18.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে পিতাৰ দ্বাৰা সন্মুখত পঢ়ি আছা, তোমালোক সত্যযুগী বাদশ্বাহীৰ লায়ক হ’বলৈ
পৱিত্ৰ নিশ্চয় হ’ব লাগে”
প্ৰশ্ন:
পিতাৰ কোনটো
বৃত্তিক তোমালোক সন্তানসকলেহে জানা?
উত্তৰ:
তোমালোকে জানা যে আমাৰ পিতা, পিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। পিতা কল্পৰ সংগমযুগত
আহে, পুৰণি সৃষ্টিক নতুন কৰিবলৈ, এক আদি সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পিতাই এতিয়া
আমাক সন্তানসকলক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ পঢ়াই আছে। পিতাৰ এই বৃত্তিৰ
বিষয়ে আমাৰ বাহিৰে অন্য কোনেও নাজানে।
গীত:
ভোলেনাথ সে
নিৰালা...... (ভোলানাথতকৈ অনন্য……)
ওঁম্শান্তি।
‘ওঁম্
শান্তি’ৰ অৰ্থতো সন্তানসকলক বাৰে বাৰে বুজোৱা হৈছে। ‘ওঁম্’ মানে মই আত্মা আৰু এইটো
মোৰ শৰীৰ। শৰীৰেও ক’ব পাৰে যে এইটো মোৰ আত্মা। যেনেকৈ শিৱবাবাই কয় - তোমালোক মোৰ
হোৱা। সন্তানসকলে কয় - বাবা আপুনি আমাৰ। তেনেকৈ আত্মায়ো কয় - মোৰ শৰীৰ। শৰীৰে ক’ব –
মোৰ আত্মা। এতিয়া আত্মাই জানে - মই অবিনাশী। আত্মা অবিহনে শৰীৰে একো কৰিব নোৱাৰে।
শৰীৰতো আছে, কয় যে মোৰ আত্মাক কষ্ট নিদিবা। মোৰ আত্মা পাপ আত্মা নে মোৰ আত্মা পুণ্য
আত্মা। তোমালোকে জানা - মোৰ আত্মা সত্যযুগত পুণ্য আত্মা আছিল। আত্মাই নিজেও ক’ব -
মই সত্যযুগত সতোপ্ৰধান অথবা সঁচা সোণ আছিলোঁ। আচলতে সোণ নহয়, এইটো এটা দৃষ্টান্ত
দিয়া হয়। আমি আত্মা পৱিত্ৰ আছিলোঁ, সোণালী যুগৰ আছিলোঁ। এতিয়াতো অপৱিত্ৰ বুলি কয়।
বিশ্ববাসীয়ে এইটো নাজানে। তোমালোকেতো শ্ৰীমত পোৱা। তোমালোকে এতিয়া জানা যে আমি আত্মা
সতোপ্ৰধান আছিলোঁ, এতিয়া তমোপ্ৰধান হৈছোঁ। প্ৰতিটো বস্তুৰে এনেকুৱা হয়। বালক, যুৱক,
বৃদ্ধ.......... প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি নিশ্চয় হয়। সৃষ্টিও প্ৰথমে
স্বৰ্ণিমযুগী সতোপ্ৰধান আছিল পাছত তমোপ্ৰধান লৌহযুগী হ’ল, সেইবাবে দুখী। সতোপ্ৰধান
মানে শুধৰণি হোৱা অৱস্থা, তমোপ্ৰধান মানে নষ্ট হোৱা অৱস্থা। গীততো কয়, নষ্ট হোৱা
জনক শুধৰাওঁতা........ পুৰণি সৃষ্টি নষ্ট হৈছে কিয়নো ৰাৱণৰাজ্য হয় আৰু সকলো পতিত।
সত্যযুগত সকলো পাৱন আছিল, তাক নতুন নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। এয়া হৈছে পুৰণি
বিকাৰী বিশ্ব। এতিয়া কলিযুগ। এই সকলোবোৰ কথা কোনো বিদ্যালয়, মহাবিদ্যালয়ত পঢ়োৱা নহয়।
