11.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সম্পূৰ্ণ উত্তৰাধিকাৰ ল’বলৈ এজন পিতাৰ সৈতে পূৰা প্ৰীতি ৰাখা, তোমালোকৰ প্ৰীতি কোনো
দেহধাৰীৰ সৈতে থাকিব নালাগে”
প্ৰশ্ন:
যিসকল আমাৰ
দৈৱী সম্প্ৰদায়ৰ হ'ব তেওঁলোকৰ সন্মুখত কোনবোৰ কথা ঘূৰি থাকিব?
উত্তৰ:
যেতিয়া তোমালোকে তেওঁলোকক ক’বা যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হয় আৰু দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা হয় তেতিয়া তেওঁলোকৰ সন্মুখত এইবোৰ কথাবোৰ ঘূৰি থাকিব। তেওঁলোকৰ
বুদ্ধিত উদয় হ’ব যে আমি দেৱতা হ'ব লাগে সেইবাবে আমাৰ খোৱা-বোৱা শুদ্ধ হ’ব লাগে।
গীত:
ভোলেনাথ সে
নিৰালা…… (ভোলানাথতকৈ অনন্য……)
ওঁম্শান্তি।
ভোলানাথৰ
সন্তানসকলে শুনি আছে। কাৰ পৰা? ভোলানাথৰ পৰা। ভোলানাথ বুলি শিৱকেই কোৱা হয়। তেওঁৰ
নামেই শিৱ। ভোলানাথৰ সন্তান অৰ্থাৎ শিৱৰ সন্তান। আত্মাই এই কাণৰ দ্বাৰা শুনি আছে।
তোমালোক সন্তানসকল এতিয়া আত্মা-অভিমানী হৈছা। সন্তানসকলে টেপ ৰেকৰ্ডতো মুৰুলি শুনে
তেতিয়া বুজি পায় শিৱবাবাই আমাক নিজৰ পৰিচয় দিয়ে - মই সকলো আত্মাৰ পিতা। যাক তোমালোকে
পৰমপিতা পৰম আত্মা অৰ্থাৎ পৰমাত্মা বুলি কোৱা। তেওঁক সৰ্বদা পিতা বুলিয়েই কয়। কোনে
কয় যে তেওঁ পিতা? আত্মাই। আত্মাই এতিয়া জ্ঞান পাইছে অন্য কোনো মনুষ্য মাত্ৰৰ এই
জ্ঞান নাই। আমাৰ অৰ্থাৎ আত্মাসকলৰ দুজন পিতা। এজন সাকাৰ, এজন নিৰাকাৰ। তেওঁ পৰমপিতা,
এই বুজনি অন্য কোনেও দিব নোৱাৰে। পিতাৰ বাহিৰে অন্য কোনেও এনেকৈ সুধিব নোৱাৰে।
পিতাইহে সোধে তোমালোকে যে কোৱা পৰমপিতা পৰমাত্মা, ঈশ্বৰ পিতা, তেনেকৈ তোমালোকে কাৰ
বাবে কোৱা? লৌকিক পিতাৰ বাবে নে পাৰলৌকিক পিতাৰ বাবে? লৌকিক পিতাক ঈশ্বৰ পিতা বুলি
ক’ব জানো? হিন্দীত শব্দও আছে পৰমপিতা। তেওঁতো এজনেই নিৰাকাৰ। ঈশ্বৰ, প্ৰভু বা ভগৱান
বুলি ক'লেই পিতা সিদ্ধ নহয়। ঈশ্বৰ পিতা শব্দটো ভাল। আত্মাই ক’লে তেওঁ আমাৰ ঈশ্বৰ
পিতা। লৌকিক পিতাতো কেৱল শৰীৰৰ পিতা। তোমালোক সকলোকে সোধা হয়, তোমালোকৰ কেইজন পিতা?
