16.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকে যিয়েই কর্ম কৰা তাৰ ফল অৱশ্যে পোৱা যায়, নিষ্কাম সেৱাতো কেৱল একমাত্ৰ
পিতাইহে কৰে”
প্ৰশ্ন:
এই পাঠশালা বৰ
আচৰিত, কেনেকৈ? ইয়াত কোনটো মুখ্য পৰিশ্ৰম কৰিব লাগে?
উত্তৰ:
এইখনেই একমাত্ৰ পাঠশালা য’ত সৰু শিশুও বহি আছে, বৃদ্ধও বহি আছে৷ এই পাঠশালা এনেকুৱা
আচৰিত য’ত অহল্যা, কুঁজী, সাধুও আহি এদিন ইয়াত বহিব৷ ইয়াত মুখ্য হয়েই স্মৃতিত থকাৰ
পৰিশ্ৰম৷ স্মৃতিৰ দ্বাৰাহে আত্মা আৰু শৰীৰৰ প্ৰাকৃতিক চিকিৎসা হয় কিন্তু স্মৃতিত
থকাৰ কাৰণেও জ্ঞানৰ দৰকাৰ৷
গীত:
ৰাত কে ৰাহী
থক্ মত্ জানা… (নিশাৰ পথিক ক্লান্ত হৈ নাযাবা…)
ওঁম্শান্তি।
অতি মৰমৰ
সন্তানসকলে গীতটি শুনিলা৷ আত্মিক পিতাই সন্তানসকলক ইয়াৰ অর্থও বুজায়৷ আচৰিত কথাতো
এয়া যে গীতা অথবা শাস্ত্ৰ আদি ৰচনা কৰাসকলে ইয়াৰ অর্থ নাজানে৷ প্ৰতিটো কথাৰে অনর্থই
উলিয়ায়৷ আত্মিক পিতা যিজন জ্ঞানৰ সাগৰ পতিত-পাৱন হয়, তেওঁ বহি ইয়াৰ অর্থ শুনায়৷
ৰাজযোগো পিতায়ে শিকায়৷ তোমালোক সন্তানসকলে জানা – এতিয়া পুনৰাই ৰজাৰো ৰজা হৈ আছোঁ,
অন্য স্কুলবোৰত এনেকৈ ক’ব জানো যে আমি পুনৰ বেৰিষ্টাৰ হওঁ৷ ‘পুনৰাই’, এই শব্দটি
কোনেও ক’বলৈ নাজানিব৷ তোমালোকে কোৱা – আমি 5 হাজাৰ বছৰ পূৰ্বৰ দৰে পুনৰাই বেহদৰ
পিতাৰ পৰা পঢ়োঁ৷ এই বিনাশো পুনৰাই নিশ্চয় হ’বই৷ কিমান ডাঙৰ ডাঙৰ বোমা তৈয়াৰ কৰি
থাকে৷ বহুত শক্তিশালী তৈয়াৰ কৰে৷ থৈ দিবলৈতো তৈয়াৰ নকৰে নহয়৷ এই বিনাশো শুভ কার্যৰ
বাবে হয় নহয়৷ তোমালোক সন্তানসকলে ভয় কৰাৰ কোনো দৰকাৰ নাই৷ এয়া হ’ল কল্যাণকাৰী যুদ্ধ৷
পিতা আহেই কল্যাণৰ বাবে৷ কয়ো, পিতা আহি ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা
বিনাশৰ কর্তব্য কৰায়৷ সেয়েহে এয়া বোমা আদি হয়েই বিনাশৰ বাবে৷ ইয়াতকৈ বেছি আন কোনো
বস্তুতো নাই৷ তাৰ লগে লগে প্ৰাকৃতিক দুর্যোগো হয়৷ তাক কোনো ঈশ্বৰীয় দুর্যোগ বুলি
নকয়৷ এই প্ৰাকৃতিক বিপদ-আপদবোৰ ড্ৰামাত নির্ধাৰিত হৈ আছে৷ এয়া কোনো নতুন কথা নহয়৷
কিমান ডাঙৰ ডাঙৰ বোমা তৈয়াৰ কৰি থাকে৷ তেওঁলোকে কয় – আমি চহৰৰ পাছত চহৰ নিঃশেষ কৰি
দিম৷ এতিয়া জাপানৰ যুদ্ধত যি বোমা পেলালে – এয়াতো বহুত সৰু৷ এতিয়াতো ডাঙৰ ডাঙৰ বোমা
