20.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজে নিজক সোধা যে মই কিমান সময় পিতাৰ স্মৃতিত থাকোঁ, দেহী-অভিমানী স্থিতি কিমান সময় থাকে?”

প্ৰশ্ন:
ভাগ্যৱান সন্তানেহে পিতাৰ কোনটো নিৰ্দেশনা পালন কৰে?

উত্তৰ:
পিতাৰ নিৰ্দেশনা হৈছে - মৰমৰ সন্তানসকল, আত্মা-অভিমানী হোৱা। তোমালোক সকলো আত্মা পুৰুষ, স্ত্ৰী নহয়। তোমালোক আত্মাতে সকলো ভূমিকা নিহিত হৈ আছে। এতিয়া এইটোৱে পৰিশ্ৰম বা অভ্যাস কৰা যে মই কেনেকৈ দেহী-অভিমানী হৈ থাকোঁ। এয়াই উচ্চ লক্ষ্য।

গীত:
তকদিৰ জগাকৰ আই হুঁ ….. (ভাগ্য উদয় কৰি আহিছোঁ…..)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। আত্মিক সন্তান অৰ্থাৎ জীৱৰ আত্মাসকলে ক’লে যে আমি নতুন সৃষ্টিৰ ভাগ্য অৰ্থাৎ স্বৰ্গৰ ভাগ্য উদয় কৰি আত্মিক পিতাৰ ওচৰত বহি আছোঁ। এতিয়া সন্তানসকল আত্মিক-অভিমানী অৰ্থাৎ আত্মা-অভিমানী হ'ব লাগে। এইটোৱে সকলোতকৈ অধিক পৰিশ্ৰমৰ কথা। নিজক আত্মা বুলি বুজা আৰু এনেকৈ বুজা যে মই আত্মাই 84 জন্ম লৈছোঁ। কেতিয়াবা বেৰিস্তাৰ, কেতিয়াবা কিবা, কেতিয়াবা আন কিবা হৈছোঁ। আত্মা পুৰুষ, সকলো ভাই, ভনী নহয়। আত্মাই কয় - এইটো মোৰ শৰীৰ গতিকে সেইটো হিচাপত আত্মা পুৰুষ, এই শৰীৰ স্ত্ৰী হৈ গ’ল। প্রতিটো কথা ভালদৰে বুজিব লাগে। পিতাই অতি বিশাল, সূক্ষ্ম বুদ্ধিৰ কৰি তোলে। তোমালোকে এতিয়া জানা - মই আত্মাই 84 জন্ম লৈছোঁ। সংস্কাৰ ভাল বা বেয়া আত্মাত থাকে। সেই সংস্কাৰ অনুযায়ী শৰীৰো এনেকুৱা পায়। সকলো আত্মাৰ ওপৰত নিৰ্ভৰ কৰে। এইটো অতি পৰিশ্ৰমৰ কথা। জন্ম-জন্মান্তৰ লৌকিক পিতাক স্মৰণ কৰিলা, এতিয়া পাৰলৌকিক পিতাক স্মৰণ কৰিব লাগে। নিজক প্রতি মুহূৰ্ততে আত্মা বুলি ভাবিব লাগে। মই আত্মাই এই শৰীৰ লওঁ। এতিয়া আমাক আত্মাসকলক পিতাই পঢ়ায়। এয়া হৈছে আত্মিক জ্ঞান, যি আত্মিক পিতাই দিয়ে। প্ৰথম মুখ্য কথা হ'ল সন্তানসকল দেহী-অভিমানী হৈ থাকিব লাগে। দেহী-অভিমানী হৈ থকা, এইটো অতি উচ্চ লক্ষ্য। জ্ঞান উচ্চ নহয়। জ্ঞানত পৰিশ্ৰম নাই। সৃষ্টি চক্ৰক জনা - এয়া হ'ল ইতিহাস-ভূগোল। উচ্চতকৈও উচ্চ হৈছে পিতা, তাৰপাছত হৈছে সূক্ষ্মলোকৰ দেৱতাসকল। বিশ্বৰ ইতিহাস-ভূগোলতো মনুষ্য সৃষ্টিত হয়। মূললোক, সূক্ষ্মলোকত কোনো ইতিহাস-ভূগোল নাই। সেয়া হয়েই শান্তিধাম। সত্যযুগ হৈছে সুখধাম, কলিযুগ হৈছে দুখধাম। ইয়াত ৰাৱণ ৰাজ্যত কোনেও শান্তি পাব নোৱাৰে। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা - আমি আত্মা হয়েই শান্তিধাম নিবাসী। এই ইন্দ্ৰিয়সমূহ কৰ্ম কৰিবৰ কাৰণে। লাগিলে কর্ম কৰা বা নকৰা। আমিতো আত্মা, আমাৰ স্বধৰ্ম হৈছে শান্তি। কৰ্মযোগী হোৱা নহয়। কর্মও নিশ্চয় কৰিব লাগে। কর্ম-সন্ন্যাসী কেতিয়াও হ'ব নোৱাৰে। এয়াও এই সন্ন্যাসীসকলৰ ভূমিকা আছে। ঘৰ-সংসাৰ এৰি যায়, ভোজন নাৰান্ধে, গৃহস্থীসকলৰ ওচৰত ভিক্ষা বিচাৰে আকৌ সেই গৃহস্থীসকলৰ তাতে খায় নহয়। ঘৰ-সংসাৰ এৰে, তথাপিও কর্মতো কৰে। কর্ম-সন্ন্যাসতো হ'ব নোৱাৰে। কর্ম সন্ন্যাস তেতিয়া হ'ব যেতিয়া আত্মা শান্তিধামত থাকে। তাত কৰ্মেন্দ্ৰিয়ই নাথাকে গতিকে কর্ম কেনেকৈ কৰিব, ইয়াক কৰ্মক্ষেত্ৰ বুলি কোৱা হয়। কৰ্মক্ষেত্ৰলৈ সকলোৱে আহিবলগীয়া হয়। সেয়া হ'ল শান্তিধাম অথবা মূললোক। এনেকুৱা নহয় যে ব্ৰহ্মত আত্মা লীন হ'ব লাগে। আত্মাসকল শান্তিধামৰ নিবাসী আকৌ ইয়াত কৰ্মক্ষেত্ৰলৈ ভূমিকা পালন কৰিব আহে। এয়া হৈছে বিতং কথা। সংক্ষেপেতো কয় নিজক আত্মা বুলি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। ইয়াকে ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়। বাস্তৱত ইয়াক যোগ বুলিও কোৱা নহয়, স্মৰণ কৰা উচিত, ইয়াতে পৰিশ্ৰম হয়। বহুত কমসংখ্যক যোগী হয়। যোগৰ শিক্ষা প্ৰথমে দৰকাৰ, পাছত জ্ঞান। প্ৰথমতে হৈছে পিতাৰ স্মৃতি।

