13.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অকালমূৰ্ত পিতাৰ কথা কোৱা চলন্ত আসন হৈছে এওঁ (ব্ৰহ্মা), যেতিয়া তেওঁ ব্ৰহ্মাৰ শৰীৰত আহে তেতিয়া তোমালোক ব্ৰাহ্মণসকলক ৰচনা কৰে”

প্ৰশ্ন:
বুদ্ধিমান সন্তানসকলে কোনটো ৰহস্য বুজি ভালদৰে বুজাব পাৰে?

উত্তৰ:
ব্ৰহ্মা কোন আৰু তেওঁ ব্ৰহ্মাৰ পৰা বিষ্ণু কেনেকৈ হয়। প্ৰজাপিতা ব্ৰহ্মা ইয়াত আছে, তেওঁ কোনো দেৱতা নহয়। ব্ৰহ্মায়ে ব্ৰাহ্মণসকলৰ দ্বাৰা জ্ঞান যজ্ঞ ৰচিছে…… এই সকলোবোৰ ৰহস্য বুদ্ধিমান সন্তানসকলেহে বুজি লৈ বুজাব পাৰে। এই ক্ষেত্ৰত অশ্বাৰোহী আৰু পদাতিক বিবুদ্ধিত পৰিব।

গীত:
ওঁম নমঃ শিৱায়ে ……..

ওঁম্শান্তি।
ভক্তিত এজনৰ মহিমা কৰে। মহিমা গায় নহয়। কিন্তু তেওঁক নাজানেও আৰু তেওঁৰ যথাৰ্থ পৰিচয়ো নাজানে। যদি যথাৰ্থ মহিমা জানিলেহেঁতেন তেন্তে নিশ্চয় বৰ্ণনা কৰিলেহেঁতেন। তোমালোক সন্তানসকলে জানা উচ্চতকৈও উচ্চ হৈছে ভগৱান। মুখ্য চিত্ৰ হৈছে তেওঁৰ। ব্ৰহ্মাৰ সন্তানো থাকিব নহয়। তোমালোক সকলো ব্ৰাহ্মণ হ’লা। ব্ৰহ্মাকো ব্ৰাহ্মণে জানিব আন কোনেও নাজানে, সেইবাবে বিবুদ্ধিত পৰে। এওঁ ব্ৰহ্মা কেনেকৈ হ'ব পাৰে। ব্ৰহ্মাক সূক্ষ্মলোক নিবাসী দেখুৱাইছে। এতিয়া প্ৰজাপিতা সূক্ষ্মলোকত থাকিব নোৱাৰে। তাত ৰচনা নাথাকে। এই বিষয়ত তোমালোকৰ লগত বহুত যুক্তি-তৰ্কও কৰে। বুজাব লাগে - ব্ৰহ্মা আৰু ব্ৰাহ্মণতো আছে নহয়। যেনেকৈ যীশুখ্ৰীষ্টৰ পৰা খ্ৰীষ্টান শব্দ ওলাল, বুদ্ধৰ পৰা বৌদ্ধী। ইব্ৰাহিমৰ পৰা ইছলাম। তেনেকৈ প্ৰজাপিতা ব্ৰহ্মাৰ পৰা ব্ৰাহ্মণ প্ৰসিদ্ধ হয়। আদি দেৱ ব্ৰহ্মা। বাস্তৱত ব্ৰহ্মাক দেৱতা বুলি ক'ব নোৱাৰি। এইটোও ভুল। যিয়ে নিজক ব্ৰাহ্মণ বুলি কয় তেওঁলোকক সুধিব লাগে ব্ৰহ্মা ক'ৰ পৰা আহিল? এয়া কাৰ ৰচনা। ব্ৰহ্মাক কোনে ৰচিলে? কেতিয়াও কোনেও ক'ব নোৱাৰিব, নাজানেই। এয়াও তোমালাক ব্ৰাহ্মণসকলে জানা - শিৱবাবাৰ যি ৰথ হয়, য'ত প্ৰৱেশ কৰে। এয়া তেৱেঁই যিটো আত্মা শ্ৰীকৃষ্ণ ৰাজকুমাৰ হৈছিল। 