ভগৱান আহি পঢ়ায় আৰু ৰাজযোগ শিকায়। ‘গীতা’ত লিখা আছে ভগৱানুবাচ – শ্ৰীমত ভাগৱত গীতা।
শ্ৰীমত মানে শ্ৰেষ্ঠ মত। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ উচ্চতকৈও উচ্চ হৈছে ভগৱান। তেওঁৰ সঠিক
নাম হৈছে ‘শিৱ’। ৰুদ্ৰ জয়ন্তী বা ৰুদ্ৰ ৰাত্ৰি কেতিয়াও শুনা নাই। শিৱৰাত্ৰি বুলি কয়।
শিৱতো নিৰাকাৰ। এতিয়া নিৰাকাৰৰ ৰাত্ৰি বা জয়ন্তী কেনেকৈ পালন কৰা হ’ব। শ্ৰীকৃষ্ণৰ
জয়ন্তীতো ঠিকে আছে। অমুকৰ সন্তান, তেওঁৰ তিথি তাৰিখ দেখুৱায়। শিৱৰ ক্ষেত্ৰততো কোনেও
নাজানে যে কেতিয়া জন্ম হ’ল। এইটোতো জনা উচিত নহয় জানো। এতিয়া তোমালোকে বোধশক্তি
পাইছা যে শ্ৰীকৃষ্ণই সত্যযুগৰ আদিত কেনেকৈ জন্ম ল’লে। তোমালোকে ক’বা তেওঁৰতো 5
হাজাৰ বছৰ হ’ল। তেওঁলোকেও কয় যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল।
ইছলামধৰ্মীসকলৰ পূৰ্বে চন্দ্ৰবংশী, তেওঁলোকৰ পূৰ্বে সূৰ্যবংশী আছিল। শাস্ত্ৰত
সত্যযুগক লাখ লাখ বছৰ দি দিছে। ‘গীতা’ হৈছে মুখ্য। গীতাৰ দ্বাৰাই দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা হ’ল। সেয়া সত্যযুগ-ত্ৰেতালৈকে চলিল অৰ্থাৎ গীতা শাস্ত্ৰৰ দ্বাৰা আদি
সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা, পৰমপিতা পৰমাত্মাই কৰিলে। তাৰপাছত আধাকল্প কোনো
শাস্ত্ৰ নাথাকিল, কোনো ধৰ্ম প্ৰতিষ্ঠাপক নাথাকিল। পিতা আহি ব্ৰাহ্মণসকলক
দেৱতা-ক্ষত্ৰিয় কৰি তুলিলে। অৰ্থাৎ পিতাই 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। এইটো হৈছে
অতিৰিক্ত ধৰ্ম। ইয়াৰ আয়ুস কম। গতিকে সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতা ভগৱানে শুনাইছে। পিতা
পুনৰ্জন্মত নাহে। জন্ম হয়, কিন্তু পিতাই কয়, মই গৰ্ভত নাহোঁ। মোৰ প্ৰতিপালন নহয়।
সত্যযুগতো যিসকল সন্তান থাকে তেওঁলোক গৰ্ভ মহলত থাকে। ৰাৱণৰাজ্যত গৰ্ভ কাৰাগাৰত
আহিবলগীয়া হয়। পাপৰ শাস্তি কাৰাগাৰত ভোগ কৰে। গৰ্ভত প্ৰতিজ্ঞা কৰে, মই আৰু পাপ নকৰোঁ,
কিন্তু এইখন হয়েই পাপ আত্মাৰ জগত। বাহিৰলৈ অহাৰ পাছত পুনৰ পাপ কৰিবলৈ লাগি যায়। তাৰ
কথা তাতেই থাকিল… ইয়াতো বহুতে প্ৰতিজ্ঞা কৰে মই পাপ নকৰোঁ। ইজনে-সিজনৰ ওপৰত কাম
কটাৰী নচলাওঁ (বিকাৰত ঠেলি নিদিওঁ) কিয়নো বিকাৰে আদি-মধ্য-অন্ত দুখ দিয়ে। সত্যযুগত
বিষ নাই। গতিকে মনুষ্যই আদি-মধ্য-অন্ত 21 জন্ম দুখ নাপায় কিয়নো ৰামৰাজ্য হয়। পুনৰ
