17.08.25 Avyakt Bapdada
Assame
Murli
16.11.2006 Om Shanti Madhuban
“*“নিজৰ স্বমানৰ
সম্ভ্ৰমত থাকা আৰু সময়ৰ মহত্বক জানি সদাপ্ৰস্তুত হোৱা”*”
আজি বাপদাদাই
চাৰিওফালৰ নিজৰ পৰমাত্ম স্নেহৰ পাত্ৰ স্বমানৰ আসনত অধিস্থিত সন্তানসকলক চাই আছেহঁক।
আসনত অধিস্থিততো সকলো সন্তানেই হয় কিন্তু বহুত সন্তান একাগ্ৰ স্থিতিত স্থিৰ হৈ আছে
আৰু কিছুমান সন্তান সংকল্পত অলপ-অচৰপ বিচলিত। বাপদাদাই বৰ্তমান সময় অনুসৰি
প্ৰতিগৰাকী সন্তানক একাগ্ৰতাৰ ৰূপত স্বমানধাৰী স্বৰূপত সদায় চাবলৈ বিচাৰে। সকলো
সন্তানেও একাগ্ৰতাৰ স্থিতিত স্থিৰ হ’বলৈ বিচাৰে। নিজৰ ভিন্ন ভিন্ন প্ৰকাৰৰ স্বমানক
জানেও, ভাবেও কিন্তু একাগ্ৰতাক অস্থিৰতাত লৈ আনে। সদায় একৰস স্থিতি কম থাকে। অনুভৱ
হয় আৰু এইটো স্থিতি বিচাৰেও কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, কাৰণ! সদায় মনোযোগৰ
অভাৱ। যদি স্বমানৰ তালিকা উলিওৱা তেতিয়া কিমান দীঘলীয়া। সকলোতকৈ প্ৰথম স্বমান –
যিজন পিতাক স্মৰণ কৰি থাকা, তেওঁৰ পোনপটীয়া সন্তান হৈছা, এক নম্বৰ সন্তান। বাপদাদাই
তোমালোক কোটিৰ মাজত কোনোবা সন্তানসকলক ক’ৰ ক’ৰ পৰা বিচাৰি নিজৰ কৰি ল’লে। পাঁচোটা
খণ্ডৰ পৰা পোনপটীয়াকৈ পিতাই নিজৰ সন্তানসকলক নিজৰ কৰি ললে। কিমান উচ্চ স্বমান।
সৃষ্টি ৰচয়িতাৰ প্ৰথম ৰচনা হৈছা তোমালোক। জানা নহয় এই স্বমান! বাপদাদাই নিজৰ লগতে
তোমালোক সন্তানসকলক গোটেই বিশ্বৰ আত্মাসকলৰ পূৰ্বজ কৰি তুলিছে। নিচা আছেনে?
অলপ-অচৰপ কেতিয়াবা কম হৈ যায়। চিন্তা কৰা, সকলোতকৈ অমূল্য যে গোটেই কল্পত এনেকুৱা
অমূল্য সিংহাসন কাৰো প্ৰাপ্ত নহয়, সেই পৰমাত্ম সিংহাসন, লাইটৰ মুকুট, স্মৃতিৰ তিলক
দিলে। স্মৃতি উদয় হৈ আছে নহয় যে মই কোন! মোৰ স্বমান কি! নিচা বাঢ়ি আছে নহয়! গোটেই
কল্পত যিমানেই অমূল্য সত্যযুগী সিংহাসন নাথাকক কিন্তু পৰমাত্ম অন্তৰাসন তোমালোক
সন্তানসকলৰহে প্ৰাপ্ত হয়।
বাপদাদাই সদায় শেষৰ
নম্বৰৰ সন্তানটিকো ফৰিস্তা তথা দেৱতা স্বৰূপত চায়। এতিয়াই ব্ৰাহ্মণ, ব্ৰাহ্মণ তথা
ফৰিস্তা, ফৰিস্তা তথা দেৱতা হ’বই লাগে। জানানে নিজৰ স্বমান? কিয়নো বাপদাদাই জানে যে
