15.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল মায়াজিৎ হবলৈ গাফিলতি কৰিবলৈ এৰা, দুখ দিয়া আৰু দুখ লোৱা - এইটো বহুত ডাঙৰ গাফিলতি, যিটো তোমালোক সন্তানসকলে কৰিব নালাগে

প্ৰশ্ন:
পিতাৰ সন্তানসকলৰ ওপৰত কোনটো এটা আশা আছে?

উত্তৰ:
পিতাৰ আশা আছে যে মোৰ সকলো সন্তান মোৰ সমান সৰ্বদা পৱিত্ৰ হৈ যাওঁক। পিতা সৰ্বদা পৱিত্ৰ, তেওঁ আহিছে সন্তানসকলক কলা অৰ্থাৎ অপৱিত্ৰৰ পৰা বগা অৰ্থাৎ পৱিত্ৰ কৰি তুলিবলৈ। মায়াই কলা কৰি দিয়ে, পিতাই বগা কৰি তোলে। লক্ষ্মী-নাৰায়ণ হৈছে বগা, সেয়েহে কলা পতিত মনুষ্য গৈ তেওঁলোকৰ মহিমা গায়, নিজক নীচ বুলি ভাবে। এতিয়া পিতাৰ শ্ৰীমত পোৱা যায় - মৰমৰ সন্তানসকল, এতিয়া বগা; সতোপ্ৰধান হবলৈ পুৰুষাৰ্থ কৰা।

