19.11.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোক সদায় স্মৃতিৰ ফাঁচীকাঠত ওলমি থাকিব লাগে, স্মৃতিৰ দ্বাৰাহে আত্মা সঁচা সোণ হ'ব”

প্ৰশ্ন:
কোনটো শক্তিয়ে আসুৰিক দৃষ্টি ততালিকে পৰিৱৰ্তন কৰি দিয়ে?

উত্তৰ:
জ্ঞানৰ তৃতীয় নেত্রৰ শক্তি যেতিয়া আত্মাত আহি যায় তেতিয়া আসুৰিক বোধ সমাপ্ত হৈ যায়। পিতাৰ শ্রীমত হৈছে - সন্তানসকল, তোমালোক সকলো পৰস্পৰ ভাই-ভাই হোৱা, ভাই-ভনী হোৱা, তোমালোকৰ দৃষ্টি কেতিয়াও আসুৰিক হ'ব নোৱাৰে। তোমালোক সদায় স্মৃতিৰ নিচাত থাকা। বাঃ ভাগ্য বাঃ! আমাক ভগৱানে পঢ়ায়। এনেধৰণৰ বিচাৰ কৰিলে তেতিয়া নিচা বাঢ়ি থাকিব।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। সন্তানসকলে জানে যে আত্মিক পিতা যিগৰাকী আত্মাই হয়, তেওঁ নিখুঁত তেওঁৰ কোনো ধৰণৰ মামৰ (বিকাৰৰ লেপ) লাগি থকা নাই। শিৱবাবাই ক’ব - মোৰ মামৰ আছেনে? একেবাৰে নাই। এই দাদাৰতো (ব্ৰহ্মাৰ) পূৰা মামৰ লাগি আছিল। এওঁৰ শৰীৰত পিতাই প্ৰৱেশ কৰিলে গতিকে সহায়ো পায়। মূল কথা হ'ল 5 বিকাৰৰ কাৰণে আত্মাত মামৰ লগাৰ বাবে অপৱিত্র হৈ গৈছে। গতিকে যিমানেই পিতাক স্মৰণ কৰিবা, মামৰ আতঁৰি গৈ থাকিব। ভক্তিমাৰ্গৰ কথাতো জন্ম-জন্মান্তৰ শুনি আহিছা। এতিয়া এয়া যি শুনা সেয়াতো একেবাৰে অনন্য। তোমালোকে এতিয়া জ্ঞান সাগৰৰ পৰা জ্ঞান পাই আছা। তোমালোকৰ বুদ্ধিত লক্ষ্য-উদেশ্য আছে আৰু কোনো সৎসংগ আদিত লক্ষ্য-উদেশ্য নাই। ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ মোৰ গ্লানি কৰি থাকে, ড্ৰামাৰ পৰিকল্পনা অনুসৰি। মনুষ্যই এইটোও বুজি নাপায় যে এয়া ড্ৰামা। ইয়াত ৰচয়িতা, নিৰ্দেশকো ড্ৰামাৰ অধীন। যদিওবা সৰ্বশক্তিমান বুলি গায়ন কৰা হয় - কিন্তু তোমালোকে জানা যে তেৱোঁ ড্ৰামাৰ ছিৰিত চলি আছে। বাবা, যিজন নিজে আহি সন্তানসকলক বুজায়, তেওঁ কয় - মোৰ আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে সেই অনুসৰি পঢ়াওঁ। যি কিছু বুজাওঁ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোক এই পুৰুষোত্তম সংগমযুগত পুৰুষোত্তম হ'ব লাগে। ভগৱানুবাচ হয় নহয়। পিতাই কয় - তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি এই লক্ষ্মী-নাৰায়ণ হ'ব লাগে। এনেকৈ অন্য কোনো মনুষ্যই ক’ব নোৱাৰে যে তোমালোক বিশ্বৰ মালিক হ’ব লাগে। তোমালোকে জানা যে আমি আহিছোঁৱেই বিশ্বৰ মালিক, নৰৰ পৰা নাৰায়ণ হ'বলৈ। ভক্তিমাৰ্গততো জন্ম-জন্মান্তৰ কথা শুনি আহিছিলা, অলপো বোধশক্তি নাছিল। এতিয়া বুজি পোৱা - যথাযথ এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য স্বৰ্গত আছিল, এতিয়া নাই। ত্ৰিমূৰ্তিৰ বিষয়েও সন্তানসকলক বুজাইছে। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। সত্যযুগত এই এটা ধৰ্ম আছিল, অন্য কোনো ধৰ্ম নাছিল। এতিয়া সেই ধৰ্মটি নাই পুনৰ প্ৰতিষ্ঠা হৈ আছে। পিতাই কয় - মই কল্প কল্পৰ সংগমযুগত আহি তোমালোক সন্তানসকলক পঢ়াওঁ। এইখন পাঠশালা হয় নহয়। ইয়াত সন্তানসকলে চৰিত্ৰও শুধৰাব লাগে। 