তৈয়াৰ কৰিছে৷ যেতিয়া বেছি সমস্যাত পৰে, সহ্য কৰিব নোৱাৰে তেতিয়া বোমা বৰ্ষণ কৰা
আৰম্ভ কৰি দিয়ে৷ কিমান লোকচান হ’ব৷ সেয়াও পৰীক্ষা কৰি চাই আছে৷ আৰবৰ (এশ কোটিত এক
আৰব) হিচাপত পইচা খৰচ কৰে৷ এয়া তৈয়াৰ কৰোঁতাসকলৰ দৰমহাও বহুত৷ গতিকে তোমালোক
সন্তানসকল আনন্দিত হোৱা উচিত। পুৰণি সৃষ্টিৰহে বিনাশ হ’ব৷ তোমালোক সন্তানসকলে নতুন
সৃষ্টিৰ বাবে পুৰুষার্থ কৰি আছা৷ বিবেকেও কয়, পুৰণি সৃষ্টি নিশ্চয় নাশ হ’ব৷
সন্তানসকলে বুজি পায় – কলিযুগত কি আছে, সত্যযুগত কি থাকিব৷ তোমালোক এতিয়া সংগমত থিয়
হৈ আছা৷ জানা যে সত্যযুগত ইমান মনুষ্য নাথাকিব, সেয়েহে এই সকলোৰে বিনাশ হ’ব৷ এই
প্ৰাকৃতিক দুর্যোগ কল্প পূৰ্বেও হৈছিল৷ পুৰণি সৃষ্টি নাশ হ’বই৷ এনেকুৱা দুর্যোগতো
বহুত হৈ আহিছে৷ কিন্তু সেয়া কম পৰিসৰত হয়৷ এতিয়াতো এই পুৰণি সৃষ্টি সকলো নাশ হ’ব৷
তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত৷ আমাক আত্মিক সন্তানসকলক পৰমপিতা
পৰমাত্মা পিতাই বহি বুজায়, এই বিনাশ তোমালোকৰ বাবে হৈ আছে৷ এয়াও গায়ন আছে – ৰুদ্ৰ
জ্ঞান যজ্ঞৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল৷ বহুত কথা গীতাত আছে যাৰ অর্থ বহুত
ভাল, কিন্তু কোনোবাই জানো বুজি পায়৷ তেওঁলোকে শান্তি বিচাৰি থাকে৷ তোমালোকে কোৱা –
সোনকালে বিনাশ হওক তেতিয়া আমি গৈ সুখী হ’ম৷ পিতাই কয় - সুখী তেতিয়া হ’বা যেতিয়া
সতোপ্ৰধান হ’বা৷ পিতাই অনেক প্ৰকাৰৰ সাৰ কথা শুনায় পাছত কাৰোবাৰ বুদ্ধিত ভালদৰে
ধাৰণ হয়, কাৰোবাৰ বুদ্ধিত কম৷ বুঢ়ীসকলে বুজি পায়, শিৱবাবাক স্মৰণ কৰিব লাগে, বচ্৷
তেওঁলোকৰ বাবে বুজোৱা হয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা৷ তথাপিও
উত্তৰাধিকাৰতো পাই যায়৷ লগত থাকে৷ প্ৰদর্শনীলৈ সকলো আহিব৷ অজামিলৰ নিচিনা পাপ আত্মা,
গণিকা আদি সকলোৰে উদ্ধাৰ হ’ব৷ মেটৰসকলেও ভাল কাপোৰ পিন্ধি আহি যায়৷ গান্ধীজীয়ে
অস্পৃশ্যসকলক মুক্ত কৰি দিলে৷ একেলগে খায়ো৷ পিতাইতো আৰুৱে মানা নকৰে৷ বুজি পায়,
এওঁলোকৰো উদ্ধাৰ কৰিবই লাগিব৷ কামৰ লগত কোনো সম্পর্ক নাই৷ ইয়াত পিতাৰ লগত বুদ্ধিৰ
যোগসূত্ৰ গঢ়ি তোলাৰ ওপৰতে সকলো নির্ভৰ কৰে৷ আত্মাই কয় – মই অস্পৃশ্য৷ এতিয়া আমি বুজি
