16.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ চলন অতি অমায়িক ৰাজকীয় (মাৰ্জিত) হ'ব লাগে, ক্ৰোধৰ ভূত একেবাৰে থাকিব
নালাগে”
প্ৰশ্ন:
21 জন্মৰ
প্ৰালব্ধ পাবৰ কাৰণে সন্তানসকলে কোনটো কথাৰ প্ৰতি ধ্যান নিশ্চয় দিব লাগে?
উত্তৰ:
এইখন সৃষ্টিত থাকি, সকলো কৰি, বুদ্ধিৰ যোগসূত্ৰ একমাত্ৰ সঁচা প্ৰেমিকৰ সৈতে থাকিব
লাগে। এনেকুৱা কোনো বেয়া অভ্যাস থাকিব নালাগে যাৰ দ্বাৰা পিতাৰ সন্মান হানি হয়। ঘৰত
থাকিও ইমান মৰম-চেনেহেৰে থাকা যাতে আনে ভাবে যে এওঁলোকৰতো বহুত ভাল দৈৱিক গুণ আছে।
গীত:
জাগ চজনিয়া
জাগ… (জাগা প্ৰিয়তমাসকল জাগা…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলে। ইয়াৰ অৰ্থও সন্তানসকলে নিশ্চয় বুজিছে চাগৈ। পিতা আহি নতুন
নতুন কথা শুনায়। নতুন সৃষ্টিৰ নতুন যুগৰ কাৰণে সন্তানসকলে এই কথাবোৰ 5 হাজাৰ বছৰ
পূৰ্বে শুনিছিল। এতিয়া পুনৰ শুনি আছে। বাকী মাজত কেৱল ভক্তি মাৰ্গৰ কথাবোৰহে শুনিছা।
সত্যযুগত এই কথাবোৰ নাথাকে। তাত হৈছে জ্ঞান মাৰ্গৰ প্ৰালব্ধ। এতিয়া তোমালোক
সন্তানসকলে নতুন সৃষ্টিৰ কাৰণে সঁচা উপাৰ্জন কৰি আছা। জ্ঞানক উপাৰ্জনৰ উৎস বুলি কোৱা
হয়। পঢ়াৰ দ্বাৰা কোনোবা বেৰিষ্টাৰ, ইঞ্জিনিয়াৰ আদি হয়। আমদানিও হয়। তোমালোক এই পঢ়াৰ
দ্বাৰা ৰজাৰো ৰজা হোৱা। এয়া কিমান শ্ৰেষ্ঠ উপাৰ্জন। এতিয়া তোমালোকৰ এইটো নিশ্চয় আছে,
যদি অলপ সংশয় আছে তেন্তে আগলৈ গৈ নিশ্চয় হৈ যাব। চেকেণ্ডত জীৱনমুক্তি বুলি গায়ন কৰা
হৈছে। পিতাৰ হ'ল আৰু উত্তৰাধিকাৰৰ মালিক হ'ল। পিতা যি স্বৰ্গৰ ৰচয়িতা হয় তেওঁ আমাক
মালিক কৰি তুলিবলৈ আহিছে। এইটোতো সন্তানসকলৰ নিশ্চয় হ'ব লাগে। এইটোও জানা যে দুজন
পিতা আছে। এজন হৈছে লৌকিক পিতা, আনজন হৈছে পাৰলৌকিক, যাক পৰমপিতা পৰমাত্মা, হে
ঈশ্বৰ পিতা (অ' গড ফাদাৰ) বুলি কয়। লৌকিক পিতাক কেতিয়াও পৰমপিতা বুলি নকয়। সকলোকে
সুখ দিওঁতা, শান্তি দিওঁতা সেইজন এজনেই পাৰলৌকিক পিতা। সত্যযুগত সকলো সুখী হয়। বাকী
আত্মাসকল শান্তিধামত থাকে। সত্যযুগত তোমালোকৰ সুখ-শান্তি, ধন-সম্পত্তি, নিৰোগী শৰীৰ
সকলো আছিল। গতিকে এনেকুৱা অতিকৈ মৰমৰ পিতাক সকলোৱে আহ্বান জনায়। সাধু-সন্তসকলেও
সাধনা কৰে, কিন্তু কাৰ সাধনা কৰে, এইটো নাজানে। তেওঁলোকে কয় - ব্ৰহ্মৰ সাধনা। যাতে