5 বিকাৰ আতঁৰাব লাগে। তোমালোকেই দেৱতাসকলৰ আগত গৈ গাইছিলা - আপোনালোক সৰ্বগুণ সম্পন্ন…. আমি পাপী। ভাৰতবাসীয়েই দেৱতা আছিল। সত্যযুগত এই লক্ষ্মী-নাৰায়ণ পূজ্য আছিল আকৌ কলিযুগত পূজাৰী হ’ল। এতিয়া পুনৰ পূজ্য হৈ আছে, পূজ্য সতোপ্ৰধান আত্মা আছিল। তেওঁলোকৰ শৰীৰো সতোপ্ৰধান আছিল। যেনেকুৱা আত্মা তেনেকুৱা অলংকাৰ। সোণত খাদ (অন্য ধাতু) মিহলি কৰিলে তেতিয়া তাৰ মূল্য কিমান কম হৈ যায়। তোমালোকৰো মূল্য বহুত উচ্চ আছিল। এতিয়া কিমান কম মূল্য হৈ গৈছে। তোমালোক পূজ্য আছিলা, এতিয়া পূজাৰী হৈছা। এতিয়া যিমান যোগত থাকিবা সিমান মামৰ (বিকাৰৰ লেপ) আতঁৰিব আৰু পিতাৰ প্ৰতি মৰম জাগি গৈ থাকিব, আনন্দিতও হ'বা। পিতাই স্পষ্টকৈ কয় - সন্তানসকল, খতিয়ান ৰাখা যে গোটেই দিনটোত আমি কিমান সময় স্মৰণ কৰোঁ? স্মৃতিৰ যাত্ৰা, এইটো সঠিক শব্দ। স্মৰণ কৰোঁতে কৰোঁতে মামৰ আতঁৰি আতঁৰি অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। তাততো পাণ্ডাসকলে যাত্ৰাত লৈ যায়। ইয়াততো আত্মাই নিজে যাত্ৰা কৰে। নিজৰ পৰমধামলৈ যাব লাগে কিয়নো ড্ৰামাৰ চক্ৰ এতিয়া পূৰা হয়। এয়াও তোমালোকে জানা যে এইখন বহুত লেতেৰা সৃষ্টি। পৰমাত্মাকতো কোনেও নাজানে, নাজানিবও সেয়েহে কোৱা হয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। তেওঁলোকৰ কাৰণেতো এই নৰকেই স্বৰ্গৰ সমান। তেওঁলোকৰ বুদ্ধিত এই কথাবোৰ ধাৰণ হ'ব নোৱাৰে। তোমালোক সন্তানসকলক এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰিবলৈ বহুত একান্তৰ প্ৰয়োজন। ইয়াততো একান্ত বহুত ভাল সেয়েহে মধুবনৰ মহিমা আছে। সন্তানসকল বহুত আনন্দিত হোৱা উচিত। আমাক জীৱ-আত্মাসকলক পৰমাত্মাই পঢ়াই আছে। কল্পৰ আগতেও এনেকৈ পঢ়াইছিল। শ্ৰীকৃষ্ণৰ কথা নহয়। তেওঁতো সৰু ল'ৰা আছিল। তেওঁ আত্মা, এওঁ পৰম আত্মা। প্ৰথম নম্বৰৰ আত্মা শ্ৰীকৃষ্ণই পুনৰ অন্তিম নম্বৰত আহি গৈছে। গতিকে নামো বেলেগ হৈ গ'ল। বহুত জন্মৰ অন্তিম জন্মত নামতো বেলেগ হ’ব নহয়। কয় - এওঁতো দাদা লেখৰাজ। এয়া হয়েই বহুত জন্মৰ অন্তিম জন্ম। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক ৰাজযোগ শিকাই আছোঁ। পিতা কাৰোবাৰ শৰীৰততো আহিব নহয়। শাস্ত্ৰবোৰত এই কথাবোৰ নাই। পিতাই তোমালোক সন্তানসকলক পঢ়ায়, তোমালোকেই পঢ়া। পুনৰ সত্যযুগত এই জ্ঞান নাথাকিব। তাত হৈছে প্ৰালব্ধ। পিতা সংগমত আহি এই জ্ঞান শুনায় আকৌ তোমালোকে পদ পাই যোৱা। এই সময়েই হৈছে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱাৰ সেয়েহে সন্তানসকলে গাফিলতি কৰিব নালাগে। মায়াই বহুত গাফিলতি কৰায় তেতিয়া বুজা যায় যে তেওঁৰ ভাগ্যত নাই। পিতাইতো পুৰুষাৰ্থ কৰায়। ভাগ্যত কিমান পাৰ্থক্য আহি যায়। কোনোবা উত্তীৰ্ণ, কোনোবা অনুত্তীৰ্ণ হৈ যায়। দ্বৈত মুকুটধাৰী হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে।

