18.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেনেকৈ পিতা মাৰ্গ-দৰ্শক তেনেকৈ মাৰ্গ-দৰ্শক হৈ সকলোকে ঘৰৰ ৰাস্তা দেখুৱাব লাগে,
অন্ধৰ লাখুটি হ’ব লাগে”
প্ৰশ্ন:
এই
পূৰ্ব-নিৰ্ধাৰিত অনাদি ড্ৰামাৰ ৰহস্য কোনটো, যিটো তোমালোক সন্তানসকলেহে জানা?
উত্তৰ:
এইখন পূৰ্ব-নিৰ্ধাৰিত অনাদি ড্ৰামা ইয়াত কোনো ভাৱৰীয়া সংযোগো হ’ব নোৱাৰে আৰু কম হৈও
যাব নোৱাৰে। মোক্ষ কোনেও নাপায়। কোনোবাই যদি কয় যে মই এই জন্ম-মৃত্যুৰ চক্ৰত
নাহোৱেই। বাবাই কয় হয় সেয়া কিছু সময়ৰ কাৰণে। কিন্তু ভূমিকাৰ পৰা কোনেও একেবাৰে
ৰেহাই পাব নোৱাৰে। ড্ৰামাৰ এইটো ৰহস্য তোমালোক সন্তানসকলেহে জানা।
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে এইটো জানে যে ভোলানাথ কাক কোৱা হয়। তোমালোক সংগমযুগী সন্তানসকলেহে জানিব
পাৰা, কলিযুগী মনুষ্যই কিঞ্চিৎমাত্ৰও নাজানে। জ্ঞানৰ সাগৰ এজন পিতা, তেৱেঁই সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান বুজায়। নিজৰ পৰিচয় দিয়ে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা,
আগতে একোৱেই জনা নাছিলা। পিতাই কয় - মইহে আহি ভাৰতক স্বৰ্গ কৰি তোলোঁ, বেহদৰ
উত্তৰাধিকাৰ দিওঁ। যিটো তোমালোকে এতিয়া লৈ আছা। এইটো জানা যে আমি বেহদৰ পিতাৰ পৰা
বেহদ সুখৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, এজনো ভাৱৰীয়া সংযোগ
হ’বও (নতুনকৈ আহিবও) নোৱাৰে আৰু কম হ’বও নোৱাৰে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত
কৰিছে। মোক্ষ পাব নোৱাৰে। যি যিটো ধৰ্মৰ পুনৰ সেই ধৰ্মতে যায়। বৌদ্ধি বা খ্ৰীষ্টান
আদিয়ে ইচ্ছা কৰে যে আমি স্বৰ্গলৈ যাওঁ, কিন্তু যাব নোৱাৰে। যেতিয়া তেওঁলোকৰ ধৰ্ম
প্ৰতিষ্ঠাক আহে তেতিয়াহে তেওঁলোকৰ ভূমিকা থাকে। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে।
গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই এই সময়ত নাস্তিক অৰ্থাৎ বেহদৰ পিতাক নজনা লোক।
মনুষ্যইহে জানিব নহয়। এইখন মনুষ্যৰ নাট্যশালা। প্ৰত্যেক আত্মাই নিৰ্বাণধামৰ পৰা
ভূমিকা পালন কৰিবলৈ আহে। আকৌ নিৰ্বাণধামত যাবৰ কাৰণে পুৰুষাৰ্থ কৰে। এনেকৈ কয় যে
বুদ্ধ নিৰ্বাণত গ’ল। এতিয়া বুদ্ধৰ শৰীৰতো নগ’ল, আত্মা গ’ল। কিন্তু পিতাই বুজায়,
কোনেও নাযায়। নাটকৰ পৰা ওলাই যাবই নোৱাৰে। মোক্ষ পাব নোৱাৰে। পূৰ্ব নিৰ্ধাৰিত ড্ৰামা
হয় নহয়। কোনো কোনো মনুষ্যই ভাবে মোক্ষ প্ৰাপ্ত হয়, সেইকাৰণে পুৰুষাৰ্থ কৰি থাকে।
যেনেকৈ জৈন লোকসকলে পুৰুষাৰ্থ কৰি থাকে, তেওঁলোকৰ নিজৰ ৰীতি-প্ৰথা আছে, তেওঁলোকৰ