ওঁম্শান্তি।
পিতাই কি কৰি আছে আৰু সন্তানসকলে কি কৰি আছে? পিতায়ো জানে সন্তানসকলেও জানে যে আমি আত্মা যি তমোপ্ৰধান হৈ গলোঁ তাক সতোপ্ৰধান কৰি তুলিব লাগে। যাক সোণালী যুগী বুলি কোৱা হয়। পিতাই আত্মাসকলক চায়। আত্মাৰেই খেয়াল আহে, মই আত্মা কলা হৈ গলোঁ। আত্মাৰ কাৰণে আকৌ শৰীৰো কলা হৈ গল। লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ যায়, আগতে অলপো জ্ঞান নাছিল। লক্ষ্য কৰিছিল এওঁলোকতো সৰ্বগুণ সম্পন্ন, বগা, মইতো কলা ভূত। কিন্তু জ্ঞান নাছিল। এতিয়াতো লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গলে বুজিব আমিতো আগতে এনেকুৱা সৰ্বগুণ সম্পন্ন আছিলোঁ, এতিয়া কলা পতিত হৈ গলোঁ। তেওঁলোকৰ আগত কয় - মই কলা বিকাৰী পাপী। বিবাহ পাশত আৱদ্ধ হলে প্ৰথমে লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ লৈ যায়। দুয়োগৰাকীয়েই প্ৰথমে নিৰ্বিকাৰী হয় তাৰ পাছত বিকাৰী হৈ যায়। গতিকে নিৰ্বিকাৰী দেৱতাসকলৰ আগত গৈ নিজক বিকাৰী পতিত বুলি কয়। বিয়াৰ আগতে এনেকৈ নকয়। বিকাৰগ্ৰস্ত হোৱাৰ বাবেই আকৌ মন্দিৰলৈ গৈ তেওঁলোকৰ মহিমা কৰেগৈ। আজিকালিতো লক্ষ্মী-নাৰায়ণৰ মন্দিৰত, শিৱৰ মন্দিৰত বিবাহ অনুষ্ঠান পাতে। পতিত হবলৈ বন্ধনত বান্ধ খায়। এতিয়া তোমালোক বগা অৰ্থাৎ পৱিত্ৰ হবলৈ বন্ধনত বান্ধ খোৱা সেইবাবে বগা কৰি তোলোঁতা শিৱবাবাক স্মৰণ কৰা। এইটো জানা যে এই ৰথৰ ভ্ৰূকুটিৰ মাজত শিৱবাবা আছে, তেওঁ সৰ্বদা পৱিত্ৰ। তেওঁৰ এইটোৱে আশা যে সন্তানসকল পৱিত্ৰ বগা হৈ যাওঁক। মামেকম্‌ স্মৰণ কৰি পৱিত্ৰ হৈ যাওঁক। আত্মাই পিতাক স্মৰণ কৰিব লাগে। পিতাও সন্তানসকলক দেখি দেখি হৰ্ষিত হয়। তোমালোক সন্তানসকলেও পিতাক দেখি উপলব্ধি কৰা যে পৱিত্ৰ হৈ যাওঁ। তেতিয়া আকৌ আমি এনেকুৱা লক্ষ্মী-নাৰায়ণ হমগৈ। এইটো লক্ষ্য-উদ্দেশ্য সন্তানসকলে বহুত সাৱধানেৰে স্মৃতিত ৰাখিব লাগে। এনেকুৱা নহয়, বচ্‌ বাবাৰ ওচৰলৈ আহিছোঁ। আকৌ তালৈ গৈ নিজৰেই পেছাগত কাম-কাজ আদিতে লাগি যাবা সেইবাবে ইয়াত পিতাই সন্মুখত বহি সন্তানসকলক বুজায়। ভ্ৰূকুটিৰ মাজত আত্মা থাকে। এয়া অকাল আত্মাৰ আসন, যিসকল আত্মা মোৰ সন্তান তেওঁলোক এই আসত বহি আছে। আত্মা নিজেই তমোপ্ৰধান সেয়েহে আসনো তমোপ্ৰধান। এয়া ভালদৰে বুজিবলগীয়া কথা। এনেকুৱা লক্ষ্মী-নাৰায়ণ হোৱা কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। এতিয়া তোমালোকে বুজি পোৱা যে আমি এওঁলোকৰ নিচিনা হৈ আছোঁ। আত্মা পৱিত্ৰ হৈহে যাব। তেতিয়া দেৱী-দেৱতা বুলি কব। আমি এনেকুৱা স্বৰ্গৰ মালিক হওঁ। কিন্তু মায়া এনেকুৱা যে পাহৰাই দিয়ে। বহুতে ইয়াত শুনি বাহিৰলৈ যোৱাৰ লগে লগে আকৌ পাহৰি যায় সেইবাবে বাবাই ভালকৈ দৃঢ় কৰায় - নিজক চাব লাগে, যিমান এই দেৱতাসকলৰ গুণ আছে শ্ৰীমতত চলি সেয়া মই ধাৰণ কৰিছোঁনে? চিত্ৰও সন্মুখত আছে। তোমালোকে জানা আমি এনেকুৱা হব লাগে। পিতাইহে তেনেকুৱা কৰি তুলিব। অন্য কোনেও মনুষ্যৰ পৰা দেৱতা কৰি তুলিব নোৱাৰে। একমাত্ৰ পিতাহে গঢ়ি তোলোঁতা। গায়নো আছে মনুষ্যৰ পৰা দেৱতা.। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰিহে জানে। এই কথাবোৰ ভক্ত লোকসকলে নাজানে। যেতিয়ালৈকে ভগৱানৰ শ্ৰীমত নলয়, একোৱেই বুজিব নোৱাৰে। তোমালোক সন্তানসকলে এতিয়া শ্ৰীমত লৈ আছা। এইটো ভালদৰে বুদ্ধিত ধাৰণ কৰা যে আমি শিৱবাবাৰ মত অনুসৰি বাবাক স্মৰণ কৰি কৰি এনেকুৱা হৈ আছোঁ। স্মৃতিৰে পাপ ভস্ম হব, অন্য কোনো উপায় নাই।

