19.04.26 Avyakt Bapdada
Assame
Murli
15.12.2009 Om Shanti Madhuban
“*“পৰিয়ালৰ সৈতে
প্ৰীতি পালন কৰিবলৈ জ্ঞানপূৰ্ণ হৈ পিতাৰ সমান সাক্ষী অৱস্থাত থাকিব লাগে, পিতা, স্ব,
ড্ৰামা আৰু পৰিয়াল এই চাৰিওটাতে নিশ্চয়বুদ্ধিৰ হৈ বিজয়ী হ’ব লাগে”*”
আজি সমৰ্থ পিতাই নিজৰ
সমৰ্থ সন্তানসকলক চাই আছেহঁক কাৰণ প্ৰতিগৰাকী সন্তানেই স্নেহেৰে পিতা সমান হোৱাৰ
পুৰুষাৰ্থ অতি নিষ্ঠাৰে কৰি আছে। বাপদাদা সন্তানসকলক দেখি আনন্দিত হয় আৰু অন্তৰত
সন্তানসকলৰ গীত গায় — বাঃ! সন্তান বাঃ! কাৰণ সন্তানসকল পিতাৰো শিৰৰ মুকুট। চোৱা,
সন্তানসকলৰ পূজা দ্বৈত ৰূপত হয়, পিতাৰ পূজা একক ৰূপত হয়। গতিকে সন্তানসকল পিতাৰ
দ্বাৰা পিতাতকৈও আগবাঢ়ি যায়, সেইবাবে পিতা সন্তানসকলৰ পুৰুষাৰ্থ দেখি আনন্দিত হয়।
ক্ৰমানুসৰিতো হয়, কিন্তু পুৰুষাৰ্থৰ লক্ষ্যই আগবঢ়াই লৈ গৈ আছে।
আজি অমৃতবেলা
চাৰিওফালৰ সন্তানসকলৰ মাজত এটা কথা, যিটো জ্ঞানৰ আধাৰ, সেইটো দেখিবলৈ পালোঁ। আধাৰ
হ’ল নিশ্চয়তা। কোৱাও হৈছে— নিশ্চয়বুদ্ধি বিজয়ী। গতিকে তোমালোক সকলোৰে নিশ্চয়তাতো
দেখিলোঁ, সকলোৰে ক্ৰমানুসৰি পিতাৰ প্ৰতি নিশ্চয়তাতো আছেই, তাৰ চিন হ’ল সকলোৱে
পিতাক চিনি পিতাৰ হৈছে আৰু ইয়ালৈও পিতাক সাক্ষাৎ কৰিবলৈ আহিছে। পিতাৰ প্ৰতি
প্ৰতিগৰাকী সন্তানৰ অটুট নিশ্চয়তা আছে, কিন্তু পিতাৰ লগতে আন কিছুমান নিশ্চয়তাও
দৃঢ় হ’ব লাগে— সেয়া হ’ল নিজৰ প্ৰতি নিশ্চয়তা। লগতে ড্ৰামাৰ প্ৰতি নিশ্চয়তা আৰু
পৰিয়ালৰ প্ৰতি নিশ্চয়তা। এই চাৰি প্ৰকাৰৰ নিশ্চয়তাত দৃঢ় হোৱা অৰ্থাৎ
নিশ্চয়বুদ্ধি বিজয়ন্তী হোৱা। গতিকে পৰীক্ষা কৰা যে এই চাৰিটা নিশ্চয়তাত দৃঢ়
হোৱানে? পিতাৰ ক্ষেত্ৰত সকলোৱে কয়— মোৰ বাবা আৰু মই পিতাৰ। পিতাক ‘মোৰ’ বুলি কৈ
পিতাৰ সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰি ল’লা। সদায় পিতাৰ দ্বাৰা অধিকাৰী হৈ সৰ্ব
