16.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ লক্ষ্য-উদ্দেশ্য হ'ল সুন্দৰ ৰং-বিৰঙী সৃষ্টিৰ অৰ্থাৎ স্বৰ্গৰ মালিক হোৱা,
সেয়েহে সদায় এইটো আনন্দত হৰ্ষিত হৈ থাকা, জঁই পৰি নাথাকিবা”
প্ৰশ্ন:
ভাগ্যৱান
সন্তানসকলৰ কোনটো উৎসাহ সদায় থাকিব?
উত্তৰ:
আমাক বেহদৰ পিতাই নতুন সৃষ্টিৰ ৰাজকুমাৰ-ৰাজকুমাৰী কৰি তুলিবলৈ পঢ়াই আছে। তোমালোকে
এইটো উৎসাহেৰে সকলোকে বুজাব পাৰা যে এই যুদ্ধত স্বৰ্গ সমাহিত হৈ আছে। এই যুদ্ধৰ
পাছত স্বৰ্গৰ দ্বাৰ মুকলি হ’ব - এইটো আনন্দত থাকিব লাগে আৰু আনন্দেৰে আনকো বুজাব
লাগে।
গীত:
দুনিয়া ৰং
ৰংগীলী বাবা…. (বাবা জগতখন বৰ ৰং-বিৰঙী...)
ওঁম্শান্তি।
এনেকৈ বাবাক
কোনে ক’লে, যে জগতখন ৰং-বিৰঙী? এতিয়া ইয়াৰ অৰ্থ অন্য কোনেও বুজিব নোৱাৰে। পিতাই
বুজাইছে এই খেলখন ৰং-বিৰঙী। যিকোনো চিনেমা আদিত বহুত ৰং-বিৰঙী দৃশ্য আদি থাকে নহয়।
এতিয়া এই বেহদৰ সৃষ্টিখনক কোনেও নাজানে। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে
গোটেই বিশ্বৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা স্বৰ্গ কিমান ৰং-বিৰঙী,
সুন্দৰ। যাক কোনেও নাজানে। কাৰো বুদ্ধিত নাই, সেইখন হ'ল সুন্দৰ ৰং-বিৰঙী সৃষ্টি।
গোৱা হয় বিশ্বৰ আশ্চৰ্য - ইয়াক কেৱল তোমালোকে জানা। তোমালোকেই বিশ্বৰ আশ্চৰ্যৰ
কাৰণে নিজৰ নিজৰ ভাগ্য অনুসাৰে পুৰুষাৰ্থ কৰি আছা। লক্ষ্য-উদ্দেশ্যতো আছে। সেয়া হ'ল
বিশ্বৰ আশ্চৰ্য, বৰ ৰং-বিৰঙী জগত, য'ত হীৰা-মুকুতাৰ মহল থাকে। তোমালোকে এক চেকেণ্ডত
আশ্চৰ্যৰ বৈকুণ্ঠলৈ গুচি যোৱা। তাত খেলা, ৰাস-বিলাহ আদি কৰা। যথাযথ আশ্চৰ্যৰ জগত হয়
নহয়। ইয়াত হ'ল মায়াৰ ৰাজ্য। এইখনো কিমান আশ্চৰ্যৰ। মনুষ্যই কি কি কৰি থাকে। জগতত
এইটো কোনেও বুজি নাপায় যে আমি নাটকত খেলি আছোঁ। যদি নাটক বুলি বুজি পায় তেন্তে
নাটকৰ আদি-মধ্য-অন্তৰো জ্ঞান থাকিব লাগে। তোমালোক সন্তানসকলে জানা পিতাও কিমান
সাধাৰণ। মায়াই একেবাৰে পাহৰাই দিয়ে। নাকত ধৰিলে, এয়া পাহৰাই দিলে। এতিয়াই
স্মৃতিত থাকে, বহুত হৰ্ষিত হৈ থাকে। অহো! মই বিশ্বৰ আশ্চৰ্য স্বৰ্গৰ মালিক হৈ আছোঁ,
