14.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ সৈতে সততাৰে চলা, নিজৰ সঁচা খতিয়ান ৰাখা, কাকোৱেই দুখ নিদিবা, এজন পিতাৰ শ্ৰেষ্ঠ মতত চলি থাকা”

প্ৰশ্ন:
যিসকল সম্পূৰ্ণ 84 জন্ম লওঁতা তেওঁলোকৰ পুৰুষাৰ্থ কি হ'ব?

উত্তৰ:
তেওঁলোকৰ বিশেষ পুৰুষাৰ্থ নৰৰ পৰা নাৰায়ণ হোৱাৰ হ'ব। নিজৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত তেওঁলোকৰ পূৰা নিয়ন্ত্ৰণ থাকিব। তেওঁলোকৰ দৃষ্টি আসুৰিক নহ’ব। যদি এতিয়াও কাৰোবাক দেখিলে বিকাৰী খেয়াল আহে, দৃষ্টি আসুৰিক হয় তেন্তে বুজিবা যে পূৰা 84 জন্ম লোৱা আত্মা নহয়।

গীত:
ইচ পাপ কি দুনিয়া সে… (এই পাপৰ সৃষ্টিৰ পৰা...)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে জানে যে এইখন পাপৰ সৃষ্টি। পুণ্যৰ সৃষ্টিখনকো মনুষ্যই জানে। মুক্তি আৰু জীৱনমুক্তি পুণ্যৰ সৃষ্টিখনক কোৱা হয়। তাত পাপ নাথাকে। পাপ থাকে দুখধাম ৰাৱণৰাজ্যত। দুখ দিওঁতা ৰাৱণকো দেখিছা, ৰাৱণ কোনো বস্তু নহয় তথাপিও প্ৰতিকৃতি জ্বলায়। সন্তানসকলে জানে যে আমি এতিয়া ৰাৱণৰাজ্যত আছোঁ, কিন্তু একাষৰীয়া হৈ গলোঁ। আমি এতিয়া পুৰুষোত্তম সংগমযুগত আছোঁ। সন্তানসকল যেতিয়া ইয়ালৈ আহে তেতিয়া বুদ্ধিত এইটো থাকে যে - আমি সেইজন পিতাৰ ওচৰলৈ যাওঁ যিজনে আমাক মনুষ্যৰ পৰা দেৱতা কৰি তোলে। সুখধামৰ মালিক কৰি তোলে। সুখধামৰ মালিক কৰি তোলোঁতা কোনো ব্ৰহ্মা নহয়, কোনো দেহধাৰী নহয়। তেওঁ হয়েই শিৱবাবা, যাৰ দেহ নাই। দেহ তোমালোকৰো নাছিল, কিন্তু তোমালোকে পুনৰ দেহ লৈ জন্ম-মৃত্যুত আহা গতিকে তোমালোকে বুজি পোৱা যে আমি বেহদৰ পিতাৰ ওচৰলৈ যাওঁ। তেওঁ আমাক শ্ৰেষ্ঠ মত দিয়ে। তোমালোকে এনেকুৱা পুৰুষাৰ্থ কৰিলে স্বৰ্গৰ মালিক হ'ব পাৰিবা। স্বৰ্গকতো সকলোৱে স্মৰণ কৰে। বুজি পায় যে নতুন সৃষ্টি নিশ্চয় আছে। সেইখনো স্থাপনা কৰোঁতা নিশ্চয় কোনোবা আছে। নৰকো কোনোবাই স্থাপনা কৰে। তোমালোকৰ সুখধামৰ ভূমিকা কেতিয়া পূৰা হয়, সেইটোও তোমালোকে জানা। পুনৰ ৰাৱণৰাজ্যত তোমালোক দুখী হ'বলৈ আৰম্ভ কৰা। এই সময়ত এইখন হৈছে দুখধাম। লাগিলে যিমানেই কোটিপতি, পদমপতি নহওঁক কিয় কিন্তু পতিত সৃষ্টি বুলিতো নিশ্চয় ক'ব নহয়। এইখন কঙাল সৃষ্টি, দুখী সৃষ্টি। লাগিলে যিমানেই ডাঙৰ ডাঙৰ অট্টালিকা নাথাকক কিয়, সুখৰ সকলো সাধন নাথাকক কিয়, তথাপিও পতিত, পুৰণি সৃষ্টি বুলিয়ে ক’ব। বিষয় বৈতৰণী নদীত ডুবি থাকে। এইটোও নুবুজে যে বিকাৰত যোৱাটো পাপ। কয় যে ইয়াৰ অবিহনে সৃষ্টিৰ বৃদ্ধি কেনেকৈ হ'ব? আহ্বানো জনায় যে - হে ভগৱান, হে পতিত-পাৱন, আহি এই পতিত সৃষ্টিক পাৱন কৰি তোলক। আত্মাই শৰীৰৰ দ্বাৰা কয়। আত্মাহে পতিত হৈছে সেইবাবেতো আহ্বান জনায়। স্বৰ্গত এজনো পতিত নাথাকে।

