11.05.25    Avyakt Bapdada     Assame Murli     07.03.2005     Om Shanti     Madhuban


“*“সম্পূৰ্ণ পৱিত্ৰতাৰ ব্ৰত ৰখা আৰু মোৰ বোধ সমৰ্পিত কৰা মানেই শিৱজয়ন্তী পালন কৰা”*”


আজি বিশেষ শিৱ পিতাই নিজৰ শালগ্ৰাম সন্তানসকলৰ জন্মদিন পালন কৰিবলৈ আহিছেহঁক। তোমালোক সন্তানসকল পিতাৰ জন্মদিন পালন কৰিবলৈ আহিছা আৰু বাপদাদা সন্তানসকলৰ জন্মদিন পালন কৰিবলৈ আহিছে কিয়নো পিতাৰ সন্তানসকললৈ বহুত স্নেহ আছে। পিতা অৱতৰিত হৈয়েই যজ্ঞ ৰচনা কৰে আৰু যজ্ঞত ব্ৰাহ্মণ অবিহনে যজ্ঞ সম্পন্ন নহয় সেইবাবে এই জন্মদিন অলৌকিক, অনন্য আৰু স্নেহী। এনেকুৱা জন্মদিন যিটো পিতা আৰু সন্তানৰ একেলগে হয় এয়া গোটেই কল্পত কেতিয়াও হোৱা নাই, কেতিয়াও হ’ব নোৱাৰে। পিতা হ’ল নিৰাকাৰ, এফালে নিৰাকাৰ আনফালে জন্মদিন পালন কৰে। এজনেই শিৱ পিতা যাৰ নিজৰ শৰীৰ নাথাকে সেইকাৰণে পিতা ব্ৰহ্মাৰ শৰীৰত অৱতৰিত হয়, এই অৱতৰিত হোৱাটোকে জয়ন্তীৰ ৰূপত পালন কৰে। তেন্তে তোমালোক সকলো পিতাৰ জন্মদিন পালন কৰিবলৈ আহিছা নে নিজৰ পালন কৰিবলৈ আহিছা? অভিনন্দন জনাবলৈ আহিছা নে অভিনন্দন ল’বলৈ আহিছা? এই একেলগে থকাৰ প্ৰতিশ্ৰুতি পিতাই সন্তানসকলক দিয়ে। এতিয়াও সঙ্গমত সংযুক্ত লগত আছে, অৱতৰণো একেলগে, পৰিৱৰ্তন কৰাৰ কাৰ্যও একেলগে কৰে আৰু পৰমধাম ঘৰলৈ যাওঁতেও একেলগে যায়। এয়া হ’ল পিতা আৰু সন্তানসকলৰ স্নেহৰ স্বৰূপ।

শিৱ জয়ন্তী ভক্তয়ো পালন কৰে কিন্তু তেওঁলোকে কেৱল মিনতি কৰে, গীত গায়। তোমালোকে মিনতি নকৰা, তোমালোকৰ পালন কৰা অৰ্থাৎ সমান হোৱা। পালন কৰা অৰ্থাৎ সদায় উৎসাহ-উদ্দীপনাৰে উৰি থকা সেইকাৰণে ইয়াক উৎসৱ বুলি কয়। উৎসৱৰ অৰ্থই হৈছে উৎসাহত থকা। তেন্তে সদায় উৎসৱ অৰ্থাৎ উৎসাহত থাকোঁতা হোৱা নহয়! সদায় নে কেতিয়াবা কেতিয়াবা? এনেয়ে যদি চোৱা যায় তেতিয়া ব্ৰাহ্মণ জীৱনৰ শ্বাসেই হৈছে – উৎসাহ-উদ্দীপনা। যেনেকৈ শ্বাস অবিহনে থাকিব নোৱাৰি, তেনেকৈ ব্ৰাহ্মণ আত্মাই উৎসাহ-উদ্দীপনা অবিহনে ব্ৰাহ্মণ জীৱনত থাকিব নোৱাৰে। এনেকুৱা অনুভৱ কৰা নহয়? চোৱা বিশেষ জয়ন্তী পালন কৰিবলৈ ক’ৰ ক’ৰ পৰা, দূৰ-দূৰণিৰ পৰা দৌৰি আহিছে। বাপদাদাৰ নিজৰ জন্মদিনৰ ইমান আনন্দ নাই যিমান সন্তানসকলৰ জন্মদিনৰ আছে সেইবাবে বাপদাদাই এটি এটি সন্তানক পদমগুণ আনন্দৰ থালী ভৰাই অভিনন্দন জনাই আছে। অভিনন্দন, অভিনন্দন, অভিনন্দন।

