20.04.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা ঈশ্বৰীয় মুক্তিবাহিনী, তোমালোকে সকলোকে সৎগতি দিব লাগে, সকলোৰে প্ৰীতি এজন পিতাৰ সৈতে গঢ়ি তুলিব লাগে”

প্ৰশ্ন:
মনুষ্যই নিজৰ বুদ্ধি কোনটো কথাত লগায় আৰু তোমালোকে নিজৰ বুদ্ধি ক'ত লগাব লাগে?

উত্তৰ:
মনুষ্যইতো নিজৰ বুদ্ধি আকাশ আৰু সৃষ্টিৰ অন্ত পাবলৈ লগাই আছে কিন্তু ইয়াৰ পৰাতো একো লাভ নহয়। ইয়াৰ অন্ততো পাব নোৱাৰি। তোমালোক সন্তানসকলে পূজ্য হোৱাত নিজৰ বুদ্ধি লগোৱা। তেওঁলোকক জগতে পূজা নকৰিব। তোমালোক সন্তানসকলতো পূজ্য দেৱতা হোৱাগৈ।

ওঁম্শান্তি।
সন্তানসকলে বুজি পালে, এয়া হৈছে জ্ঞানমাৰ্গ। সেয়া হৈছে ভক্তিমাৰ্গ। এতিয়া প্ৰশ্ন উঠে যে ভক্তিমাৰ্গ ভাল নে জ্ঞানমাৰ্গ ভাল? দুটা বস্তু হ'ল নহয়। কোৱা হয় জ্ঞানৰ দ্বাৰা সৎগতি হয়। নিশ্চয় ভক্তি আৰু জ্ঞান দুয়োটা বেলেগ বেলেগ বুলি কোৱা হ’ব। মনুষ্যই ভাবে যে ভক্তি কৰিলে জ্ঞান প্ৰাপ্ত হ'ব তেতিয়া সৎগতি হ'ব। ভক্তিৰ মাজত জ্ঞান আহিব নোৱাৰে। ভক্তি সকলোৰে কাৰণে, জ্ঞানো সকলোৰে কাৰণে। এতিয়া হয়ো কলিযুগৰ অন্তৰ সময় তেন্তে নিশ্চয় সকলোৰে দুৰ্গতি হ'ব সেইবাবে আহ্বানো জনায় আৰু গায়নো কৰে যে অন্যৰ সংগ এৰি এতিয়া তোমাৰ সংগ লওঁ। এতিয়া তেওঁ কোন? কাৰ সৈতে যোগসূত্ৰ গঢ়িব? এইটোতো বুজি নাপায়। প্ৰায়ে বুদ্ধি শ্ৰীকৃষ্ণৰ ফালে যায়। আমি সঁচা প্ৰীতি তোমাৰ সৈতে গঢ়োঁ। তেন্তে যিহেতু শ্ৰীকৃষ্ণৰ সৈতেহে প্ৰীতি গঢ়ি তোলে তেন্তে আকৌ গুৰু গোঁসাই অন্য কাৰো দৰকাৰেই নাই। শ্ৰীকৃষ্ণকেই স্মৰণ কৰিব লাগে। শ্ৰীকৃষ্ণৰ চিত্ৰতো সকলোৰে ওচৰত আছে। শ্ৰীকৃষ্ণৰ জয়ন্তীও পালন কৰে তেন্তে অন্য কাৰো ওচৰলৈ যোৱাৰ দৰকাৰেই নাই। যেনেকৈ মীৰাই এজনৰ সংগ ল’লে। কাম-কাজ কৰিও শ্ৰীকৃষ্ণকেই স্মৰণ কৰি থাকিল। ঘৰত থকা-মেলা, খোৱা-বোৱাতো হয়েই। সঁচা প্ৰীতি একমাত্ৰ শ্ৰীকৃষ্ণৰ সৈতে গঢ়িলে। যেন তেওঁ প্ৰেমিকা আৰু তেওঁ প্ৰেমিক হৈ গ'ল। শ্ৰীকৃষ্ণক স্মৰণ কৰিলে ফলো প্ৰাপ্ত হয়। শ্ৰীকৃষ্ণকতো সকলোৱে জানে। গায়নো কৰে সঁচা প্ৰীতি মই তোমাৰ সৈতে গঢ়িলোঁ অন্যৰ সংগ এৰিলোঁ। এতিয়া উচ্চতকৈও উচ্চ সত্যতো পৰমপিতাহে। সকলোকে উত্তৰাধিকাৰ দিওঁতা এজনেই পিতা। তেওঁক কোনেও নাজানে। যদিও কয় - পৰমপিতা পৰমাত্মা শিৱ, কিন্তু কেতিয়া আহে, এইটো নাজানে। শিৱ জয়ন্তী হয় তেন্তে নিশ্চয় আহে চাগৈ। কেতিয়া, কেনেকৈ আহে, আহি কি কৰে? কোনেও গম নাপায়। কোনো মনুষ্য মাত্ৰেই নাজানে যে তেওঁ আহি সকলোৰে সৎগতি কৰে। কিন্তু কেনেকৈ কৰে? সৎগতিৰ অৰ্থ কি! একোৱেই বুজি নাপায়। শিৱবাবাইতো নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ দিছিল। তোমালোক সন্তানসকল যিসকল সেইটো ধৰ্মৰ আছিলা, তোমালোকে এইটো গম পোৱা নাছিলা, পাহৰি গৈছিলা তেন্তে অন্যই আকৌ কেনেকৈ জানিব পাৰিব। এতিয়া শিৱবাবাৰ দ্বাৰা তোমালোকে জানিছা আৰু অন্যক কোৱা। তোমালোক হৈছা ঈশ্বৰীয় মুক্তি বাহিনী। মুক্তি বুলি কোৱা বা সৎগতি বাহিনী বুলি কোৱা। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত দায়িত্ব আছে। তোমালোকে চিত্ৰৰ ওপৰতো বুজাব পাৰা। ভাষা বহুত আছে। মুখ্য ভাষাত চিত্ৰ তৈয়াৰ কৰিবলগীয়া হয়। ভাষাৰো বৰ জটিলতা আছে, সেয়েহে প্ৰদৰ্শনীৰ চিত্ৰও তৈয়াৰ কৰিবলগীয়া হয়। চিত্ৰৰ ওপৰত বুজাবলৈ বহুত সহজ হয়। সৃষ্টি চক্ৰতো গোটেই জ্ঞান আছে, ছিৰি কেৱল ভাৰতবাসীৰ কাৰণে। ইয়াত অন্য কোনো ধৰ্ম নায়েই। এনেকুৱা হয় জানো যে ভাৰত তমোপ্ৰধান হ’লে বাকীবোৰ নহয়। তমোপ্ৰধানতো সকলো হয়। গতিকে তেওঁলোকৰ কাৰণেও কিবা থাকিব লাগে। এই সকলোবোৰ বুদ্ধিত সেৱাৰ খেয়াল চলিব লাগে। দুজন পিতাৰ ৰহস্যও বুজাব লাগে। উত্তৰাধিকাৰ ৰচয়িতাৰ পৰা পোৱা যায়। এইটোও সকলো ধৰ্মাৱলম্বীয়ে জানে যে লক্ষ্মী-নাৰায়ণ ভাৰতৰ প্ৰথম মহাৰজা-মহাৰাণী আছিল বা ভগৱান-ভগৱতী আছিল। বাৰু, তেওঁলোকে এই স্বৰ্গৰ ৰাজ্য কেনেকৈ পালে? নিশ্চয় ভগৱানৰ দ্বাৰা পালে। কেনেকৈ কেতিয়া পালে, এইটো কোনেও গম নাপায়। গীতাত শ্ৰীকৃষ্ণৰ নাম লিখি আকৌ প্ৰলয় দেখুৱাই দিছে। ফলাফল একোৱেই নাই। এইবোৰ তোমালোক সন্তানসকলে বুজাব লাগে। চিত্ৰতো সকলোফালে আছে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰও থাকিব। অৱশ্যে সাজপাৰ, চেহেৰা আদি অন্য হ'ব। যাৰ বুদ্ধিত যি আহিল তেনেকৈয়ে তৈয়াৰ কৰিছে। শ্ৰীনাথ-শ্ৰীনাথনী, এওঁলোক ৰাধা-কৃষ্ণ হয় নহয়। শ্ৰীৰাধা, শ্ৰীকৃষ্ণতো