পাওঁ – আমি সতোপ্ৰধান দেৱী-দেৱতা আছিলোঁ৷ পাছত পুনর্জন্ম লৈ লৈ অন্তত আহি পতিত হৈছোঁ৷
এতিয়া পুনৰ মই আত্মা পাৱন হ’ব লাগে৷ তোমালোকে জানা – সিন্ধুত এজনী নীচ সম্প্ৰদায়ৰ
মহিলা আহিছিল, ধ্যানত গৈছিল৷ দৌৰি আহি লগ কৰিছিল৷ বুজোৱা হৈছিল – এওঁৰতো আত্মা আছে
নহয়৷ নিজৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ আত্মাৰ অধিকাৰ আছে৷ তেওঁৰ ঘৰৰ লোকসকলক কোৱা
হ’ল – এওঁক জ্ঞান ল’বলৈ দিয়ক৷ তেওঁলোকে ক’লে – আমাৰ সম্প্ৰদায়ত কাজিয়া হ’ব৷ ভয়তে
তেওঁক লৈ গ’ল৷ গতিকে তোমালোকৰ ওচৰলৈ আহিলে, তোমালোকে কাকো বাধা দিব নোৱাৰা৷ গায়ন আছে
অবলা, গণিকা, নীচ সম্প্ৰদায়ৰ, সাধু আদি সকলোৰে উদ্ধাৰ কৰে৷ সাধুৰ পৰা নীচ
সম্প্ৰদায়লৈকে৷
তোমালোক সন্তানসকলে
এতিয়া যজ্ঞৰ সেৱা কৰা সেয়েহে এই সেৱাৰ দ্বাৰা বহুত প্ৰাপ্তি হয়৷ বহুতৰে কল্যাণ হৈ
যায়৷ দিনে-প্ৰতিদিনে প্ৰদর্শনী সেৱাৰ বহুত বৃদ্ধি হ’ব৷ বাবাই বেজো তৈয়াৰ কৰাই থাকে৷
য’তেই যোৱা ইয়াৰ ওপৰত বুজাব লাগে। এয়া বাবা, এয়া দাদা, এয়া পিতাৰ উত্তৰাধিকাৰ৷ এতিয়া
পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। গীতাতো আছে – মামেকম্ স্মৰণ
কৰা৷ কেৱল তাত (গীতাত) মোৰ নাম গুচাই সন্তানৰ নাম দি দিছে৷ ভাৰতবাসীয়েও এইটো নাজানে
যে ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ৷ তেওঁলোকৰ বিবাহ আদিৰ ইতিহাস একোৱেই নকয়৷ দুয়ো
বেলেগ বেলেগ ৰাজধানীৰ আছিল৷ এই কথাবোৰ পিতাই বহি বুজায়৷ এয়া যদি বুজি পাই যায় আৰু
কৈ দিয়ে যে শিৱ ভগৱানুবাচ, তেতিয়া সকলোৱে তেওঁক আঁতৰাই দিব৷ ক’ব – আপুনি আকৌ এয়া
ক’ৰপৰা শিকিলে? সেইজন কেনেকুৱা গুৰু? যদি ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় তেতিয়া সকলো
বিতুষ্ট হৈ যাব৷ এই গুৰুসকলৰ ৰাজত্বই উফৰি যাব৷ এনেকুৱা বহুত আহে৷ লিখিও দিয়ে, তাৰ
পাছত নোহোৱা হৈ যায়৷
পিতাই সন্তানসকলক কোনো
কষ্ট নিদিয়ে৷ বহুত সহজ যুক্তি শুনায়৷ কাৰোবাৰ সন্তান নহ’লে তেতিয়া ভগৱানক কয় –
সন্তান দিয়া৷ তাৰপাছত লাভ কৰিলে সন্তানৰ বহুত ভালদৰে লালন-পালন কৰে৷ পঢ়ায়৷ পাছত
যেতিয়া ডাঙৰ হ’ব তেতিয়া ক’ব এতিয়া নিজৰ কাম-কাজ কৰা৷ পিতাই সন্তানসকলৰ লালন-পালন কৰি