বাপদাদাৰ আজিৰ দিনটোত সঁচা ভকতসকলো বহুত স্মৃতিলৈ আহি আছে। তেওঁলোকে ব্ৰত ৰাখে এদিনৰ আৰু তোমালোকে ব্ৰত ৰাখা গোটেই জীৱন সম্পূৰ্ণ পৱিত্ৰ হোৱাৰ। তেওঁলোকে খোৱাৰ ব্ৰত ৰাখে, তোমালোকেও মনৰ ভোজন ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প, অপৱিত্ৰ সংকল্পৰ ব্ৰত ৰাখিছা। দৃঢ় ব্ৰত ৰাখিছা নহয়? এই ডবল বিদেশীসকল আগত বহি আছে। এই কুমাৰসকলে কোৱা, কুমাৰসকলে ব্ৰত ৰাখিছানে, দৃঢ়নে? অপৈণত নহয়। মায়াই শুনি আছে। সকলোৱে পতাকা লৰাই আছা নহয় সেয়েহে মায়াই চাই আছে, পতাকা লৰাই আছে। যেতিয়া ব্ৰত ৰাখে – পৱিত্ৰ হ’বই লাগিব, গতিকে ব্ৰত ৰখা অৰ্থাৎ শ্ৰেষ্ঠ বৃত্তি ধাৰণ কৰা। গতিকে যেনেকুৱা বৃত্তি তেনেকুৱাই দৃষ্টি, কৃতি (কৰ্ম) স্বতঃ হৈ যায়। তেন্তে এনেকুৱা ব্ৰত ৰাখিছা নহয়? পৱিত্ৰ শুভ বৃত্তি, পৱিত্ৰ শুভ দৃষ্টি, যেতিয়া ইজনে সিজনক চোৱা তেতিয়া কি চোৱা? মুখমণ্ডল চোৱা নে ভ্ৰূকুটিৰ মাজত জিলিকি থকা আত্মাক চোৱা? কোনোবা সন্তানে সুধিলে যে যেতিয়া কথা পাতিবলগীয়া হয়, কাম কৰিবলগীয়া হয় তেতিয়া মুখলৈ চাইহে কথা ক’বলগীয়া হয়, চকুৰ ফালেই নজৰ যায়, সেয়েহে মুখ দেখি কেতিয়াবা কেতিয়াবা অলপ বৃত্তি সলনি হৈ যায়। বাপদাদাই কয় – চকুৰ লগতে ভ্ৰূকুটিও আছে, গতিকে ভ্ৰূকুটিৰ মাজত আত্মাক চাই কথা পাতিব নোৱাৰানে! এতিয়া বাপদাদাই সন্মুখত বহা সন্তানসকলৰ চকুলৈ চাই আছে নে ভ্ৰূকুটিলৈ চাই আছে, গম পোৱা যায়নে? একেলগেইতো আছে। গতিকে মুখলৈ চোৱা কিন্তু মুখমণ্ডত ভ্ৰূকুটিত জিলিকি থকা তৰাক চোৱা। গতিকে এইটো ব্ৰত লোৱা, লৈছা কিন্তু আৰু মনোযোগ দিয়া। আত্মাক চাই কথা পাতিব লাগে, আত্মাই আত্মাৰ সৈতে কথা পাতি আছে। আত্মাই চাই আছে। তেতিয়া বৃত্তি সদায়েই শুভ হৈ থাকিব আৰু লগতে আনটো লাভ হৈছে যেনেকুৱা বৃত্তি বায়ুমণ্ডল তেনেকুৱাই হয়। বায়ুমণ্ডল শ্ৰেষ্ঠ কৰি তুলিলে নিজৰ পুৰুষাৰ্থৰ লগতে সেৱাও হৈ যায়। তেন্তে ডবল লাভ হয় নহয়! নিজৰ বৃত্তি এনেকুৱা শ্ৰেষ্ঠ কৰি তোলা যাতে যেনেকুৱাই বিকাৰী, পতিত নহওঁক তোমালোকৰ বৃত্তিৰ বায়ুমণ্ডলেৰে পৰিৱৰ্তন হৈ যায়। এনেকুৱা ব্ৰত সদায় যাতে স্মৃতিত থাকে, স্বৰূপত থাকে।

