19.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী, তোমালোক সঁচা ৰূপ-বসন্ত (জ্ঞানী-যোগী) হৈ
নিজৰ মুখেৰে সদায় জ্ঞান ৰত্নহে উচ্চাৰণ কৰিব লাগে”
প্ৰশ্ন:
পিতাই
সন্তানসকলক সজ্ঞান কৰিবৰ কাৰণে কোনটো সঞ্জীৱনী ঔষধ দিয়ে?
উত্তৰ:
‘মনমনাভৱ’ অৰ্থাৎ পিতাক স্মৰণ কৰা। নিচা থাকিব লাগে – পৰমাত্মাৰ দ্বাৰা আমি দেৱতা
হ’বৰ বাবে অথবা ৰাজ্য পদ পাবৰ বাবে এই পঢ়া পঢ়ি আছোঁ। এইটো স্মৃতিয়েই হৈছে সঞ্জীৱনী
ঔষধ, যিয়ে সজ্ঞান কৰি দিয়ে। তেওঁলোকৰ অৱস্থা কেতিয়াও জঁয় পৰি যাব নোৱাৰে। তেওঁলোকে
সদায় নিজক পৰীক্ষা কৰি আনকো সাৱধান কৰি থাকিব।
ওঁম্শান্তি।
এইখন
মহাবিদ্যালয় হয় নহয়। যেনেকৈ বিদ্যালয়ত বিদ্যাৰ্থী গৈ বহিলে তেতিয়া বুজে যে আমি
শিক্ষকৰ আগত বহি আছোঁ। কোনটো পৰীক্ষা উত্তীৰ্ণ হ’বলৈ বহিছোঁ, সেয়াও বুদ্ধিত থাকে।
সৎসঙ্গ আদিত য’ত বেদ শাস্ত্ৰ আদি শুনায়, তাত কোনো লক্ষ্য নাথাকে। সেই শাস্ত্ৰ আদি
তোমালোকৰ বুদ্ধিৰ পৰা আঁতৰি গ’ল। তোমালোকে জানা যে আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ,
ভৱিষ্যত 21 জন্মৰ কাৰণে। বিদ্যাৰ্থী ঘৰতেই বহি থাকক বা য’লৈকে নাযাওঁক, বুদ্ধিত এইটো
থাকে যে মই অমুকতো পৰীক্ষাত উত্তীৰ্ণ হ’ম। তোমালোক সন্তানসকলেও শ্ৰেণীত বহি এইটো
জানা যে আমি দেৱতা হৈ আছোঁ। তোমালোকেও নিজক বিদ্যাৰ্থী বুলি ভাবা নহয় জানো। মই আত্মা,
এই শৰীৰৰ দ্বাৰা মই পঢ়ি আছোঁ। আত্মাই জানে যে এই শৰীৰ এৰি ভৱিষ্যতে মই নতুন শৰীৰ
ল’ম, তাক দেৱতা বুলি কোৱা হয়। এয়াতো বিকাৰী পতিত শৰীৰ, আমি আকৌ নতুন শৰীৰ পাম। এইটো
বোধ এতিয়া হৈছে। মই আত্মাই পঢ়ি আছোঁ, জ্ঞান সাগৰে পঢ়াই আছে। ইয়াত তোমালোকৰ গৃহস্থ
ব্যৱহাৰৰ চিন্তা নাই। বুদ্ধিত এয়াই থাকে যে আমি ভৱিষ্যতৰ কাৰণে মনুষ্যৰ পৰা দেৱতা
হৈ আছোঁ। দেৱতাসকল থাকে স্বৰ্গত। এইটো বাৰে বাৰে চিন্তা কৰিলে সন্তানসকল আনন্দিত হৈ
থাকিব আৰু পুৰুষাৰ্থও কৰিব। মন-বচন-কৰ্মৰে পৱিত্ৰও হৈ থাকিব। সকলোকে আনন্দৰ বাতৰি
শুনাই থাকিব। ব্ৰহ্মাকুমাৰতো বহুত আছে নহয় জানো। সকলো বিদ্যাৰ্থী জীৱনত আছে। এনেকুৱা