তোমালোক সন্তানসকলে জানা যে সংগমযুগত যিসকল ভাল পুৰুষাৰ্থী আছে তেওঁলোকেই বুজি পায় যে আমি 84 জন্ম লৈছোঁ, পুনৰ এই লক্ষ্মী-নাৰায়ণৰ লগতেই আমি সত্যযুগত ৰাজত্ব কৰিম। এজনেইতো 84 জন্ম লোৱা নাই নহয়। ৰজাৰ লগত প্ৰজাও লাগে। তোমালোক ব্ৰাহ্মণসকলৰ মাজতো ক্ৰমানুসৰি আছে। কোনোবা ৰজা-ৰাণী হয়, কোনোবা প্ৰজা। পিতাই কয় – সন্তানসকল, এতিয়াই তোমালোকে দৈৱীগুণ ধাৰণ কৰিব লাগে। এই দুচকু আসুৰিক হয়, যদি কাৰোবাক দেখিলে বিকাৰী দৃষ্টি যায় তেন্তে তেওঁলোকৰ 84 জন্ম নহ’ব। তেওঁলোক নৰৰ পৰা নাৰায়ণ হ'ব নোৱাৰিব। যেতিয়া এই দুচকুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবা তেতিয়া কৰ্মাতীত অৱস্থা হ'ব। সকলো দুচকুৰ (দৃষ্টিৰ) ওপৰত নিৰ্ভৰ কৰে, চকুৱেই প্ৰতাৰণা কৰে। আত্মাই এই খিৰিকীৰে (চকুৰে) দেখে, এওঁৰ (ব্ৰহ্মাৰ) শৰীৰততো দুটা আত্মা আছে। পিতায়ো এই খিৰিকীৰেই চাই আছে। মোৰো দৃষ্টি আত্মাৰ প্ৰতি যায়। পিতাই আত্মাকেই বুজায়। কয় - ময়ো শৰীৰ লৈছোঁ, সেইবাবে কথা ক'ব পাৰো। তোমালোকে জানা যে বাবাই আমাক সুখৰ সৃষ্টিলৈ লৈ যায়। এইখন হৈছে ৰাৱণৰাজ্য। তোমালোক এই পতিত সৃষ্টিৰ পৰা একাষৰীয়া হৈ গ’লা। কোনোবা বহুত আগবাঢ়ি গ'ল, কোনোবাই পিছ হোঁহকা মাৰিলে। প্ৰত্যেকেই কয়ো যে পাৰলৈ লৈ ব’লা। এতিয়া পাৰ হৈতো সত্যযুগলৈ যাবা। কিন্তু তাত উচ্চ পদ পাবলৈ হ’লে পৱিত্ৰ হ'ব লাগে। পৰিশ্ৰম কৰিব লাগে। মুখ্য কথা হ'ল পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এইটো হৈছে প্ৰথম বিষয়।

