12.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ সেৱাৰ বহুত উৎসাহ-উদ্দীপনা থাকিব লাগে, জ্ঞান আৰু যোগ আছে গতিকে অন্যকো
শিকোৱা, সেৱা বৃদ্ধি কৰা”
প্ৰশ্ন:
সেৱাত
উৎসাহ-উদ্দীপনা জাগৰিত নোহোৱাৰ কাৰণ কি? কোনটো বিঘিনিৰ কাৰণে উৎসাহ-উদ্দীপনা নাজাগে?
উত্তৰ:
সকলোতকৈ ডাঙৰ বিঘিনি হৈছে আসুৰিক-দৃষ্টি। এইটো বেমাৰে সেৱাত উৎসাহ-উদ্দীপনা জাগৰিত
হ’ব নিদিয়ে। এইটো বহুত গুৰুতৰ বেমাৰ। যদি আসুৰিক দৃষ্টি শীতল হোৱা নাই, গৃহস্থালিত
দুয়োটা চকা (স্বামী-স্ত্ৰী) ঠিকে নচলে তেন্তে গৃহস্থালী বোজা হৈ যায়, তেতিয়া
বোজামুক্ত হৈ সেৱাৰ প্ৰতি উৎসাহিত হ’ব নোৱাৰে।
গীত:
জাগ সজনিয়া
জাগ........ (জাগা প্ৰিয়তমাসকল জাগা…….)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে এই গীতটি শুনিলে। এনেকুৱা দুই-চাৰিটা ভাল গীত আছে সেয়া সকলোৰে ওচৰত
থাকিব লাগে বা বাণীবদ্ধ কৰি ৰাখিব লাগে। এতিয়া এই গীতবোৰতো মনুষ্যই ৰচনা কৰা বুলি
কোৱা হ’ব। ড্ৰামা অনুসৰি ৰচনা কৰিবলৈ প্ৰেৰিত কৰা হৈছে যিবোৰ আকৌ সন্তানসকলৰ কামত
আহি যায়। এনেকুৱা গীতবোৰ সন্তানসকলে শুনিলে নিচা বাঢ়ি যায়। সন্তানসকলৰতো নিচা বাঢ়ি
গৈ থাকিব লাগে যে এতিয়া আমি নতুন ৰাজ্য স্থাপনা কৰি আছোঁ। ৰাৱণৰ পৰা লৈ আছোঁ। যেনেকৈ
কোনোবাই যুদ্ধ কৰিলে তেতিয়া খেয়াল থাকে নহয় যে এওঁৰ ৰাজ্য কাঢ়ি লওঁ। এওঁলোকৰ গাঁও
আমি নিজৰ অধীন কৰি লওঁ। এতিয়া সেই সকলোৱে হদৰ (সীমিত প্ৰাপ্তিৰ) কাৰণে যুদ্ধ কৰে।
তোমালোক সন্তানসকলৰ যুদ্ধ হৈছে মায়াৰ লগত, যাৰ বিষয়ে তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে
আন কোনেও গম নাপায়। তোমালোকে জানা যে আমি এই বিশ্বত গুপ্ত ৰীতিৰে ৰাজ্য স্থাপনা
কৰিব লাগে অথবা পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। ইয়াক বাস্তৱত যুদ্ধ বুলিও কোৱা
নহ’ব। ড্ৰামা অনুসৰি তোমালোক যি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গ’লা আকৌ সতোপ্ৰধান
হ'ব লাগে। তোমালোকে নিজৰ জন্মক নাজানিছিলা। এতিয়া পিতাই বুজাইছে। আৰু যিবোৰ ধৰ্ম আছে
তেওঁলোকে এই জ্ঞান নাপাবই। পিতাই তোমালোক সন্তানসকলকহে বহি বুজায়। গায়নো কৰা হয়
ধৰ্মতহে শক্তি আছে। ভাৰতবাসীয়ে এইটো গম নাপায় যে আমাৰ ধৰ্ম কি? তোমালোকে পিতাৰ
দ্বাৰা গম পালা যে আমাৰ হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম। পিতা আহি পুনৰ তোমালোকক
