18.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এইটো আত্মিক নিচাত থাকা যে আমি ঈশ্বৰীয় পৰিয়ালৰ, আমি নিজৰ গুপ্ত দৈৱী ৰাজধানী স্থাপন কৰি আছোঁ”

প্ৰশ্ন:
সন্তানসকলৰ কোনটো অভ্যাস দৃঢ় হ’লে গোটেই দিন আনন্দিত হৈ থাকিব?

উত্তৰ:
যদি ৰাতিপুৱা উঠি বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস থাকে তেতিয়া গোটেই দিন অপাৰ আনন্দিত হৈ থাকিব। পিতাৰ শ্ৰীমত হৈছে – সন্তানসকল, অমৃতবেলা উঠি নিজৰ পিতাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰা। বিচাৰ কৰা – আমি এতিয়া কোনটো পৰিয়ালৰ। আমাৰ কৰ্তব্য কি, যদি বুদ্ধিত থাকে যে আমাৰ এয়া ঈশ্বৰীয় পৰিয়াল, আমি নিজৰ নতুন ৰাজধানী স্থাপন কৰি আছোঁ তেন্তে গোটেই দিন আনন্দিত হৈ থাকিবা।

ওঁম্শান্তি।
সন্তাসকলে জানে যে এয়া আত্মিক পৰিয়াল, সেই সকলো হ’ল পাৰ্থিৱ পৰিয়াল। এয়া হ’ল আত্মিক পৰিয়াল। আত্মিক পিতাৰ এই পৰিয়াল, যেনেকৈ লৌকিক ঘৰত মা-পিতা, সন্তান থাকে, সেয়া হ’ল হদৰ পৰিয়াল। তোমালোক এতিয়া বেহদৰ পৰিয়াল হ’লা। সন্তানসকলে গায়ো - তুমি মাতা-পিতা… সেয়েহে যেন পৰিয়াল হৈ গ’ল। ৰচয়িতাৰ ৰচনা হৈ গ’ল। এনেয়েতো সন্তানসকল তেওঁৰ ৰচনা হয়েই, কিন্তু নাজানে। তোমালোক সন্তানসকলে এতিয়া জানা, যথাযথ বেহদৰ পিতাৰ এয়া পৰিয়াল। ঈশ্বৰীয় বিশ্ব বিদ্যালয়। ইয়াৰ কাৰণে গায়ন কৰা হৈছে বিনাশ কালত প্ৰীতি বুদ্ধি বিজয়ন্তী। এনেকুৱা পৰিয়ালৰ বিষয়ে কেতিয়াও গীতাত বৰ্ণনা কৰা নাই। তোমালোক ঈশ্বৰীয় পৰিয়াল, গুপ্ত দৈৱী