19.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – আত্মা-অভিমানী হোৱা, চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে এইটোৱে অভ্যাস কৰি থাকা তেতিয়া তোমালোকৰ বহুত উন্নতি হৈ থাকিব”

প্ৰশ্ন:
পিতাৰ যথাৰ্থ স্মৃতি কোনসকল সন্তানৰ বুদ্ধিত থাকিব?

উত্তৰ:
যিসকল সন্তানে পিতাক যথাৰ্থভাৱে জানিছে। বহুত সন্তানে কয় যে বিন্দুক বাৰু কেনেকৈ স্মৰণ কৰোঁ। ভক্তিততো অখণ্ড জ্যোতি বুলি বুজি স্মৰণ কৰি আহিছে, এতিয়া বিন্দু বুলি কৈ বিবুদ্ধিত পৰি যায় সেয়েহে পোন-প্ৰথমে এইটো নিশ্চয়তা জন্মিব লাগে যে পিতা অখণ্ড জ্যোতি নহয়, তেওঁতো অতি সূক্ষ্ম বিন্দু তেতিয়া স্মৃতি যথাৰ্থভাৱে থাকিব পাৰে।

ওঁম্শান্তি।
সকলো সন্তান স্মৃতিত বহি আছে। ‘মনমনাভৱ’। এইটো সংস্কৃত শব্দ বাস্তৱত নাই। পিতাই যেতিয়া সহজ ৰাজযোগ শিকাইছিল তেতিয়া এই সংস্কৃত শব্দ কোৱা নাছিল। এওঁতো সংস্কৃত নাজানেই। পিতাইতো হিন্দীতেই বুজায়। যদিওবা এইখন ৰথ হিন্দী, সিন্ধী তথা ইংৰাজী জানোঁতা কিন্তু পিতাই হিন্দীত বুজায়। যি যিটো ধৰ্মৰ হয় তেওঁলোকৰ নিজৰ ভাষা আছে। ইয়াত হিন্দী ভাষাই চলে, এইটো ভাষা বুজিবলৈ সহজ, আৰু এইখন স্কুলো বিচিত্ৰ। ইয়াত কোনো ধৰণৰ কাগজ, পেঞ্চিল, কলম আদিৰ দৰকাৰ নাথাকে। ইয়াততো কেৱল এটা শব্দ স্মৰণ কৰিব লাগে অৰ্থাৎ পিতাক স্মৰণ কৰা। গড্‌ক অথবা ঈশ্বৰক অথবা পৰমপিতা পৰমাত্মাক কোনেও স্মৰণ নকৰে - এইটো কঠিন, স্মৰণ সকলোৱে কৰে কিন্তু তেওঁৰ পৰিচয় নাই। পিতাহে আহি নিজৰ পৰিচয় দিয়ে। শাস্ত্ৰত যে কল্পৰ আয়ুস ইমান দীঘলীয়া বুলি লিখি দিছে, সেয়া পিতাই আহি বুজায়। বহুত ডাঙৰ কথাও নহয়। অহল্যা, বৃদ্ধ মাতাসকলে কি বুজি পাব। এইটোতো বহুত সহজ। যিকোনো শিশুৱেও বুজি পাব পাৰে। বাবা শব্দটি কোনো নতুন কথা নহয়। শিৱৰ মন্দিৰলৈ যায় তেতিয়া বুদ্ধিত আহে যে এওঁ শিৱবাবা, তেওঁ নিৰাকাৰ। সকলো মনুষ্য-মাত্ৰেই বাবা বুলি কয়। আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতা এজন। সকলো জীৱৰ আত্মা, যি শৰীৰত নিবাস কৰে, পিতাক স্মৰণ কৰে। সকলো ধৰ্মাৱলম্বী যিসকল আছে, সকলোৱে পৰমপিতা পৰমাত্মাক স্মৰণ নিশ্চয় কৰে। তেওঁ হৈছে পৰমধাম নিবাসী পিতা। আমিও তাৰ নিবাসী। গতিকে এতিয়া কেৱল পিতাক স্মৰণ কৰিব লাগে। বিচাৰেও যে আমি পাৱন হওঁ। আহ্বানো জনায় - হে পতিতক পাৱন কৰোঁতা