আকৌ পাহৰি গ’লে তেতিয়া জঁই পৰি যায়। এনেকৈ জঁই পৰি যায় যে ভীলসকলো (এটা নীচ জাতি)
ইমান জঁই পৰি নাথাকে। অলপো যেন বুজিয়েই নাপায় যে আমি স্বৰ্গলৈ যাবলৈ ওলাইছোঁ। আমাক
বেহদৰ পিতাই পঢ়াই আছে। যেন একেবাৰে মৃত হৈ যায়। সেই আনন্দ, নিচা নাথাকে। এতিয়া
বিশ্বৰ আশ্চৰ্য স্থাপনা হৈ আছে। শ্ৰীকৃষ্ণ হৈছে বিশ্বৰ আশ্চৰ্যৰ ৰাজকুমাৰ। এইটোও
তোমালোকে জানা। শ্ৰীকৃষ্ণ জন্মাষ্টমীতো যিসকল জ্ঞানত বুদ্ধিমান তেওঁলোকে নিশ্চয়
বুজায়। শ্ৰীকৃষ্ণ বিশ্বৰ আশ্চৰ্যৰ ৰাজকুমাৰ আছিল। সেই সত্যযুগ আকৌ ক'লৈ গ'ল!
সত্যযুগৰ পৰা ছিৰি কেনেকৈ নামি আহিল। সত্যযুগৰ পৰা কলিযুগ কেনেকৈ হ'ল? অৱৰোহণ কলা
কেনেকৈ হ'ল? তোমালোক সন্তানসকলৰ বুদ্ধিতে উদয় হ’ব। সেইটো আনন্দত বুজাব লাগে।
শ্ৰীকৃষ্ণ আহি আছে। শ্ৰীকৃষ্ণৰ ৰাজ্য পুনৰ স্থাপনা হৈ আছে। এইটো শুনি ভাৰতবাসীও
আনন্দিত হ'ব লাগে। কিন্তু এই উৎসাহ তেওঁলোকৰ জাগিব যিসকল ভাগ্যৱান হ'ব। জগতৰ
মনুষ্যইতো ৰত্নকো পাথৰ বুলি ভাবি দলিয়াই দিলে। এয়া অবিনাশী জ্ঞান ৰত্ন হয় নহয়। এই
জ্ঞান ৰত্নৰ সাগৰ হ'ল পিতা। এই ৰত্নবোৰৰ বহুত মূল্য আছে। এই জ্ঞান ৰত্ন ধাৰণ কৰিব
লাগে। এতিয়া তোমালোকে জ্ঞান সাগৰৰ পৰা পোনপটীয়াকৈ শুনা সেয়েহে অন্য একো শুনাৰ
দৰকাৰেই নাই। সত্যযুগত এয়া নাথাকে। তাত এল.এল.বি.ও হ’ব নালাগে, ছাৰ্জন আদিও হ'ব
নালাগে। তাত এই জ্ঞানেই নাই। তাততো তোমালোকে প্ৰালব্ধ ভোগ কৰা। গতিকে জন্মাষ্টমীৰ
ওপৰত সন্তানসকলে ভালদৰে বুজাব লাগে। অনেকবাৰ মুৰুলীও শুনোৱা হৈছে। সন্তানসকলে বিচাৰ
সাগৰ মন্থন কৰিব লাগে, তেতিয়াহে সাৰ কথা ওলাব। ভাষণ দিবলগীয়া হ’লে পুৱাতে উঠি লিখিব
লাগে, পুনৰ পঢ়িব লাগে। পাহৰি যোৱা সাৰ কথা পুনৰ সংযোগ কৰিব লাগে। ইয়াৰ দ্বাৰা ধাৰণা
ভাল হ'ব তথাপিও লিখাৰ দৰে সকলোবোৰ ক'ব নোৱাৰিবা। কিবা নহয় কিবা কথা পাহৰি যাবা।
গতিকে বুজাব লাগে - শ্ৰীকৃষ্ণ কোন, এওঁতো বিশ্বৰ আশ্চৰ্য আছিল। ভাৰতেই স্বৰ্গ আছিল।
সেই স্বৰ্গৰ মালিক আছিল শ্ৰীকৃষ্ণ। আমি আপোনালোকক বাৰ্তা দিওঁ যে শ্ৰীকৃষ্ণ আহি আছে।
ৰাজযোগ ভগৱানেই শিকাইছে। এতিয়াও শিকাই আছে। দ্বৈত মুকুটধাৰী দেৱতা কৰি তুলিবৰ বাবে
