19.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ভিতৰে বাহিৰে স্বচ্ছ হোৱা, এতিয়া তোমালোকৰ কোনো বেয়া অভ্যাস থাকিব নালাগে”
প্ৰশ্ন:
ব্ৰাহ্মণ
সন্তানসকলে পিতাৰ পৰা পূৰা পূৰা উত্তৰাধিকাৰ ল’বৰ বাবে কোনবোৰ ধাৰণাৰ প্ৰতি ধ্যান
ৰাখিব লাগে?
উত্তৰ:
(1) এই জন্মত পিতাৰ হোৱাৰ পাছত এনেকুৱা কোনো পাপ কৰ্ম কৰিব নালাগে যাৰ বাবে এশগুণ
শাস্তি ভুগিবলগীয়া হয়। (2) পিতা যি অতি মিঠা তেওঁ তোমালোকক নিজৰ সমান মিঠা কৰি তোলে
সেয়েহে মুখেৰে কোনো কটু বচন উচ্চাৰিত হ’ব নালাগে যাৰ দ্বাৰা আনৰ দুখ হয়। (3) দুখ
হৰ্তা, সুখ কৰ্তাৰ সন্তান হৈ সকলোৰে দুখ হৰণ কৰিব লাগে। মন-বাণী-কৰ্মৰে সুখ দিব লাগে।
(4) স্তুতি-নিন্দাত সমান হৈ থাকিব লাগে।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজায়। সন্তানসকল কোন? ব্ৰাহ্মণ। এইটো কেতিয়াও নাপাহৰিবা যে মই
ব্ৰাহ্মণ, দেৱতা হ’বলৈ গৈ আছোঁ। বৰ্ণকো স্মৰণ কৰিবলগীয়া হয়। ইয়াত তোমালোকৰ মাজত সকলো
ব্ৰাহ্মণ। ব্ৰাহ্মণসকলক বেহদৰ পিতাই পঢ়ায়। এই ব্ৰহ্মাই নপঢ়ায়। শিৱবাবাই পঢ়ায়।
ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণকসকলহে পঢ়ায়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা হ’ব
নোৱাৰে। উত্তৰাধিকাৰতো শিৱবাবাৰ পৰা পোৱা যায়। শিৱবাবাতো সকলোৰে পিতা। এই ব্ৰহ্মাক
গ্ৰেণ্ড ফাদাৰ বুলি কোৱা হয়। লৌকিক পিতাতো সকলোৰে থাকেই। পাৰলৌকিক পিতাক
ভক্তিমাৰ্গত স্মৰণ কৰে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা – এওঁ অলৌকিক পিতা, যাক
কোনেও নাজানে। হওঁতে ব্ৰহ্মাৰ মন্দিৰ আছে। ইয়াতো (আবুত) প্ৰজাপিতা আদি দেৱৰ মন্দিৰ
আছে। তেওঁক ‘মহাবীৰ’ বুলিও কয়, কোনোৱে ‘দিলৱালা’ বুলিও কয়। কিন্তু বাস্তৱত দিল লওঁতা
হ’ল শিৱবাবা, ব্ৰহ্মা নহয়। সকলো আত্মাকে সৰ্বদা সুখী কৰোঁতা, আনন্দ দিওঁতা এজনেই
পিতা। এয়াও কেৱল তোমালোক সন্তানসকলেহে জানা। জগতততো মনুষ্যই একোৱেই নাজানে। আমি
ব্ৰাহ্মণেই শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকেও বাৰে বাৰে পাহৰি যোৱা।
স্মৃতি অতি সহজ। যোগ শব্দটি সন্ন্যাসীসকলে ৰাখিছে। তোমালোকেতো পিতাক স্মৰণ কৰা।
যোগতো সাধাৰণ শব্দ, ইয়াক যোগ আশ্ৰম বুলিও কোৱা নহ’ব। সন্তানসকল আৰু পিতা বহি আছে।
