13.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া এই মৃত্যুলোকৰ অন্তৰ সময়, অমৰলোকৰ স্থাপনা হৈ আছে, সেইকাৰণে তোমালোকে
মৃত্যুলোকবাসীক স্মৰণ কৰিব নালাগে”
প্ৰশ্ন:
পিতাই নিজৰ
গৰিব সন্তানসকলক কোনটো স্মৃতি সোঁৱৰাই দিয়ে?
উত্তৰ:
সন্তানসকল, যেতিয়া তোমালোক নিৰ্বিকাৰী (পৱিত্ৰ) আছিলা তেতিয়া বহুত সুখী আছিলা।
তোমালোকৰ নিচিনা ধনৱান অন্য কোনো নাছিল, তোমালোক অপাৰ সুখী আছিলা। ধৰণী, আকাশ সকলো
তোমালোকৰ হাতত আছিল। এতিয়া পিতাই তোমালোকক পুনৰাই ধনৱান কৰি তুলিবলৈ আহিছে।
গীত:
নয়নহীন কো ৰাহ
দিখাও প্ৰভু… (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তান, আত্মাসকলে গীতটি শুনিলে। কোনে ক’লে? আত্মাসকলৰ আত্মিক পিতাই। আত্মিক পিতাক
আত্মিক সন্তানসকলে ক’লে – বাবা। তেওঁক ঈশ্বৰ বুলিও কোৱা হয়, পিতা বুলিও কোৱা হয়।
কোনজন পিতা? পৰমপিতা। পিতা হ’ল দুজন। এজন লৌকিক, আনজন পাৰলৌকিক। লৌকিক পিতাৰ সন্তানে
পাৰলৌকিক পিতাক আহ্বান কৰে। হে বাবা, বাবাৰ নাম কি? শিৱ। সেই নিৰাকাৰী শিৱক পূজা কৰা
হয়। তেওঁক কোৱা হয় পৰম পিতা (ছুপ্ৰিম ফাদাৰ)। লৌকিক পিতাক পৰম বুলি কোৱা নহয়। সকলো
আত্মাৰ উচ্চতকৈও উচ্চ এজনেই পিতা। সকলো জীৱ আত্মাই সেইজন পিতাক স্মৰণ কৰে। আত্মাসকলে
এইটো পাহৰি গ’ল যে আমাৰ পিতা কোন? আহ্বান কৰে - হে ঈশ্বৰ পিতা (অ’ গড্ ফাদাৰ),
আমাক নয়নহীনসকলক দৃষ্টি দিয়ক যাতে আমি নিজৰ পিতাক চিনি পাওঁ। ভক্তিমাৰ্গত আমি অন্ধ
হৈ ঠেকা-খুন্দা খাই থাকোঁ, এতিয়া এই ঠেকা-খুন্দা খোৱাৰ পৰা মুক্ত কৰক। পিতাইহে
কল্পই কল্পই আহি ভাৰতক স্বৰ্গ কৰি তোলে। এতিয়া কলিযুগ, সত্যযুগ আহিবলগীয়া আছে।
কলিযুগ আৰু সত্যযুগৰ মাজৰ সময়খিনিক সংগম বুলি কোৱা হয়। এয়া হ’ল পুৰুষোত্তম সংগম।
বেহদৰ পিতা আহি যিসকল ভ্ৰষ্টাচাৰী হৈ গৈছে তেওঁলোকক শ্ৰেষ্ঠাচাৰী, পুৰুষোত্তম কৰি
তোলে। লক্ষ্মী-নাৰায়ণ পুৰুষোত্তম আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজবংশৰ ৰাজত্ব আছিল। পিতা
আহি এই স্মৃতি সোঁৱৰাই দিয়ে। তোমালোক ভাৰতবাসী আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে
স্বৰ্গবাসী আছিলা, এতিয়া নৰকবাসী। আজিৰ পৰা 5 হাজাৰ বছৰৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল,
ভাৰতৰ বহুত মহিমা আছিল। সোণ হীৰাৰ মহল আছিল। এতিয়া একো নাই। সেই সময়ত অন্য কোনো
ধৰ্ম নাছিল, কেৱল সূৰ্যবংশী আছিল। চন্দ্ৰবংশী পাছত আহে। পিতাই বুজায় - তোমালোকেই