পিতাই কয় দেহী-অভিমানী হোৱা, এয়া হৈছে আত্মিক স্মৃতিৰ যাত্ৰা। জ্ঞানৰ যাত্ৰা নহয়, ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। কিছুমানেতো যদিও ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় কিন্তু পিতাক স্মৰণ নকৰে। পিতা আহি ব্ৰহ্মাৰ দ্বাৰা তোমালোক সন্তানসকলক দেহী-অভিমানী কৰি তোলে। এওঁ দেহ-অভিমানী আছিল। এতিয়া দেহী-অভিমানী হোৱাৰ পুৰুষাৰ্থ চলি আছে। ব্ৰহ্মা কোনো ভগৱান নহয়। ইয়াততো সকলো মনুষ্য মাত্ৰেই পতিত। পাৱন শ্রেষ্ঠাচাৰী এজনো নাই। আত্মাৰ কাৰণেই কোৱা হয় পুণ্য আত্মা, পাপ আত্মা। মনুষ্যয়ো কয় মোৰ আত্মাক অশান্ত নকৰিবা। কিন্তু বুজি নাপায় যে মই কোন? সোধা হয় - হে জীৱৰ আত্মা, তুমি কি বেপাৰ কৰা? ক’ব মই আত্মাই এই শৰীৰৰ দ্বাৰা অমুক বেপাৰ কৰোঁ। গতিকে প্ৰথমতে এইটো নিশ্চয় কৰি পিতাক স্মৰণ কৰা। এই আত্মিক জ্ঞান পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। পিতা আহি দেহী-অভিমানী কৰি তোলে। এনেকুৱা নহয় যে জ্ঞানত কোনোবা তীব্ৰ বেগে আগুৱাই যায় গতিকে তেওঁ দৃঢ় দেহী-অভিমানী হৈ গৈছে। দেহী-অভিমানী যিসকল হয় তেওঁলোকে জ্ঞানক ভালদৰে ধাৰণ কৰে। বাকীতো বহুত আছে যিয়ে জ্ঞান ভালদৰে বুজি পায়, কিন্তু শিৱবাবাৰ স্মৃতি পাহৰি যায়। বাৰে বাৰে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, এই ক্ষেত্ৰত জিনৰ দৰে হ'ব লাগে। জিনৰ কাহিনী আছে। পিতায়ো এইটো কাম দিয়ে - মোক স্মৰণ কৰা, নহ’লে মায়াই তোমাক খাই পেলাব। মায়া হৈছে জিন। যিমান পিতাক স্মৰণ কৰিবা তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোকৰ বহুত আকৰ্ষণ হ'ব। মায়াই ওলোটা কৰি তোমালোকক বহুত ধুমুহাৰ মাজত লৈ আনিব। বুদ্ধিত এইটোৱে স্মৃতি থাকিব লাগে যে আমি আত্মা পিতাৰ সন্তান। বচ, এইটো আনন্দত থাকিব লাগে।

