12.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পেছাগত কাম-কাজ আদি কৰিও সদায় নিজৰ ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন আৰু অধ্যয়ন স্মৃতিত ৰাখা, স্বয়ং ভগৱানে আমাক পঢ়ায় এইটো নিচাত থাকা”

প্ৰশ্ন:
যিসকল সন্তানে জ্ঞান অমৃত হজম কৰিব জানে তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
তেওঁলোকৰ সদায় আত্মিক নিচা বাঢ়ি থাকিব আৰু সেই নিচাৰ আধাৰত সকলোৰে কল্যাণ কৰি থাকিব। কল্যাণ কৰাৰ বাহিৰে আন কোনো কথা ক’বলৈও তেওঁলোকৰ ভাল নালাগিব। কাঁইটক ফুল কৰি তোলাৰ সেৱাতে ব্যস্ত হৈ থাকিব।

ওঁম্শান্তি।
এতিয়া তোমালোক সন্তানসকল ইয়াত বহি আছা আৰু এয়াও জানা যে এতিয়া আমি ভূমিকা পালন কৰোঁতা হওঁ। 84 জন্মৰ চক্ৰ পূৰা কৰিছোঁ। এয়া তোমালোক সন্তানসকলৰ স্মৃতিত উদয় হোৱা উচিত। এইটো জানা যে বাবাৰ আগমন হৈছে, আমাক পুনৰ ৰাজ্য প্ৰাপ্ত কৰাবলৈ বা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তুলিবলৈ। এই কথাবোৰ পিতাৰ বাহিৰে আন কোনেও নুবুজায়। তোমালোক যেতিয়া ইয়াত বহা তেতিয়া তোমালোক যেন স্কুলত বহা। বাহিৰত থাকিলে স্কুলত নাথাকা। তোমালোকে জানা যে এইখন হৈছে উচ্চতকৈও উচ্চ আত্মিক স্কুল। আত্মিক পিতাই বহি পঢ়ায়। সন্তানসকলৰ পঢ়া পাঠতো স্মৃতিলৈ অহা উচিত। এৱোঁ (ব্ৰহ্মা) সন্তান। এওঁক অথবা সকলোকে শিকাওঁতাজন হৈছে সেইজন পিতা। তেওঁ সকলো মনুষ্য মাত্ৰৰে আত্মাসকলৰ পিতা। তেওঁ আহি শৰীৰ ঋণত লৈ তোমালোকক বুজাই আছে। নিতৌ বুজায়, ইয়াত যেতিয়া বহা তেতিয়া বুদ্ধিত স্মৃতি থকা উচিত যে আমি 84 জন্ম ল’লোঁ। আমি বিশ্বৰ মালিক আছিলোঁ, দেৱী-দেৱতা আছিলোঁ আকৌ পুনৰ্জন্ম লৈ লৈ একেবাৰে তলত আহি পালোঁ। ভাৰত কিমান চহকী আছিল। গোটেই স্মৃতি উদয় হৈছে। ভাৰতৰে কাহিনী, লগতে নিজৰো। নিজক আকৌ পাহৰি নাযাবা। আমি স্বৰ্গত ৰাজ্য কৰিছিলোঁ আকৌ আমি 84 জন্ম ল’বলগীয়া হয়। এয়া গোটেই দিনটো স্মৃতিলৈ আনিব লাগে। পেছাগত কাম-কাজ আদি কৰিও পঠা পাঠতো স্মৃতিলৈ অহা উচিত নহয় জানো। কেনেকৈ আমি বিশ্বৰ মালিক আছিলোঁ আকৌ আমি অৱনমিত হৈ আহিলোঁ, বহুত সহজ কিন্তু এইটো স্মৃতিও কিছুমানৰ নাথাকে। আত্মা পৱিত্ৰ নোহোৱা বাবে স্মৃতি পিছলি যায় (স্থায়ী হৈ নাথাকে)। আমাক ভগৱানে পঢ়ায় এইটো স্মৃতি পিছলি যায়। আমি বাবাৰ বিদ্যাৰ্থী। বাবাই কৈ থাকে – স্মৃতিৰ যাত্ৰাত থাকা। পিতাই আমাক পঢ়াই এনেকুৱা (লক্ষ্মী-নাৰায়ণ) কৰি গঢ়ি আছে। গোটেই দিন যাতে এইটো স্মৃতি