মুকুটধাৰী নহয়। ক'লাও নহয়। ৰাজধানী হৈছে লক্ষ্মী-নাৰায়ণৰ, ৰাধা-কৃষ্ণৰ নহয়। মন্দিৰতো অনেক প্ৰকাৰৰ নিৰ্মাণ কৰিছে। নামতো এটাই ৰাখিব লক্ষ্মী-নাৰায়ণ। ৰাজবংশ লক্ষ্মী-নাৰায়ণৰ বুলি কোৱা হ’ব। ৰাম-সীতাৰ ৰাজবংশ, লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ। ৰাধা-কৃষ্ণৰ ৰাজবংশ নাথাকে। এই কথাবোৰ মনুষ্যৰ খেয়ালত নায়েই। তোমালোক সন্তানসকলেও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা, যিসকলৰ সেৱাৰ চখ আছে, তেওঁলোকতো উৎসাহিত হৈ থাকিব। কোনোৱে কয় আমি বুজি পাওঁ কিন্তু লাহে লাহে মুখ খুলিবলৈও যুক্তি ৰচিবলগীয়া হয়। বহুতে ভাবে বেদ-শাস্ত্ৰ অধ্যয়ন কৰিলে, যজ্ঞ, তপস্যা আদি কৰিলে, তীৰ্থ আদি কৰিলে পৰমাত্মাক পাব পাৰি। কিন্তু ভগৱানে কয় - এই সকলোবোৰ মোৰ পৰা দূৰ কৰাৰ ৰাস্তা। ড্ৰামাত সকলোৱে দুৰ্গতি পাবই লাগে সেয়েহে আকৌ এনেকুৱা কথা কয়। আগতে আমিও কৈছিলোঁ যে ভগৱান যেন একেবাৰে শিখৰ, কোনোবা য'ৰপৰাই নাযাওক তেওঁক পাব পাৰে, সেয়েহে মনুষ্যই অনেক প্ৰকাৰৰ ৰাস্তা লৈছে। ভক্তিমাৰ্গৰ ৰাস্তাৰে গৈ গৈ যেতিয়া ভাগৰি পৰে তেতিয়া তথাপিও ভগৱানকেই আহ্বান জনায় যে হে পতিত-পাৱন, আপুনি আহি পাৱন হোৱাৰ ৰাস্তা দেখুৱাওক। আপোনাৰ অবিহনে পাৱন হ'ব নোৱাৰোঁ, ভাগৰি পৰিছোঁ। ভক্তিয়ে দিনে-প্ৰতিদিনে সম্পূৰ্ণ ৰূপে ক্লান্ত কৰি দিব। আজিকালিতো মেলা আদিত কিমান লাখ লাখ গৈ একত্ৰিত হয়, কিমান কদৰ্য হৈ পৰে। এতিয়াতো হৈছে অন্তৰ সময়। সৃষ্টি পৰিৱৰ্তন হ'ব লাগে। বাস্তৱত সৃষ্টি এখনেই। দুভাগ কৰিছে। গতিকে মনুষ্যই ভাবিব স্বৰ্গ, নৰক বেলেগ বেলেগ সৃষ্টি কিন্তু এয়া আধা আধা হয়। ওপৰত সত্যযুগ পাছত ত্ৰেতা, দ্বাপৰ, কলিযুগ। কলিযুগত তমোপ্ৰধান হ'বই লাগে। সৃষ্টি পুৰণি হয়, এই কথাবোৰ কোনেও বুজি নাপায়। বিবুদ্ধিত পৰি আছে। কোনোৱে শ্ৰীকৃষ্ণক ভগৱান আকৌ কোনোৱে ৰামক ভগৱান বুলি কৈ দিয়ে। আজিকালিতো মনুষ্যই নিজক ভগৱান বুলি কৈ দিয়ে। মই ঈশ্বৰৰ অৱতাৰ। মনুষ্যই নিজক দেৱতাসকলতকৈও উচ্চ কৰি দিছে। দেৱতাসকলক তথাপিও দেৱতা বুলিয়ে কোৱা হ’ব। এয়াতো আকৌ মনুষ্যক ভগৱান বুলি কৈ দিয়ে। এয়া হৈছে ভক্তিমাৰ্গ। দেৱতাসকলতো