সন্তানসকলৰ দ্বায়িত্ব হৈছে – বেহদৰ পিতাক স্মৰণ কৰা। আমি ব্ৰাহ্মণ, ককাৰ পৰা
ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লওঁ সেইকাৰণে শিৱবাবাই কয় – যিমান সম্ভৱ স্মৰণ কৰি থাকা।
চিত্ৰও লাগিলে স্মৃতিত ৰাখা। স্মৃতিতো থাকিব, মই ব্ৰাহ্মণ, পিতাৰ পৰা উত্তৰাধিকাৰ
লওঁ। ব্ৰাহ্মণে কেতিয়াবা নিজৰ জাতিক পাহৰে জানো? তোমালোক শূদ্ৰৰ সংগত আহিলে
ব্ৰাহ্মণবোধ পাহৰি যোৱা। ব্ৰাহ্মণতো দেৱতাসকলতকৈও উচ্চ কিয়নো তোমালোক ব্ৰাহ্মণ
জ্ঞানপূৰ্ণ হোৱা। ভগৱানক সৰ্বজ্ঞ বুলি কয় নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৰে অন্তৰত
কি আছে – সেয়া বহি চায়। নহয়, তেওঁৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তেওঁ হৈছে
বীজৰূপ। বীজে বৃক্ষৰ আদি-মধ্য-অন্তক জানে। গতিকে এনেহেন পিতাক বহুত স্মৰণ কৰিব লাগে।
এওঁৰ (ব্ৰহ্মাৰ) আত্মায়ো সেইজন পিতাক স্মৰণ কৰে। সেইজন পিতাই কয় – এৱোঁ (ব্ৰহ্মায়ো)
মোক স্মৰণ কৰিলে তেতিয়াহে এই পদ পাব। তোমালোকেও স্মৰণ কৰিলে তেতিয়া পদ পাবা।
পোন-প্ৰথমে তোমালোক শৰীৰ অবিহনে (অশৰীৰী হৈ) আহিছিলা। আকৌ অশৰীৰী হৈ উভতি যাব লাগে।
অন্য সকলো দেহৰ সম্বন্ধীয় তোমালোকক দুখ দিওঁতা হয়, তেওঁলোকক কিয় স্মৰণ কৰা! যিহেতু
তোমালোকে মোক পাইছা। মই তোমালোকক নতুন সৃষ্টিলৈ লৈ যাবলৈ আহিছোঁ। তাত কোনো দুখ নাই।
সেয়া হ’ল দৈৱী সম্বন্ধ। ইয়াত স্ত্ৰী আৰু পুৰুষৰ সম্বন্ধত প্ৰথমে দুখ হয়, কিয়নো
বিকাৰী হয়। তোমালোকক মই এতিয়া সেইখন সৃষ্টিৰ যোগ্য কৰি তোলোঁ য’ত বিকাৰৰ কথাই নাথাকে।
এই কাম বিকাৰক মহাশত্ৰু বুলি কোৱা হৈছে, যিটোৱে আদি-মধ্য-অন্ত দুখ দিয়ে। ক্ৰোধৰ
কাৰণে এনেকৈ নকয় যে ই আদি-মধ্য-অন্ত দুখ দিয়ে। নহয়, কামক জিকিব লাগে, কাম বিকাৰেই
আদি-মধ্য-অন্ত দুখ দিয়ে। পতিত কৰি তোলে। পতিত শব্দটি বিকাৰৰ ক্ষেত্ৰত কোৱা হয়। এইটো
শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। তোমালোকে জানা আমি সত্যযুগৰ দেৱী-দেৱতা হৈ আছোঁ।
যেতিয়ালৈকে এইটো নিশ্চয় নহয় তেতিয়ালৈকে একো পাব নোৱাৰিবা।
পিতাই বুজায় –
সন্তানসকল মন-বচন-কৰ্মত যথাৰ্থ হ’ব লাগে। পৰিশ্ৰম আছে। জগতত এইটো কোনেও গম নাপয় যে
তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। আগলৈ গৈ বুজিব, বিচাৰেও যে এক বিশ্ব, এক ৰাজ্য,
এক ধৰ্ম, এক ভাষা হওক। তোমালোকে বুজাব পাৰা – আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এক ৰাজ্য,
এক ধৰ্ম আছিল, যাক স্বৰ্গ বুলি কোৱা হয়। ৰামৰাজ্য, ৰাৱণৰাজ্যকো কোনেও নাজানে।
তোমালোকেও নাজানিছিলা। এতিয়া তোমালোক স্বচ্ছ বুদ্ধিৰ হৈছা, পুৰুষাৰ্থৰ ক্ৰমানুসৰি।
পিতাই বহি তোমালোকক বুজায় গতিকে নিশ্চয় পিতাৰ মতত চলা। পিতাই কয় – পুৰণি সৃষ্টিত
থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকা। মোক স্মৰণো কৰি থাকা। পিতাই আত্মাসকলক বুজায়।
আত্মাসকলকহে পঢ়াবলৈ আহিছোঁ এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা। এয়াতো পুৰণা ছিঃ ছিঃ সৃষ্টি,
ছিঃ ছিঃ শৰীৰ। তোমালোক ব্ৰাহ্মণ পূজাৰ যোগ্য নোহোৱা, গায়ন যোগ্য হোৱা। পূজনৰ যোগ্যতো
দেৱতাসকল হয়। তোমালোকে শ্ৰীমতত বিশ্বক স্বৰ্গ কৰি তোলা সেইকাৰণে তোমালোকৰ গায়ন আছে,
পূজা হ’ব নোৱাৰে। গায়ন নিশ্চয় তোমালোক ব্ৰাহ্মণসকলৰ হয়, দেৱতাসকলৰ নহয়। পিতাই
তোমালোককেই শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। দেৱতাসকলৰ আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ।
এতিয়া তোমালোক আত্মা পৱিত্ৰ হৈ গৈ থাকা। শৰীৰ পৱিত্ৰ নহয়। এতিয়া তোমালোকে ঈশ্বৰৰ
মতত ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা। তোমালোকো স্বৰ্গৰ যোগ্য হৈ আছা। সতোপ্ৰধান নিশ্চয়
হ’ব লাগে। কেৱল তোমালোক ব্ৰাহ্মণসকলহে আছা যাক পিতাই বহি পঢ়ায়। ব্ৰাহ্মণৰ বৃক্ষ
বৃদ্ধি হৈ গৈ থাকিব। ব্ৰাহ্মণ যি পৰিপক্ক হৈ যাব তেওঁলোকেই গৈ দেৱতা হ’ব। এয়া হৈছে
নতুন বৃক্ষ, মায়াৰ ধুমুহাও আহে। সত্যযুগত কোনো ধুমুহা নাহে। ইয়াত মায়াই বাবাৰ
স্মৃতিত থাকিবলৈ নিদিয়ে। আমি জানো যে বাবাৰ স্মৃতিৰেহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান
হৈছোঁ। সকলো স্মৃতিত থকাৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতৰ প্ৰাচীন যোগো প্ৰসিদ্ধ নহয় জানো।
বিদেশৰ লোকসকলে বিচাৰে, কোনোবা আহি প্ৰাচীন শিকাওঁক।
এতিয়া যোগ দুই
প্ৰকাৰৰ হয় - এটা হৈছে হঠযোগী, আনটো হৈছে ৰাজযোগী। তোমালোক হৈছা ৰাজযোগী। সেয়াতো
