্বন্ধ শিৱবাবাৰ সৈতে। এই বাবাই কয় ময়ো
সম্পূৰ্ণ বীমা কৰি ল’লোঁ। তন-মন-ধন সকলো পিতাৰ সেৱাত। সিন্ধীত এষাৰ কথা আছে - হাত
যাৰ এনেকুৱা (দাতা ৰূপত) তেৱেঁই প্ৰথমে শস্য চপাব। পিতাৰ আগত সকলো বীমা কৰিব লাগে।
দুমুঠি চাউল দিলে তেতিয়া মহল পাই গ’ল। এতিয়া চোৱা ভৱন নিৰ্মাণ কৰা হৈছে, কোনোবাই
এটকা পঠিয়াই দিলে, মোৰো এটা ইটা লগাই দিয়ক। পিতাই লিখিলে - তুমিতো সকলোতকৈ উত্তম
মহল পাবা কিয়নো তুমি গৰিব। মই হওঁৱেই গৰিবৰ ত্ৰাণ কৰ্তা। গৰিবৰ এটকা চহকীৰ 10
হাজাৰৰ সমান। দুয়োৱে একেই পদ পাই যায়। চহকীসকল কাচিৎহে আহে। সকলোতকৈ কন্যাসকল
একেবাৰে আজৰি। চোৱা এক নম্বৰত মম্মা গুচি গ’ল। তেওঁৰ ওচৰতো একোৱেই নাছিল। গৰিবৰ ঘৰৰ
আছিল তথাপিও এক নম্বৰত গুচি গ’ল। এওঁ (ব্ৰহ্মাই) সকলোবোৰ দিলে তথাপিও প্ৰথমে লক্ষ্মী
তাৰপাছত নাৰায়ণ। কিমান আচৰিত খেল। গতিকে কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে।
বাপদাদা জানো কম। এই ক্ষেত্ৰত অলপো সংশয় আনিব নালাগে। বহুত মধুৰো হ’ব লাগে। খোজে
প্ৰতি শ্ৰীমত ল’ব লাগে। নহ’লে মায়াই বহুত লোকচান কৰি দিয়ে। সন্তানসকলক কিমান
নিৰ্দেশনা দিবলগীয়া হয়। বাবাই কয় - পূৰা খবৰ লিখা। বাবাই সকলো প্ৰকাৰে তত্ত্বাৱধান
ল’ব। বাবাৰ বহুত খেয়াল থাকে। এই সন্তানটিৰ উন্নতি হওঁক। পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব
লাগে। আমি হৈছোঁ অতিকৈ মৰমৰ ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী। ভগৱানুবাচ (ভগৱানৰ বাণী) বুলিও
লিখা আছে কিন্তু শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীকৃষ্ণও সকলো মনুষ্যতকৈ উচ্চতকৈও উচ্চ
নহ’ল জানো। প্ৰথম ৰাজকুমাৰ হয়। শ্ৰীকৃষ্ণৰ নাম দি দিয়ে, নাৰায়ণৰ কিয় নিদিয়ে?
শ্ৰীকৃষ্ণ হৈছে বালক। সৰুকালৰ পৰাই বালক সতোপ্ৰধান হয়। পুনৰ শৈশৱৰ পৰা কৈশোৰ
তাৰপাছত বৃদ্ধ অৱস্থা আহে। শিশুৰে মহিমা কৰে কিয়নো পৱিত্ৰ হয়। বালকক ব্ৰহ্মজ্ঞানীৰ
সমান বুলি কয়। শিশুৰ দ্বাৰা কোনো পাপ নহয়। তেন্তে শ্ৰীকৃষ্ণও শিশু হোৱাৰ বাবে তেওঁৰ
জন্মদিন পালন কৰে। তথাপিও শ্ৰীকৃষ্ণক দ্বাপৰত দেখুৱাই দিছে। এই সকলোবোৰ পিতাই বহি
বুজায়। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে জগতত এনেকুৱা কোনো নাথাকিব যিয়ে এই সকলোবোৰ কথা
গম পায়। ব্ৰাহ্মণ হৈছে উত্তম। তোমালোক ব্ৰাহ্মণ হৈছা ঈশ্বৰীয় সন্তান। সত্যযুগত
ঈশ্বৰীয় সন্তান বুলি কোৱা নহ’ব। ঈশ্বৰৰ পৰা নিশ্চয় স্বৰ্গৰ প্ৰাপ্তি হ’ব। এয়া হৈছে
তোমালোকৰ অতি দুৰ্লভ অমূল্য জীৱন। সকলোৰেতো হ’ব নোৱাৰে। এই ড্ৰামাখন এনেকৈ ৰচি থোৱা
আছে। কল্প পূৰ্বে যিসকলে পঢ়িছিল, তেওঁলোকেই পঢ়ি আছে। ভগৱানে নিশ্চয় ভগৱান-ভগৱতী
জন্ম দিলে। কিন্তু ভগৱান-ভগৱতী বুলি ক’ব নোৱাৰি। ভগৱান এজন। নিৰাকাৰৰ মহিমা আছে।