স্বমান পাহৰাৰ কাৰণেই দেহবোধ, দেহ-অভিমান আহে। অশান্তও হয়, যেতিয়া বাপদাদাই দেখে
দেহ-অভিমান বা দেহ বোধ আহে তেতিয়া কিমান অশান্ত হয়। সকলো অনুভৱী হোৱা নহয়! স্বমানৰ
নিচাত থকা আৰু এই নিচাৰ উৰ্দ্ধত অশান্ত হৈ থকা, দুয়োটাকে জানা। বাপদাদাই দেখিবলৈ
পায় যে সকলো সন্তান গৰিষ্ঠসংখ্যকেই জ্ঞানৱানতো ভাল হৈছে, কিন্তু শক্তিত পূৰ্ণ,
শক্তিশালী নহয়। শতাংশত আছে।
বাপদাদাই প্ৰতিগৰাকী
সন্তানক নিজৰ সৰ্ব সম্পদৰ বালক তথা মালিক কৰি তুলিছে, সকলোকে সকলো সম্পদ দিছে, কম
বেছি নাই দিয়া কিয়নো গণনাতীত সম্পদ আছে, বেহদৰ সম্পদ আছে সেইবাবে প্ৰতিগৰাকী
সন্তানক বেহদৰ বালক তথা মালিক কৰি তুলিছে। বেহদৰ পিতা, বেহদৰ সম্পদ, গতিকে নিজেই
নিজক পৰীক্ষা কৰা যে তোমালোকৰ ওচৰতো বেহদ (সীমাহীন) আছেনে? সদায় আছে নে কেতিয়াবা
কেতিয়াবা চুৰি হৈ যায়? হেৰাই যায়? বাবাই কিয় মনোযোগ আকৰ্ষণ কৰাই আছে? অশান্ত নহ’বা,
স্বমানৰ আসনত অধিস্থিত হৈ থাকা, বিচলিত নহ’বা। 63 জন্মতো বিচলিত হোৱাৰ অনুভৱ কৰি
ল’লা নহয়! এতিয়া আৰু কৰিবলৈ বিচৰা নেকি? ভাগৰ লগা নাইনে? এতিয়া স্বমানত থাকা অৰ্থাৎ
নিজৰ উচ্চতকৈও উচ্চ নিচাত থাকা। কিয়? কিমান সময় পাৰ হ’ল। 70 বছৰ (বৰ্তমান 89 বছৰ)
উদ্যাপন কৰি আছা নহয়! তেন্তে নিজক চিনি পোৱা অৰ্থাৎ স্বমানক চিনি পোৱা, স্বমানত
অধিস্থিত হৈ থাকা। সময় অনুসৰি এতিয়া ‘সদায়’ শব্দ বাস্তৱিক জীৱনত আনা, শব্দৰ প্ৰতি
মনোযোগ দিব নালাগে কিন্তু বাস্তৱিক জীৱনত মনোযোগ দিয়া। থাকিব লাগে, থাকিম, কৰিতো আছোঁ,
কৰিম…। এয়া বেহদৰ বালক আৰু মালিকৰ বচন নহয়। এতিয়াতো প্ৰত্যেকৰে অন্তৰৰ পৰা এইটো
শব্দ অনৰ্গল ওলাওক, যি পাবলৈ আছিল সেয়া পাই গ’লোঁ। পাই আছোঁ… এনেকৈ বেহদৰ সম্পদধাৰী
বেহদৰ পিতাৰ সন্তানে ক’ব নোৱাৰে। পাই গ’লোঁ, যিহেতু বাপদাদাক পাই গ’লা, “মোৰ বাবা”
বুলি কৈ দিলা, মানি ল’লা, জানিও ল’লা, মানিও ল’লা, গতিকে এই অনৰ্গল শব্দ পাই গ’লা…
কিয়নো বাপদাদাই জানে যে সন্তানসকল স্বমানত কেতিয়াবা কেতিয়াবা থকাৰ কাৰণে সময়ৰ