লক্ষ্মী-নাৰায়ণতো বগা অৰ্থাৎ পৱিত্ৰ নহয় জানো। মন্দিৰবোৰত আকৌ শ্যামবৰণীয়া কৰি ৰাখিছে। ৰঘুনাথ মন্দিৰত ৰামক কলা বৰণীয়া কৰি ৰাখিছে - কিয়? কোনেও নাজানে। কথাটি কিমান সাধাৰণ। ৰামতো হৈছে ত্ৰেতাৰ। অলপ পাৰ্থক্য হৈ যায়, 2 টা কলা কম হৈ নগল জানো। বাবাই বুজাইছে - আৰম্ভণিতে এওঁ সতোপ্ৰধান সুন্দৰ আছিল। প্ৰজাও সতোপ্ৰধান হৈ যায় কিন্তু শাস্তি ভোগ কৰিহে হয়। যিমানে বেছি শাস্তি সিমানে পদো কম হৈ যায়। যত্ন নকৰে গতিকে পাপ খণ্ডন নহয়। পদ কম হৈ যায়। পিতাইতো স্পষ্ট কৰি বুজায়। তোমালোক ইয়াত বহি আছা বগা হবলৈ। কিন্তু মায়া হৈছে ঘোৰ শত্ৰু, যিয়ে কলা কৰি দিলে। মায়াই যেতিয়া দেখে যে এতিয়া বগা কৰি তোলোঁতাজন আহিছে সেয়েহে মায়াই বিৰুদ্ধাচৰণ কৰে। পিতাই কয় - এয়াতো ড্ৰামা অনুসৰি মায়াই আধাকল্প নিজৰ ভূমিকা পালন কৰিবই লাগে। মায়াই বাৰে বাৰে বিমুখ কৰি আনফালে লৈ যায়। লিখে বাবা, মায়াই মোক বহুত অশান্ত কৰে। বাবাই কয় - এয়াই যুদ্ধ। তোমালোক বগাৰ পৰা কলা আকৌ কলাৰ পৰা বগা হোৱা, এয়া হৈছে খেল। বুজায়ো তেওঁলোকক যিয়ে পূৰা 84 জন্ম লৈছে। তেওঁলোকে ভাৰততেই পদাৰ্পণ কৰে। এনেকুৱাও নহয় যে ভাৰতৰ সকলোৱে 84 জন্ম লয়।

