17.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া এই জগতৰ আশাশূন্য অৱস্থা, সকলোৰে মৃত্যু হ’ব, সেয়েহে ইয়াৰ প্ৰতি থকা মমত্ব নাইকিয়া কৰা, মামেকম্ স্মৰণ কৰা”

প্ৰশ্ন:
সেৱাৰ উদ্দীপনা নজগাৰ মূল কাৰণ কি?

উত্তৰ:
(1) যদি লক্ষণ ঠিক নহয়, পিতাক স্মৰণ নকৰে তেন্তে সেৱাৰ উদ্দীপনা জাগিব নোৱাৰে। কিবা নহয় কিবা ওলোটা কৰ্ম হৈ থাকে সেইবাবে সেৱা কৰিব নোৱাৰে। (2) পিতাৰ যিটো প্ৰথম নিৰ্দেশনা যে তুমি মৰি গ’লা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল – এইটো নিৰ্দেশনা কাৰ্যত ফলপ্ৰসূ নকৰে। বুদ্ধি যদি দেহ আৰু দেহৰ সম্বন্ধত আবদ্ধ হৈ থাকে তেন্তে সেৱা কৰিব নোৱাৰে।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
এতিয়া এইটো ভক্তিমাৰ্গৰ গীত শুনিলা। শিৱায়ে নমঃ বুলি কয়। শিৱৰ নাম বাৰে বাৰে লয়। নিতৌ শিৱৰ মন্দিৰলৈ যায় আৰু যি উৎসৱ সেয়া বছৰে বছৰে পালন কৰে। পুৰুষোত্তম মাহো থাকে, পুৰুষোত্তম বছৰো থাকে। শিৱায়ে নমঃ বুলিতো নিতৌ কৈ থাকে। শিৱৰ পূজাৰী বহুত আছে। ৰচয়িতা শিৱ হৈছে উচ্চতকৈও উচ্চ ভগৱান। এনেকৈ কয়ো যে পতিত-পাৱন পৰমপিতা পৰমাত্মা শিৱ হয়। নিতৌ পূজাও কৰে। তোমালোক সন্তানসকলে জানা যে এয়া সংগমযুগ - পুৰুষোত্তম হোৱাৰ যুগ। যেনেকৈ পাৰ্থিৱ (লৌকিক) পঢ়াৰ দ্বাৰা কিবা নহয় কিবা উচ্চ পদ পায় নহয় জানো। এই লক্ষ্মী-নাৰায়ণে এই পদ কেনেকৈ পালে, বিশ্বৰ মালিক কেনেকৈ হ’ল। এইটো কোনেও নাজানে। শিৱায়ে নমঃ বুলিও কয়। তুমি মাতা-পিতা… নিতৌ মহিমা গায়ন কৰে কিন্তু এইটো নাজানে যে তেওঁ কেতিয়া আহি মাতা-পিতা হৈ উত্তৰাধিকাৰ দিয়ে। তোমালোকে গম পোৱা যে জগতৰ মনুষ্যইতো একোৱেই নাজানে। ভক্তিমাৰ্গত কিমান হাবাথুৰি খায়। অমৰনাথলৈ কিমান জুম পাতি যায়। কিমান হাবাথুৰি খায়। কাৰোবাক এনেকৈ ক’লে বিতুষ্ট হৈ পৰিব। তোমালোক কিছুসংখ্যক সন্তান আছা যাৰ অন্তৰত বহুত আনন্দ আছে। লিখিও থাকে যে বাবা যেতিয়াৰ পৰা আপোনাক চিনি পালোঁ, বচ্‌ এতিয়াতো আমাৰ আনন্দৰ পাৰাপাৰ নোহোৱা হৈ গৈছে। কিবা কষ্ট আদি হ’লেও আনন্দত থাকিব লাগে। আমি পিতাৰ হৈছোঁ - এইটো কেতিয়াও পাহৰিব নালাগে। তোমালোক সন্তানসকলে যিহেতু জানা যে আমি শিৱবাবাক পাইছোঁ গতিকে আনন্দৰ পাৰাপাৰ থাকিব নালাগে। মায়াই বাৰে বাৰে পাহৰাই দিয়ে। যদিও লিখে যে আমাৰ নিশ্চয় আছে, বাবাক আমি চিনি পাওঁ, তথাপিও আগবাঢ়ি গৈ গৈ ঠাণ্ডা হৈ যায়। 