এজন হৈছে লৌকিক, আনজন হ'ল পাৰলৌকিক। দুয়োজনৰ ভিতৰত শ্ৰেষ্ঠ কোন? নিশ্চয় ক’ব
পাৰলৌকিক পিতা। তেওঁৰ মহিমা হ'ল - সকলো পতিতক পাৱন কৰি তোলোঁতা পাৰলৌকিক পিতা। এয়াও
তোমালোকে এতিয়া বুজি পোৱা। জগতত এইটো কোনেও নুবুজে। পিতাই বুজাইছে – তোমালোকৰ প্ৰীতি
পাৰলৌকিক পিতাৰ সৈতে। অন্যৰ বিনাশ কালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধি। এতিয়া বিনাশৰ
সময়। সেয়াই মহাভাৰতৰ যুদ্ধ এতিয়া লাগিব। উৰাজাহাজ, টেংক আদি ইজনে সিজনক যোগান ধৰি
আছে। সকলোকে দি গৈ থাকে। পইচাৰ বিনিময়ত যাক যি লাগে তেওঁলোকক দি গৈ থাকে। ধাৰলৈও লয়।
গতিকে উৰাজাহাজ, বাৰুদ আদি এই সকলোবোৰ ক্ৰয় কৰে। এই সকলোবোৰ বস্তু বহুত দামৰ হয়।
বিলাতৰসকলে তৈয়াৰ কৰে, তাৰপাছত আকৌ বিক্ৰী কৰি গৈ থাকে। ভাৰতবাসীয়ে জানো উৰাজাহাজ
আদি বিক্ৰী কৰে। এই সকলোবোৰ বস্তু বাহিৰৰ পৰা আহিছে। এতিয়া যি বস্তু কিনিব সেয়া
নিশ্চয় কামত খটুৱাব। পেলাবৰ বাবে জানো ল’ব। তেওঁলোক হৈছে বিনাশ কালত অপ্ৰীতিকৰ
বুদ্ধিৰ যাদৱ সম্প্ৰদায়, যিসকল ইউৰোপত থাকে। তাত সকলো আহি গ’ল। ভাৰততো অবিনাশী খণ্ড
কিয়নো অবিনাশী পিতাৰ জন্মভূমি। পিতা তেতিয়াই আহে যেতিয়া পুৰণি সৃষ্টি সমাপ্ত হোৱাৰ
সময় হয় আৰু জন্ম তাত লয় য'ত কেতিয়াও সমাপ্ত নহয়। পিতা আহিছিল সেইবাবেতো শিৱ জয়ন্তী
পালন কৰে কিন্তু তেওঁলোকে এইটো নাজানে যে শিৱবাবা কেতিয়া আহে। আহেও সেই সময়ত যেতিয়া
বিনাশৰ বাবে প্ৰস্তুতি চলি থাকে।
এতিয়া পিতাই কয়
তেওঁলোক হ'ল ইউৰোপবাসী যাদৱ সম্প্ৰদায় যিসকল সত্যযুগত নাথাকে। বৌদ্ধি, খ্ৰীষ্টান
আদিও নাথাকে। এতিয়া পিতাই কয় তেওঁলোকৰেই বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি কিয়নো পৰমাত্মা
পিতাক সৰ্বব্যাপী বুলি কৈ দিয়ে। তোমালোক হ’লা বিনাশ কালত প্ৰীতি বুদ্ধিৰ। তোমালোকে
পিতাক জানা। তোমালোকে বুজি পোৱা আমি 84 জন্ম লৈছোঁ। 84 জন্মত পাপ আত্মা, তমোপ্ৰধান
হৈ গৈছোঁ। ভাৰতবাসীয়েহে 84 জন্ম লৈছে। এতিয়া ড্ৰামা পূৰা হোৱাৰ পথত, সকলো উভতি যাব
লাগে। তোমালোকক পিতাই ৰাজযোগ শিকাই আছে। এয়া হৈছে সকলোৰে বিনাশৰ সময় অৰ্থাৎ মৃত্যুৰ
সময়। গতিকে সেই যাদৱসকলৰো ঈশ্বৰৰ প্ৰতি প্ৰীতি নাই, সেইবাবে বিনাশ কালত অপ্ৰীতিকৰ
বুদ্ধিৰ বুলি কোৱা হয়। কোনো দেহধাৰী মনুষ্যৰ সৈতে প্ৰীতি গঢ়িব নালাগে। তেওঁলোকতো
হৈছে ৰচনা, তেওঁলোকৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। ভাতৃয়ে ভাতৃৰ পৰা উত্তৰাধিকাৰ পায়