বহুদিনৰ পৰাই চলি আহে। ৰাজযোগৰ বিষয়ে এতিয়া তোমালোকে গম পাইছা। সন্ন্যাসীয়ে ৰাজযোগৰ
বিষয়ে কি জানে। পিতা আহি শুনাইছে - ৰাজযোগ মইহে আহি শিকাওঁ, কৃষ্ণইতো শিকাব নোৱাৰে।
এয়া ভাৰতৰেই প্ৰাচীন যোগ, কেৱল গীতাত মোৰ সলনি কৃষ্ণৰ নাম দি দিছে। কিমান পাৰ্থক্য
হৈ গৈছে। শিৱ জয়ন্তী আছে গতিকে তোমালোকৰ বৈকুণ্ঠৰো জয়ন্তী আছে, য’ত কৃষ্ণৰ ৰাজ্য আছে।
তোমালোকে জানা যে শিৱবাবাৰ জয়ন্তী আছে তেন্তে গীতাৰো জয়ন্তী আছে, বৈকুণ্ঠৰো জয়ন্তী
হৈ আছে। তোমালোক পৱিত্ৰ হৈ যাবা, কল্প পূৰ্বৰ দৰে স্থাপনা হৈ আছে গতিকে শিৱবাবাৰ
জয়ন্তীয়েই স্বৰ্গৰ জয়ন্তী, বাবাহে আহি স্বৰ্গৰ স্থাপনা কৰে। এতিয়া পিতাই কয় - মোক
স্মৰণ কৰা। স্মৰণ নকৰিলে মায়াই কিবা নহয় কিবা বিকৰ্ম কৰাই দিয়ে। স্মৰণ নকৰিলা লগে
লগে চৰ খালা। স্মৃতিত থাকিলে চৰ খাবলগীয়া নহ’ব। এয়া মুষ্টিযুদ্ধ হয়। তোমালোকে জানা
যে আমাৰ শত্ৰু কোনো মনুষ্য নহয়, ৰাৱণ শত্ৰু হয়। বিয়া কৰোৱাৰ পাছত কুমাৰ-কুমাৰীও
পতিত হোৱাৰ বাবে ইজন সিজনৰ শত্ৰু হৈ পৰে। বিয়াত লাখ লাখ টকা খৰচ কৰে। পিতাই কয় -
বিয়া মানে সৰ্বনাশ। এতিয়া পৰলৌকিক পিতাই আধ্যাদেশ জাৰী কৰিছে যে সন্তানসকল, এই কাম
হৈছে মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হোৱা আৰু পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। কোনেও যাতে পতিত
নহয়। এই বিকাৰেৰে জন্ম-জন্মান্তৰ তোমালোক পতিত হৈছা, সেইকাৰণে কাম মহাশত্ৰু বুলি
কোৱা হয়। পিতাইতো বৰ ভালদৰে বুজায়। তোমালোকে 84 জন্ম কেনেকৈ ল’লা। এতিয়া উভতি যাব
লাগে। তোমালোকৰতো বহুত শুদ্ধ অহংকাৰ থকা উচিত। আমি আত্মাসকলে পিতাৰ মতত চলি ভাৰতক
স্বৰ্গ কৰি গঢ়ি আছোঁ। আমিয়েই পুনৰ স্বৰ্গত ৰাজত্ব কৰিম। যিমান পৰিশ্ৰম কৰিবা সিমান
উচ্চ পদ পাবা। লাগিলে ৰজা-ৰাণী হোৱা, লাগিলে প্ৰজা হোৱা। ৰজা-ৰাণী কেনেকৈ হয় সেয়াও
দেখি আছা। “পিতাক অনুসৰণ কৰা” এনেকৈ গায়ন কৰা হয়। সেয়া এতিয়াৰ কথা। লৌকিক সম্বন্ধৰ
বাবে কোৱা নহয়। এই পিতাই মত দিয়ে, মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া
বিকৰ্ম বিনাশ হ’ব। তোমালোকে বুজি পোৱা যে আমি ভাল মতত চলোঁ, অনেকৰ সেৱা কৰোঁ।