স্বৰ্গৰ নিবাসী আছিল। এতিয়া কলিযুগ অৰ্থাৎ লৌহযুগত আকৌ মনুষ্য ভগৱান কেনেকৈ হ'ব পাৰে? পিতাই কয় - মই আহোঁৱেই সংগমযুগত, যেতিয়া মই আহি সৃষ্টিক স্থানান্তৰিত কৰিবলগীয়া হয়। কলিযুগৰ পৰা সত্যযুগ হয় বাকী সকলো শান্তিধামলৈ গুচি যাব। সেইখন হৈছে নিৰাকাৰী সৃষ্টি। এইখন হৈছে সাকাৰী সৃষ্টি। নিৰাকাৰী বৃক্ষও বুজাবৰ কাৰণে ডাঙৰকৈ তৈয়াৰ কৰিবলগীয়া হয়। ব্ৰহ্ম মহাতত্ত্বও আকাশৰ সমান ডাঙৰ। দুয়োৰে অন্ত পাব নোৱাৰি। যদিওবা চেষ্টা কৰে - উৰাজাহাজ আদিত যাব কিন্তু অন্ত পাব নোৱাৰে। সমুদ্ৰই সমুদ্ৰ..... আকাশেই আকাশ। তাততো একোৱেই নাই। যদিওবা বহুত চেষ্টা কৰে কিন্তু এই সকলোবোৰ কথাৰ পৰা কি লাভ। এনেকৈ ভাবে যে আমি নিজৰ বুদ্ধিমত্তা দেখুৱাও। এয়া হৈছে মনুষ্যৰ বুদ্ধি, মনুষ্যৰ বিজ্ঞানৰ অহংকাৰো আছে। লাগিলে কোনোবা যিমানেই অন্তলৈ নাযাওঁক, কিন্তু তেওঁলোকক গোটেই জগতে পূজাতো নকৰিব। দেৱতাসকলৰতো পূজা হয়। তোমালোক সন্তানসকলক পিতাই কিমান উচ্চ কৰি তোলে। সকলোকে শান্তিধামলৈ লৈ যায়। যদিওবা এই সকলো কথা জানে, আমি মূলধামৰ পৰা আহোঁ কিন্তু যেনেকৈ তোমালোকে বুজি পোৱা তেনেকৈ জগতে নাজানে। সেয়া কি, কেনেকৈ আত্মাসকল তাত থাকে পুনৰ ক্ৰমানুসৰি আহে - এয়া কোনেও নাজানে। ব্ৰহ্ম মহাতত্ত্বত নিৰাকাৰী বৃক্ষ আছে। এইটো বুজি নাপায়, সত্যযুগত কমসংখ্যক থাকে। বাকী সকলো আত্মা মূলধামত থাকে। ইয়াত সাকাৰী লোকত যেনেকুৱা তাত মূলধামতো তেনেকুৱা। ধাম কেতিয়াও খালী নহয়, এইখনো নহয়, সেইখনো নহয়। যেতিয়া অন্ত হয় তেতিয়া স্থানান্তৰিত হৈ যায়। কিছুতো এইখন ধামত থাকিব। গোটেই ধাম খালী হৈ গ’লে তেতিয়াতো আকৌ প্ৰলয় হৈ যাব। প্ৰলয় নহয়। অবিনাশী খণ্ড হয় নহয়। এই সকলোবোৰ কথা বুদ্ধিত ৰাখিব লাগে। গোটেই দিন এইটোৱে খেয়াল চলি থাকিব লাগে যে আমি কাৰোবাৰ কল্যাণ কৰোঁ। তোমাৰ সৈতে প্ৰীতি গঢ়িলোঁ তেন্তে তেওঁৰ পৰিচয় দিব লাগে নহয়। তেওঁ হৈছে পিতা, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। কেনেকৈ পোৱা যায়, সেয়া আমি ক'ব পাৰোঁ। কওঁতাসকলৰ মাজতো ক্ৰমানুসৰি আছে। কোনোৱেতো বহুত ভালদৰে ভাষণ দিয়ে, কোনোৱে দিব নোৱাৰে তেন্তে শিকিবলগীয়া হয়। প্ৰত্যেক সন্তানে নিজৰ কল্যাণ কৰিব লাগে। যিহেতু ৰাস্তা পাইছা তেন্তে ইজনে-সিজনৰ কল্যাণ কৰিব লাগে। অন্তৰে বিচাৰে আনকো পিতাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাওঁ। আত্মিক সেৱা কৰোঁ। সকলোৱে ইজনে-সিজনৰ সেৱা কৰে।