জানো। এয়াতো ভালদৰে বুজোৱা হৈছে।
তোমালোক সন্তানসকলে
এতিয়া বুজি পোৱা - তেওঁলোকৰ হ’ল বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি আৰু তোমালোকৰ হৈছে
প্ৰীতি বুদ্ধি। ইয়াৰ ভিতৰতো যিসকলৰ প্ৰীতি তীব্ৰ, তেওঁলোকে পিতাৰ সৈতে পূৰা প্ৰীতি
ৰাখে। আমি বাবাৰ পৰা 21 জন্ম স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। সেই বাবাইহে সত্য কয় আৰু কাৰো
সৈতে প্ৰীতি গঢ়িব নালাগে। যেতিয়া নতুন ঘৰ সাজে তেতিয়া আকৌ নতুন ঘৰৰ প্ৰতি প্ৰীতি গঢ়ি
উঠে। বুজা যায় পুৰণি ঘৰ ভঙা যাব। গতিকে আমিও পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ
আঁতৰাই যাওঁ। পিতাই বুজায় - দিনে-প্ৰতিদিনে বায়ুমণ্ডল বেয়া হৈ গৈ থাকিব। দেখিবলৈ
পোৱা কিমান হুলস্থুল হয়, গতিকে বুজিম যে বচ্ এতিয়া এয়া সমাপ্ত হ’ব। আমি নতুন
সৃষ্টিলৈ যাব লাগে। গতিকে নতুন সৃষ্টিক স্মৰণ কৰিব লাগে। বেহদৰ পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে অন্য কাৰোবাক স্মৰণ কৰিলে একো প্ৰাপ্তি নহ’ব। মনুষ্যই
ভক্তিমাৰ্গততো কিমান স্মৰণ কৰে। মাতা-পিতা, মিত্ৰ-সম্বন্ধীয়ক স্মৰণ কৰি থাকিও আকৌ
দেৱী-দেৱতাসকলক কিমান স্মৰণ কৰে। পানীত স্নান কৰে, গঙ্গাক পতিত-পাৱনী বুলি কয়।
দেখুৱায়, শৰ মাৰিলে আৰু গঙ্গা ওলাই আহিল। গঙ্গা জল মুখত দিয়ে। ভাবে অলপমানো গঙ্গা
জল পালে মুক্তি পাই যাব। পিতাই কয় ইয়াত হৈছে জ্ঞানৰ কথা। তোমালোকে অলপো জ্ঞান শুনিলে
ফল পাই যোৱা। এয়া জ্ঞান শুনাৰ কথা। অমৃত পান কৰাৰ কথা নহয়, এয়া হৈছে জ্ঞান। এনেকৈ
নুবুজিবা যে ভোগ আগবঢ়োৱাৰ দিনা অমৃত পান কৰায়। নহয়, সেয়াতো হৈছে মিঠা পানী। বাকী এয়া
হৈছে জ্ঞানৰ কথা। জ্ঞান অৰ্থাৎ পিতা আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক জনা। এই সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে, কোনে 84 জন্ম লয়। সকলোৱেতো ল’ব নোৱাৰে। পোন প্ৰথমে ভাৰতবাসীহে আহে।
তেওঁলোকেহে পূৰা 84 জন্ম লয়। যিসকল দেৱতা আছিল তেওঁলোকেহে 84 জন্ম ভোগ কৰি পতিত হৈ
যায়। পিতা আহি আকৌ কাঁইটৰ পৰা ফুল কৰি তোলে। মনুষ্য দেহ-অভিমানত আহি 5 বিকাৰত আৱদ্ধ
হৈ পৰে। এতিয়া হৈছে ৰাৱণৰাজ্য। সত্যযুগ দৈৱী ৰাজ্য আছিল। শিৱবাবাইহে স্বৰ্গপুৰী ৰচে।
সূৰ্যবংশী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়া তোমালোকে জানা স্থাপনা হৈ আছে।