এতিয়া তোমালোক সন্তানসকলৰ এই সময় হৈছে অতিকৈ মূল্যৱান। পূৰা পুৰুষাৰ্থ কৰিব লাগে, আমি এনেকুৱা হব লাগে। নিশ্চয় পিতাই কৈছে - কেৱল মোক স্মৰণ কৰা আৰু দৈৱীগুণো ধাৰণ কৰিব লাগে। কাকোৱেই দুখ দিব নালাগে। পিতাই কয় - সন্তানসকল, এতিয়া এনেকুৱা গাফিলতি নকৰিবা। বুদ্ধিৰ যোগসূত্ৰ একমাত্ৰ পিতাৰ সৈতে গঢ়া। তোমালোকে প্ৰতিজ্ঞা কৰিছিলা - আমি আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাম। জন্ম-জন্মান্তৰ প্ৰতিজ্ঞা কৰি আহিছা - বাবা, আপুনি আহিলে মই আপোনাৰ মততেই চলিম, পাৱন হৈ দেৱতা হৈ যাম। যদি যুগলে তোমাক লগ নিদিয়ে তেন্তে তুমি নিজৰ পুৰুষাৰ্থ কৰা। যুগলে যদি লগ নিদিয়ে তেন্তে যোৰা নহবগৈ। যিয়ে যিমান স্মৰণ কৰিছে, দৈৱীগুণ ধাৰণ কৰিছে, তেওঁলোকৰহে যোৰা হব। চোৱা যেনেকৈ ব্ৰহ্মা-সৰস্বতীয়ে ভাল পুৰুষাৰ্থ কৰিলে গতিকে যোৰা হয়গৈ। এওঁ বহুত ভাল সেৱা কৰে, স্মৃতিত থাকে, এয়াও গুণ নহয় জানো। গোপসকলৰ মাজতো বহুত ভাল ভাল সন্তান আছে। কিছুমানে নিজেও বুজি পায়, মায়াই আকৰ্ষিত কৰে। এই শিকলি ছিগি নাযায়। বাৰে বাৰে নাম-ৰূপত বান্ধ খুৱাই দিয়ে। পিতাই কয় নাম-ৰূপত বান্ধ নাখাবা। মোৰ সৈতে বান্ধ খাই নোযোৱা কিয়। যেনেকৈ তোমালোক নিৰাকাৰ, ময়ো নিৰাকাৰ। তোমালোকক নিজৰ সমান কৰি তোলোঁ। শিক্ষকে নিজৰ সমান কৰি নুতুলিব জানো। চাৰ্জনে চাৰ্জন কৰি তুলিব। এওঁতো বেহদৰ পিতা হয়, তেওঁৰ নাম প্ৰসিদ্ধ। আহ্বানো কৰে - হে পতিত-পাৱন আহক। আত্মাই শৰীৰৰ দ্বাৰা আহ্বান জনায় বাবা আপুনি আহি আমাক পাৱন কৰি তোলক। তোমালোকে জানা আমাক কেনেকৈ পাৱন কৰি আছে। যেনেকৈ হীৰাৰ ক্ষেত্ৰত, তাতো কলা দাগ থাকে। এতিয়া আত্মাত খাদ পৰিছে। সেয়া আঁতৰাই আকৌ সঁচা সোণ হৈ যায়। আত্মা বহুত পৱিত্ৰ হব লাগে। তোমালোকৰ লক্ষ্য-উদ্দেশ্য স্পষ্ট। অন্য সৎসংগত এনেকৈ কেতিয়াও নকব।