পিতাই কয় গৃহস্থালিত লাগিলে থাকা। লৌকিক পিতাৰ ঋণো সন্তানসকলে পৰিশোধ কৰিব লাগে। আইন মানি চলিব লাগে। ইয়াততো সকলো হৈছে বেআইনী। তোমালোকে জানা যে আমিয়েই ইমান উচ্চ পৱিত্ৰ আছিলোঁ, আকৌ অৱনমিত হৈ আহিলোঁ। এতিয়া পুনৰ পৱিত্ৰ হ'ব লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান সকলো বি.কে. হোৱা গতিকে আসুৰিক দৃষ্টি থাকিব নোৱাৰে কিয়নো তোমালোক ভাই-ভনী হোৱা। এয়া পিতাই যুক্তি শুনায়। তোমালোক সকলোৱে বাবা বাবা বুলি কৈ থাকা গতিকে ভাই-ভনী হৈ গ'লা। ভগৱানক সকলোৱে বাবা বুলি কয় নহয়। আত্মাসকলে কয় - আমি শিৱবাবাৰ সন্তান। আকৌ শৰীৰত থকা বাবে ভাই-ভনী হৈ গ’লা। তেন্তে আকৌ আমাৰ আসুৰিক দৃষ্টি কিয় যায়। তোমালোকে ডাঙৰ ডাঙৰ সভাত এইটো বুজাব পাৰা। তোমালোক সকলো ভাই ভাই আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচা হ’ল, গতিকে ভাই-ভনী হৈ গ'লা, অন্য কোনো সম্বন্ধ নাই। আমি সকলো এজন পিতাৰ সন্তান। এজন পিতাৰ সন্তান তেন্তে বিকাৰগ্ৰস্ত কেনেকৈ হ’ব পাৰে। ভাই ভায়ো হোৱা আৰু ভাই-ভনীও হোৱা। পিতাই বুজাইছে - এই দুচকু বহুত প্ৰবঞ্চনা কৰোঁতা হয়। চকুৱেই ভাল বস্তু দেখিলে তেতিয়া আকৰ্ষিত হয়। যদি চকুয়ে নাচায় তেন্তে তৃষ্ণাতুৰো নহ’ব। এই আসুৰিক দৃষ্টি সলনি কৰিবলগীয়া হয়। ভাই-ভনী বিকাৰগ্ৰস্ততো হ’ব নোৱাৰে। সেই দৃষ্টি আতঁৰি যোৱা উচিত। জ্ঞানৰ তৃতীয় নেত্রৰ বল লাগে। আধাকল্প এই দুচকুৰে কৰ্ম কৰিলা, এতিয়া পিতাই কয় এই সকলোবোৰ মামৰ কেনেকৈ আতঁৰিব? আমি আত্মাসকল যি পৱিত্ৰ আছিলোঁ, তাত মামৰ লাগিছে। যিমান পিতাক স্মৰণ কৰিবা সিমান পিতাৰ প্ৰতি মৰম জাগি উঠিব। পঢ়াৰ দ্বাৰা নহয়, স্মৃতিৰে মৰম জাগিব। ভাৰতৰ হয়েই প্ৰাচীন যোগ, যাৰ দ্বাৰা আত্মা পৱিত্ৰ হৈ নিজৰ ধামলৈ গুচি যাব। সকলো ভাতৃকে নিজৰ পিতাৰ পৰিচয় দিব লাগে। সৰ্বব্যাপীৰ জ্ঞানেৰেতো একেবাৰে সজোৰে অৱনমিত হৈ গৈছে। এতিয়া পিতাই কয় - ড্ৰামা অনুসৰি তোমালোকৰ ভূমিকা আছে। ৰাজধানী নিশ্চয় স্থাপন হ'ব। যিমান কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল, সিমানেই তেওঁলোকে নিশ্চয় কৰিব। তোমালোকে সাক্ষী হৈ প্ৰত্যক্ষ কৰি থাকা। এই প্ৰদৰ্শনী আদিতো বহুতে চাই থাকিব। তোমালোকৰ হৈছে ঈশ্বৰীয় অভিযান। এয়া হ'ল নিৰাকাৰ ঈশ্বৰ পিতাৰ অভিযান। সেয়া হ’ল খ্ৰীষ্টানসকলৰ অভিযান, বৌদ্ধিসকলৰ অভিযান। এয়া হ'ল নিৰাকাৰ ঈশ্বৰ পিতাৰ অভিযান। নিৰাকাৰ হয় গতিকে নিশ্চয় কোনোবা শৰীৰত আহিব নহয়। তোমালোকো নিৰাকাৰ আত্মাসকল মোৰ সৈতেই নিবাস কৰোঁতা আছিলা। এই নাটকখন কেনেকুৱা? এয়া কাৰো বুদ্ধিত নাই। ৰাৱণৰাজ্যত সকলো অপ্ৰীতিকৰ বুদ্ধিৰ হৈ গৈছে। এতিয়া পিতাৰ সৈতে প্ৰীতি গঢ়ি তুলিব লাগে। তোমালোকৰ প্ৰতিজ্ঞা হৈছে – “মোৰতো এজনেই দ্বিতীয় কোনো নাই”। নষ্টোমোহা হ'ব লাগে। বহুত পৰিশ্ৰম হয়। এয়া যেন ফাঁচীকাঠত ওলোমা। পিতাক স্মৰণ কৰা মানে ফাঁচীকাঠত ওলোমা। পিতাৰ স্মৃতিত শৰীৰক পাহৰি আত্মা গুচি যাব লাগে। পিতাৰ স্মৃতি বহুত দৰকাৰী। নহ’লে মামৰ কেনেকৈ আতঁৰিব? সন্তানসকল ভিতৰি আনন্দিত হৈ থকা উচিত - শিৱবাবাই আমাক পঢ়ায়। কোনোৱে শুনিলে ক’ব এওঁলোকে কি কয় কিয়নো তেওঁলোকেতো শ্ৰীকৃষ্ণক ভগৱান বুলি ভাবে।