তোমালোকে এতিয়া জানা যে আমি আত্মাসকল ভাৱৰীয়া। প্ৰথমতে আমি সুখধামলৈ আহিলোঁ আকৌ এতিয়া দুখধামলৈ আহিছোঁ। এতিয়া পিতা পুনৰ সুখধামলৈ লৈ যাব আহিছে। পিতাই কয় - মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। কাকো দুখ নিদিবা। ইজনে সিজনক বহুত দুখ দি থাকে। কাৰোবাৰ কাম বিকাৰৰ ভূত জাগি উঠিল, কাৰোবাৰ ক্ৰোধ আহিল, হাত চলাই দিলে। পিতাই ক'ব - এওঁতো দুখ দিওঁতা পাপ আত্মা। পুণ্য আত্মা কেনেকৈ হ'ব। এতিয়াও পাপ কৰি থাকে। এওঁতো নাম বদনাম কৰে। সকলোৱে কি ক'ব! তোমালোকে কোৱা আমাক ভগৱানে পঢ়ায়। আমি মনুষ্যৰ পৰা দেৱতা বিশ্বৰ মালিক হওঁ! তেওঁলোকে আকৌ এনেকুৱা কাম কৰে জানো! সেইকাৰণে বাবাই কয় - নিতৌ ৰাতি নিজক চোৱা। যদি সু-সন্তান হয় তেন্তে খতিয়ান পঠিয়াব। যদিও কোনো কোনোৱে খতিয়ানৰ ৰাখে, কিন্তু লগত এইটো নিলিখে যে মই কাৰোবাক দুখ দিলোঁ বা এইটো ভুল কৰিলোঁ। স্মৰণ কৰি থাকিবা আৰু কৰ্ম ওলোটা কৰি থাকিবা, এয়াও ঠিক নহয়। ওলোটা কৰ্ম তেতিয়া কৰে যেতিয়া দেহ-অভিমানী হৈ যায়।

এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - এয়াতো বহুত সহজ। এদিনতো শিক্ষক হৈ উঠিব পাৰে। পিতাই তোমালোকক 84ৰ ৰহস্য বুজায়, শিকায়। আকৌ গৈ তাৰ ওপৰত মনন-চিন্তন কৰিব লাগে। আমি 84 জন্ম কেনেকৈ ললোঁ? সেই শিকাওঁতা শিক্ষকৰ পৰা দৈৱীগুণো বহুত ধাৰণ কৰি লয়। বাবাই সিদ্ধ কৰি ক’ব পাৰে। দেখুৱায় বাবা মোৰ খতিয়ান চাওঁক। মই কাকো অলপো দুখ নাই দিয়া। বাবাই ক'ব - এই সন্তানটিতো বৰ অমায়িক। ভাল সুবাস ওলাই আছে। শিক্ষক হোৱাতো চেকেণ্ডৰ কথা। শিক্ষকতকৈও বিদাৰ্থী স্মৃতিৰ যাত্ৰাত আগত গুচি যায়। গতিকে শিক্ষকতকৈও উচ্চ পদ পাব। বাবাইতো সোধে, কাৰোবাক শিকোৱানে? নিতৌ শিৱৰ মন্দিৰলৈ গৈ শিকোৱা। শিৱবাবা কেনেকৈ আহি স্বৰ্গ স্থাপনা কৰে? স্বৰ্গৰ মালিক কৰি তোলে। বুজাবলৈ বহুতেই সহজ। বাবালৈ খতিয়ানৰ তালিকা পঠিয়াই দিয়ে - বাবা মোৰ অৱস্থা এনেকুৱা। বাবাই সোধে - সন্তানসকল কোনো বিকৰ্মতো নকৰা? আসুৰিক দৃষ্টিয়ে কোনো ওলোটা কামতো নকৰায়? নিজৰ আচৰণ, চৰিত্ৰ চাব লাগে। চাল-চলন সকলো দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। চকুৱে অনেক প্ৰকাৰৰ প্ৰবঞ্চনা কৰে। নোসোধাকৈ কোনো বস্তু উঠাই অলপ মানো খালে তেতিয়া সেয়াও পাপ হৈ যায় কিয়নো বিনা অনুমতিত উঠালা নহয়। ইয়াত নিয়ম বহুত আছে। শিৱবাবাৰ যজ্ঞ হয় নহয়। ইনচাৰ্জক নোসোধাকৈ কোনো বস্তু খাব নোৱাৰে। এজনে খালে তেন্তে আনেও এনেকুৱা কৰিবলৈ আৰম্ভ কৰিব। বাস্তৱত ইয়াত কোনো বস্তু তলা মাৰি ৰখাৰ দৰকাৰ নাই। বিধিয়ে কয় এই ঘৰৰ ভিতৰলৈ, পাকঘৰৰ সন্মুখলৈ কোনো অপৱিত্ৰ আহিব নালাগে। বাহিৰততো অপৱিত্ৰ-পৱিত্ৰৰ প্ৰশ্নই নাই। কিন্তু পতিত বুলিতো নিজকে কয় নহয়। সকলো পতিত। কোনেও বল্লভাচাৰীক অথবা শংকৰাচাৰ্যক হাত লগাব নোৱাৰে কিয়নো তেওঁলোকে ভাবে যে আমি পাৱন, এওঁলোক পতিত। যদিও ইয়াত সকলোৰে শৰীৰ পতিত তথাপিও পুৰুষাৰ্থ অনুসৰি বিকাৰ ত্যাগ কৰে। গতিকে নিৰ্বিকাৰীৰ আগত বিকাৰী মনুষ্যই মূৰ দোৱায়। কয় এওঁ বহুত স্বচ্ছ ধৰ্মাত্মা মনুষ্য। সত্যযুগততো অপৱিত্ৰ নাথাকে। হয়েই পৱিত্ৰ সৃষ্টি। একেটা শ্ৰেণীৰে হয়। তোমালোকে এই সকলো ৰহস্য জানা। আৰম্ভণিৰ পৰা ধৰি সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুদ্ধিত থকা উচিত। আমি সকলো জানো। বাকী জানিবলৈ একো নাথাকেই। ৰচয়িতা পিতাক জানিলা, সূক্ষ্মলোকক জানিলা, ভৱিষ্যত পদ মৰ্যাদাৰ বিষয়ে জানিলা, যাৰ কাৰণেই পুৰুষাৰ্থ কৰা আকৌ যদি চলন এনেকুৱা হৈ যায় তেন্তে উচ্চ পদ পাব নোৱাৰিবা। যদি কাৰোবাক দুখ দিয়ে, বিকাৰত যায় অথবা আসুৰিক দৃষ্টি ৰাখে তেন্তে এয়াও পাপ। দৃষ্টি পৰিৱৰ্তন হৈ যাওঁক এই ক্ষেত্ৰত পৰিশ্ৰম আছে। দৃষ্টি বহুত ভাল হ'ব লাগে। চকুৱে দেখে - এওঁ ক্ৰোধ কৰিছে তেতিয়া নিজেও কাজিয়াত লিপ্ত হৈ পৰে। শিৱবাবাৰ প্ৰতি অলপো মৰম নাই, স্মৰণেই নকৰে। মহিমা শিৱবাবাৰ। গুৰু আপোনাৰ মহিমা… মহিমা সেইজন সৎগুৰুৰ যিয়ে গোবিন্দ শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ কৰালে। গুৰুৰ দ্বাৰা তোমালোক গোবিন্দ হোৱা। কেৱল সাক্ষাৎকাৰেৰে মুখ মিঠা নহয়। মীৰাৰ মুখ মিঠা হ'ল জানো? সঁচাকৈতো স্বৰ্গলৈ নগ’ল। সেয়া হৈছে ভক্তিমাৰ্গ, তাক স্বৰ্গৰ সুখ বুলি কোৱা নহ'ব। গোবিন্দক কেৱল চাব নালাগে, এনেকুৱা হ'ব লাগে। তোমালোক ইয়ালৈ আহিছাই এনেকুৱা হ’বলৈ। এইটো নিচা থাকিব লাগে যে আমি তেওঁৰ ওচৰলৈ যাওঁ যিয়ে আমাক এনেকুৱা কৰি গঢ়ি তোলে। সেয়েহে বাবাই সকলোকে এইটো ৰায় দিয়ে খতিয়ানত এইটোও লিখা – চকুৱে প্ৰবঞ্চনাতো নকৰিলে? পাপতো নকৰিলোঁ? চকুৱে কিবা নহয় কিবা কথাত প্ৰবঞ্চনা নিশ্চয় কৰে। চকু একেবাৰে শীতল হৈ যাব লাগে। নিজক অশৰীৰী বুলি বুজা। এই কৰ্মাতীত অৱস্থা শেষৰ ফালে হ'ব যেতিয়া বাবালৈ নিজৰ খতিয়ান পঠিয়াই দিবা। অৱশ্যে ধৰ্মৰজাৰ ৰেজিষ্টাৰত সকলো আপোনাআপুনি জমা হৈ যায়। কিন্তু যিহেতুকে পিতা সাকাৰত আহিছে সেয়েহে কয় সাকাৰে গম পোৱা উচিত। তেতিয়া সাৱধান কৰি দিব। আসুৰিক দৃষ্টি অথবা দেহ-অভিমানী হ'লে তেতিয়া বায়ুমণ্ডল অশুদ্ধ কৰি দিব। ইয়াত বহি থাকিলেও বুদ্ধিযোগ বাহিৰলৈ গুচি যায়। মায়াই বহুত প্ৰবঞ্চনা কৰে। মন বহুত উৎপতীয়া হয়। এয়া (লক্ষ্মী-নাৰায়ণ) হ'বৰ কাৰণে কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাৰ ওচৰলৈ আহে, বাবাই জ্ঞানেৰে আত্মাক অলংকৃত কৰে। বুজি পোৱা যে আমি আত্মা জ্ঞানেৰে পৱিত্ৰ হ'ম। তেতিয়া শৰীৰো পৱিত্ৰ পাম। আত্মা আৰু শৰীৰ দুয়োটা পৱিত্ৰ সত্যযুগত হয়। আকৌ আধাকল্পৰ পাছত ৰাৱণৰাজ্য হয়। মনুষ্যই ক'ব - ভগৱানে এনেকুৱা কিয় কৰিলে? এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে। ভগৱানে জানো কিবা কৰিলে। সত্যযুগত হয়েই - এক দেৱী-দেৱতা ধৰ্ম। কোনো কোনোৱে কয় - এনেকুৱা ভগৱানক আমি স্মৰণেই বা কিয় কৰিম। কিন্তু তোমালোকৰ অন্য ধৰ্মৰ লগৰ কোনো মতলব নাই। যিসকল কাঁইট হৈ গ’ল সেইসকলেই আহি ফুল হ’ব। মনুষ্যই কয় - ভগৱানে কেৱল ভাৰতবাসীকহে স্বৰ্গলৈ লৈ যাব নেকি, আমি নামানো, ভগৱানৰো দুটা চকু আছে নেকি! কিন্তু এয়াতো ড্ৰামা ৰচি থোৱা আছে। সকলো যদি স্বৰ্গলৈ আহে তেনেহ’লে আকৌ অনেক ধৰ্মৰ ভূমিকা কেনেকৈ চলিব? স্বৰ্গত ইমান কোটি নাথাকে। প্ৰথম মুখ্য কথা হৈছে ভগৱান কোন, তেওঁকতো জানি লোৱা। এইটো নুবুজিলে অনেক প্ৰশ্ন সুধি থাকিব। নিজক আত্মা বুলি বুজিলে ক’ব এয়াতো ঠিক কথা। আমি পতিতৰ পৰা পাৱন নিশ্চয় হ’ব লাগে। স্মৰণ সেই এজনকে কৰিব লাগে। সকলো ধৰ্মতে ভগৱানক স্মৰণ কৰে।