আমি ব্ৰহ্মত লীন হৈ যাওঁ, কিন্তু লীনতো হ'ব নোৱাৰে। ব্ৰহ্মক স্মৰণ কৰিলে জানো পাপ
খণ্ডন হ’ব। পিতাই কয় – মামেকম্ স্মৰণ কৰা। সৰ্বশক্তিমান মই হওঁ নে ব্ৰহ্ম, যি থকাৰ
স্থান হয়? ব্ৰহ্ম মহাতত্বত সকলো আত্মা নিবাস কৰে। গতিকে ব্ৰহ্মক তেওঁলোকে ভগৱান বুলি
ভাবি ল'লে। যেনেকৈ ভাৰতবাসীয়ে হিন্দুস্থানত থকাৰ কাৰণে নিজৰ ধৰ্ম হিন্দু বুলি ভাবি
ল'লে। সেইদৰে ব্ৰহ্মতত্ব থকাৰ স্থানক পৰমাত্মা বুলি ধৰি ল'লে, সেয়া হৈছে ব্ৰহ্মাণ্ড।
তাত আত্মাসকল, জ্যোতি বিন্দু ডিম্বাকাৰত থাকে, সেয়েহে সেইখনক ব্ৰহ্মাণ্ড বুলি কয়।
এয়া হৈছে মনুষ্য সৃষ্টি। ব্ৰহ্মাণ্ড বেলেগ, মনুষ্য সৃষ্টি বেলেগ। আত্মা কি - এইটো
কোনেও গম নাপায়। এনেকৈ কয়ো - ভ্ৰূকুটিৰ মধ্যত চিকমিকায় বিচিত্র তৰা। আকৌ কয় – আত্মা
বুঢ়া আঙুলিটোৰ নিচিনা। কিন্তু পিতাই কয় - আত্মা একেবাৰে সূক্ষ্ম বিন্দু হয়, যাক এই
দুচকুৰে চাব নোৱাৰে, ইয়াক চাবলৈ, ধৰিবলৈ বহুত চেষ্টা কৰে, কিন্তু কোনেও গম নাপায়।
তোমালোক সন্তানসকলে জানা গতিকে এতিয়া তোমালোক ভাৰতক স্বৰ্গ কৰি তুলিবৰ কাৰণে পিতাৰ
সহায়কাৰীও হ'ব লাগে। পিতা আহেই ভাৰতত। শিৱ জয়ন্তী ভাৰততহে পালন কৰা হয়। যেনেকৈ
যীশুখ্ৰীষ্ট হৈ গৈছে গতিকে খ্ৰীষ্টান লোকসকলে বৰদিন (খ্ৰীষ্টমাছ) পালন কৰি থাকে।
যীশুখ্ৰীষ্ট কেতিয়া আহিল সেইটোও জানে। কিন্তু ভাৰতবাসীয়ে এইটো গমেই নাপায় যে পিতা
কেতিয়া আহিছিল, কৃষ্ণ কেতিয়া আহিছিল? কোনেও তেওঁলোকৰ বিষয়ে গম নাপায়। মহিমা সকলো
কৃষ্ণৰে গায়ন কৰে। তেওঁক ঝুলনাত ঝুলায়, মৰম কৰে কিন্তু এইটো নাজানে যে তেওঁৰ জন্ম
কেতিয়া হ’ল। কৈ দিয়ে দ্বাপৰত গীতা শুনালে। কিন্তু কৃষ্ণ দ্বাপৰততো নাহে। লীলা হৈছে
এজন পিতাৰ। সেয়েহে তেওঁৰ বাবে কয় - আপোনাৰ গতি-মতি..... কৃষ্ণ হৈছে সত্যযুগৰ
ৰাজকুমাৰ। আগতেই মাতাৰ সাক্ষাৎকাৰ হৈ যায় যে এতিয়া যোগবলৰ দ্বাৰা সন্তান জন্ম হ'ব।
তাত শৰীৰো এনেকৈয়েই এৰে। এটা শৰীৰ এৰি আন এটা লয়। সাপৰ দৰে। বাস্তৱত সন্ন্যাসীসকলে
এইটো উদাহৰণ দিব নোৱাৰে। তোমালোকে বিকাৰী মনুষ্যসকলক বহি জ্ঞানৰ ভোঁ ভোঁ কৰি
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলা। এইটো তোমালোকৰ কাম - ভোঁ ভোঁ কৰি মনুষ্যক দেৱতা
কৰি তোলা। কাছ আদিৰ উদাহৰণো এই সময়ৰ। কৰ্ম কৰি পাছত যিমান সময় পোৱা যায় পিতাক স্মৰণ