6-8 (আঠ) মাহ, 2-3 বছৰ নাহিলে বাবাই বুজি যায় যে পূৰা নিশ্চয়বুদ্ধি নাই। পূৰা নিচা লগা নাই। এনেকুৱা বেহদৰ পিতা যাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়। নিশ্চয় হৈ গ’লে বহুত আনন্দৰ নিচা থাকিব লাগে। যেনেকৈ কাৰোবাৰ সন্তানক ৰজাই তুলি ল’ব বিচাৰিলে, তেতিয়া সন্তানটিয়ে গম পাই যায় যে মোৰ কাৰণে এনেকুৱা কথা-বতৰা চলি আছে যে মোক ৰজাই বিচাৰিছে – এই সন্তানটিক মই উত্তৰাধিকাৰী কৰি লওঁ। তেতিয়া সন্তানটি বহুত আনন্দিত হ’ব নহয় জানো। মই ৰজাৰ সন্তান হ’ম বা গৰিবৰ সন্তানক চহকী ব্যক্তিয়ে তুলি ল’লে বহুত আনন্দিত হয় নহয় জানো। গম পাই যায় যে মোক অমুকে তুলি লৈছে, তেতিয়া দৰিদ্ৰতাৰ দুখ পাহৰি যায়। সেয়াতো হৈছে এটা জন্মৰ কথা। ইয়াত সন্তানসকল 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পোৱাৰ আনন্দত থাকে। বেহদৰ পিতাক স্মৰণ কৰিব লাগে আৰু আনক ৰাস্তা দেখুৱাব লাগে। পতিত-পাৱন শিৱবাবাৰ আগমন হৈছে। তেওঁ বুজায় - মই তোমালোকৰ পিতা হওঁ। এনেকৈ কোনো মনুষ্যই ক’ব নোৱাৰে যে মই তোমালোকৰ বেহদৰ পিতা হওঁ। পিতাইহে বুজনি দিয়ে - মই 5 হাজৰ বছৰ পূৰ্বে আহিছিলোঁ। তোমালোকক এইষাৰ কথাই কৈছিলোঁ যে মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। মোক পতিত-পাৱন পিতাক স্মৰণ কৰিলেহে তোমোলোক পতিতৰ পৰা পাৱন হ’বা, পতিতৰ পৰা পাৱন হোৱাৰ আৰু কোনো উপায় নাই। পতিত-পাৱন হয়েই এজন পিতা। কৃষ্ণক ভগৱান বুলি ক’ব নোৱাৰি। গীতাৰ ভগৱান এজন পতিত-পাৱন, পুনৰ্জন্ম ৰহিত। প্ৰথম কথা এইটো লিখিবলৈ দিয়া। ডাঙৰ ডাঙৰ ব্যক্তিৰ লিখনি দেখিলে বুজিব যে ঠিকেই। কোনোবা সাধাৰণ ব্যক্তিৰ লিখনি দেখিলে ক’ব যে ব্ৰহ্মাকুমাৰীয়ে এওঁক যাদু কৰি দিলে, সেইবাবে লিখিছে, কিন্তু ডাঙৰ ব্যক্তিৰ ক্ষেত্ৰত এনেকৈ নক’ব। তোমালোকে যিয়েই কোৱা তেতিয়া ভাবে যে সৰু মুখ বৰ বৰ কথা কয়, কি ভগৱান আহিছে। এনেকৈ তোমালোক সন্তানসকলে কেৱল ক’ব নালাগে যে ভগৱান আহিছে, ইয়াৰ দ্বাৰাতো কোনেও বুজি নাপাব, বৰঞ্ছ হাঁহিবহে। এইটো বুজাব লাগে যে দুজন পিতা আছে। আগতেই তৎক্ষণাৎ চিধাচিধি ক’ব নালাগে যে ভগৱান আহিছে, কিয়নো আজিকালি জগতততো নিজকে ভগৱান বুলি কওঁতা বহুত হৈ গৈছে। সকলোৱে নিজকে ভগৱানৰ অৱতাৰ বুলি ভাবে গতিকে যুক্তিৰে দুজন পিতাৰ ৰহস্য বুজাব লাগে। এজন হৈছে হদৰ পিতা আনজন হৈছে বেহদৰ পিতা। পিতাৰ নাম হৈছে শিৱ। তেওঁ সকলো আত্মাৰে পিতা গতিকে নিশ্চয় সন্তানসকলক উত্তৰাধিকাৰ দিয়ে। শিৱ জয়ন্তীও পালন কৰে। তেৱেঁই আহি স্বৰ্গৰ স্থাপনা কৰে গতিকে নিশ্চয় নৰকৰ বিনাশ হ’ব লাগিব। তাৰো চিন - এই মহাভাৰতৰ যুদ্ধ। বাকী কেৱল ভগৱান আহিছে বুলি ক’লে কোনেও নুবুজিব। নাগাৰা বজাই থাকে। এনেকুৱা ওলোটা সেৱা কৰিলে আৰুহে সেৱাত শিথিলতা আহি যায়। এফালে কয় - ভগৱান আহিছে, ভগৱানে পঢ়ায় আকৌ গৈ বিয়া পাতেগৈ। তেন্তে জগতৰ লোকে ক’ব তোমাৰ আকৌ কি হ’ল। তুমিতো কৈছিলা ভগৱানে পঢ়ায়। তেতিয়া কয় - মই যি শুনিছিলোঁ সেয়া কৈ দিলোঁ। নিজৰ সন্তানৰ পৰা অনেক প্ৰকাৰৰ বিঘিনিও আহে, যেনেকৈ হিন্দু ধৰ্মাৱলম্বীয়ে নিজেই নিজক চৰ মাৰিলে নহয় জানো। বাস্তৱত হৈছে দেৱী-দেৱতা ধৰ্মৰ কিন্তু কৈ দিয়ে যে আমি হিন্দু। নিজেই নিজক চৰ মাৰিলে নহয় জানো। এতিয়া তোমালোকে জানা যে আমিয়েই পূজ্য আছিলোঁ তেতিয়া শ্ৰেষ্ঠ কৰ্ম, শ্ৰেষ্ঠ ধৰ্ম আছিল। আসুৰি মতত ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’লোঁ। আমিয়েই আসুৰি মায়াৰ মতেৰে নিজৰ ধৰ্মৰ গ্লানি আৰম্ভ কৰোঁ, সেইকাৰণে বাবাই নিজেই কৈছে - সেয়া হৈছে আসুৰি সম্প্ৰদায়। এয়া হৈছে দৈৱী সম্প্ৰদায়, যাক মই ৰাজযোগ শিকাওঁ। এতিয়া হৈছে কলিযুগ। যিসকলে আহি এই জ্ঞান শুনে, তেওঁলোক অসুৰৰ পৰা পৰিৱৰ্তন হৈ দেৱতা হয়। এই জ্ঞান হয়েই দেৱতা হ’বৰ বাবে। 5 বিকাৰৰ ওপৰত জয়ী হ’লে দেৱতা হয়, বাকী অসুৰ আৰু দেৱতাসকলৰ মাজত কোনো যুদ্ধ হোৱা নাছিল। এয়াও ভুল কৰি দিছে আকৌ দেখুৱায়, যাৰ পক্ষত সাক্ষাৎ ভগৱান আছে তেওঁলোকৰ বিজয় হ’ল, তাত নাম কৃষ্ণৰ দি দিছে। বাস্তৱত তোমালোকৰ হৈছে মায়াৰ সৈতে যুদ্ধ। পিতাই কিমান কথা বহি বুজায় কিন্তু এনেকুৱা তমোপ্ৰধান যে একেবাৰে বুজিয়েই নাপায়। পিতাক স্মৰণ কৰিব নোৱাৰে। বুজিও পায় যে আমাৰ এনেকুৱা তমোপ্ৰধান বুদ্ধি যে স্মৃতি স্থায়ী হৈ নাথাকে, সেইকাৰণে ওলোটা কাম কৰি থাকোঁ। ভাল ভাল সন্তানেও একেবাৰে স্মৰণ নকৰে। লক্ষণ শুধৰণিয়েই নকৰে, সেইকাৰণে সেৱাৰ উদ্দীপনা নাজাগে। পিতাই কয় - দেহ সহিত দেহৰ যি সম্বন্ধ আছে, তাক মাৰা অথবা পাহৰি যোৱা। এতিয়া ‘মাৰা’ শব্দটি বাস্তৱত নাই। এনেকৈ কয় তুমি মৰি গ’লা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। এয়া পিতাই বহি বুজায়। বুদ্ধিৰে পাহৰি যাব লাগে যিহেতু তোমালোক মোৰ হৈছা গতিকে এই সকলোবোৰ পাহৰি যোৱা, এজন পিতাক স্মৰণ কৰা। যেনেদৰে কোনো বেমাৰীৰ অৱস্থা আশাশূন্য হৈ গ’লে তেতিয়া তেওঁৰ পৰা মমত্ব আঁতৰাবলগীয়া হয়। তেতিয়া তেওঁক কয় ‘ৰাম’ ‘ৰাম’ বুলি কোৱা, পিতায়ো কয় - এই জগতৰ এতিয়া আশাশূন্য অৱস্থা। এইখন নাশ হ’বই, সকলোৰে