তাৰ স্থাপনা এতিয়া পিতাই পুনৰাই কৰি আছে। সংগমতহে স্থাপনা হ’ব নহয়। যিসকল ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ আহে তেওঁলোকে কোনো পাপ কৰিব নালাগে। আধা সময় হৈছে পুণ্য আত্মা, আকৌ
আধা সময়ৰ পাছত পাপ আত্মা হয়। তোমালোক সত্যযুগ ত্ৰেতাত পুণ্য আত্মা হৈ থাকা, পাছত
পাপ আত্মা হোৱা। সতোপ্ৰধান আত্মা যেতিয়া ওপৰৰ পৰা আহে তেতিয়া তেওঁলোকে শাস্তি পাব
নোৱাৰে। যীশুখ্ৰীষ্টৰ আত্মা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল, তেওঁ কোনো শাস্তি পাব
নোৱাৰে। এনেকৈ কয় – যীশুখ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰিলে কিন্তু তেওঁৰ আত্মাই কোনো বিকৰ্ম
আদি কৰাই নাই। তেওঁ যাৰ শৰীৰত প্ৰৱেশ কৰে তেওঁ দুখ পায়। তেওঁ সহ্য কৰে। যেনেকৈ এওঁৰ
(ব্ৰহ্মাৰ) শৰীৰত বাবা আহে, তেওঁতো হয়েই সতোপ্ৰধান। যিকোনো দুখ কষ্ট এওঁৰ (ব্ৰহ্মাৰ)
আত্মাৰ হয়, শিৱবাবাৰ নহয়। তেওঁতো সদায় সুখ-শান্তিত থাকে। সৰ্বদা সতোপ্ৰধান। কিন্তু
আহেতো এই পুৰণি শৰীৰত। তেনেকৈ যীশুখ্ৰীষ্টৰ আত্মাই যাৰ শৰীৰত প্ৰৱেশ কৰিলে সেই
শৰীৰৰ দুখ হ’ব পাৰে, যীশুখ্ৰীষ্টৰ আত্মাই দুখ ভোগ কৰিব নোৱাৰে কিয়নো সতো-ৰজো-তমোত
আহে। নতুন নতুন আত্মা আহিওতো থাকে নহয়। তেওঁলোকে প্ৰথমে নিশ্চয় সুখ ভোগ কৰিব লাগে,
দুখ ভোগ কৰিব নোৱাৰে। বিধিয়ে নকয়। এওঁৰ শৰীৰত বাবা বহি আছে যিকোনো কষ্ট এওঁৰ (ব্ৰহ্মাৰ)
হয় শিৱবাবাৰ নহয়। কিন্তু এই কথাবোৰ তোমালোকে জানা অন্য কোনেও গম নাপায়।
এই সকলো ৰহস্য এতিয়া
পিতাই বহি বুজায়। এই সহজ ৰাজযোগৰ দ্বাৰাই স্থাপনা হৈছিল আকৌ ভক্তিমাৰ্গত এই
কথাবোৰৰেই গায়ন কৰা হয়। এই সংগমত যিবোৰ হয়, তাৰ গায়ন কৰা হয়। ভক্তিমাৰ্গ আৰম্ভ হ’লে
তেতিয়া আকৌ শিৱবাবাৰ পূজা হয়, পোন-প্ৰথমে ভক্তি কোনে কৰে, সেই লক্ষ্মী-নাৰায়ণেই
যেতিয়া ৰাজ্য কৰিছিল তেতিয়া পূজ্য আছিল পাছত বাম (বিকাৰী) মাৰ্গত আহি যায় তেতিয়া আকৌ
পূজ্যৰ পৰা পূজাৰী হৈ যায়। পিতাই বুজায়, তোমালোক সন্তানসকলৰ প্ৰথমতে বুদ্ধিত উদয়
হ’ব লাগে যে নিৰাকাৰ পৰমপিতা পৰমাত্মাই এওঁৰ দ্বাৰা আমাক পঢ়ায়। গোটেই বিশ্বৰ অন্য
কোনো ঠাইত এনেকুৱা হ'ব নোৱাৰে য'ত এনেকৈ বুজোৱা হয়। পিতাহে আহি ভাৰতক পুনৰ স্বৰ্গৰ
উত্তৰাধিকাৰ দিয়ে। ত্ৰিমূৰ্তিৰ চিত্ৰত তলত লিখা আছে - দৈৱী বিশ্বৰ সাৰ্বভৌমত্ব
তোমালোকৰ ঈশ্বৰীয় পিতাৰ জন্মসিদ্ধ অধিকাৰ। শিৱবাবা আহি তোমালোক সন্তানসকলক স্বৰ্গৰ