কৰিব লাগে। তোমালোকে জানা এইটো আমাৰ অন্তিম জন্ম। এতিয়া নাটক পূৰা হ'ব, পুৰণা শৰীৰ।
ইয়াৰ কৰ্মভোগ নিষ্পত্তি কৰিব লাগে। যেতিয়া সতোপ্ৰধান হৈ যাবা তেতিয়া আকৌ কৰ্মাতীত
অৱস্থা হৈ যাব, পাছত আমি এই শৰীৰত থাকিব নোৱাৰিম। কৰ্মাতীত অৱস্থা হ'লে তেতিয়া শৰীৰ
ত্যাগ কৰিবা, আকৌ যুদ্ধ আৰম্ভ হ'ব। ম'হৰ সদৃশ সকলো শৰীৰ নাশ হ’ব, আত্মাসকল গুচি যাব।
পৱিত্র নোহোৱাকৈতো কোনো যাব নোৱাৰে। এয়া হৈছে দুখধাম ৰাৱণে স্থাপন কৰা, আৰু ৰামে
স্থাপন কৰা হৈছে শিৱালয়। বাস্তৱত পৰমাত্মাৰ নাম হৈছে শিৱ, ৰাম নহয়। সত্যযুগ শিৱালয়ত
সকলো দেৱতা থাকে। আকৌ ভক্তিমাৰ্গত শিৱৰ প্ৰতিমাৰ কাৰণে মন্দিৰ, শিৱালয় আদি নিৰ্মাণ
কৰে। এতিয়া এইখন (ব্ৰহ্মাৰ তন) হৈছে শিৱবাবাৰ আসন। আত্মা এই আসনত বিৰাজমান হৈ আছে।
পিতাও ইয়াত কাষত আহি বিৰাজমান হয় আৰু আহি পঢ়ায়। সদায়তো নাথাকে। স্মৰণ কৰিলে তেতিয়া
এওঁ আহে। পিতাই কয় - মই তোমালোকৰ বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতা হওঁ। উত্তৰাধিকাৰ
মোৰ পৰা তোমালোকে পোৱা। ব্ৰহ্মা জানো বেহদৰ পিতা হয় সেইবাবে তোমালোকে মোক স্মৰণ কৰা।
মৰমৰ সন্তানসকলে জানে যে বাবা জ্ঞানৰ সাগৰ হয়, প্ৰেমৰ সাগৰ হয়। গতিকে তোমালোক
সন্তানসকলো প্ৰেমৰ সাগৰ হ'ব লাগে। স্ত্ৰী-পুৰুষে ইজনে-সিজনক সঁচা প্ৰেম নকৰে,
তেওঁলোকেতো কাম বিকাৰকেই প্ৰেম বুলি ভাবে কিন্তু বাবাই কৈছে যে কাম মহাশত্ৰু হয়।
কাম বিকাৰ আদি মধ্য অন্ত দুখ দিওঁতা হয়। দেৱতাসকল নিৰ্বিকাৰী আছিল, সেইবাবেতো কয় -
কৃষ্ণৰ নিচিনা যেন সন্তান পাওঁ, কৃষ্ণৰ নিচিনা যেন স্বামী পাওঁ। কৃষ্ণপুৰীক স্মৰণ
কৰে নহয় জানো। এতিয়া পিতাই কৃষ্ণপুৰী স্থাপন কৰি আছে। তোমালোক স্বয়ং শ্ৰীকৃষ্ণৰ
নিচিনা অথবা মোহনৰ নিচিনা হ'ব পাৰা। ৰাজকুমাৰ-ৰাজকুমাৰী আৰু হ'ব। গতিকে এই সকলোবোৰ
ইয়াত তৈয়াৰ হৈ আছে। তাৰো তালিকা থাকে। মালাৰ 8 (আঠ)টা মণিও আছে, তেন্তে 108টা মণিও
আছে। মনুষ্যই 9 ৰত্নৰ আঙুঠি পিন্ধে। এতিয়া এই গৰাকী কোন হয়? মাজত কোন আছে? এইটোও
তোমালোকে জানা যে অতিকৈ মিঠা পিতাৰ দ্বাৰা আমি ৰত্ন হৈ আছোঁ। পিতাই কয় – সন্তানসকল,
পৰস্পৰ বহুত মৰম-চেনেহেৰে চলিব লাগে। নহ'লে বাবাৰ নাম বদনাম কৰিবা। সৎগুৰুক নিন্দা
কৰাওঁতাসকলে আকৌ উচ্চ পদ পাব নোৱাৰে। সকলোকে মন্ত্ৰও দিব লাগে যে এজন পিতাক স্মৰণ