তেওঁলোকক যোগ্য কৰি তোলে তেন্তে সন্তানসকলৰ সেৱক হ’ল নহয়৷ এই পিতাইতো সন্তানসকলৰ
সেৱা কৰি লগত লৈ যায়৷ সেই লৌকিক পিতাই ভাবিব সন্তান ডাঙৰ হৈ নিজৰ কামত লাগি যাব
পাছত যেতিয়া আমি বুঢ়া হ’ম তেতিয়া আমাৰ সেৱা কৰিব৷ এই পিতাইতো সেৱা নিবিচাৰে৷ এওঁ
হয়েই নিষ্কাম৷ লৌকিক পিতাই ভাবে – যেতিয়ালৈ জীয়াই থাকিম তেতিয়ালৈ আমাক চোৱা-চিতা
কৰাতো সন্তানসকলৰ কর্তব্য৷ এইটো কামনা ৰাখে৷ এই পিতাইতো কয় – মই নিষ্কাম সেৱা কৰোঁ৷
মই ৰাজত্ব নকৰোঁ৷ মই কিমান নিষ্কাম৷ অন্যই যি কিছু কৰে তাৰ ফল তেওঁলোকে নিশ্চয় পায়৷
এওঁতো হ’ল সকলোৰে পিতা৷ তেওঁ কয় – মই তোমালোক সন্তানসকলক স্বর্গৰ ৰাজ্য-ভাগ্য দিওঁ৷
তোমালোকে কিমান উচ্চ পদ প্ৰাপ্ত কৰা৷ মইতো কেৱল ব্ৰহ্মাণ্ডৰ মালিক, সেয়াতো তোমালোকো
হোৱা কিন্তু তোমালোকে ৰাজ্য-ভাগ্য লোৱা আৰু হেৰুওৱা৷ মই ৰাজ্য-ভাগ্য নলওঁ,
নেহেৰুৱাও৷ ড্ৰামাত মোৰ এয়াই ভূমিকা৷ তোমালোক সন্তানসকলে সুখৰ উত্তৰাধিকাৰ পোৱাৰ
পুৰুষার্থ কৰা৷ বাকী সকলোৱে কেৱল শান্তি বিচাৰে৷ সেই গুৰুসকলে কয় – সুখ কাউৰীৰ
বিষ্ঠা সম। সেইবাবে তেওঁলোকে শান্তিয়ে বিচাৰে৷ তেওঁলোকে এই জ্ঞান ল’ব নোৱাৰে৷
তেওঁলোকে সুখৰ কথা নাজানেই৷ পিতাই বুজায় – শান্তি আৰু সুখৰ উত্তৰাধিকাৰ দিওঁতা মই
হওঁ৷ সত্যযুগ-ত্ৰেতাত গুৰু নাথাকে, তাত ৰাৱণেই নাই৷ সেয়া হয়েই ঈশ্বৰীয় ৰাজ্য৷ এয়া
ড্ৰামা ৰচি থোৱা আছে৷ এই কথাবোৰ আন কাৰো বুদ্ধিত ধাৰণ নহ’বই৷ সেয়েহে সন্তানসকলে
ভালদৰে ধাৰণ কৰি উচ্চ পদ পাব লাগে৷ এতিয়া তোমালোক সংগমত আছা৷ জানা যে নতুন সৃষ্টিৰ
ৰাজধানী স্থাপন হৈ আছে। গতিকে তোমালোক আছাই সংগমযুগত। বাকী সকলো কলিযুগত আছে৷
তেওঁলোকেতো কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি কৈ দিয়ে৷ ঘোৰ অন্ধকাৰত আছে নহয়৷ গায়নো কৰা
আছে কুম্ভকর্ণৰ নিদ্ৰাত শুই আছে৷ বিজয়তো পাণ্ডৱসকলৰ গায়ন কৰা হৈছে৷
তোমালোক হৈছা
ব্ৰাহ্মণ৷ যজ্ঞ ব্ৰাহ্মণেহে ৰচে৷ এয়াতো হ’ল সকলোতকৈ ডাঙৰ বেহদৰ বিশাল ঈশ্বৰীয় ৰুদ্ৰ
যজ্ঞ৷ সেই হদৰ যজ্ঞ অনেক প্ৰকাৰৰ৷ এই ৰুদ্ৰ যজ্ঞ এবাৰেই হয়৷ সত্যযুগ-ত্ৰেতাত আকৌ
কোনো যজ্ঞ নহয় কিয়নো তাত কোনো আপদ আদিৰ কথাই নাই। সেয়া সকলো হ’ল হদৰ যজ্ঞ৷ এয়া হৈছে