84 জন্মৰ পাছত আহি এয়া (ব্ৰহ্মা) হৈছে। এওঁৰ জন্মপত্ৰিকাৰ নামতো বেলেগ হ'ব নহয় কিয়নো হয়তো মনষ্যই নহয় জানো। আকৌ এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে এওঁৰ ব্ৰহ্মা নাম ৰাখি দিয়ে। এয়াও সন্তানসকলে জানে যে সেই ব্ৰহ্মাই বিষ্ণুৰ ৰূপ। নাৰায়ণ হয় নহয়। 84 জন্মৰ শেষত সাধাৰণ ৰথ হয়। এই (শৰীৰ) সকলো আত্মাৰ ৰথ। অকালমূৰ্তৰ কথা কোৱা চলন্ত আসন। শিখসকলে আকৌ সেই আসন সাজি দিছে। তাক অকাল আসন বুলি কয়। এয়াতো অকাল আসন সকলোৱে হয়। সকলো আত্মা অকালমূৰ্ত। উচ্চতকৈও উচ্চ ভগৱানক এই ৰথতো নিশ্চয় লাগে নহয়। ৰথত প্ৰৱেশ কৰি বহি জ্ঞান দিয়ে। তেওঁ‌কে জ্ঞানৱান বুলি কোৱা হয়। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্যৰ-অন্তৰ জ্ঞান দিয়ে। জ্ঞানৱানৰ অৰ্থ কোনো অন্তৰ্যামী বা সৰ্বজ্ঞ নহয়। সৰ্বব্যাপীৰ অৰ্থ বেলেগ, সৰ্বজ্ঞৰ অৰ্থ বেলেগ। মনুষ্যইতো সকলো মিলাই যি আহে তাকে কৈ থাকে। এতিয়া তোমালোক সন্তানসকলে জানা আমি সকলো ব্ৰাহ্মণ ব্ৰহ্মাৰ সন্তান। আমাৰ কুল সকলোতকৈ উচ্চ। তেওঁলোকে দেৱতাসকলক উচ্চত ৰাখে কাৰণ সত্যযুগৰ আদিত দেৱতা হৈছিল। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ - এয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তেওঁলোকে জানিবওনো কেনেকৈ। যিহেতু ব্ৰহ্মাক সূক্ষ্মলোকত আছে বুলি বুজি লয়। সেই পাৰ্থিৱ ব্ৰাহ্মণ বেলেগ যিয়ে পূজা কৰে, নিমন্ত্ৰণী ভোজ খায়। তোমালোকেতো নিমন্ত্ৰণী ভোজ আদি নোখোৱা। ব্ৰহ্মাৰ ৰহস্য এতিয়া ভালকৈ বুজাবলগীয়া হয়। কোৱা যে অন্য কথা এৰা পিতা যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হ’ব লাগে প্ৰথমতে তেওঁক স্মৰণ কৰা। তেতিয়া এই কথাবোৰো বুজি পাবা। অলপ কথাত সংশয় জাগিলে পিতাকেই এৰি দিয়ে। প্ৰথম মুখ্য কথা হ'ল – ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। মই নিশ্চয় কাৰোবাৰ শৰীৰততো আহিম নহয়। তেওঁৰ নামো থাকিব লাগে। আহি তেওঁক ৰচনা কৰোঁ। ব্ৰহ্মাৰ বিষয়ে বুজাবলৈ তোমালোকৰ বহুত বুদ্ধি লাগে। পদাতিক, অশ্বাৰোহী বিবুদ্ধিত পৰে। অৱস্থা অনুসৰি বুজায় নহয়। প্ৰজাপিতা ব্ৰহ্মাতো ইয়াত আছে। ব্ৰাহ্মণসকলৰ দ্বাৰা জ্ঞান যজ্ঞ ৰচে তেন্তে নিশ্চয় ব্ৰাহ্মণহে লাগে