কৰা তেতিয়া খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। ঘৰতো ইমান মৰম-চেনেহেৰে চলিব লাগে যাতে আনে
ভাবে যে এওঁলোকৰ ক্ৰোধ নাই। বহুত মৰম ওপজিছে। মদ্যপাণ, বিড়ি হোপা আদি বহুত বেয়া
অভ্যাস, এনেকুৱা সকলো বেয়া অভ্যাস এৰি দিব লাগে। দৈৱিক গুণ ইয়াতে ধাৰণ কৰিব লাগে।
ৰাজধানী স্থাপন কৰাত পৰিশ্ৰম হয়। অন্য ধৰ্মৰ লোকসকলে ৰাজধানী স্থাপন নকৰে। তেওঁলোক
ওপৰৰ পৰা একেবাৰে শেষৰ ফালে আহি থাকে। তোমালোকে 21 জন্মৰ প্ৰালব্ধ গঢ়ি আছা, ইয়াত
মায়াৰ ধুমুহা বহুত আহিব। তথাপিও পুৰুষাৰ্থ কৰি দৈৱিক গুণ ধাৰণ কৰিব লাগে। যদি
ক্ৰোধত কথা পাতা তেন্তে মনুষ্যই ক'ব এওঁৰ ভিতৰত ভূত আছে। অৰ্থাৎ বেহদৰ পিতাৰ সন্মান
হানি কৰালা। এনেকুৱাসকলে উচ্চ পদ কেনেকৈ পাব? বহুত অমায়িক অনাসক্ত হ'ব লাগে। ইয়াত
থাকি, সকলোবোৰ কৰি প্ৰেমিকৰ সৈতে যোগযুক্ত হ’ব লাগে। বাবাই কৈছে - মোক স্মৰণ কৰা
তেতিয়া পাপ ভস্ম হৈ যাব, ইয়াক যোগ অগ্নি বুলি কোৱা হয়। ইয়াত হঠযোগৰ দৰকাৰ নাই। নিজৰ
শৰীৰ নিৰোগী কৰি ৰাখিব লাগে, অতি মূল্যবান শৰীৰ। ভোজনো শুদ্ধ খাব লাগে। দেৱতাসকললৈ
কেনেকুৱা ভোগ আগবঢ়ায়। শ্ৰীনাথত গৈ চোৱা, বেঙ্গলততো ‘কালী’লৈ ছাগলীৰ ভোগ আগবঢ়ায়।
তেওঁলোকে নিজৰ মৃতকৰ আত্মাকো মাছ খুৱায়। নহ'লে ভাবে যে মৃতকৰ আত্মা বিতুষ্ট হৈ যাব।
কোনোবাই নিয়ম উলিয়ালে, সেয়া চলি থাকে। দেৱী-দেৱতাসকলৰ ৰাজ্যত কোনোধৰণৰ পাপ নহয়। সেয়া
হৈছে ৰামৰাজ্য। ইয়াত কৰ্ম বিকৰ্ম হয়। তাত কৰ্ম অকৰ্ম হয়। এতিয়া হৰিদ্বাৰত গৈ বহে।
হৰি বুলি কৃষ্ণক কয়। এতিয়া কৃষ্ণতো আছে সত্যযুগত। বাস্তৱত হৰি নাম শিৱৰ হয়। দুখ হৰণ
কৰোঁতা। কিন্তু গীতাত কৃষ্ণৰ নাম দিয়াত কৃষ্ণক হৰি বুলি ভাবি ল'লে। বাস্তৱত দুখ হৰণ
কৰোঁতাজন হৈছে শিৱবাবা। হৰিৰ দ্বাৰ বুলি সত্যযুগক কোৱা হয়। ভক্তি মাৰ্গত যি আহে কৈ
থাকে।
পিতাই কয় - মই
সংগমযুগত আহোঁ, পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ। ৰাৱণ হৈছে পুৰণা শত্ৰু। প্ৰত্যেক
বছৰে ৰাৱণক জ্বলাই থাকে। কিমান টকা খৰচ কৰে। সকলোবোৰ সময়ৰ অপচয়, ধনৰ অপচয়। বেঙ্গলত
কিমান দেৱীৰ প্ৰতিমা সাজে, সেই দেৱীসকলক খুৱাই-বুৱাই পূজা কৰি আকৌ গৈ ডুবাই দিয়ে।
ইয়াৰ ওপৰত এটি গীত আছে। সন্তানসকল বহুত অমায়িক হ'ব লাগে। কেতিয়াও ক্ৰোধত কথা পাতিব