তোমালোক সন্তানসকলে এতিয়া এই জ্ঞান পাই আছা। তোমালোকে বুজি পোৱা - এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। তোমালোকে কিমান প্ৰদৰ্শনীতো বুজোৱা। কিন্তু একেবাৰে কমসংখ্যকহে ওলায়। কিন্তু এনেকৈ ক’বা জানো যে সেইকাৰণে প্ৰদৰ্শনী অনুষ্ঠিত কৰিবই নালাগে। ড্ৰামাত আছিল, কৰিলা, ক’ৰবাত প্ৰদৰ্শনীৰ পৰা ওলায়ো। ক’ৰবাত নোলায়। আগলৈ গৈ আহিব, উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব। কোনোবা কম পদ পাবলগীয়া হ’লে তেন্তে ইমান পুৰুষাৰ্থ নকৰিব। বাবাই তথাপিও সন্তানসকল বুজায়, কোনো বিকৰ্ম নকৰিবা। এইটো টুকি ৰাখা যে মই কাকো দুখতো নিদিলোঁ? কাৰোবাৰ লগত কাজিয়া-পেচালতো নকৰিলোঁ? অপ্ৰয়োজনীয় কথাতো নক’লোঁ? কোনো অকৰণীয় কাৰ্যতো নকৰিলোঁ? বাবাই কয় - যি বিকৰ্ম কৰিলা সেয়া লিখা। এইটোতো জানা যে দ্বাপৰৰ পৰা বিকৰ্ম কৰোঁতে এতিয়া বহুত বিকৰ্মী হৈ গ’লা। বাবাক লিখি দিলে বোজা পাতল হৈ যাব। লিখে যে মই কাকো দুখ নিদিওঁ। বাবাই ক’ব বাৰু, খতিয়ান লৈ আহা তেতিয়া চাম। বাবাই মাতিবও এনেকুৱা ভাল সন্তানক মই চাওঁচোন বাৰু। সু-সন্তানসকলক পিতাই বহুত মৰম কৰে। বাবাই জানে যে এতিয়া কোনেও সম্পূৰ্ণ হোৱা নাই। বাবাই প্ৰত্যেককে লক্ষ্য কৰে, কেনেকৈ পুৰুষাৰ্থ কৰে। সন্তানসকলে যদি খতিয়ান নাৰাখে তেন্তে নিশ্চয় কিবা দুৰ্বলতা আছে, যিটো পিতাৰ পৰা লুকুৱায়। তেওঁলোককে সঁচা সৎ সন্তান বুলি বুজো যিসকলে খতিয়ান ৰাখে। খতিয়ানৰ লগতে আকৌ আচৰণো ভাল হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ বোজা পাতল কৰিবলৈ হ’লে যি বিকৰ্ম হৈছে, সেয়া পিতাক লিখি দিব লাগে। এতিয়া কাকোৱেই দুখ দিব নালাগে। সু-সন্তান হৈ থাকিব লাগে।