নহয়। প্ৰজাপিতা ব্ৰহ্মাও ইয়াত লাগে, যাৰ পৰা ব্ৰাহ্মণ হ'ব। ব্ৰাহ্মণসকলে কয়ো যে আমি ব্ৰহ্মাৰ সন্তান। এনেকৈ ভাবে পৰম্পৰাগতভাৱে আমাৰ কুল চলি আহি থাকে। কিন্তু ব্ৰহ্মা কেতিয়া আছিল সেয়া নাজানে। এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ। ব্ৰাহ্মণ তেওঁ যি ব্ৰহ্মাৰ সন্তান হয়। তেওঁলোকেতো পিতাৰ বৃত্তিৰ বিষয়ে নাজানেই। ভাৰতত প্ৰথমে ব্ৰাহ্মণেই থাকে। ব্ৰাহ্মণৰ হৈছে উচ্চতকৈও উচ্চ কুল। সেই ব্ৰাহ্মণসকলেও বুজি পায় আমাৰ কুল নিশ্চয় ব্ৰহ্মাৰ পৰাই ওলাইছে। কিন্তু কেনেকৈ, কেতিয়া… সেয়া বৰ্ণনা কৰিব নোৱাৰে। তোমালোকে বুজি পোৱা - প্ৰজাপিতা ব্ৰহ্মাইহে ব্ৰাহ্মণসকলক ৰচনা কৰে। যিসকল ব্ৰাহ্মণেই আকৌ দেৱতা হ'ব লাগে। পিতা আহি ব্ৰাহ্মণসকলক পঢ়ায়। ব্ৰাহ্মণৰ ৰাজবংশ নাই। ব্ৰাহ্মণসকল কুল আছে, ৰাজবংশ তেতিয়া কোৱা হ’ব যেতিয়া ৰজা-ৰাণী হ’ব। যেনকৈ সূৰ্যবংশী ৰাজবংশ। তোমালোক ব্ৰাহ্মণসকলতো ৰজা নোহোৱা। তেওঁলোকে এয়া যি কয় যে কৌৰৱ আৰু পাণ্ডৱৰ ৰাজ্য আছিল, দুয়োটাই ভুল। বাদশ্বাহীতো দুয়োৰে নাই। প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য, তাক ৰাজধানী বুলি কোৱা নহ’ব। মুকুট নাই। বাবাই বুজাইছিল - প্ৰথমে দ্বৈত মুকুটধাৰী ভাৰতত আছিল, পাছত একক মুকুট। এই সময়ততো মুকুট বিহীন। এইটোও ভালদৰে সিদ্ধ কৰি বুজাব লাগে, যিসকল ভাল ধাৰণযুক্ত হ’ব তেওঁলোকে ভালদৰে বুজাব পাৰিব। ব্ৰহ্মাৰ ওপৰতে বেছি কথা বুজাবলগীয়া হয়। বিষ্ণুকো নাজানে। এয়াও বুজাবলগীয়া হয়। বৈকুণ্ঠক বিষ্ণুপুৰী বুলি কোৱা হয় অৰ্থাৎ লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। শ্ৰীকৃষ্ণ ৰাজকুমাৰ হ’লেতো তেতিয়া ক’ব নহয় যে মোৰ বাবা ৰজা হয়। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ পিতা ৰজা হ'ব নোৱাৰে। শ্ৰীকৃষ্ণক ৰাজকুমাৰ বুলি কোৱা হয় যেতিয়া নিশ্চয় ৰজাৰ ঘৰত জন্ম হৈছে। চহকীৰ ঘৰত জন্ম ল’লে ৰাজকুমাৰ বুলি ক'ব জানো। ৰজাৰ পদ আৰু চহকীৰ পদৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আহি যায়। শ্ৰীকৃষ্ণৰ পিতা ৰজাৰ নামেই নাই। শ্ৰীকৃষ্ণ কিমান প্ৰসিদ্ধ। পিতাকৰ উচ্চ পদ বুলি কোৱা নহ’ব। তেওঁৰ দ্বিতীয় শ্ৰেণীৰ পদ যি কেৱল শ্ৰীকৃষ্ণক জন্ম দিয়াৰ বাবে নিমিত্ত হয়। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ আত্মাতকৈ তেওঁ বেছি পঢ়িছে। নহয়। শ্ৰীকৃষ্ণই আকৌ নাৰায়ণ হয়। বাকী পিতাৰ নামেই নোহোৱা হৈ যায়। হওঁতে নিশ্চয় ব্ৰাহ্মণেই হয়। কিন্তু পঢ়াত শ্ৰীকৃষ্ণতকৈ কম। শ্ৰীকৃষ্ণৰ আত্মাৰ পঢ়া নিজৰ পিতাকতকৈ উচ্চ আছিল, সেয়েহে ইমান প্ৰসিদ্ধ হয়। শ্ৰীকৃষ্ণৰ পিতা কোন আছিল – এয়া যেন কোনেও নাজানে। আগলৈ গৈ গম পাব। হ’বতো ইয়াৰ পৰাই লাগে। ৰাধাৰো মাতা-পিতাতো থাকিব নহয়। কিন্তু তেওঁলোকতকৈ ৰাধাৰ নাম বেছি প্ৰসিদ্ধ কিয়নো মাতা-পিতাই কমকৈ পঢ়িছিল। ৰাধাৰ নাম তেওঁলোকতকৈ উচ্চ হৈ যায়। এয়া হ’ল বিতং কথা - সন্তানসকলক বুজাবৰ কাৰণে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। ব্ৰহ্মাৰ ওপৰতো বুজাবলৈ বুদ্ধিৰ প্ৰয়োজন। তেৱেঁই শ্ৰীকৃষ্ণ হয় তেওঁৰ আত্মাইহে 84 জন্ম ভোগ কৰে। তোমালোকেও 84 জন্ম লোৱা। সকলোতো একেলগেতো নাহিব। যি পঢ়াত আগত থাকিব, তাতো তেওঁ আগত আহিব। ক্ৰমানুসৰিতো আহে নহয়। এয়া অতি সূক্ষ্ম কথা। কম বুদ্ধিৰসকলে ধাৰণ কৰিব নোৱাৰে। ক্ৰমানুসৰি যায়। তোমালোক ক্ৰমানুসৰি স্থানান্তৰিত হোৱা। কিমান ডাঙৰ শাৰী, যিসকল শেষৰ ফালে যাব। ক্ৰমানুসৰি নিজৰ নিজৰ স্থানত গৈ নিবাস কৰিব। সকলোৰে স্থান তৈয়াৰ কৰি থোৱা আছে। এয়া বহুত আচৰিত খেল। কিন্তু কোনেও বুজি নাপায়। ইয়াক কোৱা হয় কাঁইটৰ জংঘল। ইয়াত সকলোৱে ইজনে সিজনক দুখ দি থাকে। তাততো স্বাভাৱিক সুখ আছে। ইয়াত হৈছে কৃত্ৰিম সুখ। প্ৰকৃত সুখ এজন পিতাইহে দিয়ে। ইয়াত হৈছে কাউৰীৰ বিষ্ঠাৰ সমান সুখ। দিনে-প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। কিমান দুখ আছে। কয় - বাবা মায়াৰ ধুমুহা বহুত আহে। মায়াই বিমোৰত পেলাই দিয়ে, দুখৰ অনুভূতি বহুত হয়। সুখদাতা পিতাৰ সন্তান হৈও যদি দুখৰ অনুভূতি হয় তেন্তে পিতাই কয় - সন্তানসকল, এয়া তোমালোকৰ ডাঙৰ কর্মভোগ। যিহেতু পিতাক পাইছা দুখৰ অনুভূতি আহিব নালাগে। যি পুৰণা কর্মভোগ আছে