নালাগে। পিতাৰ প্ৰতি কেতিয়াও বিতুষ্ট হ’ব নালাগে। যদি বিতুষ্ট হৈ পঢ়া এৰি দিয়া
তাৰমানে নিজৰ ভৰিত কুঠাৰ মাৰিলা। ইয়ালৈ তোমালোক আহিছা বিশ্বৰ মালিক হ'বলৈ। মহাৰজা
শ্ৰীনাৰায়ণ, মহাৰাণী শ্ৰীলক্ষ্মীক কোৱা হয়। বাকী শ্ৰী শ্ৰী হৈছে শিৱবাবাৰ উপাধি।
শ্ৰী বুলি কোৱা হয় দেৱতাসকলক। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ।
এতিয়া তোমালোকে চিন্তা
কৰা আমি কি আছিলোঁ? মায়াই আমাৰ মগজ ঘূৰাই কি কৰি দিলে। ভাৰত কিমান চহকী আছিল। পুনৰ
কঙাল কেনেকৈ হ'ল? কি হ'ল? একোৱেই বুজি নাপায়। এতিয়া তোমালোকে জানা যে আমিয়েই দেৱতা
আছিলোঁ, পুনৰ ক্ষত্ৰিয় হ'লোঁ। তেওঁলোকে কৈ দিয়ে - আত্মাই পৰমাত্মা। নহ'লেতো ‘আমিয়েই
সেয়াৰ’ অৰ্থ কিমান সহজ। তেওঁলোকে কয় - মনুষ্যৰ জন্ম কেৱল এবাৰ হয়। কিন্তু পিতাই
বুজায় যে মনুষ্যৰ জন্ম 84 বাৰ হয়। সেই 84 জন্মৰ ভিতৰত তোমালোকৰ এই সংগমৰ এটা জন্ম
দুৰ্লভ। যেতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা। তোমালোক অতি
ৰাজকীয় পিতাৰ সন্তান হোৱা, গতিকে তোমালোকৰ কিমান ৰাজকীয়তা থাকিব লাগে। ৰাজকীয়
মনুষ্যই কেতিয়াও জোৰেৰে কথা নাপাতে। জগতত ঘৰে ঘৰে কিমান হুলস্থুল হয়। স্বৰ্গত
এনেকুৱা কোনো কথা নাথাকে। এই বাবাও বল্লভাচাৰী কুলৰ আছিল। তথাপিও ক'ত সেই সত্যযুগৰ
দেৱতা, ক'ত আজিকালিৰ বৈষ্ণৱ লোক! এনেকুৱা নহয় যে বৈষ্ণৱ হয় গতিকে বিকাৰত নাযায়।
ৰাৱণ ৰাজ্যত সকলো বিকাৰৰ দ্বাৰাই জন্ম হয়। সত্যযুগত হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। এতিয়া
তোমালোক সম্পূৰ্ণ নিৰ্বিকাৰী হৈ আছা আৰু যোগবলেৰে বিশ্বৰ মালিক হোৱা। তোমালোকৰ চলন
অতি অমায়িক ৰাজকীয় হ'ব লাগে। কোনো ধৰণৰ বিবাদ বা শাস্ত্ৰৰ ওপৰত বাদানুবাদ কৰিব
নালাগে। তেওঁলোকে যেতিয়া শাস্ত্ৰৰ ওপৰত বাদানুবাদ কৰিবলৈ বহে তেতিয়া ইজনে-সিজনলৈ
লাঠিও দলিয়াই দিয়ে। সেই বেচেৰাসকলৰ কোনো দোষ নাই। এই জ্ঞানক নাজানেই। এয়া হৈছে
আত্মিক জ্ঞান, যি আত্মিক পিতাৰ পৰা পোৱা যায়। তেওঁ জ্ঞানৰ সাগৰ হয়। তেওঁৰ শৰীৰৰ নাম
নাই, তেওঁ অব্যক্তমূৰ্ত হয়। তেওঁ কয় - মোৰ নাম শিৱ। মই স্থূল বা সূক্ষ্ম শৰীৰ ধাৰণ
নকৰোঁ। জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ বুলি মোকহে কয়। শাস্ত্ৰত কি কি লিখা আছে। হনুমান