দেহ-অভিমানত আহিলে মায়াই থাপৰ লগায়। ‘হাতমতাই’ৰ খেলো দেখুৱায়। মুখত গুটি সুমুৱাই দিলে তেতিয়া মায়া নোহোৱা হৈ যায়। তোমালোককো মায়াই হায়ৰাণ নকৰিব, যদিহে পিতাৰ স্মৃতিত থাকা। এই ক্ষেত্ৰতে যুদ্ধ চলে। তোমালোকে স্মৰণ কৰিবলৈ পুৰুষাৰ্থ কৰা কিন্তু মায়াই এনেকৈ নাকত ধৰিব যে স্মৰণ কৰিবলৈ নিদিব, তোমালোক হাইৰাণ হৈ শুই যাবা। ইমানেই মায়াৰ সৈতে যুদ্ধ চলিব। বাকী বিশ্বৰ ইতিহাস-ভূগোলতো একেবাৰে সহজ। তোমালোকক বাৰে বাৰে কোৱা হয় সদায় বুজিবা এতিয়া আমাৰ 84 জন্ম পূৰা হ'ল, এতিয়া আমি বাবাক লগ কৰিবলৈ যাওঁ। এইটো স্মৃতিত থকাই কঠিন। বাকী কাৰোবাক বুজাৱাতো একো কঠিন নহয়। এনেকুৱা নহয় যে মইতো বহুত ভালকৈ বুজাও। নহয়, প্ৰথম কথাই হ'ল স্মৃতিত থকাৰ। প্রদর্শনীলৈ অনেক আহে। প্ৰথমতে এইটো পাঠ শিকাব লাগে যে নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বা। প্ৰথম পাঠেই এইটো দিব লাগে। ভাৰতৰ প্ৰাচীন যোগ কোনেও শিকাব নোৱাৰে। পিতা যেতিয়া আহি শিকাব তেতিয়া শিকিব পাৰে। মনুষ্যই মনুষ্যক ৰাজযোগ শিকাব নোৱাৰে, অসম্ভৱ। সত্যযুগতো হয়েই পাৱন, তাততো প্ৰালব্ধ ভোগ কৰে। তাত জ্ঞান-অজ্ঞানৰ কথাই নাই। ভক্তিমাৰ্গতহে পিতাক আহ্বান জনায় যে আহি দুখ হৰণ কৰক, সুখ দিয়ক। সত্যযুগ-ত্ৰেতাত কোনো গুৰু গোঁসাই নাথাকে। তাততো সৎগতি প্ৰাপ্ত হৈ আছে। তোমালোকে সৎগতিৰ উত্তৰাধিকাৰ 21 জন্মৰ কাৰণে পাব পাৰা। 21 প্ৰজন্ম, এনেকৈ কয় ব্ৰহ্মাকুমাৰী তেওঁ যিয়ে 21 প্ৰজন্মক উদ্ধাৰ কৰে। এয়া ভাৰততেই গায়ন কৰা হয়। ভাৰততেই তোমালোকে 21 প্ৰজন্মৰ উত্তৰাধিকাৰ পোৱা। তাত তোমালোকে এটাই দেৱী-দেৱতা ধৰ্মৰ হোৱা, অন্য কোনো ধৰ্ম নাই। পিতা আহি তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলে। পৱিত্ৰ নোহোৱাকৈ আমি উভতি কেনেকৈ যাব পাৰোঁ। ইয়াততো সকলো বিকাৰী পতিত। যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে, তেওঁলোকে আকৌ প্ৰতিপালন কৰে, তেওঁলোকৰ ধৰ্ম বৃদ্ধি হৈ গৈ থাকে। উভতি কোনেও যাব নোৱাৰে। এগৰাকীও ভাৱৰীয়া উভতি যাব নোৱাৰে। সকলোৱে সতোপ্ৰধান, সতো-ৰজো-তমোত আহিবই লাগে। ব্ৰহ্মাৰ কাৰণেও কোৱা হয় ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। তেন্তে সৃষ্টিত ব্ৰহ্মাই অকলে থাকিব জানো? তোমালোক এতিয়া ব্ৰাহ্মণ কুলৰ হৈ আছা। তোমালোক ৰাতিত আছিলা, এতিয়া দিনলৈ গৈ আছা।