নহয় যে পেছাগত কাম-কাজত গ’লে সেই জীৱন পাহৰি যাব। যেনেকৈ এইজন মিঠাইৱালা, বুজিব নহয়
যে মই বিদ্যাৰ্থী হওঁ। বিদ্যাৰ্থীয়ে কেতিয়াবা মিঠাই তৈয়াৰ কৰিব লাগে জানো? ইয়াততো
তোমালোকৰ কথাই বেলেগ। শৰীৰ নিৰ্বাহৰ কাৰণে পেছাগত কাম-কাজো কৰিব লাগে। লগে লগে
বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে মই পৰমপিতা পৰমাত্মাৰ দ্বাৰা পঢ়ি আছোঁ। তোমালোকৰ
বুদ্ধিত থাকে যে এই সময়ত গোটেই জগত নৰকবাসী। কিন্তু এইটো কোনেও নুবুজে যে আমি
ভাৰতবাসী নৰকবাসী হওঁ, আমি ভাৰতবাসীয়েই স্বৰ্গবাসী আছিলোঁ। তোমালোক সন্তানসকলৰো
গোটেই দিন এইটো নিচা নাথাকে। বাৰে বাৰে পাহৰি যোৱা। হওঁতে তোমালোক বি. কে. হোৱা,
শিক্ষক হোৱা, শিক্ষা দিয়া, মনুষ্যক দেৱতা, নৰকবাসীক স্বৰ্গবাসী কৰি আছা, তথাপিও
পাহৰি যোৱা। তোমালোকে জানা যে এই সময়ত গোটেই সৃষ্টি আসুৰি সম্প্ৰদায়ৰ। আত্মাও পতিত
লগতে শৰীৰো পতিত। এতিয়া তোমালোক সন্তানসকলৰ এই বিকাৰৰ প্ৰতি ঘৃণা জন্মে। কাম, ক্ৰোধ
আদি সকলো ঘৃণাৰ বস্তু। সকলোতকৈ ঘৃণাৰ বস্তু হৈছে বিকাৰ। সন্ন্যাসীসকলৰো কিছু ক্ৰোধ
থাকে কাৰণ যেনে অন্ন তেনে মন, গৃহস্থীসকলৰ পৰাই খায়। কোনোৱে খাদ্য গ্ৰহণ নকৰে কিন্তু
পইচাতো লয় নহয়। পতিতৰ তেওঁলোকৰ ওপৰত প্ৰভাৱতো থাকে নহয় জানো। পতিতৰ অন্নই পতিতহে
কৰিব। পৱিত্ৰতাৰ ওপৰত তোমালোকে বিশেষ জোৰ দিয়া। তোমালোকৰ এই প্ৰচাৰ বাঢ়ি গৈ থাকিব।
সকলোৱে বিচাৰিব মই পৱিত্ৰ হওঁ, এইটো কথা অন্তৰত লাগি যাব কিয়নো পৱিত্ৰ নোহোৱাকৈতো
স্বৰ্গৰ মালিক হ’ব নোৱাৰিব। লাহে লাহে সকলোৰে বুদ্ধিত আহি যাব, যিসকল স্বৰ্গবাসী
হ’বলগীয়া আছে তেওঁলোকেই হ’ব। ক’ব মইতো পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক নিশ্চয় হ’ম।
এয়া হৈছে কল্যাণকাৰী সংগমযুগ যেতিয়া পতিত সৃষ্টি পাৱন হয়, সেইকাৰণে ইয়াক পুৰুষোত্তম
যুগ বুলি কোৱা হয়। এইটো কল্যাণকাৰী হয়। মনুষ্য সৃষ্টিৰ কল্যাণ হয়। পিতা কল্যাণকাৰী
যেতিয়া সন্তানসকলকো কল্যাণকাৰী কৰি তুলিব। আহি যোগ শিকাই মনুষ্যৰ পৰা দেৱতা কৰি তোলে।
তোমালোকে জানা এইখন (মধুবন)