মৃত্যু হ’ব, সেইকাৰণে ইয়াৰ পৰা মমত্ব আঁতৰোৱা। তেওঁলোকেতো ‘ৰাম’ ‘ৰাম’ উচ্চাৰণ কৰে। ইয়াততো এজনৰ কথা নহয়। গোটেই জগতখনেই বিনাশ হ’ব সেইকাৰণে তোমালোকক এটাই মন্ত্ৰ দিওঁ – মামেকম্‌ স্মৰণ কৰা। ভিন্ন ভিন্ন প্ৰকাৰেৰে কিমান বুজনি দি থকা হয়। এতিয়া পুৰুষোত্তম মাহ আহিল গতিকে পুৰুষোত্তম যুগৰ ওপৰতো বুজনি দি থাকে। বুজাবৰ বাবে বহুত বুদ্ধিমান হোৱা উচিত। ধাৰণা ভাল হ’ব লাগে। কোনো পাপ কৰ্ম কৰিব নালাগে। অনুমতি নোহোৱাকৈ কোনো বস্তু উঠাই লোৱা, খোৱা এয়াও বহুত গুপ্ত পাপ। নিয়ম বহুত কাঢ়া, পাপ কৰে তথাপি নকয়, তেতিয়া পাপ বৃদ্ধি হৈ থাকে। ইয়াততো তোমালোক সন্তানসকল পুণ্য আত্মা হ’ব লাগে। মোৰ পুণ্য আত্মাৰ প্ৰতি স্নেহ আছে, পাপ আত্মাৰ প্ৰতি বিৰোধ আছে। ভক্তি মাৰ্গতো জানে যে ভাল কৰ্ম কৰিলে ভাল ফল পাব সেইকাৰণে দান-পুণ্য আদি ভাল কৰ্ম কৰে নহয় জানো। এয়া নাটক হয় তথাপিও কয় ভগৱানে ভাল কৰ্মৰ ভাল ফল দিয়ে। পিতাই কয় - মই বহি কেৱল এইটো বেপাৰ কৰোঁ জানো। এয়াতো সকলো নাটকত নিৰ্ধাৰিত হৈ আছে। নাটক অনুসৰি পিতা নিশ্চয় আহিব লাগে।

পিতাই কয় - মই আহি সকলোকে মাৰ্গ-দৰ্শন কৰিবলগীয়া হয়। বাকী ইয়াত কৃপা আদিৰ কোনো কথা নাই। কোনো কোনোৱে লিখে বাবা আপোনাৰ কৃপা হ’লে মই আপোনাক কেতিয়াও নাপাহৰিম। পিতাই কয় - মই কেতিয়াও কৃপা আদি নকৰোঁ, এয়াতো ভক্তি মাৰ্গৰ কথা। তোমালোকে নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব। ভক্তি মাৰ্গৰ কথাবোৰ জ্ঞান মাৰ্গত নহয়। জ্ঞান মাৰ্গ হয়েই পঢ়া। শিক্ষকে জানো কাৰোবাৰ ওপৰত কৃপা কৰিব। প্ৰত্যেকেই পঢ়িব লাগে। পিতাই শ্ৰীমত দিয়ে, সেই অনুসৰি চলিব লাগে নহয় জানো। কিন্তু নিজৰ মতত চলা কাৰণে একোৱেই সেৱা নকৰে। সন্তানসকল একেবাৰে পুণ্য আত্মা হ’ব লাগে। অলপো যাতে কোনো পাপ নহয়। বহুত সন্তানে নিজৰ পাপ কেতিয়াও নকয়। পিতায়ো কয় - তেওঁলোকে উচ্চ পদ কেতিয়াও পাব নোৱাৰে। গায়ন কৰা হৈছে - আৰোহণ কৰিলে বৈকুণ্ঠৰ ৰস পান কৰে, অধঃপতন হ’লে চূৰ্ণ-বিচূৰ্ণ হৈ যায়.... সন্তানসকলে জানে বহুত উচ্চ পদমৰ্যাদা। অধঃপতিত হ’লে কোনো কামৰ হৈ নাথাকে। অশুদ্ধ অহংকাৰ হৈছে প্ৰথম নম্বৰ, তাৰপাছত কাম, ক্ৰোধ, লোভো কম নহয়। লোভ, মোহেও সৰ্বনাশ কৰি দিয়ে। সন্তান আদিৰ প্ৰতি মোহ থাকিলে তেতিয়া সেয়াই স্মৃতিলৈ আহি থাকিব। আত্মাইতো কয় - মোৰতো একমাত্ৰ শিৱবাবা, অন্য কোনো নাই, অন্য কোনো যাতে স্মৃতিলৈ নাহে - এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। এই