পিতা আহি আত্মিক সেৱা কৰিবলৈ শিকায় আৰু কোনেও আত্মিক সেৱাৰ বিষয়ে নাজানে। আত্মিক পিতাইহে আত্মাসকলৰ সেৱা কৰে। পাৰ্থিৱ সেৱাতো জন্ম-জন্মান্তৰ বহুত কৰিলা, এতিয়া অন্তিম জন্মত আত্মিক সেৱা কৰিব লাগে, যিটো পিতাই শিকাইছে। কল্যাণ ইয়াতে আছে অন্য একোতেই লাভ নাই। গৃহস্থ ব্যৱহাৰতো থাকিব লাগে, দায়িত্ব পালন কৰিব লাগে। তেওঁলোককো এইটোৱেই বুজাই কল্যাণ কৰিব লাগে। প্ৰীতি থাকিলে কিছু শুনিব। বহুতেতো ভয় কৰে যে গম নাপাওঁ আমিও কিজানি সন্ন্যাস কৰিবলগীয়া হয়। আজিকালিতো সন্ন্যাসী বহুত আছে নহয়। পীত বস্ত্ৰ পৰিধান কৰি দুটা শব্দ শুনালে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ভোজনতো পোৱাই যায়। কোনোবা দোকানলৈ যাব, দুখন পুৰি দি দিব। পুনৰ অন্যৰ ওচৰলৈ যাব, পেট পূজা হৈ যায়। ভিক্ষা মাগোঁতাসকলো অনেক প্ৰকাৰৰ হয়। এইজন পিতাৰ পৰাতো এক প্ৰকাৰৰেই উত্তৰাধিকাৰ পোৱা যায়। বেহদৰ বাদশ্বাহী পোৱা যায়, সৰ্বদা নিৰোগী হয়। চহকীসকল কাচিৎহে আহে। গৰিবসকলৰো কল্যাণ কৰিব লাগে। বাবাই প্ৰদৰ্শনীৰ চিত্ৰ বহুত তৈয়াৰ কৰাই আছে কিয়নো গাঁও বহুত আছে নহয়। মিনিষ্টাৰ আদিয়ে ভাবিব যে এই জ্ঞান ভাল তেতিয়া সকলোৱে শুনিবলৈ লাগি যাব। হয়, আগলৈ গৈ তোমালোকৰ নাম প্ৰসিদ্ধ হ'ব, তেতিয়া বহুত আহিব। মামৰ আঁতৰাবলৈ সময় লাগে। ৰাতিয়ে-দিনে কোনোবা লাগি গ’লে তেতিয়া হয়তো আঁতৰিব। আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া এই শৰীৰো এৰিব। এই সকলোবোৰ বুজিবলগীয়া কথা। প্ৰদৰ্শনীসমূহতো বুজাব লাগে। মুখ্য হৈছে গোটেই ভাৰতৰ কথা। ভাৰতৰ উত্থান হৈ যায় তেতিয়া সকলোৰে উত্থান হৈ যায়। প্ৰজেক্টৰৰ দ্বাৰাও প্ৰদৰ্শনীত ভাল সেৱা হ'ব পাৰে। লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। দিনে-প্ৰতিদিনে তোমালোকৰ নাম প্ৰসিদ্ধ হৈ গৈ থাকিব। এইটোও লিখিব লাগে যে 5 হাজাৰ বছৰ পূৰ্বেও