হৈছে আমাৰ মুখ্য বিদ্যালয়। ইয়াত কাৰো কোনো সাংসাৰিক কাম-কাজো নাই। বাহিৰলৈ গ’লেই
পেছাগত কাম-কাজত লাগি যায় তেতিয়া এইটো স্মৃতিত নাথাকে যে আমি বিদ্যাৰ্থী হওঁ। আমি
নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ আছোঁ। এইটো খেয়াল বুদ্ধিত তেতিয়া চলিব যেতিয়া আজৰি পাব,
যত্ন কৰি সময় উলিয়াব লাগে। বুদ্ধিত স্মৃতি থাকিব লাগে যে আমি তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হৈ আছোঁ। এজন পিতাকেই স্মৰণ কৰিব লাগে। পেছাগত কাম-কাজতো আজৰি সময় পোৱা
যায়। বুদ্ধিত এইটো স্মৃতি যত্ন কৰি আনিব লাগে যে আমি ঈশ্বৰীয় বিদ্যাৰ্থী। জীৱন
নিৰ্বাহৰ কাৰণে এই পেছাগত কাম-কাজ আদি কৰোঁ। সেয়া হ’ল মায়াবী পেছা, এয়াও তোমালোকৰ
জীৱন নিৰ্বাহ, ভৱিষ্যতৰ কাৰণে সঁচা উপাৰ্জনতো এয়া হয়, এই ক্ষেত্ৰত বৰ ভাল বুদ্ধি
লাগে। নিজক আত্মা বুলি বুজি পৰমপিতা পৰমাত্মাক স্মৰণ কৰিব লাগে। বুজাব লাগে, এতিয়া
আমি আত্মাসকল ঘৰলৈ যাব লাগে। পিতা আমাক নিবৰ কাৰণে আহিছে। গোটেই দিন বুদ্ধিত বিচাৰ
সাগৰ মন্থন চলিব লাগে। যেনেকৈ গায়ে ঘাঁহ পাগুলি থাকে, তেনেকৈ পাগুলিব লাগে।
সন্তানসকলে অবিনাশী সম্পদ পায়। এয়া হৈছে আত্মাসকলৰ কাৰণে ভোজন। এইটো স্মৃতিত আহিব
লাগে যে আমি পৰমপিতা পৰমাত্মাৰ দ্বাৰা পঢ়ি আছোঁ – দেৱতা হ’বৰ কাৰণে, বা ৰাজকীয় পদ
পাবৰ কাৰণে, এইটো স্মৰণ কৰিব লাগে। বাৰে বাৰে পাহৰি যায় তেতিয়া আনন্দৰ সলনি অৱস্থা
জঁয় পৰি থাকে। এয়া হৈছে সঞ্জীৱনী ঔষধ যিটো নিজৰ লগত ৰাখিব লাগে আৰু আনকো দিব লাগে,
সজ্ঞান কৰিবলৈ। শাস্ত্ৰবিলাকততো দীঘলীয়া কাহিনী লিখি দিছে। বাবাই বহিলৈ এই সকলোৰে
ৰহস্য শুনায়। মনমনাভৱ অৰ্থাৎ পিতাক স্মৰণ কৰা তেতিয়া তোমালোক স্বৰ্গৰ মালিক হৈ
যাবাগৈ। নিজৰ অন্তৰক সুধি থাকা, পৰীক্ষা কৰি থাকা, এজনে আনজনক সাৱধান কৰি থাকা। কিবা
মনোমালিন্য হ’লে বুদ্ধি তাত লাগি যোৱা কাৰণে কাৰো কথা ভাল নালাগে। মায়াৰ ফালে বুদ্ধি
লাগি গ’লে আকৌ সেয়াই চিন্তা থাকিব। তোমালোক সন্তানসকলতো আনন্দিত হৈ থাকিব লাগে।