সন্তানসকল পিতাৰ ওচৰলৈ আহে গতিকে শিৱবাবায়ো সজীৱ কৰি দিয়ে সেইদৰে এৱোঁ সজীৱ কৰি তোলে।
এৱোঁতো শিকি আছে নহয় জানো। শিৱবাবায়ো কয় - মই ৰাতিপুৱা (অমৃতবেলা) আহোঁ। বাৰু
তাৰপাছত কোনোবা সাক্ষাৎ কৰিবলৈ আহিলে তেতিয়া জানো এই ব্ৰহ্মাই নুবুজাব। এনেদৰে ক’ব
জানো যে (শিৱ) বাবা আপুনি আহি বুজাওঁক মই নুবুজাওঁ। এইটো অতি গুপ্ত গূঢ় কথা নহয় জানো।
মইতো সকলোতকৈ ভালদৰে বুজাব পাৰোঁ। তোমালোকে এনেকৈ কিয় ভাবা যে শিৱবাবাইহে বুজায়। এওঁ
নুবুজায় চাগৈ। এয়াও জানা যে কল্প পূৰ্বে এওঁ বুজাইছিল সেইবাবেতো এই পদ পাইছে।
মম্মায়ো বুজাইছিল নহয়। তেৱোঁ উচ্চ পদ পায়। বাবাক তাত সূহ্মবতনত দেখা পায় গতিকে
সন্তানসকলে অনুসৰণ কৰিব লাগে। সমৰ্পিতও গৰিবসকলহে হয়। চহকীসকলতো সমৰ্পিত হ’ব নোৱাৰে।
গৰিবসকলেহে কয় – বাবা এই সকলোবোৰ আপোনাৰ। শিৱবাবাতো দাতা হয়, তেওঁ কেতিয়াও নলয়।
সন্তানসকলক কয় - এই সকলোবোৰ তোমালোকৰ। নিজৰ কাৰণে মহল ইয়াত বা তাত নিৰ্মাণ নকৰোঁ।
তোমালোককেই স্বৰ্গৰ মালিক কৰি তোলোঁ। এতিয়া এই জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰিব লাগে।
মন্দিৰলৈ গৈ কয় - জোলোঙা ভৰপূৰ কৰি দিয়ক। কিন্তু কি প্ৰকাৰেৰে, কি বস্তুৰে জোলোঙা
ভৰপূৰ কৰি দিয়ক? এতিয়া জোলোঙা ভৰপূৰ কৰোঁতাতো হৈছে লক্ষ্মী যিয়ে ধন দিয়ে। শিৱৰ
ওচৰলৈতো (ধন বিচাৰি) নাযায়। কৃষ্ণৰ বাবে কয় যে গীতা শুনালে। কিন্তু কৃষ্ণৰ বাবে নকয়
জোলোঙা ভৰপূৰ কৰি দিয়ক। শংকৰৰ ওচৰলৈ গৈ কয়। এনেকৈ ভাবে যে শিৱ আৰু শংকৰ এজনেই।
শংকৰতো হৈছে জোলোঙা খালী কৰোঁতা, আমাৰ জোলোঙাতো কোনেও খালী কৰিব নোৱাৰে। বিনাশতো
হ’বই। গায়নো কৰা হৈছে - ৰূদ্ৰ জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল। কিন্তু
এনেকৈ কোনোবাই বুজে জানো।
তোমালোক সন্তানসকল
গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। পেচাগত কাম-কাজো কৰিব লাগে। পিতাই প্ৰত্যেকৰে নাড়ীৰ
স্পন্দন (অৱস্থা) চাই মত দিয়ে কিয়নো পিতাই বুজি পায় যে মই কৰিবলৈ দিম আৰু কৰিব
নোৱাৰিব, এনেকুৱা ৰায় কিয় দিওঁ। নাড়ীৰ স্পন্দন চাই ৰায় দিয়ে। এওঁৰ ওচৰলৈতো আহিব
লাগিব। তেওঁ সম্পূৰ্ণ ৰায় দিব। সকলোৱে সুধিব লাগে - বাবা এই অৱস্থাত মই কি কৰা উচিত!