নিজৰ গুৰু আছে, যাক তেওঁলোকে মানে। বাকী মোক্ষ কোনেও নাপায়। তোমালোকেতো জানা যে আমি
এই ড্ৰামাত ভূমিকা পালন কৰোঁতা হওঁ। আমি কেতিয়া আহিলোঁ, আকৌ কেনেকৈ যাম, এয়া কোনেও
গম নাপায়। জীৱ-জন্তুৱেতো নাজানিব নহয়। মনুষ্যইহে কয় আমি ভাৱৰীয়া ভূমিকা পালন কৰোঁতা
হওঁ। এইখন কৰ্মক্ষেত্ৰ, য’ত আত্মাসকল থাকে। সেইখনক কৰ্মক্ষেত্ৰ বুলি কোৱা নহয়।
সেইখনটো নিৰাকাৰী সৃষ্টি। তাত কোনো খেলা-ধুলা নাই, কৰ্মকাণ্ড নাই। নিৰাকাৰী সৃষ্টিৰ
পৰা সাকাৰী সৃষ্টিলৈ ভূমিকা পালন কৰিব আহে, যিটো আকৌ পুনৰাবৃত্তি হৈ থাকে। প্ৰলয়
কেতিয়াও নহয়েই। শাস্ত্ৰত দেখুৱায় - মহাভাৰতৰ যুদ্ধত যাদৱ আৰু কৌৰৱ মৰি গ’ল, বাকী 5
পাণ্ডৱ থাকিল, তেওঁলোকো পাহাৰত গলি মৰিল। বাকী একোৱেই নাথাকিল। ইয়াৰ পৰা এনেকৈ বুজি
লয় যে প্ৰলয় হৈ গ’ল। এই সকলোবোৰ কথা বহি ৰচনা কৰিছে, আকৌ দেখুৱায় সাগৰত আঁহতৰ পাতত
এটি শিশু আঙুলি চুহি চুহি আহিল। এতিয়া তেওঁৰ দ্বাৰা আকৌ সৃষ্টি কেনেকৈ উৎপত্তি হ’ব।
মনুষ্যই যি শুনে তাকে সত্য বুলি কৈ থাকে। এতিয়া তোমালোক সন্তানসকলে জানা যে
শাস্ত্ৰতো কি কি লিখি দিছে। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ শাস্ত্ৰ। ভক্তসকলক ফল
দিওঁতা এজন ভগৱান পিতাই হয়। কোনোবাই মুক্তিত, কোনোবাই জীৱনমুক্তিত গুচি যাব।
প্ৰত্যেক ভূমিকা পালন কৰোঁতা আত্মাৰ যেতিয়া ভূমিকা আহিব তেতিয়া আকৌ আহিব। ড্ৰামাৰ
এইটো ৰহস্য তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে। এনেকৈ কয় - আমি ৰচয়িতা আৰু
ৰচনাক নাজানো। ড্ৰামাৰ ভাৱৰীয়া হৈ ড্ৰামাৰ আদি–মধ্য-অন্ত, সময়সীমা আদিক নাজানিলেতো
বুদ্ধিহীন বুলি কোৱা হ’ব নহয়। বুজালেও বুজি নাপায়। 84 লাখ বুলি ভবাৰ কাৰণে সময়সীমাও
লাখ লাখ বছৰ বুলি কৈ দিয়ে।
এতিয়া তোমালোকে বুজি
পোৱা যে বাবা আমি আহি আপোনাৰ পৰা কল্পই কল্পই স্বৰ্গৰ বাদশ্বাহী লওঁ। 5 হাজাৰ বছৰ
পূৰ্বেও বেহদৰ উত্তৰাধিকাৰ ল’বলৈ আপোনাৰ সৈতে মিলিত হৈছিলোঁ। যথা ৰজা ৰাণী তথা প্ৰজা
সকলো বিশ্বৰ মালিক হয়। প্ৰজায়ো ক’ব আমি বিশ্বৰ মালিক। তোমালোক যেতিয়া বিশ্বৰ মালিক
হোৱা, সেই সময়ত চন্দ্ৰবংশী ৰাজ্য নাথাকে। তোমালোক সন্তানসকলে ড্ৰামাৰ গোটেই আদি–মধ্য-অন্তক
জানা। মনুষ্যই ভক্তিমাৰ্গত যাৰ পূজা কৰে তেওঁলোককো নাজানে। যাৰ ভক্তি কৰিবলগা হয়
তেওঁৰ জীৱন-বৃত্তান্তও জনা উচিত। তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা সকলোৰে
জীৱন-বৃত্তান্ত জানা। তোমালোক পিতাৰ হৈছা। পিতাৰ জীৱন-বৃত্তান্ত জানা। সেইজন পিতা