আহি থাকে। পিতাইহে সোঁৱৰাই দিয়ে, এইখনেই ভাৰত আছিল নহয়। আমিয়েই দেৱী-দেৱতা আছিলোঁ, এতিয়া অসুৰ হৈছোঁ। প্ৰথমতে তোমালোকৰো বুদ্ধি আসুৰিক আছিল। এতিয়া পিতাই ঈশ্বৰীয় বুদ্ধি দিছে। কিন্তু তথাপিও কাৰোবাৰ কাৰোবাৰ বুদ্ধিত ধাৰণ নহয়। পাহৰি যায়। পিতাই কিমান নিচা বঢ়ায়। তোমালোক পুনৰাই দেৱতা হোৱা গতিকে সেইটো নিচা থকা উচিত নহয় জানো। আমি নিজৰ ৰাজ্য লৈ আছোঁ। আমি নিজৰ ৰাজ্যত ৰাজত্ব কৰিম, কিছুমানৰতো একেবাৰে নিচা নাবাঢ়ে। জ্ঞান অমৃত হজমেই নহয়। যাৰ নিচা বাঢ়ি থাকিব, তেওঁলোকৰ কাৰোবাৰ কল্যাণ কৰাৰ বাহিৰে অন্য কোনো কথা ক’বলৈও ভাল নালাগিব। ফুল কৰি গঢ়ি তোলাৰ সেৱাতে লাগি থাকিব। আমি প্ৰথমতে ফুল আছিলোঁ আকৌ মায়াই কাঁইট কৰি দিলে। এতিয়া পুনৰ ফুল হওঁ। এনেকুৱা কথাবোৰ নিজৰ লগত পতা উচিত। এইটো নিচাত থাকি তোমালোকে কাৰোবাক বুজালে তৎক্ষণাৎ কাঁড় লাগি যাব (জ্ঞান বুজি পাব)। ভাৰত ঈশ্বৰৰ ফুলৰ বাগিচা আছিল। এতিয়া পতিত হৈ গৈছে। আমিয়ে গোটেই বিশ্বৰ মালিক আছিলোঁ, কিমান ডাঙৰ কথা! এতিয়া পুনৰ আমি কি হৈ গ’লোঁ! কিমান অৱনমিত হৈ গ’লোঁ! এয়া হৈছে আমাৰ অৱৰোহণ আৰু আৰোহণৰ নাটক। এই কাহিনী পিতাই বহি শুনায়। সেয়া হ’ল মিছা, এয়া সঁচা। তেওঁলোকে সত্য-নাৰায়ণৰ কথা শুনায়, এইটো জানো বুজি পায় যে আমি কেনেকৈ উত্থান কৰিলোঁ আকৌ পতিত হ’লোঁ। এয়া পিতাই সঁচা সত্য-নাৰায়ণৰ কথা শুনাইছে। ৰাজ্য কেনেকৈ হেৰুৱালোঁ, এয়া সকলো নিজৰ ওপৰত। আত্মাই এতিয়া জানিছে যে আমি কেনেকৈ এতিয়া পিতাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছোঁ। পিতাই ইয়াত সুধিলে তেতিয়া কয় – হয়, নিচা আছে আকৌ বাহিৰলৈ গ’লে অলপো নিচা নাথাকে। সন্তানসকলে নিজেই বুজি পায়, যদিও হাত দাঙে কিন্তু চলন এনেকুৱা যে নিচা থাকিব নোৱাৰে। অনুভূতিতো হয় নহয়।

পিতাই সন্তানসকলক সোঁৱৰাই দিয়ে – সন্তানসকল, তোমালোকক মই ৰাজ্য দিছিলোঁ আকৌ তোমালোকে হেৰুৱাই পেলালা। তোমালোক অৱনমিত হৈ আহিছা কিয়নো এইখন হৈছে আৰোহণ আৰু অৱৰোহণৰ নাটক। আজি ৰজা, কাইলৈ তেওঁক পদচ্যুত কৰি দিয়ে। বাতৰিকাকতত এনেকুৱা বহুত খবৰ ওলায়, যদি তোমালোকে তেওঁলোকক সঁহাৰি জনোৱা তেতিয়া কিছু বুজিব। এয়া নাটক, এইটো স্মৃতিত থাকিলে তেতিয়াও সদায় আনন্দিত হৈ থাকিবা। বুদ্ধিত আছে নহয় – আজিৰ পৰা 5000 বছৰ পূৰ্বে শিৱবাবা আহিছিল, আহি ৰাজযোগ শিকাইছিল। যুদ্ধ লাগিছিল। পিতাই এতিয়া এই সকলোবোৰ শুদ্ধ কথা শুনায়। এয়া হ’ল