আহক। নতুন সৃষ্টি পাৱন আছিল, এতিয়া আকৌ পুৰণি হৈ গ’ল, ইয়াক কোনেও নতুন বুলি নকয়। ভাৰতবাসীয়ে জানে - নতুন ভাৰতত দেৱী-দেৱতাসকলে ৰাজত্ব কৰিছিল। যেতিয়া নতুন ভাৰত আছিল তেন্তে ইয়াৰ আগত কি আছিল? সংগম। ইয়াতকৈও সহজকৈ ক'ব লাগে। নতুনৰ আগত পুৰণি আছিল। সংগমক মনুষ্যই ইমান সহজে বুজি নাপায়। নতুন বিশ্ব, পুৰণি বিশ্ব, ইয়াৰ মাজৰ সময়খিনিক আকৌ সংগম বুলি কয়। পিতাৰ কাৰণেহে কয় - হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। আমি পতিত হৈ গৈছোঁ। নতুন সৃষ্টিত কোনেও আহ্বান নজনাব। এতিয়া তোমালোকে বুজি পাই গ’লা যে এই ভাৰত পাৱন আছিল। হে পতিত-পাৱন আহক, এনেকৈতো বহুত সময়ৰ পৰা আহ্বান জনাই আহিছে। তেওঁলোকে এইটো গম নাপায় যে পতিত সৃষ্টি কেতিয়া পূৰা হ'ব। কয় যে শাস্ত্ৰত এনেকৈ লিখা আছে যে এতিয়া আৰু 40 হাজাৰ বছৰ কলিযুগ (পতিত সৃষ্টি) চলিব। একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক আলোকত আছা। পিতাই তোমালোকক এতিয়া আলোকলৈ আনিছে। 5 হাজাৰ বছৰত এই সৃষ্টিৰ চক্ৰ পূৰা হয়। কালিৰ কথা। তোমালোকে ৰাজত্ব কৰিছিলা, যথাযথ এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, স্বৰ্গ আছিল। পাৱন সৃষ্টিত কোনো উপদ্ৰব আদি হ'ব নোৱাৰে। উপদ্ৰব হয়েই ৰাৱণৰাজ্যত। ইয়াত তোমালোকক পিতাই বুজায়, তোমালোকে সন্মুখত কাণেৰে শুনা। কোনে শুনে? আত্মাই। আত্মা বহুত আনন্দিত হয়, আমি পুনৰ আহি পিতাক পাইছোঁ। পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া পিতাই কয় - মোক স্মৰণ কৰা, ইয়াত কোনো লিখা-পঢ়াৰ কথা নাই। যেতিয়া কোনোবা আহে তেন্তে সোধা হয় - আপুনি কিয় বা আহিল? তেতিয়া ক'ব ইয়াৰ মহাত্মাক সাক্ষাৎ কৰিবৰ কাৰণে। কিয়? অপোনাক কি লাগে? কোৱা কিবা ভিক্ষা লাগে নেকি? যদি সন্ন্যাসী হয় তেন্তে এটুকুৰা ৰুটি লাগিব। সন্ন্যাসী কাৰোবাৰ ওচৰলৈ গ’লে বা ৰাস্তাত লগ পালে তেতিয়া ধাৰ্মিক মনুষ্যই ভাবে এওঁ তথাপিও পৱিত্র মনুষ্য, এওঁক ভোজন খুউৱাতো ভাল। এতিয়াতো পৱিত্ৰতাও নাই। একেবাৰে তমোপ্ৰধান সৃষ্টি, ইয়াত বহুত ময়লা (অশুদ্ধি) আছে। মনুষ্য কিমান হায়ৰাণ হয়। ইয়াততো হায়ৰাণ হোৱাৰ কোনো কথা নাই। পিতাই কয় - লিখাৰো কোনো কথা নাই। এই মূল কথাবোৰো লিখে - ধাৰণা কৰিবৰ কাৰণে। যেনেকৈ ডাক্তৰসকলৰ ওচৰতো কিমান দৰব থাকে, ইমানবোৰ দৰব স্মৃতিত