সম্পদৰ অধিকাৰী হৈ গ’লা। লগতে নিজৰ প্ৰতিও নিশ্চয়তা থকাটো জৰুৰী, কিয়? যদি নিজৰ
প্ৰতি নিশ্চয়তা নাথাকে, তেন্তে নিৰাশ হৈ যায়। নিজৰ প্ৰতি নিশ্চয়তা এয়াই যে — মই
পিতাৰ দ্বাৰা স্বমানধাৰী হওঁ, স্বৰাজ্য অধিকাৰী হওঁ। স্বয়ং পিতাই মোক কিমান স্বমান
দিছে! এটি এটি স্বমান স্মৃতিলৈ আনা, কিমান নিচা চৰে! আজিকালি কোনোবাই কিবা এটা উপাধি
পালে সেয়াও নিজৰ ভাগ্য বুলি ভাবে। কিন্তু তোমালোক সন্তানসকলক এটি এটি স্বমান কোনে
দিছে! স্বয়ং বাপদাদাই প্ৰতিগৰাকী সন্তানক স্বমানধাৰী কৰি তুলিছে। এটি এটি স্বমান
স্মৃতিলৈ আনি আনন্দত উৰি ফুৰা। গতিকে নিজৰ প্ৰতিও সদায় যাতে নিশ্চয়তাৰ ইমান নিচা
থাকে যে মই পিতাৰ দ্বাৰা স্বৰাজ্য অধিকাৰী, স্বমান অধিকাৰী কোটিৰ মাজত কোনোবা এটি
আত্মা। যেনেকৈ পিতাৰ প্ৰতি নিশ্চয়তা আছে, তেনেকৈ নিজৰ প্ৰতিও নিশ্চয়তা থকাটো
আৱশ্যক কাৰণ যদি নিজৰ প্ৰতি নিশ্চয়তা আছে তেন্তে য’ত নিশ্চয়তা আছে, ত’ত প্ৰতিটো
কৰ্মত নিশ্চয়বুদ্ধি অৰ্থাৎ স্বমানধাৰী বিজয়ী। নিশ্চয়তাৰ অৰ্থই হ’ল সফলতা। এনেকুৱা
নহয় যে মোৰতো পিতাৰ প্ৰতি নিশ্চয়তা আছেই, পিতাৰ প্ৰতি আছে সেইটো বৰ ভাল কথা,
কিন্তু পিতাৰ লগতে নিজৰ নিচাৰো আৱশ্যক— মই কোন! এটি এটি স্বমান স্মৃতিলৈ আনা, তেতিয়া
নিশ্চয়তা আৰু নিচা তোমালোকৰ চাল-চলন আৰু মুখমণ্ডলত দৃষ্টিগোচৰ হ’ব। দৃষ্টিগোচৰ হৈ
আছে আৰু দৃষ্টিগোচৰ হৈ থাকিব। লগতে তৃতীয়টো কথা— ড্ৰামাৰ প্ৰতিও নিশ্চয়তা থকাটো
অতি জৰুৰী কাৰণ ড্ৰামাত সমস্যাও আহে আৰু সফলতাও আহে। যদি ড্ৰামাৰ প্ৰতি দৃঢ়
নিশ্চয়তা আছে, তেন্তে ড্ৰামাৰ নিশ্চয়তাৰে যিজন নিশ্চয়বুদ্ধিৰ তেওঁ সমস্যাক
সমাধানৰ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়ে কাৰণ নিশ্চয়তা অৰ্থাৎ বিজয়। কাৰ ওপৰত বিজয়ী হয়?
