15.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ৰাতিপুৱা উঠি এইটোৱে চিন্তন কৰিবা যে মই ইমান সূক্ষ্ম আত্মাই ইমান ডাঙৰ শৰীৰটোক
পৰিচালনা কৰি আছোঁ, মোৰ অৰ্থাৎ আত্মাতেই অবিনাশী ভূমিকা নিহিত হৈ আছে”
প্ৰশ্ন:
শিৱবাবাৰ কোনটো
অভ্যাস আছে, কোনটো নাই?
উত্তৰ:
আত্মাক জ্ঞান ৰত্নৰে অলংকৃত কৰাৰ অভ্যাস শিৱবাবাৰ আছে, বাকী শৰীৰ অলংকৃত কৰাৰ
অভ্যাস তেওঁৰ নাই কিয়নো বাবাই কয় মোৰতো নিজৰ শৰীৰ নাই। মই যদিও এওঁৰ শৰীৰ ভাড়াত লওঁ
কিন্তু এই শৰীৰৰ অলংকৰণ এই আত্মাটিয়ে নিজেই কৰে, মই নকৰোঁ। মইতো সদায় অশৰীৰী হওঁ।
গীত:
বদল যায়ে
দুনিয়া ন বদলেংগে হম..... (জগত সলনি হ’লেও আমি সলনি নহওঁ......)
ওঁম্শান্তি।
সন্তানসকলে এই
গীতটি শুনিলে। কোনে শুনিলে? আত্মাই এই শৰীৰৰ কাণৰ দ্বাৰা শুনিলে। সন্তানসকলেও এইটো
গম পালে যে আত্মা কিমান সূক্ষ্ম। সেই আত্মা এই শৰীৰত নাথাকিলে তেতিয়া শৰীৰ কোনো কাম
হৈ নাথাকে। কিমান সূক্ষ্ম আত্মাৰ আধাৰত এয়া কিমান ডাঙৰ শৰীৰ চলে। জগতত কোনেও নাজানে
যে আত্মা কি বস্তু যি এই ৰথত বিৰাজমান হয়। অকাল মূৰ্ত আত্মাৰ এয়া হৈছে আসন।
সন্তানসকলেও এই জ্ঞান পায়। কিমান ৰমণীয় ৰহস্যযুক্ত। যেতিয়া এনেকুৱা কোনো ৰহস্যজনক
কথা শুনা যায়, তেতিয়া চিন্তন চলে। তোমালোক সন্তানসকলৰো এইটোৱে চিন্তন চলে - ইমান
সূক্ষ্ম আত্মা ইমান ডাঙৰ শৰীৰত আছে। আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। শৰীৰতো
বিনাশ হৈ যায়। বাকী আত্মা থাকে। এয়া অতিকৈ বিচাৰ কৰিবলগীয়া কথা। ৰাতিপুৱা উঠি
এনেকুৱা খেয়াল কৰিব লাগে। সন্তানসকলৰ স্মৃতি উদয় হৈছে যে আত্মা কিমান সূক্ষ্ম,
আত্মাই অবিনাশী ভূমিকা পাইছে। মই আত্মা কিমান বিস্ময়কৰ হওঁ। এয়া হৈছে নতুন জ্ঞান,
যিটো জগতত কাৰোৰে নাই। পিতাহে আহি শুনায় যিবোৰ স্মৃতিলৈ আনিব লাগে। আমি ইমান
সূক্ষ্ম আত্মাই কেনেকৈ ভূমিকা পালন কৰোঁ। শৰীৰ 5 তত্ত্বৰে গঠিত। বাবাই গম পায় জানো।
শিৱবাবাৰ আত্মা কেনেকৈ আহে আৰু যায়। এনেকুৱাও নহয় যে সদায় এওঁৰ শৰীৰত থাকে। গতিকে
এয়াই চিন্তন কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই এনেকুৱা জ্ঞান দিয়ে যিটো কেতিয়াও
কোনেও পাব নোৱাৰে। তোমালোকে জানা যে যথাযথ এই জ্ঞান তেওঁৰ আত্মাত নাছিল। আন সৎসংগত
এনেকুৱা কথাবোৰৰ প্ৰতি কাৰো খেয়াল নাথাকে। আত্মা আৰু পৰমাত্মাৰ কিঞ্চিত মানো জ্ঞান