আজি বাপদাদাই সন্তানসকলৰ খতিয়ান চালে, নিজৰ বৃত্তিৰে বায়ুমণ্ডল গঢ়াৰ পৰিৱৰ্তে ক’ৰবাত ক’ৰবাত, কেতিয়াবা কেতিয়াবা আনৰ বায়ুমণ্ডলৰ প্ৰভাৱ পৰি যায়। কাৰণ কি? সন্তানসকলে আন্তৰিক বাৰ্তালাপত বহুত মিঠা মিঠা কথা কয়, কয় যে এওঁৰ বিশেষত্ব ভাল লাগে, এওঁৰ বৰ ভাল সহযোগ পাওঁ, কিন্তু বিশেষত্ব হৈছে প্ৰভুৰ দান। ব্ৰাহ্মণ জীৱনত যিয়েই প্ৰাপ্তি হৈছে, যিয়েই বিশেষত্ব আছে, সকলো প্ৰভু প্ৰসাদ, প্ৰভুৰ দান। কিন্তু দাতাক পাহৰি, লওঁতাক স্মৰণ কৰে …! প্ৰসাদ কেতিয়াও কাৰো ব্যক্তিগত বুলি নকয়, প্ৰভু প্ৰসাদ বুলি কোৱা হয়। অমুকৰ প্ৰসাদ বুলি নকয়। সহযোগ পোৱা, ভাল কথা কিন্তু সহযোগ প্ৰাপ্ত কৰাওঁতা দাতাক নাপাহৰিবাচোন! তেনেহ’লে জন্মদিনৰ দৃঢ় ব্ৰত ৰাখিছানে? বৃত্তি পৰিৱৰ্তন হ’লনে? সম্পূৰ্ণ পৱিত্ৰতা, এইটো সঁচা ব্ৰত লোৱা বা প্ৰতিজ্ঞা কৰা। পৰীক্ষা কৰা – ডাঙৰ ডাঙৰ বিকাৰৰ ব্ৰততো ৰাখিছা কিন্তু তাৰ সৰু সৰু সন্তান-সন্ততিৰ পৰা মুক্ত হোৱানে? এনেও চোৱা জীৱনত প্ৰবৃত্তিত থকাসকলৰ সন্তানতকৈ বেছি নাতি-পুতিলৈ স্নেহ বেছি থাকে। মাতাসকলৰ স্নেহ থাকে নহয়। গতিকে ডাঙৰ ডাঙৰ ৰূপততো জিকিলা কিন্তু সৰু সৰু সূক্ষ্ম স্বৰূপত প্ৰহাৰতো নকৰে? যেনেকৈ বহুতে কয় – আসক্তি নাই কিন্তু ভাল লাগে। এইটো বস্তু বেছি ভাল লাগে কিন্তু আসক্তি নাই। বিশেষ ৰূপত কিয় ভাল লাগে? গতিকে পৰীক্ষা কৰা সৰু সৰু ৰূপত অপৱিত্ৰতাৰ অংশতো থাকি যোৱা নাই? কিয়নো অংশৰ পৰা কেতিয়াবা বংশ জন্ম হ’ব পাৰে। যিকোনো বিকাৰ সৰু ৰূপতে বা ডাঙৰ ৰূপতে অহাৰ নিমিত্ত এটা শব্দৰ ভাৱ, সেই এটা শব্দ হৈছে – ‘মই’। দেহ-অভিমানৰ মই। এই এটা শব্দৰ পৰা অভিমানো জন্মে আৰু যদি অভিমান