মহত্বও স্মৃতিত কমকৈ ৰাখে। এটা হ’ল নিজৰ স্বমান, আনটো হ’ল সময়ৰ মহত্ব। তোমালোক
সাধাৰণ নোহোৱা, পূৰ্বজ হোৱা, তোমালোক প্ৰতিগৰাকীয়েই বিশ্বৰ আত্মাসকলৰ আধাৰ। চিন্তা
কৰা, যদি তোমালোক বিচলিত হোৱা তেন্তে বিশ্বৰ আত্মাসকলৰ কি অৱস্থা হ’ব! এনেকৈ
নাভাবিবা যে যিসকলক মহাৰথী বুলি কোৱা হয়, তেওঁলোকহে বিশ্বৰ আধাৰ, যদি নতুন নতুনো আছে,
কিয়নো আজি নতুনো বহুত আহিছে চাগৈ। (প্ৰথম বাৰ অহাসকলে হাত দাঙিলে) নতুন, যিসকলে
অন্তৰেৰে মানি ল’লা যে “মোৰ বাবা”। মানি লৈছানে? যিসকল নতুন আহিছে তেওঁলোকে মানি
লোৱানে? জানি লৈছোঁ নহয়, মানি লৈছোঁ “মোৰ বাবা” তেওঁলোকে হাত দাঙা। দীঘলকৈ দাঙা।
নতুনসকলে হাত দাঙি আছে। পুৰণাতো দৃঢ় হয়েই নহয়, যিসকলে অন্তৰেৰে মানি ল’লে মোৰ বাবা
আৰু পিতায়ো মানি লৈছে মোৰ সন্তান, তেওঁলোক সকলো দায়বদ্ধ। কিয়? যেতিয়াৰ পৰা তোমালোকে
কোৱা যে মই ব্ৰহ্মাকুমাৰ, ব্ৰহ্মাকুমাৰী, ব্ৰহ্মাকুমাৰ বা কুমাৰী হোৱা নে শিৱকুমাৰ
শিৱকুমাৰী হোৱা, নে দুয়োটাই হোৱা? তেনেহ’লেতো বান্ধ খাই গ’লা। দ্বায়িত্বৰ মুকুট আহি
গ’ল। আহি গ’ল নহয়? পাণ্ডৱ কোৱা দ্বায়িত্বৰ মুকুট আহিলনে? গধুৰতো লাগি থকা নাই? পাতল
নহয় জানো! হয়েই লাইটৰ। তেন্তে লাইট কিমান পাতল। গতিকে সময়ৰ মহত্বৰ প্ৰতিও মনোযোগ
দিয়া। সময় সুধি নাহে। বহুত সন্তানে এতিয়াও কয়, ভাবে যে অলপ আন্দাজ পাব লাগে। 20 বছৰে
হওঁক, 10 বছৰে হওঁক অলপ গম পাব লাগে। কিন্তু বাপদাদাই কয় সময়ৰ কথা, চুড়ান্ত বিনাশৰ
কথা বাদ দিয়া, তোমালোকৰ নিজৰ শৰীৰৰ বিনাশৰ কথা গম পোৱানে? কোনোবা আছেনে যিয়ে গম পায়
যে মই অমুক তাৰিখে শৰীৰ এৰিম, গম পোৱানে? আৰু আজিকালিতো ব্ৰাহ্মণৰ যোৱাৰ ভোগ বহুত
আগবঢ়োৱা। কোনো ভৰসা নাই সেইবাবে সময়ৰ মহত্ব জানি লোৱা। এইটো সৰু যুগ, আয়ুসত চুটি,
কিন্তু শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ প্ৰাপ্তিৰ যুগ কিয়নো শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পিতা এই সৰু
যুগটোতহে আহে আন ডাঙৰ যুগবোৰত নাহে। এইটোৱে সৰু যুগ য’ত গোটেই কল্পৰ প্ৰাপ্তিৰ বীজ