পিতাক স্মৰণ কৰা, কিন্তু নিজৰেই বেমেজালিত থাকিলে সেই দৰবে কাম নকৰিব, কলমটিয়াই
থাকিব। এনেকুৱা কৰিব নালাগে। বিদ্যাৰ্থীয়ে জানো পঢ়া এৰি যায়। তোমালোক সন্তানসকলে
জানা আমাৰ এই পঢ়া হৈছে ভৱিষ্যতৰ কাৰণে, ইয়াতেই আমাৰ কল্যাণ আছে। পেছাগত কাম-কাজ আদি
কৰিও পাঠ্যক্ৰম কৰিব লাগে। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। এইটোও জ্ঞান বুদ্ধিত ৰাখিব
লাগে। স্মৃতি হ’ল সঞ্জীৱনী ঔষধ। এজনে আনজনক সোঁৱৰাই দিব লাগে। স্ত্ৰী-পুৰুষে এজনে
আনজনক সোঁৱৰাই থাকিব লাগে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা এয়া পঢ়াই আছে। শিৱবাবাৰ ৰথৰ
অলংকৰণ কৰি থাকোঁতেও শিৱবাবাৰ স্মৃতি থাকিব লাগে। গোটেই দিন স্মৃতিত থকাতো কঠিন।
সেইটো অৱস্থাতো অন্তিমতহে হ’বগৈ। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে
শক্তিশালীৰ সৈতে মায়াই যুঁজি থাকিব। গায়নো কৰিছে যে এজনে আনজনক সাৱধান কৰি উন্নতি
সাধন কৰা। বিষয়াসকলে চাকৰকো কৈ দিয়ে যে মোক এইটো কথা সোঁৱৰাই দিবা। তোমালোকেও এজনে
আনজনক সোঁৱৰাই দিয়া। লক্ষ্য বহুত উচ্চ। পিতাই কয় – মোক স্মৰণ কৰিলে পাৱন হৈ যাবা।
এই পিতাই কোনো নতুন কথা নুশুনায়। তোমালোকে লাখ লাখ, কোটি কোটি বাৰ এই জ্ঞান শুনিছা,
আকৌ এয়া শুনিবা। কোনো সৎসঙ্গত এনেকৈ কওঁতা নোলাব যে আমি কল্পই কল্পই শুনিছোঁ। এতিয়া
শুনি আছোঁ আকৌ শুনিম। কল্পই কল্পই শুনি আহিছোঁ, এনেকৈ কোনেও ক’ব নোৱাৰে। পিতাই
বুজায় - তোমালোকে আধাকল্প ভক্তি কৰিছা। এতিয়া আকৌ তোমালোকে জ্ঞান পাইছা, যাৰ দ্বাৰা
সৎগতি হয়। পিতাক স্মৰণ কৰিলে পাপ খণ্ডন হৈ যাব। এয়াতো বুজিবলগীয়া কথা নহয় জানো।
পুৰুষাৰ্থ কৰিব লাগে। বিচাৰক বা ডাঙৰ ব্যক্তিৰ সন্তানে কোনো ওলোটা কাম কৰিলে তেতিয়া
নাম বদনাম হৈ যায়। ইয়াত তোমালোকো পিতাৰ হৈছা গতিকে এনেকুৱা কোনো কৰ্ম নকৰিবা, নহ’লে
পিতাৰ নিন্দা কৰাবা। সৎগুৰুৰ নিন্দক লক্ষ্যত উপনীত হ’ব নোৱাৰে অৰ্থাৎ উচ্চ পদ পাব
নোৱাৰে। ঈশ্বৰৰ সন্তান হৈ আসুৰি কৰ্মলৈ ভয় কৰিব লাগে। শ্ৰীমতত চলিবলগীয়া হয়। নিজৰ
মতত চলিলে প্ৰতাৰিত হ’বা, পদ ভ্ৰষ্ট হৈ যাব। সুধিবও পাৰা, আপোনাৰ মতত ঠিকমতে চলি