ৰাজধানী স্থাপন কৰি আছা। কোনেও গম নাপায়। তোমালোকৰ নিচা আছে, যিসকলে পিতাক স্মৰণ কৰিব, তেওঁলোকৰ নিচা থাকিব। দেহ-অভিমানত আহিলে সেই নিচা নোহোৱা হৈ যাব। এয়া ঈশ্বৰীয় পৰিয়াল। আমি ঘৰলৈ যাব লাগে আকৌ দৈৱী ৰাজধানীত আহিম। তাত হ’ল দৈৱী পৰিয়াল। সেয়া আসুৰি পৰিয়াল, এয়া হ’ল তোমালোকৰ ঈশ্বৰীয় পৰিয়াল। আত্মিক বাপদাদাৰ সন্তান ভাই-ভনী। বচ্ এয়া হ’ল আত্মিক প্ৰবৃত্তি মাৰ্গ। সত্যযুগত ঈশ্বৰীয় পৰিয়াল বুলি নকয়। তাত দৈৱী পৰিয়াল হৈ যায়। এই ঈশ্বৰীয় পৰিয়াল বৰ অসাধাৰণ। তোমালোকে জানা এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ, দৈৱী ৰাজ্য স্থাপন কৰি আছোঁ। এনেকৈ নিজৰ সৈতে কথা পাতি, বিচাৰ সাগৰ মন্থন কৰিব লাগে। পুৱাই উঠি স্মৃতিত বহা তেতিয়া বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস হৈ যাব। উৎসাহিত হৈ যাবা। যেতিয়া অন্য সকলো মনুষ্য নিদ্ৰামগ্ন হৈ থাকে, তোমালোক সেই সময়ত উঠা। তোমালোকে পুৱাই পুৱাই উঠি এনেকুৱা খেয়াল কৰিব লাগে তেতিয়া দেখিবা তোমালোক কিমান আনন্দিত হৈ থাকিবা। যিয়েই শ্ৰীমত পোৱা সেই অনুসৰি চলিব লাগে তেতিয়া তোমালোক বহুত আনন্দিত হৈ থাকিবা, ঈশ্বৰীয় পৰিয়ালৰ স্মৃতি আহিব। আসুৰি পৰিয়ালৰ পৰা অন্তৰ আঁতৰি আহিব। নতুন ঘৰ যেতিয়া সম্পূৰ্ণ তৈয়াৰ হৈ যায় তেতিয়া পুৰণা ঘৰৰ পৰা আসক্তি আঁতৰি যায়। যেতিয়ালৈকে নতুন ঘৰ তৈয়াৰ হৈ উঠা নাই তেতিয়ালৈকে কিবা নহয় কিবা মেৰামতি আদি কৰি থাকে। পাছত অন্তৰ আঁতৰি যায়। এই পুৰণি সৃষ্টিও এনেকুৱাই।