পুৰুষোত্তম যুগ। কলিযুগৰ পাছত এই পুৰুষোত্তম যুগ আহে। কলিযুগক পুৰুষোত্তম যুগ বুলি কোৱা নহয়। সত্যযুগকো কোৱা নহয়। আসুৰি সম্প্ৰদায় আৰু দৈৱী সম্প্ৰদায় বুলি কয়, তাৰ মাজৰ এয়া হৈছে সংগমযুগ, যেতিয়া পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি হয়। নতুনৰ পৰা পুৰণি হ’বলৈ গোটেই চক্ৰ লাগি যায়। এতিয়া হ’ল সংগমযুগ। সত্যযুগত দেৱী-দেৱতাৰ ৰাজ্য আছিল। এতিয়া সেয়া নাই। বাকী অনেক ধৰ্ম আহি গৈছে। এইটো তোমালোকৰ বুদ্ধিত থাকে। বহুত আছে যিয়ে 6-8 মাহ, 12 মাহ পঢ়ি পুনৰ বাগৰি পৰে। অকৃতকাৰ্য হৈ যায়। যদিও পৱিত্ৰ হয় কিন্তু নপঢ়ে সেইবাবে আৱদ্ধ হৈ যায়। কেৱল পৱিত্ৰতাও কামত নাহে। এনেকুৱা বহুত সন্ন্যাসীও আছে, তেওঁলোকে সন্ন্যাস ধৰ্ম এৰি গৈ গৃহস্থী হৈ যায়, বিয়া আদি কৰাই লয়। গতিকে এতিয়া পিতাই সন্তানসকলক বুজায় – তোমালোক স্কুলত বহি আছা। এইটো স্মৃতিত আছে যে আমি নিজৰ ৰাজ্য কেনেকৈ হেৰুৱালোঁ, কিমান জন্ম ল’লোঁ। এতিয়া পুনৰ পিতাই কয় – বিশ্বৰ মালিক হোৱা। পৱিত্ৰ নিশ্চয় হ’ব লাগে। যিমানে বেছিকৈ স্মৃতিত থাকিবা সিমানে পৱিত্ৰ হৈ যাবা কিয়নো সোণত খাদ পৰে, সেয়া আঁতৰিব কেনেকৈ? তোমালোক সন্তানসকলৰ বুদ্ধিত আছে – আমি আত্মাসকল সতোপ্ৰধান আছিলোঁ, 24 কেৰেট আছিলোঁ আকৌ অৱনমিত হৈ হৈ এনেকুৱা অৱস্থা হৈ গ’ল। আমি কি হৈ গ’লোঁ! পিতাইতো এনেকৈ নকয় যে মই কি আছিলোঁ। তোমালোক মনুষ্যইহে কোৱা – আমি দেৱতা আছিলোঁ। ভাৰতৰ মহিমাতো আছে নহয়। ভাৰতত কোন আহে, কি জ্ঞান দিয়ে, এয়া কোনেও নাজানে। এয়াতো জনা উচিত যে মুক্তিদাতা কেতিয়া আহে। ভাৰতক প্ৰাচীন বুলি গায়ন কৰা হয় তেন্তে নিশ্চয় ভাৰততে পুনৰ অৱতৰিত হয় অথবা জয়ন্তীও ভাৰততে পালন কৰে। নিশ্চয় পিতা ইয়ালৈ আহে। ভাগীৰথ বুলিও কয়। তেন্তে মনুষ্যৰ শৰীৰত আহিছিল নহয় জানো। আকৌ ঘোঁৰা গাড়ীও দেখুৱাইছে। কিমান পাৰ্থক্য আছে। শ্ৰীকৃষ্ণ আৰু ৰথ দেখুৱাইছে। মোৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা – বাবা এই ৰথত আহে, এওঁকে ভাগ্যশালী ৰথ বুলি কোৱা হয়। ব্ৰহ্মাই বিষ্ণু, চিত্ৰত কিমান স্পষ্টকৈ আছে। ত্ৰিমূৰ্তিৰ ওপৰত শিৱ, এই শিৱৰ পৰিচয় কোনে দিলে। বাবায়ে এই চিত্ৰবোৰ তৈয়াৰ কৰাইছে নহয়। এতিয়া তোমালোকে বুজি পোৱা যে বাবা এই ৰথ ৰূপী ব্ৰহ্মাৰ শৰীৰত আহিছে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়ে ব্ৰহ্মা হয়। এয়াও সন্তানসকলক বুজাইছোঁ, ক’ত 84 জন্মৰ পাছত বিষ্ণুয়ে