সেয়া যোগবলেৰে নিষ্পত্তি কৰা। যদি যোগবল নাথাকে তেন্তে শাস্তি খাই নিষ্পত্তি কৰিব লাগিব। শাস্তি খাই পদ পোৱাতো ভাল নহয়।। পুৰুষাৰ্থ কৰিব লাগে নহ'লে আকৌ বিচাৰ সভা বহিব। প্ৰজাতো বহুত আছে। ইয়াততো ড্ৰামা অনুসৰি গৰ্ভ কাৰাগাৰত বহুত শাস্তি খায়। আত্মাসকল দিগভ্ৰান্ত হৈ বহুত ঘূৰিও ফুৰে। কোনো কোনো আত্মাই বহুত লোকচান কৰে - যেতিয়া কাৰোবাৰ ভিতৰত অশুদ্ধ আত্মাৰ প্ৰৱেশ হয় তেতিয়া কিমান হায়ৰাণ হয়। নতুন সৃষ্টিত এই কথাবোৰ নাথাকে। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা - আমি নতুন সৃষ্টিলৈ যাওঁ। তাত গৈ নতুন নতুন মহল নিৰ্মাণ কৰিব লাগে। ৰজাৰ ঘৰত জন্ম লোৱা, যেনেকৈ শ্ৰীকৃষ্ণই জন্ম লয়। কিন্তু ইমান মহল আদি সকলো আগৰে পৰাই থাকে জানো। সেয়াতো আকৌ নিৰ্মাণ কৰিব লাগে। কোনে ৰচে, যাৰ ওচৰত জন্ম লোৱা। গায়ন কৰাও হয় - ৰজাৰ ঘৰত জন্ম হয়। কি হয় সেয়াতো আগলৈ গৈ দেখিবা। এতিয়া জানো বাবাই ক'ব। সেয়া তেতিয়া কৃত্ৰিম নাটক হৈ যাব, সেইবাবে একোৱে নকয়। ড্ৰামাত আগতেই কৈ দিয়াতো নিৰ্ধাৰিত হৈ থকা নাই। পিতাই কয় - ময়ো ভূমিকা পালন কৰোঁতা হওঁ। আগৰ কথাবোৰ প্ৰথমৰ পৰাই জানিবলগীয়া হোৱাহেঁতেনতো বহুত কিবা ক'লোহেঁতেন। বাবা অন্তৰ্যামী হোৱা হ'লে আগতেই ক'লেহেঁতেন। পিতাই কয় - নহয়, ড্ৰামাত যি হয়, তাক সাক্ষী হৈ প্ৰত্যক্ষ কৰি যোৱা আৰু লগতে স্মৃতিৰ যাত্ৰাত মতলীয়া হৈ থাকা। ইয়াতেই অকৃতকাৰ্য হয়। জ্ঞান কেতিয়াও কম-বেছি নহয়। স্মৃতিৰ যাত্ৰাই কেতিয়াবা কম, কেতিয়াবা বেছি হয়। জ্ঞানতো যি পাইছা সেয়া আছেই। স্মৃতিৰ যাত্ৰাত কেতিয়াবা উৎসাহ থাকে, কেতিয়াবা ঢিলা হয়। যাত্ৰা তল-ওপৰ হয়। জ্ঞানত তোমালোকে ছিৰি নবগোৱা। জ্ঞানৰ যাত্ৰা বুলি কোৱা নহয়। যাত্ৰা হৈছে স্মৃতিৰ। পিতাই কয় - স্মৃতিত থাকিলে তোমালোক সুৰক্ষিত হৈ থাকিবা। দেহ-অভিমানত আহিলে তোমালোকে বহুত ঠগ খোৱা। বিকৰ্ম কৰি দিয়া। কাম মহাশত্ৰু হয়, এই ক্ষেত্ৰত অকৃতকাৰ্য হৈ যায়। ক্ৰোধ আদিৰ কথা বাবাই ইমান নকয়।