হৈছে পতিত-পাৱন, মুক্তিদাতা, মাৰ্গ-দৰ্শক। তোমালোকক পাণ্ডৱ বুলি কোৱা হয়। তোমালোক
সকলোৰে মাৰ্গ-দৰ্শক হোৱা, অন্ধৰ লাখুটি হোৱা সকলোকে মাৰ্গ-দৰ্শন কৰাবলৈ। পিতা যেনেকৈ
মাৰ্গ-দৰ্শক হয় সেইদৰে তোমালোক সন্তানসকলো হ’ব লাগে। সকলোকে মাৰ্গ-দৰ্শন কৰাব লাগে।
তোমালোক আত্মা, তেওঁ পৰমাত্মা, তেওঁৰ পৰা বেহদৰ উতৰাধিকাৰ পোৱা যায়। ভাৰতত বেহদৰ
ৰাজ্য আছিল, এতিয়া নাই। তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদ সুখৰ
উত্তৰাধিকাৰ লওঁ অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হওঁ। আমিয়েই দেৱতা আছিলোঁ আকৌ 84 জন্ম লৈ
শূদ্ৰ হ’লোঁ। পিতা আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। যজ্ঞত ব্ৰাহ্মণ নিশ্চয় লাগে।
এয়া হৈছে জ্ঞান যজ্ঞ, ভাৰতত যজ্ঞ বহুত ৰচে। ইয়াৰ ভিতৰতো বিশেষকৈ আৰ্য সমাজৰসকলে
বহুত যজ্ঞ কৰে। এতিয়া এয়াতো হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ, য’ত গোটেই পুৰণি সৃষ্টি স্বাহা
হ’ব। এতিয়া বুদ্ধিৰে কাম ল’বলগীয়া হয়। কলিযুগততো বহুত মনুষ্য আছে, এই গোটেই পুৰণি
সৃষ্টি নাশ হৈ যাব। কোনো বস্তুৱেই কামত নাহিব। সত্যযুগততো আকৌ সকলো নতুন হ’ব। ইয়াততো
কিমান লেতেৰা। মনুষ্য কেনেকৈ লেতেৰা হৈ থাকে। চহকীসকল ভাল মহলত থাকে। গৰিব
বেচেৰাহঁত আৱৰ্জনাৰ মাজত, জুপুৰিত থাকে। এতিয়া এই জুপুৰিবোৰ ধংস কৰি থাকে। তেওঁলোকক
অন্য স্থান দি সেই ভূমি আকৌ বেচি থাকে। আঁতৰি নগ’লে জোৰ কৰি আঁতৰাই দিয়ে। গৰিব বহুত
দুখী, যিসকল সুখী আছে তেওঁলোকো স্থায়ী সুখী নহয়। যদি সুখ আছে তেন্তে এনেকৈ কিয় কয়
যে এয়া কাউৰীৰ বিষ্ঠাৰ সমান সুখ।
শিৱ ভগৱানুবাচ, মই এই
মাতাসকলৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি কৰি আছোঁ। মাতাসকলক জ্ঞানৰ কলহ দিছোঁ। তেওঁলোকে
আকৌ সকলোকে জ্ঞান অমৃত পান কৰায়। কিন্তু তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। তোমালোক
হৈছা সঁচা ব্ৰাহ্মণ, সেয়েহে সকলোকে জ্ঞান চিতাত বহুওৱা। এতিয়া তোমালোক দৈৱী
সম্প্ৰদায়ৰ হোৱা। আসুৰি সম্প্ৰদায় অৰ্থাৎ ৰাৱণ ৰাজ্য। গান্ধীয়েও কৈছিল ৰাম ৰাজ্য
হওঁক। আহ্বান কৰে - হে পতিত-পাৱন আহক কিন্তু নিজকে পতিত বুলি ভাবে জানো। পিতাই
সন্তানসকলক জগায়, তোমালোক ঘোৰ অন্ধকাৰৰ পৰা প্ৰকাশত আহিছা। মনুষ্যইতো ভাবে যে গংগা
স্নান কৰিলে পাৱন হৈ যাব। এনেকৈয়ে গংগাত হৰিদ্বাৰৰ গোটেই আৱৰ্জনা পৰেগৈ। ক’ৰবাত সেই
গোটেই আৱৰ্জনা আকৌ খেতি-পথাৰত লৈ যায়। সত্যযুগত এনেকুৱা কাম নহয়। তাততো শস্য বহুত