ব্ৰহ্মা হয়, ক’ত ছেকেণ্ডত ব্ৰহ্মাই বিষ্ণু হয়। বুদ্ধিত ধাৰণ কৰিবলগীয়া আচৰিত কথা নহয়নে। প্ৰথমতে পিতাৰ পৰিচয় বুজাবলগীয়া হয়। ভাৰত নিশ্চয় স্বৰ্গ আছিল। স্বৰ্গীয় ঈশ্বৰ পিতাই স্বৰ্গ স্থাপনা কৰিছিল। এই চিত্ৰতো অতি উত্তম, বুজোৱাৰ চখ থাকে নহয়। পিতাৰো চখ আছে। তোমালোকে সেৱাকেন্দ্ৰতো এনেকৈ বুজাই থাকা। ইয়াততো পিতা পোনপটীয়াকৈ আছে। পিতাই বহি আত্মাসকলক বুজায়। আত্মাসকলে বুজোৱা আৰু পিতাই বুজোৱাৰ মাজত পাৰ্থক্যতো নিশ্চয় থাকে সেইবাবে ইয়ালৈ সন্মুখত শুনিব আহে। পিতাইহে বাৰে বাৰে “সন্তানসকল সন্তানসকল” বুলি কয়। ভাই ভাইৰ ইমান প্ৰভাৱ নাথাকে যিমান পিতাৰ থাকে। ইয়াত তোমালোক পিতাৰ সন্মুখত বহি আছা। আত্মাসকল আৰু পৰমাত্মা মিলিত হয় সেয়েহে ইয়াক মেলা বুলি কোৱা হয়। পিতাই সন্মুখত বহি বুজায় তেতিয়া বহুত নিচা বাঢ়ে। বুজি পায় – বেহদৰ পিতাই কয় – আমি তেওঁৰ কথা নামানিমনে! পিতাই কয় – মই তোমালোকক স্বৰ্গলৈ পঠিয়াইছিলোঁ আকৌ তোমালোকে 84 জন্ম লৈ লৈ পতিত হৈ গ’লা। পুনৰ তোমালোক পাৱন নহ’বানে! আত্মাসকলক কয়। কোনোৱে ভাবে, বাবাই সঁচা কথা কয়, কোনোৱেতো তৎক্ষণাৎ কয় – বাবা আমি পৱিত্ৰ কিয় নহ’ম!

পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব। তোমালোক খাটি সোণ হৈ যাবা। মই সকলোৰে পতিত-পাৱন পিতা তেন্তে পিতাৰ বুজনি আৰু আত্মাসকলৰ বুজনিত কিমান পাৰ্থক্য আছে। ধৰি লোৱা – কোনোবা নতুন আহি যায়, তেওঁলোকৰ ভিতৰতো যিসকল ইয়াৰ ফুল হ’ব তেওঁলোকৰ অন্তৰত স্পৰ্শ কৰিব। এওঁলোকে ঠিকে কয়। যদি ইয়াৰ নহয় তেন্তে নুবুজিব। গতিকে তোমালোকেও বুজোৱা আমাক আত্মাসকলক পিতাই কয় – তোমালোক পাৱন হোৱা। মনুষ্যই পাৱন হ’বলৈ গংগা স্নান কৰে, গুৰুৰ শৰণাগত হয়। কিন্তু পতিত-পাৱনতো পিতাহে। পিতাই আত্মাসকলক কয় যে তোমালোক কিমান পতিত হৈ গৈছা সেইবাবে আত্মাই স্মৰণ কৰে যে আহি পাৱন কৰি তোলা। পিতাই কয় – মই কল্পই কল্পই আহোঁ, তোমালোক সন্তানসকলক কওঁ – এই অন্তিম জন্ম পৱিত্ৰ হোৱা। এই ৰাৱণৰাজ্য এতিয়া সমাপ্ত হ’ব। মুখ্য কথা হয়েই পাৱন হোৱাৰ। স্বৰ্গত বিহ (বিকাৰ) নাথাকে। যেতিয়া কোনোবা আহে তেতিয়া তেওঁলোকক এয়া বুজোৱা যে পিতাই কয় – নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা, খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। ‘মনমনাভৱ’ শব্দটি স্মৃতিত আছে নহয়। পিতা নিৰাকাৰ, আমি আত্মাসকলো নিৰাকাৰ। যেনেকৈ আমি শৰীৰৰ দ্বাৰা শুনো, পিতায়ো