পূৰা নহয় তেতিয়া ক্ৰোধো জন্মে কিয়নো অভিমানৰ চিন হ’ল - তেওঁ নিজৰ অপমানৰ এটা শব্দও সহ্য কৰিব নোৱাৰে, সেইবাবে ক্ৰোধ আহি যায়। তেন্তে ভক্তইতো বলি দিয়ে কিন্তু তোমালোকে আজিৰ দিনটোত যিয়েই হদৰ মোৰ বোধ আছে, সেয়া পিতাক দি সমৰ্পিত কৰা। এইটো নাভাবিবা যে কৰিবতো লাগে, হ’বতো লাগে… ‘তো’ ‘তো’ নকৰিবা। সমৰ্থ হোৱা আৰু সমৰ্থ হৈ সমাপ্ত কৰা। কোনো নতুন কথা নহয়, কিমান কল্প, কিমান বাৰ সম্পূৰ্ণ হৈছা, স্মৃতিত আছেনে? কোনো নতুন কথা নহয়। কল্পই কল্পই হৈছা, হৈ থকাটোৱে হৈ আছে, কেৱল পুনৰাবৃত্তি কৰিব লাগে। হৈ থকাটোকে কৰিব লাগে, সেইবাবে কোৱা হয় - ৰচি থোৱা ড্ৰামা। ৰচি থোৱা আছে কেৱল এতিয়া পুনৰাবৃত্তি কৰিব লাগে অৰ্থাৎ হ’ব লাগে। কঠিন নে সহজ? বাপদাদাই ভাবে সংগমযুগৰ বৰদান হৈছে - সহজ পুৰুষাৰ্থ। এইটো জন্মৰ সহজ পুৰুষাৰ্থৰ বৰদানেৰে 21 জন্ম সহজ জীৱন স্বতঃ প্ৰাপ্ত হ’ব। বাপদাদা প্ৰতিগৰাকী সন্তানক পৰিশ্ৰমৰ পৰা মুক্ত কৰিবলৈ আহিছে। 63 জন্ম পৰিশ্ৰম কৰিলা, এটা জন্ম পৰমাত্ম স্নেহ, প্ৰেমেৰে পৰিশ্ৰমৰ পৰা মুক্ত হৈ যোৱা। য’ত প্ৰেম আছে ত’ত পৰিশ্ৰম নাই, য’ত পৰিশ্ৰম আছে ত’ত প্ৰেম নাই। সেয়েহে বাপদাদাই সহজ পুৰুষাৰ্থী হোৱাৰ বৰদান দি আছে আৰু মুক্ত হোৱাৰ সাধন হৈছে – প্ৰেম, পিতাৰ সৈতে অন্তৰৰ প্ৰেম। স্নেহত লীন আৰু মহা যন্ত্ৰ হৈছে – ‘মনমনাভৱ’ৰ মন্ত্ৰ। গতিকে যন্ত্ৰ কামত লগোৱা। কামত লগাবতো জানা নহয়! বাপদাদাই দেখিছে সংগমযুগত পৰমাত্ম স্নেহৰ দ্বাৰা, বাপদাদাৰ দ্বাৰা কিমান শক্তি প্ৰাপ্ত হৈছে, গুণ প্ৰাপ্ত হৈছে, জ্ঞান প্ৰাপ্ত হৈছে, আনন্দ প্ৰাপ্ত হৈছে, এয়া সকলো প্ৰভুৰ দান, সম্পদ সময় অনুসৰি কাৰ্যত লগোৱা।