পৱিত্ৰতাৰো পুৰুষাৰ্থ কৰাই আছে। এই সকলোবোৰ সন্তানসকলৰ স্মৃতিত উদয় হ’ব লাগে।
যিসকলৰ অভ্যাস থাকিব তেওঁলোকে ভালদৰে বুজাব পাৰিব। শ্ৰীকৃষ্ণৰ চিত্রতো অতি উত্তম
লিখনি আছে। এই যুদ্ধৰ পাছত স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। এই যুদ্ধত যেন স্বৰ্গ সমাহিত
হৈ আছে। সন্তানসকলো বহুত আনন্দিত হৈ থাকিব লাগে, জন্মাষ্টমীত মনুষ্যই নতুন কাপোৰ আদি
পৰিধান কৰে। কিন্তু তোমালোকে জানা যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি নতুন কাঞ্চন
শৰীৰ ল'ম। কাঞ্চন কায়া বুলি কয় নহয় অৰ্থাৎ সোণৰ (পৱিত্ৰ) কায়া। আত্মাও পৱিত্ৰ,
শৰীৰো পৱিত্ৰ। এতিয়া কাঞ্চন নহয়। ক্ৰমানুসৰি হৈ আছে। স্মৃতিৰ যাত্ৰাৰেহে কাঞ্চন
হ’ব। বাবাই জানে বহুত আছে যিসকলৰ স্মৰণ কৰাৰো জ্ঞান নাই। যেতিয়া স্মৃতিত থকাৰ
পৰিশ্ৰম কৰিবা তেতিয়াহে বাণী ধাৰযুক্ত (প্ৰভাৱশালী) হ'ব। এতিয়া সেই শক্তি ক'ত আছে।
যোগ নায়েই। লক্ষ্মী-নাৰায়ণ হ'বলৈ চেহেৰাও লাগে নহয়। পঢ়িব লাগে। শ্ৰীকৃষ্ণ
জন্মাষ্টমীৰ ওপৰত বুজোৱা বহুত সহজ। শ্ৰীকৃষ্ণৰ কাৰণে কোৱা হয় – শ্যাম-সুন্দৰ।
শ্ৰীকৃষ্ণকো ক’লা, নাৰায়ণকো ক’লা, ৰামকো ক’লা কৰি দেখুৱাইছে। পিতাই নিজেই কয়, মোৰ
সন্তানসকল যিসকল প্ৰথমে জ্ঞান চিতাত বহি স্বৰ্গৰ মালিক হ’ল তেওঁলোক আকৌ ক’লৈ গুচি
গ’ল। কাম চিতাত বহি ক্ৰমানুসৰি অধঃপতিত হৈ আহিল। সৃষ্টিও সতোপ্ৰধান, সতো, ৰজো, তমো
হয়। সেয়েহে মনুষ্যৰ অৱস্থাও এনেকুৱা হয়। কাম চিতাত বহি সকলো শ্যামবৰণীয়া অৰ্থাৎ
ক’লা হৈ গৈছে। এতিয়া মই সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। আত্মাক সুন্দৰ কৰি তোলা হয়।
বাবাই প্ৰত্যেকৰে চলনৰ পৰা বুজি পাই যায় - মন, বচন, কৰ্মত কেনেকৈ চলে। কৰ্ম
কেনেকুৱা কৰে, তাৰ পৰা গম পোৱা যায়। সন্তানসকলৰ চলনতো অতি উত্তম হ'ব লাগে। মুখেৰে
সদায় ৰত্ন উচ্চাৰিত হ’ব লাগে। শ্ৰীকৃষ্ণ জয়ন্তীৰ ওপৰত বুজাবলৈ বহুত ভাল। বিষয় হ’ব
লাগে ‘শ্যাম’ আৰু ‘সুন্দৰ’। শ্ৰীকৃষ্ণকো ক’লা, নাৰায়ণকো ক’লা আকৌ ৰাধাকো ক’লা কিয়
কৰি দিয়ে? শিৱলিঙ্গও ক’লা পাথৰৰ ৰাখে। এতিয়া তেওঁ জানো ক’লা। শিৱ কি, আৰু কি বস্তু