এই শৰীৰত আহি বুজায়। নহ’লে কেনেকৈ ক’ব যে মামেকম্‌ (কেৱল মোক পিতাক) স্মৰণ কৰা। দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। পিতা নিশ্চয় ইয়ালৈ আহে, ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে। প্ৰজাপিতা এতিয়া বাস্তৱত আছে, এওঁৰ দ্বাৰা আমাক পিতাই এনেকৈ কয়, আমি বেহদৰ পিতাৰ কথাই মানো। তেওঁ কয় – পাৱন হোৱা। পতিত স্বভাৱ ত্যাগ কৰা। পুৰণি দেহৰ অভিমান ত্যাগ কৰা। মোক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব, তোমালোক লক্ষ্মী-নাৰায়ণ হৈ যাবাগৈ।

পিতাৰ পৰা বিমুখ কৰোৱা মুখ্য অৱগুণ হ’ল – ইজনে সিজনৰ পৰচিন্তন কৰা। আসুৰিক কথা শুনা আৰু শুনোৱা। পিতাৰ নিৰ্দেশনা হৈছে তোমালোকে আসুৰিক কথা শুনিব নালাগে। এওঁৰ কথা তেওঁক, তেওঁৰ কথা এওঁক শুনোৱা এই কুটিলতা তোমালোক সন্তানসকলৰ থকা উচিত নহয়। এই সময়ত জগতত সকলো অপ্ৰীতিকৰ বুদ্ধিৰ নহয় জানো। ৰামৰ বাহিৰে আন কিবা কথা শুনোৱা তাক কুটিলতা বুলি কোৱা হয়। এতিয়া পিতাই কয় – এই কুটিলতা ত্যাগ কৰা। তোমালোকে সকলো আত্মাক কোৱা যে হে সীতাসকল, আপোনালোকে এজন ৰামৰ সৈতে যোগসূত্ৰ গঢ়া। তোমালোক হৈছা বাৰ্তাবাহক, এইটো বাৰ্তা দিয়া যে পিতাই কৈছে - মোক স্মৰণ কৰা, বচ্‌। এইটো কথাৰ বাহিৰে বাকী সকলো হৈছে কুটিলতা। পিতাই সকলো সন্তানকে কয় – কুটিলতা ত্যাগ কৰা। সকলো সীতাৰে এজন ৰামৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা। তোমালোকৰ বেপাৰেই হৈছে এয়া। বচ্‌, এইটো বাৰ্তা দি থাকা। পিতাৰ আগমন হৈছে, তেওঁ কয় - তোমালোক স্বৰ্ণীম যুগলৈ যাব লাগে। এতিয়া এই লৌহযুগ এৰিব লাগে। তোমালোকে বনবাস পাইছা, জংঘলত বহি আছা নহয়। বন জংঘলক কোৱা হয়। কন্যাৰ যেতিয়া বিয়া হয় তেতিয়া বনত বহে তাৰ পাছত মহললৈ যায়। তোমালোকো জংঘলত বহি আছা। এতিয়া শহুৰৰ ঘৰলৈ যাব লাগে, এই পুৰণি দেহ ত্যাগ কৰিব লাগে। এজন পিতাক স্মৰণ কৰা। যাৰ বিনাশৰ সময়ত প্ৰীতি বুদ্ধি থাকে তেওঁলোকতো মহললৈ যাব, বাকী অপ্ৰীতিকৰ বুদ্ধিৰসকলৰ হ’ল বনবাস। জংঘলত বাস। পিতাই তোমালোক সন্তানসকলক ভিন্ন ভিন্ন ৰীতিৰে বুজায়। যিজন পিতাৰ পৰা ইমান বেহদৰ বাদশ্বাহী লৈছা, তেওঁক পাহৰি গৈছা সেয়েহে বনবাসত গুচি গৈছা। বনবাস আৰু ফুলনিত বাস। পিতাৰ নামেই হৈছে মালী। কিন্তু কাৰোবাৰ বুদ্ধিত সেয়া উদয় হ’লেহে। ভাৰততে আমাৰ ৰাজ্য আছিল। এতিয়া নাই। এতিয়াতো বনবাস। তাৰ পাছত বাগি বাগিচালৈ যাম। তোমালোক ইয়াত বহি আছা তেতিয়াও