নাই। কোনোবা সাধু-সন্ন্যাসী আদিয়ে এনেকৈ বুজে জানো যে মই আত্মাই শৰীৰৰ দ্বাৰা এওঁক
মন্ত্ৰ দিওঁ। আত্মাই শৰীৰৰ দ্বাৰা শাস্ত্ৰ পঢ়ে। এজনো মনুষ্য মাত্ৰ আত্ম-অভিমানী
নহয়। আত্মাৰ জ্ঞান কাৰোৰে নাই, তেন্তে আকৌ পিতাৰ জ্ঞান কেনেকৈ থাকিব।
তোমালোক সন্তানসকলে
জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাই কয় - মৰমৰ সন্তানসকল! তোমালোক কিমান বিচাৰ বুদ্ধি
সম্পন্ন হৈ আছা। এনেকুৱা কোনো মনুষ্য নাই যিয়ে বুজিব যে এই শৰীৰত মই যি আত্মা আছোঁ,
সেই আত্মাক পৰমপিতা পৰমাত্মাই বহি পঢ়ায়। কথাবোৰ কিমান বুজিবলগীয়া হয়। কিন্তু তথাপি
পেছাগত কাম-কাজ আদিত গ’লে পাহৰি যায়। প্ৰথমেতো পিতাই আত্মাৰ জ্ঞান দিয়ে যিটো কোনো
মনুষ্য মাত্ৰৰ নাই। গায়নো আছে নহয় – আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ
থাকিল…. হিচাপ আছে নহয়। তোমালোক সন্তানসকলে জানা আত্মাইহে শৰীৰৰ দ্বাৰা কয়। আত্মাইহে
শৰীৰৰ দ্বাৰা ভাল বা বেয়া কৰ্ম কৰে। পিতা আহি আত্মাসকলক কিমান ফুল কৰি তোলে। পোন
প্ৰথমতেতো পিতাই কয় - ৰাতিপুৱা উঠি এইটোৱে অভ্যাস কৰা যে আত্মা কি? যিয়ে এই শৰীৰৰ
দ্বাৰা শুনে। আত্মাৰ পিতা হৈছে পৰমপিতা পৰমাত্মা যাক পতিত-পাৱন, জ্ঞানৰ সাগৰ বুলি
কয়। আকৌ কোনো মনুষ্যক সুখৰ সাগৰ, শান্তিৰ সাগৰ বুলি কেনেকৈ ক’ব পাৰে।
লক্ষ্মী-নাৰয়ণক জানো সৰ্বদা পৱিত্ৰতাৰ সাগৰ বুলি ক’ব? নকয়। একমাত্ৰ পিতাহে সৰ্বদা
পৱিত্ৰতাৰ সাগৰ হয়। মনুষ্যইতো কেৱল ভক্তিমাৰ্গৰ শাস্ত্ৰৰ বৰ্ণনা কৰে। বাস্তৱ অনুভৱ
নাই। এনেকৈ নুবুজে যে আমি আত্মাসকলে এই শৰীৰেৰে পিতাৰ মহিমা কৰোঁ। তেওঁ আমাৰ অতি
মৰমৰ বাবা। তেৱেঁই সুখ দিওঁতা। পিতাই কয় - হে আত্মাসকল, এতিয়া মোৰ মতত চলা। এয়া
অবিনাশী আত্মাই অবিনাশী পিতাৰ পৰা অবিনাশী মত পায়। সেই বিনাশী শৰীৰধাৰীসকলে বিনাশী
শৰীৰধাৰীসকলৰহে মত পায়। সত্যযুগততো তোমালোকে ইয়াৰ প্ৰালব্ধ পোৱা। তাত কেতিয়াও ওলোটা
মত পোৱাই নাযায়। এতিয়াৰ শ্ৰীমতেই অবিনাশী হৈ যায়, যিটো আধাকল্প চলে। এয়া নতুন জ্ঞান,
এয়া গ্ৰহণ কৰিবৰ কাৰণে কিমান বুদ্ধিৰ প্ৰয়োজন আৰু সেই অনুসৰি কাৰ্যত অহা উচিত।
যিসকলে আৰম্ভণিৰ পৰা বহুত ভক্তি কৰিছে তেওঁলোকেহে ভালদৰে ধাৰণ কৰিব পাৰিব। এইটো
বুজাব লাগে - যদি আমাৰ বুদ্ধিত যথা ৰীতিৰে ধাৰণ নহয় তেন্তে নিশ্চয় আৰম্ভণিৰে পৰা আমি