পৰিৱৰ্তন কৰাত, এক ছেকেণ্ডত সমস্যা পৰিৱৰ্তন হৈ সমাধানৰ ৰূপ লয়। অস্থিৰতাত নাহিব,
অবিচলিত হৈ থাকিব কিয়নো ড্ৰামাৰ জ্ঞানেৰে অচল-অটল হৈ যায়। এইটো নিশ্চয়তা থাকে যে —
ময়েই কল্প পূৰ্বেও সমাধান স্বৰূপ অৰ্থাৎ সফল আত্মা হৈছিলোঁ, হৈছোঁ আৰু কল্প পাছতো
ময়েই হ’ম। গতিকে এই ড্ৰামাৰ নিশ্চয়তাই নিচা দৃঢ় কৰায়, গৌৰাম্বিত হৈ থাকে, নিচা
থাকে — মই আছিলোঁ, ময়েই হওঁ আৰু ময়েই হ’মগৈ সেইবাবে এই পুৰুষাৰ্থী জীৱনত ড্ৰামাৰ
নিশ্চয়তা থকাটোও আৱশ্যক আৰু লগতে চতুৰ্থটো হ’ল পৰিয়ালৰ প্ৰতি নিশ্চয়তা কাৰণ পিতা
আহিয়েই পৰিয়াল সৃষ্টি কৰিলে। গতিকে যেনেকৈ পিতাৰ প্ৰতি নিশ্চয়তা আছে, তেনেকৈ
পৰিয়ালৰ প্ৰতিও নিশ্চয়তা থকা আৱশ্যক কাৰণ পৰিয়াল কাৰ? আৰু ইমান ডাঙৰ পৰিয়াল আন
কাৰ হ’ব পাৰে! গতিকে পৰিয়ালৰ প্ৰতিও নিশ্চয়তা থকাটো অতি আৱশ্যক কাৰণ ইমান ডাঙৰ
পৰিয়াল বিশ্বত কাৰ আছে? গতিকে পৰীক্ষা কৰা যে তোমালোকৰ দৰে পৰিয়াল বিশ্বত আন
কাৰোবাৰ আছেনে? পৰিয়ালৰ ৰীতিৰে কোনো দৈৱী পিতাৰো নাই, তাত অনুগামী আছে, ইয়াত
পৰিয়াল। পৰিয়ালৰ সৈতেই সেৱাত, সম্বন্ধত থাকা। এনেকুৱা নহয় যে আমাৰতো কেৱল পিতাৰ
সৈতেহে সম্পৰ্ক আছে, পৰিয়ালৰ সৈতে নাথাকিলে কি হ’ল। পৰিয়ালৰ নিশ্চয়তাতো তোমালোকৰ
21 জন্ম ধৰি চলিব। জানা নহয়! পৰিয়ালৰ সৈতে সম্বন্ধত আহিলেহে গম পোৱা যায় যে মই
ইমান ডাঙৰ পৰিয়ালত সকলোৰে প্ৰতি নিশ্চয়বুদ্ধিৰ হৈ চলি আছোঁনে, পৰিয়ালত চলিবৰ বাবে
এইটো মনোযোগ দিবলগীয়া হয় যে পৰিয়ালত প্ৰত্যেকৰে সংস্কাৰ ভিন্ন ভিন্ন আৰু হ’বও।
তোমালোকৰ স্মাৰক হৈছে মালা, মালাত চোৱা— ক’ত এক নম্বৰ আৰু ক’ত 108তম নম্বৰ, কাৰণ
পৰিয়ালত ভিন্ন ভিন্ন সংস্কাৰ আছে। গতিকে ইমান ডাঙৰ পৰিয়ালত চলোঁতে সংস্কাৰবোৰ বুজি
পৰস্পৰ এক পৰিয়াল, এক পিতা, এক ৰাজ্য — এনেকৈ এক হৈ চলিব লাগে। পৰিয়ালত যিমানে
ডাঙৰ পৰিয়াল, সিমানে পৰস্পৰ উদাৰ অন্তৰৰ, প্ৰত্যেকৰে প্ৰতি শুভ ভাৱনা, শুভ কামনাৰ
স্থিতিত স্থিৰ হৈ চলিব লাগে কাৰণ পৰিয়ালৰ মাজতেই সংস্কাৰ আৰু স্বভাৱ আহে। কিন্তু
কোনোবাই হয়তো ভাবে যে পৰিয়ালৰ পৰা কি হ’ব, বাবাৰ লগততো আছেই। কিন্তু ইয়াত ধৰ্ম