তোমালোকৰ বিনাশ কালত প্ৰীতি বুদ্ধি, সেইবাবে বিজয়ী। গোটেই বিশ্বত তোমালোকে বিজয়
প্ৰাপ্ত কৰা। এয়া ভালদৰে স্মৃতিত ৰাখিব লাগে। আমি ভাৰতবাসী যিসকল এতিয়া কলিযুগত আছোঁ
সেইসকলেই পৰিৱৰ্তিত হৈ স্বৰ্গলৈ যামগৈ। পুৰণি সৃষ্টি ত্যাগ কৰিব লাগে। এয়া বিকাৰী
সম্বন্ধ, ইয়াক বন্ধন বুলি কোৱা হয়। তোমালোক বিকাৰী বন্ধনৰ পৰা আঁতৰি আহি নিৰ্বিকাৰী
সম্বন্ধত যোৱা আকৌ পাছৰ জন্মত তোমালোক বিকাৰী বন্ধনত আহিবলগীয়া নহয়। তাত হয়েই
নিৰ্বিকাৰী সম্বন্ধ, এই সময়ত আসুৰি বন্ধন। আত্মাই কয় আমাৰ প্ৰীতি শিৱবাবাৰ সৈতে।
তোমালোক ব্ৰাহ্মণসকলৰ প্ৰীতি আছে কিয়নো যথাৰ্থ ৰীতিৰে জানা। পিতাক, সৃষ্টি চক্ৰক
জানি তোমালোকে আকৌ অন্যকো বুজোৱা। যিয়ে যিমান অন্যক বুজাব তেন্তে বহুতৰে কল্যাণ
কৰিব। যিয়ে অধিক বুজি পায় তেঁৱেই বুদ্ধিমান, উচ্চ পদো তেঁৱেই পায়। সেৱা কমকৈ কৰিলে
তেন্তে পদো কম পাব। পতিততো গোটেই সৃষ্টিখনেই হয়। প্ৰত্যেককে পতিতৰ পৰা পাৱন হোৱাৰ
ৰাস্তাৰ বিষয়ে শুনাব লাগে আৰু কোনো উপায় নাই। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। যিসকল
দৈৱী সম্প্ৰদায়ৰ তেওঁলোকৰ সন্মুখত এই কথাবোৰ প্ৰতিধ্বনিত হ'ব, বুজিব এয়াতো ঠিক কথা।
যথাযথ আমি দেৱী-দেৱতা হওঁগৈ। আমাৰ ভোজনো শুদ্ধ হ'ব লাগে। দৈৱীগুণো ইয়াত ধাৰণ কৰিব
লাগে, সৰ্বগুণ সম্পন্ন হ'ব লাগে। এতিয়া তোমালোক হৈ আছা। এই লক্ষ্মী-নাৰায়ণ দেৱতা,
এওঁলোকক ভোগ আগবঢ়ায় তেতিয়া জানো চুৰট (চিগাৰেট) আদিৰ ভোগ আগবঢ়ায়? চুৰট হোপা জনে
উচ্চ পদ পাব নোৱাৰে। এইটো কোনো দৈৱী বস্তু নহয়। চুৰট হুপিলে নাইবা নহৰু পিয়াজ আদি
খালে তেন্তে আৰুহে অৱনমিত হ'ব। কয় ইয়াক ত্যাগ কৰিলে স্বাস্থ্য নষ্ট হৈ যায়। পিতাই
কয় - শিৱবাবাক স্মৰণ কৰা। এই সকলোবোৰ অভ্যাস ত্যাগ কৰিলে তোমালোকৰ সৎগতি হ'ব। চুৰট
হোপাৰ অভ্যাসতো বহুতৰ থাকে। বুজনি দিয়া হয়, দেৱতাসকলক কেতিয়াও এইবোৰ ভোগ আগবঢ়োৱা
নহয়। গতিকে তোমালোক এওঁলোকৰ (দেৱতাসকলৰ) দৰে ইয়াতেই হ'ব লাগে। তোমালোকে ছিঃ ছিঃ
বস্তু খাই থাকিলে তেন্তে তাৰ দুৰ্গন্ধ আহি থাকিব। চুৰট বা মদ্য পান কৰোঁতাসকলৰ পৰা
দূৰৈৰ পৰাই দুৰ্গন্ধ আহে। গতিকে তোমালোক সন্তানসকলে দৈৱী গুণ ধাৰণ কৰিব লাগে,
বৈষ্ণৱ হ'ব লাগে। যিদৰে বিষ্ণুৰ সন্তান, তোমালোক বিষ্ণু অৰ্থাৎ দৈৱী সন্তান হোৱাগৈ।
ইয়াত তোমালোক ঈশ্বৰীয় সন্তান। এইটো তোমালোকৰ সৰ্বোত্তম জন্ম। তোমালোক দেৱতা সকলতকৈও