এতিয়া তোমালোকে জানা এয়া পুৰণা ঘৰ, আমি নতুন ঘৰলৈ যাম। আকৌ নতুন চোলা পিন্ধিম। এই দেহো পুৰণি। এতিয়া তোমালোকে ভৱিষ্যত 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য লৈ আছা। ইয়াত ৰাজ্য কৰিব নালাগে। ইয়াত স্থাপনা হয়। এই কথাবোৰ কেৱল তোমালোকেহে জানা। এয়া হয়ো গীতা, ৰাজযোগ নহয় জানো। ইয়াক কোৱা হয় সহজ ৰাজযোগ। অনেক বাৰ তোমালোকে এই ৰাজযোগ অভ্যাসৰ দ্বাৰা দৈৱী ৰাজ্য স্থাপন কৰা। তাত এই কথাবোৰ স্মৃতিত নাথাকিব। যদি তাত এই কথাবোৰ স্মৃতিত থাকে তেতিয়া সুখৰ অনুভৱেই নহ’ব। চিন্তা হৈ যাব। এই সময়ত তোমালোকৰ গুপ্ত নিচা আছে। উচ্চতকৈও উচ্চ পিতাৰ এই পৰিয়াল। ইয়াক কোৱা হয় ঈশ্বৰীয় গুপ্ত পৰিয়াল। ঈশ্বৰীয় বিশ্ব বিদ্যালয়, ঈশ্বৰীয় যজ্ঞ বুলিও কয়। পৰিয়াল হয়, আমি বহুত আকৰ্ষণীয় হ’ব লাগে। ভৱিষ্যতে তোমালোক বহুত আকৰ্ষণীয় হোৱাগৈ। তোমালোক হ’লা জ্ঞানী-যোগী। আত্মা জ্ঞানীও হয়, যোগীও হয়। ইমান সূক্ষ্ম আত্মাই অবিনাশী ভূমিকা পালন কৰে। এই সময়ত তোমালোক জ্ঞানী-যোগী হৈছা। পিতা জ্ঞানৰ সাগৰ। জ্ঞান নিশ্চয় দিব তেতিয়া যেতিয়া এই শৰীৰত আহিব। তোমালোকে জানা – জ্ঞানৰ বৰ্ষা বৰষে। এটি এটি ৰত্ন লাখ টকা মূল্যৰ। এতিয়া তোমালোক আত্মাসকলে পিতাৰ পৰিচয় পাইছা। পিতাই স্মৃতি সোঁৱৰাই দিছে। তোমালোকৰ বুদ্ধিত আছে – এই 84ৰ চক্ৰ কেনেকৈ ঘূৰে সেইকাৰণে তোমালোকৰ নামেই হ’ল – স্বদৰ্শন চক্ৰধাৰী। বিষ্ণু বা লক্ষ্মী-নাৰায়ণ স্বদৰ্শন চক্ৰধাৰী নাছিল, তেওঁলোকৰ এই জ্ঞান নাথাকে। এতিয়া আত্মাই এই জ্ঞান পাইছে। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। যদিও ত্ৰিমূৰ্তি বুলি কয় তেতিয়াও শিৱক নেদেখুৱায়। ত্ৰিমূৰ্তিৰ চিত্ৰ বহুত দেখিছা চাগৈ। সাকাৰত প্ৰজাপিতা ব্ৰহ্মাতো ইয়াত আছে নহয়। এওঁ হৈ গ’ল বহুত পুৰণা, গ্ৰেট-গ্ৰেট গ্ৰেণ্ড ফাদাৰ। গতিকে এয়া হ’ল প্ৰজাপিতা ব্ৰহ্মাৰ বংশাৱলী। পিতাই সৃষ্টি ৰচনা কৰে, ব্ৰহ্মাৰ দ্বাৰা। গতিকে ব্ৰহ্মা ডাঙৰ হ’ল নহয়। বৃদ্ধ ৰূপতে দেখুৱায়। এওঁ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাইছে। এতিয়া তোমালোকে এই কথাবোৰ বুজি পালা। এইটোও জানা যে পিতাৰতো সকলো সন্তান হয়। আত্মাসকলক পিতাৰ পৰিচয় দিব লাগে। এতিয়া ভাৰতৰ বহুত ডাঙৰ কল্যাণ হৈ আছে। সকলো আত্মা পৱিত্ৰ হৈ মুক্তিধামলৈ গুচি যাব। তোমালোক আছাই ভাৰতৰ সেৱাত। বিশেষকৈ ভাৰত সাধাৰণভাৱে জগতখন। তোমালোক এতিয়া কমসংখ্যক আছা, যিসকলে এই কথাবোৰ বুজি পোৱা আকৌ সংক্ষেপে বুজোৱা হয়, সন্তানসকল মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। বেলেগকৈও বুজোৱা হয়, যি কিছু আছে দৈৱী ৰাজধানী স্থাপন কৰাত লগোৱা। বাপু গান্ধীয়ে কি কৰিছিল। তেৱোঁ ৰামৰাজ্য বিচাৰিছিল। কেনেকুৱা আচৰিত খেল হয় নহয়! এতিয়া তোমালোকে সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰা। তোমালোকৰ হাঁহি উঠে। ক’ৰ কথা ক’লৈ লৈ যায়।