আৰু ৰাজ্য দুয়োটাৰে স্থাপনা হয়, কেৱল ধৰ্ম নহয়, অন্য যিসকল ধৰ্ম পিতা আহিছে
তেওঁলোকৰ কেৱল ধৰ্ম, ৰাজ্য নাই, ইয়াততো তোমালোক সকলোৱে ৰাজ্যও কৰিব লাগে। গতিকে
ৰাজ্যত পৰিয়ালৰ প্ৰয়োজন হয় আৰু 21 জন্ম ভিন্ন ভিন্ন ৰূপত পৰিয়ালৰ সৈতেই থাকিব
লাগে, পৰিয়াল এৰি ক’লৈকো যাব নোৱাৰে। গতিকে পৰীক্ষা কৰা, এনেকৈ নাভাবিবা যে পিতাই
জানে আৰু মই জানো। পিতাৰ সৈতেই কাম কিন্তু যদি এই চাৰিটা নিশ্চয়তাৰ ভিতৰত এটা
নিশ্চয়তাও কম হয় তেন্তে অস্থিৰতাত আহি যাবা। সেৱাৰ সংগী — পিতাইতো শক্তিৰ প্ৰকম্পন
দিওঁতা কিন্তু সংগী কোন? সাকাৰত সংগতো পৰিয়ালৰহে, গতিকে পিতাই দেখিছে যে তিনিটা
নিশ্চয়তাত বেছিভাগেই ঠিকে চলি আছে, কিন্তু পৰিয়ালৰ সৈতে দায়িত্ব পালন কৰা,
সংস্কাৰ মিলোৱা, প্ৰত্যেককে কল্যাণৰ ভাৱনাৰে চোৱা আৰু চলা—এই ক্ষেত্ৰত বহুত সন্তান
যথাশক্তি হৈ যায়। কিন্তু পিতাই দেখিছে যে যিসকল পৰিয়ালৰ নিশ্চয়তাত জ্ঞানপূৰ্ণ হৈ
সদায় পিতা সমান সাক্ষীবোধৰ স্থিতিত থাকি সম্বন্ধত আহে, থাকে, তেওঁলোকেই এক নম্বৰ
বা প্ৰথম বিভাগত আহে। গতিকে পৰীক্ষা কৰা — ভাৱ আৰু স্বভাৱ পৰিয়ালতেই থাকে, গতিকে
সৰু সৰু ভুলো হয়, বিঘিনিও আহে, সেইবোৰ পৰিয়ালৰ সম্বন্ধতেই আহে। গতিকে সকলোতকৈ
আৱশ্যক হ’ল এই পৰিয়ালৰ সম্বন্ধত উত্তীৰ্ণ হোৱা। যদি পৰিয়ালৰ সৈতে চলাত, দায়িত্ব
পালন কৰাত কিবা অভাৱ থাকে, তেন্তে সেই বিঘিনি সৰুৱেই হওক বা ডাঙৰেই হওক, অশান্ত কৰে।
এইটো কিয়, এইটো কেনেকৈ— এনেকুৱা কথাবোৰ পৰিয়ালৰ সম্পৰ্কত আহে। গতিকে ‘কিয়’ৰ সলনি—
‘কিয়’ কৰিব নালাগে, বৰঞ্চ আমি মিলি-জুলি চলিব লাগে, পৰিয়ালৰ প্ৰীতি পালন কৰিব লাগে
কাৰণ এয়া পিতাৰ পৰিয়াল, ভগৱানৰ পৰিয়াল। লৌকিক পৰিয়াল নহয়। এইটো নিচা থাকিব লাগে
যে— বাঃ! বাবা, বাঃ! ড্ৰামা, বাঃ! মই আৰু বাঃ! পৰিয়াল! ঠিক আছেনে? পৰীক্ষা কৰানে?
চাৰিওটাতে উত্তীৰ্ণনে? চাৰিওটাতে? এটাতো কম নহয়। পৰীক্ষা কৰা। এতিয়াই পৰীক্ষা কৰা
কাৰণ বিজয়ী হোৱাৰ উপায়েই হ’ল এইটো। পৰিয়ালৰ মাজত সংস্কাৰ ওলাই পৰে আৰু সেই
সংস্কাৰ মিলোৱা, নিজকো পৰিৱৰ্তন কৰা আৰু পৰিয়ালকো ইমান উচ্চ দৃষ্টিৰে চোৱা।
বাপদাদাই আগতেও কৈছে যে বাপদাদাই শেষৰ সন্তানটিকো অতি ভাগ্যৱান বুলি ভাবে, কিয়?