সাকাৰৰ জানো মহিমা কৰা হয়। এই লক্ষ্মী-নাৰায়ণক নিৰাকাৰে এনেকুৱা কৰি গঢ়িলে। এতিয়া
ৰাজযোগ শিকি আছে। ৰাজ্য স্থাপন হ’ল, তেন্তে সেই সময়ত বিনাশো হ’ল। পিতাই নিশ্চয়
স্বৰ্গৰ উত্তৰাধিকাৰ দিব। এতিয়াতো হৈছে সংগমৰ কথা। শিৱবাবা আহে, তেতিয়া খেল পূৰা হয়,
আকৌ শ্ৰীকৃষ্ণৰ জন্ম হয়। মনুষ্যতো বেচেৰাসকল বিবুদ্ধিত পৰি গৈছে, তেতিয়াহে পিতা আহি
বুজায়। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ শুনায়। এতিয়া তোমালোক
যেন মাষ্টৰ জ্ঞানপূৰ্ণ হৈ গ’লা। আত্মাৰেই মহিমা আছে। জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ,
সুখময়, এয়া পিতাৰ মহিমা। পিতাই কয় - এই ভাৰততো সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ স্থান। কিন্তু
শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ কাৰণে গোটেই মহিমা নাইকিয়া কৰি দিলে। নহ’লেতো সকলোৱে শিৱৰ
মন্দিৰত ফুল অৰ্পণ কৰে, সকলোৰে সৎগতি দাতা তেওঁ এজনেই। আধাকল্প তোমালোকে প্ৰালব্ধ
ভোগ কৰি পুনৰ অৱনমিত হোৱা। সকলো তমোপ্ৰধান হ’বই লাগে। এতিয়া পিতাই কয় - তোমালোক
সন্তানসকলৰ বাবে নতুন সৃষ্টি স্থাপন কৰি আছোঁ। তালৈ নিজে নাহে, সকলোবোৰ তোমালোক
সন্তানসকলৰ বাবে। স্পষ্ট কথা। মনুষ্যইতো নিজৰ বাবে কৰে আকৌ কয় যে আমি নিষ্কামভাৱে
কৰোঁ। কিন্তু নিষ্কামভাৱেতো কোনেও কৰিব নোৱাৰে। প্ৰতিটো বস্তুৰ ফল নিশ্চয় পোৱা যায়।
মইতো তোমালোক সন্তানসকলক অবিনাশী জ্ঞান ৰত্ন দিওঁ। তোমালোকৰ বাবেই বৈকুণ্ঠ লৈ আহিছোঁ।
সন্তানসকলক স্বতন্ত্ৰতাৰ স্মৰণিকা দিয়ে। তেন্তে সেয়া ল’বৰ বাবে এনেকুৱা যোগ্য হোৱা
উচিত। স্বৰ্গৰ মালিক হ’ব লাগে। হাতত স্বৰ্গ পোৱা যায়। চেকেণ্ডত জীৱন মুক্তি অথবা
চেকেণ্ডত বাদশ্বাহী। দিব্য দৃষ্টি দাতা হৈছে শিৱবাবা। চেকেণ্ডত বৈকুণ্ঠলৈ লৈ যায়,
এই বাবাৰ হাতত একোৱেই চাবি নাই। পিতাই কয় - মই তোমালোক সন্তানসকলক ৰাজ্য দিওঁ। মই
ৰাজ্য নকৰোঁ। পুনৰ যেতিয়া তোমালোক ভক্তিমাৰ্গত যাবা তেতিয়া তোমালোকক দিব্য দৃষ্টিৰে
মনোৰঞ্জন কৰাব লাগিব। কিমান ভালদৰে বুজায়। এনেকুৱা বাবা কল্পই কল্পই, কল্পৰ
সংগমযুগত এবাৰেই আহে। যি ৰচি থোৱা আছে সেয়াই চলি আছে এতিয়া ৰচিবলগীয়া একো নাই….. যি
কিছু হয়, ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সেয়া সাক্ষী হৈ প্ৰত্যক্ষ কৰা। বাবাই বহুত
ভালদৰে বুজায়। সন্তানসকল মই তোমালোকৰ বীমা চুম্বক। তোমালোকৰ এটা ‘পাই’ও ব্যৰ্থত
যাবলৈ নিদিওঁ। কড়িৰ পৰা তোমালোকক হীৰাতুল্য কৰি তোলোঁ। এই সকলোবোৰ শিৱবাবাই কৰে
এওঁৰ দ্বাৰা, কৰণকৰাবনহাৰ হয়। নিৰাকাৰ, নিৰহংকাৰী তেওঁ হয়। ঈশ্বৰ পিতাই কেনেকৈ বহি
পঢ়ায়। এনেকৈ নকয় যে চৰণত পৰা। পিতা আজ্ঞাকাৰী সেৱক। পিতাই কয় - যিসকলক মালিক কৰি