উত্তম। তোমালোক অন্যকো উত্তম কৰি গঢ়ি তোলোঁতা। এয়া হৈছে বেহদৰ পিতাৰ মিছনেৰী (ধৰ্ম
প্ৰচাৰ)। খ্ৰীষ্টান লোকসকলৰ মিছনেৰী থাকে নহয়। নিজৰ খ্ৰীষ্টান ধর্মলৈ বহুতকে
ধৰ্মান্তৰিত কৰে। এয়া হ'ল ঈশ্বৰীয় মিছনেৰী। তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ ধর্মলৈ
ধৰ্মান্তৰিত হৈ আকৌ দেৱতা ধৰ্মলৈ ধৰ্মান্তৰিত হৈ যোৱা। তোমালোকে জানা আমি শূদ্ৰৰ পৰা
এতিয়া ব্ৰাহ্মণ হৈছোঁ। তোমালোক জীৱন্তে মৃত হৈছা পুনৰ গৈ দেৱতা হ’বাগৈ। গৰ্ভৰ পৰা
জন্ম পাবা।
ইয়াত তোমালোকক পিতাই
ধর্মৰ সন্তান কৰি লৈছে, ধৰ্মাত্মা কৰি তুলিবলৈ। পিতাই তোমালোকক নিজৰ কৰি লৈছে।
সন্তানসকলক পিতাই শিকায়, ব্ৰাহ্মণৰ পৰা আকৌ দেৱতা হয়গৈ। ইয়াত মনুষ্য কিমান উচ্চ,
এওঁলোকৰ সকলো দৈৱীগুণ আছে। যেতিয়া তোমালোক আত্মাসকল পৱিত্ৰ হৈ যাবা, তেতিয়া শৰীৰো
পৱিত্ৰ লাগিব। পুৰণা শৰীৰৰ বিনাশ হ’ব আকৌ তোমালোকক নতুন সতোপ্ৰধান শৰীৰৰ আৱশ্যক।
সত্যযুগত 5 তত্ত্বও সতোপ্ৰধান হৈ যাব। পিতাই কয় - তোমালোক শূদ্ৰ বৰ্ণত আছিলা। এতিয়া
আকৌ ব্ৰাহ্মণ বৰ্ণৰ হৈছা পুনৰ দৈৱী বৰ্ণত আহিবা। 84 জন্ম ল’বা নহয়। ব্ৰাহ্মণ বৰ্ণক
লুপ্ত কৰি দিছে। এতিয়া পিতাই শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলি পুনৰ দেৱতা কৰি তোলে।
এতিয়া তোমালোক উচ্চ ব্ৰাহ্মণ। ‘বাজোলী’ৰ (লুটি-বাগৰ মৰা) খেল হয় নহয়। এতিয়া
ব্ৰাহ্মণ পাছত দেৱতা, ক্ষত্ৰিয়…….. পুনৰ ব্ৰাহ্মণ হ’বাগৈ। ইয়াক চক্ৰ বুলি কোৱা হয়।
এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা। এই জ্ঞান এতিয়া আছে পাছততো প্ৰালব্ধ পাবা। তাত
এই সময়ৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি 21 জন্ম সদায় সুখী হৈ থাকিবা। কোনোবা ৰজাৰ পৰিয়ালত,
কোনোবা প্ৰজাত যাব। ৰজাৰ পৰিয়ালত বহুত সুখ পুনৰ কলা কম হয়। তোমালোকে 84 জন্মৰ জ্ঞান
পাইছা। স্মৃতিলৈ আহিছে। পিতা আহি বুজায় অতি মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া 84 জন্ম
পূৰা হ’ল। কোনোৱে 84 জন্ম, 80, 50, বা 60 জন্মও লৈছে। সকলোতকৈ অধিক তোমালোক
ভাৰতবাসীয়ে সুখ দেখিবলৈ পোৱা। এই ড্ৰামাত তোমালোকৰ নাম প্ৰসিদ্ধ। দেৱতাসকলতকৈও
তোমালোক উচ্চ। তোমালোকে জানা আমিয়েই পূজ্য হওঁগৈ। সত্যযুগত আমি কাৰোৱেই পূজা নকৰোঁ,
আমাৰো কোনেও পূজা নকৰে। তাত আমি হওঁৱেই পূজ্য পুনৰ কলা কম হৈ গৈ থাকে। আমি পূজ্যৰ