তেন্তে বাপদাদাই কি বিচাৰে, শুনিলানে? প্ৰতিগৰাকী সন্তান সহজ পুৰুষাৰ্থী, সহজো আৰু তীব্ৰও। দৃঢ়তাক ব্যৱহাৰ কৰা। হ’বই লাগিব, মই নহ’লে তেন্তে কোন হ’ব। ময়েই আছিলোঁ, ময়েই হওঁ আৰু প্ৰত্যেক কল্পত ময়েই হ’ম। ইমান দৃঢ় নিশ্চয়তা নিজৰ মাজত ধাৰণ কৰিবই লাগে। কৰিম বুলি নক’বা, কৰিবই লাগিব। হ’বই লাগিব। হৈয়েই আছে।

বাপদাদাই দেশ-বিদেশৰ সন্তানসকলক দেখি আনন্দিত হয়। কেৱল তোমালোক সন্মুখত বহাসকলক চাই থকা নাই, চাৰিওফালৰ দেশ আৰু বিদেশৰ সন্তানসকলক চাই আছে। বেছিভাগ য’ৰ ত’ৰ পৰা জন্মদিনৰ অভিনন্দন আহিছে, কাৰ্ডো পাইছোঁ ই-মেইলো পাইছোঁ, অন্তৰৰ সংকল্পও পাইছোঁ। পিতায়ো সন্তানসকলৰ গীত গায়, তোমালোকেও গীত গোৱা নহয় – বাবা আপুনি চমৎকাৰ কৰি দিলে, তেনেকৈ পিতায়ো গীত গায় - মৰমৰ সন্তানসকলে চমৎকাৰ কৰি দিলে। বাপদাদাই সদায় কয় যে তোমালোকতো সন্মুখত বহি আছা কিন্তু দূৰৈত থকাসকলো বাপদাদাৰ অন্তৰত বহি আছে। আজি চাৰিওফালৰ সন্তানসকলৰ সংকল্পত আছে – অভিনন্দন, অভিনন্দন, অভিনন্দন। বাপদাদাৰ কাণলৈ আৱাজ আহি পাইছে আৰু মনলৈ সংকল্প আহি পাইছে। এয়া নিমিত্ত কাৰ্ড, পত্ৰ কিন্তু বহুত ডাঙৰ হীৰাতকৈয়ো বেছি মূল্যৱান উপহাৰ। সকলোৱে শুনি আছা, হৰ্ষিত হৈ আছা। তেন্তে সকলোৱে নিজৰ জন্মদিন পালন কৰিলা। দুবছৰীয়াই হওঁক, এবছৰীয়াই হওঁক বা এসপ্তাহৰে হওঁক, কিন্তু যজ্ঞ স্থাপনাৰ জন্মদিন। গতিকে সকলো ব্ৰাহ্মণ যজ্ঞ নিবাসীতো হোৱাই, সেইবাবে সকলো সন্তানক বহুত বহুত আন্তৰিক স্নেহ সহিত স্মৰণো কৰিছোঁ, আশীৰ্বাদো দিছোঁ, সদায় আশীৰ্বাদেৰেই প্ৰতিপালিত হৈ থাকা, উৰি থাকা। আশীৰ্বাদ দিয়া আৰু লোৱা সহজ হয় নহয়! সহজনে? যিসকলে ভাবা যে সহজ, তেওঁলোকে হাত দাঙা। পতাকা লৰোৱা। তেন্তে আশীৰ্বাদ এৰিতো নিদিয়া? সকলোতকৈ সহজ পুৰুষাৰ্থই হৈছে – আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা। ইয়াত যোগো আহি যায়, জ্ঞানো আহি যায়, ধাৰণাও আহি যায়, সেৱাও আহি যায়। আশীৰ্বাদ দিয়া আৰু লোৱাত চাৰিওটা বিষয় আহি যায়।

গতিকে ডবল বিদেশীসকল, আশীৰ্বাদ দিয়া আৰু লোৱা সহজ হয় নহয়? 20 বছৰীয়া যিসকল আহিছা তেওঁলোকে হাত দাঙা। তোমালোকৰতো 20 বছৰ হ’ল কিন্তু বাপদাদাই তোমালোক সকলোকে পদম গুণ অভিনন্দন জনাই আছে। কিমান দেশৰ পৰা আহিছে? (69 দেশৰ পৰা) 69 তম্‌ জন্মদিন পালন কৰিবলৈ 69 দেশৰ পৰা আহিছে। কিমান ভাল লাগিছে। আহোঁতে কষ্টতো হোৱা নাই নহয়। সহজে আহি গ’লা নহয়! য’ত প্ৰেম থাকে ত’ত একো পৰিশ্ৰম নহয়। তেন্তে আজিৰ বিশেষ বৰদান কি স্মৃতিত ৰাখিবা? সহজ পুৰুষাৰ্থী। সহজ কাৰ্য খৰতকীয়াকৈ কৰা যায়। পৰিশ্ৰমৰ কাম কঠিন হয় নহয় সেয়েহে সময় লাগে। তেনেহ’লে সকলো কোন? সহজ পুৰুষাৰ্থী। কোৱা, স্মৃতিত ৰাখিবা। নিজৰ দেশলৈ গৈ পৰিশ্ৰম কৰিবলৈ লাগি নাযাবা। যদি কিবা পৰিশ্ৰমৰ কাম আহে তেতিয়া অন্তৰেৰে ক’বা - বাবা, মোৰ বাবা, তেতিয়া পৰিশ্ৰম শেষ হৈ যাব। বাৰু পালন কৰিলা নহয়! পিতায়ো পালন কৰিলে, তোমালোকেও পালন কৰিলা। বাৰু।