তোমালোক সন্তানসকলতো এতিয়া বহুত আনন্দিত হোৱা যে আমি এতিয়া শ্ৰীকৃষ্ণৰ ৰাজধানীলৈ যাওঁ। আমিও ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব পাৰোঁ। তেওঁ হ'ল প্ৰথম ৰাজকুমাৰ। নতুন ঘৰত থাকে। পাছলৈ যিসকল সন্তানে জন্ম ল’ব তেওঁলোকতো দেৰিকৈ আহিল নহয় জানো। জন্ম স্বৰ্গতেই হ'ব। তোমালোকো স্বৰ্গত ৰাজকুমাৰ হ'ব পাৰা। সকলোৱেতো প্ৰথম নম্বৰত নাহিব। ক্ৰম অনুসৰি মালা তৈয়াৰ হ'ব নহয়। পিতাই কয় - সন্তানসকল, খুব পুৰুষাৰ্থ কৰা। তোমালোক ইয়ালৈ নৰৰ পৰা নাৰায়ণ হ'ব আহিছা। কথাও (আখ্যানো) সত্য-নাৰায়ণৰ। সত্য লক্ষ্মীৰ কথা কেতিয়াও শুনা নাই চাগৈ। সকলোৰে প্ৰেমো শ্ৰীকৃষ্ণৰ প্ৰতিহে। শ্ৰীকৃষ্ণকহে ঝুলনাত ঝুলায়। ৰাধাক কিয় নুঝুলায়? ড্ৰামাৰ পৰিকল্পনা অনুসৰি তেওঁৰ নাম প্ৰচলিত হৈ আহে। তোমালোকৰ সহপাঠীতো হৈছে ৰাধা তথাপিও প্ৰেম শ্ৰীকৃষ্ণৰ প্ৰতি। ড্ৰামাত তেওঁৰ ভূমিকাও এনেকুৱাই। সন্তান সদায় মৰমৰ হয়। সন্তানসকলক দেখি পিতা কিমান আনন্দিত হয়। ল'ৰা সন্তান জন্মিলে আনন্দিত হ'ব, ছোৱালী জন্মিলে শ্বাসৰুদ্ধ হৈ যাব। বহুতেতো মাৰিও পেলায়। ৰাৱণৰ ৰাজ্যত চৰিত্ৰৰ কিমান পাৰ্থক্য আহি যায়। গায়নো কৰে - আপুনি সৰ্বগুণ সম্পন্ন….. হয়। আমি নিৰ্গুণী। এতিয়া পিতাই কয় - পুনৰ এনেকুৱা গুণৱান হোৱা। এতিয়া বুজি পোৱা যে আমি অনেক বাৰ এই বিশ্বৰ মালিক হৈছোঁ। এতিয়া পুনৰ হ'ব লাগে। সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। অহো! শিৱবাবাই আমাক পঢ়ায়। এয়াই বহি চিন্তন কৰা। ভগৱানে আমাক পঢ়ায়, বাঃ ভাগ্য বাঃ। এনেকুৱা বিচাৰ কৰি মতলীয়া হৈ যাব লাগে। বাঃ ভাগ্য বাঃ! বেহদৰ পিতাক আমি পাইছোঁ, আমি বাবাকেই স্মৰণ কৰোঁ। পৱিত্ৰতা ধাৰণ কৰিব লাগে। আমি এয়া হওঁ, দৈৱীগুণ ধাৰণ কৰোঁ। এয়াও মনমনাভৱ হয় নহয়। বাবাই আমাক এনেকৈ (লক্ষ্মী-নাৰায়ণ) কৰি গঢ়ি তোলে। এয়াতো বাস্তৱিক অনুভৱৰ কথা।