বাদশ্বাহীৰ উত্তৰাধিকাৰ দি আছে, লায়ক কৰি আছে। তোমালোকে জানা বাবাই আমাক লায়ক কৰি
আছে, আমি পতিত আছিলোঁ নহয় জানো। পাৱন হৈ গ'লে তেতিয়া এই শৰীৰ নাথাকিব। ৰাৱণৰ দ্বাৰা
আমি পতিত হ'লোঁ আকৌ পৰমপিতা পৰমাত্মাই পাৱন কৰি পাৱন সৃষ্টিৰ মালিক কৰি তোলে।
তেঁৱেই জ্ঞানৰ সাগৰ পতিত-পাৱন। এই নিৰাকাৰ বাবাই আমাক পঢ়াই আছে। সকলোৱেতো একেলগে
পঢ়িব নোৱাৰে। সন্মুখত তোমালোক কিছুসংখ্যক বহি আছা বাকী সকলো সন্তানে জানে - এতিয়া
শিৱবাবাই ব্ৰহ্মাৰ শৰীৰত বহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছে। সেই মুৰুলী
লিখিত ৰূপত আহিব। অন্য সৎসঙ্গত এনেকৈ জানো বুজিব। আজিকালি ‘টেপ’ মেচিনো ওলাল
সেইকাৰণে বাণীবদ্ধ কৰি পঠিয়াই দিয়ে। তেওঁলোকে ক'ব অমুক নামৰ গুৰুৱে শুনায়, বুদ্ধিত
মনুষ্যহে থাকে। ইয়াততো তেনেকুৱা কথা নাই। এওঁ নিৰাকাৰ পিতাতো জ্ঞানপূৰ্ণ হয়।
মনুষ্যক জ্ঞানপূৰ্ণ বুলি কোৱা নহয়। গায়ন কৰে - ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ,
শান্তিৰে পৰিপূ্ৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ গতিকে তেওঁৰ উত্তৰাধিকাৰো লাগে নহয়। তেওঁৰ
যিবোৰ গুণ আছে সেয়া সন্তানসকলে পোৱা উচিত, এতিয়া পাই আছে। গুণবোৰ ধাৰণ কৰি আমি
লক্ষ্মী-নাৰায়ণৰ নিচিনা হৈ আছোঁ। সকলোৱেতো ৰজা-ৰাণী নহ’ব। গায়ন কৰা হয় - ৰজা-ৰাণী,
মন্ত্ৰী (পৰামৰ্শদাতা)…. তাত মন্ত্ৰীও নাথাকে। মহাৰজা-মহাৰাণীসকলৰ শক্তি থাকে।
যেতিয়া বিকাৰী হয় তেতিয়া মন্ত্ৰী আদি থাকে। আগতে মিনিষ্টাৰ আদিও নাছিল। তাততো এক
ৰজা-ৰাণীৰ ৰাজ্য চলিছিল। তেওঁলোকক মন্ত্ৰীৰ কি দৰকাৰ, ৰায় লোৱাৰ দৰকাৰ নাই, যিহেতু
নিজেই মালিক। এয়া হৈছে ইতিহাস-ভূগোল। কিন্তু প্ৰথমতেতো উঠোঁতে-বহোঁতে এইটো বুদ্ধিত
থাকিব লাগে যে আমাক পিতাই পঢ়ায়, যোগ শিকায়। স্মৃতিৰ যাত্ৰাত থাকিব লাগে। এতিয়া নাটক
পূৰা হ’ব, আমি একেবাৰে পতিত হৈ গ’লোঁ। কিয়নো বিকাৰগ্ৰস্ত হওঁ সেইকাৰণে পাপ আত্মা
বুলি কোৱা হয়। সত্যযুগত পাপ আত্মা নাথাকে। তাত থাকে পুণ্য আত্মাসকল। সেয়া হৈছে
প্ৰালব্ধ, যাৰ কাৰণে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। তোমালোকৰ হৈছে স্মৃতিৰ
যাত্ৰা, যাক ভাৰতৰ যোগ বুলি কোৱা হয়। কিন্তু অৰ্থতো বুজি নাপায়, এনেকৈ ভাবে যে যোগ
অৰ্থাৎ স্মৃতি। যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয় পাছত এই শৰীৰ এৰি ঘৰলৈ গুচি যাব, তাক