আছোঁনে। পিতাৰ প্ৰথম মত হ’ল পিতাক স্মৰণ কৰা। কোনো বিকৰ্ম নকৰিবা। বাবা কোনটো
বিকৰ্ম কৰোঁ, আপুনি কিবা জানে যদি কওঁক। জানিলেতো কৈ দিব। এইটো এইটো তোমাৰ দ্বাৰা
ভুল হয়, তাক বিকৰ্ম বুলি কোৱা হয়। সকলোতকৈ ডাঙৰ বিকৰ্ম হৈছে কাম বিকাৰৰ, বেছি কাজিয়া
তাক লৈয়ে হয়। সন্তানসকলে সাহস ৰাখিব লাগে, বিচাৰ কৰিব লাগে। কুমাৰীসকলৰ সংগঠন হ’ব
লাগে, যিসকলে ক’ব যে আমি বিয়াত নবহোঁৱেই। এতিয়া হ’ল কল্পৰ সংগমযুগ, যেতিয়া
পুৰুষোত্তম হ’ব লাগে। এই লক্ষ্মী-নাৰায়ণক পুৰুষোত্তম বুলি কোৱা হয়। বিকাৰীক জানো
পুৰুষোত্তম বুলি ক’ব। এতিয়া তোমালোক পুৰুষোত্তম হৈ আছা। পুৰুষোত্তম হোৱাৰ সকলোৰে
অধিকাৰ আছে। পুৰুষোত্তম মাহত তোমালোকে কিমান সেৱা কৰিব পাৰা। খুব ধুমধামেৰে আয়োজন
কৰিব লাগে। এই পুৰুষোত্তম যুগেই উত্তম যুগ, যেতিয়া মনুষ্য নৰকবাসীৰ পৰা স্বৰ্গবাসী
হয়। এইটো সাধাৰণ কথা। তোমালোক সন্তানসকলে ভালদৰে বুজাব লাগে। পুৰুষোত্তম থাকে
সত্যযুগত। কলিযুগত কোনো উত্তম পুৰুষ নাথাকেই। এইখন হ’ল পতিত সৃষ্টি। তাততো সকলো
পৱিত্ৰ। এই সকলোবোৰ কথা পিতাই সন্তানসকলক বুজায়, আনক বুজাবলৈ। চল চাই বুজাব লাগে।
তোমালোক ইয়াত বহি আছা, বুজি পোৱা যে আমাক নিৰাকাৰ বাবা পৰমপিতা পৰমাত্মাই ৰাজযোগ
শিকাই আছে, আমি হৈছোঁ বিদ্যাৰ্থী। এই পঢ়াৰ দ্বাৰা স্বৰ্গৰ দেৱী-দেৱতা হৈ আছোঁ। সকলো
পৰীক্ষাতকৈ ডাঙৰ পৰীক্ষা হৈছে এই ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰাৰ পৰীক্ষা, যিটো পৰমাত্মাৰ
বাহিৰে আন কোনেও পঢ়াব নোৱাৰে। পিতা নিজেই পৰোপকাৰী, নিজে স্বৰ্গৰ মালিক নহয়।
স্বৰ্গৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণহে হয়। নিষ্কাম সেৱা বাবাই কৰে। তেওঁ কয় - মই ৰজা নহওঁ।
তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এই কথাবোৰ কাৰো বুদ্ধিত নাই। এনেকুৱা বহুত আছে, যদিও
ইয়াত চহকী, তাত গৰিব হৈ যাব আৰু যি এতিয়া গৰিব তেওঁ তাত বহুত চহকী হয়। বিশ্বৰ মালিক
হোৱা – এইটো বেহদৰ কথা হয় নহয়। গায়নো কৰা হৈছে – মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ।