ভক্তি কৰা নাই। পিতাই কয় - যদি একোৱে বুজি নোপোৱা তেন্তে পিতাক সোধা কিয়নো পিতা হৈছে
অবিনাশী ছাৰ্জন। তেওঁক পৰম আত্মা বুলিও কোৱা হয়। আত্মা পৱিত্ৰ হ’লে আত্মাৰ মহিমা হয়।
আত্মাৰ মহিমা হ’লে শৰীৰৰো মহিমা হয়। আত্মা তমোপ্ৰধান হ’লে শৰীৰৰো মহিমা নাথাকে। এই
সময়ত তোমালোক সন্তানসকলে বহুত গূঢ় বুদ্ধি প্ৰাপ্ত কৰা। আত্মাইহে প্ৰাপ্ত কৰে। আত্মা
কিমান মৰমিয়াল হ’ব লাগে। সকলোকে সুখ দিব লাগে। বাবা কিমান মিঠা হয়। আত্মাসকলকো বহুত
মৰমিয়াল কৰি তোলে। আত্মাই যাতে কোনো অকৰণীয় কাৰ্য নকৰে - এইটো অভ্যাস কৰিব লাগে।
পৰীক্ষা কৰিব লাগে যে মোৰ দ্বাৰা কোনো অকৰণীয় কাৰ্যতো নহয়? শিৱবাবাই কেতিয়াবা
অকৰণীয় কাৰ্য কৰিব জানো? নকৰে। তেওঁ আহেই উত্তমতকৈও উত্তম কল্যাণকাৰী কাৰ্য কৰিবলৈ।
সকলোকে সৎগতি দিয়ে। গতিকে পিতাই যি কৰ্তব্য কৰে সন্তানসকলেও তেনেকুৱা কৰ্তব্য কৰা
উচিত। এইটোও বুজাইছে, যিসকলে আৰম্ভণিৰে পৰা বহুত ভক্তি কৰিছে, তেওঁলোকৰ বুদ্ধিতহে
এই জ্ঞান স্থায়ী হৈ থাকিব। এতিয়াও দেৱতাসকলৰ বহুত ভক্ত আছে। নিজৰ শিৰ আগবঢ়াই দিবলৈ
সাজু হৈ থাকে। বহুত ভক্তি কৰোঁতাসকলৰ পিছত কম ভক্তি কৰোঁতাসকল ওলমি থাকে। তেওঁলোকৰ
মহিমা গায়। তেওঁলোকৰতো স্থূল ৰূপত সকলো দেখিবলৈ পোৱা যায়। ইয়াত তোমালোক হৈছা গুপ্ত।
তোমালোকৰ বুদ্ধিত সৃষ্টিৰ আদি-মধ্য-অন্তৰ গোটেই জ্ঞান আছে। এইটোও সন্তানসকলে গম পায়
- বাবা আমাক পঢ়াবলৈ আহিছে। এতিয়া আকৌ আমি ঘৰলৈ যাম। য’ৰ পৰা সকলো আত্মা আহে, সেইখন
আমাৰ ঘৰ। তাত শৰীৰেই নাথাকে তেন্তে আৱাজ কেনেকৈ হ’ব। আত্মা অবিহনে শৰীৰ জড় হৈ পৰে।
মনুষ্যৰ শৰীৰৰ প্ৰতি কিমান মোহ থাকে! আত্মা শৰীৰৰ পৰা ওলাই গ’লে তেতিয়া বাকী থাকে 5
তত্ত্ব, তাৰ প্ৰতিও কিমান মৰম থাকে। স্ত্ৰীয়ে স্বামীৰ চিতাত জাহ যাবলৈ সাজু হৈ যায়।
কিমান মোহ থাকে শৰীৰৰ প্ৰতি। এতিয়া তোমালোকে বুজি পোৱা যে গোটেই জগতৰ পৰা নষ্টোমোহা
হ’ব লাগে। এই শৰীৰতো শেষ হৈ যাব। গতিকে শৰীৰৰ পৰা মোহ আঁতৰি যোৱা উচিত নহয় জানো।
কিন্তু বহুত মোহ থাকে। ব্ৰাহ্মণসকলক খুৱায়। মনত পেলায় নহয় যে অমুকৰ শ্ৰাদ্ধ। এতিয়া
তেওঁ জানো খাব পাৰে। তোমালোক সন্তানসকলতো এতিয়া এইবোৰ কথাৰ পৰা নিলগ হৈ যোৱা উচিত।
ড্ৰামাত প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰে। এই সময়ত তোমালোকৰ জ্ঞান আছে, আমি নষ্টোমোহা