পৱন (বায়ুৰ) পুত্ৰ আছিল, এতিয়া বায়ুৰ পৰা সন্তান কেনেকৈ জন্ম হ'ব! আকৌ পৰমাত্মাৰ
কাৰণে কয় - কাছ-মাছৰ অৱতাৰ, কিমান গালি দিয়ে। বাবা আহি অভিযোগ কৰে যে তোমালোকে আসুৰি
মতত মোক ইমান গালি দিলা। 24 অৱতাৰ বুলি কৈ পেট নভৰিল আকৌ কণ কণত, পাথৰ-শিলগুটিতো আছোঁ
বুলি কৈ দিলা। এই সকলো শাস্ত্ৰ দ্বাপৰৰ পৰা ৰচিত হৈছে। পোন-প্ৰথমে কেৱল শিৱৰ পূজা
হৈছিল। গীতাও পাছত ৰচিছে। এতিয়া পিতাই বুজাই আছে, এয়া গোটেখন অনাদি খেল। এতিয়া মই
তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ, গতিকে পিতাক সম্পূৰ্ণ ৰূপে অনুসৰণ কৰিব
লাগে। লক্ষণো বহুত ভাল হ'ব লাগে। এয়াও বিচিত্ৰ নহয় জানো। কলিযুগৰ অন্তত কি, আকৌ
সত্যযুগত কি দেখিবলৈ পাম। কলিযুগত ভাৰত কঙাল, সত্যযুগত ভাৰত চহকী। সেই সময়ত আৰু কোনো
খণ্ড নাথাকে। এয়া গীতাৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি
ৰাজকীয় পিতাৰ সন্তান হওঁ সেয়েহে নিজৰ চলন বহুত ৰাজকীয় (মাৰ্জিত) কৰি তুলিব লাগে।
জোৰেৰে শব্দ কৰি কথা ক'ব নালাগে। অতি অমায়িক হ'ব লাগে।
(2) কেতিয়াও পিতাৰ
প্ৰতি বা পৰস্পৰ বিতুষ্ট হ’ব নালাগে। বিতুষ্ট হৈ পঢ়া কেতিয়াও এৰিব নালাগে। যিবোৰ
বেয়া অভ্যাস আছে সেয়া এৰিব লাগে।
বৰদান:
ফুলষ্টপৰ
দ্বাৰা শ্ৰেষ্ঠ স্থিতি ৰূপী পদক প্ৰাপ্ত কৰোঁতা মহাবীৰ হোৱা
এই অনাদি ড্ৰামাত
আত্মিক সেনাৰ সেনানীসকলক কোনেও পদক প্ৰদান নকৰে, কিন্তু ড্ৰামা অনুসৰি তেওঁলোকৰ
শ্ৰেষ্ঠ স্থিতি ৰূপী পদক স্বতঃ প্ৰাপ্ত হৈ যায়। এই পদক কেৱল সেইসকলৰহে প্ৰাপ্ত হয়,
যিসকলে সকলো আত্মাৰ ভূমিকা সাক্ষী হৈ প্ৰত্যক্ষ কৰি সহজে পূৰ্ণ বিৰামৰ মাত্ৰা লগাই
দিয়ে। এনে আত্মাসকলৰ ভেটি অনুভৱৰ আধাৰত গঢ় লৈ উঠে। সেয়েহে কোনো সমস্যাৰূপী
প্ৰাচীৰেও তেওঁলোকক বাধা দি ৰাখিব নোৱাৰে।
স্লোগান:
সকলো পৰিস্থিতিৰূপী পাহাৰ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱা উৰন্ত পক্ষী হোৱা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
ইজনে সিজনৰ কথা গ্ৰহণ
কৰা আৰু সন্মান প্ৰদান কৰা—যেতিয়া এই দুয়োটা গুণ আহি যায়, তেতিয়া সম্পূৰ্ণতা আৰু
সফলতা দুয়োটাই সমীপত আহি যায়। কিয়নো ইজনে সিজনক সন্মান প্ৰদান কৰাটোৱেই হৈছে
ভৱিষ্যতৰ অধিকাৰ লাভ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]