সিঁচাৰ সময়। লাগিলে বিশ্বৰ ৰাজ্য প্ৰাপ্ত কৰা, লাগিলে পূজ্য হোৱা, গোটেই কল্পৰ বীজ
সিঁচাৰ সময় এইটো আৰু দ্বৈত ফল প্ৰাপ্ত কৰাৰ সময়। ভক্তিৰ ফলো এতিয়া পোৱা আৰু
প্ৰত্যক্ষফলো এতিয়া পোৱা। এতিয়াই কৰিলা, এতিয়াই প্ৰত্যক্ষ ফল পালা আৰু ভৱিষ্যতো গঢ়
লয়। গোটেই কল্পত চোৱা, এনেকুৱা যুগ আছেনে? কিয়নো এই সময়তহে পিতাই প্ৰতিগৰাকী
সন্তানৰ হাতত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ উপহাৰ দিয়ে, নিজৰ উপহাৰ স্মৃতিত আছেনে? স্বৰ্গৰ
ৰাজ্য-ভাগ্য। নতুন সৃষ্টিৰ স্বৰ্গৰ উপহাৰ, প্ৰতিগৰাকী সন্তানৰ হাতত দিছে। ইমান
শ্ৰেষ্ঠ উপহাৰ কোনেও নিদিয়ে আৰু কেতিয়াও দিব নোৱাৰে। এতিয়া পোৱা যায়। এতিয়া তোমালোক
মাষ্টৰ সৰ্বশক্তিমান হোৱা আন কোনো যুগত মাষ্টৰ সৰ্বশক্তিমানৰ পদ পোৱা নাযায়। গতিকে
নিজৰ স্বমানতো একাগ্ৰ হৈ থাকা আৰু সময়ৰ মহত্বকো জানি লোৱা। স্বয়ং আৰু সময়, নিজৰ
স্বমান আছে, সময়ৰ মহত্ব আছে। অমনোযোগী নহ’বা। 70 বছৰ (বৰ্তমান 89 বছৰ) অতিবাহিত হ’ল,
এতিয়া যদি অমনোযোগী হোৱা তেন্তে বহুত কিবা নিজৰ প্ৰাপ্তি কম কৰি দিবা কিয়নো যিমানে
আগবাঢ়ে সিমানে এক অমনোযোগিতা আহে, বৰ ভাল, বৰ ভালকৈ চলি আছোঁ, পাই যাম, চাবা পিছত
নাথাকোঁ, হৈ যাব… এই অমনোযোগিতা আৰু দ্বিতীয়তে মাৰ্জিত এলাহ আহে। অমনোযোগিতা আৰু
এলাহ। ‘কেতিয়াবা’ শব্দটিয়ে এলাহক সূচিত কৰে, আৰু ‘এতিয়া’ শব্দটিয়ে তৎক্ষণাত দান
কৰাৰ মনোভাব প্ৰকাশ কৰে যিটো মহাপুণ্য।
এতিয়া আজি প্ৰথম পাল
হয় নহয়! সেয়েহে বাপদাদাই মনোযোগ আকৰ্ষণ কৰাই আছে। এইটো ছিজনত স্বমানৰ পৰাও অৱনমিত
হ’ব নালাগে আৰু সময়ৰ মহত্বকো পাহৰি নালাগে। সজাগ, বুদ্ধিমান, সাৱধান। মৰমৰ হোৱা নহয়!
যাৰ প্ৰতি মৰম থাকে তেওঁৰ অলপো দোষ-ত্ৰুটি চাব নোৱাৰি। শুনালোঁ নহয় বাপদাদাৰ শেষৰ
সন্তাটিও প্ৰিয়। সন্তানতো হয় নহয়। গতিকে এই চলি থকা ছিজনত, ছিজন লাগিলে ভাৰতীয়ৰ
কিন্তু ডবল বিদেশীও কম নহয়, বাপদাদাই দেখিছে, কোনো এটা পাল এনেকুৱা নাই য’ত ডবল
বিদেশী নাথাকে। এয়া তেওঁলোকৰ চমৎকাৰ। এতিয়া ডবল বিদেশীয়ে হাত দাঙা। চোৱা কিমান আছে!