জ্ঞানৰ দ্বাৰা হয়তো চেকেণ্ডত জীৱনমুক্তি নতুবা কয় সাগৰক চিয়াঁহী কৰি লোৱা তেতিয়াও সম্পূৰ্ণ নহ’ব। নতুবা কয় ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। স্মৰণ কৰা কাক কোৱা হয়, এইটো জানে জানো। এনেকৈ কয় - কলিযুগৰ পৰা আমাক সত্যযুগলৈ লৈ ব'লা। পুৰণি সৃষ্টিত হৈছে দুখ। দেখিবলৈ পোৱা বৰষুণত কিমান ঘৰ খহি থাকে, কিমান ডুবি যায়। বৰষুণ আদি এয়া প্ৰাকৃতিক দুৰ্যোগো হ'ব। এই সকলোবোৰ অকস্মাৎ হৈ থাকিব। কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। বিনাশৰ সময়ত জাগিব তেতিয়া কি কৰিব পাৰিব! মৰি যাব। ধৰণীও জোৰেৰে লৰে। ধুমুহা বৰষুণ আদি সকলো হয়। বোমা বৰ্ষণো কৰে। কিন্তু ইয়াত (ভাৰতত) গৃহযুদ্ধও আছে……… ৰক্তৰ নদী - বুলি গায়ন কৰা হৈছে। ইয়াত মাৰামাৰি হয়। এজনে আনজনৰ ওপৰত মোকৰ্দমা কৰি থাকে। গতিকে নিশ্চয় কাজিয়াও কৰিব। সকলো হৈছে অনাথ, তোমালোক হ’লা প্ৰভুৰ। তোমালোকে কোনো যুদ্ধ আদি কৰিব নালাগে। ব্ৰাহ্মণ হোৱাৰ বাবে তোমালোক প্ৰভুৰ হৈ গ’লা। প্ৰভু বুলি পিতাক অথবা স্বামীক কয়। শিৱবাবাতো স্বামীসকলৰো স্বামী। বাগদান হৈ গ’লে তেতিয়া কয় - মই এনেকুৱা স্বামীৰ সান্নিধ্য কেতিয়া পাম। আত্মাসকলে কয় - শিৱবাবা, আমাৰতো আপোনাৰ লগত বাগদান হৈ গ’ল। এতিয়া আপোনাৰ সৈতে মই মিলিত কেনেকৈ হওঁ? কোনোৱেতো সঁচা কথা লিখে, কোনোৱে বহুত লুকাৱায়। সঁচাকৈ নিলিখে যে বাবা মোৰ এইটো ভুল হৈ গ’ল। ক্ষমা কৰক। যদি কোনোবা বিকাৰত অধঃপতিত হয় তেন্তে বুদ্ধিত ধাৰণ হ’ব নোৱাৰে। বাবাই কয় তোমালোকে এনেকুৱা গুৰুতৰ ভুল কৰিলে চূৰ্ণ-বিচূৰ্ণ হৈ যাবা। তোমালোকক মই বগা (পৱিত্ৰ) কৰি তুলিবলৈ আহিছোঁ, তোমালোকে আকৌ কলা মুখ কেনেকৈ কৰা। যদিও স্বর্গলৈ আহিবা, পাই-পইচাৰ পদ পাবা। ৰাজধানী স্থাপনা হৈ আছে নহয়। কিছুমানেতো পৰাজিত হৈ জন্ম-জন্মান্তৰলৈ পদ ভ্ৰষ্ট কৰি লয়। ক’ব পিতাৰ পৰা তোমালোকে এই পদ পাবলৈ আহিছা, পিতা ইমান উচ্চ, আমি সন্তানসকল জানো প্ৰজা হ’ম। পিতা সিংহাসনত বহিব আৰু সন্তান দাস-দাসী হ'ব, কিমান লাজৰ কথা। অন্তিমত তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব। তেতিয়া বহুত অনুতাপ কৰিবা। অনাহকতে এনেকুৱা কৰিলোঁ। সন্ন্যাসীসকলো