হ’ব লাগে। মোহজিৎ ৰজাৰো কাহিনী আছে নহয় আৰু কোনো মোহজিৎ ৰজা নাথাকে। এয়াতো বহুত
কাহিনী ৰচি দিছে। তাত অকাল মৃত্যু নহয়। গতিকে সোধাৰো কথা নাথাকে। এই সময়ত তোমালোকক
মোহজিৎ কৰি তোলে। স্বৰ্গত মোহজিৎ ৰজাসকল আছিল, যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা।
সেয়া হৈছেই নষ্টোমোহাৰ ৰাজধানী। ৰাৱণৰাজ্যত মোহ থাকে। তাততো বিকাৰ নাথাকে,
ৰাৱণৰাজ্যই নাথাকে। ৰাৱণৰ ৰাজত্ব নোহোৱা হৈ যায়। ৰামৰাজ্যত কি হয়, একোৱে নাজানে।
পিতাৰ বাহিৰে আন কোনেও এই কথাবোৰ ক’ব নোৱাৰে। পিতা এই শৰীৰত থাকিও দেহী-অভিমানী। ঋণ
অথবা ভাড়াত ঘৰ ল’লে তেতিয়া সেই ঘৰৰ প্ৰতিও মোহ থাকে। ঘৰখনক ভালদৰে আচবাবেৰে সজায়,
এওঁতো আচবাবেৰে সজাব নালাগে কিয়নো পিতাতো অশৰীৰী হয় নহয়। এওঁৰ কোনো অলংকৰণ আদি কৰাৰ
কোনো অভ্যাসেই নাই। তেওঁৰতো অবিনাশী জ্ঞান ৰত্নৰে সন্তানসকলক অলংকৃত কৰাৰহে অভ্যাস
আছে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। শৰীৰতো অপৱিত্ৰই হয়, তেওঁ যেতিয়া অন্য
নতুন শৰীৰ পাব তেতিয়া পৱিত্ৰ হ’ব। এই সময়ততো এইখন পুৰণি সৃষ্টি, এইখন শেষ হৈ যাব।
এইটোও জগতত কোনেও গমেই নাপায়। লাহে লাহে গম পাব। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি
সৃষ্টিৰ বিনাশ - এয়াতো পিতাৰহে কাম। পিতাহে আহি ব্ৰহ্মাৰ দ্বাৰা প্ৰজা ৰচনা কৰি
নতুন সৃষ্টি স্থাপনা কৰি আছে। তোমালোক নতুন সৃষ্টিত আছানে? নাই, নতুন সৃষ্টি স্থাপনা
হয়। সেয়েহে ব্ৰাহ্মণৰ টিকনিও উচ্চ। বাবাই বুজাইছে, পিতাৰ সন্মুখত আহিলে প্ৰথমতে এইটো
স্মৰণ কৰিব লাগে যে আমি ঈশ্বৰ পিতাৰ সন্মুখত যাওঁ। শিৱবাবাতো নিৰাকাৰ। তেওঁৰ
সন্মুখত আমি কেনেকৈ যাওঁ। গতিকে সেইজন পিতাক স্মৰণ কৰি পাছত পিতাৰ সন্মুখত আহিব লাগে।
তোমালোকে জানা যে তেওঁ (শিৱবাবা) এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত বহি আছে। এই শৰীৰতো
পতিত। শিৱবাবাৰ স্মৃতিত নাথাকি কিবা কৰ্ম কৰিলে পাপ লাগি যায়। আমি শিৱবাবাৰ ওচৰলৈ
যাওঁ। আকৌ পৰৱৰ্তী জন্মত অন্য সমন্ধীয় হ’ব। তাত দেৱতাসকলৰ কোলাত যাম। এই ঈশ্বৰীয়
কোলা এবাৰহে পোৱা যায়। মুখেৰে কয় - বাবা মই আপোনাৰ হৈ গ’লোঁ। বহুত আছে যিসকলে
কেতিয়াও দেখাই নাই। বাহিৰত থাকে, লিখে শিৱবাবা মই আপোনাৰ কোলাৰ সন্তান হৈ গলোঁ।
বুদ্ধিত জ্ঞান আছে, আত্মাই কয় - মই শিৱবাবাৰ হৈ গলোঁ। ইয়াৰ আগতে মই পতিতৰ কোলাত