তোমালোকক বুজোৱা হৈছে যে কিমান সময় পূজ্য অৱস্থাত থাকা, কিমান জন্ম পূজাৰী হোৱা। যেতিয়ালৈকে পিতা নাহে তেতিয়ালৈকে ভ্ৰষ্টাচাৰীৰ পৰা শ্রেষ্ঠাচাৰী হ’ব নোৱাৰে। ভ্ৰষ্টাচাৰী বুলি তেওঁলোকক কোৱা হয় - যিসকল বিকাৰৰ দ্বাৰা জন্ম হয় সেয়েহে ইয়াক নৰক বুলি কোৱা হয়। নৰক আৰু স্বর্গ যদিহে দুয়োখনতে দুখ থাকে তেন্তেতো তাক স্বর্গ বুলিয়ে কোৱা নহ’ব। যেতিয়ালৈকে পূৰা বুজা নাই, তেতিয়ালৈকে ওলট-পালট প্ৰশ্ন কৰি থাকিব। তোমালোকে বুজাব লাগে ভাৰত বহুত উচ্চ আছিল। যেনেকৈ ঈশ্বৰৰ মহিমা অপৰমঅপাৰ, তেনেকৈ ভাৰতৰ মহিমাও অপৰমঅপাৰ। ভাৰত কি আছিল, এনেকুৱা কোনে কৰিলে? পিতাই, যাৰ মহিমা গায়ন কৰে। পিতাহে আহি সন্তানসকলক বিশ্বৰ মালিক কৰি তোলে। মনুষ্য মাত্ৰক দুৰ্গতিৰ পৰা সৎগতিলৈ লৈ যায়। শান্তিধামলৈ লৈ যায়, যাৰ কাৰণেই মনুষ্যই পুৰুষাৰ্থ কৰে। তাক অটল সুখ, অটল শান্তি, অটল পৱিত্ৰতা বুলি কোৱা হয়। তোমালোক তাত সুখতো থাকা, শান্তিতো থাকা আৰু বাকী আত্মাসকল শান্তিত থাকে। অধিক সংখ্যক জন্ম তোমালোকে লোৱা। বাকী কম জন্ম লোৱাসকল অটল শান্তিত থাকে। তেওঁলোক যেন মহৰ সদৃশ আহে, এক, আধা জন্ম ভূমিকা পালন কৰে, এইটো কি? তেওঁলোকৰ কোনো মূল্য নাই। মহৰ কি মূল্য আছে। ৰাতি জন্ম লয়, ৰাতিয়ে মৰি যায়। এই সময়ত বহুতেই শান্তিহে বিচাৰে কিয়নো এই সময়ৰ গুৰু লোকসকল আছে, যিসকল শান্তিলৈ যাওঁতা হয়।