তৈয়াৰ কৰে। এই কথাবোৰ তোমালোক সন্তানসকলে জানা। ক’লা কিয় কৰে - তোমালোকে ইয়াৰ
ওপৰত বুজাব পাৰিবা। এতিয়া চাম সন্তানসকলে কি সেৱা কৰে। পিতাইতো কয় - এই জ্ঞান সকলো
ধৰ্মাৱলম্বীৰ কাৰণে। তেওঁলোককো ক’ব লাগে যে পিতাই কয় মোক স্মৰণ কৰিলে তোমালোকৰ
জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। পৱিত্ৰ হ'ব লাগে। যিকোনো লোককে তোমালোকে ৰাখী
বান্ধিব পাৰা। ইউৰোপীয়ানসকলকো ৰাখী বান্ধিব পাৰা। যিয়েই হওঁক তেওঁলোকক ক’ব লাগে –
ভগৱানুবাচ (ভগৱানে কয়), নিশ্চয় কোনো তনৰ দ্বাৰা ক'ব নহয়। তেওঁ কয় মামেকম্ (কেৱল
মোক) স্মৰণ কৰা। দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজা। বাবাই কিমান বুজায়
তথাপিও বুজি নাপায় তেতিয়া পিতাই বুজি পায় যে এওঁৰ ভাগ্যত নাই। এইটোতো বুজি পায়
শিৱবাবাই পঢ়ায়। ৰথ অবিহনেতো পঢ়াব নোৱাৰে, ইঙ্গিত দিয়াটোৱে যথেষ্ট। কোনো কোনো
সন্তানৰ বুজোৱাৰ অভ্যাস ভাল। বাবা-মম্মাৰ কাৰণেতো ভাবে এওঁলোকে উচ্চ পদ পাব। মম্মায়ো
সেৱা কৰিছিল নহয়। এই কথাবোৰো বুজাবলগীয়া হয়। মায়াৰো অনেক প্ৰকাৰৰ ৰূপ থাকে। বহুতে
কয় - মোৰ শৰীৰত মম্মা আহে, শিৱবাবা আহে কিন্তু নতুন নতুন কথাতো নিৰ্ধাৰিত শৰীৰৰ
দ্বাৰাহে শুনাব নে আন কাৰোবাৰ দ্বাৰা শুনাব। এইটো হ'ব নোৱাৰে। এনেয়েতো কন্যাসকলেও
নিজৰ বহুত প্ৰকাৰৰ কথা শুনায়। আলোচনীত কিমান কথা প্ৰকাশ পায়। এনেকুৱা নহয় যে
মম্মা-বাবা তেওঁলোকৰ শৰীৰত আহে, মম্মা-বাবাই লিখায়। নহয়, পিতাতো ইয়াত পোনপটীয়াকৈ
আহে, সেইকাৰণেতো ইয়ালৈ শুনিব আহা। যদি মম্মা-বাবা কাৰোবাৰ শৰীৰত আহে তেনেহ’লে
তাতেই বহি তেওঁৰ দ্বাৰা পঢ়ক। কিন্তু নহয়, ইয়ালৈ আহিবৰ বাবে সকলো আকৰ্ষিত হয়।
দূৰৈত থকাসকল আৰু বেছিকৈহে আকৰ্ষিত হয়। সেয়েহে সন্তানসকলে জন্মাষ্টমীৰ ওপৰতো বহুত
সেৱা কৰিব পাৰে। শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া হ'ল, এইটোও কোনেও গম নাপায়। তোমালোকৰ
এতিয়া জোলোঙা ভৰপূৰ হৈ আছে গতিকে আনন্দিত হ'ব লাগে। কিন্তু বাবাই দেখিবলৈ পায় যে
কিছুমানৰ আনন্দ একেবাৰেই নাই। শ্ৰীমতত নচলিবলৈ যেন প্ৰতিজ্ঞা কৰি লয়। সেৱাধাৰী