পিতাই কয় – ড্ৰামা অনুসৰি জগতৰ গতি বেয়া হৈ গ’ল আকৌ পিতা আহি সৎগতি কৰে। তোমালোক সন্তানসকলৰ নিচা বাঢ়িছে। এওঁ হৈছে গোটেই বিশ্বৰ নিৰাকাৰ বাপুজী। এই ব্ৰহ্মাও কাৰ সন্তান? শিৱবাবাৰ। তেওঁ কাৰ সন্তান? এই মাতাসকলে কয় – শিৱবাবা আমাৰ সন্তান। এয়া হ’ল শিৱবাবাৰ খেল-ধেমালী। বাকী ধ্যান সাক্ষাৎকাৰততো মায়াৰ বহুত প্ৰৱেশতা হয়। এনেকৈ যি কয় – মোৰ শৰীৰত শিৱবাবা আহে। শিৱবাবাই এনেকৈ কয়। এই সকলোবোৰ হৈছে ভূতৰ প্ৰৱেশতা। তোমালোক সন্তানসকল সাৱধানে থাকিব লাগে। এই ভূতৰ বেমাৰ এনেকুৱা যে দুয়োখন জগতৰ পৰা উৰুৱাই দিয়ে। এইটো কেতিয়াও খেয়াল আহিব নালাগে যে মই সাক্ষাৎকাৰ কৰোঁ। এই সকলোবোৰ ভক্তিৰ খেয়াল। জ্ঞানমাৰ্গক ভালদৰে বুজিব লাগে। মায়াই অনেক প্ৰকাৰে প্ৰতাৰণা কৰে। সাক্ষাৎকাৰ আদিৰ পৰা একো লাভ নহয়। পিতাই কয় - এওঁৰ দ্বাৰা বাগদান কৰোঁ। পিতাৰ আজ্ঞা হ’ল – তোমালোকে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। নিজৰ কল্যাণৰ কাৰণে পিতাক স্মৰণ কৰিব লাগে। এয়াতো অতিকৈ বুজিবলগীয়া কথা। বাবালৈ যি কোনো খবৰ লিখিব পাৰা। বহুত সন্তানৰ ইমাখিনিও বুদ্ধি নাই যে বেহদৰ পিতালৈ চিঠিত নিজৰ ভাল-বেয়াৰ খবৰ লিখিব। লৌকিক পিতালৈ চিঠি নিলিখিলে আৰামত থাকিবই নোৱাৰে। এৱোঁ বেহদৰ পিতা। যেতিয়া দেখে যে এমাহ-দেৰমাহ চিঠি অহা নাই তেতিয়া বুজে, এওঁক চাগৈ মায়াই খাই পেলালে, যিয়ে এনেকুৱা পাৰলৌকিক পিতালৈ চিঠি নিলিখে। ইমানখিনিতো লিখিব লাগে – বাবা, মই নাৰায়ণী নিচাত সদায় থাকোঁ। আপুনি দিয়া যুক্তিৰেই মই তৎপৰ হৈ আছোঁ। তেতিয়া বাবাই বুজিব আনন্দেৰে সন্তোষত আছে। চিঠি নিলিখিলে বুজিব বেমাৰ হৈছে। স্মৃতিতেই নাথাকে। নহ’লেতো বাবাক খবৰ দিব লাগে, বাবা মই এইটো সেৱা কৰিলোঁ, এওঁক বুজালোঁ, এওঁৰ বুদ্ধিত পূৰা ধাৰণ নহ’ল। তেতিয়া আকৌ এইটোও বুজাব যে এনেকৈ বুজোৱা।