তোমালোক ইয়ালৈ আহিছা - স্বৰ্গবাসী হ'বলৈ। স্বৰ্গবাসীক শান্তিবাসী বুলি কোৱা নহয়। শান্তিবাসী নিৰাকাৰী সৃষ্টিক কোৱা হয়। মুক্তি শব্দটি গুৰুসকলৰ পৰা শিকে। মাতাসকলে বৈকুণ্ঠ পুৰীলৈ যোৱাৰ বাবে ব্ৰত উপবাস ৰাখে। কাৰোবাৰ মৃত্যু হ’লে তেতিয়াও কয় - স্বৰ্গবাসী হ'ল। স্বৰ্গবাসী কোনো নহয় কিন্তু ভাৰতবাসীয়ে স্বর্গকে মানে। এনেকৈ ভাবে - ভাৰত স্বর্গ আছিল। শিৱবাবা ভাৰততেই আহি স্বৰ্গ ৰচনা কৰে তেন্তে নিশ্চয় ইয়াতে ৰচিব। স্বর্গততো নাহিব। তেওঁ কয় - মই আহোঁ স্বর্গ আৰু নৰকৰ সংগমত। কল্পৰ কল্পৰ সংগমত আহোঁ। তেওঁলোকে আকৌ যুগে যুগে বুলি লিখি দিছে। কল্প শব্দটি পাহৰি গৈছে। এয়াও খেল ৰচি থোৱা আছে, পুনৰ সেয়াই পুনৰাবৃত্তি হ'ব। তোমালোকে এই অন্তিম জন্মত পিতা আৰু সৃষ্টি চক্ৰক জানা। কেনেকৈ ক্ৰমানুসৰি স্থাপনা হয় সেয়া এতিয়া তোমালোকে জানা। এই গোটেই খেল তোমালোক ভাৰতবাসীক লৈয়ে ৰচনা কৰা হৈছে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা ৰাজযোগ শিকা। পিতাৰ স্মৃতিৰেই ৰাজ্য পোৱা। চিত্ৰও আছে নহয়। এই সকলোবোৰ চিত্ৰ কোনে তৈয়াৰ কৰিলে! এওঁলোকৰ কোনো গুৰু গোঁসাইতো নাই। যদিহে কোনো গুৰু থাকে তেন্তে গুৰুৰ এজনেই শিষ্য থাকিব জানো। অনেক হ’ব নহয়। এই জ্ঞান কেৱল এজন পিতাৰ বাহিৰে অন্য কোনেও জানিব নোৱাৰে। বহুতে সোধে এই চিত্ৰবোৰ তোমালোকৰ দাদাই তৈয়াৰ কৰিছে নেকি? এয়াতো পিতাই দিব্য দৃষ্টিৰে সাক্ষাৎকাৰ কৰাইছে। বৈকুণ্ঠৰো সাক্ষাৎকাৰ কৰাইছে। তাত কেনেকৈ স্কুল চলে, কি ভাষা হয়, সকলোবোৰ সাক্ষাৎকাৰ কৰিছে। সন্তানসকল ভাতীত আছিল গতিকে পিতাই সন্তানসকলক মনোৰঞ্জন কৰাইছিল। কৰাচীত কেৱল তোমালোকেই পৃথকে আছিলা, যেন নিজৰ ৰাজ্য আছিল। নিজৰ ধৰণ-কৰণ…... অন্য কোনেও বুজিব নোৱাৰে। এনেকৈ বুজিছিলা – এয়া যেন ‘খোদাপ্ৰস্থ’। বাবাই বুজাইছে - তোমালোক হৈছা সাধ্বী। কেৱল এজনৰ। এজন পিতাৰ বাহিৰে আন কাকো স্মৰণ নকৰিবা। সেই সাধ্বীসকলে যীশুখ্ৰীষ্টকহে জানে, তেওঁৰ বাহিৰে আন কাকো নাজানে।