বেহদৰ৷ এয়া বেহদৰ পিতাই ৰচনা কৰা যজ্ঞ, য’ত বেহদৰ আহুতি হ’ব৷ পাছত আধাকল্প কোনো
যজ্ঞ নহ’ব৷ তাত ৰাৱণৰাজ্যই নাই৷ ৰাৱণৰ ৰাজ্য আৰম্ভ হোৱা বাবে আকৌ এই সকলোবোৰ আৰম্ভ
হয়৷ বেহদৰ যজ্ঞ এবাৰেই হয়, ইয়াত এই গোটেই সৃষ্টি স্বাহা হৈ যায়৷ এয়া হ’ল বেহদৰ
ৰুদ্ৰ জ্ঞান যজ্ঞ৷ ইয়াত মুখ্য হ’ল জ্ঞান আৰু যোগৰ কথা৷ যোগ অর্থাৎ স্মৃতি৷ স্মৃতি
শব্দটি বহুত মিঠা৷ যোগ শব্দটি সাধাৰণ হৈ গৈছে৷ যোগৰ অর্থ কোনেও বুজি নাপায়৷ তোমালোকে
বুজাব পাৰা - যোগ অর্থাৎ পিতাক স্মৰণ কৰিব লাগে৷ বাবা, আপুনিতো আমাক বেহদৰ
উত্তৰাধিকাৰ দিয়ে৷ আত্মাই কথা পাতে – বাবা, আপুনি পুনৰাই আহিছে৷ আমিতো আপোনাক পাহৰি
গৈছিলোঁ৷ আপুনি আমাক বাদশ্বাহী দিছিল৷ এতিয়া পুনৰ আহি মিলিত হৈছে৷ আপোনাৰ শ্ৰীমতত
আমি নিশ্চয় চলিম৷ এনেকৈ ভিতৰি নিজৰ লগত কথা পাতিবলগীয়া হয়৷ বাবা, আপুনিতো আমাক বহুত
ভাল ৰাস্তা দেখুৱায়৷ আমি কল্পই কল্পই পাহৰি যাওঁ৷ এতিয়া পিতাই পুনৰ অভুল কৰি তোলে
সেইবাবে এতিয়া পিতাকহে স্মৰণ কৰিব লাগে৷ স্মৃতিৰেহে উত্তৰাধিকাৰ পাবা৷ মই যেতিয়া
সন্মুখত আহোঁ তেতিয়া তোমোলোকক বুজাওঁ৷ তেতিয়ালৈকে গায়ন কৰি থাকে – তুমি দুখ হর্তা,
সুখ কর্তা৷ মহিমা গায় কিন্তু আত্মাকো নাজানে, পৰমাত্মাকো নাজানে৷ এতিয়া তোমালোকে
বুজি পোৱা – ইমান সূক্ষ্ম বিন্দুত অবিনাশী ভূমিকা নিহিত হৈ আছে৷ এয়াও পিতাই বুজায়৷
এওঁক কোৱা হয় পৰমপিতা পৰমাত্মা অর্থাৎ পৰম আত্মা৷ বাকী কোনো ডাঙৰ হাজাৰ হাজাৰ
সূর্যৰ নিচিনা নহওঁ৷ মইতো শিক্ষকৰ নিচিনাকৈ পঢ়াওঁ৷ কিমান অনেক সন্তান আছে৷ এইখন
পাঠশালাতো চোৱা কিমান আচৰিত৷ কোনে কোনে ইয়াত পঢ়ে? অৱলা, কুঁজা, সাধুসকলেও এদিন আহি
বহিব৷ বুঢ়ী, শিশু আদি সকলো বহি আছে৷ এনেকুৱা স্কুল কেতিয়াবা দেখিছানে! ইয়াতে হ’ল
স্মৃতিত থকাৰ পৰিশ্ৰম৷ এই স্মৃতিত থকাটোৱেই সময় লয়৷ স্মৃতিত থকাৰ পুৰুষার্থ কৰা
এয়াও জ্ঞান হয় নহয়। স্মৃতিত থকাৰ বাবেও জ্ঞান৷ চক্ৰ বুজাবলৈও জ্ঞান৷ সঁচা প্ৰাকৃতিক
চিকিৎসা ইয়াকে কোৱা হয়৷ তোমালোক আত্মা একেবাৰে শুদ্ধ হৈ যোৱা৷ সেয়া হ’ল শৰীৰৰ
চিকিৎসা৷ এয়া হ’ল আত্মাৰ চিকিৎসা৷ আত্মাতে খাদ (বিকাৰৰ লেপ) পৰে৷ খাটি সোণৰ সঁচা