পিতাই অতি মৰমৰ সন্তানসকলক ৰায় দিয়ে - খতিয়ান লিখা আৰু একান্তত বহি নিজৰ সৈতে এনেকৈ কথা পাতা। এই বেজটো বুকুত লগাই পিন্ধা। ভগৱানৰ শ্রীমতত আমি এয়া (লক্ষ্মী-নাৰায়ণ) হৈ আছোঁ। এওঁলোকক চাই তেওঁলোকক মৰম কৰি থাকা। বাবাৰ স্মৃতিৰে আমি এয়া হওঁ। বাবা, আপুনিতো চমৎকাৰ কৰে, বাবা আগতে জানো আমি জানিছিলোঁ যে আপুনি আমাক বিশ্বৰ মালিক কৰি তুলিব। ঐকান্তিক ভক্তিত দৰ্শনৰ কাৰণে ডিঙি কাটিবলৈ, প্ৰাণ ত্যাগ কৰিবলৈ উদ্যত হ’লে তেতিয়া দৰ্শন হয়। এনেকুৱাসকলৰে ভক্ত মালা গঁথা আছে। ভক্তসকলৰ মানো আছে। কলিযুগৰ ভক্ততো যেন সম্ৰাট। এতিয়া তোমালোক সন্তানসকলৰ বেহদৰ পিতাৰ প্ৰতি প্ৰীতি আছে। এজন পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিত নাথাকে। যোগসূত্ৰ একেবাৰে স্বচ্ছ হ'ব লাগে। এতিয়া আমাৰ 84 জন্ম পূৰ্ণ হ'ল। এতিয়া আমি পিতাৰ আজ্ঞা অনুসৰি পূৰা চলিম। কাম মহাশত্রু, তাৰ ওচৰত পৰাজিত হ’ব নালাগে। পৰাজিত হৈ আকৌ অনুতাপ কৰি কি কৰিবা? একেবাৰে হাড়-মূৰ ভাঙি যায়। বহুত কাঢ়া শাস্তি খাবলগীয়া হয়। মামৰ আতঁৰাৰ সলনি আৰুহে জোৰকৈ লাগি ধৰে। যোগ নালাগিব। স্মৃতিত থকাতো বহুত কঠিন। বহুতে মিছা কথাও কয় - মইতো পিতাৰ স্মৃতিত থাকোঁ। বাবাই জানে, থাকিব নোৱাৰে। এই ক্ষেত্ৰত মায়াৰ বহুত ধুমুহা আহে। এনেকুৱা স্বপ্ন আদি আহিব, একেবাৰে হায়ৰাণ কৰি দিব। জ্ঞানতো বহুত সহজ। সৰু ল'ৰা-ছোৱালীৱেও বুজাই দিব। বাকী স্মৃতিৰ যাত্ৰাতেই বহুত যুদ্ধ হয়। আনন্দিত হ'ব নালাগে যে মই বহুত সেৱা কৰোঁ। নিজৰ স্মৃতিত থকাৰ গুপ্ত সেৱা কৰি থাকা। এওঁৰতো (ব্ৰহ্মা বাবাৰতো) নিচা থাকে – মই একমাত্ৰ শিৱবাবাৰ সন্তান। বাবা বিশ্বৰ ৰচয়িতা হয় গতিকে ময়ো নিশ্চয় স্বৰ্গৰ মালিক হ'ম। ৰাজকুমাৰ হ'বলৈ গৈ আছোঁ, এইটো আন্তৰিক আনন্দ থকা উচিত। কিন্তু তোমালোক সন্তানসকল যিমান স্মৃতিত থাকিব পাৰা সিমান মই নোৱাৰোঁ। বাবাইতো বহুত খেয়াল ৰাখিবলগীয়া হয়। সন্তানসকলৰ কেতিয়াও ঈৰ্ষাও জাগিব নালাগে যে বাবাই গণ্যমান্য ব্যক্তিসকলৰ আদৰ সৎকাৰ কিয় কৰে। পিতাই প্ৰত্যেক সন্তানৰ নাড়ীৰ স্পন্দন চাই তেওঁলোকৰ কল্যাণৰ অর্থে প্ৰত্যেককে সেই অনুসৰি চলায়। শিক্ষকে জানে প্ৰৰিগৰাকী বিদ্যাৰ্থীক কেনেকৈ চলাব লাগে। সন্তানসকলে এই ক্ষেত্ৰত সংশয় আনিব নালাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) একান্তত বহি নিজে নিজৰ সৈতে কথা পাতিব লাগে। আত্মাত যি মামৰ লাগি আছে সেয়া আঁতৰাবলৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে।