হয়। পইচা জানো খৰচ কৰিবলগীয়া হয়। বাবা অনুভৱী হয় নহয়। আগতে শস্য আদি কিমান সস্তা
আছিল। সত্যযুগত বহুত কম মনুষ্য থাকে সকলো বস্তু সস্তা হৈ থাকে। সেয়েহে পিতাই কয় -
মৰমৰ সন্তানসকল, এতিয়া তোমালোক পতিতৰ পৰা পাৱন হ’ব লাগে। বহুত সহজ যুক্তি (উপায়)
শুনায়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আত্মাতেই খাদ পৰা কাৰণে ম্লান পৰি
গৈছে। যিসকল পাৰসবুদ্ধিৰ আছিল তেওঁলোকেই এতিয়া পাথৰবুদ্ধিৰ হৈ গৈছে। তোমালোক
সন্তানসকল এতিয়া পিতাৰ ওচৰত পাথৰনাথৰ পৰা পাৰসনাথ হ’বলৈ আহিছা। বেহদৰ পিতাই
তোমালোকক বিশ্বৰ মালিক কৰি তোলে, সেয়াও আকৌ স্বৰ্ণীম যুগী সৃষ্টিৰ। এইখন হৈছে লৌহ
যুগী সৃষ্টি। পিতাই বহি সন্তানসকলক পাৰসপুৰীৰ মালিক কৰি তোলে। তোমালোকে জানা যে
ইয়াৰ মহল আদি কোনো কামত নাহিব। সকলোবোৰ নাশ হৈ যাব। ইয়াত আছেনো কি! আমেৰিকাৰ ওচৰত
কিমান সোণ আছে! ইয়াততো কম বেছি পৰিমাণে মাতাসকলৰ ওচৰত যি সোণ আছে, সেয়াও লৈ গৈ থাকে
কিয়নো তেওঁলোকেতো ঋণ পৰিশোধ কৰোতে সোণ দিব লাগে। তোমালোকৰ ওচৰত তাত সোণেই সোণ থাকে।
ইয়াত কড়ি, তাত হীৰা হ’ব। ইয়াক কোৱা হয় লৌহ যুগ। ভাৰতেই অবিনাশী খণ্ড হয়, কেতিয়াও
বিনাশ নহয়। ভাৰত হৈছে সকলোতকৈ উচ্চ। তোমালোক মাতাসকলে গোটেই বিশ্বক উদ্ধাৰ কৰিব লাগে।
তোমালোকৰ কাৰণে নিশ্চয় নতুন সৃষ্টি লাগে। পুৰণি সৃষ্টিৰ বিনাশ হোৱা উচিত। কিমান
বুজিবলগীয়া কথা। শৰীৰ নিৰ্বাহৰ অৰ্থে পেছাগত কাম-কাজ আদিও কৰিব লাগে। একোৱেই এৰিব
নালাগে। বাবাই কয় - সকলোবোৰ কৰিও মোক স্মৰণ কৰি থাকা। ভক্তিমাৰ্গতো তোমালোকে মোক
প্ৰেমিকক স্মৰণ কৰি আহিছা যে আহি আমাক শ্যামবৰণীয়াৰ (পতিতৰ) পৰা বগা (পাৱন) কৰি
তোলক। তেওঁক (শিৱবাবাক) পথিক বুলি কোৱা হয়। তোমালোক সকলো পথিক হোৱা নহয়। তোমালোকৰ
ঘৰ হৈছে সেইখন য’ত সকলো আত্মা নিবাস কৰে।
তোমালোকে সকলোকে
জ্ঞান চিতাত বহুওৱা। সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি যাবাগৈ। পুনৰ নতুনকৈ তোমালোক
আহিবা, যিমানে স্মৃতিত থাকিবা সিমানে পৱিত্ৰ হ’বা আৰু উচ্চ পদ পাবা। মাতাসকলেতো আজৰি
সময় পায়। পুৰুষৰ বুদ্ধি পেছাগত কাম-কাজ আদিৰ ফালে গৈ থাকে, সেইকাৰণে পিতাই কলহ
মাতাসকলক দিছে। ইয়াততো স্ত্ৰীক কয় স্বামীয়েই তোমাৰ ঈশ্বৰ গুৰু সকলো। তুমি তেওঁৰ দাসী।
এতিয়া পুনৰ পিতাই তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলে। তোমালোক নাৰীসকলেই ভাৰতক
উদ্ধাৰ কৰা। কোনো কোনোৱে বাবাক সোধে - জন্ম–মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ’ব পাৰোঁনে?