বুদ্ধিত আছে – আমি বেহদৰ পিতাৰ পৰা নিজৰ ৰাজ্য লৈ আছোঁ। পিতাই কয় – মোৰ সৈতে প্ৰীতি ৰাখা, আকৌ পাহৰি যায়। পিতাই আপত্তি দৰ্শায় – তোমালোকে মোক পিতাক কেতিয়ালৈকে পাহৰি থাকিবা। তেতিয়া স্বৰ্ণীম যুগলৈ কেনেকৈ যাবা। নিজকে সোধা – মই কিমান সময় বাবাক স্মৰণ কৰোঁ। আমি যেনিবা স্মৃতিৰ অগ্নিত পৰি আছোঁ, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। এজন পিতাৰ সৈতে প্ৰীতি বুদ্ধিৰ হৈ থাকিব লাগে। তেওঁ সৰ্বোত্তম প্ৰেমিক যিয়ে তোমালোককো সৰ্বোত্তম কৰি গঢ়ি তোলে। ক’ত তৃতীয় শ্ৰেণীত ছাগলীৰ দৰে ভ্ৰমণ কৰা, ক’ত বাতানুকুলত ভ্ৰমণ কৰা। কিমান পাৰ্থক্য আছে। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰিব লাগে তেতিয়া তোমালোকৰ মজা লাগিব। এই বাবায়ো (ব্ৰহ্মা বাবাই) কয় – ময়ো বাবাক স্মৰণ কৰিবলৈ বহুত মগজ খটুৱাওঁ। গোটেই দিন খেয়াল চলি থাকে। তোমালোক সন্তানসকলেও এয়াই পৰিশ্ৰম কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাকোৱে একমাত্ৰ ৰামৰ (পিতাৰ) কথাৰ বাহিৰে অন্য কোনো কথা শুনাব নালাগে। এজনৰ কথা আনজনক শুনোৱা, পৰচিন্তন কৰা এয়া কুটিলতা, এয়া ত্যাগ কৰিব লাগে।

(2) একমাত্ৰ পিতাৰ সৈতে প্ৰীতি ৰাখিব লাগে। পুৰণি দেহৰ অভিমান এৰি এজন পিতাৰ স্মৃতিৰে নিজক পাৱন কৰি তুলিব লাগে।

বৰদান:
সমাহিত কৰা শক্তিৰে ভুলকো শুদ্ধ কৰি দিওঁতা বিশ্ব পৰিৱৰ্তক হোৱা

আনৰ ভুল দেখি নিজে ভুল নকৰিবা। যদি কোনোবাই ভুল কৰিলে তেতিয়া আমি যাতে শুদ্ধ হৈ থাকোঁ, তেওঁৰ সংগৰ প্ৰভাৱত যাতে নাহোঁ, যি প্ৰভাৱত আহি যায় তেওঁ অমনোযোগী হৈ যায়। প্ৰত্যেকে কেৱল এইটো দ্বায়িত্ব পালন কৰা যে মই শুদ্ধ মাৰ্গতে থাকিম, যদি আনে ভুল কৰে তেতিয়া সেই সময়ত সমাহিত কৰাৰ শক্তি প্ৰয়োগ কৰা। কাৰোবাৰ ভুল টুকি ৰখাৰ পৰিৱৰ্তে তেওঁক সহযোগৰ টিপ্পনী দিয়া অৰ্থাৎ সহযোগেৰে ভৰপূৰ কৰি দিয়া তেতিয়া বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সহজেই হৈ যাব।

স্লোগান:
নিৰন্তৰ যোগী হবলৈ হ’লে হদৰ ‘মই’ আৰু ‘মোৰ’ বোধক বেহদলৈ পৰিৱৰ্তন কৰা।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বৰ্তমান সময় অনুসৰি ফৰিস্তা বোধৰ সম্পন্ন অৱস্থাৰ বা পিতাৰ সমান অৱস্থাৰ সমীপত আহি আছা, সেই অনুসৰি পৱিত্ৰতাৰ পৰিভাষাও অতি সূক্ষ্ম হৈ গৈ আছে। কেৱল ব্ৰহ্মচাৰী হোৱাই পৱিত্ৰতা নহয় কিন্তু ব্ৰহ্মচাৰীৰ লগতে পিতা ব্ৰহ্মাৰ প্ৰতিটো কৰ্ম ৰূপী খোজত খোজ দিওঁতা ব্ৰহ্মাচাৰী হোৱা।