(2) কোনো কথাত সংশয় আনিব নালাগে, ঈৰ্ষা কৰিব নালাগে। আন্তৰিক আনন্দত থাকিব লাগে। নিজৰ গুপ্ত সেৱা কৰিব লাগে।

বৰদান:
ভিকহুৰ পৰা ৰজকুমাৰৰ ভূমিকা বাস্তৱত পালন কৰোঁতা ত্যাগী তথা শ্ৰেষ্ঠ ভাগ্যশালী আত্মা হোৱা

যেনেকৈ ভৱিষ্যতে বিশ্ব মহাৰজা দাতা হ’বাগৈ তেনেকৈ এতিয়াৰ পৰা দাতাবোধৰ সংস্কাৰ জাগ্ৰত কৰা। কাৰোবাৰ পৰা কিবা আলম্বন লৈ তাৰ পাছত আলম্বন দিয়া – এয়া যাতে সংকল্পতো উদয় নহয় – ইয়াকে কোৱা হয় ভিকহুৰ পৰা ৰাজকুমাৰ। এনেকুৱা ভিকহুহে সম্পূৰ্ণ মূৰ্ত হয়। যিসকলে এতিয়া ভিকহুৰ পৰা ৰাজকুমাৰৰ ভূমিকা বাস্তৱত পালন কৰে তেওঁলোকক সৰ্বদা ত্যাগী আৰু শ্ৰেষ্ঠ ভাগ্যশালী বুলি কোৱা হয়। ত্যাগেৰে সদাকালৰ ভাগ্য স্বতঃ গঢ়ি উঠে।

স্লোগান:
সদায় হৰ্ষিত হৈ থাকিবলৈ সাক্ষীবোধৰ আসনত দৃষ্টা (দৰ্শক) হৈ সকলো খেল প্ৰত্যক্ষ কৰা।


অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

অশৰীৰী স্থিতিৰ অনুভৱ কৰিবলৈ সূক্ষ্ম সংকল্প ৰূপতো ক’তো যাতে আসক্তি নাথাকে, সম্বন্ধৰ ৰূপত, সম্পৰ্কৰ ৰূপত অথবা কোনো বিশেষত্বৰ প্ৰতিও যাতে আসক্তি নাথাকে। যদি নিজৰ কোনো বিশেষত্বৰ প্ৰতিও আসক্তি আছে তেন্তে সেই আসক্তিয়েও বন্ধন-যুক্ত কৰি দিব আৰু সেই আসক্তিয়ে অশৰীৰী হ’বলৈ নিদিব।