পিতাই বুজায়, তোমালোকৰ উদ্দেশ্য হৈছে এয়া হোৱা। এয়াও জানা ড্ৰামা অনুসৰি আমি আধাকল্প ৰাৱণৰ সংগত বিকাৰী হৈছোঁ। এতিয়া এয়া হব লাগে। তোমালোকৰ লগত বেজো আছে। ইয়াৰ ওপৰত বুজোৱাতো বহুত সহজ। এয়া হৈছে ত্ৰিমূৰ্তি। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কিন্তু ব্ৰহ্মাইতো নকৰে। তেওঁতো পতিতৰ পৰা পাৱন হয়। মনুষ্যই এইটো নাজানে যে এই পতিতেই আকৌ পাৱন হয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পঢ়াৰ লক্ষ্য অতি উচ্চ। পিতা পঢ়াবলৈ আহে। জ্ঞান বাবাৰেই আছে, তেওঁ কাৰো পৰা পঢ়া নাই। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তেওঁৰ জ্ঞান আছে। এনেকৈ কোৱা নহব যে এওঁ জ্ঞান কৰ পৰা পালে? নহয়, তেওঁ হয়েই জ্ঞানেৰে পৰিপূৰ্ণ। তেৱেঁই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলে। মনুষ্যইতো পতিতৰ পৰা পাৱন হবলৈ গংগা আদিত স্নান কৰিয়েই থাকে। সমুদ্ৰতো স্নান কৰে। আকৌ পূজাও কৰে, সাগৰক দেৱতা বুলি ভাবে। বাস্তৱত নদীসমূহ যি বৈ থাকে সেইবোৰতো আছেই। কেতিয়াও বিনাশ নহয়। বাকী প্ৰথমতে এয়া শৃংখলাবদ্ধ হৈ থাকে। বান আদিৰ নামেই নাছিল। কেতিয়াও মনুষ্য ডুবা নাছিল। তাততো মনুষ্যই অতি কম সংখ্যক আছিল, আকৌ বৃদ্ধি হৈ গৈ থাকে। কলিযুগৰ অন্তলৈকে কিমান মনুষ্য হৈ যায়। তাততো আয়ুসো বহুত দীঘলীয়া হয়। কিমান কম সংখ্যক মনুষ্য থাকিব। আকৌ 2500 বছৰত কিমান বৃদ্ধি হৈ যায়। বৃক্ষৰ কিমান বিস্তাৰ হৈ যায়। প্ৰথমতে ভাৰতত কেৱল আমাৰেই ৰাজ্য আছিল। তোমালোকে এনেকৈ কবা। তোমালোকৰ ভিতৰতো কিছুমান আছে যাৰ স্মৃতিত থাকে যে আমি নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। আমি হৈছোঁ যোগবলধাৰী আত্মিক যোদ্ধা। এইটোও পাহৰি যায়। আমি মায়াৰ লগত যুদ্ধ কৰোঁতা। এতিয়া এই ৰাজধানী স্থাপনা হৈ আছে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে বিজয়ী হবা। লক্ষ্য-উদ্দেশ্য হয়েই এনেকুৱা হবৰ কাৰণে। এওঁৰ দ্বাৰা বাবাই আমাক এই দেৱতা কৰি তোলে। গতিকে কি কৰা উচিত? পিতাক স্মৰণ কৰিব লাগে। এওঁতো হৈ গল দালাল। গায়নো আছে যেতিয়া সৎগুৰুক দালালৰ ৰূপত পালোঁ। বাবাই এই শৰীৰ লয় গতিকে এওঁ মাজতে দালাল নহল জানো। আকৌ তোমালোকৰ যোগসূত্ৰ শিৱবাবাৰ সৈতে গঢ়ি তোলে, বাকী বিবাহ আদিৰ নাম নলবা। শিৱবাবাই এওঁৰ দ্বাৰা আমাক আত্মাসকলক পৱিত্ৰ কৰি তোলে। এনেকৈ কয় - হে সন্তানসকল, মোক পিতাক স্মৰণ কৰা। তোমালোকেতো এনেকৈ নকবা - মোক পিতাক স্মৰণ কৰা। তোমালোকে পিতাৰ জ্ঞান শুনাবা - বাবাই এনেকৈ কয়। এয়াও পিতাই ভালদৰে বুজায়। আগলৈ গৈ বহুতৰ সাক্ষাৎকাৰ হব তেতিয়া অন্তৰ ভিতৰি দহি থাকিব। পিতাই কয় - এতিয়া সময় বহুত কম আছে। এই দুচকুৰে তোমালোকে বিনাশ দেখিবা। যেতিয়া আখৰা হব তেতিয়া তোমালোকে দেখিবা কেনেকৈ বিনাশ হব। এই দুচকুৰেও বহুত দেখিবা। বহুতৰ বৈকুণ্ঠৰো সাক্ষাৎকাৰ হব। এই সকলোবোৰ শীঘ্ৰতাৰে হৈ থাকিব। জ্ঞানমাৰ্গত সকলো হৈছে বাস্তৱ, ভক্তিমাৰ্গত হৈছে নকল। কেৱল সাক্ষাৎকাৰ কৰিলে, তেনেকুৱা হল জানো। তোমালোকতো তেনেকুৱা হৈ যোৱা। যি সাক্ষাৎকাৰ কৰিছিলা পুনৰ এই দুচকুৰে দেখিবা। বিনাশ প্ৰত্যক্ষ কৰাতো কোনো মাহীৰ ঘৰ নহয়, তাৰ কথাই নুসুধিবা। এজনে সিজনৰ সন্মুখতে হত্যা কৰে। দুখন হাতেৰে তালি বাজিব নহয়। দুই ভাতৃক পৃথক কৰি দিয়ে - পৰস্পৰ কাজিয়া কৰা। এয়াও ড্ৰামা ৰচি থোৱা আছে। এই ৰহস্যক তেওঁলোকে বুজি নাপায়। দু্য়োকে বেলেগ বেলেগ কৰি দিয়া বাবে কাজিয়া কৰি থাকে। গতিকে তেওঁলোকৰ বাৰুদ বিক্ৰী হৈ থাকিব। উপাৰ্জন নহল জানো। কিন্তু অন্তিমত ইয়াৰ দ্বাৰা কাম নহব। ঘৰত বহি বোমা বৰ্ষণ কৰিব আৰু শেষ। ইয়াত মনুষ্যৰ নতুবা হাতিয়াৰৰ দৰকাৰ নাই। গতিকে পিতাই বুজায় - সন্তানসকল, স্থাপনাতো নিশ্চয় হবই। যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান উচ্চ পদ পাব। বুজাইতো বহুতেই, ভগৱানে কয় - এই কাম-কটাৰী নচলাবা। কামক জয় কৰি জগতজিৎ হব লাগে। অৱশেষত নিশ্চয় কৰোবাক কাঁড়ে আঘাত কৰিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই সময় হৈছে অতিকৈ মূল্যৱান, এতিয়াই পুৰুষাৰ্থ কৰি পিতাৰ প্ৰতি পূৰা বলিহাৰ হব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। কোনো প্ৰকাৰৰ গাফিলতি কৰিব নালাগে। এজন পিতাৰ মতত চলিব লাগে।