ভগৱানক চিনি পোৱা, সাধাৰণ ৰূপত অহা পিতাক চিনি পোৱা— যিটো ইমান ডাঙৰ ডাঙৰ
মহাত্মাসকলেও চিনিব নোৱাৰিলে, কিন্তু বাপদাদাৰ শেষৰ সন্তানটিয়েও “মোৰ বাবা” বুলি কয়।
অন্তৰেৰে “মোৰ বাবা” বুলি কয়। গতিকে বাপদাদাই যেনেকৈ শেষৰ সন্তানটিৰো বিশেষত্বক
চাই, যেনেকৈ আন সন্তানসকলক মৰম-চেনেহ দিয়ে, স্নেহসহিত স্মৰণ কৰে, তেনেকৈ শেষৰসকলকো
দিয়ে। গতিকে পৰীক্ষা কৰা যে তিনিটাত ঠিক আছা নে চাৰিওটাতে ঠিক আছা, নে দুটাত ঠিক
নে এটাত ঠিক? পৰীক্ষা কৰিলানে? কৰিলানে পৰীক্ষা? যিসকলে ভাবা যে মই চাৰিওটা
নিশ্চয়তাত — পিতা, স্ব, ড্ৰামা আৰু পৰিয়াল— এই চাৰিওটা নিশ্চয়তাতে ঠিক আছোঁ,
তেওঁলোকে হাত দাঙা। ঠিক আছেনে? বাৰু ঠিক আছে, পৰীক্ষা লওঁনে? হয় হাত দাঙা। বাৰু
পৰিয়ালত উত্তীৰ্ণ হোৱানে? পৰিয়ালৰ সম্বন্ধত অহা, কাৰণ পৰিয়ালক এৰিতো ক’লৈকো
নোযোৱা, থাকিবই লাগে, দায়িত্ব পালন কৰিবই লাগে। গতিকে এই ক্ষেত্ৰত উত্তীৰ্ণ হোৱানে?
কেতিয়াবা এনেকুৱা ভাব আহে নেকি যে এওঁ নথকা হ’লেই ভাল আছিল, এওঁ কিয় এনেকুৱা কৰে,
এয়া কিয় হয় — এনেকুৱা সংকল্প আহে...... একদম পৰিয়ালৰ নিচা, চাৰিওটা নিশ্চয়তা
থকাসকলে কেতিয়াও এনেকুৱা তেনেকুৱা সংকল্পতো নকৰে। সংকল্পত আহিলেও যে এনেকুৱা কিয়
হয়, কিন্তু সেই ‘কিয়’ বা ‘কি’য়ে মোক যাতে অস্থিৰ নকৰে, মানসিক স্থিতি যাতে সলনি
নকৰে, ইয়াকেই চাৰিওটাতে উত্তীৰ্ণ বুলি কোৱা হয়। হাততো দাঙিলা, বাপদাদাক আনন্দিত
কৰিলা কিন্তু বাপদাদাই এয়া যি পৰিয়ালৰ কথা সেই ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা
কিছুমান কথা শুনিবলগীয়া হয়, দেখিবলগীয়া হয়। একদম বিশাল অন্তৰ হওক, সকলোকে শুভ
ভাৱনা, শুভ কামনাৰে ঠিক কৰিব লাগে কাৰণ পৰিয়াল এটাই। একমত হৈ চলিব আৰু চলাব লাগে।
কেৱল চলিব নালাগে, চলাবও লাগে, সেইবাবে বাপদাদাই এই কথাটিৰ ওপৰত মনোযোগ আকৰ্ষণ কৰাই
আছে যে পৰিয়ালত যিসকল যিকোনো অস্থিৰতাৰ মাজতো উত্তীৰ্ণ হৈ যায়, ব্যৰ্থ চিন্তন নচলে,
তেওঁলোকে আনকো তেনেকৈ গঢ়িব লাগে। এতিয়াতো তোমালোক নিজৰ নিজৰ সেৱাকেন্দ্ৰত কিমাননো
থাকা — খুব বেছি 25-50 গৰাকী, ইমানো নহয় কিন্তু ধৰি লোৱা ডাঙৰ স্থানবোৰত 50-60
গৰাকী, বাৰু অতি বেছি 100 গৰাকী বুলি ধৰি লোৱা, ইমান নাই যদিও ধৰি লোৱা, গতিকে