অলংকাৰ হয়৷ এতিয়া ইয়াত সন্তানসকলে জানে শিৱবাবা সন্মুখত আহিছে৷ সন্তানসকলে পিতাক
নিশ্চয় স্মৰণ কৰিব লাগে৷ এতিয়া আমি উভটি যাব লাগে৷ ইপাৰৰ পৰা সিপাৰলৈ যাব লাগে৷
পিতাক, উত্তৰাধিকাৰক আৰু ঘৰকো স্মৰণ কৰা৷ সেইখন হ’ল মৰমৰ শান্তিৰ ঘৰ৷ দুখ হয়
অশান্তিৰ পৰা, সুখ হয় শান্তিৰ পৰা৷ সত্যযুগত সুখ-শান্তি-সম্পত্তি সকলো আছে৷ তাত
হাই-কাজিয়াৰ কথাই নাই৷ সন্তানসকলৰ এইটোৱে চিন্তা থকা উচিত যে আমি সতোপ্ৰধান, খাটি
সোণ হ’ব লাগে, তেতিয়াহে উচ্চ পদ পাম৷ এয়া আত্মিক আহাৰ পোৱা যায়, সেয়া আকৌ মন্থন
কৰিব লাগে৷ আজি কোনটো কোনটো মুখ্য সাৰ কথা শুনিলোঁ! এয়াও বুজাইছোঁ, যাত্ৰা দুই
প্ৰকাৰৰ – আত্মিক আৰু পাৰ্থিৱ (দৈহিক)৷ এই আত্মিক যাত্ৰাহে কামত আহিব৷ ভগৱানুবাচ –
মনমনাভৱ৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই বিনাশো
শুভ কাৰ্যৰ বাবে সেইবাবে ভয় খাব নালাগে, কল্যাণকাৰী পিতাই সদায় কল্যাণৰ কার্যই কৰায়,
এইটো স্মৃতিৰে সদায় আনন্দিত হৈ থাকিব লাগে৷
(2) সদায় এটাই চিন্তা
ৰাখিব লাগে যে সতোপ্ৰধান খাটি সোণ হৈ উচ্চ পদ ল’ব লাগে৷ যি আত্মিক ভোজন পোৱা যায়
সেয়া মন্থন কৰিব লাগে৷
বৰদান:
নিজক
দ্বায়িত্বশীল বুলি বুজি প্ৰতিটো কৰ্ম যথাৰ্থ বিধিৰে কৰোঁতা সম্পূৰ্ণ সিদ্ধি স্বৰূপ
হোৱা
এই সময়ত তোমালোক
সংগমযুগী শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো শ্ৰেষ্ঠ কৰ্ম গোটেই কল্পৰ বাবে বিধান হৈ আছে।
গতিকে নিজক বিধানৰ ৰচিয়তা বুলি বুজি প্ৰতিটো কৰ্ম কৰা, তেতিয়া অমনোযোগিতা স্বতঃ
সমাপ্ত হৈ যাব। সংগমযুগত মই বিধানৰ ৰচিয়তা, দ্বায়িত্বশীল আত্মা হওঁ - এইটো
নিশ্চয়তাৰে প্ৰতিটো কৰ্ম কৰা তেতিয়া যথাৰ্থ বিধিৰে কৰা কৰ্মৰ সম্পূৰ্ণ সিদ্ধি অৱশ্যে
প্ৰাপ্ত হ’ব।
স্লোগান:
সৰ্বশক্তিমান পিতা লগত থাকিলে মায়া কাগজৰ বাঘ হৈ যাব।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
সদায় জীৱন-মুক্ত হৈ
থকাৰ সহজ সাধন হৈছে- ‘মই’ আৰু ‘মোৰ বাবা’! কিয়নো ‘মোৰ’ ‘মোৰ’ৰে বন্ধন আছে। মোৰ বাবা
হৈ গ’ল গতিকে মোৰ সকলো সমাপ্ত হৈ গ’ল। যিহেতু ‘এক মোৰ’ ত ‘সকলো মোৰ’ সমাপ্ত হৈ গ’ল,
তেন্তে বন্ধন মুক্ত হৈ গ’লা। সেয়েহে এইটোৱে স্মৃতিত ৰাখিবা যে মই ব্ৰাহ্মণ
জীৱন-মুক্ত আত্মা।