সেই ধৰ্মলৈ বদলি কৰে। তোমালোকে জানা আমাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তোমালোকে কাৰো
লগত যুদ্ধ আদি কৰিব নালাগে। তোমালোকেতো নিজৰ স্বধৰ্মত টিকি থাকিব লাগে আৰু পিতাক
স্মৰণ কৰিব লাগে, ইয়াতো সময় লাগে। এনেকুৱা নহয় যে কেৱল ক’লেই টিকি যায়। ভিতৰত এইটো
স্মৃতি থাকিব লাগে - মই আত্মা শান্ত স্বৰূপ হওঁ। মই আত্মা এতিয়া তমোপ্ৰধান পতিত হৈ
গলোঁ। মই আত্মা যেতিয়া শান্তিধামত আছিলোঁ তেতিয়া পৱিত্ৰ আছিলোঁ, আকৌ ভূমিকা পালন কৰি
কৰি তমোপ্ৰধান হৈ গলোঁ। এতিয়া পুনৰ পৱিত্র হৈ মই ঘৰলৈ উভতি যাব লাগে। পিতাৰ পৰা
উত্তৰাধিকাৰ ল'বৰ কাৰণে নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰিব লাগে।
তোমালোকৰ নিচা বাঢ়িব যে আমি ঈশ্বৰৰ সন্তান। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হয়।
কিমান সহজ - স্মৃতিৰ দ্বাৰা আমি পৱিত্র হৈ পুনৰ শান্তিধামলৈ গুচি যাম। জগতৰ লোকে এই
শান্তিধাম, সুখধামকো নাজানে। এই কথাবোৰ কোনো শাস্ত্ৰত উল্লেখ নাই। জ্ঞান সাগৰৰ
হৈছেই এখন গীতা, য'ত কেৱল নাম সলনি কৰি দিলে। সকলোৰে সৎগতি দাতা, জ্ঞানৰ সাগৰ বুলি
সেই পৰমপিতা পৰমাত্মাক কোৱা হয়। আন কাকো জ্ঞানৱান বুলি ক’ব নোৱাৰে। যেতিয়া তেওঁ
জ্ঞান দিয়ে তেতিয়া তোমালোক জ্ঞানৱান হ'বা। এতিয়া সকলো হৈছে ভক্তিৱান। তোমালোকো আছিলা।
এতিয়া পুনৰ জ্ঞানৱান হৈ গৈ আছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞান কাৰোবাৰ আছে, কাৰোবাৰ
নাই। তেন্তে কি বুলি কোৱা হ’ব? সেইটো হিচাপত উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰিব। পিতা
সেৱাৰ কাৰণে কিমান উৎসাহিত হৈ থাকে। সন্তানসকলৰ এতিয়া সেই শক্তি অহা নাই যে যিকোনো
লোককে ভালদৰে বুজাব। এনেকুৱা যুক্তি ৰচিব। যদিওবা সন্তানসকলে পৰিশ্ৰম কৰি সন্মিলন
আদি পাতি আছে, গোপসকলৰ কিছু শক্তি আছে, তেওঁলোকৰ খেয়াল থাকে যে সংগঠন হওক য'ত যুক্তি
(উপায়) ওলাব। সেৱা বৃদ্ধি কেনেকৈ হ'ব? মগজ খটুৱাই আছে। নাম যদিও শক্তি সেনা কিন্তু
লিখা-পঢ়া নাই। কোনোবা অশিক্ষিতয়ো আকৌ লিখা-পঢ়া কৰাসকলক ভালদৰে পঢ়ায়। বাবাই বুজাইছে
– আসুৰিক দৃষ্টিয়ে বহুত লোকচান কৰায়। এইটো বেমাৰ অতি গুৰুতৰ সেইবাবে উৎসাহিত নহয়।
গতিকে পিতাই সোধে - তোমালোক যুগল (স্বামী-স্ত্ৰী) দুয়োটা চকা ঠিকে চলি আছানে? সিটো