এতিয়া এক চেকেণ্ডত ড্ৰিল কৰিব পাৰিবানে? কৰিব পাৰিবা নহয়! বাৰু (বাপদাদাই ড্ৰিল কৰালে)

চাৰিওফালৰ সদায় উৎসাহ-উদ্দীপনাত থাকোঁতা শ্ৰেষ্ঠ সন্তানসকলক, সদায় সহজ পুৰুষাৰ্থী সংগমযুগৰ সৰ্ব বৰদানী সন্তানসকলক, সদায় পিতা আৰু মই আত্মা এইটো স্মৃতিৰে মই কওঁতাজন, মই আত্মা, সদায় সকলো আত্মাক নিজৰ বৃত্তিৰে বায়ুমণ্ডলৰ সহযোগ দিওঁতা মাষ্টৰ সৰ্বশক্তিমান সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ, আশীৰ্বাদ, অভিনন্দন আৰু নমস্কাৰ।

ডবল বিদেশী জ্যেষ্ঠ ভগ্নীসকলৰ সৈতে:- সকলোৱে ভাল পৰিশ্ৰম কৰিছা। দল গঠন কৰিছা নহয় গতিকে ভাল পৰিশ্ৰম কৰিছা। আৰু ইয়াত বায়ুমণ্ডলো ভাল, সংগঠনৰো শক্তি আছে, সেয়েহে সকলো ভালকৈ পুনৰুজ্জীৱিত হৈ যায় আৰু তোমালোক নিমিত্ত হৈ যোৱা। ভাল কথা। দূৰে দূৰে থাকা নহয়, গতিকে সংগঠনৰ যি শক্তি আছে সেয়াও বহুত ভাল। ইমান ডাঙৰ পৰিয়াল একত্ৰিত হয় তেতিয়া প্ৰত্যেকৰে বিশেষত্বৰ প্ৰভাৱতো পৰে। ভাল পৰিকল্পনা কৰিছা। বাপদাদা আনন্দিত হয়। সকলোৰে সুবাস তোমালোকে লৈ লোৱা। তেওঁলোক আনন্দিত হয় তোমালোকে আশীৰ্বাদ পোৱা। ভাল কথা, এয়া যি সকলো একত্ৰিত হৈ যোৱা এয়া বহুত ভাল, পৰস্পৰ লেনদেনো হৈ যায় আৰু পুনৰুজ্জীৱিতকৰণো হৈ যায়। ইজনে সিজনৰ যিটো বিশেষত্ব পচন্দ হয় সেয়া ব্যৱহাৰ কৰে, ইয়াৰ দ্বাৰা সংগঠন ভাল হৈ যায়। এইটো ঠিক।