থাকে। বেৰিস্তাৰৰ বুদ্ধিত কিমান আইনৰ কথাৰ স্মৃতি থাকে। তোমালোকে এটা কথা স্মৃতিত ৰাখিব লাগে, সেয়াও বহুত সহজ। তোমালোকে কোৱা এজন শিৱবাবাক স্মৰণ কৰা। তেওঁলোকে কয় শিৱবাবা কেনেকৈ আহিব। এয়াও তোমালোকৰ বাহিৰে আন কোনেও গম নাপায়। ঈশ্বৰ ক'ত আছে? তেওঁলোকেতো ক'ব নাম-ৰূপৰ পৰা উৰ্দ্ধত বা আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। দুয়োটা শব্দৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য হৈ যায়। নাম-ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তু নাই। আকৌ কৈ দিয়ে - কুকুৰ, মেকুৰী সকলোতে পৰমাত্মা আছে। দুয়োটা ইটো সিটোৰ বিপৰীত কথা হৈ গ'ল। গতিকে পিতাই নিজৰ পৰিচয় দি কয় - মোক পিতাক স্মৰণ কৰা। গায়নো কৰা হয় - সহজ ৰাজযোগ। বাবাই কয় - যোগ শব্দটি আঁতৰাই দিয়া, স্মৰণ কৰা। যেনেকৈ শিশুৱে মা-পিতাক দেখাৰ লগে লগে বুকুত সোমাই পৰে। প্ৰথমে ভাবিব জানো যে মোৰ মা-পিতা হয়নে? নাভাবে, ইয়াত ভবাৰ কথাই নাই। তোমালোকেও কেৱল শিৱবাবাক স্মৰণ কৰিব লাগে। ভক্তিমাৰ্গতো তোমালোকে শিৱক ফুল অৰ্পণ কৰি আহিছা। সোমনাথৰ মন্দিৰ কিমান ভালকৈ নিৰ্মাণ কৰিছে, যিটো পাছত মহম্মদ গজনৱীয়ে আহি লুটিছিল। সোমনাথৰ মন্দিৰ ভাৰতত অতি প্ৰসিদ্ধ। সকলোতকৈ প্ৰথমতেতো শিৱৰ পূজা হ'ব লাগে। সন্তানসকলৰ এই সকলো জ্ঞান এতিয়া বুদ্ধিত উদয় হৈছে। যদিওবা পূজা আদি কৰি আহিছা কিন্তু তোমালোকে এইটো গম পোৱা নাছিলা যে এয়া জড় চিত্ৰ। নিশ্চয় চৈতন্যত আহিছিল সেইবাবেতো বছৰে বছৰে শিৱ জয়ন্তীও পালন কৰে। এনেকৈও কয়- শিৱ পৰমাত্মা নিৰাকাৰ। আত্মাই জানে আমিও নিৰাকাৰ। এতিয়া তোমালোক আত্মা-অভিমানী হোৱা, বহুত সহজ। তেওঁতো আমাৰ পিতা হয়। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, পতিত-পাৱন হয়। তেওঁৰ বহুত মহিমা আছে। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ ইমান মহিমা নাই। এজনৰহে মহিমা গায়ন কৰে। এতিয়া তোমালোকে জানা - বাবা আহি আমাক উত্তৰাধিকাৰ দি আছে। যেনেকৈ লৌকিক পিতাই সন্তানৰ লালন-পালন কৰে, নপঢ়ায়। পঢ়াৰ কাৰণে স্কুললৈ যায় আকৌ বানপ্ৰস্থ সময়ত গুৰুৰ শৰণ লোৱা হয়। আজি কালিতো সৰু-ডাঙৰ সকলোকে গুৰুৰ শৰণ দি দিয়ে। ইয়াততো তোমালোক সন্তানসকলক কোৱা হয় - শিৱবাবাক স্মৰণ কৰা, সকলোৰে অধিকাৰ আছে। সকলো মোৰ সন্তান। তোমালোকৰ মাজতো কোনোবা