পাৰে কিমান ডাঙৰ ডাঙৰ সেনা আছে, লিখা-পঢ়া কৰা স্ত্ৰীসকলৰো গোট আছে। তেওঁলোকে সহায়ো
পায়। তোমালোকতো হৈছা গুপ্ত। কোনেও নাজানে যে এওঁলোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে কি কৰে।
তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। শিৰত গৃহস্থালিৰ বোজা থকাৰ কাৰণে কুঁজা হৈ আছে।
ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় কিন্তু সেই আসুৰিক দৃষ্টি শীতল নহয়। দুয়োটা চকা একে
নিচিনা হ’ব সেয়া বৰ কঠিন। পিতাই সন্তানসকলক সেৱা বৃদ্ধি কৰিবৰ কাৰণে বুজাই থাকে।
কোনোবা ধনৱান হয় - তথাপিও উৎসাহিত নহয়। ধনৰ ভোকাতুৰ, সন্তান নহ’লে তেতিয়াও তুলি লয়।
উৎসাহিত নহয়, বাবা আমি বহি আছোঁ। আমি ডাঙৰ ঘৰ লৈ দিওঁ।
বাবাৰ দৃষ্টি দিল্লীৰ
ওপৰত বিশেষভাৱে আছে কিয়নো দিল্লী হৈছে ৰাজধানী, মুখ্য কাৰ্যালয়। বাবাই কয় - দিল্লীত
বিশেষ সেৱাৰ জাল পেলোৱা। কাৰোবাক বুজাবৰ কাৰণে ভিতৰলৈ সোমাই যাব লাগে। গায়নো কৰা
হৈছে যে পাণ্ডৱসকলে কৌৰৱৰ পৰা 3 পদ ভূমিও পোৱা নাছিল। এই ‘কৌৰৱ’ শব্দটিতো হৈছে
‘গীতা’ৰ। ভগৱান আহি ৰাজযোগ শিকালে, তাৰ নাম ‘গীতা’ ৰখা হৈছে। কিন্তু ‘গীতা’ৰ ভগৱানক
পাহৰি গ'ল সেইবাবে বাবাই বাৰে বাৰে কৈ থাকে - মুখ্য এই কথাটিয়ে ল'ব লাগে। আগতে
বাবাই কৈছিল বাৰানসীৰ “বিদুত মণ্ডলী”ৰ লোকসকলক বুজোৱা। বাবাই যুক্তিতো শুনাই থাকে।
আকৌ ভালদৰে চেষ্টা কৰিব লাগে। পিতাই বাৰে বাৰে বুজাই থাকে। ক্ৰমানুসৰি দিল্লীত
যুক্তি ৰচা। সংগঠনতো এইটো বিচাৰ কৰা। মূল কথা যে ডাঙৰ মেলা আদি দিল্লীত কেনেকৈ কৰা
যায়। তেওঁলোকেতো দিল্লীত বহুত অনশন ধৰ্মঘট আদি কৰে। তোমালোকেতো এনেকুৱা কোনো কাম
নকৰা। কাজিয়া-পেচাল একো নাই। তোমালোকেতো কেৱল শুই থকাসকলক জাগ্ৰত কৰা। দিল্লী
নিবাসীসকলেই পৰিশ্ৰম কৰিব লাগে। তোমালোকেতো জানা আমি ব্ৰহ্মাণ্ডৰো মালিক আকৌ কল্প
পূৰ্বৰ দৰে সৃষ্টিৰ মালিকো হ'মগৈ। এইটো একেবাৰে নিশ্চিত। বিশ্বৰ মালিক হ'বই লাগে।
এতিয়া তোমালোকক 3 পদ ভূমিও ৰাজধানীতেই লাগে, য’ত জ্ঞানৰ বোমা বৰ্ষণ কৰিবা। নিচা
থাকিব লাগে নহয়! ডাঙৰ ব্যক্তিসকলৰ আৱাজ লাগে নহয়। এই সময়ত গোটেই ভাৰত গৰিব।
গৰিবসকলৰ সেৱা কৰিবৰ কাৰণেই পিতা আহে। দিল্লীততো বহুত ভাল সেৱা হ'ব লাগে। বাবাই
ইংগিত দি থাকে। দিল্লী নিবাসীসকলে বুজি পায় বাবাই আমাৰ মনোযোগ আকৰ্ষণ কৰায়। পৰস্পৰ
ক্ষীৰখণ্ড হৈ (মিলাপ্ৰীতিৰে) থাকিব লাগে। নিজৰ পাণ্ডৱসকলৰ দুৰ্গতো তৈয়াৰ কৰা।