সূৰ্যবংশী আছিলা। এতিয়ালৈকে লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰি থাকে। কিন্তু
লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব কেতিয়া আছিল? কেনেকৈ ৰাজ্য পালে? এয়া কোনেও গম নাপায়, পূজা
কৰে কিন্তু নাজানে তেন্তে অন্ধবিশ্বাস নহ’ল জানো। শিৱৰ, লক্ষ্মী-নাৰায়ণৰ পূজা কৰে,
জীৱন বৃত্তান্ত কোনেও নাজানে। ভাৰতবাসীয়ে নিজেই কয় আমি পতিত। হে পতিত-পাৱন বাবা আহক,
আহি আমাক দুখৰ পৰা, ৰাৱণ ৰাজ্যৰ পৰা উদ্ধাৰ কৰক। পিতা আহি সকলোকে উদ্ধাৰ কৰে।
সন্তানসকলে জানে যে সত্যযুগত এখনেই ৰাজ্য আছিল। কংগ্ৰেছীসকলে বা বাপুজীয়েও এইটোৱেই
বিচাৰিছিল যে আমাক পুনৰ ৰামৰাজ্য লাগে। আমি স্বৰ্গবাসী হ’ব বিচাৰোঁ। এতিয়া
নৰকবাসীসকলৰ কি অৱস্থা, দেখি আছা নহয়? ইয়াক কোৱা হয় নৰক (হেল), আসুৰি সৃষ্টি। এই
ভাৰতেই দৈৱী সৃষ্টি আছিল। এতিয়া আসুৰি সৃষ্টি হৈ গ’ল।
পিতাই বুজায় -
তোমালোকে 84 জন্ম লৈছা, 84 লাখ নহয়। এয়াতো শাস্ত্ৰবিলাকত মনেসজা কথা লিখি দিছে।
আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে সৎগতি মাৰ্গ আছিল। তাত ভক্তিও নাছিল, দুখৰ নাম-চিহ্নও
নাছিল, সেইখনক সুখধাম বুলি কোৱা হয়। পিতাই বুজায় - তোমালোক আচলতে শান্তিধামৰ নিবাসী।
তোমালোক ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা। পুনৰ্জন্ম 84 বাৰ হয়, 84 লাখ নহয়। এতিয়া
বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতা আহিছে, তোমালোক সন্তানসকলক বেহদৰ (অসীমৰ) উত্তৰাধিকাৰ
দিবলৈ। পিতাই তোমালোক আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। অন্য সৎসংগত মনুষ্যই মনুষ্যক
ভক্তিৰ কথাবোৰ শুনায়। আধাকল্প যেতিয়া ভাৰত স্বৰ্গ আছিল, এজনো পতিত নাছিল। এতিয়া এজনো
পাৱন নাই। এইখন হ’ল পতিত সৃষ্টি। পিতাই বুজায় – গীতাত কৃষ্ণ ভগৱানুবাচ বুলি লিখি
দিছে। কৃষ্ণ ভগৱান নহয় আৰু তেওঁ গীতাও শুনোৱা নাই। এই লোকসকলে নিজৰ ধৰ্মশাস্ত্ৰকো
নাজানে। নিজৰ ধৰ্মকেই পাহৰি গৈছে। ধৰ্ম মুখ্য হ’ল 4টা, প্ৰথমে আদি সনাতন দেৱী-দেৱতা
ধৰ্ম সূৰ্যবংশী, তাৰপাছত চন্দ্ৰবংশী, দুয়োটাকে মিলাই দেৱী-দেৱতা ধৰ্ম বুলি কয়। তাত
দুখৰ নাম নাছিল। 21 জন্ম তোমালোক সুখধামত আছিলা। আকৌ ৰাৱণ ৰাজ্য, ভক্তিমাৰ্গ আৰম্ভ
হয়। শিৱবাবা কেতিয়া আহে? যেতিয়া ৰাতি হয়। ভাৰতবাসী ঘোৰ অন্ধকাৰত আহি যায় তেতিয়া বাবা
আহে। পুতলাৰ পূজা কৰি থাকে। এজনৰো জীৱন বৃত্তান্ত নাজানে। ভক্তিমাৰ্গত অনেক