তোমালোকে জানা উত্তৰাধিকাৰ এজন শিৱবাবাৰ পৰা পোৱা যায়। শিৱবাবা হৈছে বিন্দু। তেৱোঁ কাৰোবাৰ দ্বাৰাই বুজাব নহয়। প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় ইয়াত থাকিব। পিতাই কয় - এওঁৰ বহুত জন্মৰ অন্তৰ জন্মত পতিত শৰীৰত প্ৰৱেশ কৰোঁ। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান ভালদৰে ধাৰণ কৰি দেহী-অভিমানী হ'ব লাগে। এয়াই পৰিশ্ৰম। এয়াই উচ্চ লক্ষ্য। এইটো পৰিশ্ৰমেৰে আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে।

(2) জিন হৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। মায়াই যিমানেই বিঘিনি নানক কিয় মৌন হৈ থাকিব লাগে। মায়াৰ কাৰণে হায়ৰাণ হ'ব নালাগে। এজনৰ স্মৃতিত থাকি ধুমুহা আঁতৰাই দিব লাগে।

বৰদান:
সাধনসমূহ ব্যৱহাৰ কৰিও সাধনাক নিজৰ আধাৰ কৰি লওঁতা সিদ্ধি স্বৰূপ হোৱা

যিকোনো পুৰণি সৃষ্টিৰ আকৰ্ষণীয় দৃশ্য, অল্পকালৰ সুখৰ সাধন ব্যৱহাৰ কৰি বা দেখি সেই সাধনবোৰৰ বশীভূত হৈ যোৱা। সাধনৰ আধাৰত সাধনা কৰাতো হৈছে বালিৰ ভেটিত ঘৰ সজাৰ দৰে, সেইকাৰণে যিকোনো বিনাশী সাধনৰ আধাৰত অবিনাশী সাধনা যাতে নহয়। সাধন নিমিত্তমাত্ৰ আৰু সাধনা নিৰ্মাণৰ আধাৰ হয়, সেইকাৰণে সাধনাক মহত্ব দিয়া তেতিয়া সাধনাই সিদ্ধি প্ৰাপ্ত কৰাব।

স্লোগান:
যিকোনো দুৰ্বলতাৰ অংশ থাকিলে বংশ উৎপত্তি হৈ যাব আৰু পৰৰ বশীভূত কৰি দিব।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

বুদ্ধি এটা স্থানত স্থিৰ কৰি ৰখাৰ যি যুক্তি পোৱা গৈছে, সেয়া স্মৃতিত ৰাখা। ইয়াক লৰচৰ হ'বলৈ নিদিবা। দেহ আৰু দেহৰ জগতৰ পৰা উৰ্দ্ধত থাকি, মন-বুদ্ধিৰ বিমানেৰে ছেকেণ্ডতে আকাৰী আৰু নিৰাকাৰী স্থিতিৰ অনুভৱ কৰা। বুদ্ধি লৰচৰ হ'বলৈ নিদিবা, অন্যথা যুদ্ধত বহুত সময় ব্যৰ্থত যায়। যেনেকৈ তপস্বী সদায় আসনত বহে, তেনেকৈ নিজৰ একৰস স্থিতিৰ আসনত বিৰাজমান হৈ থাকা, তেতিয়া ভৱিষ্যতৰ সিংহাসন পাবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]