দিল্লীতেই তৈয়াৰ কৰিব লাগে। এই ক্ষেত্ৰত বহুত ভাল মগজ (বুদ্ধি) লাগে। বহুত কিবা কিবি
কৰিব পাৰা। তেওঁলোকে গায়নতো বহুত কৰে ভাৰত আমাৰ দেশ, আমি এনেকুৱা কৰিম। কিন্তু নিজৰ
অলপো শক্তি নাই। বিদেশৰ সহায় অবিহনে উন্নতি কৰিব নোৱাৰে। তোমালোকেতো বেহদৰ পিতাৰ পৰা
বহুত সহায় পাই আছা। ইমান সহায় কোনেও কৰিব নোৱাৰে। এতিয়া অতি শীঘ্ৰে দুৰ্গ তৈয়াৰ
কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই বিশ্বৰ বাদশ্বাহী দিয়ে গতিকে বহুত উদ্যম থাকিব
লাগে। পৰচৰ্চা পৰনিন্দাত বহুতৰে বুদ্ধি ওলমি থাকে। মাতাসকলৰ বন্ধনৰ আপদ আছে।
পুৰুষসকলৰ কোনো বন্ধন নাই। মাতাসকলক অবলা (দুৰ্বলা) বুলি কোৱা হয়। পুৰুষসকল বলৱান।
পুৰুষে বিবাহ কৰিলে তেতিয়া তেওঁক তুমিয়েই গুৰু ঈশ্বৰ সকলো বুলি শক্তি দিয়া হয়।
স্ত্ৰী যেন নেজ। পিছৰফালে ওলমি থাকোঁতা গতিকে সঁচাকৈয়ে নেজ হৈয়েই ওলমি থাকে।
স্বামীৰ প্ৰতি মোহ, সন্তানৰ প্ৰতি মোহ, পুৰুষসকলৰ ইমান মোহ নাথাকে। তেওঁলোকৰতো এপাত
জোতা (স্ত্ৰী) গ'ল তেতিয়া দ্বিতীয়, তৃতীয় লৈ লয় (পুনৰ বিবাহ কৰাই লয়)। অভ্যাসত
পৰিণত হৈ গৈছে। বাবাইতো বুজাই থাকে – এইটো এইটো কথা বাতৰিকাকতত প্ৰকাশ কৰা।
সন্তানসকলে পিতাক প্ৰদৰ্শন কৰিব লাগে। এইবোৰ বুজোৱা তোমালোকৰ কাম। বাবাৰ লগত দাদাও
আছে। গতিকে এওঁ (ব্ৰহ্মা) যাব নোৱাৰে। ক'ব শিৱবাবা এইটো কওঁক, এইটো মোৰ ওচৰত আপদ
আহিছে, ইয়াৰ বাবে আপুনি ৰায় দিয়ক। এনেকুৱা কথাবোৰ সোধে। পিতাতো আহিছে পতিতসকলক পাৱন
কৰি তুলিবলৈ। পিতাই কয় - তোমালোক সন্তানসকলে গোটেই জ্ঞান প্ৰাপ্ত কৰা। চেষ্টা কৰি
পৰস্পৰ মিলি উপায় উলিওৱা। তোমালোক সন্তানসকলে এতিয়া বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ)
সেৱাৰ চমৎকাৰ দেখুৱাব লাগে। পৰুৱা গতিৰ সেৱাতো চলি আহি আছে। কিন্তু এনেকুৱা চমৎকাৰ
কৰি দেখুওৱা যাতে বহুতৰ কল্যাণ হৈ যায়। বাবাই এয়া কল্প পূৰ্বেও বুজাইছিল, এতিয়াও
বুজায়। বহুতৰে বুদ্ধি ক'ৰবাত নহয় ক'ৰবাত আৱদ্ধ হৈ আছে। উৎসাহ-উদ্দীপনা নাই। ততালিকে
দেহ-অভিমান আহি যায়। দেহ-অভিমানেই সকলো সত্যনাশ কৰিছে। এতিয়া পিতাই সত্যক উচ্চ
কৰিবৰ কাৰণে কিমান সহজ কথা শুনায়। পিতাক স্মৰণ কৰা তেতিয়া শক্তি আহিব। নহ'লে শক্তি
নাহে। যদিওবা সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লয় কিন্তু নিচা নাই কিয়নো দেহ-অভিমান আছে।