(2) নিজৰ দৃষ্টি বহুত ভাল কৰিব লাগে। চকুৱে যাতে প্ৰবঞ্চনা নকৰে তাৰ বাবে সাৱধান হ’ব লাগে। নিজৰ আচৰণ বহুত ভাল কৰি তুলিব লাগে। কাম-ক্ৰোধৰ বশৱৰ্তী হৈ কোনো পাপ কৰিব নালাগে।

বৰদান:
লক্ষ্য আৰু গন্তব্যস্থান সদায় স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থ কৰোঁতা সদায় পৱিত্ৰ আৰু সুখী হোৱা

ব্ৰাহ্মণ জীৱনৰ লক্ষ্য হৈছে হদৰ কোনো আধাৰ নোহোৱাকৈ সদায় আন্তৰিক আনন্দত থকা। যেতিয়া এইটো লক্ষ্যৰ সলনি হদৰ সৰু সৰু প্ৰাপ্তিৰ পিছত আবদ্ধ হৈ যোৱা তেতিয়াই গন্তব্যস্থলৰ পৰা দূৰ হৈ যোৱা। সেয়েহে যিয়েই নহওঁক কিয় হদৰ প্ৰাপ্তি ত্যাগ কৰিবলগীয়া হ’লেও ত্যাগ কৰা কিন্তু অবিনাশী আনন্দ কেতিয়াও নেৰিবা। পৱিত্ৰ আৰু সুখী হোৱাৰ বৰদান স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা অবিনাশী প্ৰাপ্তি কৰা।

স্লোগান:
গুণমূৰ্ত হৈ গুণ দান দি যোৱা - এয়াই সকলোতকৈ ডাঙৰ সেৱা।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

মাষ্টৰ জ্ঞানৱান, মাষ্টৰ সৰ্বশক্তিমান স্থিতিত স্থিৰ হৈ ভিন্ন ভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ শাৰীৰ পৰা ওলাই পিতাৰ সৈতে সদায় মিলন উদ্‌যাপনৰ নিচাত নিজৰ সময় দিয়া আৰু স্নেহত লীন স্থিতিত থাকা তেতিয়া সকলো সমস্যা সহজে সমাপ্ত হৈ যাব, তেতিয়া তোমালোকৰ সন্মুখত তোমালোকৰ প্ৰজা আৰু ভক্তৰ শাৰী লাগিব।