ভক্তিমাৰ্গত যি কিছু কয়, একো বুজি নাপায়। মুখ্য কথা – পিতাকেই নাজানে। পিতাক জানিলে ভাৰতে সৎগতি পায়। পিতাক নজনাৰ কাৰণে ভাৰতে একেবাৰে দুৰ্গতি পালে। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায় – মই তোমালোকক সৎগতিত লৈ যাম, বাকী সকলোকে মুক্তিত লৈ যাম। ভাৰত জীৱনমুক্তিত থাকিলে বাকী সকলো মুক্তিত থাকে। এই পৰিৱৰ্তন পিতাৰ বাহিৰে আৰু কোনেও কৰিব নোৱাৰে। সকলোৰে সৎগতি দাতা এজনেই পিতা। সকলোৰে সৎগতি নিশ্চয় কল্পই কল্পই সংগমতেই হ’ব।

তোমালোকে জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ আত্মিক পিতা এজন। তেওঁক আত্মাইহে স্মৰণ কৰে। তোমালোকৰ ভক্তিমাৰ্গত দুজন পিতা। সত্যযুগত হৈছে এজন পিতা। সংগমত হৈছে 3জন পিতা। প্ৰজাপিতা ব্ৰহ্মাওতো পিতা হ’ল নহয়। শিৱও বাবা হয়। তেওঁ হ’ল সকলো আত্মাৰ পিতা, তেওঁৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে। তেওঁক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব। ব্ৰহ্মাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ নহয়, সেইকাৰণে শিৱবাবাকহে স্মৰণ কৰিব লাগে। আমি তেওঁৰ হ’লোঁ, এয়া হ’ল সঁচা প্ৰকৃত জ্ঞান, আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি। বাকী সকলো হ’ল দেহ-অভিমানী। দেহ-অভিমানী পতিত মনুষ্যই যি কৰ্তব্য কৰে সেয়া পতিতেই কৰে। দান-পুণ্য আদি যি কৰে, সেই সকলোবোৰে পতিতহে কৰি তোলে। ৰাৱণৰাজ্যত এয়া হয়েই। এতিয়া পিতা আহি আধ্যাদেশ জাৰি কৰে। কয় – সন্তানসকল সাৱধান, বিকাৰগ্ৰস্ত নহ’বা, কাম বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ধুমুহা আদি বহুত আহিব। ইয়াত উৰি যাব নালাগে। মায়াৰ ইমান নেতিবাচক সংকল্প আহিব যি অজ্ঞান কালতো চাগৈ অহা নাছিল, এনেকুৱাও নেতিবাচক সংকল্প আহে। কয় – ভক্তি মাৰ্গততো বহুত আনন্দ থাকে। এতিয়া আপোনাক স্মৰণ কৰিব বিচাৰোঁ কিন্তু কৰিব নোৱাৰোঁ। বিন্দু স্মৃতিলৈ নাহে। ডাঙৰ বস্তু হ’লে তেতিয়া স্মৰণ কৰিব পাৰোঁ।

বাবাই কয় যে তোমালোকে শিৱবাবা বুলি কৈ স্মৰণ কৰা, এই পুৰণি জগতখনক পাহৰি যোৱা। তোমালোকে শান্তিধামত স্মৰণ কৰা। কেৱল শান্তিধামক স্মৰণ কৰিব নালাগে, পিতাৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হ’ব। আত্মাৰ মৰমৰ পিতাৰ প্ৰতি প্ৰেম থাকিব লাগে। আধাকল্পৰ প্ৰেয়সী। আত্মাই কয় – আমি আধাকল্প আপোনাক পাহৰি গ’লোঁ। ইয়ালৈ ব্ৰাহ্মণীয়ে যিসকলক লৈ আহে, বহুত সাৱধানে নিশ্চয় বুদ্ধিৰসকলকহে আনিব লাগে। যদি ইয়ালৈ আহি আকৌ গৈ কোনোবা পতিত হয় তেন্তে দণ্ড ব্ৰাহ্মণীৰ হৈ যাব সেইকাৰণে ব্ৰাহ্মণীৰ ওপৰত বহুত দ্বায়িত্ব আছে। বাবাই এই ৰথ লৈছে। সকলো কথাৰে অনুভৱী হয়। ইয়াততো অশুদ্ধিৰ কথা নাই। পৰস্পৰ হাঁহা, খেলা, বাৰ্তালাপ কৰা এই ক্ষেত্ৰত কোনো বাধা নাই। বাকী অলপো যদি কোনো আত্মাৰ প্ৰতি প্ৰেম থাকে তেতিয়া আকৌ অধিক বাঢ়ি যাব। তেওঁৰ স্মৃতি আহি থাকিব গতিকে ইয়াৰো সিপাৰে যাব লাগে।