স্বৰ্গৰ মালিকেই কৰি তুলিব। তোমালোকে জানা যে আমি স্বৰ্গৰ মালিক হৈ আছোঁ তেন্তে
কিমান নিচা থাকিব লাগে। আমাক পঢ়াওঁতাজন হৈছে পৰমপিতা পৰমাত্মা। আমি এতিয়া নৰকবাসীৰ
পৰা স্বৰ্গবাসী দেৱতা হওঁ, এইটোও স্মৃতিত থাকিলে আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব।
বিদ্যাৰ্থী জীৱন সকলোতকৈ উত্তম। পুৰুষাৰ্থ কৰিতো ৰজা-ৰাণীহে হ’ব লাগে নহয় জানো।
এনেকৈ ক’ব নালাগে যে আমি ৰজা হৈ আকৌ কঙাল হ’ম। এনেকৈ ক’ব নালাগে। সুধিব লাগে কি হ’ব
বিচৰা? সকলোৱে ক’ব আমি বিশ্বৰ মালিক হ’ম। সেয়াতো ভগৱান পিতাইহে কৰি তুলিব পাৰে।
পিতাই কয় – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হৈ যাবা, কিমান সহজ কথা। যিকোনো লোকেই হ’ব পাৰে। লাগিলে যিমানেই গৰিব
নহওঁক, ইয়াত পইচাৰ কথা নাই সেইকাৰণে পিতাক গৰিবৰ ত্ৰাণকৰ্তা বুলি কয়।
পিতাক স্মৰণ কৰি পাপৰ
কলহ খালী কৰিব লাগে, যিয়ে যিমান পৰিশ্ৰম কৰিব সেই অনুসৰিয়ে পাব। ছিৰিৰ চিত্ৰত
দেখিবলৈ পোৱা কিমান উচ্চলৈ উঠে। আৰোহণ কৰিলে বাদশ্বাহীৰ ৰস খাবলৈ পায়, অধঃপতিত হ’লে
একেবাৰে ভাঙি-চিঙি চূৰমাৰ হৈ যায়। বিকাৰত অধঃপতিত হ’লে, আঁতৰি গুচি গ’লে তেতিয়া
বাবাই কয় - একেবাৰে তলত পৰি গ’ল। সুসন্তানেতো পুৰুষাৰ্থ কৰি নিজৰ জন্ম হীৰাতুল্য কৰি
তুলিব। সন্তানসকলে পুৰুষাৰ্থ বহুত কৰিব লাগে। এতিয়া যিয়ে কৰিব তেওঁলোকে তাৰ ফল পাব।
সকলোকে কয় - মাতা-পিতাক অনুসৰণ কৰা, নিজৰ সমান কৰি গঢ়ি তোলা। যিমানে দয়াশীল হ’বা
সিমান তোমালোকৰেই লাভ। সময় নষ্ট কৰিব নালাগে, আনক যুক্তি শুনাই থাকিব লাগে। নহ’লে
ইমান উচ্চ পদ পাব নোৱাৰিবা। অন্তিমত তোমালোকৰ বহুত সাক্ষাৎকাৰ হ’ব তেতিয়া আকৌ সেই
সময়ত তোমালোকে একো কৰিব নোৱাৰিবা। পৰীক্ষাত অনুত্তীৰ্ণ হ’ল মানে হ’ল। এনেকুৱা যাতে
নহয় যে অন্তিমত অনুতাপ কৰিবলগীয়া হয়। তেতিয়াতো পুৰুষাৰ্থ কৰিব নোৱাৰিবা সেইকাৰণে
যিমান নিজৰ আৰু আনৰ কল্যাণ কৰিব খোজা, সিমান কৰা। অন্ধৰ লাখুটি হোৱা।
কল্প-কল্পান্তৰ স্বৰ্গৰ স্থাপনা কৰিছে, নিশ্চয় কৰিব। নাটকত নিৰ্ধাৰিত হৈ আছে, এতিয়া