ব্ৰহ্মচৰ্যত থাকে, গতিকে বিকাৰী সকলোৱে তেওঁলোকৰ আগত মূৰ দোৱায়। পৱিত্ৰতাৰ মান আছে। কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া পিতাই আহি পঢ়ায় তথাপিও গাফিলতি কৰি থাকে। স্মৰণেই নকৰে। বহুত বিকৰ্ম হৈ যায়। তোমালোক সন্তানসকলৰ ওপৰত এতিয়া হৈছে বৃহস্পতিৰ দশা। ইয়াতকৈ উচ্চ দশা আৰু একো নাই। তোমালোক সন্তানসকলৰ ওপৰত দশাই চক্ৰ লগাই থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই ড্ৰামাৰ সকলো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে, এজন পিতাৰ স্মৃতিত মতলীয়া হৈ থাকিব লাগে। স্মৃতিৰ যাত্ৰাত কেতিয়াও উৎসাহ কম হ’ব নালাগে।

(2) পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে, নিজৰ উচ্চ ভাগ্য গঢ়িবৰ বাবে পৱিত্ৰ নিশ্চয় হ’ব লাগে। পৰাজিত হৈ জন্ম-জন্মান্তৰৰ বাবে পদ ভ্ৰষ্ট কৰিব নালাগে।

বৰদান:
সঁচা সেৱাৰ দ্বাৰা অবিনাশী, অলৌকিক আনন্দৰ সাগৰত ঢৌ খেলি থাকোঁতা সৌভাগ্যৱান হোৱা

যিসকল সন্তানে সেৱাত বাপদাদা আৰু নিমিত্ত জ্যেষ্ঠসকলৰ স্নেহৰ আশীৰ্বাদ প্ৰাপ্ত কৰে তেওঁলোকৰ অন্তৰত অলৌকিক, আত্মিক আনন্দৰ অনুভৱ হয়। তেওঁলোকে সেৱাৰ দ্বাৰা আন্তৰিক আনন্দ, আত্মিক ৰং-ধেমালি, বেহদৰ প্ৰাপ্তিৰ অনুভৱ কৰি সদায় আনন্দৰ সাগৰত ঢৌ খেলি থাকে। সঁচা সেৱাই সকলোৰে স্নেহ, সকলোৰে দ্বাৰা অবিনাশী সন্মান আৰু আনন্দৰ আশীৰ্বাদ প্ৰাপ্ত হোৱাৰ সৌভাগ্যৰ শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ কৰায়। যি সদায় আনন্দিত তেৱেঁই সৌভাগ্যৱান।

স্লোগান:
সদায় হৰ্ষিত বা আকৰ্ষণ মূৰ্ত হ’বলৈ সন্তুষ্টমণি হোৱা।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

কৰ্মত, বাণীত, সম্পৰ্ক আৰু সম্বন্ধত স্নেহ আৰু স্মৃতি তথা স্থিতিত স্নেহত লীন হৈ থাকিব লাগে, যি যিমানে স্নেহী হ’ব, তেওঁ সিমানেই স্নেহত লীন হৈ থাকিব পাৰে। এই স্নেহত লীন স্থিতিক মনুষ্যাত্মাই লীন হৈ যোৱা অৱস্থা বুলি কৈ দিছে। পিতাৰ স্নেহ সমাপ্ত কৰি কেৱল লীন শব্দক ধৰি ল’লে। তোমালোক সন্তানসকল পিতাৰ স্নেহত লীন হৈ থাকিলে তেতিয়া আনকো সহজে নিজৰ সমান কৰি তুলিব পাৰিবা।