এতিয়া কি কৰোঁ? পিতাই স্বর্গলৈতো লৈ যায়। তোমালোকে জানা আমিতো স্বর্গবাসী হ’বলৈ গৈ
আছোঁ, এতিয়া আমি নৰকবাসী। তোমালোক এতিয়া নৰকতো নাই আৰু স্বর্গতো নাই। যিসকল
ব্ৰাহ্মণ হয় তেওঁলোকৰ লংগৰ এই ছিঃ ছিঃ সৃষ্টিৰ পৰা উঠি গৈছে। তোমালোকে এতিয়া কলিযুগী
সৃষ্টিৰ দাঁতি এৰি দিছা। কোনো কোনো ব্ৰাহ্মণ স্মৃতিৰ যাত্ৰাত তীব্ৰতাৰে আগবাঢ়ি গৈ
আছে, কিছুমান লাহে লাহে। কোনোৱে হাত এৰি দিয়ে তেতিয়া শ্বাসৰুদ্ধ হৈ ডুবি মৰে অৰ্থাৎ
আকৌ কলিযুগলৈ গুচি যায়। তোমালোকে জানা যে এতিয়া আমাক নাৱৰীয়াই লৈ গৈ আছে। সেই
যাত্ৰাতো অনেক প্ৰকাৰৰ হয়। তোমালোকৰ যাত্ৰা এটাই, এয়া একেবাৰে অনন্য যাত্ৰা। অৱশ্যে
হয় ধুমুহা আহে যিয়ে স্মৃতি খণ্ডিত কৰি দিয়ে। এই স্মৃতিৰ যাত্ৰাক ভালদৰে দৃঢ় কৰা,
পৰিশ্ৰম কৰা। তোমালোক হৈছা কৰ্মযোগী। যিমান সম্ভৱ হাতেৰে কাম কৰা, অন্তৰেৰে পিতাক
স্মৰণ কৰা। আধাকল্পৰ পৰা তোমালোক প্ৰেমিকা হৈ প্ৰিয়তমক স্মৰণ কৰি আহিছা। বাবা আমাৰ
ইয়াত বহুত দুখ, এতিয়া আমাক সুখধামৰ মালিক কৰি তোলক। স্মৃতিৰ যাত্ৰাত থাকিলে
তোমালোকৰ পাপ নাশ হৈ যাব। তোমালোকেই স্বৰ্গৰ উত্তৰাধিকাৰ পাইছিলা, এতিয়া হেৰুৱাইছা।
ভাৰত স্বর্গ আছিল সেইবাবে কয় - প্ৰাচীন ভাৰত। ভাৰতক বহুত মান দিয়ে, সকলোতকৈ বিশালো
হয়, সকলোতকৈ পুৰণাও হয়। এয়াতো তোমালোকে জানা বিনাশ সন্মুখত থিয় হৈ আছে। যিসকলে
ভালদৰে বুজি পায় তেওঁলোক ভিতৰি বহুত আনন্দিত হৈ থাকে। প্ৰদৰ্শনীলৈ কিমান আহে।
আহমদাবাদত চোৱা কিমান সাধু-সন্ত আদি অনেক প্ৰকাৰৰ আহিল। কয় - আপোনালোকেতো সত্য কথা
কয়। কিন্তু আমি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে, এইটো জানো বুদ্ধিত ধাৰণ হয়। ইয়াৰ
পৰা বাহিৰ হ’লেই শেষ। তোমালোকে এতিয়া জানা যে পিতাই আমাক স্বৰ্গলৈ লৈ যায়। তাত গৰ্ভ
কাৰাগাৰো নাথাকিব আৰু সেই কাৰাগাৰো নাথাকিব। পুনৰ কেতিয়াও কাৰাগাৰৰ মুখ দেখিবলৈ
নাপাবা। দুয়োখন কাৰাগাৰেই নাথাকিব। ইয়াত এয়া সকলো হৈছে মায়াৰ পাম্প। আজিকালি প্ৰতিটো