ঠেকা-খুন্দা খায়, তীৰ্থলৈ যোৱা, পৰিক্ৰমা লগোৱা। প্ৰাপ্তি একো নাই। পিতাই কয় – মই
আহি তোমালোকক ব্ৰহ্মাৰ দ্বাৰা যথাৰ্থ জ্ঞান শুনাওঁ। আহ্বান কৰে যে আমাক সুখধাম আৰু
শান্তিধামৰ মাৰ্গ-দৰ্শন কৰক। পিতাই কয় – আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে মই তোমালোকক
বহুত ধনৱান কৰি তুলিছিলোঁ। ইমান ধন দিলোঁ আকৌ ক’ত হেৰুৱালা? তোমালোক কিমান ধনৱান
আছিলা। ভাৰত বুলি কোনে ক’ব। ভাৰতেই সকলোতকৈ উচ্চ খণ্ড আছিল। বাস্তৱত ভাৰত সকলোৰে
তীৰ্থ হয় কিয়নো পতিত-পাৱন পিতাৰ জন্মভূমি হয়। যিয়েই ধৰ্মাৱলম্বী আছে পিতা আহি সকলোৰে
সৎগতি কৰে। এতিয়া ৰাৱণৰ ৰাজ্য সমগ্ৰ সৃষ্টিতেই আছে কেৱল লঙ্কাত নহয়। যেতিয়া
সূৰ্যবংশী ৰাজ্য আছিল তেতিয়া এই বিকাৰবোৰ নাছিল। ভাৰত নিৰ্বিকাৰী আছিল, এতিয়া বিকাৰী।
সকলো নৰকবাসী হয়। সত্যযুগত যি দৈৱী সম্প্ৰদায় আছিল, তেওঁলোক আকৌ 84 জন্ম ভোগ কৰি
আসুৰি সম্প্ৰদায় হৈছে আকৌ দৈৱী সম্প্ৰদায় হ’ব লাগে। ভাৰত বহুত চহকী আছিল। এতিয়া
গৰিব হ’ল সেইকাৰণে ভিক্ষা মাগি আছে। পিতাই তোমালোক গৰিব সন্তানসকলক স্মৃতি সোঁৱৰাই
দিয়ে - সন্তানসকল, তোমালোক কিমান সুখী আছিলা। তোমালোকৰ নিচিনা সুখ কোনেও পাব নোৱাৰে।
ধৰণী, আকাশ সকলো তোমালোকৰ হাতত আছিল। শাস্ত্ৰবিলাকত কল্পৰ আয়ুস দীঘলীয়া বুলি কৈ
সকলোকে কুম্ভকৰ্ণৰ আসুৰি নিদ্ৰাত শুৱাই দিছে। এই ভাৰত শিৱবাবাই স্থাপন কৰা শিৱালয়
আছিল। তাত পৱিত্ৰতা আছিল, সেই নতুন সৃষ্টিত দেৱী-দেৱতাই ৰাজত্ব কৰিছিল। মনুষ্যইতো
এইটোও নাজানে যে ৰাধা কৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ। দুয়ো বেলেগ বেলেগ ৰাজধানীৰ আছিল আকৌ
সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হ’ল। এই জ্ঞান কোনো মনুষ্য মাত্ৰৰ নাই। আধাত্মিক জ্ঞান
কেৱল এজন পিতাইহে দিয়ে। এতিয়া পিতাই কয় – আত্ম-অভিমানী হোৱা। মোক নিজৰ পৰমপিতাক
স্মৰণ কৰা। স্মৃতিৰ দ্বাৰা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তোমালোক ইয়ালৈ আহা
মনুষ্যৰ পৰা দেৱতা অথবা পতিতৰ পৰা পাৱন হ’বলৈ। এতিয়া এইখন হ’ল ৰাৱণ ৰাজ্য। ভক্তিত
ৰাৱণ ৰাজ্য আৰম্ভ হয়। সকলো ভক্তি কৰোঁতা ৰাৱণৰ হাতোৰাত আছে। সমগ্ৰ জগত 5 বিকাৰ ৰূপী
ৰাৱণৰ কাৰাগাৰত আছে, শোক বনত আছে। পিতা আহি সকলোকে উদ্ধাৰ কৰি মাৰ্গ-দৰ্শক হৈ লগত
লৈ যায়। তাৰ কাৰণেই এই মহাভাৰতৰ যুদ্ধ, যি 5 হাজাৰ বছৰ পূৰ্বে লাগিছিল, এতিয়া পিতাই