সকলোবোৰতো নাশ হৈ যাব। বিনাশ সমাগত, উত্তৰাধিকাৰতো ল’ব নোৱাৰিব। ইয়াৰ প্ৰতি কি মোহ ৰাখিব লাগে। এনেদৰে নিজৰ সৈতে কথা পাতিব লাগে। গোটেই সৃষ্টিক বুদ্ধিৰে পাহৰিব লাগে। এইবোৰতো সকলো নাশ হ’বই। ধুমুহা এনেকৈ আহিব যে একেবাৰে নাশ হৈ যাব। ক’ৰবাত জুই লাগিলে আৰু বতাহ জোৰেৰে বলিলে তেতিয়া তৎক্ষণাৎ একেবাৰে নাশ কৰি দিয়ে। আধা ঘণ্টাত 100-150 জুপুৰি ঘৰ নাশ কৰি দিয়ে। তোমালোকে জানা যে এই খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত জুই লাগিবই, নহ’লে ইমানবিলাক মনুষ্য কেনেকৈ মৰিব। যিসকল ভাল সন্তান, লক্ষণো ভাল তেওঁলোকে সেৱাও ভালকৈ কৰে। তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে। পূৰা নিচাতো অন্তিম সময়ত থাকিব, যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তথাপিও পুৰুষাৰ্থ কৰি থাকে। বাৰানসীত শিৱৰ মন্দিৰলৈতো অনেক যায় কিয়নো তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। তাত শিৱৰ বহুত ভক্তি কৰে। বাবাইতো কৈ থাকে তালৈ গৈ তেওঁলোকক বুজোৱা। এই শিৱ ভগৱানে এই লক্ষ্মী-নাৰায়ণক এই উত্তৰাধিকাৰ দিয়ে। সংগমতেই এই উত্তৰাধিকাৰ তেওঁৰ পৰা পাইছে। এনেকৈ বুজালে তেতিয়া ব্ৰহ্মা-সৰস্বৰতীৰো বুজনি আহি যায়। চিত্ৰসমূহৰ ওপৰত অতি স্পষ্টকৈ বুজাব পাৰে। তেওঁলোকে এই ৰাজ্য কেনেকৈ পালে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত ভক্তিমাৰ্গ নাছিল। এনেকৈ ক'ব যে ভক্তিতো অনাদি আছেই। এতিয়া তোমালোকে কিমান জ্ঞান পাইছা তেন্তে নিচা বাঢ়িব লাগে নহয় জানো। আমাক ভগৱানে পঢ়াই আছে, 21 জন্মৰ ৰাজ্য-ভাগ্য দিবৰ বাবে। তোমালোক বিদ্যাৰ্থী নোহোৱা জানো। যাৰ নিশ্চয় হ'ব যে এই ব্ৰহ্মাকুমাৰীসকলে যাৰ পৰা শুনি আমাক নিশ্চয় কৰায় তেওঁলোক নিজে কি হ'ব। এনহেন পিতাকতো আগতে সাক্ষাৎ কৰোঁ। যেতিয়ালৈকে পূৰা নিশ্চয় নহ'ব তেতিয়ালৈকে আগবাঢ়ি নাহিব। নিশ্চয় হোৱাসকলহে তৎক্ষণাৎ দৌৰি আহিব। এনেহেন পিতাক ওচৰলৈ গৈ সাক্ষাৎ কৰোঁ, এৰি নিদিব। বচ্‌ বাবা মইতো আপোনাৰ হৈ গ'লোঁ, মই ক’লৈকো নাযাওঁ। গীতো আছে নহয় – লাগিলে মৰম কৰা বা প্ৰত্যাখ্যান কৰা। এই পাগল প্ৰেমাষ্পদে তোমাৰ দ্বাৰ ত্যাগ নকৰে। তথাপিও বহুৱাই ৰাখিবতো নোৱাৰোঁ। সেৱাৰ বাবে পঠিয়াই দিবলগীয়া হয়। গাৰ্হস্থ্য ব্যৱহাৰত থাকিও কমল ফুলৰ সমান হ'ব লাগে। এনেকৈ লিখিও দিয়ে আকৌ বাহিৰলৈ গ’লে মায়াৰ চক্ৰত আহি যায়। মায়া ইমান শক্তিশালী। মায়াই বহুত বিঘিনি আনে। সৰু বন্তিগছিত মায়াৰ কিমান ধুমুহা আহে। এই গীতসমূহৰো সাৰ পিতাই আহি বুজায়। তোমালোকৰ পুৰুষোত্তম যুগ চলি আছে। ভক্তসকলৰ পুৰুষোত্তম মাহ পাৰ হৈ গ'ল। পিতাই কয় - এই সংগমযুগতেই মই আহোঁ, পতিতসকলক পাৱন কৰি তুলিবলৈ। বুজনি কিমান ভাল।