আছে যিসকলে ভালদৰে স্মৰণ কৰে। বহুতেতো কয় - বাবা, কাক স্মৰণ কৰোঁ? বিন্দুক কেনেকৈ স্মৰণ কৰোঁ? ডাঙৰ বস্তুক স্মৰণ কৰা হয়। বাৰু পৰমাত্মা, যাক তোমালোকে স্মৰণ কৰা, সেইটো কি বস্তু? তেতিয়া কৈ দিয়ে - অখণ্ড জ্যোতি স্বৰূপ। কিন্তু এনেকুৱা নহয়। অখণ্ড জ্যোতিক স্মৰণ কৰা - এইটো ভুল হৈ যায়। স্মৰণতো যথাৰ্থভাৱে কৰিব লাগে। প্ৰথমে যথাৰ্থ ৰূপত জানিব লাগে। পিতাহে আহি নিজৰ পৰিচয় দিয়ে, আকৌ সন্তানসকলক গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ বাতৰিও শুনায়। বিস্তাৰতো শুনায় আৰু সংক্ষেপেও শুনায়। এতিয়া পিতাই কয় - সন্তানসকল তোমালোক পাৱন হ'ব লাগে গতিকে তাৰ বাবে এটাই উপায় আছে - মোক স্মৰণ কৰা, মোক পতিত-পাৱন বুলিয়েই কোৱা। আত্মাক পাৱন কৰি তুলিব লাগে। আত্মাইহে কয় - মই পতিত হৈ গ’লোঁ। মই পাৱন আছিলোঁ, এতিয়া পতিত। সকলো তমোপ্ৰধান। প্ৰতিটো বস্তু প্ৰথমে সতোপ্ৰধান তাৰপাছত তমোপ্ৰধান হয়। আত্মাই নিজে কয় - মই পতিত হৈ গ’লোঁ, মোক পাৱন কৰি তোলক। শান্তিধামত পতিত নাথাকে। ইয়াত পতিত আছে গতিকে দুখী হয়। যেতিয়া পাৱন আছিল তেতিয়া সুখী আছিল। গতিকে আত্মাইহে কয় মোক পাৱন কৰি তোলক তেতিয়া মই দুখৰ পৰা মুক্ত হৈ যাম। তোমালোকে বুজি পোৱা আত্মাইহে সকলোবোৰ কৰে। জাজ্‌, বেৰিস্তাৰ আদি হয়। আত্মাইহে কয় - মই ৰজা হওঁ, মই অমুক হওঁ। এতিয়া এই শৰীৰ এৰি অন্য এটা ল'ব লাগে। ইয়াক কোৱা হয় আত্মা-অভিমানী। দেহ থাকিও আত্মা-অভিমানী। ৰাৱণৰ ৰাজ্যত দেহ-অভিমানী হয়। আত্মা-অভিমানী এতিয়াহে পিতাই কৰি তোলে। এই সময়ত আত্মা পতিত দুখী সেয়েহে আহ্বান জনায় - হে বাবা আহক। এইটোও তোমালোকে জানা ড্ৰামাৰ পৰিকল্পনা অনুসৰি পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈ আহিছোঁ। চক্ৰ ঘূৰিয়েই থাকে। এতিয়া তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে, আমাৰ 84 জন্ম কেনেকৈ হ'ল। এতিয়া এইটো কথা পাহৰি নাযাবা। স্বদৰ্শন চক্ৰধাৰী হৈ থাকা। উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে বুদ্ধিত গোটেই জ্ঞান আছে। তোমালোকে বুজি পোৱা বেহদ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই সন্তানসকলক বুজায় যে তোমালোকে এজন পিতাকহে স্মৰণ কৰিব লাগে। পিতাক স্মৰণ কৰিব লাগে, ৰুটি টুকুৰা খাব লাগে। বচ্।