পুনৰ স্বৰ্গ স্থাপনা কৰি আছে। এনেকুৱা নহয় যে যাৰ ধন বহুত আছে, তেওঁ স্বৰ্গত আছে।
এতিয়া হয়েই নৰক। পতিত-পাৱন বুলি পিতাক কোৱা হয়, নদীক নহয়। এই সকলোবোৰ হ’ল
ভক্তিমাৰ্গ। এই কথাবোৰ পিতাহে আহি বুজায়। এতিয়া এইটোতো জানা যে এজন হ’ল লৌকিক পিতা,
আনজন হ’ল পাৰলৌকিক, তৃতীয়জন অলৌকিক। এতিয়া পাৰলৌকিক পিতা শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা
ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণসকলক দেৱতা কৰি তুলিবলৈ ৰাজযোগ শিকায়।
আত্মাইহে পুনৰ্জন্ম লয়। আত্মাইহে কয় মই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। পিতাই কয়
– নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হ’বা। কোনো
দেহধাৰীক স্মৰণ নকৰিবা। এতিয়া মৃত্যুলোকৰ অন্তৰ সময়, অমৰলোকৰ স্থাপনা হৈ আছে। বাকী
অনেক ধৰ্ম নাশ হৈ যাব। সত্যযুগত এটাই দেৱী-দেৱতা ধৰ্ম আছিল আকৌ চন্দ্ৰবংশী ৰাম সীতা
ত্ৰেতাত আছিল। তোমালোক সন্তানসকলক গোটেই চক্ৰৰ স্মৃতি সোঁৱৰাই দিয়ে। শান্তিধাম আৰু
সুখধামৰ স্থাপনা পিতাইহে কৰে। মনুষ্যই মনুষ্যক সৎগতি দিব নোৱাৰে। সেই সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ গুৰু।
এতিয়া তোমালোক হ’লা
ঈশ্বৰীয় সন্তান। পিতাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছা। এয়া ৰাজধানী স্থাপন হৈ আছে। প্ৰজাতো
বহুত তৈয়াৰ হ’বলৈ আছে। কোটিৰ মাজত কোনোবা ৰজা হয়। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা।
এতিয়া হ’ল কাঁইটৰ জংঘল। ৰাৱণ ৰাজ্য পৰিৱৰ্তন হৈ আছে। বিনাশ হ’বলগীয়া আছে। এই জ্ঞান
এতিয়া তোমালোকে পাই আছা। লক্ষ্মী-নাৰায়ণৰ এই জ্ঞান নাথাকে। প্ৰায় লোপ হৈ যায়।
ভক্তিমাৰ্গত পিতাক কোনেও যথাৰ্থ ৰূপত নাজানে। পিতা হ’ল ৰচয়িতা। ব্ৰহ্মা, বিষ্ণু,
শঙ্কৰো ৰচনা হয়। সৰ্বব্যাপী বুলি কোৱাৰ কাৰণে উত্তৰাধিকাৰৰ অধিকাৰ শেষ হৈ যায়। পিতা
আহি সকলোকে উত্তৰাধিকাৰ দিয়ে। 84 জন্ম তেওঁলোকেই লয় যিসকল প্ৰথমে সত্যযুগত আহে।
খ্ৰীষ্টানসকলে খুববেছি 40 জন্ম ল’ব চাগৈ। এজন ভগৱানক বিচাৰি কিমান ঠেকা-খুন্দা খায়।
এতিয়া তোমালোকে ঠেকা-খুন্দা নোখোৱা। এজন পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হৈ যাবা। এয়া হৈছে যাত্ৰা। এইখন হ’ল ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। তোমালোক
আত্মাই পঢ়া। সাধু-সন্তই কৈ দিয়ে – আত্মা নিৰ্লেপ। কিন্তু আত্মাইহে কৰ্ম অনুসৰি