সন্তানসকলেতো কেৱল সেৱাৰ কথাই চিন্তা কৰি থাকিব। বুজি পায় যে বাবাৰ সেৱা নকৰিলে,
কাৰোবাক ৰাস্তা নেদেখুৱালে তাৰমানে আমি অন্ধ হৈয়ে থাকিলোঁ। এইটো বুজিবলগীয়া কথা হয়
নহয়। বেজতো শ্ৰীকৃষ্ণৰ চিত্ৰ আছে, ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। যিকোনো লোককে
সোধা তেওঁলোকক ক’লা বৰণীয়াকৈ কিয় দেখুৱাইছে, ক'ব নোৱাৰিব। শাস্ত্ৰবোৰত লিখি দিছে
ৰামৰ স্ত্রীক হৰণ কৰিলে। কিন্তু এনেকুৱা কোনো কথা তাত নহয়।
তোমালোক ভাৰতবাসীয়েই
পৰিস্তানী আছিলা, এতিয়া কবৰস্তানী হৈ গৈছা আকৌ জ্ঞান চিতাত বহি দৈৱীগুণ ধাৰণ কৰি
পৰিস্তানী হোৱা। সেৱাতো সন্তানসকলে কৰিব লাগে। সকলোকে বাৰ্তা দিব লাগে। এই ক্ষেত্ৰত
বহুত বোধশক্তি লাগে। ইমান নিচা থাকিব লাগে - আমাকে ভগৱানে পঢ়ায়। ভগৱানৰ লগত থাকোঁ।
ভগৱানৰ সন্তানো হওঁ আৰু আমি পঢ়োঁও। আৱাসিক স্কুলত থাকিলে তেতিয়া বাহিৰৰ সংগ নালাগে।
এইখনো স্কুল হয় নহয়। খ্ৰীষ্টানসকলৰ তথাপিও শিষ্টাচাৰ থাকে এতিয়াতো অলপো শিষ্টাচাৰ
নাই, তমোপ্ৰধান পতিত। দেৱতাসকলৰ আগত গৈ মূৰ দোৱায়। কিমান তেওঁলোকৰ মহিমা আছে।
সত্যযুগত সকলোৰে দৈৱী চৰিত্ৰ আছিল, এতিয়া আসুৰি চৰিত্ৰ। এনেকৈ তোমালোকে ভাষণ দিলে
তেতিয়া শুনি বহুত আনন্দিত হৈ যাব। সৰু মুখ ডাঙৰ কথা - এনেকৈ শ্ৰীকৃষ্ণৰ কাৰণে কয়।
এতিয়া তোমালোকে কিমান ডাঙৰ কথা শুনা, ইমান ডাঙৰ হ'বৰ কাৰণে। তোমালোকে ৰাখী যিকোনো
লোককে বান্ধিব পাৰা। পিতাৰ এই বাৰ্তা সকলোকে দিব লাগে। এই যুদ্ধই স্বৰ্গৰ দ্বাৰ
মুকলি কৰিব। এতিয়া পতিতৰ পৰা পাৱন হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে। দেহধাৰীক
স্মৰণ কৰিব নালাগে। এজন পিতাই সকলোৰে সৎগতি কৰে। এইখন হয়েই লৌহযুগী সৃষ্টি।
তোমালোক সন্তানসকলৰ বুদ্ধিতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণ হয়, স্কুলতো জলপানি ল'বলৈ
বহুত পৰিশ্ৰম কৰে। ইয়াতো ইমান ডাঙৰ জলপানি। সেৱা বহুত আছে। মাতাসকলেও বহুত সেৱা
কৰিব পাৰে, সকলোবোৰ চিত্ৰ লোৱা। শ্ৰীকৃষ্ণৰ ক’লা, নাৰায়ণৰ ক’লা, ৰামচন্দ্ৰৰো ক’লা
চিত্ৰ লোৱা, শিৱৰো ক’লা .... তাৰপাছত বহি বুজোৱা। দেৱতাসকলক কিয় ক’লা কৰি দিছে?