দেহী-অভিমানী হ'লে তেতিয়া নিচা বাঢ়িব। আমি কোনজন পিতাৰ সন্তান। পিতাই কয় - যিমানে
তোমালোক দেহী-অভিমানী হ'বা সিমানে বল পাবা। আধাকল্পৰ দেহ-অভিমানৰ নিচা আছে সেয়েহে
দেহী-অভিমানী হোৱাত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে বাবা জ্ঞানৰ সাগৰ,
আমিও জ্ঞান আহৰণ কৰিছোঁ, বহুতকে বুজাওঁ কিন্তু স্মৃতি ৰূপী ধাৰো লাগিব। জ্ঞানৰ
তৰোৱাল। স্মৃতিৰ আকৌ যাত্ৰা। দুয়োটা বেলেগ বস্তু। জ্ঞানত স্মৃতিৰ যাত্ৰাৰ ধাৰ লাগে।
সেয়া নাথাকিলে কাঠৰ তৰোৱাল হৈ যায়। শিখলোকসকলে তৰোৱালক কিমান মান্যতা দিয়ে। সেয়াতো
(তৰোৱাল) হিংসক আছিল, যাৰ দ্বাৰা যুদ্ধ কৰিলে। বাস্তৱত গুৰুসকলে জানো যুদ্ধ কৰিব
পাৰে। গুৰুতো অহিংসক হ'ব লাগে নহয়। যুদ্ধৰ দ্বাৰা জানো সৎগতি হয়। তোমালোকৰতো হৈছে
যোগৰ কথা। স্মৃতিৰ বল অবিহনে জ্ঞান তৰোৱালে কাম নকৰিব। আসুৰিক দৃষ্টি বহুত লোকচান
কৰাওঁতা হয়। আত্মাই কাণৰ দ্বাৰা শুনে, পিতাই কয় - তোমালোক স্মৃতিত মতলীয়া হৈ থাকা
তেতিয়া সেৱা বৃদ্ধি হৈ গৈ থাকিব। কেতিয়াবা কেতিয়াবা কয় - বাবা সম্বন্ধীয়সকলে নুশুনে।
বাবাই কয় - স্মৃতিৰ যাত্ৰাত অপৈণত সেয়েহে জ্ঞান তৰোৱালে কাম নকৰে। স্মৃতিত থকাৰ
পৰিশ্ৰম কৰা। এয়া হৈছে গুপ্ত পৰিশ্ৰম। মুৰুলী শুনোৱাতো প্ৰত্যক্ষ হয়। স্মৃতিত
থকাটোতহে গুপ্ত পৰিশ্ৰম হয়, যাৰ দ্বাৰা শক্তি পোৱা যায়। জ্ঞানৰ দ্বাৰা শক্তি পোৱা
নাযায়। তোমালোক স্মৃতিৰ বলেৰে পতিতৰ পৰা পাৱন হোৱা। উপাৰ্জনৰ কাৰণেহে পুৰুষাৰ্থ
কৰিব লাগে।
সন্তানসকলৰ স্মৃতি
যেতিয়া এক ৰসযুক্ত হৈ থাকে, অৱস্থা ভাল হয় তেতিয়া বহুত আনন্দিত হৈ থাকে আৰু যেতিয়া
স্মৃতি ঠিক নহয়, কিবা কথাত শ্বাসৰুদ্ধ হয় তেতিয়া আনন্দ নাইকিয়া হৈ যায়। বিদ্যাৰ্থীৰ
শিক্ষক স্মৃতিলৈ নাহে জানো। ইয়াততো ঘৰত থাকে, সকলোবোৰ কৰি শিক্ষকক স্মৰণ কৰিব লাগে।
এইজন শিক্ষকৰ দ্বাৰাতো বহুত উচ্চ পদ পোৱা যায়। গৃহস্থালিতো থাকিব লাগে। শিক্ষকৰ
স্মৃতি থাকিলে তেতিয়া পিতা আৰু গুৰু স্মৃতিলৈ নিশ্চয় আহিব। কিমান প্ৰকাৰেৰে বুজাই
থাকে। কিন্তু ঘৰত আকৌ ধন-সম্পত্তি, সন্তান-সন্ততি আদি দেখি পাহৰি যায়। বুজাইতো বহুত।
তোমালোকে আত্মিক সেৱা কৰিব লাগে। পিতাৰ স্মৃতিত থকাটোৱেই হৈছে উচ্চতকৈও উচ্চ সেৱা।
মন-বচন-কৰ্মত বুদ্ধিত পিতাৰ স্মৃতি থাকিব লাগে। মুখেৰেও জ্ঞানৰ কথা শুনোৱা। কাকো