মিঠা ঘৰ বুলি কোৱা হয়। আত্মাই কয় - আমি সেই শান্তিধামৰ নিবাসী। আমি তাৰ পৰা অশৰীৰী
হৈ আহিছোঁ, ইয়াত ভূমিকা পালন কৰিবলৈ শৰীৰ লৈছোঁ। এইটোও বুজোৱা হৈছে, মায়া 5 বিকাৰক
কোৱা হয়। এয়া হৈছে পাচোঁটা ভূত। কামৰ ভূত, ক্ৰোধৰ ভূত, এক নম্বৰত হৈছে দেহ-অভিমানৰ
ভূত। পিতাই বুজায় – সত্যযুগত এই বিকাৰ নাথাকে, সেইখনক নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা
হয়। বিকাৰী সৃষ্টিক নিৰ্বিকাৰী কৰি তোলা, এয়াতো পিতাৰহে কাম। তেওঁকহে সৰ্বশক্তিমান
জ্ঞানৰ সাগৰ, পতিত-পাৱন বুলি কোৱা হয়। বৰ্তমান সময়ত সকলো ভ্ৰষ্টাচাৰেৰে জন্ম হয়।
সত্যযুগতহে নিৰ্বিকাৰী জগত থাকে। পিতাই কয় - এতিয়া তোমালোক বিকাৰীৰ পৰা নিৰ্বিকাৰী
হ’ব লাগে। এনেকৈ কয় যে ইয়াৰ অবিহনে সন্তান কেনেকৈ জন্ম হ’ব। পিতাই বুজায় - এতিয়া
তোমালোকৰ এইটো হৈছে অন্তিম জন্ম। মৃত্যুলোকেই নাশ হৈ যাব আকৌ ইয়াৰ পাছত বিকাৰী লোক
নাথাকিব সেইকাৰণে পিতাৰ ওচৰত পৱিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। কয় বাবা আমি আপোনাৰ
পৰা উত্তৰাধিকাৰ অৱশ্যে ল’ম। তেওঁলোকে মিছা প্ৰতিজ্ঞা কৰে। ঈশ্বৰ, যাৰ কাৰণে
প্ৰতিজ্ঞা কৰে, তেওঁকতো নাজানেই। তেওঁ কেতিয়া, কেনেকৈ আহে, তেওঁৰ নাম, ৰূপ, দেশ,
কাল কি, একো নাজানেই। পিতা আহি নিজৰ পৰিচয় দিয়ে। এতিয়া তোমালোকে পৰিচয় পাই আছা।
বিশ্বজুৰি কোনেও ঈশ্বৰ পিতাক নাজানে। আহ্বানো জনায়, পূজাও কৰে কিন্তু বৃত্তিক নাজানে।
এতিয়া তোমালোকে জানা - পৰমপিতা পৰমাত্মা আমাৰ পিতা, শিক্ষক, সৎগুৰু হয়। এয়া পিতাই
নিজে পৰিচয় দিছে যে মই তোমালোকৰ পিতা হওঁ। মই এইটো (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰিছোঁ।
প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়। কাৰ? ব্ৰাহ্মণসকলৰ। আকৌ তোমালোক
ব্ৰাহ্মণসকলে পঢ়ি দেৱতা হোৱাগৈ। মই আহি তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলোঁ।
পিতাই কয় - মই আহোঁৱেই - কল্পৰ সংগমযুগত। কল্প হৈছে 5 হাজাৰ বছৰৰ। এই সৃষ্টি চক্ৰতো
ঘূৰি থাকে। মই আহোঁ, পুৰণি সৃষ্টিক নতুন কৰিবলৈ। পুৰণি ধৰ্মবোৰৰ বিনাশ কৰাবলৈ মই আকৌ
আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। সন্তানসকলক পঢ়াওঁ। আকৌ তোমালোকে পঢ়ি
21 জন্মৰ কাৰণে মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। দেৱতাসকলতো সূৰ্যবংশী, চন্দ্ৰবংশী, প্ৰজা