পৰৱৰ্তী জন্ম লয়। আত্মাইহে ভাল বা বেয়া কৰ্ম কৰে। এই সময়ত (কলিযুগত) তোমালোকৰ কৰ্ম
বিকৰ্ম হয়, সত্যযুগত তোমালোকৰ কৰ্ম অকৰ্ম হয়। তাত বিকৰ্ম নহয়। সেইখন হ’ল পুণ্য
আত্মাসকলৰ সৃষ্টি। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এক পিতাৰ
পৰা বেহদৰ উত্তৰাধিকাৰ ল’ব লাগে। শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। যিহেতু পিতাক পালা গতিকে
কোনো প্ৰকাৰৰ ঠেকা-খুন্দা খাব নালাগে।
(2) পিতাই যি স্মৃতি
সোঁৱৰাই দিছে, সেয়া স্মৃতিত ৰাখি অপাৰ আনন্দত থাকিব লাগে। কোনো দেহধাৰীক স্মৰণ কৰিব
নালাগে।
বৰদান:
স্নেহৰ বাবে
সকলো দুৰ্বলতা উছৰ্গা কৰোঁতা সমৰ্থ স্বৰূপ হোৱা
স্নেহৰ চিন হ’ল উছৰ্গা।
স্নেহৰ বাবে উছৰ্গা কৰাত কোনো কঠিন বা অসম্ভৱ কথাও সম্ভৱ আৰু সহজ অনুভৱ হয়। গতিকে
সমৰ্থ স্বৰূপৰ বৰদানৰ দ্বাৰা সকলো দুৰ্বলতা বাধ্য হৈ নহয়, অন্তৰৰ পৰা উছৰ্গা কৰা,
কিয়নো সত্য পিতাৰ ওচৰত সত্যহে স্বীকাৰ হয়। গতিকে কেৱল পিতাৰ স্নেহৰ গীত নাগাবা, নিজে
পিতাৰ সমান অব্যক্ত স্থিতি স্বৰূপ হোৱা যাতে সকলোৱে তোমালোকৰ গীত গায়।
স্লোগান:
সংকল্প বা সপোনতো একমাত্ৰ দিলাৰামৰ স্মৃতি থকিলে তেতিয়া সঁচা তপস্বী বুলি কোৱা হ’ব।
মাতেশ্বৰীজীৰ অমূল্য
মহাবাক্য
মানুহৰ জীৱনৰ মূল
লক্ষ্য কি? সেই লক্ষ্যত উপনীত হোৱাৰ যথাৰ্থ উপায়
প্ৰত্যেক মনুষ্যই
নিজৰ জীৱনটো সুন্দৰ কৰি তুলিবলৈ কি কৰা উচিত, সেই বিষয়ে নিশ্চয় চিন্তা কৰিব লাগে।
মনুষ্য জীৱন কিহৰ বাবে, এই জীৱনত কি কৰিব লাগে? এতিয়া নিজৰ অন্তৰক সোধা—মোৰ জীৱনত
সঁচাকৈয়ে পৰিৱৰ্তন হৈ আছেনে? মনুষ্য জীৱনত প্ৰথমে জ্ঞানৰ প্ৰয়োজন আকৌ এই জীৱনৰ
লক্ষ্য-উদ্দেশ্য কি? এইটো সকলোৱে নিশ্চয় মানি ল’ব যে এই জীৱনত সদায় সুখ আৰু শান্তি
লাগে। সেয়া এতিয়া লাভ কৰি আছোঁনে? এই ঘোৰ কলিযুগত দুখ আৰু অশান্তিৰ বাহিৰে যেন আন
একোৱেই নাই। গতিকে এতিয়া চিন্তা কৰিব লাগে—সুখ আৰু শান্তি কেনেকৈ পোৱা যাব? সুখ আৰু
শান্তি—এই দুটা শব্দ আছে সেয়া নিশ্চয় এইখন সৃষ্টিতে কেতিয়াবা আছিল, সেইবাবে এয়া
বিচাৰে। যদি কোনো মনুষ্যই এনেকৈ কয় যে মই এনে এখন সৃষ্টি দেখাই নাই, তেন্তে সেইখন
সৃষ্টিক কেনেকৈ মানি লোৱা? ইয়াৰ ওপৰত বুজোৱা হয় যে দিন আৰু ৰাতি—এই দুটা শব্দ আছে,
তেন্তে নিশ্চয় দিন আৰু ৰাতি দুয়োটাই হয়। এনেকৈ কোনেও ক’ব নোৱাৰে যে মই কেৱল ৰাতিহে
দেখিছোঁ, তেন্তে দিনৰ অস্তিত্ব কেনেকৈ মানিম? কিন্তু যিহেতু দুটা নাম আছে, তেন্তে