দুখ দিব নালাগে। কোনো ধৰণৰ অকৰ্তব্য কৰিব নালাগে। প্ৰথম কথাটি ‘অল্ফ’ক (পিতাক)
নুবুজিলে আৰু একোৱেই বুজি নাপাব। প্ৰথমতে ‘অল্ফ’ৰ বিষয়ে দৃঢ় কৰোৱা তেতিয়ালৈকে
আগবাঢ়িব নালাগে। শিৱবাবাই ৰাজযোগ শিকাই বিশ্বৰ মালিক কৰি তোলে। এই ছিঃ ছিঃ সৃষ্টিত
মায়াৰ প্ৰদৰ্শন বহুত। কিমান ধুন-পেচ হৈ গৈছে। ছিঃ ছিঃ সৃষ্টিৰ প্ৰতি ঘৃণা উপজিব লাগে।
এজন পিতাক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। পৱিত্ৰ হৈ যাবা। সময় নষ্ট নকৰিবা।
ভালদৰে ধাৰণা কৰা। মায়া শত্ৰুৱে বহুতৰে বুদ্ধি ভ্ৰষ্ট কৰি দিয়ে। কমাণ্ডাৰে গাফিলতি
কৰিলে তেওঁক বৰ্খাস্তও কৰে। কমাণ্ডাৰে নিজেও লাজ পায় তেতিয়া ইস্তাফাও দি দিয়ে। ইয়াতো
এনেকুৱা হয়। ভাল ভাল কমাণ্ডাৰ্চ কেতিয়াবা আঁতৰি গুচি যায়।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিত
থকাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে। স্মৃতিত মতলীয়া হৈ থাকিলে সেৱা স্বতঃ বাঢ়ি গৈ থাকিব।
মন-বচন-কৰ্মত স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে।
(2) মুখেৰে জ্ঞানৰহে
কথা শুনাব লাগে, কাকো দুখ দিব নালাগে। কোনো ধৰণৰ অকৰ্তব্য কৰিব নালাগে। দেহী-অভিমানী
হোৱাৰ পৰিশ্ৰম কৰিব লাগে।
বৰদান:
লোহা সম
আত্মাক পাৰস কৰি তোলোঁতা মাষ্টৰ পাৰসনাথ হোৱা
তোমালোক সকলো পাৰসনাথ
পিতাৰ সন্তান মাষ্টৰ পাৰসনাথ - সেয়েহে যেনেকুৱাই লোহা সম আত্মা নহওঁক তোমালোকৰ
সান্নিধ্যত লোহাও পাৰস হৈ যায়। এওঁ লোহা - এনেকৈ কেতিয়াও নাভাবিবা। পাৰসৰ কামেই হৈছে
লোহাক পাৰস কৰি তোলা। এইটোৱে লক্ষ্য আৰু লক্ষণ সদায় স্মৃতিত ৰাখি প্ৰতিটো সংকল্প,
প্ৰতিটো কৰ্ম কৰা, তেতিয়া অনুভৱ হ’ব যে মোৰ আত্মাৰ লাইটৰ কিৰণে অনেক আত্মাক সোণালী
কৰি তোলাৰ শক্তি প্ৰদান কৰি আছে।
স্লোগান:
প্ৰতিটো কাৰ্য সাহসেৰে কৰা তেতিয়া সকলোৰে সন্মান প্ৰাপ্ত হ’ব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
পৰমাত্ম স্নেহ এই
শ্ৰেষ্ঠ ব্ৰাহ্মণ জন্মৰ আধাৰ। এনেকৈ কয়ো যে যদি স্নেহ আছে তেন্তে জগত আছে, প্ৰাণ আছে।
যদি স্নেহ নাই তেন্তে প্ৰাণ নাই, জগত নাই। স্নেহ প্ৰাপ্ত হ’ল অৰ্থাৎ জগতখন পালোঁ।
জগতৰ লোক এটি টোপালৰ বাবেও তৃষ্ণাতুৰ আৰু তোমালোক সন্তানসকলৰ এই প্ৰভু স্নেহ হৈছে
সম্পদ। এই প্ৰভু স্নেহেৰে পালিত হোৱা অৰ্থাৎ ব্ৰাহ্মণ জীৱনত আগবাঢ়ি গৈ থাকা। সেয়েহে
সদায় স্নেহৰ সাগৰত লীন হৈ থাকা।