সকলো হয়। বাকী পুৰুষাৰ্থ অনুসৰি উচ্চ পদ পাব। এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব
সেয়াই কল্প কল্পলৈ চলিব। বুজি পায় যে কল্পই কল্পই এনেকুৱা পুৰুষাৰ্থ কৰোঁ,
এনেকুৱাই পদ গৈ পাম। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমাক নিৰাকাৰ ভগৱানে
পঢ়ায়। তেওঁক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। স্মৃতি অবিহনে বিকৰ্ম বিনাশ হ'ব
নোৱাৰে। মনুষ্যই এইটোও গম নাপায় যে আমি কিমান জন্ম লওঁ। শাস্ত্ৰবিলাকত কোনোবাই মিছা
কথা লিখি দিছে - 84 লাখ জন্ম। এতিয়া তোমালোকে জানা 84 জন্ম হয়। এইটো হৈছে অন্তিমৰ
জন্ম, আকৌ আমি স্বৰ্গলৈ যাব লাগে। প্ৰথমে মূললোকলৈ গৈ আকৌ স্বৰ্গলৈ আহিম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ আগত
পৱিত্ৰ হোৱাৰ যি প্ৰতিজ্ঞা কৰিছা সেই প্ৰতিজ্ঞাত অটল হৈ থাকিব লাগে। কাম, ক্ৰোধ আদি
ভূতবোৰৰ ওপৰত অৱশ্যে বিজয় প্ৰাপ্ত কৰিব লাগে।
(2) চলোঁতে-ফুৰোঁতে,
প্ৰতিটো কাৰ্য কৰোঁতে পঢ়াওঁতা পিতাক স্মৃতিত ৰাখিব লাগে। এতিয়া নাটক পূৰা হ’বৰ হৈছে
সেইবাবে এই অন্তিম জন্মত পৱিত্ৰ নিশ্চয় হ’ব লাগে।
বৰদান:
সৰ্ব সম্পদেৰে
ভৰপূৰ হৈ নিজৰ চেহেৰাৰ দ্বাৰা সেৱা কৰোঁতা সঁচা সেৱাধাৰী হোৱা
যিসকল সন্তান সৰ্ব
সম্পদেৰে সদায় সম্পন্ন বা ভৰপূৰ হৈ থাকে তেওঁলোকৰ নয়ন আৰু মস্তকৰ দ্বাৰা ঈশ্বৰীয়
নিচা প্ৰত্যক্ষ হয়। তেওঁলোকৰ চেহেৰাই সেৱা কৰে। যাৰ ওচৰত বেছি অথবা কম জমা হয় তেন্তে
সেয়াও তেওঁলোকৰ চেহেৰাত দৃষ্টিগোচৰ হয়। যেনেকৈ কোনোবা উচ্চ কুলৰ হ’লে তেতিয়া তেওঁৰ
চেহেৰাত সেই জিলিকনি আৰু নিচা দৃষ্টিগোচৰ হয়। তেনেকৈ তোমালোকৰ চেহেৰাই প্ৰতিটো
সংকল্প প্ৰতিটো কৰ্মক স্পষ্ট কৰক তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব।
স্লোগান:
সময় আৰু সংকল্পৰ সম্পদ ৰাহি কৰি জমাৰ পুঁজি বঢ়োৱা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
যেতিয়া ইজনে সিজনক
মিঠা বস্তু খুৱায়, তাৰ দ্বাৰা মুখ কেৱল অলপ সময়ৰ বাবেহে মিঠা হয় কিন্তু নিজেই মিঠা
হৈ যোৱা, মুখৰে যাতে সদায় মধুৰ বাণী উচ্চাৰিত হৈ থাকে। যেনেকৈ মিঠা খালে বা খুৱালে
আনন্দিত হোৱা, তেনেকৈ মধুৰ বাণীয়ে নিজকো আনন্দিত কৰে আৰু আনকো আনন্দিত কৰি দিয়ে।
ইয়াৰ দ্বাৰা সদায় সকলোৰে মুখ মিঠা কৰি থাকা, সদায় মধুৰ দৃষ্টি, মধুৰ বাণী আৰু মধুৰ
কৰ্ম হওক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]