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক পিতাই বাৰে বাৰে বুজায় - সন্তানসকল পেটৰ কাৰণে কেৱল ৰুটি টুকুৰা খাব লাগে। পেটে বেছিকৈ নাখায়। এপোৱা আটা খায়। দাইল ৰুটি বচ, 10 টকাতো মনুষ্যৰ পেট ভৰে আকৌ 10 হাজাৰতো পেট ভৰায়। গৰিব লোকে খায়নো কি। তথাপিও হৃষ্ট-পুষ্ট হৈ থাকে। ভিন্ন ভিন্ন বস্তু মনুষ্যই খায় তেতিয়া আৰুহে বেমাৰত পৰি যায়। ডাক্তৰেও কয় - এক প্ৰকাৰৰ খাদ্য খোৱা তেতিয়া বেমাৰ নহ'ব। গতিকে পিতায়ো বুজায় - ৰুটি টুকুৰা খোৱা। যি পোৱা তাতে সন্তুষ্ট হোৱা। দাইল-ৰুটিৰ নিচিনা আৰু কোনো বস্তু নাই। বেছি লালসাও ৰাখিব নালাগে। সন্ন্যাসীলোকসকলে কি কৰে? ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়। তত্বক পৰমাত্মা বুলি বুজি স্মৰণ কৰে, ভাবে ব্ৰহ্মত লীন হৈ যাব। কিন্তু এনেকুৱাতো নহয়। আত্মাতো অমৰ। লীন হোৱাৰ কথা নাই। বাকী আত্মা পৱিত্ৰ, অপৱিত্ৰ হয়। তোমালোকে কিমান ভাল জ্ঞান পাইছা। তোমালোকেহে প্ৰালব্ধ ভোগ কৰা পুনৰ এই জ্ঞান পাহৰি যায়। আকৌ ছিৰি নামিবলগীয়া হয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান ধাৰণ হৈ আছে। আমি 84 জন্ম কেনেকৈ ভোগ কৰোঁ। এই ভূমিকা কেতিয়াও কাৰো বন্ধ নহয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা যি ঘূৰিয়েই থাকে। এনেকৈ ক'ব নোৱাৰে যে ভগৱানে কেতিয়া, কেনেকৈ, ক'ত বহি ৰচিলে? নহয়। এয়াতো চলিয়েই আহিছে। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হৈয়েই থাকে। এই কথাবোৰ কোনেও নুবুজেই। তোমালোকে জানা - আমি ড্ৰামাৰ পৰিকল্পনা অনুসৰি আহিছোঁ। এতিয়া পুনৰ ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাজ্য লৈ আছোঁ। এই কথাবোৰ আন কোনেও বুজিব নোৱাৰে। সোধা হয় - ড্ৰামা সৰ্বশক্তিমান নে ঈশ্বৰ? তেতিয়া কয় - ঈশ্বৰ সৰ্বশক্তিমান। ভাবে তেওঁ সকলো কৰিব পাৰে। পিতাই কয় - ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ। পতিতসকলক পাৱন কৰি তুলিবলৈ মই আহিবলগীয়া হয়। তোমালোক সত্যযুগত সুখী হৈ যোৱা। ময়ো গৈ পৰমধামত বিশ্রামী হৈ যাওঁ। তোমালোক কান্ধত উঠি যোৱা। তোমালোকে সিংহত আৰোহন কৰা।