তাৰ ভূমিকাও থাকিব। সেইদৰে আমিও শুনিছোঁ যে এই কলিযুগতকৈ কোনো উচ্চ অৱস্থাও আছিল,
যাক সত্যযুগ বুলি কোৱা হয়। যদি একেটা সময়েই সদায় চলি থাকে, তেন্তে সেই সময়ছোৱাক
সত্যযুগ নাম কিয় দিয়া হ’ল! গতিকে এই সৃষ্টিয়ে নিজৰ অৱস্থা সলনি কৰি থাকে। যেনেকৈ
কিশোৰ, বালক, যুৱা, বৃদ্ধ… সলনি হৈ থাকে, তেনেকৈ সৃষ্টিও সলনি হৈ থাকে। আজিৰ জীৱন
আৰু সেই জীৱনৰ মাজত কিমান পাৰ্থক্য আছে! গতিকে সেই শ্ৰেষ্ঠ জীৱন গঢ়ি তোলাৰ বাবে
প্ৰয়াস কৰিব লাগে।
নিৰাকাৰী জগত, আকাৰী
জগত আৰু সাকাৰী জগতৰ বিস্তাৰ
এই গোটেই ব্ৰহ্মাণ্ডৰ
ভিতৰত তিনিখন জগত আছে—এখন হৈছে নিৰাকাৰী জগত, দ্বিতীয়খন আকাৰী জগত আৰু তৃতীয়খন
সাকাৰী জগত। এতিয়া এইটোতো জানি গ’লা যে নিৰাকাৰী সৃষ্টিত আত্মাসকল নিবাস কৰে আৰু
সাকাৰী সৃষ্টিত সাকাৰ মনুষ্য সম্প্ৰদায় নিবাস কৰে। বাকী থাকিল আকাৰী সূক্ষ্ম সৃষ্টি।
এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই আকাৰী সৃষ্টি সদায়েই আছে নে কোনো নিৰ্দিষ্ট
সময়তহে ইয়াৰ ভূমিকা চলে? পাৰ্থিৱ জগতৰ মনুষ্যইতো ভাবে যে সূক্ষ্ম জগতখন ওপৰত
ক’ৰবাত আছে, তাত ফৰিস্তাসকল থাকে আৰু সেইখনকে স্বৰ্গ বুলি কোৱা হয়। তাত গৈ সুখ ভোগ
কৰিব। কিন্তু এতিয়াতো এইটো স্পষ্ট যে স্বৰ্গ আৰু নৰক এইখন সৃষ্টিতেই হয়। বাকী এয়া
যি সূক্ষ্ম আকাৰী সৃষ্টি আছে, য’ত শুদ্ধ আত্মাসকলৰ সাক্ষাৎকাৰ হয়, সেয়াতো দ্বাপৰৰ
পৰা আৰম্ভ হৈছে। যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয়, তেন্তে ইয়াৰ পৰা এইটো সিদ্ধ হয় যে
নিৰাকাৰী সৃষ্টি আৰু সাকাৰী সৃষ্টি সদায়েই আছে। কিন্তু সূক্ষ্ম জগতখনক সদায় থকা
বুলি ক’ব নোৱাৰি। ইয়াৰ ভিতৰতো বিশেষভাৱে ব্ৰহ্মা, বিষ্ণু আৰু শংকৰৰ সাক্ষাৎকাৰ এই
সময়ত হয়, কাৰণ এই সময়তে পৰমাত্মাই তিনিটা কৰ্তব্য কৰিবলৈ তিনিটা ৰূপ ৰচনা কৰে।
বাৰু। ওঁম শান্তি।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
বাপদাদাই সদায় শ্ৰীমত
দিয়ে যে মনত প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভ কামনা ৰাখা— অপকাৰীৰ প্ৰতিও
উপকাৰৰ বৃত্তি ৰাখা, সংকল্প সদায় সকলোৰে প্ৰতি শ্ৰেষ্ঠ হওক, নিঃস্বাৰ্থ হওক, সদায়
দাতাভাৱৰ ভাৱনা হওক। সদায় স্ব-পৰিৱৰ্তন অথবা নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আনক শ্ৰেষ্ঠ
কৰ্মৰ প্ৰেৰণা দিওঁতা কৰ্ম হওক, তেতিয়াহে পৰোপকাৰী বুলি কোৱা হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]