পৰা পুনৰ পূজাৰী হৈ শিৰ নত কৰোঁ। দ্বাপৰত আমি পূজাৰী হ’বলৈ আৰম্ভ কৰোঁ। অন্তিমত আকৌ
সকলো ব্যভিচাৰী হৈ যাওঁ। এই শৰীৰ 5 তত্ত্বৰে তৈয়াৰী, তাৰ যদি কোনোৱে বহি পূজা কৰে
তেন্তে তাক ভূত পূজা বুলি কোৱা হয়। প্ৰত্যেকৰ মাজত 5 ভূত আছে। দেহ-অভিমানৰ ভূত আকৌ
কাম-ক্ৰোধৰ ভূত। ভূত সম্প্ৰদায় বুলি কোৱা অথবা আসুৰিক সম্প্ৰদায়ৰ বুলি কোৱা, কথা
একেটাই। পিতা আহি পুনৰ দৈৱী সম্প্ৰদায় গঢ়ি তোলে। পিতা আহে ভূতৰ পৰা ৰক্ষা কৰিবলৈ আৰু
নিজৰ সৈতে যোগসূত্ৰ স্থাপন কৰাই দেৱতা কৰি তোলে। গুৰুনানকেও মহিমা গাইছে যে পৰমপিতা
পৰমাত্মাই মনুষ্যক দেৱতা কৰি তুলিলে। তেৱেই পতিতক পাৱন কৰি তোলোঁতা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ব্ৰাহ্মণৰ
পৰা দেৱতা হ’বৰ বাবে যিবোৰ ছিঃ ছিঃ অভ্যাস আছে সেয়া সকলো ত্যাগ কৰিব লাগে। শূদ্ৰক
ব্ৰাহ্মণ ধৰ্মলৈ ধৰ্মান্তৰিত কৰি দেৱতা কৰি তোলাৰ বাবে ঈশ্বৰীয় মিছনেৰীৰ কাৰ্যত
সহযোগী হ'ব লাগে। মদ, চুৰট বা যিবোৰ লেতেৰা অভ্যাস আছে সেইবোৰ আঁতৰাব লাগে।
(2) এই বিনাশৰ সময়ত
এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে। পুৰণি ঘৰ ভাঙিবৰ হৈছে সেইবাবে ইয়াৰ পৰা
অন্তৰ আঁতৰাই নতুনৰ সৈতে প্ৰীতি গঢ়িব লাগে।
বৰদান:
শ্ৰেষ্ঠ কৰ্মৰ
দ্বাৰা সোঁৱৰণ যোগ্য হওঁতা যোগযুক্ত, যুক্তযুক্ত হোৱা
তোমালোকৰ এটি এটি
কৰ্ম যিমান শ্ৰেষ্ঠ হ’ব সিমানেই শ্ৰেষ্ঠ আত্মাসকলৰ মাজত সোঁৱৰা হ’ব। ভক্তিত নাম
সোঁৱৰে, কিন্তু ইয়াত যিসকল শ্ৰেষ্ঠ আত্মা আছে তেওঁলোকৰ গুণ আৰু কৰ্ম দৃষ্টান্ত কৰি
তুলিবলৈ সোঁৱৰে। গতিকে তোমালোক শ্ৰেষ্ঠ কৰ্মৰ আধাৰত সোঁৱৰণ যোগ্য হৈ গৈ থাকিবা,
ইয়াৰ বাবে যোগযুক্ত হোৱা। যোগযুক্ত হ’লে প্ৰতিটো সংকল্প, শব্দ বা কৰ্ম যুক্তিযুক্ত
অৱশ্যেই হ’ব, তেওঁলোকৰ দ্বাৰা অযুক্তিকৰ কৰ্ম বা সংকল্প হ’বই নোৱাৰে - এইটোও সংযোগ
আছে।
স্লোগান:
নিমিত্ত আৰু নম্ৰতা - এয়াই সঁচা সেৱাধাৰীৰ লক্ষণ।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
সৰলচিতীয়া স্বভাৱ হ’লে
হৰ্ষিত হৈ থকাৰ লগতে নয়নেৰে, মুখেৰে আৰু চলনৰ দ্বাৰা মধুৰতা প্ৰত্যক্ষ ৰূপত দেখা
পোৱা যাব। মুখৰ পৰা কেতিয়াও কটু বচন নোলাব। তেওঁলোকৰ অন্তৰ, মগজ আৰু বাণী সকলো একে
হ’ব। অন্তৰত এটা আৰু মুখত আন এটা — এয়া সৰলতাৰ চিন নহয়। সৰল স্বভাৱৰসকল সদায়
নম্ৰচিত্ত, নিৰহংকাৰী আৰু নিঃস্বাৰ্থী হয়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]