এনেকুৱা হৈছিল। এয়াতো বৰ আচৰিত কথা। বাবাই ইংগিত দিয়ে। সন্তানসকলে বহুত কথা পাহৰি যায়। কিবা হ’লে ক'ব আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও এনেকুৱা হৈছিল। হওতে অতি স্পষ্ট কথা। কিন্তু যেতিয়া কাৰোবাৰ বুদ্ধিত এয়া ধাৰণ হ’ব তেতিয়াহে। বাতৰিকাকতত প্ৰকাশ কৰিব পাৰা তেতিয়া কিবা অলপতো বুজিব। জ্ঞানমাৰ্গত অৱস্থা বহুত উত্তম হ’ব লাগে। এনেকুৱা কথাবোৰ স্মৃতিলৈ আনি হৰ্ষিত হৈয়ো থাকিব লাগে। অভ্যাস হৈ গ’লে তেতিয়া আকৌ অৱস্থা বহুত আনন্দময় হৈ যায়। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্য সকলোৰে পৰা বুদ্ধিৰ প্ৰীতি আঁতৰাই এজন পিতাৰ সৈতে গঢ়িব লাগে আৰু সকলোৰে প্ৰীতি এজন পিতাৰ সৈতে গঢ়ি তোলাৰ সেৱা কৰিব লাগে।

(2) সঁচা আত্মিক সহায়কাৰী হ’ব লাগে। নিজৰো কল্যাণ কৰিব লাগে আৰু অন্যকো ৰাস্তা দেখুৱাব লাগে। অৱস্থা বহুত আনন্দময় কৰি তুলিব লাগে।

বৰদান:
নিজৰ শ্ৰেষ্ঠ ব্যৱহাৰৰ দ্বাৰা সকলো আত্মাক সুখ দিওঁতা মহান আত্মা হোৱা

যিসকল মহান আত্মা তেওঁলোকৰ ব্যৱহাৰে সকলো আত্মাক সুখ দান কৰে। তেওঁলোকে সুখ দিয়ে আৰু সুখ লয়। গতিকে পৰীক্ষা কৰা যে মহান আত্মাৰ হিচাপত গোটেই দিনটোত সকলোকে সুখ দিলোঁনে, পুণ্যৰ কাম কৰিলোঁনে। পুণ্য অৰ্থাৎ কাৰোবাক এনেকুৱা বস্তু দিয়া যাৰ দ্বাৰা সেই আত্মাটিৰ পৰা আশীৰ্বাদ নিগৰে। গতিকে পৰীক্ষা কৰা যে প্ৰত্যেক আত্মাৰ পৰা আশীৰ্বাদ প্ৰাপ্ত হৈ আছেনে। কাৰোবাক দুখ দিলা বা ল’লা এনেকুৱাতো নহয়! তেতিয়া মহান আত্মা বুলি কোৱা হ'ব।

স্লোগান:
কৰাৰ পাছত ভবাটোৱেই অনুতাপৰ ৰূপ।


অব্যক্ত ইংগিত: মহান হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা

সংস্কাৰ বা প্ৰকৃতিতো প্ৰত্যেকৰে নিজা নিজা কিন্তু সকলোৰে স্নেহ আৰু সকলো কথাত, সম্বন্ধত সফল, মনেৰে বিজয়ী আৰু বাণীত মধুৰতা তেতিয়া আহিব পাৰে যেতিয়া স্বভাৱ সৰল হ’ব। সৰল স্বভাৱ অৰ্থাৎ যেনেকুৱা সময়, যেনেকুৱা ব্যক্তি, যেনেকুৱা পৰিস্থিতি সেয়া চিনাক্ত কৰি নিজক সহজ কৰি দিয়া। সহজ অৰ্থাৎ বন্ধুত্বপূর্ণ, খাপ খুৱাই লওঁতা। সহজ মানে অমনোযোগিতা নহয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]