বাপদাদাই সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক, শেষৰগৰাকীকো নিজৰ মৰমৰ বুলি কৈ চলালে আৰু
মৰমৰ চিন হৈছে নিতৌ বাপদাদাই কি বুলি স্মৰণ কৰে? মিঠা (মৰমৰ), জানে যে টেঙাও আছে,
কিন্তু স্নেহপূৰ্ণ স্মৰণত কেতিয়াবা মিঠা-টেঙা বুলি কৈছেনে? তেওঁলোককো মৰমৰ বুলি কয়,
কেৱল যে কয় তেনেকুৱা নহয় কিন্তু “মোৰ সন্তান”, মোৰ ভাৱেৰে চলায় কাৰণ ড্ৰামাত,
মালাত সকলো এক নম্বৰ নহয়, এয়াই ফলাফল। সংস্কাৰ ভিন্ন ভিন্ন হয়, হ’ব লাগে, নহ’লে
সকলো ৰজা হৈ যাব, প্ৰজা কোন হ’ব! ৰাজ্য কাৰ ওপৰত কৰিব? প্ৰজাওতো লাগে, ৰাজকীয় প্ৰজা,
ৰাজধানী হয় নহয়। এনেকৈ প্ৰত্যেকে নিজক পৰীক্ষা কৰা, পৰিয়ালত কাৰোবাৰ সংস্কাৰ বেয়া
হ’ব পাৰে, কিন্তু মোৰ সংস্কাৰ কি? যদি বেয়াজনক দেখি মোৰ সংস্কাৰো বেয়া হৈ গ’ল,
তেন্তে ময়োতো বেয়া হৈ গ’লোঁ। বেয়াই ভালকো সলাই দিয়ে।
পিতাই স্থাপনাৰ সময়ত
350-400 গৰাকীৰ একেলগে তত্ত্বাৱধান লৈছিল, ইমান ডাঙৰ একেলগে থকা পৰিয়ালতো এতিয়া
কাৰো নাই। বাৰু, দায়িত্ব বেলেগ বেলেগ কিন্তু সেয়া দায়িত্ব আৰু পৰিয়ালতো দায়িত্ব
আছে। লৌকিক পৰিয়াল, লৌকিক দায়িত্ব, লৌকিক ধৰণেৰে দিনচৰ্যা কটোৱা— এয়া তেনেকুৱা
নহয়, এয়া অনাসক্ত আৰু স্নেহী পৰিয়াল। ইয়াত অশান্ত হোৱা, তাৰপাছত অজুহাততো এইটো
দেখুৱায় যে এওঁ কৰিলে সেইকাৰণেহে তেনেকুৱা হ’ল। এওঁ কৰিলে কাৰণে হ’ল, কিন্তু পিতাৰ
সন্মুখতো জানো বিৰোধিতা হোৱা নাছিল? আঁতৰিও গুচি গ’ল নহয়! এয়া বিৰোধিতা নহয় জানো!
কিন্তু পিতাই তথাপিও ক’লে— কোনোবা যদি আঁতৰিও গুচি গ’ল, তথাপিও তেওঁলোকলৈ টোলী
পঠিওৱা, তেওঁলোকক মতাৰ চেষ্টা কৰা, সেৱা কৰা, সোঁৱৰাই দিয়া। এনেদৰে চাৰিওটা
নিশ্চয়তাতে উত্তীৰ্ণ হ’ব লাগে নে তিনিটাত, দুটাত? এক নম্বৰ হ’ব লাগে। ইয়াৰ বাবে
বিনাশৰ পক্ৰিয়া সাজু হোৱা সত্ত্বেও এতিয়া বিনাশ ৰৈ আছে। প্ৰকৃতিও পিতাৰ ওচৰলৈ আহে,
প্ৰকৃতিয়েও কয় যে এতিয়া বোজা বহুত হৈ গৈছে। প্ৰকৃতিয়েও বোজাৰ পৰা মুক্তি বিচাৰে।
মায়ায়ো কয় যে মই জানো যে মোৰ ভূমিকা এতিয়া শেষ হোৱাৰ পথত, কিন্তু ব্ৰাহ্মণ
পৰিয়ালত এনেকুৱা সন্তানো আছে যি সৰু সৰু কথাত মোৰ সংগী হৈ যায়। মোক বহুৱাই দিয়ে।
গতিকে নিজৰ ৰাজ্য অনাৰ ক্ষেত্ৰত এই চাৰিটা নিশ্চয়তা শতকৰা হিচাপত আছে, সেইবাবে সময়ো
ৰৈ আছে। বাকী মায়া আৰু প্ৰকৃতি দুয়ো সাজু হৈ আছে। এতিয়া কোৱা আদেশ দিওঁনে?