আছিলোঁ। ভৱিষ্যতে মই পৱিত্ৰ দেৱতাৰ কোলাত যাম। এইটো জন্ম দুৰ্লভ। হীৰাৰ দৰে তোমালোক
ইয়াত সংগমযুগত হোৱা। সংগমযুগ কোনো সেই পানীৰ সাগৰ আৰু নদীবোৰক নকয়। ৰাতি-দিনৰ
পাৰ্থক্য আছে। ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী, যি সাগৰত গৈ মিলিত হয়। নদীবোৰ গৈ
সাগৰত পৰে। তোমালোকো হৈছা সাগৰৰ পৰা ওলোৱা জ্ঞান নদী। জ্ঞান সাগৰ হৈছে শিৱবাবা।
আটাইতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ। এওঁৰ নাম হৈছে ব্ৰহ্মা। সাগৰৰ সৈতে এওঁৰ কিমান
মিল আছে। তোমালোকে জানা নদীবোৰ ক’ৰ পৰা উৎপত্তি হয়। সাগৰৰ পৰাই ওলায়, আকৌ সাগৰত
পৰেগৈ। সাগৰৰ পৰা মিঠা পানী শুহি লয়। সাগৰৰ সন্তানসকল আকৌ সাগৰত গৈ মিলিত হয়।
তোমালোকো জ্ঞান সাগৰৰ পৰা ওলাইছা আকৌ সকলো তালৈ গুচি যাব, য’ত তেওঁ (শিৱবাবা) থাকে,
তাত তোমালোক আত্মাসকলো থাকা। জ্ঞানসাগৰ আহি তোমালোকক পৱিত্ৰ মিঠা কৰি তোলে। আত্মা
যি লুণীয়া হৈ গৈছে সেই আত্মাক মিঠা কৰি তোলে। 5 বিকাৰৰূপী ছিঃ ছিঃ লুণীয়া স্বাদ
তোমালোকৰ পৰা আঁতৰি যায়, তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পিতাই
পুৰুষাৰ্থ বহুত কৰোৱায়। তোমালোক কিমান সতোপ্ৰধান আছিলা, স্বৰ্গত আছিলা। তোমালোক
একেবাৰে ছিঃ ছিঃ হৈ গৈছা। ৰাৱণে তোমালোকক কি কৰি দিলে। ভাৰততে গোৱা হয় অমূল্য
হীৰাতুল্য জন্ম।
বাবাই কৈ থাকে
তোমালোক কড়িৰ পিছত কিয় হায়ৰাণ হোৱা। কড়িও জানো অধিক লাগে। গৰিবসকলে তৎক্ষণাৎ বুজি
পায়। চহকীয়েতো কয় এতিয়া আমাৰ কাৰণে ইয়াতেই স্বৰ্গ। তোমালোক সন্তানসকলে জানা – যিয়েই
মনুষ্য মাত্ৰ আছে সকলোৰে এই সময়ত কড়ি সদৃশ জন্ম। আমিও এনেকুৱা আছিলোঁ। এতিয়া বাবাই
আমাক কি কৰি গঢ়ি তোলে। লক্ষ্য-উদ্দেশ্যতো আছে নহয়। আমি নৰৰ পৰা নাৰায়ণ হওঁ। ভাৰত
এতিয়া কড়িৰ দৰে কঙাল। ভাৰতবাসীয়ে নিজে জানো জানে। ইয়াত তোমালোক কিমান সাধাৰণ অবলা।
কোনোবা ডাঙৰ ব্যক্তি হ’লে তেওঁ ইয়াত বহিবলৈ ইচ্ছা নকৰিব। য’ত ডাঙৰ ডাঙৰ ব্যক্তি
সন্ন্যাসী, গুৰু আদি লোক থাকে তাত ডাঙৰ ডাঙৰ সভালৈ যাব। পিতায়ো কয় মই গৰিবৰ
ত্ৰাণকৰ্তা। এনেকৈ কয় যে ভগৱানে গৰিবক ৰক্ষা কৰে। এতিয়া তোমালোকে জানা - আমি কিমান
চহকী আছিলোঁ। এতিয়া আকৌ হওঁ। বাবাই লিখেও তোমালোক পদমাপদমপতি হোৱা। তাত মাৰামাৰি
নহয়। ইয়াত চোৱা টকাৰ কাৰণে কিমান মাৰামাৰি হয়। ঘোচ কিমান পায়। পইচাতো মনুষ্যক লাগে