তোমালোকে জানা চেকেণ্ডৰ পাছত চেকেণ্ড যি চলে সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোক সন্তানসকলৰ কিমান ভাল জ্ঞান আছে। এতিয়া কেৱল পিতা আৰু উত্তৰাধিকাৰাক স্মৰণ কৰা। বচ্। কাগজ, পেঞ্চিল আদিৰ কোনো দৰকাৰ নাই। ব্ৰহ্মা বাবায়ো পঢ়ে, এওঁতো একোৱেই নাৰাখে। কেৱল পিতাক স্মৰণ কৰিব লাগে তেতিয়া উত্তৰাধিকাৰ পাবা। কিমান সহজ। স্মৃতিৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। এয়া হৈছে ধাৰণাৰ কথা। লিখিলে কি লাভ হ’ব, এয়াতো সকলো বিনাশ হৈ যাব। কিন্তু কোনোবাই স্মৃতিত ৰাখিবলৈ লিখে। যেনেকৈ কিবা কথা স্মৃতিত ৰাখিবলগীয়া হ’লে তেতিয়া গাঁঠি বান্ধি দিয়ে। তোমালোকেও গাঁঠি বান্ধি লোৱা, শিৱবাবা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। এইটোতো বহুত সহজ - যোগ অৰ্থাৎ স্মৃতি। এনেকৈ কয় - বাবা স্মৃতি স্থায়ী হৈ নাথাকে। যোগত কেনেকৈ বহোঁ? হেৰ’ লৌকিক পিতাৰ স্মৃতি উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে থাকে, তোমালোকেও কেৱল স্মৰণ কৰা। বচ্ বৈতৰণী পাৰ হৈ যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বদৰ্শন চক্ৰধাৰী হৈ 84ৰ চক্ৰ বুদ্ধিত ঘূৰাই থাকিব লাগে। বেহদৰ পিতাক স্মৰণ কৰি বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে, পাৱন হ'ব লাগে।

(2) কোনো বস্তুৰ প্ৰতি লালসা ৰাখিব নালাগে, যি পোৱা তাতেই আনন্দিত হৈ থাকিব লাগে। ৰুটি টুকুৰা খাব লাগে, পিতাৰ স্মৃতিত থাকিব লাগে।

বৰদান:
সকলোৰে অন্তৰৰ ৰহস্য জানি সকলোকে ৰাজী কৰোঁতা সৰ্বদা বিজয়ী হোৱা

বিজয়ী হ’বলৈ প্ৰত্যেকৰে অন্তৰৰ ৰহস্য জানিব লাগে। কাৰোবাৰ মুখেৰে উচ্চাৰিত শব্দৰে তেওঁৰ অন্তৰৰ ৰহস্য জানি লোৱা তেতিয়া বিজয়ী হ’ব পাৰা কিন্তু অন্তৰৰ ৰহস্য জানিবলৈ অন্তৰ্মুখিতা লাগে। যিমানে অন্তৰ্মুখী হৈ থাকিবা সিমানে প্ৰত্যেকৰে অন্তৰৰ ৰহস্য জানি তেওঁলোকক ৰাজী কৰিব পাৰিবা। ৰাজী কৰোঁতাসকলহে বিজয়ী হয়।

স্লোগান:
বৈৰাগ্য এনেকুৱা যোগ্য ধৰণী য’ত যিয়েই ফল সিঁচিবা সেয়া ফলপ্ৰসূ অৱশ্যে হ’ব।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

সদায় উৎসাহ-উদ্দীপনাত একৰস হৈ থাকিবলৈ যিয়েই সম্পৰ্কত আহে - সেয়া লাগিলে বিদ্যাৰ্থীয়েই হওক বা সংগীয়েই হওক, সকলোকে সন্তুষ্ট কৰাৰ প্ৰবল ইচ্ছা থাকিব লাগে। যাকেই দেখা তেওঁৰ পৰা সকলো সময়তে গুণ গ্ৰহণ কৰি থাকা। সকলোৰে গুণৰ বল পালে সদাকালৰ বাবে উৎসাহ একৰস হৈ থাকিব। গুণগ্ৰাহী হোৱা। অৱগুণবোৰ দেখিও আওকাণ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]