সন্তানসকল যদি সদায় সাজু নহয়, তেন্তে মায়া আৰু প্ৰকৃতিক আদেশ দিওঁনে? দিওঁনে?
হাত দাঙা, সাজু আছানে? এনেয়ে হাত নাদাঙিবা। পৰীক্ষা আহিব, কাকত আহিব। সদায় সাজুনে?
এতিয়া বাপদাদাৰ
প্ৰতিগৰাকী সন্তানৰ পৰা এইটোৱে আশা যে ‘কেনেকৈ’ক নাইকিয়া কৰি ‘এনেকৈ’ কৰা। কেনেকৈ
কৰিম, কেনেকৈ হ’ব — নহয়। এনেকৈ হওক। কি কৰোঁ নহয়, এনেকৈ কৰোঁ। এইটো আশা কেতিয়ালৈ
পূৰণ কৰিবা? কিমান সময় লাগে? কাৰণ সকলো সাজু হ’ব লাগে। যদি তোমালোক সাজু, হাত
দাঙিলা, তেন্তে তোমালোকৰ কাম কি? অন্যক নিজৰ সমান কৰি তোলা। বাৰু— বাপদাদাই সকলো
খবৰৰে ফলাফল শুনিছে, যি চলিছে, ভাল চলিছে আৰু ফলাফলো ভাল উৎসাহ-উদ্দীপনাৰ হৈছে,
সেইবাবে এতিয়া লক্ষ্য ৰাখা— হ’বই লাগিব, কৰিবই লাগিব, সমাপ্তি সমীপত আনা। তোমালোক
অলপ অস্থিৰ হোৱা নহয়, সেইবাবে সমাপ্তিও দূৰ হৈ যায়। তোমালোকেই সমাপ্তি সমীপত আনিব
লাগিব কাৰণ ৰাজ্য কৰোঁতাসকল সাজু নহ’লে সময়ে কি কৰিব? গতিকে সকলো অজুহাত, কাৰণ —
এই ‘কাৰণ’ শব্দ সমাপ্ত কৰা। নিবাৰণ সন্মুখত আনা কাৰণ তোমালোক সকলোৰে এইটোৱে লক্ষ্য
নহয় জানো যে দুখীসকলক বাৰ্তা দি মুক্ত কৰোঁ। তেওঁলোকক মুক্ত নকৰাকৈ তোমালোক
মুক্তিত যাব নোৱাৰা। গতিকে এওঁলোকক মুক্ত কৰা কাৰণ পিতা আহিছে নহয়, গতিকে গোটেই
বিশ্বৰ সন্তানসকলক উত্তৰাধিকাৰতো দিবা নহয়। তোমালোকক জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিব
কিন্তু সকলোৱেতো সন্তান হয় নহয়। তেওঁলোককো উত্তৰাধিকাৰতো দিব লাগে। গতিকে তেওঁলোকৰ
উত্তৰাধিকাৰ হ’ল মুক্তি, তোমালোকৰ হ’ল জীৱনমুক্তি। যেতিয়ালৈকে মুক্তি নিদিয়া,
তেতিয়ালৈকে তোমালোকো যাব নোৱাৰা। ইয়াৰ বাবে 12 বাৰ ফৰিস্তা ৰূপৰ আৰু 12 বাৰ
নিৰাকাৰী স্বৰূপত স্থিৰ হোৱাৰ ব্যায়াম কৰা। ৰাতি আৰু দিনৰ 24 ঘণ্টা আৰু 24 বাৰ এই
ব্যায়াম কৰিব লাগে, টোপনিৰ সময়ত, টোপনি অৱশ্যে যোৱা। বাপদাদাই এনেকৈ নকয় যে টোপনি
নাযাবা। টোপনি যোৱা কিন্তু দিনত বঢ়োৱা। যেতিয়া কিবা অনুষ্ঠান পাতা, তেতিয়া গোটেই
দিনটো কাম কৰা নহয়। সাৰে থাকা নহয়! তেনেকৈ এই ব্যায়ামৰ বাবেও সময় উলিওৱা। বাৰু।
চাৰিওফালৰ পিতাৰ
স্নেহী, যিসকল স্নেহী তেওঁলোক সহযোগী নিশ্চয় হয়, স্নেহৰ প্ৰতিদান প্ৰত্যক্ষ ৰূপত