নহয়। তোমালোক সন্তানসকলে জানা বাবাই আমাক সম্পদ ভৰপূৰ কৰি দিয়ে। আধাকল্পৰ কাৰণে
যিমান লাগে ধন সিমান লোৱা, কিন্তু পুৰুষাৰ্থ পূৰা কৰা। গাফিলতি নকৰিবা। কোৱা হয় নহয়
–পিতাক অনুসৰণ কৰা। পিতাক অনুসৰণ কৰা তেতিয়া গৈ এনেকুৱা হ’বা। নৰৰ পৰা নাৰায়ণ,
নাৰীৰ পৰা লক্ষ্মী হোৱা এয়া বহুত ডাঙৰ পৰীক্ষা। ইয়াত অলপো গাফিলতি কৰিব নালাগে।
পিতাই শ্ৰীমত দিয়ে গতিকে সেইমতে চলিব লাগে। নীতি-নিয়ম উলংঘন কৰিব নালাগে।
শ্ৰীমতেৰেই তোমালোক শ্ৰী (শ্ৰেষ্ঠ) হোৱা। লক্ষ্য বহুত উচ্চ। নিজৰ দৈনিক হিচাপ ৰাখিবা।
উপাৰ্জন কৰিলা নে লোকচান কৰিলা? পিতাক কিমান স্মৰণ কৰিলা? কিমানক ৰাস্তা দেখুৱালা?
অন্ধৰ লাখুটি তোমালোক হোৱা নহয়। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
পিতা মৰমিয়াল তেনেকৈ মৰমিয়াল হৈ সকলোকে সুখ দিব লাগে। কোনো অকৰণীয় কাৰ্য কৰিব নালাগে।
উত্তমতকৈও উত্তম কল্যাণমূলক কাৰ্যহে কৰিব লাগে।
(2) কড়িৰ পিছত
হায়ৰাণ হ’ব নালাগে। পুৰুষাৰ্থ কৰি নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে। গাফিলতি
কৰিব নালাগে।
বৰদান:
নিশ্চয়তা ৰূপী
ভৰি অবিচলিত কৰি ৰাখোঁতা সদায় নিশ্চয়বুদ্ধিৰ নিশ্চিন্ত হোৱা
সকলোতকৈ ডাঙৰ বেমাৰ
হৈছে চিন্তা, ইয়াৰ দৰৱ চিকিৎসকৰ ওচৰতো নাই। চিন্তাগ্ৰস্তসকলে যিমানে প্ৰাপ্তিৰ পিছত
দৌৰে সিমানে প্ৰাপ্তি আগে আগে দৌৰি থাকে সেই কাৰণে নিশ্চয়তাৰ ভৰি সদায় অবিচলিত কৰি
ৰাখিব লাগে। সদায় এক বল এক ভৰসা - এই ভৰি অবিচলিত হৈ থাকিলে বিজয় নিশ্চিন্ত।
নিশ্চিত বিজয়ী সদায়েই নিশ্চিন্ত। মায়া নিশ্চয়তা ৰূপী ভৰি অস্থিৰ কৰিবলৈকে ভিন্ন
ভিন্ন ৰূপত আহে কিন্তু মায়া অস্থিৰ হৈ যাওঁক তোমালোকৰ নিশ্চয়তা ৰূপী ভৰি যাতে
অস্থিৰ নহয় তেতিয়া নিশ্চিন্ত হৈ থকাৰ বৰদান পাই যাবা।
স্লোগান:
প্ৰত্যেকৰে বিশেষত্বক চাই গৈ থাকা তেতিয়া বিশেষ আত্মা হৈ যাবা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
তোমালোক গোপ গোপীসকলৰ
চৰিত্ৰৰ গায়ন কৰা হৈছে - পিতাৰ পৰা সৰ্ব সম্বন্ধৰ সুখ লোৱা আৰু মগ্ন হৈ থকা অথবা
সৰ্ব সম্বন্ধৰ স্নেহত লীন হৈ থকা। যেতিয়া কোনোৱে অতি স্নেহেৰে মিলিত হয় তেতিয়া সেই
সময়ত স্নেহ মিলনৰ এইটোৱে শব্দ হয় যে ইজন সিজনৰ মাজত সমাহিত হৈ গ’ল বা দুয়ো মিলি এক
হৈ গ’ল। সেয়েহে পিতাৰ স্নেহত সমাহিত হৈ গ’লা অৰ্থাৎ পিতাৰ স্বৰূপ হৈ গ’লা।