শ্যাম-সুন্দৰ। শ্ৰীনাথ দ্বাৰলৈ যোৱা তাত একেবাৰে ক’লা চিত্ৰ আছে। গতিকে এনেকুৱা
চিত্ৰবোৰ একত্ৰিত কৰিব লাগে। নিজৰো দেখুৱাব লাগে। শ্যাম-সুন্দৰৰ অৰ্থ বুজাই কোৱা যে
আপোনালোকো এতিয়া ৰাখী বান্ধি কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিলে তেতিয়া বগা (পৱিত্ৰ)
হৈ যাবা। ইয়াতো তোমালোকে সেৱা কৰিব পাৰা। ভাষণ বহুত ভালদৰে দিব পাৰা যে এওঁলোকক
ক’লা কিয় কৰিলে! শিৱলিঙ্গকো কিয় ক'লা কৰিলে! সুন্দৰ আৰু শ্যাম বুলি কিয় কয়, আমি
বুজাম। এই ক্ষেত্ৰত কোনো বিতুষ্ট নহ'ব। সেৱাতো বৰ সহজ। পিতাইতো বুজাই থাকে -
সন্তানসকল, ভাল গুণ ধাৰণ কৰা, কুলৰ নাম উজ্জ্বল কৰা। তোমালোকে জানা যে এতিয়া আমি
উচ্চতকৈও উচ্চ ব্ৰাহ্মণ কুলৰ হওঁ। আকৌ ৰক্ষাবন্ধনৰ অৰ্থ তোমালোকে যিকোনো লোককে
বুজাব পাৰা। বেশ্যাসকলকো বুজাই ৰাখী বান্ধিব পাৰা। চিত্ৰও লগত থাকিব লাগে। পিতাই কয়
- মামেকম্ স্মৰণ কৰা - এইটো আদেশ মানিলে আপোনালোক বগা (পৱিত্ৰ) হৈ যাবা। বহুত
যুক্তি (উপায়) আছে। কোনেও বিতুষ্ট নহ'ব। কেৱল এজনৰ বাহিৰে কোনো মনুষ্য মাত্ৰেই কাৰো
সৎগতি কৰিব নোৱাৰে। ৰক্ষাবন্ধনৰ দিন নহ’লেও, যিকোনো সময়তে ৰাখী বান্ধিব পাৰা। এয়াতো
অৰ্থ বুজিব লাগে। ৰাখী যেতিয়াই বিচৰা তেতিয়াই বান্ধিব পৰা যায়। তোমালোকৰ বেপাৰেই
হৈছে এইটো। কোৱা, পিতাৰ সৈতে প্ৰতিজ্ঞা কৰক। পিতাই কয় – মামেকম্ স্মৰণ কৰা তেতিয়া
পৱিত্ৰ হৈ যাবা। মছজিদতো গৈ তোমালোকে তেওঁলোকক বুজাব পাৰা। আমি ৰাখী বান্ধিবলৈ আহিছোঁ।
এই কথা আপোনালোকৰো বুজাৰ অধিকাৰ আছে। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন
হৈ যাব, পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এতিয়াতো পতিত সৃষ্টি নহয় জানো।