বাৰু - দিনে-প্ৰতিদিনে সেৱাৰ বৃদ্ধিৰ বাবে নতুন নতুন উপায় ওলাই থাকিব। ভাল ভাল চিত্ৰ তৈয়াৰ হৈ থাকিব। এনেকৈ কয় নহয় যে লাহে-ধীৰে কৰা কাম ভাল হয়। তৈয়াৰী বস্তু পোৱা যায়, যাৰ দ্বাৰা তৎক্ষণাৎ কোনোৱে বুজিব পাৰে। ছিৰিৰ চিত্ৰ বহুত ভাল। এই সময়ত কোনেও এনেকৈ ক'ব নোৱাৰে যে আমি পাৱন হওঁ‌। পাৱন সৃষ্টি সত্যযুগকহে কোৱা হয়। পাৱন সৃষ্টিৰ মালিক হৈছে এই লক্ষ্মী-নাৰায়ণ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অলপো যাতে কোনো ডাঙৰ বা সূক্ষ্ম পাপ নহয়, ইয়াৰ প্ৰতি বহুত ধ্যান ৰাখিব লাগে। কেতিয়াও কোনো বস্তু লুকুৱাই ল'ব নালাগে। লোভ মোহৰ পৰাও সাৱধান হৈ থাকিব লাগে।

(2) অশুদ্ধ অহংকাৰ যি সৰ্বনাশ কৰোঁতা হয়, সেয়া ত্যাগ কৰিব লাগে। একমাত্ৰ পিতাৰ বাহিৰে অন্য একোৱে যাতে স্মৃতিলৈ নাহে, এয়াই পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
দেহৰ বোধ অৰ্পণ কৰি সমৰ্পিত হওতা যোগযুক্ত, বন্ধনমুক্ত হোৱা

যিয়ে দেহ-অভিমান অৰ্পণ কৰে, তেওঁৰ প্ৰতিটো কৰ্ম দৰ্পণ হৈ যায়। যেনেকৈ কোনো বস্তু অৰ্পণ কৰাৰ পাছত সেই অৰ্পণ কৰা বস্তুটো নিজৰ বুলি ভবা নহয়, তেনেকৈ দেহৰ বোধো অৰ্পণ কৰাৰ ফলত যেতিয়া নিজৰ বোধ আঁতৰি যায়, তেতিয়া আসক্তিও নোহোৱা হয়। তেওঁলোককহে সম্পূৰ্ণ সমৰ্পিত বুলি কোৱা হয়। এনেকৈ সমৰ্পিত হোৱাসকল সদায় যোগযুক্ত আৰু বন্ধনমুক্ত হয়। তেওঁলোকৰ প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম যুক্তিয়ুক্ত হয়।

স্লোগান:
সৰ্বশক্তিমানক সংগী কৰি লোৱা তেতিয়া সফলতা তোমালোকৰ চৰণত আহি যাব।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

নিজক সদায় দাতা বা মহাদানী বুলি বুজা। মহাজ্ঞানী হোৱাৰ পাছত মহাদানীৰ কৰ্তব্য চলে। মহাজ্ঞানীৰ পৰিচয় মহাদানী হোৱাৰ পৰাই পোৱা যায়। এতিয়া তোমালোকৰ মূৰ্তত (চেহেৰাত) এনেকুৱা জেউতি চৰিব লাগে যাতে কোনো নিজৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাৰ পৰা বঞ্চিত হৈ নাথাকে। এনেকৈ নিজক দাতাৰ সন্তান দাতা বুলি বুজিব লাগে, দিওতাৰ যি নিচা আৰু ৰেঙনি থাকে, এতিয়া সেই সংস্কাৰসমূহ জাগ্ৰত কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]