বিশেষ ছিজন পাৰ হ’ল, তথাপিও চোৱা কিমান আছে! অভিনন্দন। আহিলা, বহুত বহুত অভিনন্দন।
তেন্তে শুনিলা এতিয়া
কি কৰিব লাগে? এইটো ছিজনত কি কি কৰিব লাগে, সেয়া ঘৰৰ কাম দি দিলোঁ। নিজক উপলব্ধি কৰা,
নিজকহে কৰা, আনক নহয় আৰু আচল সোণ হোৱা কিয়নো বাপদাদাই ভাবে যিসকলে ‘মোৰ বাবা’ বুলি
ক’লে, তেওঁলোক লগত যাব। বৰযাত্ৰী হৈ নাযায়। বাপদাদাৰ সৈতে শ্ৰীমত ৰূপী হাতত ধৰি লগত
যাওঁক আৰু তাৰপাছত পিতা ব্ৰহ্মাৰ লগত প্ৰথমে ৰাজ্যলৈ আহক। মজাতো প্ৰথম নতুন ঘৰত থাকে
নহয়। এমাহৰ পাছতো কয় এমাহৰ পুৰণা। নতুন ঘৰ, নতুন সৃষ্টি, নতুন চলন, নতুন ৰীতি-প্ৰথা
আৰু পিতা ব্ৰহ্মাৰ লগত ৰাজ্যত আহা। সকলোৱে কয় নহয় – পিতা ব্ৰহ্মাৰ প্ৰতি আমাৰ বহুত
স্নেহ আছে। তেন্তে স্নেহৰ চিন কি? লগত থাকে, লগত যায়, লগত আহে। এয়া হ’ল স্নেহৰ
প্ৰমাণ। পচন্দ হৈছেনে? লগত থাকিবা, লগত যাবা, লগত আহিবা, পচন্দ হৈছেনে? গতিকে যিটো
বস্তু পচন্দ হয় তাক জানো এৰা যায়! সেয়েহে পিতাৰ প্ৰতিগৰাকী সন্তানৰ সৈতে প্ৰীতিৰ
ৰীতি এইটোৱেই যে লগত যায়, পিছে পিছে নহয়। যদি কিবা থাকি যায় তেন্তে ধৰ্মৰজাৰ
শাস্তিৰ কাৰণে ৰ’ব লাগিব। হাতে হাত ধৰি নাযাব, পিছে পিছে আহিব। মজা কোনটোত আছে? লগত
আছে নহয়! তেন্তে দৃঢ় প্ৰতিজ্ঞা কৰিছা নহয় যে লগত যাব লাগে? নে পিছে পিছে যাব লাগে?
চোৱা হাততো বৰ ভালকৈ দাঙা। হাত দেখি বাপদাদা আনন্দিততো হয় কিন্তু শ্ৰীমত ৰূপী হাত
দাঙিবা। শিৱবাবাৰতো হাত নাথাকে, ব্ৰহ্মা বাবা, আত্মাৰো হাত নাথাকিব, তোমালোকৰো এই
স্থূল হাত নাথাকিব, শ্ৰীমত ৰূপী হাতত ধৰি লগত যাবা। যাবা নহয়! কান্ধতো লৰোৱা। ভালকৈ
হাত লৰাই আছে। বাপদাদাই এইটোৱে বিচাৰে যাতে এটি সন্তানো পিছত থাকি নাযায়, সকলো
একেলগে যায়। সদাপ্ৰস্তুত হৈ থাকিব লাগিব। বাৰু।
এতিয়া বাপদাদাই
চাৰিওফালৰ সন্তানসকলৰ ৰেজিষ্টাৰ চাই থাকিব। প্ৰতিজ্ঞা কৰিলে, পালন কৰিলে অৰ্থাৎ লাভ
ল’লে। কেৱল প্ৰতিজ্ঞা নকৰিবা, লাভ ল’বা। বাৰু। এতিয়া সকলোৱে দৃঢ় সংকল্প কৰিবা! দৃঢ়
সংকল্পৰ স্থিতিত স্থিত হৈ বহা, কৰিবই লাগিব, আগবাঢ়ি যাবই লাগিব। লগত যাব লাগিব।
এতিয়া এইটো দৃঢ় সংকল্প নিজৰ সৈতে কৰা, এইটো স্থিতিত বহি যোৱা। ‘কৰিম কৰিম’ বুলি
নক’বা, কৰিবই লাগিব। বাৰু।
সকলোফালৰ ডবল সেৱাধাৰী
সন্তানসকলক, চাৰিওফালৰ সদায় একাগ্ৰ স্বমানৰ আসনত অধিস্থিত হৈ থাকোঁতা বাপদাদাৰ
মস্তক মণিসকলক, চাৰিওফালৰ সময়ৰ মহত্বক জানি তীব্ৰ পুৰুষাৰ্থৰ প্ৰমাণ দিওঁতা সু-সন্তানসকলক,