স্বৰ্ণীম যুগ নিশ্চয় আছিল, এতিয়া লৌহযুগ। আপোনালোক স্বৰ্ণীম যুগত ভগৱানৰ ওচৰলৈ
যাব নিবিচাৰে জানো? এনেকৈ শুনোৱা তেতিয়া তৎক্ষণাৎ আহি চৰণত পৰিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
জ্ঞানৰত্নৰ সাগৰৰ পৰা যি অবিনাশী জ্ঞানৰত্ন প্ৰাপ্ত হৈ আছে, তাক মূল্য দিব লাগে।
বিচাৰ সাগৰ মন্থন কৰি নিজৰ ভিতৰত জ্ঞানৰত্ন ধাৰণ কৰিব লাগে। মুখেৰে সদায় ৰত্ন
উচ্চৰিত কৰিব লাগে।
(2) স্মৃতিৰ যাত্ৰাত
থাকি বাণী ধাৰযুক্ত (প্ৰভাৱশালী) কৰি তুলিব লাগে। স্মৃতিৰ দ্বাৰাহে আত্মা কাঞ্চন
হ’ব সেইবাবে স্মৰণ কৰাৰ জ্ঞান আহৰণ কৰিব লাগে।
বৰদান:
‘মোৰ’ বোধৰ
সূক্ষ্ম স্বৰূপো ত্যাগ কৰোঁতা সদায় নিৰ্ভীক, নিশ্চিন্ত বাদশ্বাহ হোৱা
আজিৰ জগতত ধনো আছে আৰু
ভয়ো আছে। যিমান ধন সিমান ভয়, ভীতিগ্ৰস্ত হৈ খায়, ভীতিগ্ৰস্ত হৈ শোৱে। য'ত মোৰ বোধ
আছে ত’ত ভয় নিশ্চয় থাকিব। যদি সোণৰ হৰিণাও মোৰ হয় তেন্তে ভয় আছে। কিন্তু যদি মোৰ
একমাত্ৰ শিৱ বাবা তেতিয়া নিৰ্ভীক হৈ যাবা। গতিকে সূক্ষ্ম ৰূপতো ‘মোৰ’ ‘মোৰ’ বোধ
পৰীক্ষা কৰি সেয়া ত্যাগ কৰা তেতিয়া নিৰ্ভীক, নিশ্চিন্ত বাদশ্বাহ হৈ থকাৰ বৰদান
প্ৰাপ্ত হৈ যাব।
স্লোগান:
অন্যৰ ভাৱনাক সন্মান জনালে তোমালোকৰ স্বতঃ সন্মান প্ৰাপ্ত হ’ব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
এফালে বেহদৰ বৈৰাগ্য,
আনফালে পিতাৰ সমান পিতাৰ স্নেহত লীন হৈ থাকা, এটা ছেকেণ্ড আৰু এটা সংকল্পও এই
স্নেহত লীন অৱস্থাৰ পৰা যাতে অৱনমিত নহয়। এনেকুৱা স্নেহত লীন সন্তানসকলৰ সংগঠনেহে
পিতাক প্ৰত্যক্ষ কৰিব। তোমালোক নিমিত্ত আত্মাসকলে পৱিত্ৰ প্ৰেম আৰু নিজৰ
প্ৰাপ্তিসমূহৰ দ্বাৰা সকলোকে শ্ৰেষ্ঠ প্ৰতিপালন কৰা, যোগ্য কৰি তোলা অৰ্থাৎ যোগী কৰি
তোলা।