তুলিলোঁ, তেওঁলোকে সুখ ভোগ কৰি কৰি এতিয়া দুখী হৈছে। সুখো বহুত পায়। ইমান সুখ অন্য
কোনো ধৰ্মই নাপায়। এনেকৈ ক’ব নোৱাৰে যে ভাৰতবাসীকহে কিয়, অন্যই কি কৰিলে? হেৰ’ ইমান
অনেক মনুষ্য আছে, সকলোৱেতো আহিব নোৱাৰে। এইখন ড্ৰামা ৰচি থোৱা আছে। ভাৰততেই আদি
সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। ভগৱানে আহি সহজ ৰাজযোগ শিকাইছিল। পিতাই কয় - মই পুনৰাই
আহিছোঁ। তোমালোকেও জানা 84 জন্মৰ ভূমিকা পালন কৰি এতিয়া পুনৰাই আমি ঘৰলৈ যাওঁ। এয়া
বহুত পুৰণি চোলা হৈ গ’ল (সৰ্পৰ দৃষ্টান্ত)। সন্ন্যাসীসকলে আকৌ কয় - আত্মা পৰমাত্মাত
লীন হৈ যায়। এনেকুৱা অৱস্থাত থাকি থাকি আকৌ শৰীৰ ত্যাগ কৰি দিয়ে। কিন্তু ব্ৰহ্মত
লীনতো কোনেও নহয়। তেওঁলোকৰ ভিতৰতো কোনোবা কোনোবা বহুত তীক্ষ্ণ হয়। শান্তিত বহি শৰীৰ
ত্যাগ কৰি গুচি যায় তেতিয়া তাৰ বায়ুমণ্ডলত 2-3 দিনলৈকে নিস্তব্ধতা আহি যায়। গতিকে
তোমালোকে জানা যে এই পুৰণি শৰীৰ ত্যাগ কৰি বাবাৰ ওচৰলৈ যাওঁ। ব্ৰহ্মতো বাবা নহয়, এয়া
সেই বেচেৰাসকলৰ ভ্ৰম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই
ড্ৰামাৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে কিয়নো যি পূৰ্ব নিৰ্ধাৰিত
সেয়াই চলি আছে। কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে।
(2) পিতা বীমা চুম্বক
হয়, সেয়েহে তন-মন-ধন পিতাৰ সেৱাত সফল কৰি নিজৰ ভৱিষ্যৎ গঢ়িব লাগে। পিতাৰ সৈতে পূৰা
সম্বন্ধ ৰাখিব লাগে। পূৰা খবৰ জনাব লাগে।
বৰদান:
জীৱন্তে মৃত
স্থিতিৰ দ্বাৰা সাহস আৰু উৎসাহৰ অবিনাশী মোহৰ লগাওঁতা প্ৰাপ্তি সম্পন্ন হোৱা
যিসকল প্ৰাপ্তিৰে
সম্পন্ন হয় তেওঁলোকৰ চলনত, চকুৱে-মুখে উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়। কিন্তু
সাহস আৰু উৎসাহৰ অবিনাশী মোহৰ লগাবৰ বাবে নিজৰ অতীতৰ বা ঈশ্বৰীয় মৰ্যাদাৰ বিপৰীতে
যি সংস্কাৰ, স্বভাৱ, সংকল্প বা কৰ্ম হয় তাৰ পৰা জীৱন্তে মৃত হোৱা। প্ৰতিজ্ঞা ৰূপী
বুটাম চেট্ কৰি ব্যৱহাৰিক জীৱনত প্ৰতিজ্ঞা অনুসৰি চলি থাকা। সাহসৰ সৈতে উৎসাহ
থাকিলে প্ৰাপ্তিৰ ৰেঙনি দূৰৈৰ পৰাই দেখা দিব।
স্লোগান:
মেলা বা ঝামেলাত ‘ডবল লাইট’ হৈ থকাজনেই ধাৰণামূৰ্ত।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
তোমালোকৰ প্ৰতিটো
সংকল্প, প্ৰতিষাৰ বাণীত যাতে বিশেষত্ব থাকে। সদায় সৰল স্বভাৱ, সৰল বাণী আৰু সৰলতা
সম্পন্ন কৰ্ম হওক, এনেকুৱা সৰল স্বৰূপত থাকা। সদায় এজনৰ মতত চলি, এজনৰ সৈতে সৰ্ব
সম্বন্ধ ৰাখি, এজনৰ পৰা সৰ্ব প্ৰাপ্তি, এনেকৈ এজনৰ দ্বাৰা সদায় একৰস হৈ থকাৰ সহজ
অভ্যাস কৰি থাকা। সদায় আনন্দিত হৈ থাকা, আনন্দ ৰূপী সম্পদ বিলোৱা। সকলোৰে মাজত
আনন্দৰ লহৰ বিয়পাই দিয়া, এয়াই সঁচা সেৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]