বাবাই কয় – পাৰা, অলপ সময়ৰ কাৰণে। তোমালোক সন্তানসকলেতো আদিৰ পৰা অন্তলৈকে ভূমিকা
পালন কৰা। অন্য যিসকল আছে তেওঁলোক মুক্তিধামত থাকে। তেওঁলোকৰ ভূমিকাই অলপ। তেওঁলোক
স্বৰ্গলৈতো যাওঁতা নহয়। জন্ম–মৃত্যুৰ চক্ৰৰ পৰা মোক্ষ বুলি তেওঁলোকক কোৱা হ’ব যিসকল
অন্তিমত আহিল আৰু গ’ল। জ্ঞান আদিতো শুনিব নোৱাৰে। তেওঁলোকেই শুনে যিসকলে আৰম্ভণিৰ
পৰা অন্তলৈকে ভূমিকা পালন কৰে। কোনোবাই কয় - আমাৰতো এয়াই পচন্দ। আমি তাতেই বহি
থাকিম। এনেকুৱা জানো হ’ব পাৰে। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, গৈ অন্তিমত নিশ্চয় আহিব।
বাকী গোটেই সময় শান্তিধামত থাকে। এইখন বেহদৰ ড্ৰামা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা
ব্ৰাহ্মণ হৈ সকলোকে জ্ঞান অমৃত পান কৰাব লাগে। জ্ঞান চিতাত বহুৱাব লাগে।
(2) শৰীৰ নিৰ্বাহৰ
অৰ্থে পেছাগত কাম-কাজ আদি সকলো কৰি পতিতৰ পৰা পাৱন হ’বৰ কাৰণে পিতাৰ স্মৃতিত থাকিব
লাগে আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে।
বৰদান:
বিশেষত্বসমূহ
দান কৰি মহান হওঁতা মহাদানী হোৱা
জ্ঞান দানতো সকলোৱে
কৰে কিন্তু তোমালোক বিশেষ আত্মাসকলে নিজৰ বিশেষত্বসমূহ দান কৰিব লাগে। তোমালোকৰ
সন্মুখত যিয়েই আহে তেওঁলোকে তোমালোকৰ দ্বাৰা পিতাৰ স্নেহৰ অনুভৱ কৰক, তোমালোকৰ
চেহেৰাৰ দ্বাৰা পিতাৰ চিত্ৰ আৰু চলনৰ দ্বাৰা পিতাৰ চৰিত্ৰ প্ৰত্যক্ষ হওঁক। তোমালোকৰ
বিশেষত্বসমূহ দেখি তেওঁলোকে বিশেষ আত্মা হ’বলৈ প্ৰেৰণা পাওঁক, এনেকুৱা মহাদানী হোৱা
তেতিয়া আদিৰ পৰা অন্তলৈকে, পূজ্য আৰু পূজাৰী অৱস্থাতো মহান হৈ থাকিবা।
স্লোগান:
সদায় আত্ম-অভিমানী হৈ থাকোঁতাজনেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞানী।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যিসকল সদায় পিতাৰ
স্মৃতিত স্নেহত লীন হৈ থাকি “মোৰ” বোধৰ ত্যাগৰ বৃত্তিত থাকে তেওঁলোকৰ দ্বাৰাই পিতা
প্ৰত্যক্ষ হয়। তোমালোক সন্তানসকল জ্ঞানৰ আধাৰত পিতাৰ স্মৃতিত সমাহিত হৈ যোৱা, এই
সমাহিত স্থিতিয়েই হৈছে স্নেহত লীন স্থিতি, যেতিয়া স্নেহত লীন হৈ যোৱা অৰ্থাৎ নিচাত
মগন হৈ যোৱা তেতিয়া পিতাৰ সমান হৈ যোৱা।