যিয়ে কৰিব তেৱেঁ পাব। বাবাৰ মৰমৰ সন্তানসকল লুকাই থাকিব নোৱাৰে। ৰূপ-বসন্তৰ নিচিনাকৈ
মুখেৰে যাতে ৰত্নহে উচ্চাৰিত হয়। ঠগ হ’ব নালাগে, আনৰ লোকচান কৰিব নালাগে। তোমালোকক
যদি কোনোবাই ওলট-পালট (অদৰকাৰী) কথা শুনায় তেন্তে বুজিবা তেওঁ ঠগ হয়, তেওঁৰ পৰা
সাৱধানে থাকিব লাগে। নিজৰ বেহদৰ উত্তৰাধিকাৰ পিতাৰ পৰা লোৱাৰ ক্ষেত্ৰত পূৰা তৎপৰ হৈ
থাকিবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ আৰু
আনৰ কল্যাণ কৰিব লাগে। অন্ধৰ লাখুটি হ’ব লাগে। কেতিয়াবা কোনোবাই ওলোটা (অদৰকাৰী) কথা
শুনালে তেতিয়া তেওঁৰ পৰা সাৱধানে থাকিব লাগে।
(2) মন-বাণী-কৰ্মৰে
পৱিত্ৰ হ’ব লাগে। আমি বিদ্যাৰ্থী হওঁ, ভগৱানে আমাক দেৱতা হোৱাৰ পাঠ পঢ়াই আছে, এইটো
আনন্দত থাকিব লাগে।
বৰদান:
সংগী আৰু
সাক্ষীবোধৰ স্মৃতিৰে সকলো বন্ধনৰ পৰা মুক্ত হওঁতা সৰ্বশক্তি সম্পন্ন হোৱা
সৰ্ব শক্তিৰে সম্পন্ন
হৈ অধীনতাৰ পৰা আঁতৰি থাকিবলৈ দুটা শব্দ যাতে সদায় স্মৃতিত থাকে – এটা ‘সাক্ষী’ আৰু
আনটো ‘সংগী’। ইয়াৰ দ্বাৰা বন্ধনমুক্ত স্থিতি সোনকালে গঢ়ি উঠিব। সৰ্বশক্তিমান
পিতাৰ সান্নিধ্য থাকিলে সৰ্বশক্তি স্বতঃ প্ৰাপ্ত হৈ যায় আৰু সাক্ষী হৈ চলিলে কোনো
বন্ধনত আবদ্ধ নোহোৱা। নিমিত্ত মাত্ৰ এই শৰীৰত থাকি কৰ্তব্য কৰিলা আৰু সাক্ষী হৈ গ’লা
– ইয়াৰ বিশেষ অভ্যাস বৃদ্ধি কৰা।
স্লোগান:
যদি অশুদ্ধ আৰু শুদ্ধ দুয়োৰে যুদ্ধ চলে তেন্তে ব্ৰাহ্মণৰ পৰিৱৰ্তে ক্ষত্ৰিয় হোৱা।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
কাতৰ ভিখাৰী
তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰিবলৈ নিজক অতীন্দ্ৰিয় সুখ বা সৰ্বশক্তিৰে
ভৰপূৰ কৰা। যিমানে সৰ্বশক্তিৰ সম্পদ, অতীন্দ্ৰিয় সুখৰ সম্পদ জমা হ’ব, সিমানে নিজৰ
স্থিতি স্থায়ী হৈ থাকিব আৰু অন্যান্য আত্মাসকলকো সম্পন্ন কৰিব পাৰিবা। তোমালোক
সকলোৰে জোলোঙা ভৰপূৰ কৰোঁতা দাতাৰ সন্তান, সকলোকে দিব লাগে। এই দিয়াৰ দৃশ্য অতি
সোনকালে সমুখত আহিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]