সেৱাকেন্দ্ৰত থকা ভাতৃ-ভগ্নীসকলৰ সৈতে:- (সকলোৱে ফলক দেখুৱাই আছে, তাত লিখা আছে – প্ৰেম আৰু দয়াৰ জ্যোতি জাগৃত কৰি ৰাখিম) বৰ ভাল সংকল্প লৈছা। নিজৰ প্ৰতিও দয়া দৃষ্টি, সঙ্গীৰ প্ৰতিও দয়া দৃষ্টি আৰু সকলোৰে প্ৰতিও দয়া দৃষ্টি। ঈশ্বৰীয় প্ৰেম হৈছে চুম্বক, গতিকে তোমালোকৰ ওচৰত ঈশ্বৰীয় প্ৰেমৰ চুম্বক আছে। যি কোনো আত্মাক ঈশ্বৰীয় প্ৰেমৰ চুম্বকেৰে পিতাৰ কৰি তুলিব পাৰা। বাপদাদাই সেৱাকেন্দ্ৰত থকাসকলক বিশেষ অন্তৰৰ আশীৰ্বাদ দিয়ে, তোমালোক সকলোৱে বিশ্বত নাম উজ্বল কৰিছা। চুকে-কোণে ব্ৰহ্মাকুমাৰীৰ নাম বিয়পাই দিছা নহয়! আৰু বাপদাদাৰ বৰ ভাল লগা কথাটি হ’ল যে যেনেকৈ ডবল বিদেশী তেনেকৈ ডবল কাৰ্য কৰোঁতা। গৰিষ্ঠসংখ্যকে লৌকিক কাৰ্যও (চাকৰিও) কৰে লগতে অলৌকিক কাৰ্যও কৰে আৰু বাপদাদাই চাই থাকে, বাপদাদাৰ টি.ভি. বহুত ডাঙৰ, এনেকুৱা ডাঙৰ টি.ভি. ইয়াত নাই। গতিকে বাপদাদাই চায় কেনেকৈ লৰালৰিকৈ ক্লাছ কৰে, থিয়ৈ থিয়ৈ জলপান খায়, কৰ্মক্ষেত্ৰত সময়ত উপস্থিত হয়, চমৎকাৰ কৰে। বাপদাদাই চাই চাই অন্তৰৰ স্নেহ দি থাকে। বৰ ভাল, সেৱাৰ নিমিত্ত হৈছা আৰু নিমিত্ত হোৱাৰ পুৰস্কাৰ পিতাই সদায় বিশেষ দৃষ্টি দি থাকে। বৰ ভাল লক্ষ্য ৰাখিছা, ভাল হৈ আছা, ভাল হৈ থাকিবা আৰু ভাল কৰি তুলিবা। বাৰু।

বৰদান:
সৰ্ব সম্পদৰ মিতব্যয়িতাৰ বাজেট প্ৰস্তুত কৰোঁতা সূক্ষ্ম পুৰুষাৰ্থী হোৱা

যেনেকৈ লৌকিক ৰীতিত যদি মিতব্যয়ী ঘৰ নহয় তেন্তে ঠিক ৰীতিত চলিব নোৱাৰে। তেনেকৈ যদি নিমিত্ত হোৱা সন্তান মিতব্যয়ী নহয় তেন্তে সেৱাকেন্দ্ৰ ঠিকে নচলে। সেয়া হ’ল হদৰ প্ৰবৃত্তি, এয়া হ’ল বেহদৰ প্ৰবৃত্তি। গতিকে পৰীক্ষা কৰিব লাগে যে সংকল্প, বাণী আৰু শক্তিসমূহৰ কি কি অতিৰিক্ত ব্যয় কৰিলা? যিয়ে সৰ্ব সম্পদৰ মিতব্যয়িতাৰ বাজেট প্ৰস্তুত কৰি সেই অনুসৰি চলে তেওঁলোককেই সূক্ষ্ম পুৰুষাৰ্থী বুলি কোৱা হয়। তেওঁলোকৰ সংকল্প, বাণী, কৰ্ম আৰু জ্ঞানৰ শক্তিসমূহ একোৱে ব্যৰ্থত যাব নোৱাৰে।

স্লোগান:
স্নেহৰ সম্পদেৰে ভৰপূৰ হৈ সকলোকে স্নেহ দিয়া আৰু স্নেহ লোৱা।

আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতাৰ শক্তিয়ে পৰমপূজ্য কৰি তোলে। পৱিত্ৰতাৰ শক্তিৰে এই পতিত জগতক পৰিৱৰ্তন কৰা। পৱিত্ৰতাৰ শক্তিয়ে বিকাৰৰ অগ্নিত জ্বলি থকা আত্মাসকলক শীতল কৰি তোলে। আত্মাক অনেক জন্মৰ বিকৰ্মৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে। পৱিত্ৰতাৰ আধাৰত দ্বাপৰৰ পৰা এই সৃষ্টিখন অলপ হ’লেও অধিক অৱনমিত হোৱাৰ পৰা থমকি ৰৈছে। ইয়াৰ মহত্বক জানি পৱিত্ৰতাৰ কিৰণৰ মুকুট ধাৰণ কৰি লোৱা।