এতিয়া তোমালোক ঘৰত বহি আছা নে সত্যযুগত আছা? (ঘৰত) পিতাই সন্তানসকলক ঘৰত পঢ়ায়। তোমালোক সকলোৰে ঘৰ এইখন। যেতিয়া বাহিৰলৈ যোৱা তেতিয়া এনেকৈ নকয়। ইয়াত বহুত ভাল নিচা থাকিব। দেহৰ অভিমান এৰিব লাগে। দেহী-অভিমানী হোৱা তেতিয়া জাত-পাতৰ ভেদভাৱ সকলো আঁতৰি যাব। পুৰণি জগত তমোপ্ৰধান, তাত ভেদভাৱ আৰুহে বাঢ়ি যায়। আগতে ব্ৰিটিছ চৰকাৰৰ সময়ত ভাষাৰ সংঘাত নাছিল, এতিয়া দিনে-প্ৰতিদিনে সংঘাত বাঢ়ি গৈ থাকে। আকৌ সত্যযুগত এটাই ভাষা হ’ব। কোনো ভেদভাৱ নাথাকিব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো দেহধাৰীৰ স্মৃতি যাতে নাহে তাৰ বাবে কাকো প্ৰেম কৰিব নালাগে। ইয়াৰো সিপাৰে যাব লাগে। বহুত সাৱধান হ’ব লাগে। মায়াৰ নেতিবাচক সংকল্পৰ কাৰণে ভয় খাব নালাগে, বিজয়ী হ’ব লাগে।

(2) ধ্যান সাক্ষাৎকাৰত মায়াৰ বহুত প্ৰৱেশতা হয় এই ভূতৰ প্ৰৱেশতাৰ পৰা নিজক ৰক্ষা কৰিব লাগে। পিতাক নিজৰ সঁচা বাতৰি শুনাব লাগে।

বৰদান:
প্ৰতিটো কথাত সাৰ গ্ৰহণ কৰি সকলো কথাতে আগৰণুৱা হওঁতা সৰল পুৰুষাৰ্থী হোৱা

যিবোৰ কথা দেখা, শুনা, তাৰ সাৰমৰ্ম বুজি লোৱা আৰু যি কথা কোৱা, যি কৰ্ম কৰা সেয়া সাৰযুক্ত হ’লে তেতিয়া পুৰুষাৰ্থ সৰল হৈ যাব। এনেকুৱা সৰল পুৰুষাৰ্থী সকলো কথাত আগৰণুৱা হয়। তেওঁলোকৰ মাজত কোনোধৰণৰ দুৰ্বলতা দেখা পোৱা নাযায়। কোনো কথাত সাহস কম নহয়, মুখেৰে এনেকুৱা কথা উচ্চাৰিত নহয় যে মই এইটো কৰিব নোৱাৰোঁ। এনেকুৱা সৰল পুৰুষাৰ্থী নিজেও সৰলচিতীয়া হৈ থাকে আৰু অন্যকো সৰলচিতীয়া কৰি তোলে।

স্লোগান:
সাধন ব্যৱহাৰ কৰিও তাৰ প্ৰভাৱৰ পৰা উৰ্দ্ধত আৰু পিতাৰ স্নেহী হোৱা।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

একৰস স্থিতি গঢ়ি তুলিবলৈ এজনৰ বাহিৰে আন একোৱে দেখিও নাচাবা। যি দেখিবলৈ পোৱা সেই কোনোটো বস্তুৱেই চিৰস্থায়ী নহয়। গতিকে একৰস আৰু স্থিৰ অৱস্থাত তেতিয়াহে থাকিব পাৰিবা, যেতিয়া যিকোনো দৃশ্য দেখি 'কিয়', 'কি' আদি প্ৰশ্নৰ উদয় নহ’ব, এয়াই ব্যৰ্থ সংকল্পৰ অস্থিৰতাৰ কাৰণ। এই 'কিয়'ৰ সমাপ্তিৰ পাছতহে সম্পূৰ্ণতা আহিব ।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]