তেওঁলোকে প্ৰতিটো কাৰ্যত তন-মন-ধন-জনেৰে ইজন সিজনৰ সহযোগী নিশ্চয় হ’ব। গতিকে
এনেকুৱা স্নেহী আৰু সহযোগী সন্তানসকলক, যিসকল সদায় পিতাৰ স্নেহত লীন হৈ থাকে, কেৱল
স্নেহ নহয়, স্নেহত লীন হৈ থাকোঁতা আৰু সদায় পিতাৰ সকলো কাৰ্যত সময় দিওঁতা আৰু
সংকল্প কৰোঁতা, কাৰণ সংগমযুগত সময় আৰু সংকল্পৰ বহুত মূল্য আছে, এটা জন্মত অনেক
জন্মৰ প্ৰালব্ধ গঢ়োঁতা, এনেকুৱা তীব্ৰ পুৰুষাৰ্থী, প্ৰতিটো গুণ, প্ৰতিটো শক্তিক সময়
অনুসৰি কাৰ্যত ব্যৱহাৰ কৰোঁতা এনেকুৱা গুণ সম্পন্ন, শক্তি সম্পন্ন সন্তানসকলক বহুত
বহুত পদম পদম গুণ স্নেহসহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
বিধাতাৰ লগতে
বৰদাতা হৈ সকলো আত্মাক বল দিওঁতা দয়াশীল হোৱা
যদি কোনো আত্মা
ইচ্ছুক কিন্তু সাহসৰ অভাৱত ইচ্ছা থকা সত্ত্বেও প্ৰাপ্তি কৰিব নোৱাৰে, তেনে
আত্মাসকলৰ বাবে বিধাতা অৰ্থাৎ জ্ঞানদাতা হোৱাৰ লগতে দয়াশীল হৈ বৰদাতা হোৱা,
তেওঁলোকক নিজৰ শুভ ভাৱনাৰ অতিৰিক্ত বল দিয়া। কিন্তু এনেকুৱা বৰদানী মূৰ্ত তেতিয়াহে
হ’ব পাৰিবা যেতিয়া তোমালোকৰ প্ৰতিটো সংকল্প পিতাৰ প্ৰতি উছৰ্গিত হ’ব। সকলো সময়ত,
প্ৰতিটো সংকল্পত, প্ৰতিটো কৰ্মত উছৰ্গিত হোৱাৰ যি পণ লৈছা, সেয়া ৰক্ষা কৰা।
স্লোগান:
নিজৰ সত্য
স্বৰূপৰ স্মৃতি থাকিলে সত্যতাৰ শক্তি আহি যাব।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
বাপদাদাই এতিয়া
প্ৰতিগৰাকী সন্তানৰ মস্তকত সম্পূৰ্ণ পৱিত্ৰতাৰ চিকমিকাই থকা মণি চাব বিচাৰে।
আত্মিকতাৰে চিকমিকাই থকা নয়ন চাব বিচাৰে, বাণীত মধুৰতা, বিশেষত্বযুক্ত, অমূল্য বাণী
শুনিব বিচাৰে আৰু কৰ্মত সন্তুষ্টি আৰু সৃষ্টিশীলতা সদায় চাব বিচাৰে।
বিশেষ সূচনা:
মাহৰ তৃতীয় দেওবাৰৰ যোগ অভ্যাস
আজি মাহৰ তৃতীয়
দেওবাৰ, সকলো ভাই-ভনীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ সন্ধিয়া 6.30 বজাৰ পৰা 7.30
বজালৈকে গোটেই গ্ল’ব সন্মুখত প্ৰকট কৰি পৱিত্ৰতাৰ শ্ৰেষ্ঠ প্ৰকম্পন দিয়াৰ সেৱা কৰক।
চাৰিওফালৰ চিন্তা, ভয় আৰু দুখৰ বায়ুমণ্ডলত নিজৰ দয়াশীল মাষ্টৰ দাতা স্বৰূপেৰে
শান্তি আৰু শক্তিৰ প্ৰকম্পন বিয়পাই দিয়ক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]