(2) লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি বহুত সাৱধানেৰে চলিব লাগে। আত্মাক সতোপ্ৰধান পৱিত্ৰ কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে। ভিতৰত যিয়েই দাগ (ত্ৰুটি) আছে, সেয়া পৰীক্ষা কৰি দূৰ লাগে।

বৰদান:
ব্ৰাহ্মণ জীৱনত প্ৰতিটো ছেকেণ্ডত সুখময় স্থিতিৰ অনুভৱ কৰোঁতা সম্পূৰ্ণ পৱিত্ৰ আত্মা হোৱা

পৱিত্ৰতাকেই সুখ-শান্তিৰ জননী বুলি কোৱা হয়। যিকোনো প্ৰকাৰৰ অপৱিত্ৰতাই দুখ অশান্তিৰ অনুভৱ কৰায়। ব্ৰাহ্মণ জীৱন অৰ্থাৎ প্ৰতিটো ছেকেণ্ড সুখময় স্থিতিত থাকোঁতা। লাগিলে দুখৰ দৃশ্য হওঁক কিন্তু যত পৱিত্ৰতাৰ শক্তি থাকে তত দুখৰ অনুভৱ হব নোৱাৰে। পৱিত্ৰ আত্মাসকলে মাষ্টৰ সুখ কৰ্তা হৈ দুখক আত্মিক সুখৰ বায়ুমণ্ডললৈ পৰিৱৰ্তন কৰি দিয়ে।

স্লোগান:
সাধনবোৰ প্ৰয়োগ কৰি সাধনা বৃদ্ধি কৰাটোৱেই বেহদৰ বৈৰাগ্য বৃত্তি।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগীৰ প্ৰতিটো কৰ্ম চৰিত্ৰৰ সমান গায়ন যোগ্য হয়। প্ৰতিটো কৰ্মৰ মহিমা কীৰ্তন কৰাৰ যোগ্য হয়। যেনেকৈ ভক্তসকলে কীৰ্তনত বৰ্ণনা কৰে যে এওঁৰ দৃষ্টি অলৌকিক, চলন অলৌকিক, প্ৰতিটো কাৰ্যই ইন্দ্ৰিয়ৰ সীমাহীন মহিমা কৰে, এনেকুৱা প্ৰতিটো কৰ্ম মহান অৰ্থাৎ মহিমা যোগ্য হওঁক। প্ৰতিটো কৰ্ম ক্ৰিকাশদৰ্শী হৈ কৰিলে কেতিয়াও কোনো কৰ্ম বিকৰ্ম হব নোৱাৰে, সদায় সুকৰ্ম হয়।


 
`