চাৰিওফালৰ উৎসাহ-উদ্দীপনাৰ ডেউকাৰে সদায় উৰি থকা, উৰুৱাই থকা ডবল লাইট ফৰিস্তা
সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ প্ৰতি:-
সকলোৱে সান্নিধ্য দি
চলি আছে – ইয়াৰ বাবে বাপদাদা আনন্দিত হৈছে, প্ৰত্যেকেই নিজৰ বিশেষত্বৰ সহযোগ দি আছে।
(দাদীজীৰ প্ৰতি) সকলোৱে আদি ৰত্নক দেখি আনন্দিত হয় নহয়। আদিৰ পৰা আৰম্ভ কৰি সেৱাত
নিজৰ সৰ্বস্ব উজাৰি দিছে। দেহে-কেহে সেৱা কৰিছে, বৰ ভাল। চোৱা যিয়েই নহওঁক কিন্তু
এটা কথা চোৱা, লাগিলে বিচনাত থাকক বা য’তেই নাথাকক কিন্তু পিতাক পাহৰা নাই। পিতা
অন্তৰত সমাহিত হৈ আছে। এনেকুৱা হয় নহয়। চোৱা কিমান ভালকৈ মিচিকিয়াই আছে। বাকী আয়ুস
দীঘল, আৰু ধৰ্মৰজাৰ পুৰীক বিদায় জনাই যাবা, শাস্তি খাব নালাগে, ধৰ্মৰজাৰো শিৰ নত
কৰিব লাগিব। স্বাগত জনাব লাগিব নহয়। বিদায় জনাব লাগিব, সেইবাবে ইয়াত কিছু পিতাৰ
স্মৃতিত হিচাপ পূৰা কৰি আছে। বাকী কষ্ট নাই, বেমাৰ হওঁতে আছে কিন্তু দুখৰ মাত্ৰা
নাই। (পৰদাদীৰ সৈতে) এওঁ বহুত মিচিকিয়াই আছে। সকলোকে দৃষ্টি দিয়া। ভাল বাৰু।
বৰদান:
বহির্মুখী
চতুৰালিৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ পচন্দৰ সঁচা চুক্তি কৰোঁতা হোৱা
বাপদাদাৰ জগতৰ
বহির্মুখী চতুৰালি পচন্দ নহয়। কোৱা হয় হোজাসকলৰ ভগৱান। চতুৰ বুদ্ধিমানৰ হোজা
সন্তানহে পচন্দৰ। পৰমাত্ম নামৰ তালিকাত হোজা সন্তানসকলহে বিশেষ ভি.আই.পি.। যাৰ ফালে
জগতৰ লোকৰ চকু নাযায় তেওঁলোকেই পিতাৰ সৈতে চুক্তি কৰি পৰমাত্ম নয়নৰ তৰা হৈ গ’ল। হোজা
সন্তানসকলেই অন্তৰেৰে কয় “মোৰ বাবা”, এই এক চেকেণ্ডৰ এষাৰ বচনৰ দ্বাৰা গণনাতীত
সম্পদৰ চুক্তি কৰোঁতা সঁচা চুক্তি কৰোঁতা হৈ গ’ল।
স্লোগান:
সকলোৰে স্নেহ
প্ৰাপ্ত কৰিবলৈ হ’লে মুখেৰে সদায় মধুৰ বচন উচ্চাৰিত কৰা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যি সদায় পিতাৰ
স্মৃতিত স্নেহত লীন অৰ্থাৎ সমাহিত হৈ থাকে, এনেকুৱা আত্মাসকলৰ নয়নত আৰু মুখৰ
প্ৰতিষাৰ বাণীত পিতা সমাহিত হৈ থকাৰ কাৰণে শক্তি-স্বৰূপৰ পৰিৱৰ্তে সৰ্ব শক্তিমান
দৃষ্টিগোচৰ হ’ব। যেনেকৈ আদিত স্থাপনাত ব্ৰহ্মা ৰূপত সদায় শ্ৰীকৃষ্ণক দেখা পোৱা
গৈছিল, তেনেকৈ তোমালোক সন্তানসকলৰ দ্বাৰা সৰ্বশক্তিমান দৃষ্টিগোচৰ হওঁক।
সূচনা:- আজি মাহৰ
তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ,
বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ পূৰ্বজ বোধৰ স্বমানত স্থিত হৈ, কল্পবৃক্ষৰ মূল কাণ্ডত
বহি গোটেই বৃক্ষক শক্তিশালী যোগ দান দি, নিজৰ বংশাৱলীৰ দিব্য পালনা কৰক।