কথাই তৎক্ষণাৎ হয়। মৃত্যুও তৎক্ষণাৎ হৈ থাকে। সত্যযুগত এনেকুৱা কোনো উপদ্ৰপ নহয়েই।
ইয়াত মৃত্যুও সোনকালে হ’ব, দুখো অধিক হ’ব। সকলো নাশ হৈ যাব। গোটেই ধৰণীয়েই নতুন হৈ
যাব। সত্যযুগত দেৱী-দেৱতাসকলৰ ৰাজধানী আছিল, সেয়া আকৌ নিশ্চয় হ’ব। আগলৈ গৈ দেখিবা
কি হয়! বহুত ভয়ংকৰ দৃশ্য। তোমালোক সন্তানসকলে সাক্ষাৎকাৰ কৰিছা। সন্তানসকলৰ বাবে
মুখ্য হৈছে স্মৃতিৰ যাত্রা। এয়া হ’ল আৰোহণ কলাৰ যাত্রা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
হিচাপ নিষ্পত্তিৰ সময় সেইকাৰণে কোনো পাপ কৰ্ম কৰিব নালাগে। নিজৰ কল্যাণৰ বাবে
পুৰুষাৰ্থ কৰিব লাগে, বহুত অমায়িক হ’ব লাগে। ক্ৰোধ ত্যাগ কৰিব লাগে।
(2) পিতাৰ পৰা পূৰা
পূৰা উত্তৰাধিকাৰ লোৱাৰ ইচ্ছা ৰাখিব লাগে। খোজে প্ৰতি পিতাৰ ৰায় ল’ব লাগে। পিতাৰ
সমান দুখ হৰ্তা, সুখ কৰ্তা হ’ব লাগে।
বৰদান:
নিজৰ ভাগ্য আৰু
ভাগ্যবিধাতাৰ স্মৃতিৰ দ্বাৰা সকলো বিভ্ৰান্তিৰ পৰা মুক্ত হৈ থাকোঁতা মাষ্টৰ ৰচয়িতা
হোৱা
সদায় “বাঃ মোৰ ভাগ্য!
আৰু বাঃ ভাগ্যবিধাতা!” মনৰ এই সূক্ষ্ম স্বৰ শুনি থাকা আৰু আনন্দত নাচি থাকা। যি
জানিবলগীয়া আছিল, সেয়া জানি ল’লা, যি পাবলগীয়া আছিল, সেয়া লাভ কৰি ল’লা – এইটো
অনুভৱত থাকা, তেতিয়া সকলো ধৰণৰ বিভ্ৰান্তিৰ পৰা মুক্ত হৈ যাবা। এতিয়া বিভ্ৰান্ত
হৈ থকা আত্মাসকলক মুক্ত কৰাৰ সময়। সেয়েহে মাষ্টৰ সৰ্বশক্তিমান হওঁ, মাষ্টৰ ৰচয়িতা
হওঁ – এইটো স্মৃতিৰে শৈশৱৰ সৰু সৰু কথাবোৰত সময় নষ্ট নকৰিবা।
স্লোগান:
পদুম আসনধাৰীসকলেই মায়াৰ আকৰ্ষণৰ পৰা ঊৰ্ধ্বত, পিতাৰ স্নেহত প্ৰিয় শ্ৰেষ্ঠ
কৰ্মযোগী।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
পুৰুষাৰ্থত সৰলতা,
পিতা ব্ৰহ্মাৰ সমান অনাসক্ত আৰু সাক্ষীদ্ৰষ্টাৰ সংস্কাৰ – এয়াই সম্পূৰ্ণ স্থিতিৰ
চিন বা লক্ষণ। গতিকে এতিয়া এই সংস্কাৰসমূহত সমানতা আনিব লাগে। ইয়াৰ দ্বাৰাহে
সকলোৰে হৃদয় জয় কৰিব পাৰিবা। যিয়ে সংগমযুগত সকলোৰে হৃদয় জয় কৰে, তেৱেঁই
ভৱিষ্যতে বিশ্ব মহাৰজা হয়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]